পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনঃ এটি পৰ্য্যালােচনা

ধৰণৰ গীতকে পৰিৱেশন কৰি গৈছে।

 অনুধাৱন কৰিলে দেখা যায় ভূপেন হাজৰিকা দৰাচলতে কোনো বিশেষ আদৰ্শৰ পিছত গতি কৰা শিল্পী নহয়। জীৱনৰ ভিন ভিন স্তৰত সৃষ্টি হোৱা গীত-মাতবোৰৰ ভিন ভিন ভাবে তেওঁৰ কোনো স্থায়ী চিন্তাদৰ্শনৰ কথা নকয়।

 ভূপেন হাজৰিকাই নিজকে যাযাবৰ বুলি অভিহিত কৰিছে আৰু এই কথা স্পষ্টভাবেই সুৰৰ মাজেৰে জনগণক জনাইছে। যাযাবৰী জীৱনত উৰি উৰি বিশ্বঘূৰি যতে যি দেখিছে, কৰিছে তাৰ বাতৰি “মই এটি যাযাবৰ” গীতেৰে ৰাইজক দিছে। কিন্তু বিশ্বঘূৰি পোৱা জ্ঞানেৰে জ্যোতিপ্ৰসাদে অসমীয়া গীত-মাতৰ যি যুগমীয়া ধাৰা বোৱালে হাজৰিকাই বিশ্বঘূৰি পোৱা জ্ঞানেৰে তেনে এটি সুকীয়া অসমীয়া অসমীয়া লগা গীতৰ ধাৰা সৃষ্টি কৰিব নোৱাৰিলে। নিজে কতো লিখি থৈ যোৱা নাই যদিও বিষ্ণুৰাভাও প্ৰকৃতিত এক প্ৰকাৰ যাযাবৰেই আছিল। কিন্তু বিষ্ণুৰাভাৰ দৰে ভূমিত থাকি ভূমাৰ কথা ভাবিব পৰা যাযাবৰ ভূপেন হাজৰিকা হ'ব নোৱাৰিলে। ভূপেন হাজৰিকা ভূমিৰ পৰা উৰি গৈ বিশালতাৰ এক অভিজাত পৰিমণ্ডলত নিমজ্জিত হ’ল। এনে এটি পৰিমণ্ডলত ধনৰ অনিবাৰ্য প্ৰয়োজনতেই হয়তো জ্যোতি বিষ্ণুৰ দৰে প্ৰচুৰ সম্ভাৱনাযুক্ত অসাধাৰণ শিল্পী সত্তাক অৱশেষত ব্যৱসায়ী ৰূপলৈ ৰূপান্তৰিত কৰি ভূপেন হাজৰিকা সাধাৰণ শিল্পী শ্ৰেণীলৈ অৱনমিত হ’ল। আজি ভূপেন হাজৰিকা এক বহুল অনুষ্ঠান মাত্ৰ। জুপুৰীৰ অসমীয়াই ভূপেন হাজৰিকাক আজি সহজে ঢুকি নাপায়। জ্যোতি-বিষ্ণুৱে এইৰূপ লোৱা নাছিল। আৰু বোধহয় এইৰূপৰ কাৰণেই দীপ্ত প্ৰতিভাৰ অধিকাৰী হৈয়ো হাজৰিকা জ্যোতি-বিষ্ণুৰ দৰে মহৎহ'ব পৰা নাই। আৰু জ্যোতি-বিষ্ণুৰ দৰে উদাৰ, মহৎহ’ব নোৱাৰা বাবেই হয়তো শীৰ্ষস্থানত থকা সত্ত্বেও হাজৰিকাৰ মুখত সাংস্কৃতিক নেতৃত্বৰ জিলিকনি নাই।

 ভূপেন হাজৰিকাৰ বৰ্তমান স্থায়ী বাসস্থান কলিকতা। সৰ্বভাৰতীয় বাৰেবৰণীয়া শিল্পীসঙ্গম স্থান বুলিয়েই হওক বা অনুকূল পৰিৱেশযুক্ত কলা সাধনাৰ পীঠস্থান বুলিয়েই হওক বা কোনো অইন কাৰণতেই হওক হাজৰিকাই অসমত থকাতকৈ কলিকতাত থকাটোৱে সমীচীন বুলি ভাবিলে। তেওঁ স্থায়ীভাবে কলিকতাত থকাৰ ফলত পৰোক্ষভাবে অসমীয়া সংস্কৃতি জগতৰ কিছু কল্যাণ সাধিত হলেও কিছু ক্ষতি সাধনো হৈছে। তেওঁ কলিকতাত থকাৰ ফলত অসমৰ সংস্কৃতি জগতৰ তেওঁৰ অনুজ, অনুৰাগী, উপদেশ আকাঙক্ষী শিল্পী সকলে প্ৰয়োজনৰ মুহূৰ্তত তেওঁৰ উপদেশ দিহা-পৰামৰ্শৰ পৰা বঞ্চিত হৈছে। আনহাতে তেৱোঁ ইচ্ছা থাকিলেও তেওঁৰ সুগুণৰ কিছু দান আদি দি অসমৰ উদীয়মান সম্ভাৱনাযুক্ত শিল্পীসকলক অনুপ্ৰাণিত কৰিবলৈ