পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সুৰ বিচাৰি বাৰ বছৰ

 মঞ্চৰ ইতিহাস ‘মঞ্চলেখা’ হাজৰিকাৰ এক উল্লেখযোগ্য যুগমীয়া সাহিত্যৰ অৱদান। এই গ্ৰন্থত অসমীয়া ৰঙ্গমঞ্চ সমূহৰ বুৰঞ্জী সন্নিৱিষ্ট হৈছে। উল্লেখযোগ্য যে এই গ্ৰন্থৰ বাবেই হাজৰিকাই ১৯৭১ চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে। তেওঁৰ নাট্য প্ৰতিভা স্বকীয় দ্বীপ্তিত উজ্জ্বল হৈ অকল অসমতে নহয়, সদৌ ভাৰততে স্বীকৃতি লাভ কৰে। হাজৰিকাই নাট তথা সাহিত্যৰ অৰিহণাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰৰ পৰা লাভ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘পদ্মশ্ৰী' উপাধি।

শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাঃ

 শিশু সাহিত্যিক ৰূপেও হাজৰিকাই এখন সুকীয়া আসন অধিকাৰ কৰিছে। শিশুৰ পৰা বুঢ়ালৈকে তেওঁ জনসাধাৰণৰ সাহিত্যিক আছিল বুলি ক’লেও বেছি কোৱা নহয়। আমাৰ তথাকথিত সাহিত্যিক সকলে সাধাৰণতে শিশু সাহিত্য সৃষ্টিৰ প্ৰতি গুৰুত্ব দিয়া দেখা নাযায়। সেই বাবেই বোধহয় আজি অসমীয়া সাহিত্যৰ পঢ়ুৱৈ সমাজত শিশুসকলৰ উখল-মাখল নাই। চেমনীয়াৰো অৱস্থা তথৈবচ। অকল বুঢ়া কেইটাই অসমীয়া সাহিত্য জীয়াই ৰাখিব পাৰিব বুলি ভবাটো ভুল হৈ আছে। সাহিত্যৰ খাদ্য শিশুসকলকো সাহিত্যিক সকলে যোগান ধৰা উচিত। এই মহান কৰ্ত্তব্যলৈ হাজৰিকাই চকু দিছিল। 'কথা কীৰ্ত্তন’ (১৯৪৫), 'ঈছপৰ সাধু’, ‘ল’ৰাৰ জাতক’, কথাদশম’, ৰামায়ণৰ ৰহঘৰা (১৯৫৬), 'অঙ্কীয়া নাটৰ সাধু’, ‘অপেশ্বৰীৰ দেশ’ (১৯৫২), ‘এণ্ডাৰচনৰ সাধু’ (১৯৬০), 'ৰাণী হিমানী’ (১৯৬১), ‘দিগ্বিজয়ী’, ‘গ্ৰীছৰ সাধু’ আদি প্ৰায় একুৰিৰো অধিক শিশু সাহিত্য হাজৰিকাই অসমীয়া সাহিত্যলৈ দান দি গৈছে। উল্লেখযোগ্য যে কেইবাবছৰো ধৰি হাজৰিকাই ‘দীপক’ নামৰ শিশু আলোচনী এখনৰ সম্পাদনা কৰিছিল।

 বৰ্ত্তমানলৈকে অতুল চন্দ্ৰ হাজৰিকাৰ প্ৰায় আঢ়ৈকুৰিৰো অধিক পুথি প্ৰকাশ পাইছে। আধুনিক অসমীয়া সাহিত্যলৈ ইমান অধিক সংখ্যক পুথি কোনেও দান কৰা নাই। বোধহয় বেজবৰুৱাৰ বহুমুখী সাহিত্য সম্ভাৰৰ অতুল চন্দ্ৰ হাজৰিকাৰ বহুমুখী সাহিত্য সম্ভাৰৰ তুলনাত সংখ্যা কম হ’ব।

 হাজৰিকাৰ সাহিত্য কৃতিৰ বেছিভাগেই হয়তো কালজয়ী হ;ব নোৱাৰিব; কিন্তু বৰ্ত্তমান সাহিত্যক পুষ্ট কৰাত আৰু সাধাৰণ পাঠকৰ সাহিত্যতৃষ্ণা দূৰ কৰাত যে হাজৰিকা সাহিত্যৰাজি প্ৰধান সহায়ক হৈছে সেই বিষয়ে কোনো সন্দেহ নাই।

 হাজৰিকাৰ ভাষাৰ গাঁঠনি নিভাঁজ অসমীয়াসুৰী। বাক্যৰ গাঠনি সৰল সহজ, জতুৱাঠাঁচযুক্ত। বেজবৰুৱা, বেণুধৰ শৰ্মা, সত্যনাথ বৰা আদি বিশেষ ৰীতিৰ গদ্য