পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সুৰ বিচাৰি বাৰ বছৰ

মাজে নীৰস গদ্যতো সংলাপ ৰচনা কৰিছে। ফলত নাটকীয় ৰস সৃষ্টিত বিজুতি ঘটিছে। উদাহৰণ স্বৰূপে ’নন্দ দুলাল’ নাটকৰ চতুৰ্থ অঙ্কৰ প্ৰথম দৰ্শনৰ কাব্য সংলাপৰ মাজত হঠাতে কংসই গদ্যত কালকেতুক ক’বলৈ ধৰে—“কিন্তু সি যে সাধাৰণ শিশু নহয়” আৰু কালকেতুৰ প্ৰস্থানৰ পিছত পুনৰ কাব্য সংলাপলৈ উলটি আহি আকৌ যেতিয়া বসুদেৱৰ লগত গদ্যত কথা কয়, তেতিয়া বৰ বিষসদৃশ লাগে। পদ্য আৰু গদ্যৰ ভাল নলগা এনে সংমিশ্ৰণ তেওঁৰ নাট কেইবাখনতো আছে। পৌৰাণিক নাটসমূহৰ ভিতৰত নৰকাসুৰ বেছি জনপ্ৰিয়। তেওঁৰ এই শ্ৰেণীৰ নাটত কাব্যধৰ্মী বৰ্ণনা এটি বিশেষ লক্ষণ। নাট্যকাৰে য’ত সুবিধা পাইছে অসমীয়া পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। ‘কনৌজ কুঁৱৰী’ (১৯৩৩), ‘ছত্ৰপতি শিৱাজী’ (১৯৪৭), ‘টিকেন্দ্ৰজিৎ’ (১৯৫৯), ‘পানিপথ’ আৰু ‘আহুতি’ৰ অন্তৰ্ভূক্ত নাটিকা দুখনৰ কাহিনী ইতিহাসৰ পৰা গ্ৰহণ কৰিছে। ’কনৌজ কুঁৱৰী’ আৰু ’ছত্ৰপতি শিৱাজীত’ বঙালী নাটৰ ছাঁ পৰিছে। এই কেইখনৰ সংলাপৰ মাধ্যম গদ্য।

 চেক্সপীয়েৰৰ Merchant of Venice আৰু King Lear এই দুখন হাজৰিকাই ‘বণিজকোঁৱৰ’ আৰু ‘অশ্ৰুতীৰ্থ’ নাম দি অসমীয়াত ৰূপান্তৰ কৰে। অনুবাদ কৰোঁতে হাজৰিকাই অসমীয়া পটভূমিত কাহিনী দুটা চিত্ৰিত কৰিছে। যথেষ্ট পাৰদৰ্শিতাৰে ‘বণিজ কোঁৱৰ’ লিখিলে যদিও ক’ব লাগিব যে মূল নাটকৰ ছাইলক, পোৰচিয়া আৰু ঘটনা প্ৰবাহে মনত যি নাট্যৰসৰ ধাৰণাৰ সৃষ্টি কৰে, ৰূপান্তৰে ঠিক তেনেদৰে কৰিব পৰা নাই। তাৰ কাৰণ হ'ল, ৰূপান্তৰৰ পৰিবেশ অসমৰে বুলি ধৰি ল’বলৈ টান লাগে। মূল নাটখনৰ চৰিত্ৰ আৰু পৰিৱেশ একে ধৰণে ৰাখিয়েই আমাৰ মঞ্চৰ উপযোগীকৈ সম্পাদনা কৰি অনুবাদ কৰিলে মূল নাটৰ পৰিৱেশৰ মাজত সোমাই গৈ দৰ্শক-পাঠকে নাট্যৰস উপভোগ কৰাত কোনো অসুবিধা হয়তো নাপালেহেঁতেন।

 ‘শকুন্তলা’ মহাকবি কালিদাসৰ অভিজ্ঞান ‘শকুন্তলম্‌’ৰ অসমীয়া ভাঙনি। ‘শকুন্তলা’ৰ ৰূপায়ণত মহাকবি কালিদাসৰ অমৰ প্ৰতিভাৰ সকলো দিশ মূলৰ সমানেই উজ্জ্বল হৈ নুঠিলেও নাটখন অভিনয় উপযোগী হৈছে। বিবিধ বিষয়ক নাটকৰ ভিতৰত হ’ল ‘মৰ্জ্জিয়ানা’ (১৯৩৯), ’মানস প্ৰতিম’ (১৯৪৮), আৰু ‘ৰংমহল’। আৰব্য উপন্যাসৰ আলিবাবা আৰু দুকুৰি ডকাইতৰ কাহিনী লৈ ‘মৰ্জিয়ানা’ আৰু ফাৰ্চী সাহিত্যৰ ‘শ্বিৰফৰহাত’ কাহিনীটোক অসমীয়া ঐতিহাসিক পটভূমিতে নিক্ষেপ কৰি কাব্য-গীতিমুখৰ ‘মানস প্ৰতিম’ ৰচনা কৰিছে।

 মহাত্মা গান্ধীৰ হৰিজন আন্দোলনৰ প্ৰভাৱ হাজৰিকাৰ ওপৰত পৰে।