পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সুৰ বিচাৰি বাৰ বছৰ


হাৰমনিয়ামটো দেখুৱালোঁ। তেখেতে গম্ভীৰ অৰ্থপূৰ্ণ হাঁহি এটি মাৰিলে। কাগজৰ হাৰমনিয়ামত আঙুলি বুলাই হলেও সঙ্গীত শিক্ষাৰ আগ্ৰহ দেখি মোৰ প্ৰতি গুৰুৰ মৰম ঘনীভূত হৈ পৰিল। তেখেতৰ মৰমত মই অভিভূত হৈ পৰিলোঁ।

 গভীৰ আত্মবিশ্বাস আৰু ধুমুহাৰ দৰে প্ৰবল এক মনোবলক মূলধন কৰি লৈহে গুৰুৱে সঙ্গীত স্কুল খুলিছিল। আৰম্ভণিতে স্কুলৰ নিজা যন্ত্ৰপাতি বুলিবলৈ একোৱেই নাছিল। হাৰমনিয়াম যন্ত্ৰ এটি আৰু তবলা এযোৰ দিয়াৰ উপৰিও সকলো দিশৰে পৰা সক্ৰিয় সহায় সহযোগ আগবঢ়ালে নলবাৰীৰ বিখ্যাত দত্তবৰুৱা পৰিয়ালে। স্কুলৰ নিজা যন্ত্ৰপাতি নোহোৱা পৰ্য্যন্ত দত্তবৰুৱা পৰিয়ালৰ যন্ত্ৰপাতিৰেই স্কুলৰ কাম চলোৱা হৈছিল। গীতশ্ৰীলৈ দেখুৱা মৰম, সহায়-সহানুভূতিৰ বাবে দত্তবৰুৱা পৰিয়াললৈ মোৰ অভিনন্দন থাকিল।

 দেৱীৰাম পাঠশালা হাইস্কুলত কিছুদিন চলাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে মত সাপেক্ষে গীতশ্ৰী সঙ্গীত বিদ্যালয় নলবাৰী চহৰৰ প্ৰায় কেন্দ্ৰত থকা ছোৱালী হাইস্কুলৰ পাশ্বৱৰ্তী ১নং প্ৰাইমাৰী স্কুল ঘৰলৈ তুলি অনা হয়। তেতিয়াই মই সঙ্গীতৰ প্ৰধান হিচাবে লগ পাওঁ প্ৰফুল্ল কলিতাক। সেই সময়ত নলবাৰীত আজিৰ দৰে সঙ্গীতৰ বাতাবৰণ নাছিল। সঙ্গীতৰ নামত টকা-পইচা খৰচ কৰি স্কুল পতাৰ প্ৰয়োজনো নলবৰীয়া ৰাইজে বৰ বেছিকৈ উপলব্ধি কৰা নাছিল। গতিকে জয়জয়তে আমি কেইজনমান মানুহে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি গীতশ্ৰী জীয়াই ৰাখিব লগা হৈছিল। মোৰ মনত আছে আমি সকলোবোৰ ছাত্ৰ-ছাত্ৰী লগ লাগি গুৰুক আগত লৈ নলবাৰী ৰাসপূজাত হাতত বাকচ লৈ ৰাইজৰ ওচৰত গীতশ্ৰীৰ সাহায্যৰ্থে পইচা খুজিছিলো। ৰাইজৰ সহানুভূতি আমি নোপোৱাকৈ নাছিলো। ৰাইজৰ পৰা পোৱা টকাৰে অলপ অচৰপ যন্ত্ৰপাতি কিনা হয়।

 লাহে লাহে আমি দুই-এটি গীত-মাত কোনোমতে হাৰমনিয়াম বজাই গাব পৰা হ'লো। প্ৰথমে হাৰমনিয়াম বজাই গীত গোৱাৰ অপাৰ আনন্দত মন-প্ৰাণ নাচি উঠিল। কিবা যেন দিগ্বিজয়ী আনন্দহে চকু-মুখে ফুটি উঠিল। আমাৰ মনত গীত অধ্যয়ন কৰি স্থানীয় দুই-এক অনুষ্ঠানত গীত-মাত পৰিবেশন কৰিবলৈ গুৰুৱে আমাক অনুমতি দিলে। মহা আনন্দে ঠায়ে ঠায়ে আমি দুই-এটি আধুনিক, ভজন, বৰগীত গোৱা আৰম্ভ কৰিলো। ঘৰে বাহিৰে সময় সুযোগে সকলো ঠাইতে কণ্ঠ সাধনৰ চেষ্টা চলিল।

 সস্তীয়া প্ৰশংসাই ন-শিকাৰুৰ সাধনাৰ গতিপথ বন্ধ কৰে। উন্নতিৰ সীমা ৰেখা টানি দিয়ে। এই কথা মই তেতিয়া বুজা নাছিলো। আজি ইয়াক মৰ্মে মৰ্মে