পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পর্যালােচনা

চেৰেক কথা উপদেশৰ সুৰেৰে কোৱা আৰম্ভ কৰিলে অসমীয়া সংস্কৃতিৰ উত্তৰ সাধক সকলৰ তথা অসমীয়া সংস্কৃতি জগতৰ মহান উপকাৰ কৰা হ'ব। গীতৰ সভাত দিয়া তেওঁৰ জাতীয় সংস্কৃতিৰ পথ নির্দেশক ভাষণবােৰ একত্ৰিত কৰি ছপাই উলিয়ালেও ই অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ হৈৰ’ব। স্বকীয় শিল্পীজীৱনৰ বিকাশ আৰু প্ৰতিষ্ঠাৰ বাবে হাজৰিকাই যি কৰিলে কৰিলে,এতিয়া অসমীয়া সংস্কৃতিৰ খহনীয়াৰ সঙ্কট কালত জাতিটোৰ কল্যাণৰ অৰ্থে হাজৰিকাই পৰিকল্পিতভাবে সংস্কৃতি পুনৰ নিৰ্মাণৰ কামত আত্মনিয়োেগ কৰাটো সমীচীন। এনে কাৰ্য্যইহে তেওঁৰ মহত্ব কঢ়িয়াই আনিব।

 ভূপেন হাজৰিকা উচ্চশিক্ষিত শিল্পী। বুদ্ধি তেওঁৰ উচ্চ শিক্ষাৰে শাণিত। জন্মগত শিল্পীসত্ত্বাক সেয়েহে তেওঁ অসম, ভাৰত তথা বিশ্বত নির্ভীকভাবে জিলিকাই তুলিবলৈ সক্ষম হৈছে। অসমীয়া সংস্কৃতিৰ প্ৰৱক্তা হৈ দেশে বিদেশে অসমীয়া কলাকৃষ্টিৰ বচা বচা সম্পদবােৰ প্ৰচাৰ কৰিও তেওঁ অসমীয়াৰ গৌৰৱ হৈ উঠিছে। হাজৰিকাই কৰোঁ বুলি আত্মনিয়ােগ কৰিলে অসমীয়া সংস্কৃতিৰ এন্ধাৰে আৱৰা ভিতৰচ'ৰাও যে সাৰি পুচি নিকা কৰিব পাৰিব ই অৱশ্যম্ভাৱী।

 ভূপেন হাজৰিকা অসমী আইৰ কৃতি সন্তান। তেওঁ অসমীয়াৰ অতি চেনেহৰ। চেনেহতে অভিভূত সৰল অসমীয়াই ভূপেন হাজৰিকালৈ যচা উপহাৰৰ অন্ত নাই। অসম তথা ভাৰত চৰকাৰেও তেওঁক গুণানুসাৰে পুৰস্কৃত কৰিছে। তেওঁৰ গীত সমূহক ‘ভূপেন্দ্র সঙ্গীত’ নাম দিও তেওঁৰ গুণমুগ্ধ সকলে তেওঁলৈ মহান উপহাৰ আগবঢ়াইছে। ৰবীন্দ্র সঙ্গীত, নজৰুল সঙ্গীত, জ্যোতি সঙ্গীত আদিৰ দৰে বিশেষ লক্ষণযুক্ত স্বকীয় ধাৰা এটা হাজৰিকাৰ গীতসমূহত আছে নে নাই তাক গৱেষণা কৰা হয়তাে হােৱা নাই। এনে ধৰণৰ সিদ্ধান্তবােৰ বিজ্ঞানসন্মত আৰু যুক্তি নিষ্ঠ নহৈ আবেগজনিত হ'লে ভুল হােৱাৰ সম্ভাৱনা থাকে।

 ভূপেন হাজৰিকাৰ শিল্পী জীৱনৰ এতিয়া বিয়লি পৰ। এতিয়া তেওঁৰ মূল্যায়নৰ সময়। তেওঁৰ সঙ্কটময় শিল্পী জীৱনৰ উচিত মূল্যায়ন হ’ব লাগে। হাজৰিকাৰ উচিত মূল্যায়নে অসমীয়া শিল্পী তথা সংস্কৃতি জগতৰ গতিপথত যে প্রভাৱ পেলাব ই ধুৰুপ।



ড° ভূপেন হাজৰিকাৰ মূল্যায়ন সম্পর্কীয় এই লেখাটো প্রয়াত বৈশ্যৰ প্রতি শ্রদ্ধাঞ্জলি জনাই ‘লুইতৰ পৰা টেমচলৈ’ৰ দ্বাদশ বছৰ, দ্বাদশ সংখ্যা, ২০১১ চনত (প্ৰৱন্ধটো ১৯৯০ চনত লিখা) প্ৰকাশ কৰা হয়।