পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সুৰ বিচাৰি বাৰ বছৰ

বৃদ্ধ, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাহিত্যও অতি কমেই থাকে। যিখিনি থাকে সিও আলমাৰিতেই মলঙি যায়; শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰায়েই পঢ়া দেখা নাযায়। শিক্ষকসকলৰ বেছিভাগেই সাহিত্য অধ্যয়ন আৰু চর্চা বিমুখ হােৱাৰ ফলত তেওঁলােকে শিশুসকলক বিজ্ঞানসন্মত যথােপযুক্ত সাহিত্যৰ উপদেশেৰে প্রণালীবদ্ধভাৱে সাহিত্য চর্চাৰ পথত আগবঢ়াই নিবলৈ অক্ষম হৈ পৰা দেখা যায়। তেওঁলােকৰ এই অক্ষমতা শিশুসকলৰ সাহিত্য চর্চাৰ ক্ষেত্ৰত এক প্রধান সমস্যা।

 অসমীয়া সমাজখনৰ ঘৰ সমূহতাে সাহিত্য চর্চাৰ পৰিবেশ প্ৰায়েই নাই। অসমীয়া তথাকথিত শিক্ষিতসকলৰ প্ৰায়ভাগৰেই কিতাপ পঢ়া অভ্যাস কম। তেওঁলােকৰ ল’ৰা-ছােৱালীক ঘৰত সাহিত্যৰ শিক্ষা দিয়াৰ কথা চিন্তা কৰাটো তেওঁলােকে কোনাে কর্তব্যৰ ভিতৰত নধৰে। তেওঁলােকৰ ল’ৰা-ছােৱালীয়ে সেয়েহে সৰু অৱস্থাৰে পৰা সাহিত্য পাঠৰ বিমল আনন্দৰ পৰা বঞ্চিত হয়। এই ক্ষেত্ৰত অৱশ্যে কিছুমান আদর্শ পৰিয়াল নােহােৱা নহয়। সেইবােৰৰ ল’ৰা-ছােৱালীৰ সৰুৰে পৰা এটা সাহিত্যৰ পৰিবেশ পােৱাৰ সৌভাগ্য ঘটে। সাহিত্যিক অথবা সাহিত্যমােদী অভিভাৱকৰ গঠনমুখী সহায়, উৎসাহ, উদ্দীপনা, উপদেশৰ মাজেৰে এই সৌভাগ্যবান শিশুসকলে অনায়াসে সাহিত্য চৰ্চাৰ পথত নামিবলৈ সূচল পায়। পিছে এনে আদর্শ পৰিয়ালৰ সংখ্যাও অসমত বেছি নাই।

 বেছি ভাগ স্কুল আৰু ঘৰৰ সাহিত্য চর্চাৰ প্রতিকূল পৰিবেশৰ মাজত খকা- খুন্দা খাই যিসকল শিশুৱে প্রায় নিজকে নিজে ভুলে-ভ্রান্তিয়ে থৰক বৰককৈ সাহিত্য চৰ্চাত ৰত হৈ আছে সেই সকলৰো বয়স আৰু ভাব উপযােগী সাহিত্য চর্চাৰ একক প্লেটফর্ম শিশু বা চেমনীয়া আলােচনী, বাতৰি কাকত আদিৰ প্ৰচলনো অসমত বেছি দেখা নাযায়। শিশু বা চেমনীয়াসকলৰ সাহিত্যখিনি কোনাে কোনাে বাতৰি কাকত, আলোচনী আদিত অন্তর্ভুক্ত চেমনীয়াৰ চ’ৰা নাইবা ভাইটি-ভণ্টিহঁতৰ চ’ৰাতহে অতি পুতৌ লগা অৱস্থাত দেখা পােৱা যায়। শিশু সাহিত্যৰ প্রতি এনে অৱহেলাৰ কুফল ভাষা সাহিত্যৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী। এই কথা অসমীয়াই উপলব্ধি নকৰাটো অতি পৰিতাপৰ কথা।

 চেমনীয়া চিন্তা-চৰ্চাৰ বাবে সাহিত্যালােচনী আদি বেছি নথকাৰ কাৰণে চেমনীয়া সাহিত্যিকসকলে নিৰুপায় হৈ তেওঁলােকৰ লেখাসমূহ প্রকাশৰ আশাৰে তেওঁলােকতকৈ উচ্চ চিন্তাৰ সাহিত্যালােচনী আদিলৈ পঠোৱা দেখা যায়। পিছে উচ্চমানযুক্ত লেখাৰ লগত সাধাৰণতে চেমনীয়াৰ নিম্নমানদণ্ডৰ লেখা সমূহে অস্তিত্ব হেৰুৱাই অনুপযুক্ত বিবেচিত হােৱাৰ ফলত চেমনীয়াৰ লেখাসমূহ প্ৰায়েই