পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম সঙ্গীতগুৰু জমিৰুদ্দিন ছাৰৰ সোঁৱৰণত

 মূৰত ধুসৰ চুলি। পিন্ধনত লংপেণ্ট চাৰ্ট। খোজত চঞ্চল বেগ। মুখত ৰুগ্ন অথচ সংগ্ৰামী আবেশ। কথা আৰু সুৰেৰে জীৱনক সুন্দৰ কৰাৰ বাবে দুৰ্বাৰ যুঁজ দিয়া অমৰ শিল্পী ছৈয়দ জমিৰুদ্দিন আহমেদ।

 ১৯৫৮ চন। তেতিয়া নলবাৰীৰ সঙ্গীত আকাশ প্ৰধানকৈ লোকগীতৰ আৰু মাজে মাজে বৰগীতৰ সুৰেৰে আৱৰা। বিজ্ঞানসন্মত পদ্ধতিত সংগীত চৰ্চা নলবাৰীত ভালদৰে ৰূপ লোৱা নাই। এনে সময়তে চৌদিশ ঘূৰি ফুৰি শাস্ত্ৰীয় সঙ্গীত আৰু আধুনিক গীত-মাতৰ বন্তি জ্বলাই নলবাৰীত প্ৰৱেশ কৰিলেহি জমিৰুদ্দিন ছাৰ।

 গীত গাব নোৱাৰা এটা ৰুগ্ন শৰীৰ; কিন্তু জীৱিকাৰ উদগ্ৰ আহ্বান। নলবাৰী দেৱীৰাম পাঠশালাৰ কোনো এক কোঠাত জন্ম হ’ল গীতশ্ৰীৰ। নলবাৰী ছোৱালী হাইস্কুলত গীতশ্ৰী গাভৰু হ’ল। লেম্প, মমবাতিৰ অনুজ্জ্বল পোহৰত সৃষ্টি হ’ল কত কথা, কত সুৰ আৰু কত যে শিল্পীৰ ভ্ৰুণ।

 গীতশ্ৰীৰ অমিয়া সুৰ নলবাৰীৰ পৰিধি পাৰ হ’ল। পাৰ হ’ল উত্তৰ কামৰূপ। পাৰ হ’ল ব্ৰহ্মপুত্ৰ। বিয়পিল অনাতাঁৰ সমগ্ৰ অসম।

 জমিৰুদ্দিন ছাৰ আছিল কৃতি সুৰকাৰ। মাৰ্জিত ৰুচিৰ কথাত মাৰ্জিত সুৰ আছিল তেওঁৰ গীতৰ বৈশিষ্ট্য। শাস্ত্ৰীয় সঙ্গীতৰ প্ৰতি তেওঁৰ আছিল গভীৰ অনুৰাগ। সেয়েহে তেওঁৰ বেচিভাগ গীতেই আছিল বিভিন্ন ৰাগৰ ওপৰত আধাৰিত প্ৰাণস্পৰ্শী গীত।

 তেওঁ শাস্ত্ৰীয় সঙ্গীতৰ একক শিল্পী নাছিল সঁচা; কিন্তু তেওঁৰ দৰে শাস্ত্ৰীয় সঙ্গীতৰ সূক্ষ্ম সৌন্দৰ্য্য উপলব্ধি কৰা শিল্পী কম। তেওঁৰ সেই সুক্ষ্ম উপলব্ধি তেওঁৰ বিভিন্ন গীতত জীৱন্ত হৈ আছে।

 তেওঁ আছিল এজন কৃতি সংগঠক। অসমৰ শাস্ত্ৰীয় তথা লঘু সঙ্গীতৰ শিৰোমণি সকলক তেওঁ নলবাৰীলৈ মাতি আনিছিল। সেই সকলৰ সহযোগেৰে পাতিছিল কত যে সঙ্গীত সভা। তাৰ দ্বাৰা তেওঁ অকল যে তেওঁৰ শাস্ত্ৰীয় সঙ্গীত তথা লঘু সঙ্গীত প্ৰীতিৰেই পৰিচয় দিছিল এনে নহয়,তাৰ দ্বাৰা তেওঁ নলবাৰীৰ শিল্পী জগতৰ ৰুচিবোধৰো সংস্কাৰ কৰিছিল।

 বৰ্তমানৰ নলবাৰীৰ সঙ্গীত জগতৰ প্ৰথম পৰিচয় জমিৰুদ্দিন ছাৰ। তেওঁক