পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সুৰ বিচাৰি বাৰ বছৰ


তেনে শিল্পী হােৱাৰ সপােন ৰচোঁ। শিল্পীসকলৰ সঙ্গীতৰ পথত পােৱা ব্যক্তিগত জীৱনৰ বহুমূলীয়া অভিজ্ঞতাৰ কথা, শীতৰ ঠেৰেঙা জাৰত কঁপি কঁপি শুনাে। শুনি হাতীৰ সমান সাহস পাওঁ। সাধাৰণ জুইত দগ্ধ হৈ সমাজ উজলােৱা শিল্পীসকলক প্রণাম জনাওঁ।

 লক্ষ্ণৌ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা নিপুন উপাধিৰে অলংকৃতা বিনেশ্বৰ নেওগৰ জীয়াৰী শ্ৰীলক্ষী শইকীয়াৰ লগত হােৱা সাক্ষাতৰ কথা মই শ্ৰদ্ধাৰে সুৱঁৰিছাে। তেখেতক এবাৰ গীতশ্রীত সঙ্গীত পৰিবেশন কৰিবলৈ মাতি অনা হৈছিল। গীত, গজল, খেয়াল আদিৰ বিশেষত্বপূর্ণ পদ্ধতিৰে তেখেতে আমাক মােহিত কৰিছিল। তেখেতৰ বাসভৱনত গৈয়াে আমি সঙ্গীতৰ সােৱাদ লৈছিলাে। নলবাৰীৰ পৰা যােৰহাটৰ তেখেতৰ নিজা ঘৰলৈ যােৱাৰ পিছতাে সঙ্গীতৰ নানা বিষয়ৰ কথা শুধি তেখেতলৈ চিঠি লিখিছিলাে। তেখেতেও মৰমেৰে মােলৈ সাৰগর্ভ উপদেশপূর্ণ চিঠি লিখিছিল। তেখেতৰ বহুমূলীয়া কথাবােৰ আজিও মই পাহৰা নাই। কথাখিনিৰ এটা অংশ কবিতা আকাৰে সজাই ৰাখিছোঁ—

শব্দধ্বনি সপ্তসুৰে শুদ্ধ প্রাণ সমন্বিতে
সাধন ক্রিয়া সমাপন অতি সুকঠিন
কৰা নিত্য সুৰ চৰ্চা নকৰিবা অৱহেলা
জ্ঞানৰ দীপিতে পাৰা তুমি চিৰদিন।।
আজীৱন শেষ কৰি তিল তিল কৰি
যদিহে কৰে পূজা কোনাে পূজাৰীয়ে
অৱশেষে ভগৱান হ'ব পৰাজয়
হ’ব আহি পূজাৰীৰ দেহতে বিলীন।।

 শ‍ইকীয়াৰ এনে তাৎপর্যপূর্ণ সাৰুৱা উপদেশ বানীয়ে আজিও মােৰ মাজে মাজে হতাশ হ’ব খােজা মনত অসীম বল যােগাই আহিছে।

 ১৯৬২ চন। এই বছৰটো মােৰ অতি দুর্যোগৰ বছৰ। তেতিয়া মই নলবাৰী কলেজৰ আই.এছ.চি. পাছ কৰাে। সেই সময়ত কলেজত বি.এছ.চি. শ্রেণী খােলা নাছিল। গুৱাহাটীত বি.এছ.চি, অথবা আন বিজ্ঞান বিষয়ৰ অধ্যয়ন কৰাৰ আর্থিক বলাে মােৰ নাছিল। ইতিমধ্যে সেই বছৰতেই মােৰ এটা পাৰিবাৰিক দুর্ঘটনা ঘটে। ঘৰৰ অগ্রজ সন্তান হিচাপে সেই দুর্ঘটনাৰ মেৰপাকত এনেদৰে সােমাই পৰিলাে যে তাৰ পৰা মুক্তি পাওঁতে প্রায় এবছৰ লাগিছিল। পৰিয়ালৰ ভৰণ পােষণৰ দায়িত্ব আহি পৰিল। গতিকে দিনত স্কুল মাষ্টৰ হ'লোঁ আৰু ৰাতি নলবাৰী নৈশ কলেজত।