পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হে ধুমুহা, হে পচোৱা

হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহা
তুমি আহা আহা আহা
আমাৰ চোতালত বিহগছ গজিছে।
ভাঙি ছিঙি উৰুৱাই নিয়া নিয়া॥

০০০


বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছে
ছলেৰে অমানুহ শিখৰত বহিছে
অজ্ঞৰ আদেশত বিজ্ঞ চলিছে।
অজ্ঞৰ দম্ভই ধ্বংস কৰিলে
জ্ঞানৰ পবিত্ৰ বিশালতা
শেষ হ’ল মানুহৰ মানৱতা॥

০০০


জ্ঞান বিজ্ঞান কলাকৃষ্টি
সাহিত্য সঙ্গীত সংস্কৃতি
য’ত জীপ লৈ সাজি-কাচি উঠে জিলিকি
সেই সমাজ দুৰ্ব্বত্ত গৰাহত আজি মৃত্যুমুখী
সেয়েহে, মাতিছোঁ ধুমুহা, পচোৱা, বৰদৈচিলা
উৰুৱাই যতমানে আৱৰ্জ্জনা
ৰুগ্ন সমাজ বচোৱা
নহ'লে নেবাচে কলুষ সমাজত
সুন্দৰ মানুহৰ সৎ ভাবনা॥*

সুৰাৰোপিত আৰু প্ৰচাৰিত।


^ প্ৰয়াত উমেশ বৈশ্যৰ প্ৰগতিৰ গান’ (২০১০ চনত মৰণোত্তৰ ভাবে প্ৰকাশিত) পুথিৰ পৰা উদ্ধৃত।