পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষাত শিল্পৰ স্থান


 [১৮৮৩ চনৰ ৩ ডিচেম্বৰত মুঙ্গেৰ জিলাৰ খড়গপুৰত নন্দলাল বসুই জন্মগ্রহণ কৰে। বসুই ১৯০৫ চনত চৰকাৰী আর্ট স্কুলত প্রৱেশ কৰে। আর্ট স্কুলৰ শিক্ষা সমাপন কৰিও তেখেতে অবনীন্দ্র নাথৰ সহায়ত দীর্ঘকাল শিক্ষার্থী ৰূপে শিল্প সাধনাত নিযুক্ত থাকে। ১৯২০ চনৰ পৰা ১৯২৩ চনলৈ কলিকতাৰ ‘ছােচাইটি অব ওৰিয়েণ্টেল আর্ট’ৰ শিল্প বিদ্যালয়ৰ অধ্যক্ষতা কৰে। ১৯২৪ চনত বিশ্বভাৰতী কলাভৱনৰ অধ্যক্ষ পদত অধিস্থিত হয়। ১৯৬৬ চনৰ এপ্রিলৰ ১৬ তাৰিখে বসুৰ মৃত্যু হয়। তেখেতলৈ শ্রদ্ধার্ঘ্য হিচাবে এই প্ৰৱন্ধটি আগবঢ়োৱা হ'ল।]

 মানুহে আনন্দ পাবৰ কাৰণে আৰু জ্ঞান অনুশীলনৰ কাৰণে যিমান উপায় উদ্ভাৱন কৰিছে, তাৰ ভিতৰত ভাষাই এটি প্রধান স্থান অধিকাৰ কৰি আছে। ভাষাকেই বাহন কৰি সাহিত্য, দর্শন, বিজ্ঞান প্রভৃতিৰ চৰ্চা চলিছে। সাহিত্যই মানুহক আনন্দ দিয়ে, কিন্তু তাৰ প্ৰকাশৰ ক্ষেত্র সীমাবদ্ধ। সেই অভাৱ পূৰণ কৰিছে শিল্প, সঙ্গীত, নৃত্য ইত্যাদি কলাই। সাহিত্যৰ এটা নিজস্ব প্রকাশভঙ্গী থকাৰ দৰে শিল্প, সঙ্গীত, নৃত্যৰাে আছে। মানুহে ইন্দ্ৰিয়ৰ দ্বাৰা, মনৰ দ্বাৰা বহির্জগতৰ সকলাে বস্তুৰ তত্ববােধ আৰু ৰসবােধ কৰে। শিল্পই তাক আনৰ ওচৰত প্রকাশ কৰে। শিক্ষাৰ ক্ষেত্ৰত কলা-শিল্পৰ চৰ্চাৰ দ্বাৰা মানুহৰ তত্ববােধ আৰু ৰসবােধৰ উৎকর্ষ সাধিত হয় আৰু শিল্পৰ প্রকাশভঙ্গী আয়ত্ব হয়। চকুৰ কাম যেনেকৈ কাণৰ দ্বাৰা নহয়, তেনেকৈ ছবি, গান আৰু নাচৰ শিক্ষা কেৱল লেখা-পঢ়াৰ দ্বাৰা সম্ভৱ নহয়।

 আমাৰ শিক্ষাদানৰ আদর্শ যদি সর্বাঙ্গীন শিক্ষাদান হয়, তেনেহলে কলা- চৰ্চাৰ স্থান আৰু মান বিদ্যালয়ত লেখা-পঢ়াৰ লগত সমানে থকা উচিত। এই দেশৰ বিশ্ববিদ্যালয়ত এই দিশত এই পৰ্য্যন্ত যি ব্যৱস্থা লােৱা হৈছে, সি মুঠেই যথেষ্ট নহয়। ইয়াৰ কাৰণ মই ভাবাে, আমাৰ মাজত বহুতৰে বিশ্বাস, শিল্প চর্চা এক শ্রেণী বেতনভােগী শিল্পীৰেই একচেটিয়া কাৰবাৰ, সৰ্বসাধাৰণৰ লগত তেওঁলােকৰ কোনাে সম্পর্ক নাই। শিল্প নুবুজাৰ বাবে অনেক শিক্ষিত লােকেও গৌৰৱবােধ নকৰে। জনসাধাৰণৰতাে কথাই নাই, তেওঁলােকে ফটো আৰু ছবিৰ