পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সুৰ বিচাৰি বাৰ বছৰ

অপ্ৰয়োজনীয় শিক্ষাবস্তুৰ হিচাব আমাৰ শিক্ষা জগতত যিহেতু এই পৰ্যন্ত শূন্য, অসাৰ্থক অকৰ্মন্য শিক্ষিত লোকেৰে আমাৰ দেশ আজি পূৰ্ণ।

 সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় আমাৰ দেশৰ শিক্ষকসকল বেছিভাগেই তৃতীয় বিভাগযুক্ত আৰু মেধাহীন। গতিকে তেওঁলোকৰদ্বাৰা বিষয়বস্তুৰ মানবিশিষ্ট শিক্ষাদান সম্ভৱ হৈ নুঠে। সকলো দিশতে দুৰ্বল শিক্ষকেৰে আমাৰ শিক্ষানুষ্ঠানসমূহ পৰিপূৰ্ণ হৈ থকাৰ কাৰণ স্পষ্ট হৈ আছে। মেধাবী প্ৰথম বিভাগযুক্ত বা সন্মান সহ উত্তীৰ্ণ হোৱা তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে শিক্ষকতা কৰাৰ সপোন নেদেখে। অভিভাৱকসকলেও ভুলতেও তেওঁলোকৰ ল’ৰা-ছোৱালীক শিক্ষক সজাৰ কল্পনা নকৰে। কিয়নো তেওঁলোকে জানে যে শিক্ষকতা কৰিলে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে চিৰস্থায়ী দাৰিদ্ৰৰ হেঁচাত জৰাজীৰ্ণ হৈ এক কৰুণ জীৱন যাপন কৰিব লাগিব। গতিকে প্ৰচুৰ অথাৰ্গমৰ পথ বিচাৰি মেধাৱী ছাত্ৰ-ছাত্ৰীসকল অইন বিভাগে ধাবিত হয়। যি সকল মেধাৰ অভাৱত অইন অৰ্থাগমৰ পথে যাব নোৱাৰে সেই সকলৰ কিছুমানে অৰ্থৰ অন্বেষণত বেহা-বেপাৰৰ মাজত আৱদ্ধ হয় আৰু বেহা-বেপাৰত অৰ্থাভাৱৰ বাবে আৱদ্ধ থাকিব নোৱাৰাসকলৰ কিছুমানে কেৰাণী কামত নিযুক্ত হয়। ওপৰঞ্চি আয়ুক্ত কেৰাণী কাম বিচাৰি বিফল হোৱা সকলৰ কিছুমানে সদৌ শেষত নিৰুপায় হৈ গাঁৱে-ভূঞে গঢ়ি উঠা স্কুলসমূহত নামমাত্ৰ দৰমহাতে শিক্ষকতা আৰম্ভ কৰি আজীৱন দাৰিদ্ৰক স্বাগতম জনায়। শিক্ষকতাৰ দৰে মহান আদৰ্শপূৰ্ণ কামক সন্মান জনাই এই সকল লোকে শিক্ষক হোৱা যেন নালাগে।

 উপযুক্ত শিক্ষক সজাৰ পৰিকল্পনাৰে চৰকাৰে এই শিক্ষকসকলক বছৰে বছৰে দলে দলে বি.টি. প্ৰশিক্ষণ কেন্দ্ৰলৈ নি লাখ লাখ টকা অপব্যয় কৰিছে। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ বেছিভাগে ব্যৱহাৰিক কাৰ্যকলাপলৈ লক্ষ্য কৰিলে দেখা যায় তেওঁলোকৰ শিক্ষাদানৰ ৰীতি দোষমুক্ত নহয়। প্ৰশিক্ষণৰ আগৰ দোষ প্ৰশিক্ষণৰ পিছততা স্পষ্টৰূপে বৰ্তমান হৈ থাকে। অৱশ্যে কিছুমান শিক্ষকে নিজৰ প্ৰতিভাৰ গুণত প্ৰশিক্ষণ প্ৰাপ্ত হৈ পূৰ্বৰ দোষযুক্ত শিক্ষাৰীতি শুদ্ধ কৰিবলৈ সমৰ্থ হয়। কিন্তু সেই গুণী শিক্ষকসকলেও স্কুলসমূহত যথোপযুক্ত সা-সুবিধা নথকা কাৰণে তেওঁলোকৰ প্ৰতিভা দেখুৱাৰ সুচল নাপায়।

 সমাজৰ কুৰুচি, অভিভাৱকসকলৰ কুৰুচি, কু-শাসন আৰু কু-সঙ্গীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগ হৈ পৰিছে উচ্ছৃংখল প্ৰকৃতিৰ গুৰু গোসাঁই নমনা উৰ্দ্ধত জীৱ৷ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কুন্ধচ চলন-ফুৰণ, পিন্ধন-উৰণ