পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ সংগীত কলাৰ বৰ্তমান অবস্থা

 সাহিত্যৰ দৰে সংগীতেও জাতীয় জীৱনত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ সংগীত কলা এতিয়া সুন্দৰ সংস্কৃতিৰ সাজ হ’ব পাৰিছেনে নাই চাবৰ সময় হৈছে। কাৰণ আমাৰ সংগীত আকাশত এক ৰকমৰ খেলিমেলিৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰভাৱত হয়তো সাংস্কৃতিক জীৱন ভাঙি চুৰমাৰ হৈ যাব পাৰে।

 দীৰ্ঘ দিনৰ শাসনৰ অন্তত ইংৰাজ গুচি গ’ল সঁচা; কিন্তু মদ, ভাং, কানি, আফিং আদিৰ দৰে সিহঁতৰ গীত-মাতৰ মুকলি প্ৰভাৱে এনেভাৱে শিপালে যে ই ভাৰতীয় সংগীত কলাৰ সৃষ্টিশীল আবেদন ধ্বংসতো কৰিলেই আনকি গলিত মাংসপিণ্ড সদৃশ প্ৰাণহীন বিকলাংগ জ্বণৰ দৰে অসাৰ্থক সংগীত কলাৰ সৃষ্টি কৰি আমাৰ জাতীয় জীৱনো বিষময় কৰি তুলিলে। সিহঁতে আমাৰ ভাৰতীয় সংগীতৰ বোৱঁতী সুঁতিত এক বিৰাট প্ৰতিবন্ধক হৈ থিয় দিলে। তানসেনৰ মৃত্যুৰ পিছৰে পৰা সেয়েহে সংগীতৰ ধাৰাই গতি সলালে।

 তানসেন ঢুকাল যদিও ভাৰতৰ সংগীতাকাশত জনম ল’লে একে গোষ্ঠীৰে সংগীতসেৱী ভাৰতীয় সংগীত কলাৰ সম্ৰাট আব্দুল কৰিম খাঁ, এনায়েট খাঁ, ওস্তাদ আলাউদ্দিন খাঁ আদি গুণী পুৰুষসকল যাৰ সুৰৰ মুৰ্চ্ছনাত অকল ইংৰাজেই নহয়, বিশ্বৰ আন আন জাতিও মুগ্ধ হ’ল। সিহঁতে মুক্ত কণ্ঠে স্বীকাৰ কৰিছে যে পৃথিৱীৰ ভিতৰত ভাৰতীয় শাস্ত্ৰীয় সংগীত কলাই শ্ৰেষ্ঠতম স্থান অধিকাৰ কৰিছে৷ কিন্তু প্ৰশ্ন উঠে, এনেহেন সংগীত সেৱীসকলে ভাৰতৰ পৰা পাইছে কি? আজীৱন তপস্যালব্ধ জ্ঞান ৰাশিৰ প্ৰকৃত মূল্যাঙ্কন ভাৰতীয়ই কৰিব পাৰিছে বুলি ক’ব নোৱাৰি৷ মূল্যাঙ্কন কৰিব নোৱাৰাৰ মূল কাৰণ হ’ল সংগীত কলাৰ সুস্থ জ্ঞানৰ অভাৱ। গুণীয়ে গুণীৰ মোল বুজে। পৃথিৱীৰ বিখ্যাত জাতিসমূহে ভাৰতীয় গুণীসকলৰ জ্ঞানক সম্বৰ্ধনা জনাইছে।

 বিচাৰ বুদ্ধিৰ অপৈণতা, মনোভাৱৰ পঙ্কিলতা, অসমীয়াৰ আটাইতকৈ বেছি কোৱা কথাষাৰ সম্ভৱতঃ এই ক্ষেত্ৰত খাটে। শুদ্ধ-অশুদ্ধ বিচাৰ কৰি বাট বুলাৰ তীক্ষ্ণতা বা তৎপৰতা আমাৰ বৰ কম। কলা কৃষ্টিৰ শুদ্ধ বাটেই যে জাতীয় জীৱনৰ প্ৰগতিৰ বাট অসমীয়াই বুজিছে বুলি কোৱা টান। সংৰক্ষণশীল মনোভাৱ লৈ