পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সুৰ বিচাৰি বাৰ বছৰ

জোৰকৈ দুৰ্নীতিপৰায়ণ কৰিব নোৱাৰে। জ্ঞানীৰ সমদল এইদৰে বৃদ্ধি হৈ আহিলে জ্ঞানীসকলৰ এখন ডাঙৰ সমাজ হ’ব। সেই সমাজখনে আজিৰ তথাকথিত দুৰ্নীতিৰে গঢ়ি উঠা সন্মানিত ভণ্ডসকলক নীতিৰ বলেৰে তুচ্ছ জ্ঞান কৰাৰ সাহস পাব। বেয়া কামৰ ফলেৰে গঢ় লোৱা সকলো বস্তুৱে যেতিয়া সভ্য জ্ঞানীৰ চকুত সামাজিক ভাবে হেয় প্ৰতিপন্ন হৈ পৰিব তেতিয়া এই হেয় ভাব পোৱাৰ ভয়ত মানুহে বেয়া কামলৈ লাহে লাহে পিঠি দিব। দুৰ্নীতিৰ পূজাৰ ঠাইত এইদৰে লাহে লাহে ঘৃণা গঢ় লৈ উঠিব আৰু ঘৃণিত দুৰ্নীতিৰ জীৱন যাপনৰ আকাংক্ষা ত্যাগ কৰি মানুহ যেতিয়া সৎ পথলৈ ধাবিত হ’ব তেতিয়াহে অনুক্ৰমে বৰ্তমানৰ সমাজখন বিশুদ্ধ পথলৈ আগবাঢ়িব। সময়ৰ বিৱৰ্তনত যেতিয়া এনেদৰে বিন্দু বিন্দুকৈ দুৰ্নীতি কমি আহিব, এদিন হয়তো সমাজত সভ্য জ্ঞানীৰ সংখ্যাই গৰিষ্ঠতা লাভ কৰিব। তেতিয়া এই গৰিষ্ঠ সংখ্যকৰ মাজৰ পৰাই হ’ব চৰকাৰ গঠন। জ্ঞানীয়ে যেতিয়া শক্তিৰ অধিকাৰী হ’ব, সমাজ যেতিয়া জ্ঞানীৰে পৰিপুষ্ট হ’ব, তেতিয়াহে সমাজত প্ৰকৃত মানুহ উভৈনদী হ’ব। প্ৰকৃত মানুহৰ সমাজত যি কোনো সুপৰিকল্পনাই সুন্দৰ ৰূপে ৰূপায়িত হ’ব। দেশত শান্তি বিৰাজ কৰিব।



বিৰুবাৰীৰ জনো প্ৰিণ্টিং প্ৰেছত মুদ্ৰিত আৰু জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ দ্বাৰা প্ৰকাশিত, ১৯৮০ চন