পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
সুৰ বিচাৰি বাৰ বছৰ

 নিজ জীৱনক কেন্দ্ৰ কৰিও হাজৰিকাই কিছুমান গীত সৃষ্টি কৰিছে। সেই গীত সমূহৰ বিষয়বস্তু প্ৰতিজন শ্ৰোতাৰ জীৱনৰ বিষয়বস্তু যেন অনুভূত হোৱাৰ ফলত হাজৰিকাৰ আত্মকেন্দ্ৰিক গীতসমূহহ বহুধা বিভক্ত হৈ বিস্তৰ ৰূপ ধাৰণ কৰি সৰ্বজন হৃদয়সংবেদী গীত ৰূপে সমাদৃত হৈছে।

 এইদৰে ভূপেন হাজৰিকাই দেশপ্ৰেমমূলক, ভক্তিমূলক, যৌৱন ধৰ্মী আদি বিভিন্ন শ্ৰেণীৰ জনপ্ৰিয় গীতসমূহ কথাছবি, ৰেডিঅ’, দূৰদৰ্শন আদি শক্তিশালী জনসংযোগ মাধ্যমেদি প্ৰচাৰ কৰি আৰু নিজেও সুৰীয়া কণ্ঠেৰে চৌদিশে গাই বিশেষকৈ অসমৰ সঙ্গীত জগতত তেওঁৰ নামেৰে এটা যুগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

 ভূপেন হাজৰিকা কথাছবি পৰিচালকো। কথাছবিৰ সঙ্গীত পৰিচালক হিচাপেও তেওঁ খ্যাতিমান হৈছে। ছবিৰ বহু গীতত তেওঁ কণ্ঠদানো কৰিছে। হাজৰিকাৰ এই তিনিওটাৰূপ অসমীয়া, বঙালী আৰু হিন্দী ছবিত দেখা যায়। উল্লিখিত তিনিওটা দিশ চালি জাৰি চালে দেখা যায় ছবি জগতত তুলনামূলকভাবে হাজৰিকাৰ প্ৰতিভা শ্ৰেষ্ঠ কণ্ঠশিল্পী ৰূপেহে প্ৰতিভাত হৈছে। ছবিৰ কণ্ঠশিল্পী হাজৰিকা ছবিৰ পৰিচালক হাজৰিকা আৰু ছবিৰ সঙ্গীত পৰিচালক হাজৰিকাতকৈ বেছি উজ্জ্বল। ছবি পৰিচালক ৰূপে হাজৰিকাই আশানুৰূপ কৃতিত্ব দেখুৱাবলৈ সমৰ্থ হোৱা নাই।

 ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনৰ গীতিময় দিশটোৰ এই সম্যক আলোচনাৰ পৰিপূৰক হিচাপে তেওঁৰ আদৰ্শগত গতিধাৰাৰ বিষয়েও কিঞ্চিৎ আলোচনা কৰাটো সমীচীন হব।

 সুপৰিকল্পিত সুস্থ পৰিয়াল এখনৰ গঠন প্ৰক্ৰিয়াত চিন্তাশীল অভিভাৱকৰ সুপৰামৰ্শৰ প্ৰয়োজন থকাৰ দৰে সুপৰিকল্পিত সুস্থ দেশ এখনৰ বিভিন্ন দিশৰ গঠন প্ৰক্ৰিয়াতো যোগ্য চিন্তানায়কৰ সুপৰামৰ্শৰ প্ৰয়োজন আছে। অসমৰ কলা-সংস্কৃতি জগতৰ নিৰ্মাণ প্ৰক্ৰিয়াতো চিন্তাশীল সংস্কৃতি গুৰুসকলে গঠনমুখী দিহা-সুপৰামৰ্শ, ভাব আদৰ্শ আদিৰে অৰিহণা দিছে। আৰু তেওঁলোকৰ ভাব-আদৰ্শই অসমীয়া সংস্কৃতিক সঙ্কটৰ সময়ত ৰক্ষা কৰাৰ লগে লগে গতিপথৰ নতুন দিশৰ সন্ধান দিছে।

 মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা অসমীয়া সংস্কৃতিৰ সঙ্কট কালত জন্ম লোৱা একোগৰাকী মহান কলাকাৰ। তেওঁলোকৰ সংস্কাৰধৰ্মী ভাব আদৰ্শই অসমীয়া সংস্কৃতিক নতুন দিশৰ সন্ধান দিছে। তেওঁলোকে অসমীয়া সংস্কৃতিৰ প্ৰগতিশীল ৰূপান্তৰৰ বাবে কাম কৰি গৈছে।

 বৰ্তমান কালত ভূপেন হাজৰিকা অসমীয়া সংস্কৃতি আকাশৰ এটি উজ্জ্বল