পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
অন্তঃসাৰ শূন্যঃ বর্তমান শিক্ষা জগত

আদিয়ে অভিভাৱকসকলৰ বিকৃতি ৰুচি পৰিস্কাৰকৈ দাঙি ধৰে। বর্তমান যুগত চিনেমাৰ কু-প্রভাৱে ছাত্ৰ-ছাত্ৰীৰ নৈতিক দিশৰ পতন ঘটোৱাত যথেষ্ট ইন্ধন যােগাইছে। ইয়াৰ প্ৰভাৱতে গঢ়ি উঠা ছাত্র-ছাত্রীসকলৰ চলন-ফুৰণত বাধা দি ছাত্র- ছাত্রী সুলভ শান্ত-সৌষ্ট বেশভূষা প্রমাণ কৰিবলৈ অন্ততঃ কিছুসংখ্যক সুৰুচিসম্পন্ন অভিভাৱককো আজি ব্যর্থ হােৱা দেখা যায়। আজিৰ ছাত্ৰ-ছাত্ৰীয়ে পশ্চিমৰ পােচাকী প্রভাৱত প্ৰভাৱান্বিত হৈছে। পশ্চিমৰ গুণগত দিশলৈ তেওঁলােকৰ চকু নাই। ঘৰ, বাহিৰ, স্কুল কতাে তেওঁলােকৰ স্থিৰতা নাই। আজিৰ শিক্ষানুষ্ঠান যেন কোলাহলপূর্ণ যান্ত্রিক কাৰখানাহে। এই কাৰখানাত জ্ঞান আহৰণৰ বাবে তেওঁলােকে চিন্তা-চর্চা কৰাৰ বিশেষ প্রয়ােজন বােধ নকৰে। গৃহ শিক্ষক, বজৰুৱা নাট, পৰীক্ষাঘৰৰ নকল বিদ্যা এই আটাইবােৰৰ সমন্বয়ত আজি ছাত্ৰ-ছাত্ৰীৰ মৌলিক চিন্তাৰ দিশ পঙ্গু হৈ গৈছে। যি কেইজন মুষ্টিমেয় ইচ্ছুক জ্ঞানপিপাসু ছাত্র-ছাত্রী থাকে সেই কেইজনেও কাৰখানামুখী শিক্ষানুষ্ঠানৰ কোলাহল আৰু বিষময় আৱহাওৱাৰ মাজত জ্ঞান লাভৰ পৰা বঞ্চিত হয়।

 অভিভাৱকসকলৰ ভূমিকা আমাৰ দেশত অতি দুখলগা। কি শিক্ষিত কি অশিক্ষিত সকলাে শ্ৰেণীৰ অভিভাৱকেই ল’ৰা-ছােৱালীক স্কুলত ভৰ্তি কৰি দিয়াৰ পিছতেই তেওঁলােকৰ কৰ্তব্য শেষ হােৱা বুলি ভাবে। দিনটোৰ মাত্র পাঁচ ঘণ্টা সময় শিক্ষকৰ লগত কটোৱাৰ পিছত বাকী ঊনৈশ ঘণ্টা সময় ল’ৰা-ছােৱালীয়ে অভিভাৱকৰ তত্ত্বাৱধানত কটায়। উনৈশ ঘণ্টা সময়ৰ কৰ্তব্যৰ তালিকাৰ দায়িত্ব থাকে অভিভাৱকৰ হাতত। দেখা যায় কোনাে অভিভাৱকে এই কথাৰ ভূ নাৰাখে। ফলত স্কুলৰ পৰা গৈয়েই ল’ৰা-ছােৱালীয়ে প্ৰায়েই দায়িত্বহীন অভিভাৱকৰ শৃংখলাহীন শাসনৰ অধীনত যেনি-তেনি ঘূৰি-ফুৰি বিপথগামী হৈ ভৱিষ্যতৰ এন্ধাৰ পথ ৰচনা কৰে। বছৰৰ শেষত ল’ৰা-ছােৱালীৰ পৰীক্ষাৰ কুফল দেখিলে এই শ্রেণীৰ অভিভাৱকে সাধাৰণতে শিক্ষকক গালি পৰা দেখা যায়। তেওঁলােকে কোনােদিনে কেতিয়াও শিক্ষকৰ লগত যােগাযােগ ৰখাৰ প্রয়ােজনবােধ নকৰে।

 হােৱাই নােহােৱাই আগপিছ নুগুনি কেৱল পশ্চিমক অনুসৰণ কৰি দেশৰ স্বকীয় বৈশিষ্ট্যক আওকান কৰি ক্ষমতাৰ অপপ্রয়ােগেৰে শিক্ষা জগত অস্থিৰ কৰি তােলাত আটাইতকৈ বেছি অংশ গ্রহণ কৰিছে বর্তমান আমাৰ চৰকাৰে। আমাৰ চৰকাৰ দূৰদৰ্শী নহয়। শিক্ষাপ্রেমী নহয়। আমাৰ শিক্ষাবিভাগ শিক্ষাবিদেৰে গঠিত নহয়। বর্তমান আমাৰ শিক্ষাবিভাগ শিক্ষাপ্রেমহীন কক্ষচ্যুত ৰাজনৈতিক নেতাপ্রধান। শিক্ষাৰ নামতাে তেওঁলােকে লেতেৰা ৰাজনীতি কৰিবলৈ নাপাহৰে। সমগ্র শিক্ষক