পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
বর্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিৱর্তনৰ উপায়

 দেশৰ জ্বলন্ত সমস্যাসমূহ দূৰীকৰণার্থে দেশবাসীক এই ফলপ্রদ শিক্ষা পদ্ধতিৰ কথা বাতৰি কাকত, ৰেডিঅ’, কথাছবি, টেলিভিচন আদিৰ মাধ্যমেৰে জনাব লাগিব। ৰাজনৈতিক মেৰপাকে যাতে এই মহান কার্যত প্রতিবন্ধক হ’ব নােৱাৰে তালৈ লক্ষ্য ৰাখি দেশবাসীৰ মাজত জনমত গঠন কৰি এই পৰিকল্পনা ৰূপায়ণৰ উদ্দেশ্যে প্রয়ােজনীয় অর্থ সংগ্রহ চৰকাৰে জনসাধাৰণৰ পৰাই কৰি লৈ কামে কাজে লাগি গ’লে দেশৰ চাহিদামতে সাধাৰণ শিক্ষানুষ্ঠানৰ লগে লগে বৃত্তিমূলক শিক্ষানুষ্ঠানসমূহো যে লাহে লাহে গঢ়ি উঠিব ই অৱশ্যম্ভাৱী।

 ইতিমধ্যে নিবনুৱা হৈ থকা উচ্চ শিক্ষিত লােকসকলৰ মাজৰ পৰা ভিন ভিন বৃত্তিমূলক শিক্ষা দিব পৰা লােক বিজ্ঞাপনৰ জৰিয়তে বাচি উলিয়াই সেইসকলক প্রশিক্ষণ দি শিক্ষকৰূপে নিয়ােগ কৰি প্রথম পর্যায়ৰ কাম চলাব পৰা যায়। এইদৰে অন্ততঃ চাৰি পাঁচ বছৰ কোনােমতে চলাব পাৰিলে তাৰ পিছত লাহে লাহে এই অনুষ্ঠানবােৰতে উপযুক্ত শিক্ষক তৈয়াৰ হৈ উঠিব।

 এইদৰে প্ৰথমৰ জন্ম বেদনা সহ্য কৰি এই মহান পৰিকল্পনা ৰূপায়িত কৰিব পাৰিলে দেশৰ প্রধান সমস্যাসমূহৰ যে অৱসান ঘটিব ই ধুৰুপ।


 উক্ত প্ৰৱন্ধটো প্ৰকাশৰ পৰৱৰ্তী সময়ত হােৱা চৰ্চ্চা সম্পর্কে প্রয়াত বৈশ্যই ডায়েৰীত লিখা কথাৰ কিয়দাংশ—

 “বর্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়” এই প্ৰৱন্ধটি ১/৮/৭৮ ইং তাৰিখে ছপা হৈ ওলােৱাৰ লগে লগে বন্ধুমহল, শিক্ষাবিদ, সাহিত্যিক, ৰাজনৈতিক নেতা আদি ভিন ভিন দিশৰ চিন্তাশীল সকলৰ মাজত ই এক আলােড়ন সৃষ্টি কৰিলে। মই ঠিক এনেকুৱা এটা পৰিৱেশ এই লেখাই সম্ভৱ বুলি ভবা নাছিলোঁ। পিছে যি কোনাে কাৰণেই নহওঁক, ই সকলােৰে সমাদৰ লাভ কৰিলে। দেশৰ তথাকথিত কর্ণধাৰ সকলৰ লগত ব্যক্তিগতভাৱে আলােচনা কৰিলোঁ। প্রাক্তন মুখ্যমন্ত্রী শৰৎ সিংহ, বর্তমান শিক্ষামন্ত্রী লক্ষ্যধৰ চৌধুৰী, N.C.E.R.T.-ৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ লগত বিশেষভাৱে আলােচনা কৰিলোঁ। সকলােতে মাত্র এটাই কথা- “দেশত অস্থিৰ বাতাবৰণে বিৰাজ কৰিছে। দেশত কোনাে Leader নাই। গতিকে যিকোনাে সৎ কাৰ্য্যই বর্তমান মুর্তিমন্ত হােৱা টান। তথাপি চেষ্টা কৰক। আপােনাৰ চিন্তাই শিক্ষা সমাজত এক পৰিবৰ্তন আনিব পাৰে।”



পূৰ্ব্বদেশ প্ৰেছত মুদ্রিত আৰু জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ দ্বাৰা প্রকাশিত, ১ আগষ্ট ১৯৭৮ চন।