পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই প্ৰৱন্ধসমূহ সংকলন কৰি এখন পুথি আকাৰে ৰূপ দিয়াৰ পণ লওঁ আৰু প্ৰায় ৫০ শতাংশ কাম সম্পূৰ্ণ কৰোঁ। কিন্তু গৱেষণাৰ ব্যস্ততাৰ বাবে পুনৰ এই কামটো কেইবছৰমানৰ বাবে বন্ধ ৰাখিবলগীয়া হ’ল। তাৰ মাজতে অৱশ্যে দুটামান প্ৰৱন্ধ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ কৰোঁ।
 পৰৱৰ্তী সময়ত কৰ্মসূত্ৰে ভাতৃপ্ৰতীম নীলোৎপল শৰ্মাক ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত সহকৰ্মী হিচাপে লগ পাওঁ। ইতিমধ্যেই কেইবাখনো পুথি ৰচনা তথা সম্পাদনা কৰা নীলোৎপলক মই প্ৰৱন্ধকেইটা দেখুৱালোঁ। তেওঁ মোক প্ৰৱন্ধ সংকলনটো প্ৰকাশৰ বাবে পৰামৰ্শ দিলে আৰু লগতে সংকলনটোৰ নামটোও ঠিক কৰি দিলে। প্ৰৱন্ধকেইটা পঢ়ি বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰো-উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীদেৱে এটা স্পষ্ট অনুভৱ লিখি আমাক বহুগুণে উৎসাহিত কৰিলে। মই নীলোৎপলৰ লগত লগ হৈ প্ৰৱন্ধ সংকলনটো সম্পাদনা কৰিম বুলি সিদ্ধান্ত ল’লোঁ। চৌধুৰীদেৱলৈ আমি গভীৰ কৃতজ্ঞতা জনোৱাৰ উপৰিও পুথিখন প্ৰস্তুত কৰা ক্ষেত্ৰত দিহা-পৰামৰ্শ তথা সহায়-সহযোগিতা আগবঢ়োৱা সদৌটিলৈ আমাৰ কৃতজ্ঞতা যাচিলোঁ। গ্ৰন্থখনৰ প্ৰচ্ছদ শিল্পীদ্বয় জিতুমনি শৰ্মা আৰু খাইৰুল হক চৌধুৰী, অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী বাণী প্ৰকাশৰ স্বত্বাধিকাৰী আৰু সমূহ কৰ্মকৰ্তালৈ আমাৰ কৃতজ্ঞতা জনালোঁ। গ্ৰন্থখনৰ অক্ষৰ বিন্যাস কৰা মাধৱ বৰদলৈলৈয়ো আমাৰ সস্নেহ থাকিল।
 প্ৰচাৰ বিমুখ দেউতাৰ কবিতা আৰু গীতৰ কথাৰ গভীৰতাৰ আভাস এটি দিয়াৰ প্ৰয়াসেৰে তথা সাম্প্ৰতিক দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেউতাৰ দুটি দেশপ্ৰেমমূলক কবিতা ‘ভাঙিবই লাগিব নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল’ আৰু ‘জ্ঞানীবৰ, তুমি ওলাই আহাৰ লগতে ‘হে ধুমুহা, হে পচোৱা আৰু মিলন গীত’ নামৰ গীত দুটা পুথিখনত সন্নিবিষ্ট কৰিছোঁ। আশাকৰো আমাৰ এই অনুভূতিক পাঠক সমাজে মৰমেৰে চাব।


ইতি-

 

শেখৰ জ্যোতি বৈশ্য
বিৰুবাৰী, গুৱাহাটী-১৬ মো.- ৯৭০৬৩৫৯৬৮০
৯/৯/২০১৫ E-mail : sekharnehu@yahoo.com