পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

 দেউতাৰ ডায়েৰীৰ কিছু কথাৰে আৰম্ভণি কৰিব খুজিছোঁ— “মই যেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম মান শ্ৰেণীত পঢ়ো (১৯৫৮ চন), কৃতি লেখক হোমেন বৰগোহাঞিৰ লগত অলপ সময় কথা কোৱাৰ সৌভাগ্য ঘটিছিল। কথা প্ৰসংগত গোহাঞিদেৱে দিয়া বহুত উপদেশ আজিও মোৰ মনত আছে। তাৰে দুই-এটা বেণুধৰ শৰ্মাদেৱৰ লগত কথাৰ মাজতে ওলাই পৰিল। বৰগোহাঞিদেৱে কৈছিল, ‘আমি সাহিত্যিক বিলাক ধানখেৰৰ জুইৰ দৰে দপদপাই জ্বলি উঠি নিমিষতে নুমাই যাম। বিশ্বত এনে কিছুমান সাহিত্যিক আছে যিবোৰ শাল কাঠৰ জুইৰ দৰে গহীন। ধীৰে ধীৰে জ্বলে; কিন্তু পলমকৈ নুমাই। সাহিত্যিক বিলাক এঙাৰৰ দৰে পুৰি যায়, কিন্তু ইয়ে দিয়া পোহৰত বিশ্বই জিলিকনি পাই...।' শৰ্মাদেৱে কথাখিনি মনপুতি শুনিলে।

 সাহিত্য সাধনা কেনেকৈ কৰে, লিখাবোৰ সাহিত্য হোৱাটো কেনেকৈ জনা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত গোহাঞিদেৱে কৈছিল, “লিখা, এনেয়ে পেলাই থোৱা, সময়ে তাৰ বিচাৰ কৰিব।'...”

 মই গণিত বিভাগৰ ছাত্ৰ। মই সাহিত্যৰ মানুহ নহয় আৰু সংগীতৰো নহয়। কিন্তু সাহিত্য আৰু সংগীতৰ ৰস উপলব্ধি কৰিব পাৰোঁ। কালজয়ী সাহিত্য আৰু সংগীতক মই শ্ৰদ্ধা কৰোঁ।

 সৰুৰে পৰা ঘৰত এখন গানৰ স্কুল, এটা প্ৰেছ আৰু দেউতাৰ কেইখনমান কিতাপ (অশান্ত জন্মভূমি, তই যুক্তি যুদ্ধ কৰ, মিলন আদি) দেখা পাইছিলোঁ। কিতাপকেইখন কেতিয়াবা মেলি চাইছিলোঁ যদিও কোনোদিনে পঢ়া নাছিলোঁ। কাৰণ মোৰ কুমলীয়া মনে দেউতাৰ লিখনিৰ উচ্চ স্তৰ ঢুকি পোৱা নাছিল। জীৱনৰ শেষ সময়লৈ (আনকি শয্যাগত অৱস্থাতো) দেউতাক কেৱল সাহিত্য আৰু সংগীত চৰ্চা কৰা দেখিছিলোঁ।

 ১৭ বছৰ আগতে দেউতা ঢুকোৱাৰ সময়ত মই কটন কলেজৰ বি.এছ.চি. প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। মোৰ তলত দুজন ভাইটি আৰু ওপৰত এজন দাদা। দাদা তেতিয়া দুৰ্গাপুৰ Regional Engineering College (REC) ৰ ছাত্ৰ। ঘৰৰ দ্বিতীয় সন্তান যদিও মই প্ৰথম সন্তানৰ দৰে হ’লোঁ। দেউতা নোহোৱা হ’ল যদিও, দেউতাৰ গোটেই জীৱনৰ সাধনাৰ ফল তেওঁৰ সেই লিখা বস্তুবোৰ নোহোৱা হৈ যাব নিদিলোঁ।