পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুৰ বিচাৰি বাৰ বছৰ

আৰু গীতশ্ৰীয়ে সঙ্গীত কলাৰ প্ৰতি আনি দিয়া দৃষ্টিভঙ্গীত বলীয়ান হৈ সঙ্গীত কলাৰ ওপৰত কেইবাটাও আলোচনামূলক প্ৰৱন্ধ লিখাৰ চেষ্টা কৰিছোঁ। ১৯৬৫ চনৰ ৫ ডিচেম্বৰৰ নতুন অসমীয়াৰ দেওবৰীয়া চৰাত “আমাৰ সঙ্গীত কলাৰ বৰ্তমান অৱস্থা” শীৰ্ষক প্ৰৱন্ধটি ছপা হৈ ওলায়। সেই বছৰৰে ১৫ ডিচেম্বৰৰ নৱযুগত “অসমত সঙ্গীতৰ ৰূপ” প্ৰৱন্ধটি প্ৰকাশ হয়। ১৯৬৬ চনৰ ২০ এপ্ৰিলৰ নৱযুগত “বৰ্তমান অসমীয়া শিল্পীৰ দৃষ্টিভঙ্গী” নাম দি প্ৰৱন্ধ এটি লিখো। ইয়াৰ পিছত ১৯৬৬ চনৰ জানুৱাৰী আৰু ২৭ এপ্ৰিলৰ নৱযুগত “ভাৰতীয় সঙ্গীতৰ স্বকীয়তা ৰক্ষাৰ সমস্যা” আৰু “শিক্ষাত শিল্পৰ স্থান” নামৰ আন দুটি প্ৰৱন্ধ প্ৰকাশ হয়। ১৯৬৭ চনৰ ৮ ফেব্ৰুৱাৰীৰ নৱযুগত ক্ষেত্ৰমোহন গোস্বামীৰ মূল ৰচনা “গীতৰ দোষগুণ” অনুবাদ কৰি উলিয়াও। এইবোৰৰ বাহিৰেও “আমাৰ সাহিত্য সংস্কৃতিৰ বৰ্তমান অৱস্থা”, “শাস্ত্ৰীয় সঙ্গীত আৰু অসম” আদি কেইটিমান প্ৰবন্ধ আন আন বাতৰি কাকতত প্ৰকাশ হয়। শাস্ত্ৰীয় সঙ্গীতৰ বহুল প্ৰচাৰৰ জৰিয়তে অসমীয়া শিল্পী তথা সমাজ সংস্কাৰ আৰু সংগঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিহে মই প্ৰৱন্ধসমূহ লিখাৰ প্ৰয়াস কৰিছো। মই লিখিহে গৈছো, কৃতকাৰ্যতা কিমান দূৰ তালৈ চকু দিয়া নাই। ১৯৬৬ চনত “মিলন” নামৰ কবিতা পুথি এখন আৰু “গীত ছন্দ” নামৰ গীতৰ পুথি এখন ৰচিত হয়। দুয়োখনেই বৰ্তমান হাতেলিখা অৱস্থাত আছে। “মিলন”ত সুৰৰ পূজাতেই সুন্দৰ সখি মিলন। সম্ভৱ হৈ উঠিছে। তাৰে এঠাইত লিখিছো—

“চুমা খাই ধীৰে মোক ক'লে যেন মাখিটিয়ে
মলিহীন পৰাণত লয় তেওঁ ঠায়।
লব পাৰে ঠাই মোৰ অচিৰতে অন্তৰত
যদিহে শুধ মনৰ অধিকাৰী হওঁ॥”

আন এঠাইত আছে—

“বিচাৰি বিচাৰি পথ কলুষতা নাশিবৰ
অৱশেষে পালোগ সুৰৰ দুৱাৰ।”

শেষৰ পিনে এঠাইত লিখিছোঁ—

“সাতটি সুৰত সঙ্গীত ধ্বনি
শূন্যত উঠে বাজি
সেই সুৰতে বীণখনি মোৰ
উঠিল ধীৰে কঁপি