পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শাস্ত্ৰীয় সংগীত আৰু অসম


সক্ষম হয়। এনেকৈ দুই-এগৰাকী অসমীয়া শিল্পীয়ে ব্যক্তিগত ভাৱে কৰা ব্যয়বহুল উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থাৰ বলতেই আৰু ভাৰতৰ নানা ঠাইৰ গুণী কলাকাৰ সকলৰ পৰা পোৱা প্ৰেৰণাতেই কৃতকাৰ্যতা লাভ কৰিছে। তাৰ বাবে অসম চৰকাৰে তথা অসমীয়া ৰাইজে বিশেষ একো অৰিহণা যোগোৱা নাই বুলি ক'লেও বেছি কোৱা নহয়।

 অসম চৰকাৰে লক্ষ্ণৌ, শান্তি নিকেতন আদি ঠাইত সংগীত শিক্ষাৰ বাবে বছৰি কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বৃত্তি দিয়াৰ দিহাও কৰিছে সঁচা। কিন্তু সৰহভাগ ক্ষেত্ৰতে এই বৃত্তিৰ বাবে উপযুক্ত অৰ্হতা থকা শিক্ষাৰ্থী আগবাঢ়ি অহা দেখা নাযায়। পঢ়া-শুনা আদি আন কোনো ক্ষেত্ৰতে একো কৰিব নোৱাৰা জনেহে এনেধৰণৰ বৃত্তিৰ বাবে আবেদন কৰে। তদুপৰি কোনো কালে সুস্থ সংগীতৰ পৰিবেশত থাকিবলৈ সুযোগ নোপোৱা বা উচ্চাংগ সংগীতৰ আও-ভাও নোপোৱা এজন শিক্ষাৰ্থীক চাৰি বা পাঁচ বছৰৰ বাবে বাহিৰলৈ বৃত্তি দি পঠিয়াই উচ্চ পৰ্য্য়ায়ৰ সংগীতজ্ঞ গঢ়ি তোলাৰ প্ৰয়াস কৰাটো গছত গৰু উঠাৰ দৰে কথা।

 অসমত সংগীতজ্ঞ বা সংগীত শিল্পী গঢ়ি তুলিবলৈ আমাৰ অসমতে উপযুক্ত পৰিবেশৰ সৃষ্টি কৰিব লাগিব। আৰু লগে লগে উন্নত ধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰি জনসাধাৰণক ইয়াৰ প্ৰতি সচেতন কৰি তুলিব লাগিব। বৰ্তমান আমাৰ অসমত সংগীত শিক্ষাৰ ভাল অনুষ্ঠান নাই বুলিলেই হয়। যি কেইখন আছে তাৰো পানীত হাঁহ নচৰা অৱস্থা। কেইখনমান সংগীত বিদ্যালয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে বিদ্যাপীঠ বা পুণাৰ গন্ধৰ্ব মহাবিদ্যালয় আদিৰ পৰীক্ষা লৈ ছাত্ৰ-ছাত্ৰীসকলক উপাধি আদি দিয়াৰো দিহা কৰিছে। পিছে দেখা গৈছে, সংগীত চৰ্চাৰ ব্যস্ততা সেইবোৰত নাই। আছে অযোগ্য ছাত্ৰ-ছাত্ৰীৰ উপাধি লাভৰ ব্যস্ততা। এইবিলাক অনুষ্ঠানে জনসাধাৰণৰ মাজত সংগীত প্ৰচাৰ কৰাটো মুখ্য বুলি ভবা যেন নেলাগে। ছাত্ৰ-ছাত্ৰীৰ পৰা বুজন ধৰণৰ ফিজ লৈ ব্যৱসায়িক ফালটো ঠিক ৰাখি পৰীক্ষাৰ ভেকো ভাওনা পাতি উপাধি বিতৰণ কৰাৰ ফলত আমাৰ অসমত দুখ লগাকৈ এশ্ৰেণী অসাৰ্থক সংগীত শিল্পীৰ সৃষ্টি হৈছে। এনে শিল্পীৰ সৰহ সংখ্যকেই ৰাগ পৰিবেশন কৰা দূৰৰ কথা সা’ৰ পৰা ৰে'ৰ দূৰত্বকে ভালদৰে বুজি নাপায়। এনেধৰণৰ সংগীত অনুষ্ঠানবিলাকে সংগীতৰ প্ৰচাৰৰ নামত বহুৱালিহে আৰম্ভ কৰিছে।

 অসমত সংগীতৰ উন্নতি সাধন কৰিবলৈ হ'লে সুপৰিকল্পিত এখন পূৰ্ণাংগ সংগীতানুষ্ঠানৰ দৰ্কাৰ। এই অনুষ্ঠানত উচ্চাংগ সংগীতৰ বাহিৰেও অসমৰ থলুৱা গীত-পদ, বৰগীত, সত্ৰীয়া নৃত্য আদিৰ গৱেষণা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা