পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
বর্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱর্তনৰ উপায়

সময়ছোৱাত ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, বৃত্তিমূলক বিষয় আৰু বৃত্তিমূলক বিষয়ৰ লগত সম্বন্ধ থকা অংকবিদ্যা শিক্ষাতহে গুৰুত্ব দিব লাগে। ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী আদিক ঐচ্ছিক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে।

 ১৩। বৃত্তিমূলক শিক্ষাৰ দিশত স্নাতক শ্ৰেণীত ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা, বৃত্তিমূলক বিষয় আৰু এই বিষয়ৰ লগত সম্বন্ধ থকা অংক বিদ্যাৰ শিক্ষা দিব লাগে।

 ১৪। সাধাৰণ শিক্ষাৰ দিশত স্নাতক শ্ৰেণীত ইংৰাজী আৰু ৰাষ্ট্ৰভাষাক ঐচ্ছিক বিষয় হিচাপে ৰাখি বাকী বিষয়সমূহ বৰ্তমানৰ দৰে ৰাখিব লাগে।

 ১৫। বৃত্তিমূলক শিক্ষাৰ দিশত স্নাতকোত্তৰ শ্ৰেণীত একমাত্ৰ বৃত্তিমূলক বিষয়ৰহে শিক্ষা দিব লাগে।

 ১৬। সাধাৰণ শিক্ষাৰ দিশত স্নাতকোত্তৰ শ্ৰেণীত কোনো এটি বিষয়ৰহে শিক্ষা দিব লাগে।

 ১৭। সাধাৰণ শিক্ষা আৰু বৃত্তিমূলক শিক্ষা—এই দুয়োটা দিশতে আৰম্ভণিৰে পৰা শেষলৈ সকলো শিক্ষাদানৰ ব্যৱস্থা ৰাজ্যিক ভাষাৰে কৰিব লাগে। কেৱল স্নাতকোত্তৰ শ্ৰেণীত ইংৰাজী বিষয়ৰ শিক্ষাহে ইংৰাজী ভাষাৰ মাধ্যমেৰে দিব লাগে।

 ১৮। চূড়ান্ত মেধাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে শিক্ষা দান দিয়াৰ লগতে সাধাৰণ শিক্ষাৰ দিশৰ দৰে পৰ্যায়ক্ৰমে অংকবিদ্যা, বিজ্ঞান, ভূগোল, ৰাজ্যিক ভাষা, ৰাষ্ট্ৰভাষা শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এওঁলোকৰ ক্ষেত্ৰতো ইংৰাজী, সংস্কৃত, আৰবী, ফাৰ্চী আদিক ঐচ্ছিক বিষয়ৰ অন্তৰ্ভুক্ত কৰিব লাগে। সৰ্বভাৰতীয় দৃষ্টিভংগীলৈ লক্ষ্য ৰাখি এইসকল ছাত্ৰ-ছাত্ৰীক ৰাষ্ট্ৰভাষাৰ মাধ্যমেৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

 ১৯। ছাত্ৰ-ছাত্ৰীসকলৰ দিনলিপি বাধ্যতামূলক হ’ব লাগে। দিনলিপিত যিসকল ছাত্ৰ-ছাত্ৰীৰ নৈতিক গৰ্হিত কামৰ উল্লেখ থাকিব সেইসকলৰ নাম অনুষ্ঠানৰ মুৰব্বী গৰাকীয়ে বা অধ্যক্ষই লিপিবদ্ধ কৰিব লাগে আৰু গৰ্হিত কামৰ মাত্ৰাধিক্য ঘটিলে সেই সকলক দুই বছৰ শিক্ষান্ত পৰীক্ষা দিয়াৰপৰা বিৰত ৰখাৰ ব্যৱস্থা থাকিব লাগে।

 উপৰোক্ত পদ্ধতিৰে বৰ্তমান শিক্ষাৰ আমূল পৰিৱৰ্তন সাধিবলৈ হ’লে দেশত প্ৰথমতে কিছু অসুবিধাৰ সৃষ্টি হ’ব পাৰে; কিন্তু অসুবিধাৰ তুলনাত সুবিধা হ’ব প্ৰচুৰ, যাৰ ফলত সমগ্ৰ দেশে এক সুস্থিৰ পৰিবেশত প্ৰগতিৰ পথত গতি কৰিব।

 এই পদ্ধতিৰে শিক্ষাৰ আমূল পৰিৱৰ্তন সাধিলে তলত দিয়া সুবিধাসমূহ স্বাভাৱিকতে আহি পৰিব।