পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেজবৰুৱাৰ হাস্যৰস

 ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিমতে অসম ইংৰাজৰ অধীনলৈ গ’ল। কোম্পানী আমােলত আমদানি হ’ল বঙ্গদেশৰ লােক কেৰাণী মহৰি ৰূপে। ফলত খিলঞ্জীয়া অসমীয়া ভাষাটোৰ জাত মৰিল। ১৮৩৬ চনত অসমৰ পঢ়াশালি আৰু আদালতত বঙলা ভাষা সােমাল। ১৮৭২ চনলৈ ইয়াৰ ৰাজত্ব চলিল। খৃষ্টান-মিছনাৰী সকলৰ অকুণ্ঠ সহযােগ আৰু বিশেষকৈ প্রাতঃস্মৰণীয় পুৰুষ আনন্দৰাম ঢেকিয়াল ফুকনৰ ঐকান্তিক চেষ্টাৰ ফলত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হ’ল ১৮৭৩ চনত। ইংৰাজ আমােলৰ লগে লগে পুৰনি ভাব ধাৰা, প্রাচীন ঐতিহ্যৰ বান্ধ এৰাই পশ্চিমীয়া ভাব, ইংৰাজী শিক্ষা আদি এপিনে প্রচাৰ হ’ল আৰু আনপিনে তেনেকৈ বৃটিছৰ বিৰুদ্ধে চিংফৌ-খামটিয়ে ৰণ কৰিলে। পিয়লি ফুকনৰ নেতৃত্বত আৰু সাতাৱন ছালত মণিৰাম দেৱানৰ জৰিয়তে দ্রোহ অগনিও দপ্‌দপাই উঠিল। বগলি বৰবিহৰ মেলা তৰি বগা বঙালহতে এপিনে যেনেকৈ অসমীয়া জাতিটোৰ অন্তৰ খুলি খুলি খােৱাৰ দিহা কৰিলে, আনপিনে তেনেকৈ চাহৰ খেতি বুলি উদ্যোগ পর্বৰো সূচনা কৰিলে। অৱশ্যে ইংৰাজ ভঁৰাল চহকী কৰিবলৈহে। এনে এটি বাতাবৰণৰ মাজত সেইসময়ৰ আগশাৰীৰ অসমীয়া সকলৰ প্ৰায়ভাগেই পশ্চিমীয়া আদৱ-কায়দাৰ মাজত সােমাই অভিজাতৰ শাৰী শুৱনি কৰিছিল। সেই সকলৰে কিছুমানে দেশীয় সংস্কৃতিৰ মােহ আৰু পশ্চিমৰ সংস্কৃতিৰ প্ৰভাৱ - এই দুইটাৰ টনা আজোৰাত পৰি দুইটাকে ৰক্ষা কৰাৰ নিষ্ফল চেষ্টা কৰিছিল। সুস্থ-অসুস্থ, সুকৃতি-দুষ্কৃতিৰ এই দোমোজা কালতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেতিয়া অসমত ব্যাকৰণ এখন হৈছেহে। অভিধান গঠনৰ বেছি দিন হােৱা নাই। পুথিভঁৰাল বুলিবলৈ নায়েই। অসমৰ প্রতিবেশী কলিকতা আছিল ন-সভ্যতাৰ থলী। শিক্ষাৰ ক্ষেত্ৰত আদর্শ কলিকতা। অসমীয়া সকলে উচ্চ শিক্ষা ল’ব লগা হৈছিল কলিকতাত। কলিকতালৈ মাহেকৰ বাট। তাকো নাৱেৰে। ধন ভগনৰ কথা আছেই। এনে এটি পৰিবেশৰ মাজেৰেই কলিকতাত থাকি অসমীয়া ভাষা উন্নতি সাধিনী সভা পাতি জোনাকী যুগৰ সাহিত্যিক সকলে অৰুণােদয় যুগৰ অসমীয়া ভাষাৰ গঢ় সলায় আৰু অসমীয়া ভাষাতে নিৰহ-নিপানী ৰচনাৰে মুষ্টিমেয় কেইগৰাকীমান সাহিত্যিকে অসমীয়া নৱন্যাসৰ