সমললৈ যাওক

শব্দৰ এলজোলামবোৰ নৈঋতলৈ বুলি

ৱিকিউৎসৰ পৰা
[  ]

শব্দৰ এলজোলামবোৰ

নৈঋতলৈ বুলি....

পৰী পাৰবীন

[  ]
 

শব্দৰ
এলজোলামবোৰ
নৈঋতলৈ বুলি..

 

পৰী পাৰবীন

 

TECHNO ED
Publication
Guwahati-03

 

[  ] XOBDOR ALZOLAMBOR : NOIRITOLOI BULI:: An Assamese novel by Pari Parbin and published by Navajyoti Dev Choudhury on behalf of Techno Ed Publication, Guwahati.
RS.220/- Only



 
প্ৰকাশক
:

শ্ৰীনৱজ্যোতি দেৱ চৌধুৰী
টেক্‌নো এড পাব্লিকেচন।
পাঠশালা॥ গুৱাহাটী

 
প্রথম প্ৰকাশ
:
২০১৬
 
ISBN
:
978-93-81859-39-1
 
ডি.টি.পি/ডিজাইনিং
:

টেক্‌নো এড পাব্লিকেচন
গুৱাহাটী— ৭৮১ ০০৩
পাঠশালা— ৭৮১৩২৫

 
বেটুপাত
:
শ্ৰীবিশ্বজিত গগৈ
 
মূল্য
:

২০০.০০ টকা মাত্ৰ। (সাধাৰণ)
২২০.০০ টকা মাত্ৰ। (পুথিভঁৰাল)

 
মুদ্ৰণ
:

টেক্‌নো এড পাব্লিকেচন
গুৱাহাটী— ৭৮১ ০০৩

[  ]

 

অনুভৱৰ খেৰকুটা
 কঢ়িয়াই
  বুকুত
   এতিয়া
    হাজাৰটা
     টোকোৰা
চৰাইৰ বাহ

তাতে বান্ধো আঁহা
 আলফুলে
  নিঃশব্দে
   নিৰলে
    এমুঠি নীলা
     এমুঠি
সেউজীয়া হেঁপাহ

 

[  ]
 

॥ শুভেচ্ছা বাণী ॥

কাব্যিকতাৰ পৰশেৰে জীপাল শব্দাৱলী, ব্যঞ্জনাপূৰ্ণ অভিব্যক্তিৰে সিক্ত বাক্য-বিন্যাস, ছন্দোময় গদ্যশৈলী, হৃদয়স্পৰ্শী ভাষা আৰু অভিনৱ ৰচনা ৰীতিৰ সমাহাৰে ‘শব্দৰ এলজোলামবোৰ:নৈঋতলৈ বুলি’– উপন্যাসখনক সুখপাঠ্য কৰি তুলিছে।

পত্ৰৰ মাধ্যমেৰে হৃদয়ৰ ভাষা প্ৰকাশ কৰাৰ আমেজ মহঙা হোৱাৰ দিনত, যন্ত্ৰৰ দ্বাৰা মানুহ নিয়ন্ত্ৰিত হোৱাৰ যুগত এখন পত্ৰ-উপন্যাস লিখি উলিওৱাটো এক দুঃসাহস যেন লাগে। এনে দুঃসাহস সঁচাকৈ প্ৰশংসনীয়। ‘শব্দৰ এলজোলামবোৰ: নৈঋতলৈ বুলি’ অসমীয়া পত্ৰ-উপন্যাস সাহিত্যৰ নৱতম সংযোজন।

—প্ৰহ্লাদ চন্দ্ৰ তাছা
৮/৯/২০১৬

 

[  ]
 

উছৰ্গা

মোৰ বাবা মৰহুম ৱাজেদ আলি আৰু শহুৰ মৰহুম খিজিৰ উদ্দিন আহমেদ, যাৰ আধৰুৱা সপোনসমূহ পূৰণ কৰাৰ মানস বুকুত বান্ধি লৈ আগুৱাই যাবলৈ প্ৰেৰণা পাওঁ, তেওঁলোক দুয়োগৰাকীলৈ ‘শব্দৰ এজোলামবোৰ: নৈঋতলৈ বুলি’ উপন্যাসখন উছৰ্গা কৰিলোঁ।


-পৰী পাৰবীন

 

[  ]


॥ স্বগতোক্তি॥

 কলম হাতত লোৱা নাছিলোঁ কোনোদিনেই। শব্দবোৰে ভিতৰত গুজৰি-গুমৰি থাকিলেও উলিয়াই আনিবলৈ পৰিৱেশ, সময় আৰু তীব্ৰ আকাংক্ষাৰ অভাৱ বাৰুকৈয়ে আছিল। জীৱনত পোৱা-নোপোৱাৰ অংকৰ বাহিৰে বেলেগ অংকলৈ চকু দিয়া নাছিলোঁ। বস্তুবাদী পৃথিৱীত খাপ খোৱাৰ অহৰহ প্ৰচেষ্টাত ব্ৰতী আছিল জীৱনৰ অলেখ মূল্যৱান সময়। আশা-নিৰাশাৰ দোমোজাত, প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত জীৱনটো জুখি থাকোঁতে কেতিয়াবা ভাব হৈছিল মই যদি গান গাব জানিলোঁহেঁতেন নতুবা মই যদি আঁকিব পাৰিলোহেঁতেন, মই যদি নাচিব জানিলোহেঁতেন, মই যদি.....

 জীৱনৰ এটা কেঁকুৰি... ২০১৫ চনৰ বিশ চেপ্তেম্বৰ। স্কুলৰ সহপাঠী ঝংকাৰে দূৰে দূৰে থকা আমাৰ স্কুলীয়া বন্ধুবৰ্গক লৈ এটা হোৱাটচ-এপ গ্ৰুপ খুলিছিল। দহ-পোন্ধৰ বছৰৰ মূৰত যেন কৈশোৰহে ঘূৰাই পাইছিলোঁ। পুৰণি এলবাম উলিয়াইছিলোঁ, পুৰণা ডায়েৰী খুচৰিছিলোঁ। এখন এখনকৈ মেল খাইছিল মোৰ স্কুলীয়া জীৱনৰ কলমৰ শব্দৰ ভাণ্ডাৰসমূহ। হয়, স্কুলত থাকোঁতে লিখা অজস্ৰ কবিতাৰে মোৰ ডায়েৰীৰ পাত ভৰি আছিল। নিজকে কেতিয়া হেৰুৱাই পেলালোঁ মই — তেনে এটা দুখবোধে বুকুত বাহ সাজিলে। মই যে মোৰ হৈ নাথাকিলোঁ ইমানদিনে, কোনটো গলিত যে হেৰুৱাই থৈ আহিলোঁ মোৰ হেঁপাহৰ অনুভৱখিনিক! আহত হ’লোঁ কেনোবাখিনিত। নিজৰ অস্তিত্ব হেৰুৱাই পেলোৱা এগৰাকী নাৰী হোৱাৰ দুখবোধে মোৰ শিতানত ছটফটালে কেবাৰাতিও। কিবাকিবি পাবলগা আছিল, নাপালোঁ। কিবাকিবি ক’বলগা আছিল নক’লোঁ। কিবাকিবি দিব লগা আছিল, নিদিলোঁ। এনেকৈয়ে শেষ হৈ যাম মই? এনেকৈয়ে শেষ হৈ যাব নেকি মোৰ পৃথিৱীখন?

 ছবি আঁকিবলৈ তুলিকা বিচাৰিলোঁ, তুলিকাডালে কলমটো আঙুলিয়াই দিলে। গান গাবলৈ গীটাৰ বিচাৰিলোঁ, গীটাৰখনে কলমৰ ৰূপ ল'লে। নাচিবলৈ জুনুকা বিচাৰিলোঁ, জুনুকাবোৰ শব্দ হৈ কাণত বাজিল। কলমটো সংগত কৰিলোঁ। ভাষাবোৰ সজাই ল’লোঁ, শব্দবোৰক ৰং দিলোঁ। কিন্তু পঢ়িব কোনে? ‘অসমীয়াত কথা-বতৰা’ নামৰ ফেচবুকৰ গ্ৰুপটিত পোষ্ট কৰাৰ কথা ভাবিলোঁ। এজনে পঢ়িলে...দুজনে পঢ়িলে, উৎসাহ দিলে। তাতোকৈ ডাঙৰ কথা, মোৰ কাষৰ মানুহখিনিৰ বিভিন্ন পৰামৰ্শমূলক উদগণি। মাননীয়া পূৰৱী কোঁৱৰ বাইদেৱে ক’লে— ‘সৃষ্টিবোৰ মৰহিবলৈ নিদিবা।’ শ্ৰদ্ধাৰ লক্ষীনন্দন গগৈ ছাৰে ক’লে— ‘পাৰবীন, সময় নোহোৱাৰ অজুহাতত কলমটো স্থবিৰ হ’বলৈ নিদিবা।’ মাননীয়া সংগীতা বৰুৱা বাইদেৱে ক’লে—‘লিখি যোৱা।’

 ‘শব্দৰ এজোলামবোৰ:নৈঋতলৈ বুলি’ তেনে এক হেঁপাহৰে ফলশ্ৰুতি। এক নিটোল প্ৰেম কাহিনীৰ সমাপ্তিৰে কাহিনীটোৰ আৰম্ভণি। য’ত এটা সম্পৰ্কৰ মৃত্যু ঘটিছিল, তাত এটা কাহিনীৰ জন্ম হৈছিল। বুকুত আতোলতোলকৈ ৰোপণ কৰা হৈছিল শব্দৰ বীজ। শব্দৰে পাহৰিছিল তাইৰ বেথা। প্ৰত্যেক অনুভৱী নাৰীৰে অন্তৰত এগৰাকী ছায়া সোমাই আছে। মোৰ এই কাহিনীটো সেইসকল নাৰীলৈ উৎসৰ্গিত যিসকলে প্ৰেমৰ মহত্ব বুজি পায়, প্ৰেমৰ দলিচাখন মসৃণ নহয় বুলি জনাৰ পাছতো তাত খোজ পেলায় আৰু সজীৱ কৰি ৰাখে বুকুৰ ভিতৰৰ কঁইটীয়া গোলাপবোৰ।

 কেৱল খোৱা-পিন্ধাৰ চিন্তা কৰিবলৈ আমি কোনো অবোধ জীৱ নহয়; কেৱল ধন-সম্পদৰ চিন্তা কৰিবলৈ আমি ধনকুবেৰো নহয় বা কেৱল প্ৰয়োজনীয় কামবোৰ কৰিবলৈ আমি ৰবট নহয়। আমাৰ এখন হৃদয় আছে, হৃদয়ৰ টান আছে। মন গ’লে দিনটোৰ চৌবিশ ঘণ্টাৰ চৌবিশ ঘণ্টাই কাম কৰিব পৰাকৈ আমাৰ মনৰ জোৰ আছে আৰু মন নগ’লে দিনটোৰ চৌবিশ ঘণ্টাই শুই বহি কটাব পৰাকৈ আমাৰ মনৰ আহম্মক স্থিতিও আছে। মন আৰু মগজু একাকাৰ কৰিব পাৰিলেহে সৰলৰৈখিক হয় সৃষ্টিৰ কাৰককোৰ।

 ‘শব্দৰ এজোলামবোৰ:নৈঋতলৈ বুলি’— এই যাত্ৰাৰ কালছোৱাত মোৰ পৰিয়ালৰ, কৰ্মস্থলীৰ আৰু মোৰ বন্ধুবৰ্গৰ উৎসাহ-

 বাণী সদায়েই মনত থাকিব। বিশেষ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰকাশৰ দায়িত্ব মূৰ পাতি লোৱা টেক্‌নো এড পাব্লিকেচনৰ স্বত্ত্বাধিকাৰী নৱজ্যোতি দেৱ চৌধুৰী, দাদাপ্ৰতিম অগ্ৰজ ৰিংকুমণি কলিতা, আজিজ হাজৰিকা আৰু ইঞ্জিনিয়াৰ জাকিৰ হুছেইন দাদা, শ্ৰদ্ধাৰ শিক্ষাগুৰু প্লাৱন কাকতি ছাৰ আৰু ৰূপাঞ্জলি নাথ মেডামলৈ, সততে কৰি অহা ভুলবোৰ আঙুলিয়াই দিয়া বাবে প্ৰশান্ত কুমাৰ দত্ত আৰু দ্বিপম দিহিঙ্গীয়া ডাঙৰীয়ালৈ এই ছেগতে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাতৃপ্ৰতিম সহকৰ্মী বিশ্বজিৎ গগৈ, যি প্ৰথমৰে পৰাই প্ৰতিটো খণ্ড চালি-জাৰি চাই সমালোচনামূলক উপদেশ [  ] দিলে আৰু বেটুপাত ৰূপাংকৰৰ সমূহ দায়িত্ব গা পাতি ল’লে তেওঁলৈকো মোৰ অশেষ কৃতজ্ঞতা জনালোঁ।

 পাণ্ডুলিপিটো তন্নতন্নকৈ চাই বহুমূলীয়া পৰামৰ্শ আগবঢ়োৱাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক শ্ৰীপ্ৰহ্লাদ চন্দ্ৰ তাছা ছাৰলৈ এই ছেগতে অযুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 ‘ক’ৰ চুককেইটাক আকাৰ দিবলৈ শিকোৱা মোৰ জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী ‘মা’লৈ আৰু বাস্তৱ জীৱনত খোজ পেলাবলৈ সাহস দিয়া দাদালৈ এই আপাহতে মনত পেলালোঁ।

 সদৌ শেষত উল্লেখ নকৰিলে আধৰুৱা হৈ ৰ’ব যে শব্দৰ এজোলামবোৰ: নৈঋতলৈ বুলি’ পত্ৰ উপন্যাসখনৰ সমূহ সফলতা নিৰ্ভৰ কৰিছে পাঠকৰ সমাদৰৰ ওপৰত। শিকাৰু লেখিকাৰ এই শৈলীক পাঠকে কেনেদৰে সমাদৰৰ মাত্ৰা প্ৰদান কৰে তাৰ ওপৰতে উপন্যাসখনৰ মান্যতা নিৰ্ভৰ কৰিছে।

ধন্যবাদেৰে-
পৰী পাৰবীন

[  ]
 

॥ দ্বিতীয় সংস্কৰণৰ আগকথা...॥

 পাঠকৰ সন্তোষজনক সঁহাৰি আৰু দাবীয়ে ‘শব্দৰ এজোলামবোৰ’ক আকৌ এবাৰ ছপাশালৰ কাষলৈ লৈ গ'ল। প্ৰথম সংস্কৰণত ৰৈ যোৱা কিছু ভুল ত্ৰুটিক শুদ্ধ আৰু মসৃণ ৰূপত পাঠকৰ হাতত তুলি দিয়াটোৱেই দ্বিতীয় সংস্কৰণৰ মূল লক্ষ্য।

 চেনেহৰ মৌচুমী বৰি বাইদেউ আৰু ভাইটি খনিন্দ্ৰ ভূষণ মহন্তই অত্যন্ত ব্যস্ততাৰ মাজতো এইবাৰো বৰ্ণাশুদ্ধিৰ বাবে যিখিনি কৰি দিলে, তাৰ বাবে কেৱল এটা ধন্যবাদেই হয়তো যথেষ্ট নহ’ব। আজীৱন ঋণী হৈ ৰ’লোঁ তেওঁলোকৰ প্ৰতি।

ধন্যবাদেৰে—
পৰী পাৰবীন

 

[ ১০ ]
 

॥ প্ৰকাশকৰ কাপেদি...॥

 এটা সম্পৰ্কৰ য’ত মৃত্যু হৈছে তাতেই আৰম্ভণি হৈছে ‘শব্দৰ এজোলামবোৰ: নৈঋতলৈ বুলি’ পত্ৰ-উপন্যাসখনৰ কাহিনীভাগ। ছায়াৰ স্বৰ্গীয় প্ৰেম, ত্যাগ, একাকী মাতৃত্ব...নৈঋতৰ প্ৰেম, আইনী প্ৰতিবন্ধকতা... আৰু ইকবালৰ বন্ধুত্বৰ মাজেদি এটা সম্পৰ্কক আৱেগিকভাৱে পত্ৰৰ জৰিয়তে উপস্থাপন কৰি মিলনাত্বকভাৱে যৱনিকা পেলোৱা উপন্যাসখনত লেখিকাৰ কাব্যিক ৰসোপূৰ্ণ বৰ্ণনা, সুন্দৰ শব্দচয়ন, ব্যঞ্জনাপূৰ্ণ অভিব্যক্তি, হৃদয়স্পৰ্শী ভাষা আৰু অভিনৱ ৰচনাশৈলীৰ সমাহাৰে উপন্যাসখন অধিক সুখপাঠ্য কৰি তোলা বুলি দাবী কৰাৰ আমাৰ যথেষ্ট থল আছে।

 আমি আশাবাদী। স-হৃদয় পাঠক সমাজে ‘শব্দৰ এলজোলামবোৰ: নৈঋতলৈ বুলি’ পত্ৰ-উপন্যাসখন আঁকোৱালি ল’ব আৰু আমাৰো শ্ৰম সাৰ্থক হ’ব।

—শ্ৰীনৱজ্যোতি দেৱ চৌধুৰী
প্ৰকাশক

 

[ ১১ ]
 

‘শব্দৰ এলজোলামবোৰঃ নৈঋতলৈ’ বুলি উপন্যাসখনৰ কাহিনী, পৰিবেশ আৰু চৰিত্ৰসমূহ সম্পূৰ্ণ কাল্পনিক। কাৰোবাৰ বাস্তৱ জীৱনত ঘটনাপ্ৰবাহৰ সাদৃশ্য থাকিলে লেখিকা দায়বদ্ধ নহয়।

—পৰী পাৰবীন

 

[ ১২ ] ছায়াৰ চিঠিৰে....

(১)

নৈঋত তোমালৈ বুলি...

 মনত পৰেনে নৈঋত, ন-বজালৈ শুই নুঠা ছোৱালীজনী, এক ফাৰ্লং বাট খোজকাঢ়ি বেয়া পোৱা ছোৱালীজনীক তুমি যে এদিন এটা প্ৰস্তাৱ দিছিলা—
 ‘ব’লা.. তোমাৰ কাৰণে ট্ৰেকচুট এযোৰ কিনো।’
 ‘কিয়?'— বিস্ফাৰিত মোৰ দুনয়ন।
 ‘কিয় মানে? জগিং কৰিবা।'— তুমি কৈছিলা।
 ‘মই অভাচাইজ্‌ড নেকি?’— মোৰ মৃদু আপত্তি।
 ‘নহয়। কিন্তু এতিয়াৰ পৰাই মেইনটেইন কৰিলেহে ধুনীয়াজনী হৈ থাকিবা।’ — তোমাৰ বুজনি।
 ‘সেইটো বাৰু ঠিক, কিন্তু ৰাতিপুৱা শুই উঠিম কেনেকৈ? আৰু জগিং?' নোৱাৰিম দেই।’— মই আকৌ আপত্তি দৰ্শালোঁ।
 ‘চোৱা, মই কিবা এটা ভাবি ক'লোঁ, তুমি নামানিলে উপায় নাই। ৰাতিপুৱা চাৰি বজাতে তোমাক লগ পাম। গোটেই চহৰখন দৌৰিম, দিনটোলৈ সতেজতা। মন নাযায় তোমাৰ?'– অভিমান মিশ্ৰিত তোমাৰ অনুৰোধ।  মন যায়। কিয়নো নাযায়?
 প্ৰতিনিয়ত তোমাৰ ওচৰতে যে থাকিবলৈ মন যোৱা সময় আছিল সেয়া! প্ৰিয়পুৰুষ মোৰ জীৱনৰ। প্ৰিয়জনৰ দাবীত বিদূৰ মোৰ পুৱাৰ চিকুণ টোপনি৷ চাৰি বজাতে নীলৰঙী ট্ৰেকচুট পিন্ধি ওলাই যাওঁ দিনটোৰ সতেজতা আনিবলৈ। পুৱাৰ ৰ'দজাক আৰু কাষত মনৰ মানুহ— দুয়োটাৰ উমাল হেঁপাহেৰে দিনটোলৈ বন্দী হৈ থাকোঁ মই। মনত আছেনে তোমাৰ নৈঋত?
 এই যে মনৰ মাজত এটা গান গুণগুণাই থাকোঁ, কবিতা কবিতা যেন সময়বোৰত সোমাই থকা দাপোণখনৰ সলাজতা, দিনটোৰ কৰ্মব্যস্ততা সামৰি কঢ়িয়াই ফুৰা চিনাকি ঠিকনা, তাতেই মই সুখী আছিলোঁ৷ বৰ সুখী আছিল মোৰ সৰু পৃথিৱীখন। একো আবদাৰ নোহোৱা মৰমৰ বুলনি। হেঁপাহৰ উক্‌মুকনিত ধৰফৰাই ৰোৱা নিশাটো... তোমাৰ এটা ফোনকল বা মেছেজত পাৰ কৰি দিয়া সমগ্ৰ নিশাটো। সাৰে থাকোঁ প্ৰায়ে। তোমাৰ মৌন ওঁঠৰ ভাষাত কেতিয়াবা ৰাতিটো উজাগৰে কটাই চাৰি বজাতে দৌৰো বাটৰ ভাঁজে ভাঁজে। মনত পৰেনে তোমাৰ?
 কি সাজে শুৱাব মোক বুলি সোণাৰুৰ হালধীয়া, কেতিয়াবা আকাশৰ নীলাখিনি মেৰিয়াই ওলাই যাওঁ দিনটোলৈ৷ আকৌ তোমাৰ ওচৰলৈকে। তোমাৰ সংগৰে বৰ অহংকাৰী হৈ উঠিছিল মোৰ হৃদয়ৰ মণিকোঠ। চাহ গছৰ মাজে মাজে, কেতিয়াবা নাহৰৰ ছাঁত, কেতিয়াবা কফি হাউচত বিদায় লৈ গুচি আহোঁ নিজৰ ক্ষুদ্ৰ পৃথিৱীখনলৈ ৰাতিটোৰ স’তে কথা পাতিবলৈ। একো দাবী নাছিল জানানে মোৰ? কপালখন ৰঙা কৰোঁ বুলি অভিমানৰ আবদাৰ তুলি এদিনেই তোমাৰ কাষত থিয় হৈছিলোঁ, তোমাৰ নিৰুপায়তাত ধৰ্ ফৰাই উঠিছিল মোৰ নাৰী মন। তোমাৰ জীৱনলৈ অনাধিকাৰ প্ৰৱেশৰ বাসনা এৰি দিছিলোঁ সেইদিনাই। তুমি যে বিবাহিত! ফাগুনৰ শিমলুজোপাৰ ছাঁতে ৰৈ আকাশত জুইফুল চোৱাৰ দিনাই তোমাৰ স’তে হৃদয়ৰ বিনিময়। হিচাপৰ অমিল নাছিল তেতিয়াও। বৰষুণৰ নূপুৰ বাজে, ৰ'দৰ ফুল ফুলে, বতাহত সুগন্ধি বিয়পে। সেই বাটৰ ভাঁজে ভাঁজে দৌৰি দৌৰি পাৰ হয় পুঁৱতি সময়বোৰ। অফিচলৈ গাড়ীত পাপনৰ প্ৰিয় গানৰ তালে তালে কালৈকো কেৰেপ নকৰাকৈ ঘণ্টাত এশ-এশ বিশ কিলোমিটাৰ গতিবেগত চলি থাকে মোৰ মনৰ চকা। তোমাৰ মৃদু ভৰ্ৎসনাত কেতিয়াবা তীব্ৰ বিষাদৰ গান, দুখৰ উজাগৰী ৰাতি, পিছদিনা পুৱাই নিলাজী বনৰ দৰে নীলৰঙী ট্ৰেকচ্যুটৰ মাজত বাটৰ ভাঁজে ভাঁজে ঘূৰি ফুৰা মোৰ ভূ-মণ্ডল। হিচাপৰ অমিল তেতিয়াও নাছিল জানানে? [ ১৩ ]  সেই যে ফাগুন ওভতাৰ নিশা তুমি আহিছিলা হৃদয়খন লঠঙা শিমলুত এৰি থৈ, বৰষুণ আছিল সেইদিনা। সেইদিনাই হিচাপৰ অমিল হৈছিল আমাৰ। তুমি আহিছিলা জেতুকাবুলীয়া কপালৰ সপোন নেওচি, তিনি বছৰীয়া ভালপোৱাৰ দাবীৰে এনিশা কটাওঁ বুলি। সুখবোৰ হাতৰ ফাকেৰে সৰকাই তুমি আহিছিলা আকাশ ভাঙি পৰাৰ দিনা।
 নৈঋত, ইমান আধুনিকা আছিলোঁ নেকি মই? ইমান আধুনিক আছিল নেকি আমাৰ সম্পৰ্ক? ইমান মিছা আছিল নেকি সেই সম্পৰ্কৰ ভেটি যিহৰ ওপৰত সগৰ্বে থিয় দি আছিল মোৰ নাৰীত্ব, মোৰ অহংকাৰ?
 এটা কঠিন প্ৰশ্ন এৰি তুমি গুচি গৈছিলা। বাহিৰত তেতিয়া বাউলী প্ৰকৃতি। নৈঋত, মই বাৰু নিজৰ ওচৰতে ঠগ খালোঁ নেকি?
 এতিয়া চাৰি বজাত মই বিচনাত থাকোঁ, নীলৰঙী ট্ৰেকচ্যুটযোৰ এতিয়া এলাগী। ধুনীয়াজনী হৈ থকাৰ সপোনত ধূসৰতা। অহংকাৰশূন্য পৃথিৱী। মই যে এতিয়া অহল্যা। এচটা শিল মাথোঁ। তথাপি অপেক্ষাৰতা। যুগ- যুগান্তৰৰ.... জন্ম-জন্মান্তৰৰ।

—তোমাৰ ছায়া।


⸺⸺

(২)

নৈঋত তোমালৈ বুলি....
 এম.বি.এৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিলোঁ নেকি মই? ভাৰ্ছিটি সপ্তাহ বাৰুকৈয়ে লাগিছিল। নৈঋত, তোমাক সেইদিনাই লগ পাইছিলোঁ। ইংৰাজী সাহিত্যৰ অধ্যাপক তুমি। ভাৰ্ছিটি সপ্তাহৰ সাংস্কৃতিক বিভাগৰ দায়িত্বতো আছিলা আৰু আমি আছিলোঁ জাকি মাৰি উৰি ফুৰা ৰাংঢালী পখিলী, সমাজৰ দায়িত্ববোধৰ বাহিৰৰ এখন জগত। জীনচ্-কূৰ্তি পৰিহিতা আমাক তুমি সুধিছিলা—
 ‘কোন ডিপাৰ্টমেণ্টৰহে তোমালোক? কালচাৰেল প্ৰগ্ৰেমত কৃষ্টিগত সাজ-পাৰ পিন্ধি আহিবা। এই গেট আপ নচলিব সেইদিনা।’
 তোমাৰ চকুযুৰিলৈ চাই ৰৈছিলোঁ। তেজাল উদ্দীপ্ততাৰে তিৰবিৰাই থকা চকুযোৰ। কালচাৰেল প্ৰগ্ৰেমত উপস্থিত থকাৰ একো প্লেন তেতিয়ালৈকে নাছিল যদিও তোমাৰ কথাষাৰ বাৰুকৈয়ে শিপাইছিল। লগৰ মেঘালীক কলোঁ—
 ‘কল্পতৰুৰ পৰা আহোঁগৈ ব’ল।’
 ‘হঠাৎ কল্পতৰু? কি কিনগৈ?— মেঘালী আচৰিত।
 ‘কাপোৰ এযোৰ চাই আহোঁ বল।’
 মনত আছেনে নৈঋত, সেই সাংস্কৃতিক সন্ধ্যা নিয়ন লাইটৰ মাজত হালধীয়া কাপোৰযোৰেৰে মই তৰা হৈ ৰৈ থাকোঁতে তুমি মোলৈ চাই ৰৈছিলা। সেই মুহূৰ্তটো.. বুকুৰে সৰকি যোৱা সেই মুহূৰ্তটো মোৰ তিনিবছৰীয়া এলবামৰ প্ৰথম ছবি। আজি আকৌ লুটিয়াই চাইছোঁ এবাৰ। তোমাৰ বাৰু মনত আছেনে নৈঋত?
 আকৌ এটা উজাগৰী ৰাতি...। যোৱা ৰাতি, বৰষুণৰ ৰাতি। তোমাৰ চকুত হয়তো হেঁপাহৰ টোপনি। অভিমানৰ সেই নিশাটিত তুমি মোৰ ওচৰৰ পৰা আঁতৰি অহাৰ পাছত, মই নিজকে চম্ভালিব নোৱাৰাৰ সময়তে তোমাৰ নাম্বাৰটো ডায়েল কৰিছিলোঁ, নাজানা চাগৈ তুমি! পাছদিনাও মই তোমাৰ ডিপাৰ্টমেণ্টৰ সন্মুখত গাড়ীখন ৰখাই বহুত দেৰি ৰৈ আছিলোঁ, জানোছা তোমাক দেখা পাওঁ। এই যেন তুমি ওলাই আহি ক'বা— ‘ছায়া আগবাঢ়া, মই গাড়ীখন ঘৰত থৈ আহোঁ’ বুলি। অভিমানৰ আউল ভাঙিলাই যেনিবা এবাৰ, তাতনো কি ক্ষতি হ'লহেঁতেন তোমাৰ? মই যে তোমাৰ [ ১৪ ] অভিমান ভাঙিবলৈ কিমানবাৰ দৌৰি দৌৰি তোমাৰ ওচৰ পাইছিলোঁগৈ মনত নাই তোমাৰ?

 কাক যে সোধোঁ তোমাৰ খবৰ! ৰ'দে আনে তোমাৰ মাইগ্ৰেনৰ খবৰ, বৰষুণে আনে তোমাৰ নিহালীৰ উমৰ খবৰ। কি কৰোঁ মই...? সকলো জানি-শুনিয়েতো তৰোৱালৰ ওপৰেদি বাট বুলিছিলোঁ সেই হাটৰ বাটত, যিখন হাটত বৰ সস্তাত বিক্ৰি হৈ গৈছিল মোৰ হৃদয়খন। হতাশাৰ আকাশখন মূৰৰ ওপৰত লৈ মাজৰাতি চকুপানীৰে যেতিয়া শব্দৰ এলজোলাম গিলিছিলোঁ, জ্বলি জ্বলি সোণ হোৱা মোৰ সোণালী কলমটোত এপিয়লা নীলা ভৰাই লৈ হুমুনিয়াহবোৰ আঁকি গৈছিলোঁ তুমি উপহাৰ হিচাপে দিয়া কলপতীয়া ডায়েৰীখনত। ভাগ্যৰ কি পৰিহাস চোৱা নৈঋত! সেই পাখি-লাহী দিনবোৰতে তোমাৰ কক্ষপথৰ পৰা বিচ্যুত হোৱাৰ আশংকাত কেনোবা দুৰ্বল মুহূৰ্তত কৈছিলোঁ, ভিৰৰ মাজত অকলে এৰি থৈ নাযাবা বুলি? আজি মই অহংকাৰ কৰি ক'ব পাৰোঁ, মোৰ শব্দবোৰেৰে তোমাৰ অকলশৰীয়া মুহুৰ্তবোৰ ভিৰ কৰি ৰাখিব। আৰু তাতেই মোৰ সাৰ্থকতা। মৌনতাৰ কোলাহল সহিব নোৱাৰি তুমি আকৌ সেই নাহৰজোপালৈ বাট বুলিবা। তাতেই মোৰ সাৰ্থকতা, জানানে তুমি? পখিলাৰ পৰা লেটালৈ সোমোৱা মোৰ জীৱন চক্ৰত তুমি সানি দিয়া অনুভূতিবোৰেই মোক সাহস দিব। তোমাক হেৰুওৱাৰ দুখতকৈ তোমাক ওচৰত পোৱা সময়ৰ সুখখিনিয়ে আজীৱন মোৰ বুকু ভৰাই ৰাখিব। আৰু সেইটোও মোৰ সাৰ্থকতা।

—তোমাৰ ছায়া


(৩)

নৈঋত তোমালৈ বুলি....

 নৈঋত তুমিতো জানাই, সৰুৰে পৰা কিমান খেয়ালী মনৰ আছিলোঁ মই। দেউতাক দেখা মনত নপৰে আৰু মায়ে গালি দিয়াও মনত নপৰে। সেই যে সৰুতে বেলিটো মূৰতে লৈ বৰশী টোপাবলৈ গৈছিলোঁ লগৰবোৰৰ স’তে, পাছৰ জীৱনতো সেই অভ্যাস এৰিব নোৱাৰিলোঁ। দাদাই কিনি দিয়া কেমেৰাটোৱে পাছলৈ মোক আৰু খেয়ালী কৰি তুলিছিল। ল’ৰা আৰু ছোৱালীৰ পাৰ্থক্য বুজা পৰিৱেশ এটা ঘৰত নাপালোঁৱেই কেতিয়াও।
 সেই কাৰণেই নেকি নৈঋত, এই পৃথিৱীখনলৈ কেৰেপ কৰা নাছিলোঁ কেতিয়াও। গান, পাৰ্টি, চিনেমাৰে মাজৰাতি ইউনিভাৰছিটি হোষ্টেলৰ ৰূম জীৱন্ত কৰি ৰখা সময়খিনিতো ভবা নাছিলোঁ মৰমৰ শিকলিডালেৰে কোনোবাই মোক এনেকৈ বান্ধি পেলাব বুলি। বৰ ভাল পাই পেলাইছিলোঁ তোমাক আৰু সেই ভালপোৱাই মোৰ জীৱনৰ কেঁকুৰি সলোৱা প্ৰথমটো বিন্দু।
 তোমাৰ কলিজাৰ তেজেৰে শিৰ বুলোৱাৰ সপোন জাগি উঠা সময়ত বহুতবাৰ তোমাৰ নাম্বাৰ ডায়েল কৰিছিলোঁ। মোৰ অজস্ৰ ফোনকলত তুমি কেতিয়াও সঁহাৰি নিদিলাই। কেনেকৈ পাৰিছিলা নৈঋত তুমি? চিনাকি নাম্বাৰটোৱে তোমাৰ বুকুত এধানমানো খুন্দা মৰা নাছিল নে? মেছেজ বক্সত তোমালৈ কিবা এটা লিখোঁ, কাটোঁ, আকৌ লিখোঁ, পঠিয়াই দিওঁ, বাৰ্তাবোৰ চকুপানী হৈ মোলৈকে ঘূৰি আহে। তুমি ইমান নিৰুত্তৰ, নিমাত, নিৰুপায়। তেনে এক সময়তে মোৰ খেয়ালী মনে মগজুলৈ এজোলোকা তেজ কঢ়িয়াই আনিছিল। কি কৰিছিলোঁ জানানে মই?
 তুমি এৰি থৈ যোৱা প্ৰথমটো ব'হাগ। নৱবৰ্ষ। বৃহস্পতিবাৰ। মোৰ জীৱনৰ কেঁকুৰি সলোৱা আনটো বিন্দু। আমাৰ সেই চিনাকি আপোন বাটটোৰে সোমাই মন্দিৰত বহি ৰৈছিলোঁ বহুত পৰ। ব’হাগৰ প্ৰথম বৰষুণজাকৰ নূপুৰত সোমাই থকা নৈশব্দৰ সমদল। মই কান্দিছিলোঁ নেকি? পূজাৰীজনে মোক লক্ষ্য কৰি আছিল, সুধিলে—
 ‘কি হ’ল আই?
 ‘মই সেন্দুৰ পিন্ধিব বিচাৰোঁ।’— মই কৈছিলোঁ।
 ‘ঠিক আছে, আহিবা দুয়োজন।’
 ‘নহয়, তেওঁ নোৱাৰে আহিবলৈ। তেওঁৰ নামত মই নিজে পিন্ধিব বিচাৰিছোঁ। এই মন্দিৰক সাক্ষী কৰি, সাক্ষী কৰি।’
 পূজাৰীজনৰ চকুত বিস্ময়, লগতে মোৰ আকুলতাক উপেক্ষা কৰিব নোৱাৰাৰ অসহায়তা। সেইদিনাই [ ১৫ ] জানানে নৈঋত, সেইদিনাই মই মোৰ কপালখনত এপাহি ৰক্তজবা আঁকি লৈছিলোঁ। চূড়ান্ত বলিয়ালি আছিল, নহয়নে নৈঋত? অপৰিণীতা যে মইঙ্গ পৃথিৱীলৈ প্ৰশ্ন কিছুমান দলি মাৰি মই সিদিনাৰে পৰা সেইটো ৰূপেই গ্ৰহণ কৰি আহিছোঁ। ক’বলৈ যে কোনো নাছিল। নিয়মৰ শিকলিডাল যে ভৰিত কোনেও বান্ধি নিদিলে। ভিডিও কলত দেখা পাই মায়ে এদিন সুধিছিল।

‘মা এইটো ফেশ্যনত মোক ভাল লাগে বুলি কৈছে সৱে। তুমি বেয়া পাইছা নেকি দেখাত?'—মই উত্তৰ দিছিলোঁ।
ফোনটো কাটি দিছিলোঁ। মই মাক ক'ব নোৱাৰিলো চিটিপনি এছাৰিৰে মনটো শাসন নকৰিলাই যেতিয়া মা,মইনো কেনেকৈ শাসন কৰোঁ এই দুৰ্বল সময়ছোৱাত।
আজি তোমাক লগ নোপোৱা দুমাহ হ’ল। নিদ্ৰাহীনতাৰ দুমাহ, দুখৰ স'তে সহবাস কৰাৰ দুমাহ, অভিমানৰ দুমাহ, হতাশাৰ দুমাহ। তাৰ মাজতো ফুলি আছিল খেয়ালী মনৰ এপাহি ৰক্তজবা আৰু কেইটামান প্ৰশ্নবোধক চিন। নৈঋত জানানে তুমি, তথাপিও মই মূৰ দোৱাই খোজ কাঢ়িবলৈ নিশিকিলোঁ। তোমাৰ মৰমেৰে বলীয়ান মোৰ শৰীৰ মন। সেইবাবেই ৰাতিপুৱাই কপালত, ওঁঠত তোমাৰ কলিজাৰ ৰং সানি, চকুত কাজল, গাত নীলা কূৰ্তিটো বা আঁচলেৰে মেৰিয়াই লোৱা সোণাৰু ৰূপী সাজযোৰৰ মাজত মূৰ তুলি পৃথিৱীৰ প্ৰশ্নবোৰ এটা এটাকৈ ওফৰাই যাওঁ৷ মোৰ মনোবল ক’ত হাৰি যায় জানানে? কফি হাউচৰ সেই ল'ৰাটোৰ চকুত মোৰ মনোবল একেবাৰে ভাঙি যায় নৈঋত। বৰ অসহায় অসহায় লাগে তেতিয়া।
তুমি যদি এবাৰ আহি সুধিলাহেঁতেন মই কেনেকৈ আছোঁ, এবাৰ যদি আহি মোকলাই দিলাহেঁতেন বন্ধকী হৃদয়। হাৰি যাওঁ মাজে মাজে। মুখত প্ৰসাধনৰ প্ৰলেপ লেপি, গাত তোমাৰ প্ৰিয় পোছাক পিন্ধি বাহিৰত যিমানেই সুখী নহওঁ কিয়, মইতো মইয়েই, ভিতৰখন শূন্য আকাশৰ দৰে, বালিৰ ঘৰৰ দৰে, সৰি পৰা তাচপাতৰ দৰে...।
উজাই অহা বুকুৰ বিষটোৱে বৰকৈ আমনি কৰিছে। প্ৰিয় পুৰুষৰ মাজত সপোনৰ ৰাজকুমাৰ বিচাৰি হাহাকাৰ কৰি উঠে বুকুখন। সেইযোৰ চকুত যে পলৰীয়া চাৱনি বৰ অসহ্যকৰ, বৰ অসহ্যকৰ।

-তোমাৰ ছায়া

⸻⸻

(8)

নৈঋত তোমালৈ বুলি....

ছফুটীয়া ঋজু দেহাটিলৈ বৰ হেঁপাহ জাগে কেতিয়াবা। এই যেন দৌৰ মাৰি বুকুত সোমামগৈ, ভুকুৱাই ভুকুৱাই সুধিম কলৈ গৈছিলা?... কিয় গৈছিলা?... আহিবা এবাৰ।.... চাই যাবাহি কেনেকৈ উকুলি-মুকুলিকৈ নিচুকাওঁ মোৰ অবুজ হৃদয়। বহুত কথা যে ক’বলৈ থাকি গ'ল, বহুত কথা সুধিবলৈও থাকি গ'ল।
ফাইনেল পৰীক্ষাৰ কেইদিনমান আগৰ কথা। তোমাক লগ পোৱা দ্বিতীয়টো দিন। অফ পিৰিয়ডত লাইব্ৰেৰী খুচৰি থকাৰ সময়তে তুমি সোমাই আহিছিলা। মোক দেখি আচৰিত হৈছিলা নেকি তুমি? সুধিছিলা মোক
‘ছায়া দেখোন। কি কিতাপ লৈছা?’
তোমাৰ মুখত নিজৰ নামটো শুনি বৰ ভাল লাগিছিল মোৰ। নিজৰ বিভাগৰ জাক জাক ল'ৰা ছোৱালীৰ মাজতো তুমি মোৰ নামটো যে পাহৰি যোৱা নাছিলা! তুমি সুধিছিলা মোক— ‘দেওবাৰে ফ্ৰী আছা নেকি' বুলি।
পৰিৱেশ দিৱসৰ কাৰণে এটা চিত্ৰাংকন প্ৰতিযোগিতা পাতিবলৈ লৈছা। মই উপস্থিত থাকিব পাৰিম নেকি সুধিছিলা। কিবা এক বুজাব নোৱৰা সন্মোহনেহে টানিছিল যেন। পাছদিনা জমা দিবলগা মোৰ প্ৰজেক্টটোৰ কথা [ ১৬ ] পাহৰি মই একেবাৰতে হা কৈ দিছিলোঁ। এইবিলাক সামাজিক কামত লাগি থকা স্বভাৱটোৱে মোক তোমাৰ সুন্দৰ

চেহেৰাটোৰ আঁৰৰ সুন্দৰ মনটোৰ পৰিচয় দি গৈছিল। জীৱনটো বিলাসিতাৰে উপভোগ কৰিম বুলি ভবা ‘মই’জনী জীৱনৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিলোঁ সিদিনাই।

 ফাইনেল পৰীক্ষাৰ ৰিজাল্ট আনিবলৈ যোৱাৰ দিনা মই তোমাক এবাৰ লগ কৰাৰ সিদ্ধান্ত ল'লোঁ। এই যে ইয়াৰ পৰা ওলাই যাম, প্ৰতিযোগিতাৰ বাটত দৌৰিবলৈ আৰম্ভ কৰিম, কোনে জানে, ইয়াৰ সমাপ্তি কত? লগ পামনে আকৌ সেইখিনি সত্তা, চকু মুদিলেই যাৰ অস্তিত্বই প্ৰেৰণা ছটিয়াই যায়? তুমি মোক ভৱিষ্যতৰ পৰিকল্পনা সুধিছিলা। মই কৈছিলোঁ সেই সৰুকালৰে পৰা বাহিৰৰ পৃথিৱীখনে হাত বাউল দি থকাৰ কথা। লগৰ মেঘালীহতঁৰ স’তে ওলাই যোৱাৰ কথা। আকৌ তোমাৰ সেই অনিমেষ চাৱনি, ‘যোৱা। কীপ ইন টাচ্চ...।’

 সেই যে বাংগালোৰত ভৰি দিয়াৰ কেইদিনমান পাছতে তুমি কল কৰিছিলা—

 ‘ছায়া, গেছ ক্ৰেকাৰত মেনেজমেণ্টৰ পোষ্ট ওলাইছে, এপ্লাই কৰা।

 তুমি যেন মোৰ পথ প্ৰদৰ্শক হৈহে আহিছিলা জীৱনলৈ। লগৰখিনিয়ে বাধা দিছিল। মোৰ বুজাবলৈ, বুজিবলৈ সময় নাছিল? একো নভবাকৈয়ে ওভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়লৈ— তোমাৰ দুচকুৰে পোহৰাই তোলা বাটলৈ। মনত পৰেনে নৈঋত, মোৰ জীৱনৰ প্ৰথম চাকৰিটোত মোতকৈ হাজাৰ গুণ আনন্দ পাইছিলা তুমি।

 চাকৰিত জইন কৰাৰ পাছৰটো দেওবাৰত তুমি ঘপহকৈ ফোন কৰিছিলা—

 ‘ছায়া, তোমাৰ ৰূমৰ ওচৰতে আছোঁ, আহিবা নেকি ওলাই?

 ময়ো একো নভবাকৈ সোণালী কাপোৰযোৰ মেৰিয়াই ওলাই আহিছিলোঁ, তুমি তেতিয়া তোমাৰ গাড়ীত ভেজা দি ৰৈ আছিল। মোৰ গাত যেন তৰাহে বৰষিছিল। তুমি চাৱনিৰে মোক গোটেইজনী গিলি পেলাইছিলা। মই সেই তীক্ষ্নতা সহিব নোৱাৰি কুমজেলেকুৱাটোৰ নিচিনা লেতু-সেতু হৈ বহি ৰৈছিলোঁ। তুমি কেমেৰাটো উলিয়াই লৈছিলা। স্নেপ লৈছিলা বেলেগ বেলেগ এংগোলত। গোটেইবোৰ স্নেপ এতিয়াও আছে জানানে নৈঋত? এয়া মোৰ জীৱনৰ অন্য এক ৰং। মচি দিব নোৱাৰোঁ। এনেকুৱা মুহূৰ্ত মোৰ জীৱনলৈ অহা নাছিল। মই তোমাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ নেকি বাৰু? মই নাজানিছিলোঁ। ৰাতি তুমি ফোন কৰিছিলা। ভালপোৱাৰ নিচা তোমাৰো লাগিছিল। কিবাকিবি সুধি আছিলা, কৈ আছিলা। ইমান উৎপতীয়া আছিলানে তুমি? ইংৰাজী অধ্যাপকৰ সেই গহীন ৰূপটোৰ স'তে আকাশ-পাতাল পাৰ্থক্য। মোৰ ফালৰ পৰা মৃদু ধমকি, নৱমমানৰ ছাত্ৰ বুলি ঠাট্টা। তোমাৰ বৰ খং উঠিছিল, ফোনটো কাটি দিছিলা। কৈছিলা, কাইলৈৰ পৰা মোক নেদেখিবা বুলি। ইমান অধিকাৰবোধ তোমাৰ! কিমান আপোনত্বত জাগে এই অধিকাৰ? মোৰ সমগ্ৰতাখিনিত তুমি নিজৰ অধিকাৰ বজাবলৈ পূৰামাত্ৰাই চেষ্টা চলালা।

 মেঘালীলৈ ফোন কৰিলোঁ। কৈছিলোঁ তাইক মোৰ জীৱন সলাবলৈ ধৰা কেঁকুৰিটোৰ কথা। তীব্ৰ ভৎৰ্সনাৰে চিঞৰি উঠিছিল তাই-

 ‘ছায়া বি প্ৰেক্টিকেল, হি ইজ আ্যা মেৰিড মেন...। তই যিমানে আপ টু ডেট আউটলুক নিদিয় কিয়, মই জানো, য়ু আৰ ভেৰী ইন’ছেন্ট ইনচাইড। কাঁইটীয়া ৰাস্তা এইটো। আঁতৰি আহ। নোৱাৰিবি তই।’

 মনৰ লগত সম্পৰ্ক নাথাকিলেহে এনেকৈ কোৱা যায়। ময়োতো এনেকুৱা উপদেশ কলেজ জীৱনত বহুতক দি আহিছোঁ। কিন্তু এই সময় আৰু সেই সময়ৰ মানসিক ভেঁটি একে নহয় বুজি উঠিছিলোঁ।

 একো সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। মনটো অলপ চিজিল লগাওঁ বুলি দিনৰ বাছত মাৰ ওচৰলৈ ঢাপলি মেলিছিলো। কাণত জগজিৎ সিঙৰ গজল আৰু হাতত খুচৱন্ত সিঙৰ ‘ট্ৰেইন টু পাকিস্তান’ কিতাপখন লৈ যাত্ৰাটো ৰোমাঞ্চকৰ কৰাৰ চেষ্টা কৰিছিলোঁ। জীৱনটোক অলপ অকলে ওচৰৰ পৰা চোৱাৰ বৃথা চেষ্টা। তুমিতো বাৰে বাৰে ফোন কৰি আছিলাই, ক’ত পাইছোঁগৈ, কিবা খাইছে নে নাই... ইত্যাদি ইত্যাদি। বৰ ভাল লাগিছিল জানানে নৈঋত? এই বিশাল পৃথিৱীত মোৰ খবৰ ল'বলৈকো কোনোবা আছে বুলি! মই অকলশৰীয়া নহয়; অকলশৰীয়া নহয়, চাৰিওফালৰ পৰা এইবুলি এজাক নীলা চৰাই আহি মোৰ কাণত গীত জুৰিছিল।সেই ৰৌদ্ৰোজ্জ্বল দিনটোতে [ ১৭ ] মই বুজি উঠিছিলোঁ যিমানে তোমাৰ পৰা নপলাওঁ কিয়, মোৰ মনৰ মালাডাল তোমাৰ মনৰ সিটো মূৰৰ লগত গঁথা হৈ গৈছে ইতিমধ্যে।

 ঘৰৰ পৰা ঘূৰি আহিছিলোঁ এবুকু আশাৰ ভাষা লৈ। ট্ৰেইনখন বৰ পলম আছিল। তুমি গোটেই ৰাতি মোৰ লগত কথা পাতিছিলা। বুজা-নুবুজা, শুনা-নুশুনা কথাৰ গুণগুণনি। কথাবোৰতো অজুহাতহে। অনুভৱৰ মিছিলহে আছিল মাথোঁ সেয়া। তুমি কৈছিলা—‘সোণাৰুজোপা দেখিলেই হেনো মোলৈ মনত পৰে, সেই যে হালধীয়া সাজেৰে মোক প্ৰথম দেখা সন্ধ্যাটোলৈ মনত পৰে বুলি। নৈঋত, তুমি মোৰ কাৰণে আজিও সেই সত্তা, যাৰ নাম মনলৈ আহিলেই ওঁঠত বিৰিঙি উঠে সন্তুষ্টিৰ হাঁহি। অভিমানৰ হাজাৰ টোপাল চকুলোৰ মাজতো সেই নামে মোক কেতিয়াও হাৰি যাবলৈ নিদিয়ে। হতাশাৰ তৰোৱালেৰে ক্ষত-বিক্ষত হোৱাৰ পাছতো তুমি মোৰ কাৰণে এনে এক শক্তি, যিয়ে মইজনীক কলি এটাৰ পৰা ফুল হৈ ফুলিবলৈ উৎসাহ যোগায় নিৰন্তৰ।

 সেয়া আছিল একৈশ নৱেম্বৰ। ঘৰৰ পৰাই ঘূৰাৰ পিছদিনা কেজুৱেল লিভ লৈ থকা অৱস্থাতে অফিচৰ পৰা কল আহিছিল। মেনেজমেন্ট ট্ৰেইনিঙত এমাহৰ কাৰণে বাহিৰলৈ যোৱাৰ সুযোগ। তেতিয়া এনে লাগিছিল যেন সুযোগ নহয় তোমাৰ পৰা আঁতৰাই ৰখাৰ কৌশলহে আছিল সেয়া। তুমি বৰ অস্থিৰ হৈ গৈছিলা নহয়নে নৈঋত? ট্ৰেইনিঙৰ সেই সময়ছোৱাতো তুমি অনবৰতে মোৰ খবৰ লৈ আছিলা। মাজ ৰাতিলৈকে ফোন কল, মেছেজ ইত্যাদি। বিদ্যুত চুম্বকীয় ৰশ্মিয়ে কঢ়িয়াই অনা মৰমৰ টোপোলা। এমহীয়া কালছোৱাত জীৱনটোক ওচৰৰ পৰা দেখা সময়ছোৱাত মই আমাৰ সম্পৰ্কৰ গভীৰতা অনুভৱ কৰিছিলোঁ। এমহীয়া ট্ৰেইনিং শেষ কৰি যেতিয়া ডিব্ৰুগড় বিমান বন্দৰত ভৰি থৈছিলোঁ, মোক আচৰিত কৰি বাহিৰত ৰৈ আছিলা তুমি। মোক দেখিয়েই কৈছিলা—

 ‘আসঃ, ইমান ধুনীয়া লাগিছে তোমাক। মেৰুণ টপ উইদ ব্ৰাউন কালাৰ জীনচ। গুড কম্বিনেশ্যন।’

 নৈঋত, তুমি সদায়েই ধুনীয়া দেখিছিলা মোক, কোনেও নোচোৱা ধুনীয়া চকুযুৰিৰে চোৱা যে মোক! মই মিছা বুলি এবাৰো ভবা নাছিলোঁ জানানে? এতিয়া আহি নক’বা এয়া অভিনয় আছিল বুলি। অভিনয় এনেকৈ কৰিব পাৰে জানো? বৰ কষ্ট পাম নৈঋত... বৰ কষ্ট পাম...৷ বৰ সততাৰে তোমাৰ ওচৰত হৃদয়খন বন্ধকত থৈছিলোঁ। সেয়া আছিল আৰম্ভণি। তাৰ পাছৰ প্ৰতিটো পুৱা তোমাৰ সান্নিধ্যতে উমাল হৈ উঠিছিল মোৰ। ডিচেম্বৰ মাহৰ শীতৰ পুৱাও তুমি নিহালী এৰি মোৰ ওচৰলৈ দৌৰি আহিছিলা। তোমাক মই সঁচাকৈয়ে বৰ ভালপাই পেলাইছিলোঁ। তুমিতো বুজিছিলা, জানিছিলা মোৰ অনুভূতিখিনি কিমান সঁচা আছিল। তুমি মোৰ কাৰণে ব্যাকুল আৰু মই তোমাৰ কাৰণে বাউলী হৈ পৰিছিলোঁ। আঁতৰি নাযাবা মোৰ কাষৰ পৰা বুলি তুমি কিমানবাৰ কৈছিলা হিচাপ নাই। কেনেকৈ সেইবোৰ মিছা বুলি ভাবোঁ নৈঋত? মই যে তোমাৰ লগত অনুভূতিৰ অভিনয় কৰিবলৈ নিশিকিলোঁ কেতিয়াও। মোৰ মুখখনতে লিখা থাকে অনুভূতিৰ সৰু সৰু টোকাবোৰ। সেই কাৰণে তোমাৰ অনুভূতিখিনিকো মিছা বুলি ভাবিবলৈ মন নাযায় দেখোন আজি।

 সদায় কোৱাৰ দৰে আজিও কওঁ নৈঋত, তোমাৰ সান্নিধ্যৰে বৰ অৱগৰ্ৱী হৈ পৰিছিল মোৰ মন। কাৰোৱেই দৰকাৰ হোৱা নাছিল, কোনো অভাৱেই টলাব পৰা নাছিল; তুমিয়েতো মোৰ সৰু জগতখন সামৰি লৈছিলা। মই জনা নাছিলোঁ নৈঋত, ইমান আধিক্যৰ মাজত ইমান শূন্যতা থাকিব পাৰে বুলি। সেই শূন্যতা, ঠিক আকাশৰ দৰে, য’ত ওলমি থাকে মোৰ জীৱনৰ জোন, বেলি, তৰা..ইত্যাদি ইত্যাদি।

 নৈঋত, মই তোমাক আমাৰ সম্পৰ্কৰ লক্ষ্য কেতিয়াও সোধা নাছিলোঁ, কিন্তু আজি মই সঁচাকৈ কৈছোঁ আমাৰ যাত্ৰাটো বৰ মধুৰ আছিল। সেই যে সোণালী মাছজনী, তোমাৰ চৌপাশে অভিব্যাপ্ত মাছজনী, একুৰিয়ামৰ পৰা উলিয়াই আনি এসাগৰ গভীৰ পানীত এৰি থৈ আহিছিলা, তাতো মাছজনী জীয়াই আছে আৰু জীয়াই থাকিব, তাইৰ নিজৰ স্থিতিৰে সৌন্দৰ্য বিকশিত কৰিব পৃথিৱীখনৰো। মৰিবলৈ যে নিশিকিলে তাই জানানে নৈঋত, অফুৰন্ত জীৱনবোধ কঢ়িয়াই ফুৰা সেই মাছজনীয়ে মই। ঠিক যেন বিহ পান কৰি অমৃত বৰষিব বিচৰা নীলকণ্ঠী মুনিৰ দৰে।

—তোমাৰ ছায়া

[ ১৮ ]

(৫)

নৈঋত তোমালৈ বুলি....

 পাপনৰ ‘মোহ মোহ কে ধাগে’ গানটো বাজি আছে। তুমি আনি দিয়া মোৰ প্ৰিয় গান। মই তোমাক পাপনৰ গান ভাল লাগে বুলি কওঁতে তুমি গোটেই সংগ্ৰহখিনি আনি দিছিলা। কৈছিলা—

 ‘অকলে থকা অৱস্থাত শুনিবা। মই ওচৰতে থকা যেন পাবা।

 মোৰ নিঃসংগ সময়ৰ চিৰসংগী এই গানখিনিয়ে কেনেকৈ পূৰ্ণ কৰি ৰাখে মোৰ শূন্যতা, কেনেকৈ বুজাওঁ তোমাক?

 পিছলৈ ঘূৰি চালে এনে কিছুমান মধুৰতা অনুভৱ কৰোঁ, যিয়ে অমৃতময় কৰি ৰাখে মোৰ বৰ্তমানৰ পৃথিৱী। তোমাৰ অবৰ্তমানত, তুমিহীনতাত নাইবা প্ৰেমহীনতাতো যিয়ে সিক্ত কৰি ৰাখে বৰণহীন হৃদয়ৰ ৰিক্ত কোঠ।

 নৈঋত, তোমাক লগ নোপোৱা, তোমাৰ মাত নুশুনা আজি চাৰিমাহ হ’ল। সঁহাৰিবিহীন অজস্ৰ ফোনকল, চকুপানীৰ অসংখ্য বিনিদ্ৰ ৰজনীৰ পাছত এটা দুষ্ট বুদ্ধি মনলৈ আহিছিল। বেলেগ নাম্বাৰ এটাৰ পৰা তোমালৈ ডায়েল কৰিছিলোঁ। তুমি ৰিচিভ কৰিছিলা। মই ক্ষোভ, অভিমানত ফাটি পৰিছিলোঁ। খঙেই কৰিম নে কান্দিমেই নে কি কৰিম ধৰিব পৰা নাছিলোঁ। ফোনৰ সিফালে তোমাৰ ভাবাৱেগহীন মাত। নৈঋত, সেইটো তোমাৰ মাতেই আছিল নে যিটো মাতে মোক পানীৰ দৰে আচৰণ কৰিছিল? সেইটো তোমাৰ মাতেই আছিল নে নৈঋত, যি মাতৰ মৰমত মই এপদ এপদ কৈ বিকিছিলোঁ মোৰ ক্ষুদ্ৰ জগতৰ সম্পদবোৰ? বুজিছিলানে নৈঋত, কি আকুলতাৰে মই তোমাৰ এষাৰি মাতলৈ বাট চাই আছিলোঁ? বুজিছিলানে তুমি, যি প্ৰতিশ্ৰুতিৰে আমি বান্ধ খাইছিলোঁ, সেই প্ৰতিশ্ৰুতি ভাঙি যোৱাৰ আশংকাত মোৰ বুকু কঁপি উঠে বুলি? এবাৰ অনুভৱ কৰিছিলা নে যে মৰমবলীয়া মইজনীয়ে একোতে জীৱন থাপিব পৰা নাই।

 এলানি মৌনতাৰ পাছত কাণ উনাই ভাঁহি আহিছিল তোমাৰ গুৰু গম্ভীৰ মাত—

 ‘ছায়া, বৰ ব্যস্ত আছোঁ, লগ পাম। কল য়ু লেটাৰ। বাই!'

 মাথোঁ দুটা বাক্য। একো বুজি নাপালোঁ৷ তোমাৰ মুখৰ এই দুইশাৰীৰ মাজত আশাৰ বতৰা নে পলায়নৰ অজুহাত? তথাপি এটা কবিতা কবিতা যেন লগা সুবাসে চৌপাশ আৱৰি থাকিল। কাণত বাজি থাকিল মোৰ প্ৰিয় গান। গোটেই ৰাতি সেই গান গুণগুণালোঁ। প্ৰিয়পুৰুষৰ মাতষাৰ যে সুৰ হৈ অনুৰণন বাজিছিল গোটেই ৰাতি।

—তোমাৰ ছায়া

□□

(৬)

নৈঋত তোমালৈ বুলি...

‘তেৰে আনে কী জব খবৰ মেহকে,
তেৰে খুচবু চে চাৰা ঘৰ মেহকে’
       — জগজিৎ সিং

 সুৰ এটাই, সপোন এটাই গোটেই ৰাতিটো সিঁয়াৰি থাকিল। এই যে তোমাক লগ পোৱাৰ কথা। সপোনৰ সুৰটো দেও দি দি মোৰ চৌপাশে বেৰি বেৰি নাচি থাকিল। ৰাতিপুৱাও অফিচ ওলাবলৈ বুলি আলমাৰীৰ ওচৰত [ ১৯ ] বহুত দেৰি ৰৈ থাকিলোঁ, কি সাজে শুৱাব মোক? সোণাৰুৰ হালধীয়া নে আকাশৰ নীলা? কি সাজেৰে তেওঁৰ চকুত বন্দী হ'ম মই?

আইকনিক কাজলটোৱে সলাজ দাপোণখনৰ ফালে চাই গীত জুৰিছে— এয়া চোৱা, মোৰ প্ৰসাধন। কপালত ৰঙা, ওঁঠত ৰঙা, আঙুলিত ৰঙা, চকুত কাজল, কাণত মৰমৰ দোল, দুহাতত জনজননি।
ৰূমৰ তলাটো বন্ধ কৰি চাবি পকাই পকাই জঁপিয়াই জঁপিয়াই নামি আহিলোঁ, আকৌ সেই নিলাজী সুৰ—
‘চোৱা এয়া... চকুত চানগ্লাছ, ষ্টিয়েৰিঙত হাত.., পামগৈনে সেই বাট যি বাটেৰে বাট বুলিছিলো তোমাৰ হাতত ধৰি। পামগৈনে সেই নাহৰজোপা, যি শিপাইছিল তোমাৰ বুকুলৈ মোৰেই নিঃসংগ ছায়া হৈ?
তোমাৰ ঘৰৰ সম্মুখেদিয়েই মোৰ অফিচলৈ অহা যোৱা। অথচ কেতিয়াও নেদেখো তোমাক। যেন তুমি সময়টো মিলাইহে থৈছা। আজি সোনকালে অফিচলৈ ওলালোঁ, জানোচা তোমাৰ লগত ভেঁটা-ভেঁটি হয়েইবা।
অফিচ বৰ সোনকালে পালোঁগৈ, ডিৰেক্টৰ ছাৰক লগ পালোঁ। ছাৰে সুধিলে—
‘ছায়া অফিচলৈ বৰ সোনকালে আহা নেকি তুমি? ৰিক্ৰুইটমেণ্টৰ কামবোৰ আগবাঢ়িছেনে?
মই ক'লো—‘অনলাইন ফৰ্ম জমা হৈ হৈছে। এতিয়া ভেৰিফিকেশ্যনৰ কাম চলি আছে।'
অফিচৰ ফাইলৰ মাজত, মুখ্য অফিচৰ লগত সঘন যোগাযোগ, সাক্ষাৎকাৰৰ বাবে বিত্ত বিভাগৰ অনুমোদন ইত্যাদি ইত্যাদি এশ এবুৰি কামত ব্যস্ত হৈ থাকোঁতে ৰূমত এৰি থৈ অহা হৃদয়খনৰ কথা মনতে নপৰে। সাত- আঠ ঘণ্টা শৰীৰ-মগজুৰ উচিত ব্যৱহাৰ কৰি সন্ধ্যা ঘৰমূৱা পখীৰ দৰে মোৰ তিনিকোঠলিয়া ফ্লেটৰ ৰূমত বন্দী

হওঁগৈ৷ তাৰ মাজতো ‘তুমি’ নামৰ বাঁহী এটাৰ সুৰ দিনৰ দিনটো কাণত ভাঁহি থাকিল। তিনিকোঠলিয়া ৰূমৰ লগত একেবাৰে নজহা-নপমা সুৰ। নৈঋত, কি কৰোঁ মই? ক'লৈ যাওঁ মই? কোন আছে মোৰ? কাৰ আগত খুলি দিব পাৰি হৃদয়ৰ শলখা, কাৰ আগত খুলি দিব পাৰি বুকুৰ অৰ্গল? কিহেৰে শাঁত পেলাওঁ তপতী হৃদয়?...

মালৈ মনত পৰিল। বৰ মনত পৰিল। এই যেন মাৰ বুকুত সোমাই কান্দিম।কান্দিম..অকল কান্দিম। ৰূমলৈ যাবলৈ একেবাৰে মন নগ'ল। ছাৰক লগ ধৰিলোঁ, ক'লোঁ—
ছাৰ দুদিনৰ ছুটী লাগে মোক। ঘৰলৈ যাওঁ৷ মাৰ ওচৰলৈ।
জানানে নৈঋত, কোনো কাৰণ নোহোৱাকৈ কাৰো সংগ নোহোৱাকৈ তথাকথিত ছোৱালীৰ কাৰণে নিৰাপত্তাহীন নিশাৰ লং ড্ৰাইভ আৰম্ভ কৰিলোঁ নগাঁৱলৈ। মাৰ ওচৰলৈ। মৰমী মাৰ ওচৰলৈ।
বাহিৰত ৰাতিৰ আকাশ, বৰ্ষাৰ মেঘাছন্ন আকাশ, এমুঠি সোঁৱৰণী, সন্মুখত সৰ্পিল ৰাস্তা, আই টুৱেণ্টী কাৰত পাপনৰ গান, ঘণ্টাত আশী-নবৈ কিল'মিটাৰ গতিবেগত মই। নাই নৈঋত, মোৰ অলপো ভয় লগা নাছিল। মই বৰ উপভোগ কৰিলোঁ, সৰু সৰু কথাবোৰে মোক বৰ সুখ দিয়ে। ৰাতিৰ আকাশলৈ ইয়াৰ আগতে কেতিয়াও মূৰ

তুলি চোৱা নাছিলোঁ। নাজানিছিলোঁ, দিনৰ সকলোবোৰ ৰং নিজৰ বুকুত কবৰ দিয়াৰ পাছতো বাট দেখুৱাবলৈ জোনজনী থাকে, ফুল বাছিবলৈ তৰা কেইজনী থাকে, জিলীজনীৰ গানত নাচিবলৈ জোনাকী পৰুৱা কেইজনী থাকে। জীৱন বৰ মধুৰ, বৰ ৰহস্যময়, বৰ উপভোগ্য। মাথোঁ এঢোক এঢোককৈ পান কৰিব জানিব লাগিব ইয়াৰ সুধা। তোমাক লগ পাম, তাৰো আগতে মাক লগ কৰি আহিম, এই গানটোৱে কাণত বাৰে বাৰে সুৰ দি থাকিল। ভালপোৱাৰ বতৰা কঢ়িয়াই মোৰ ভিতৰত তেতিয়া এজাক পখিলা।

-তোমাৰ ছায়া

⸺⸻

(৭)

নৈঋত তোমালৈ বুলি... [ ২০ ] চিনাকি গলিটোৰে চিনাকি গেটখনেৰে আপোন ঘৰটোত যেতিয়া গাড়ীখন ৰৈছিলগৈ, সূৰুয দেৱতাই পোহৰ এছাটি ছটিয়াই দিয়া পৰত, মায়ে দুচকু ভৰাই চাই ৰৈছিল মোলৈ—

 ‘জান খবৰ এটাও নিদিয়াকৈ আহিলা। ভালে আছাতো?’

 মই মাৰ উজাগৰী মুখখনলৈ চাই ক’লোঁ—

 ‘ভালে আছোঁ মা, কি হ’বনো মোৰ? কাম কৰি কৰি আমনি লাগিল, ছাৰক কৈ গুচি আহিলোঁ।’

 কিমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, মনত আছে নে নৈঋত? যোৱাবাৰ দাদাৰ ওপৰত যে খং কৰি ওলাই গৈছিলোঁ, তাৰ পাছত আৰু ঘৰলৈ অহাই নাছিলোঁ। সেইবাৰ ঘৰলৈ আহি ঘূৰি যোৱাৰ দিনা দাদাই তোমাৰ কথা সুধিছিল—

 ‘নৈঋত বৰুৱাৰ লগত তোৰ কি সম্পৰ্ক?

 ‘কি সম্পৰ্ক মানে?'—মই দাদালৈ চাই ৰৈছিলোঁ।

 ‘তই হেনো তাৰ লগত ঘূৰি ফুৰ’?

 ‘মোৰ বন্ধু হয় তেওঁ। —মোৰ নিৰুদ্বেগ উত্তৰ।

 ‘পোন্ধৰ বছৰ ডাঙৰ বিয়া পতা মানুহজনৰ লগত তোৰ কিহৰ বন্ধুত্ব?’– দাদাৰ আকৌ কটাক্ষ।

 কেনেকৈ কওঁ দাদাক যে অংক কৰি সম্পৰ্ক কৰিব নোৱাৰি। প্ৰেমৰ সম্পৰ্কতো আৰু নোৱাৰি। যাক দেখিলে হিয়াৰ পখিলাবোৰ জাকি মাৰি উঠে, যাৰ নাম শুনিলে ওঁঠত সলাজ প্ৰশান্তিৰ হাঁহি বিয়পি পৰে, যাৰ কষ্ট দেখিলে বুকুখন হনহনাই উঠে, তেওঁৰ লগত মোৰ অংকৰ সম্পৰ্ক নহয়, বৰং ই এটা আৱেগিক সম্পৰ্ক। নিতান্তই আৱেগিক সম্পৰ্ক আছিল নহয়নে নৈঋত? আজি অনুভৱ হৈছে মোৰ, অংক কৰা হলে হয়তো অংকটো শুধৰাই দিবলৈকো কোনোবাতো থাকিলহেতেঁন। গুৰু-গোসাঁই নমনা মইজনীৰ সেইদিনা দাদাৰ কথা শুনাৰ ধৈৰ্য আৰু মন একেবাৰে নাছিল। একেকোবে চুটকেছটো দাঙি বাহিৰলৈ উলিয়াই আনিছিলোঁ, মাৰ ভৰিত ধৰি সেৱা কৰিছিলোঁ আৰু গপগপাই আহি গলিৰ মূৰৰ ৰাস্তাত ভৰি দিছিলোঁ। বৰ অহংকাৰী আছিলোঁ নহয়নে নৈঋত? তোমাৰ মৰমে আনি দিয়া অহংকাৰ। মূৰৰ ওপৰৰ আকাশখন আৰু ভৰিৰ তলৰ মাটিখিনি কিমান সবল হলে মানুহে এনেকুৱা আচৰণ কৰে, নৈঋত? পৃথিৱীলৈ কেৰেপ নকৰা আচৰণ। নিজলৈকে আজিকালি বৰ পুতৌ জন্মে। আজি যে মই ভেকুৱাম, একো নাই, না আশা....না নিৰাশা।

 মাৰ বুকুৰ মাজত কান্দিবলৈ মন গ’ল। বৰ মন গ’ল। কান্দিবলৈকেতো ইমান দূৰ অকলে আহিছোঁ। মায়ে মোৰ ৰূপটো দেখি আচৰিত হোৱা যেন লাগিছিল, আগৰ সেই উদণ্ড ৰূপটোৰ স’তে আকাশ-পাতাল পাৰ্থক্য। কপালৰ ৰংখিনিলৈ চাই ৰৈছিল, একো সোধা নাছিল, সুধিব পৰাকৈ মোৰ মুখৰ প্ৰকাশভংগীয়ে ইমান সহযোগ কৰা নাছিল। চকুৰে চলচলীয়া হৈ গ’ল, বুকুৰ মাজত উজাই অহা দুখটোৱে খুন্দা মাৰি ধৰিলে, মাক সাৱটি ধৰিলোঁ। যেন কৈ উঠিম, আপত্তি দৰ্শাম, কি শিক্ষা নিদিলা মা, কিয় বজাৰ সামগ্ৰীৰ দৰে কলিজাৰ দৰদাম কৰিব নোৱাৰিলোঁ। কি শিক্ষা দিলা মোক মা, কিয় বাস্তৱৰ স’তে ইমান বৈপৰীত্য? কি শিক্ষা নিদিলা মোক মা, কিয় মনটোক চেপি খুন্দি মাৰিব নোৱাৰিলোঁ? কি বীজ সিঁচিছিলা মোৰ বুকুত মা, কিয় আজি সেই ৰং এৰাই নাযায়? কাৰ পৰশেৰে ৰোমাঞ্চিত কৰিছিলা হৃদয়, যাৰ পৰশ আজিও হেৰাই নাযায় হৃদয়ৰ পৰা? মা কাৰ তেজ ধমনীত কঢ়িয়াই ফুৰিছোঁ, যিয়ে মোক ইমান শক্তি দিয়ে, কাঁইটৰ ওপৰেদি খোজ কাঢ়ি গোলাপৰ পাহি গোটাবলৈ, ভালপোৱাজনৰ বাটত ফুল ছটিয়াবলৈকে বুলি?

 এই যে তোমাক লগ পোৱাৰ আশা, তোমাৰ বুকুত মোৰ অভিমানৰ আবদাৰৰ আশা, মোৰ অসন্তোষীয়া চুলিত তোমাৰ হাতৰ মৰমৰ বুলনিৰ আশা...আশাবোৰে কেতিয়াবা ঘৰৰ ছালত বহি থকা মলুৱাটোৰ নিচিনাকৈ খেকখেকাই হাঁহে। ভাবিব নোৱাৰা হৈ যাওঁ। ভাবৰ সাগৰত আশাৰ নাওখনক হুমুনিয়াহ এছাটি আহি দিশ হেৰুৱাই

পেলায়। নাওখন তেতিয়া নৈঋত দিশত...। [ ২১ ]

—তোমাৰ ছায়া

□□


(৮)

নৈঋত তোমালৈ বুলি....

“যিভাৱে তুমি সকাল দেখ’
সূৰ্য কিন্তু একটাই
যত ভাগ ভাগ কৰনা প্ৰেম,
হৃদয় কিন্তু একটাই।”
—কথাঃ নচিকেতা

 শুভমিতা বেনাৰ্জীৰ হৃদয় চুই যোৱা গানটো বাজি আছে। বৰ অৰ্থবহ গানটো। মোক পাগল কৰি দিয়া গান। ৰাতিপুৱা তোমাৰ মুখখন দেখিয়ে সাৰ পাওঁ। ৰাতি শোৱাৰ সময়তো তোমাৰ মুখখনৰ কথা মনত পেলাই বিছনাত পৰোঁ। বাকীখিনি সময়তো তোমাক মনৰ কোণত ৰাখিয়ে মোৰ দৈনন্দিন কাৰ্যাৱলী। ভাগে ভাগে প্ৰেম কৰিব পাৰি নেকি হা নৈঋত? জীৱনলৈ অহা ভৰপূৰ প্ৰেমে হৃদয় উজাৰি থৈ যোৱাৰ পাছত নতুন নতুন প্ৰেমৰ ঠিকনা বিচৰাৰ কিবা অৰ্থ আছে জানো নৈঋত? অ’ আনৰ কথা নাজানো, কিন্তু তুমি মোক দি যোৱা অমূল্য মৰমখিনি কাৰো লগতে ভাগ-বটোৱাৰা কৰি থাকিব নোৱাৰোঁ দেখোন নৈঋত।

 সেই দুদিনীয়া ছুটীটোত মাৰ বুকুত কান্দিবলৈ অহা মইজনীৰ চকুৰ ভাষাই মা আৰু দাদাক হয়তো বিহ্বল কৰি তুলিছিল। উৰণীয়া, বনৰীয়া নীলা চৰাইজনীক সঁজাত বন্দী কৰাৰ মানসেৰে দাদাই প্ৰস্তাৱ এটা আনিছিল। মোক চাবলৈ আহিবলৈ কাৰোবাক খবৰ দি থকা শুনিছিলোঁ, গৰম তেজ এজোলোকা ভৰিৰে ওপৰলৈ উঠি মগজু পাইছিলগৈ। মই কি বজাৰৰ সামগ্ৰী নেকি নৈঋত, অনুভূতিবোৰ পিটিকি মোহাৰি বেচা-কিনাৰ সিদ্ধান্ত ল’বলৈ আহিব? নাই, অচিনাকি কাৰোবাৰ আগত মই নিজকে তেনেকৈ থাকিব নোৱাৰোঁ। হৃদয়ৰ হাজাৰটা বান্ধোনৰ জৰীডালেৰে বান্ধ খায়ো তুমি আজি মোৰ পৰা শতযোজন আঁতৰত।

 মই অকলে থাকিম...অকলে থাকিম। অভিমানৰ বেলুন এটা আহি বুকুখনত থিতাপি লৈছিলহি। মাকো যেন কৈ উঠিম-

 “মা, সেন্দূৰৰ মূল্য নুবুজা নেকি? এই যে কপালত ৰঙা জবা এপাহ ফুলি আছে দিনে ৰাতিয়ে, সেওঁতাত ৰঙা জিঞাজনী বহুৱাই থৈছোঁ, মা তুমি এইটো ফেশ্যন বুলিহে ভাবি আছা নেকি? যদি সেইটোৱেই ভাবি আছা, তেতিয়াহ’লে তোমাৰ গাত ভুল নাই। মোৰ গাতে ভুল। বুকুখনক টানি-আজুৰি ওঁঠলৈ ননাকৈয়ো আপোনসকলে বুকুৰ হাহাকাৰ শুনে বুলি ভাবিছিলোঁ।”

 হয় নৈঋত, মই আকৌ ওভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ কষ্টকৰ ওভতনি যাত্ৰা। চকুলোবোৰ, অভিমানবোৰ গাড়ীৰ ডিকিত ওলাই আহিব নোৱাৰাকৈ ঠেচি ঠেচি ভৰাই ল’লো। লগত তীব্ৰ বিষাদৰ গান আৰু এটা নিচাৰ বটল...জেদৰ নিচাৰ বটল। মোক যে এটা নিচাৰ বৰ দৰকাৰ হৈছে। সেই ভৰি নোহোৱা মগনীয়াজনৰো জীয়াই থকাৰ কিমান হেঁপাহ। আৰু জীৱনহীনতাত মই? ধিক্কাৰ জন্মিল নিজলৈ। মোক এনে এটি নিচাৰ দৰকাৰ, যি নিচাত মতলীয়া হৈ তুমি মোৰ ফালে চকু তুলি চায়ো হুমুনিয়াহ কাঢ়িবলৈ সাহস নকৰা। মোক এনে এটি নিচা লাগে, যিহৰ ৰাগিয়াল গোন্ধই তোমাক পল পল বিহ্বল কৰি তুলিব। অন্ততঃ মই মোক হজম কৰিবলৈকে এটা নিচাৰ বৰ দৰকাৰ নৈঋত।

 হয় নৈঋত, মই আকৌ প্ৰেমত পৰিম, আকৌ প্ৰেমত পৰিম, এইবাৰ জীৱনৰ প্ৰেমত। জীৱনটো অৰ্থহীন [ ২২ ] নকৰাৰ প্ৰতিশ্ৰুতিৰ, জীৱনমুখিতাৰ সপোনৰ, জীৱনবোধৰ চানেকি, অলপ অভিমানৰ, অলপ জেদৰ, চোক বঢ়াবলৈ মাজে মাজে অলপ বলিয়ালিৰ ককটেইলৰ নিচাত ডুবিব খোজোঁ মই।

—তোমাৰ ছায়া

□□

(৯)

নৈঋত তোমালৈ বুলি....

  ‘আজি আকৌ সেই বাটেৰে গ’লোঁ,

  যি বাটত তেওঁ মোৰ বাবে ৰৈ আছিল জন্ম-জন্মান্তৰ।

  আজি আকৌ সেই বাটেৰে গ’লোঁ,

  যত পলাশৰ ৰঙাই ফাঁ

 কু খেলিছিল আমাৰ স’তে।

  সেই নীলা চৰাইজনী

  যাৰ সুৰীয়া প্ৰেমে নিচুকাইছিল মোৰ প্ৰভাতী টোপনি,

  তাইৰ মৌনতাখিনিক আঁকোৱালি ল’বলৈকে,

  মই আকৌ তালৈ এবাৰ গ’লোঁ।

  মই গ’লো শীতৰ নিহালী এৰি অহা

  অনুভৱৰ সুগন্ধি ল’বলৈকে,

  তালৈ আকৌ এবাৰ।...

 গধুৰ মন এটা লৈ অফিচ পালোঁহি৷ যোৱা ৰাতিৰ নিচাৰ হেং অভাৰ; জেদৰ নিচাৰ হেং অভাৰ। মাজতে ছাৰে মাতি পঠিয়ালে। বানাক্ৰান্ত স্থানীয় গাঁওকেইখনলৈ সামাজিক অনুদানৰ এটা অংশ এৰিব বিচাৰিছে। সাহায্যৰ দায়িত্বটো মোৰ ওপৰত অৰ্পণ কৰিছে। একঘেয়ামি কামৰ পৰা আঁতৰিবলৈ পাই মনটো ভালেই লাগিল। সৰ্বস্বান্তৰ মুখৰ হাঁহিৰ ৰেঙণিৰে মোৰ মনৰ গধুৰতা অলপ হ’লেও কমিব বুলি মোৰ বিশ্বাস। ক’ত ভৰিৰ তলৰ মাটি খহাৰ হাহাকাৰ আৰু ক’ত বুকু ভগাৰ হাহাকাৰ৷ অলপ আহত হ’লোঁ। বৰ দুৰ্বল মই, জানাই দেখোন তুমি নৈঋত। কেতিয়া যে এই দুৰ্বলতাক জয় কৰিব পাৰিম নাজানো।

 হয় নৈঋত, আমি বগীবিল গাঁৱত আমাৰ কাম আৰম্ভ কৰিলোঁ। টিমৰ বাকীকেইজনক কামখিনি বুজাই দি মই আগবাঢ়িলোঁ বগীবিল ঘাটলৈ। নিজকে হজম কৰাৰ প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ। মোলৈ কাতৰতাৰে চাই ৰোৱা প্ৰতিজোপা গছ, প্ৰতিটা শিলৰ ওচৰত মৌনতাৰে আত্মীয়তাৰ গোন্ধ বিলাই বিলাই আমাৰ বিশেষ শিলচটা পালোঁগৈ। মনত আছেনে নৈঋত, দুপৰীয়া শিলৰ চকীখনত যে আমি গাতে গা লগাই বহিছিলোঁ। মোক অকলে দেখি উচুপি উঠা সেইচটা শিলতে আকৌ এবাৰ বহিলোঁ। সোঁৱৰণীৰ দলিচাখন পাৰি লৈ তোমাৰ অনুভৱৰ গাতে গা লগাই তাতে আকৌ এবাৰ বহিলোঁ। ব্ৰহ্মপুত্ৰৰ উন্মাদনা চাই ৰলোঁ। সেইদিনাৰ ব্ৰহ্মপুত্ৰৰ শান্ত, সমাহিত ৰূপৰ বিপৰীতে আজিৰ বাউলা ব্ৰহ্মপুত্ৰ, প্ৰিয়াৰ স’তে হোৱা বিচ্ছেদৰ ওফোন্দনিত পাৰাপাৰ ভাঙি বৈ যোৱা চকুলোৰ ঢল।

 মনত পৰেনে নৈঋত, মোৰ ৰঙা কূৰ্তিটো আৰু তোমাৰ অফ হোৱাইট ব্লেজাৰটো এৰা-এৰি হ’ব বিচৰা নাছিল। ওপৰৰ বগলীজাকে যে আমাক সিঁয়াৰি থৈ গৈছিল। তোমাৰ অবাধ্য হৃদয়, অবাধ্য তোমাৰ কলিজা, অবাধ্য তোমাৰ কেমেৰা, অবাধ্য মোৰ চুৰ্ণী। আৰু...আৰু... অবাধ্য তোমাৰ হাত দুখন। কেনেকৈ পাহৰোঁ [ ২৩ ] নৈঋত? কেনেকৈ পাহৰোঁ মই? সেই এলবামটো মনৰ জুইত আজিও জ্বলাব নোৱাৰিলোঁ নৈঋত। তুমি কেমেৰাত লৈ যোৱা মইজনীক তোমাৰ আলমাৰীৰ পৰা উলিয়াই অনাৰ সাহসো কৰিব নোৱাৰিলোঁ। ভালদৰে ৰাখিছা যদি ‘মই’জনীক এবাৰ পঠিয়াই দিবানে মোৰ ওচৰলৈ? প্ৰেমৰ কবৰত তাইৰ স’তে এপিয়লা মদ খাম মই, এপিয়লা আপঙৰ স’তে ঐনিতমৰ ৰাগিয়াল সুৰত ৰাউচি জুৰিম মোৰেই মৃত্যুত। মই সুধিম তাইক তোমাৰ স'তে কটাই অহা দিনবোৰৰ কথা। সুধিম তাইক, মোৰ অবৰ্তমানত তাইকে লোৱানে আঁকোৱালি? এতিয়াও তাইৰ ওচৰত তুমি আগৰ দৰেই আকুলতা, দুৰ্বলতা, নিৰুপায়তাৰ চকুলো টোকানে? সুধিম তাইক মই, কি নিচাত তুমি ইমানদিন মোৰ পৰা আঁতৰি থকাত আছন্ন থাকিলা? কি ৰং সেই নিচাৰ? গিলাচৰ গোলাপী ৰং? নে বিষণ্ণতাৰ কজলা ৰং? নে আবেগহীনতাৰ বগা ৰং? নে আশাৰ ৰামধেনুৰ সাতোৰঙী ৰং?

 বেলি লহিয়াইছিল। টিম মেম্বাৰ কেইজন আগবাঢ়ি আহিছিল, ক’লে—

 “ম্যাডাম। বহুত দেৰি হ'ল।”

 মোৰ চকুত তেতিয়া অস্তগামী বেলিৰ ৰক্তিমাভা। চকুলো শুকুৱাই নিয়া খৰাঙৰ উত্তাপ।


তোমাৰ ছায়া


□□


(১০)

নৈঋত তোমালৈ বুলি....

 কফিনতে ভৰাম নে কবৰেই খান্দিম নে চিতা জুইত ভস্ম কৰিম নাজানো, পলে পলে পেখম ধৰা এই দুখবোধ। বহুত হৈছে আৰু। ইমান দুৰ্বল নে মই?... ইমানেই দুৰ্বল নে মই? তোমাৰ হাজাৰটা জীৱনবোধৰ শিক্ষাৰ সম্পূৰ্ণ বিপৰীত অৱস্থানত মই আৰু মোৰ হতাশাভৰা মুখ। ক’ত পোখা মেলিছিল এই হতাশাবোধৰ, গোঁজেই গজালি মেলি যিয়ে আৱৰি ধৰিলে মোৰ সমগ্ৰ সত্তাটোক। মনাব পৰা অভিমানত বিচ্ছেদ গান বাজিল। ঠিক যেন জগজিৎ সিঙৰ সেই বিখ্যাত গজলৰ কলিটো—

 “মনানে ৰুথ নে কী খেল মে হম

 বিছৰ জায়েংগে চৌচা নহী থা।”

 কিতাপৰ চেলটো চিজিল লগাওঁ বুলি খোলোঁতেই ফটো এখন সৰি পৰিল। সেইখন ফটো, যিখন ফটোত তোমাৰ হাতৰ যাদুকৰী কৌশলত স্পষ্টকৈ জিলিকি আছিল আনৰ চকুত নপৰা মোৰ গালৰ ডিম্পল দুটা, তুমি দহবাৰ মৰি যাব বিচৰা ডিম্পল দুটা তোমাৰ কেমেৰাত বন্দী হৈ এতিয়া মোৰ আমনিঘৰত। তাইকো ভৰাম মই কফিনত।

 আলমাৰীটোৰ পৰা কাপোৰ এযোৰ উলিয়াই লওঁতেই নীলা কূৰ্তিটোত হাত লাগিল। বহুত দিন পিন্ধা নাই কূৰ্তিটো। এটা সুবাস আহি নাকত লাগিলহি। কেলভিন ক্লেইনৰ পাৰফিউম। মোক বলিয়া কৰা তোমাৰ দেহৰ সুবাস। মৰমৰ সুবাস মানি লোৱা মোৰ কূৰ্তিটো। আসঃ....৷ এই যেন তোমাৰ কান্ধত মূৰ থৈ, হাতত হাত থৈ, বাহুত বাহু লগাই বহি ৰৈছোঁ চকুত অযুত সপোনেৰে কাণত দেউলৰ ধ্বনিৰে হেঁপাহৰ চামিয়ানাৰ তলত। এই কূৰ্তিটোতো ভৰাব লাগিব মই কফিনত।

 নৈঋত, সেই যে চকুযোৰ মোলৈ একেথৰে চাই ৰোৱা চাৱনিটো, সেইটো ক'ত পোৱা যাব? সেইটো যে এতিয়া ৰোহঘৰত। মোক সঘনাই আমনি কৰি থকা সেইটোকো ভৰাব লগা আছিল এই কফিনতে। [ ২৪ ]  কামৰ তালিকাখন দীঘল কৰি থাকোঁতে ক’ৰ পৰা এজাক হাহাকাৰ আহি বুকুখন উখল-মাখল কৰি দিলে নাজানিলোঁ। মোৰতো আজিৰ দিনটোত বহুত কাম আছিল। ‘বিদ্যা ভাৰতী’ নামৰ কিতাপৰ দোকানখনত কিতাপৰ তালিকাখন দিবলগা আছে। ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, হোমেন বৰগোহাঞি, ভৱেন্দ্ৰ নাথ শইকীয়া, মাৰ্ক টোৱেইন, মহাশ্বেতা দেৱী, চেতন ভগতৰ সমূহ সংগ্ৰহেৰে মোৰ পুথিভঁৰাল চহকী কৰাৰ যে ইচ্ছা।

 বানপানীত উটি যোৱা কিতাপবোৰ চাই কান্দি ৰোৱা ছোৱালীজনীৰ ওচৰলৈকো যাবলগা আছে। অহাবাৰ মেট্ৰিক দিব তাই। হয় নৈঋত, কামেৰে সময় জিনিব বিচাৰিছোঁ মই। বহুত দূৰলৈ যাব লগা আছে যে মোৰ, A miles to go before I sleep.


 দাপোণখনৰ সন্মুখত তুমি ভালপোৱা সাজেৰে মুখত দায়িত্বৰ প্ৰসাধন লেপি খৰ খোজেৰে আহি গাড়ীত বহিলোঁহি। এইবাৰ প্ৰেমৰ গান নহয়, জীৱনৰ গান বজাই ল’লোঁ গাড়ীত। মোৰ লক্ষ্যস্থান বগীবিলৰ সেই ছোৱালীজনী। সপোন কিনাৰ বয়সত সপোন হেৰুওৱাৰ দুখত কন্দা ছোৱালীজনী। কাৰোবাৰ কাৰণে মোৰ অলপ আশা হ’বলৈ মন গ’ল৷ মোৰ সেই নামটো হ’বলৈ মন গ’ল, যি কাৰোবাৰ ওঁঠলৈ আনি দিব প্ৰশান্তিৰ হাঁহি। মোৰ সেইটো অভিধা হ’বলৈ মন গ’ল যি আনি দিব কাৰোবাৰ জীৱনৰ ভেটিত অকণমান আশ্বাসৰ মাটি।

 হয় নৈঋত, মই যে সেইজোপা বটবৃক্ষ হ’ব বিচাৰোঁ, যাতে মই নিজৰ ভৰিত নিজে মূৰ দাঙি থকাৰ পাছতো আঁকোৱালি ল’ব পাৰোঁ মোৰ ওচৰত আশ্ৰয় বিচৰা অসংখ্য তৰু-লতা, পশু-পক্ষী ইত্যাদি আৰু যাৰ ছায়াত জিৰণি লয় ভাগৰুৱা পথিকেও।

 নৈঋত, অলপ আশিস দিবানে? দূৰৈৰ পৰাই। মৌনতাৰে। আন্ধাৰৰ জাল ফালি কুঁৱলীৰ অৱগুণ্ঠন আঁতৰাই ধৰালৈ কঢ়িয়াই অনা শীতৰ ৰ’দজাকৰ দৰেই যি হ’ব মোৰ বাবে হেঁপাহৰ এপাহি ফুল।

-তোমাৰ ছায়া

□□

(১১)

নৈঋত তোমালৈ বুলি...

 সপোন হেৰুওৱাৰ দুখত কন্দা ছোৱালীজনীৰ কাষত থিয় দিবলৈ বুলি যেতিয়া বানপানী শিবিৰত গাড়ীখন ৰৈছিলগৈ, কণ কণ শিশু কেইটামানে ঘূৰি ঘূৰি চাইছিল মোক। বৰ আচহুৱা যেন লাগিছিল নিজকে। বোকাৰ মাজত পদুম যেন শিশুকেইটিৰ সন্মুখত নিজকে বৰ নিঃস্ব যেন লাগিছিল। মৌলিক প্ৰয়োজনখিনি পূৰাব নোৱাৰিলেও তেওঁলোকৰ মুখত বিয়পি আছিল নিস্পাপ হাঁহি। তেওঁলোকক দেখি মোৰ মনত পৰি গৈছিল দুপৰৰ ৰ'দত বৰশী টোপোৱা, চিল উৰুৱা দিনবোৰলৈ। মনত পৰিল, দিনটো তলৌ তলৌকৈ ঘূৰি বগৰী, কেঁচা আমেৰে পেট ভৰাই গোটেই ৰাতি বমিয়াই থকা মইজনীৰ কাষত মাৰ ছটফটনি— এই ডাক্তৰ, এই হস্পিতেল, এই মানিমুনি পাত, এই নেমুপাতৰ স’তে আইতাৰ বেজালি। বৰ মধুৰ দিন আছিল সেয়া। বৰ মধুৰ আছিল। জীৱনটো তাতে স্থবিৰ হৈ যোৱাহেঁতেন। এতিয়া যে মাৰ বুকুতো মুখ গুজি কান্দিব নোৱাৰাকৈ শিলেৰে বন্ধোৱা অহেতুক সংকোচবোধ। কলিজাৰ অশ্মত বৈ যোৱা হিমশীতল চকুপানীখিনি মৰমত উকমুকাই ৰোৱা মাজনীক কেনেকৈ দেখুৱাওঁ মই নৈঋত?

 সপোন ভগাৰ জনজনিত নিতাল হৈ ৰোৱা বগীবিলৰ ছোৱালীজনীয়ে অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চাই ৰৈছিল। মই যে কোনো চেলিব্ৰেটিও নহয়, নহয় সমাজকৰ্মীও। তোমাৰ আদৰ্শৰে জীৱন পাত কৰিব বিচৰা এগৰাকী সাধাৰণ নাৰী মাথোঁ। প্ৰেমৰ কষটি শিলত নিজকে ঘঁহি-পিহি সোণ হোৱাৰ আশাত বন্দী একেবাৰেই সাধাৰণ নাৰী মই। বুকুৰ ভাৰখন নমাবলৈ এটুকুৰা ছাঁৰ সন্ধানত বন্দী জীৱন মোৰ।

 মেট্ৰিক দিবলগা ল'ৰা-ছোৱালীকেইটাৰ সপোন গোঁঠা কিতাপখিনি কিনি দিয়াৰ দায়িত্ব মই লৈছিলোঁ, [ ২৫ ] বিনিময়ত ৰিজাল্ট ভাল কৰাৰ প্ৰতিশ্ৰুতি। ৰিজাল্টটো আচলতে ডাঙৰ কথা নাছিল জানানে নৈঋত? বিনিময়ত তেওঁলোকৰ মুখৰ হাঁহিকণ, এমুঠি আস্থাৰে জীৱন যুদ্ধত জঁপিয়াই পৰাৰ মানসিকতাকণ যে তেওঁলোকক দেখুৱাই আহিলোঁ, সেইটোৱেই মোৰ জীৱনৰ প্ৰথমটো ধনাত্মক দিশ।

 জানানে নৈঋত, মোৰ এই মানসিক পৰিতুষ্টিৰ কাৰক কোন? নিঃসন্দেহে তুমি। তুমি যদি মোক সৰলৰৈখিক জীৱন এটা প্ৰদান কৰিলাহেঁতেন, তেতিয়া হয়তো মই এ.চি ৰূমত, গাড়ীত, শ্বপিং মলত, চিনে প্লেক্সত নতুবা কফি হাউচৰ ৰঙতে শেষ কৰি দিলোঁহেতেঁন জীৱনৰ অংক। কেনেকৈ চকুত পৰিলহেঁতেন বাস্তৱৰ ৰূঢ়তাত পৃথিৱীৰ মূঢ়তাখিনি? কেনেকৈ দেখিলোহেঁতেন আধৰুৱা জীৱনৰ হেঙুলীয়া সপোন? অস্তগামী বেলিৰ ৰ'দকণত যে ইমান উজ্জলতা থাকিব পাৰে, মই কেতিয়াও অনুভৱ নকৰিলোহেঁতেন।

 তথাপিতো... তথাপিতো, অন্তৰৰ মাজত বন্দী হৈ ৰোৱা আশাৰ চৰাইজনীয়ে ধৰফৰাই উঠে কেতিয়াবা। নিজৰ শুশ্ৰূষাত ব্যস্ত চৰাইজনীয়ে নিজৰেই পাখি কাটি পৰি ৰয় ‘নৈঋত' নামৰ বিশাল চাপৰিৰ বুকুত। তোমাৰ পৰাই উৰিবলৈ শিকা চৰাইজনীৰ উচুপনিবোৰ, কেঁকনিবোৰ তোমাৰ চাপৰিতে প্ৰতিধ্বনিত হৈ তাইৰ অসুখীয়া বুকুত বাৰে বাৰে খুন্দা মাৰেহি। তেতিয়া তাই আৰু নীলা হৈ নাথাকে, কজলা বৰণীয়া কষ্টত বিৱৰ্ণ হৈ পৰে তাইৰ ডেউকা দুখন।

 নৈঋত, তুমিও অনুভৱ কৰা এবাৰ, মাথোঁ এবাৰ....

—তোমাৰ ছায়া

□□

(১২)

নৈঋত তোমালৈ বুলি...

 ‘সঁচা কথা কোৱা’– তোমাৰ ছাৰ্টৰ বুটাম ছিঙি গৈছিল মোৰ দুহাতৰ খামোচত।

 ‘আৰে, কি পাগলামি কৰিছা? মানুহে কি ভাবিব?’

 ‘মানুহে যি ভাবে ভাবক, মোক সঁচা কথা কোৱা, অপ্ৰিয় হলেও হজম কৰিম। মিছা নক’বা...মিঠা মিঠা মিছা কথা নক'বা।’

 কিবাকিবি কৈছিলা তুমি, কিবাকিবি জীৰ্ণ নোহোৱা কথা। বান্ধোন ছিঙি অহাৰ কথা৷ বৰ কষ্ট হৈছিল... বৰ কষ্ট। কি কৰোঁ মই? ক’লৈ যাওঁ মই? নিজকে সুধিছিলোঁ মই, কেনেকৈ আকাশলৈ মূৰ তুলি চাবি ছোৱালী? কেনেকৈ ফাঁ

 কু খেলিবি? পাৰিবিনে নিজৰে সমাধিত চকুলো টুকিবলৈ? পাৰিবিনে নিজৰ সমাধিত বনৰীয়া ফুল হৈ ফুলিবলৈ?

 ধহমহকৈ সাৰ পাই গৈছিলোঁ, ফোনৰ শব্দত—

 ‘অই ছোৱালী, অথনিৰে পৰা ৰিং কৰি আছোঁ, ক’ত মৰিছিলিগৈ?? কলটো ৰিচিভ কৰা নাই যে।’ অহঃ........সিপাৰত মেঘালী।

 ‘বহি বহি টোপনি গুচি গৈছিলোঁ, কেনে আছ তই?’– মই ধহমহাই উঠি কলোঁ।

 ‘মোৰতো ঠিকে আছে, তোৰ কথা ক’। ইংৰাজী ভালকৈ শিকা হৈছেগৈ নে?— তাই ধেমালিকৈ সুধিলে।

 তোমাক লৈ মেঘালীৰ নিৰ্দোষ ধেমালি। তুমি যে ইংৰাজী বিভাগৰ। কেনেকৈ কওঁ তাইক মই, তাই সকিয়াই দিয়াৰ পাছতো মই যিটো তৰোৱালৰ বাটত বাট বুলিছিলোঁ, সেই তৰোৱালেৰে ক্ষত-বিক্ষত মোৰ সুকোমল হিয়া।

 ‘হাঃ হাঃ হাঃ মেঘালী, জমাইছ দে... এইবোৰ টাইম পাছ। মই একেবাৰে টিপটপ চলি আছোঁ।’—মই ক’লো। [ ২৬ ]  ‘হয় নেকি? গুড দেন। শুন এতিয়া। মোৰ বিয়া। তোৰ ওচৰলৈ গৈ আছোঁ। বহুত দিন লগ পোৱা নাই। অলপ ঘূৰিম, ফুৰিম, মস্তি কৰিম। সেই হোষ্টেল লাইফৰ দৰে’— মেঘালীয়ে ক'লে।

 মোৰ ওঁঠেৰে এটা হাঁহি বিৰিঙি উঠিল। তাইৰ সংগত যে গোলাপী হৈ উঠিব মোৰ তিনিকোঠলিয়া ফ্লেট, ভালদৰেই আভাস পালোঁ মই।

 এটা দুঃস্বপ্নৰ পাছত কঢ়িয়াই অনা সুখবৰটোৰ আমেজত বহুত দেৰি বহি ৰলোঁ। ধেৎতেৰি কাৰ লগত বিয়া হ’ব তাইৰ, সোধাই নহ’ল যে নৈঋত? পলক নামৰ সেই মেধাবী মাৰোৱাৰী ল’ৰাটোৰ লগত নে বাৰু? সিতো এতিয়া বিদেশত। তাৰমানে তায়ো যাবগৈ। মনটো গধুৰ হৈ পৰিল। খুব বছা বছা মানুহৰ ওচৰতহে মই নিজকে উদঙাব পাৰোঁ। তোমাক পোৱাৰ পাছত যে মোক বেলেগ কাৰো প্ৰয়োজনেই হোৱা নাছিল। সম্পৰ্কবোৰে এটা এটাকৈ লগ এৰিছে। বৰ অকলশৰীয়া যেন লাগিল নিজকে। নিজৰ ভিতৰতে এনেকৈ কুৰুকি কুৰুকি সোমাই গৈ থাকিলে মই দেখোন নিজকে চিনি নোপোৱা হৈ যাম।

 আকৌ তোমালৈ মনত পৰিল, তুমি যে এদিন কৈছিলা—

 ‘নিজক লৈ ইমান ব্যস্ত নাথাকিবা। কষ্ট হ’ব। বাহিৰলৈ ওলাই আহিবা। মানুহৰ মাজত থাকিবা।’

 ভিৰৰ মাজত অকলে কেনেকৈ থাকেঁ নৈঋত, সেইটো যে নিশিকালা তুমি। এৰি দিয়া হুমুনিয়াহবোৰে য’ত- ত’ত খুন্দা খাই মোলৈকে ঘূৰি আহে। তীব্ৰ অভিমানত নাকৰ পাহি ফুলি আহিল। বুকুত এটা মেটমৰা দুখৰ বোজা, দুখবোৰে ঠেলাঠেলি কৰি ওলাই আহিব খোজোঁতে জোঁট-পোট লাগি কৰ্ফাল খাই পৰে। দুখে আকৌ দুখ পায়। এনেকৈ দুখৰ দুখ নাযায় নুপুৱায়।

 তোমাক লগ নোপোৱা বহুদিনেই হ’ল। চকুযোৰ মুদি সপোনটোলৈ মনত পেলালোঁ। এখন কঁহুৱা বৰণৰ মুখ। গালখন চুই চাবলৈ মন গ’ল। চেভিং ক্ৰীমৰ গোন্ধটো নাকত লাগিলহি। তোমাৰ চাৱনিৰ অত্যাচাৰত তোমাৰ চকুযোৰত হাত বোলাই পতা দুখন জপাই দিলোঁ। আলফুলে। নীৰৱে। সপোনতে...৷

-তোমাৰ ছায়া

□□

(১৩)

নৈঋত তোমালৈ বুলি....

 গাড়ীখন লৈ অন্যমনস্কতাৰে ঘূৰি ফুৰোঁতে হঠাতে চিনাকি গাড়ী এখনৰ চিনাকি নাম্বাৰটো মনত পৰিল। হয়নে বাৰু নাম্বাৰটো? এইটো বাৰু তোমাৰ গাড়ীৰ নাম্বাৰ নহয়নে? ভাবিবলৈ সময় নাছিল। ব্ৰেক মাৰি দিলোঁ। জোৰেৰে। নামি আহিলোঁ। বিচাৰি ফুৰিছোঁ। হয় নৈঋত... তুমি তাতেই আছিল। মোৰ প্ৰিয় ব্লেক ছাৰ্ট, ব্লু জিনচেৰে সেয়া তুমিয়েই আছিল৷ মই ৰৈ থাকিব নোৱাৰিলোঁ নৈঋত। কিমান দিনৰ মূৰত যে তোমাক দেখিলোঁ। দৌৰি গলোঁ। তুমি অলপ অপ্ৰস্তুত হ’লা নেকি বাৰু? লগত কোনোবা আছিল যে। মই ৰ’ব নোৱাৰিলোঁ নৈঋত। ক্ষমা কৰিা মোক নৈঋত। মই নিজকে নিয়ন্ত্ৰণ কৰাব নোৱাৰিলোঁ৷ তোমাৰ লগত কথা আছে বুলি ক'বলৈ, মোক লগ কৰা বুলি আব্দাৰ তুলিবলৈ মই তোমাৰ যোগ্যতাৰ সীমাত আছিলোঁ নে নাই মই নাজানিলোঁ। মোক দেখি তুমি অলপ নিৰুৎসাহ হ’লা নেকি বাৰু?

 গহীন মাতেৰে তুমি সুধিলা—

 “ছায়া ভালে আছা নে?’

 মই জোৰ কৰি ক’লো— ‘সেইবোৰ পাছত। প্ৰথমে মোক লগ কৰা। এতিয়াই।’

 তুমি নস্যাৎ কৰি ক’লা— ‘নহয়। এতিয়াতো নোৱাৰিম। বহুত কাম আছে।’

 মই পুনৰবাৰ জোৰ কৰি ক’লো— ‘প্লিজ নৈঋত, মাথোঁ দহ মিনিটৰ বাবে। বেছি সময় নলওঁ তোমাৰ।’ [ ২৭ ]  তুমি আকৌ ক’লা— ঠিক আছে বাৰু। তুমি ৰোৱা। মই বেংকৰ পৰা আহোঁগৈ, বেংক বন্ধ হৈ যাব নহ’লে।’

 নৈঋত, মই যে তাতেই ৰৈ থাকিলোঁ অত দেৰি। কিমান ঘণ্টা নাজানো। আন্ধাৰে পোহৰৰ লগত লুকাভাকু খেলি থকাৰ সময়তে ফোনটোলৈ মেছেজ এটা ভাঁহি আহিল—‘ছায়া লগ কৰিব নোৱাৰিম, বেয়া নাপাবা।’

 হা????...এয়া কেনে কথা। তোমাৰ বাৰু ইমানখিনি সৌজন্যবোধ নাছিলনে? কিয় এনে কৰিলা তুমি? নহয় নহয়, কাৰণটো জানিব লাগিব মই। তোমাৰ পলায়নৰ কাৰণটো জানিব লাগিব মই। গাড়ীত মুখ ঢাকি বহি ৰলোঁ। আপত্তি দৰ্শাবলৈ, সান্ত্বনা দিবলৈ কাষত কোনো নাছিল। আকাশ ভঙাৰ শব্দ চাৰিওফালে।

 নৈঋত, জানানে তুমি, সেই তেতিয়াৰে পৰা জ্বলিয়েই আছোঁ মই। নিজকে ধোঁৱাৰ কুণ্ডলীৰ দৰে পকাইছোঁ, বন্ধ ৰূমৰ পৰা ওলাব নোৱাৰি আকৌ জুইতে জাহ গৈছোঁ। মইজনীৰ এইটো ৰূপত নিজেই ভয়াৰ্ত। আশাহীন জীৱনৰ অৰ্থহীনতাত হাতত তুলি লৈছোঁ দুখৰ মদিৰা, গোটেই ৰাতি পান কৰিছোঁ সেই মদিৰা। অনুভৱ কৰিছোঁ মন্দ্ৰালসা সময়বোৰ। ক্ষোভত ফাটি তীক্ষ্ণ বাক্যবাণ এৰি দিছোঁ তোমালৈ—

 ‘কিয় এনে কৰিলা?...কিয় এনে কৰিলা? চৰাইৰ কলিজাৰ দৰে কোমল অন্তৰখন জুইলৈ কিয় দলিয়াই দিলা?

 ৰাতি বাৰ বজাৰ সংকেত বজাৰ সময়তো পান কৰি আছোঁ সেই মদিৰা, দুই বজাতো, তিনি বজাতো। তাৰ পাছত মাতাল হৈ ৰৈছোঁ টেবুলত মূৰ গুজি। মোৰ বলিয়ালিৰ সাক্ষী হৈ ৰোৱা নিশা।

 নিচা ফাটিল তেতিয়া, যেতিয়া মাতাল ৰূপত অতিষ্ঠ হৈ পৰিল দাপোণখনৰ প্ৰতিচ্ছবি। এয়াতো মই নহয়.. মই নহয়। তোমাৰ ছায়াৰ এই বিধস্ত ৰূপ যাতে তোমাৰ চকুত নপৰে, তাৰ বাবে ব্যস্ত হৈ পৰিলোঁ। ৰং তুলিকাৰে নিজক সজাই তুলিলোঁ। তোমাক যে কথা দিয়া আছিল, ধুনীয়াজনী হৈ থকাৰ। মুখৰ ধুনীয়া, মনৰ ধুনীয়া হোৱাৰ।

 যোৱাকালিৰ অংকটো সুস্থ মগজুৰে কৰি চালোঁ। মনটোক চিজিললৈ আনিছিলোঁহে, আকৌ ক’ত কি যে হৈ গ'ল! মনৰ কোণত তুমি কেনেকৈ ইমান নিগাজিকৈ বহি ল’লা নাজানিলোঁ৷ নিজকে এটা পেণ্ডুলাম যেন লাগিল। তুমি নামৰ বিন্দুটোৰ পৰা ওলোমাই ৰখা পেণ্ডুলাম। অস্থিৰ, ভাৰসাম্যহীন... দোলনেই যাৰ জীৱন।

—তোমাৰ ছায়া

□□

(১৪)

নৈঋত তোমালৈ বুলি....

 বাছৰ পৰা নামিয়েই মেঘালী আনন্দত আত্মহাৰা হৈ পৰিল। ‘আসঃ ডিব্ৰুগড়খন মই সেই কাৰণেই ভাল পাওঁ। গোটেইখন সেউজীয়াৰ মাজত চিপ্ চিপ্ বৰষুণ। মই তিতিম এতিয়া।’— হাতৰ বেগটো মোৰ গাড়ীখনলৈ দলিয়াই দি কৈ উঠিল তাই।

 মোৰ হাঁহি উঠি গ’ল। এতিয়াও একেই আছে তাইৰ কিশোৰীসুলভ চঞ্চলতা।

 ‘হব দে তিতিবি। কিন্তু এতিয়া আহি পাইছহিহে। পিছত তিতিবি।’

 মোৰ কথালৈ ৰৈ থাকিবলৈ তাইৰ সময় নাছিল। দেখিলোঁ, হাত মেলি তাই বৰষুণৰ স’তে মিতিৰালি পতাত ব্যস্ত। খিৰিকীৰ গ্লাচৰ ফাঁকেৰে চাই ৰলোঁ। বৰষুণৰ গুঞ্জনত নৃত্য কৰা মোৰ ডালিমীজনী। জীৱনৰ সুন্দৰতাত অভিভূতা তাই। এতিয়াও বৰষুণে তাইক নূপুৰ পিন্ধায়। কংক্ৰীটৰ মহানগৰীত বাস কৰাৰ পাছতো তাই ইমান সতেজ, ইমান উচ্ছল।

 বন হৰিণীৰ নিচিনাকৈ তাই দৌৰি দৌৰি মোৰ ওচৰ পালেহি।

 ‘ছায়া কি কৰি আছ, ওলাই আহ আক।’— একপ্ৰকাৰ টানিয়ে মোক গাড়ীৰ পৰা উলিয়াই আনিলে তাই। [ ২৮ ]
 
তিতিবলৈ। শিৰৰ সেন্দুৰখিনি বৈ আহিল। মেঘালীৰ তেতিয়াহে চকুত পৰিল, মােৰ মুখ দাঙি কলে—

 ‘ছায়া, তই সেন্দুৰ পিন্ধিছ?’

 জানানে নৈঋত, মই অলপ দেৰিৰ কাৰণে হেৰাই গ'লোঁ ক'ৰবাত, মনত পেলালোঁ, ঠিক কোনটো ক্ষণৰ পৰা মই কপালৰ ৰঙা জিঞাজনী চিৰসংগী কৰি লৈছিলোঁ। তাৰ পাছত হাঁহি দিলাে জোৰৰে। ক’লাে—

 ‘তয়াে ঠগ খালি নহয়?’ ই মােৰ কাৰণে এবিধ অলংকাৰ মাথোঁ। চিম্পল। নথিং এলচ্‌।’

 ‘হয়নে? ইমান চিম্পল যেন লগা নাই। বাৰু দেখা যাওক’– মেঘালীয়ে ক'লে।

 ধৰা পৰিবলৈ হৈছে নেকি বাৰু? প্রিয় বান্ধৱীৰ আগত অনুভূতিৰ অভিনয় নিখুঁত হ’বনে?

 ব’ল আমি ইউনিভাৰছিটিলৈ যাওঁ।’- বন হৰিণীৰ আবদাৰ।

 ‘কিয়?” মই সুধিলোঁ।

 ‘ভাল লাগিব তাত’– মেঘালীয়ে ক'লে পুনৰ।

 ‘পিছত যাবি দে। এতিয়া পাইছহিহে। মােৰ ৰূমত ভৰি দিয়াই নাই এতিয়ালৈকে।’- তাইৰ অনুৰােধটো এৰাবলৈ চেষ্টা কৰিলোঁ। কিয় জানাে ইউনিভাৰছিটিৰ নাম শুনিলেই বুকু কঁপি উঠে মােৰ।

 ‘তােৰ ৰূমতেতাে থাকিম। গাড়ীৰ চাবি দে। মই ড্রাইভিং কৰোঁ। তই নিজে চলাই ঘূৰি ফুৰ। কেতিয়াবা কাষৰ ছিটত বহি চাবি, কেনেকুৱা লাগে। পিছে সেই দিনটো কেতিয়া আহিব ছায়া?’– মােৰ দুচকুলৈ চাই ৰ'ল তাই।

 ‘সেই দিনটো মানে?’– মই সুধিলোঁ। পাছত ভালকৈ বুজাই দিম দে’— তাই আকৌ ক'লে। মৌন হৈ ৰলোঁ মই। ভিতৰত এজাক মৌমাখিয়ে ইতিমধ্যে খোঁচা বিন্ধা কৰিবলৈ আৰম্ভ কৰিছে। তাইলৈ কেৰাহিকৈ চাই পঠিয়ালোঁ। হাঁহিৰে ঢকা দুখে খন্দা বুকুখন চাবলৈকে আহিছে নেকি বাৰু তাই? মােৰ নীলা তেজৰ হাহাকাৰে মাতি আনিলে নেকি তাইক?

 তাইৰ আগত নিজকে উজাৰি দিম নে বাৰু? বাহ্যিকতাৰ আঁৰৰ অনুভৱখিনি বুজাব পৰাকৈ তাই ইমান সূক্ষ্ম অনুভূতিপ্ৰৱণ হৈ উঠিছেনে? নে স্থূলতাৰ কাঁইটেৰে হানি-খুচি মােৰ ভিতৰৰ নীলা তেজ উলিয়াই আৰােগ্য কৰাৰ মতলব তাইৰ?

 কেনেকৈ বুজাওঁ মই তাইক, অবিশ্বাসৰ সাঁকোড়ালেৰে বন্ধকী হৃদয় মােকলােৱাৰ প্ৰচেষ্টাত যে মই জ্বলি জ্বলি শেষ হৈ যােৱা চকুপানীও যথেষ্ট নাছিল বন্ধকীৰ ধাৰ মাৰিবলৈ।

 গাড়ীৰ ভিতৰত গানৰ লহৰত ভাল মিলাই গৈ থকা মােৰ ডালিমী, ভিতৰত এজাক মৌমাখিৰ কোৰ্হালত ‘মই’জনীৰ মৌনতা, অবুজ ভাবনাত ডুব গৈ থকা নাৰী ৰূপী গধূলিৰ ৰহস্যময়তা। সন্মুখত সেয়া নাহৰৰ বাট, তুমি দেখুওৱা বাট, সােণাৰুৰে ঢকা সােণৰ বাট।

—তােমাৰ ছায়া

□□

(১৫)

নৈঋত তােমালৈ বুলি....

 ‘তই অফিচৰ পৰা আজি সােনকালে আহিব পাৰিবিনে?’– ব্রেকফাষ্ট কৰি থকাৰ পৰা মেঘালীয়ে সুধিলে মােক।

 ‘কিয় বাৰু?’– মই সুধিলোঁ। [ ২৯ ]  ‘বৰুৱা চাৰৰ ঘৰৰ পৰা আহিম বুলি ভাবিছোঁ’ মােৰ মুখলৈ নােচোৱাকৈ মেঘালীৰ উত্তৰ।

 ‘কোন বৰুৱা ছাৰ অ?'— মই আকৌ সুধিলোঁ।

 ‘ইউনিভাৰছিটিৰ নৈঋত বৰুৱা ছাৰৰ কথা কৈছোঁ অ।’

 হাতুৰী এটাই বুকুখনত ধামকৈ মাৰি দিয়া কোবটো চম্ভালি কোনােমতে ক’লাে— ‘কেলেই যাৱনাে ছাৰৰ ঘৰলৈ?’

 ‘আৰে বিয়ালৈ মাতিবলৈ আক’– মেঘালীয়ে খাই থকাৰ পৰাই ক’লে।

 ‘হ'ব বাৰু, অফিচৰ পৰা সােনকালে আহিবলৈ চেষ্টা কৰিম। সেপটো ঢুকি কোনােমতে ক’লে।

 নৈঋত, সেই যে মেঘালীয়ে ৰাতিপুৱাই মােৰ হৃদয়খন হাহাকাৰৰ ঢৌৰে উখল-মাখল কৰি পঠিয়াইছিল, গােটেই দিনটো কোনাে কামতে মন বহা নাছিল মােৰ। তােমাৰ ওচৰলৈ যাম নে নাযাম একো সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। তােমাক যে কথা দিয়া আছিল, কেতিয়াও তােমাৰ ঘৰৰ ওচৰত, পৰিয়ালৰ মাজত থিয় নিদিওঁ বুলি, কি কৰোঁ মই?

 গােলাপৰ পাহি কেইপাহ যেন এপাহ এপাহকৈ ছিঙি ছিঙি আওৰাম, যাম, নাযাম....যাম, নাযাম....।

 যাম...যামেইতাে। বাস্তৱৰ পৰা পলাম কিয়? যাম মই। মুখামুখি হ'ম এবাৰ। আজি এবছৰে তুমি মােক উপহাৰ দিয়া উজাগৰী নিশাবােৰৰ হিচাপ দিবলৈকে তােমাক এবাৰ লগ পােৱাটো অতি জৰুৰী।

 হয় নৈঋত, তােমাৰ পদূলিত ভৰি দিম মই। বাঁহীসুৰীয়া ৰাতিয়েও যে আকোৱালি লয় সৰাপাতৰ আৰ্তনাদ, তাকে বুজাবলৈ তােমাৰ পদূলিত ভৰি দিম মই।

 অফিচৰ পৰা সােনকালেই আহিলোঁ। লেপটপটো টেবুলখনলৈ দলিয়াই দি মেঘালীক চিঞৰিলোঁ—

 ‘মেঘালী সােনকালে ৰেডি হ, ক’ত যাব লগা আছে ব’ল।’

 বাথৰূমত সােমাই বহুত দেৰি শ্বাৱাৰৰ তলত নিজকে এৰি দিলোঁ। ভিতৰৰ বিবেকৰূপী ছায়াজনী ওলাই আহি তিৰস্কাৰেৰে ওপচাই দিলে মােৰ আৱেগ ভৰা মন। ইমান দিনৰ মূৰত এয়া কি জেদে মূৰত কিটকিটালেহি, কিয় লগ পাব লাগে তােমাক? এয়াতাে সুখৰ মিলন নহয়। মনৰ মাজত কঢ়িয়াই ফুৰা কেইটামান ‘কিয়’ৰ উত্তৰ হয়তাে পাব পাৰোঁ, কিন্তু কি লাভ হ'ব? গৈ গৈ আকৌ সেই বিপৰীতমুখী সমান্তৰাল যাত্রা, লগ পােৱাৰ সম্ভাৱনাৰ ঘৰত এটা ডাঙৰ শূণ্য৷

—তােমাৰ ছায়া

□□

(১৬)

নৈঋত তােমালৈ বুলি....

মেৰা কুছ চামান তুমহাৰে পাচ পৰা হে
ঔ ছাৱন কে কুছ ভিগে ভিগে দিন ৰখে হে।
ঔৰ মেৰে এক খত মে লিপতি ৰাত পৰি হে।
ঔ ৰাত বুঝা দো
মেৰা ঔহ চামান লওটা দো।

 তােমাৰ পদূলিত যেতিয়া ভৰি দিছিলোঁ, তেতিয়া অজান শংকাত বুকুখন কঁপি উঠিছিল। ভিতৰত যেন বাৰিষাৰ পােনাৰ উজান, পুঠি মাছৰ খলখলনি। মােক দেখি কেনে প্রতিক্রিয়া হ'ব বাৰু তােমাৰ? সেউজৰঙী ঘৰটো পােৱাৰ আগতেই গাড়ীখন ৰখাই দিলোঁ। [ ৩০ ]  ‘মেঘালী মই নাযাওঁ, তই যা। মোৰ আনইজি লাগিছে। যাবলৈ মন নাই।'
 মেঘালী অলপ আচৰিত হ'ল। সুধিলে—
 ‘কেলেই নাযাৱ?'
 'নাই অ, মই গাড়ীতে বহোঁ। যা তই'— গাড়ীৰ ছিটত মূৰ পেলাই মই কৈ উঠিলোঁ। বৰ দুৰ্বল লাগি গ'ল হঠাতে।
 মেঘালীক ক'লো— 'শুন মেঘা। তই ছাৰক গাড়ীলৈকে লৈ আনিব পাৰিবিনে?'
 গাড়ীত বহি থাকোতেও কিবা-কিবিবোৰ মনলৈ আহি থাকিল। কি বিচাৰিম মই তোমাক? তোমাৰ ওচৰত থাকি যোৱা মোৰ বস্তুবিলাক ঘূৰাই ল'বলৈকে আহিছোঁ নেকি বাৰু? কিয় যে আহিছোঁ মই বুজি পোৱা নাই। সেই যে মোক তুমি সেইদিনা আদবাটত এৰি উধাও হৈ গৈছিলা, তোমাক দেখিয়েই সেই কথাটো মনত পৰি গ'ল। গৰম তেজ এজোলোকা বুকুৰ পৰা মূৰলৈ আৰু মূৰৰ পৰা ওঁঠলৈ ‘কিয়’ প্ৰশ্ন কেইটাৰ ৰূপত হোলোকা হোলোকে বৈ আহিছিল।
 হয় নৈঋত, তোমাক এনেদৰে অপমান কৰাৰ আখৰা মই কেতিয়াও কৰা নাছিলোঁ। শব্দবোৰ শানিত কটাৰীৰে হনাৰ পাছতো তুমি ইমান নিৰ্বাক হৈ ৰৈছিলা। তোমাৰ নৈঃশব্দই জুই বৰষাইছিল৷ তোমাৰ নিস্তব্ধতাই মোৰ ওঁঠযোৰত উন্মাদনা সানিছিল। ‘কিয়’ প্ৰশ্নকেইটাৰ কাৰক বিচৰাৰ নামত তেতিয়া উদ্মাদিনী মই।
 মোৰ সেই উন্মত্ত ৰূপত তুমিও হতবাক হৈ পৰিছিলা। তোমাৰ যে মুখখনলৈকো চোৱা নাছিলোঁ মই। ভিতৰৰ ক’লা- নীলা তেজখিনি মই মাথোঁ তোমাৰ গালৈ ছটিয়াই গৈ থাকিলোঁ। তোমাৰ প্ৰতিক্ৰিয়া জনাৰো আগ্ৰহ নাছিল মোৰ।
 মই যে মোৰ বস্তুবোৰ ঘূৰাই দিয়া বুলি কওঁতে তুমি ভিতৰৰ পৰা মোৰ দুখন ফটো, গ্ৰীটিংছ কাৰ্ড আনি মোৰ হাতত তুলি দিছিলা! উসঃ কিয় যে কিছুমান বস্তু তুমি এতিয়াও ৰাখি থ’লা নৈঋত? হাতত ধৰাধৰিকৈ সেই সোণাৰুবুলীয়া খোজবোৰৰ লহৰ, মোৰ কপাললৈ বাগৰি অহা অবাধ্য চুলিকেইডালত তোমাৰ হাতৰ বুলনি, অভিমানী থুঁতৰিত তোমাৰ হাতৰ মৰমৰ পৰশ, এইবোৰ কেনেকৈ বিচ্ছিন্ন কৰোঁ নৈঋত? ইমান সহজ আছিল নে নৈঋত, ফটো দুখনৰ স’তে জড়িত স্মৃতিবোৰ মানসপটৰ পৰা মচি দিবলৈ? সেইখিনিও তুমি ঘূৰাই দিব পাৰিবানে নৈঋত? এবছৰীয়া বিচ্ছেদ, এবছৰীয়া উপেক্ষা, এবছৰীয়া নিৰুত্তৰতাৰ অন্তত মই যেন কফিনৰ অন্তিমটো গজাল মাৰিবলৈকে তোমাৰ ওচৰলৈ আহিলোঁ। হেঁপাহখিনিয়ে ৰাউচি জুৰাৰ সময়ত বগা পখিলা চাৰিজনী আহি কফিনটো দাঙি নি কবৰস্থ কৰিছিল। ওপৰত ক’লা ফুল থুপি ছটিয়াই মই উভতি আহিছিলোঁ এটি প্ৰস্তৰ হৈ।
 ...এক অকেলী ছত্ৰি মে জব
 আধো আধে ভিগ ৰহী থী
 আধে চুখে আধে গিলে
 চুখাতো মে লে আয়ী থী
 গিলা মন চায়দ বিস্তৰ কে পাচ পৰা হে,
 ও ভিজৱা দো,
 মেৰা ঔ চামান লওটা দে।
 *  * * *
 চাৰি বছৰৰ আগৰ দিনকেইটালৈ মনত পৰিল। কেনেকৈ জাকি মাকি উৰিছিল হিয়াৰ পখিলাবোৰ। তোমাৰ এটা চাৱনিতে গলি শেষ হৈছিল মোৰ শিলহেন অন্তৰ। মই যেন অসূৰ্যস্পৰ্শা এপাহি কলিহে আছিলোঁ। মোক চোৱাৰ আবেদন, মোক চুই চোৱাৰ নিবেদন, মোক নিজৰ কৰাৰ সপোেন, মোৰ বুকুৰ দুণৰিত ফুলাব বিচৰা ফুলপাহ- সকলোবোৰ যে এক লহমাতে শেষ হৈ গৈছিল।
 তুমি জানানে নৈঋত, মই আৰু জীয়াই থকা নাই৷ মই মোৰেই সমাধিত বহি আছোঁ। চকুলো টুকি।
 কি কৰোঁ মই? হিয়া ভগাৰ শব্দত এবাৰ পৰি ৰৈছোঁ, এবাৰ ধহমহকৈ উঠি বহিছোঁ, এটুকুৰা এটুকুৰাকৈ [ ৩১ ] বুটলিছোঁ ভগ্ন হৃদয়ৰ টুকুৰা।

 কেনেকৈ জোৰা লগাওঁ মই? মইতাে শেষ বিন্দুটো বিচাৰি তােমাৰ পদূলিত খােজ বুলােৱা নাছিলোঁ৷

 শিলেও হেনাে কথা কয়। মই নামৰ শিলছটা তেতিয়া নির্বাক। দুচকুত কাজলৰঙী বিষাদ। বিষাদৰ চকুপানী। পুনঃবিচ্ছেদৰ চকুপানী, অবিশ্বাসৰ চকুপানী, তােমাৰ অৱজ্ঞা মিশ্রিত চাৱনিৰ চকুপানী। আৰু বুকুৰ মাজত তেতিয়া হাহাকাৰৰ প্ৰতিবাদী সমদল। বাট এৰি অবাটে যােৱাৰ প্ৰতিবাদত।

—তোমাৰ ছায়া

□□


(১৭)

নৈঋত তোমালৈ বুলি....

 দূৰৈৰ পৰা অহা মােৰ মাত এটাই কাণৰ ওচৰত বাৰে বাৰে সিঁয়াৰি থাকিল। মই সাৰ পাই চকু মেলিলোঁ। বৰ অৱশ লাগিল। ক’ত আছোঁ মই? এয়াতাে মােৰ চিনাকি পৰিৱেশ নহয়। চকু ফুৰালোঁ চাৰিওফালে। মেঘালীক দেখিলোঁ। খিৰিকীৰে বাহিৰলৈ চাই আছে। কিন্তু মই আছোঁ ক’ত? একো বুজি পােৱা নাছিলোঁ।

 ‘মেঘালী’।

 ‘অ’ তই সাৰ পালি?'— মেঘালীয়ে মােৰ ফালে ঘূৰি চালে।

 ‘ক’ত আছোঁ মই?’— মােৰ কুঞ্চিত ভ্ৰূ।

 ‘হস্পিতেলৰ বেডত’— মেঘালীৰ উত্তৰ ।

 ‘‘কিয়? কিহৰ কাৰণে?’—মােৰ আচৰিত হােৱাৰ পাল।

 ‘তােৰ একো মনত নাই?’— মেঘালীৰ নিৰুদ্বেগ উত্তৰ।

 ‘নাইতাে, কি হ’ল খুলি ক'চোন?’— মই সুধিলোঁ৷

 ‘কালি তই মূৰ ঘূৰাই পৰি গৈছিলি।’—মেঘালীয়ে ক'লে।

 ‘হয় নে কি? কত পৰিলাে বাৰু? কেনেকৈ?’— আকৌ সুধিলোঁ মই।

 ‘গাড়ীৰ পৰা নামিয়েই ছায়া। গেট খুলি থাকোঁতেই তই পৰি গ'লি।’ মেঘালীয়ে উত্তৰ দিলে।

 মনত পেলাবলৈ চেষ্টা কৰিলোঁ কি হৈছিল মােৰ। মনত পৰিল কালিৰ অভিশপ্ত সন্ধ্যাটোৰ কথা। সেই যে তােমাক শব্দৰ গুলীৰে থকাসৰকা কৰি আহি নিজৰ হৃদয়ত বন্দুক টোঁৱাই ট্রিগাৰ টিপিছিলোঁ। মােৰ ভিতৰৰ পৰা আত্মাজনী ওলাই ঢলি পৰিছিল। মৃত আত্মা। কোনে কয় আত্মাৰ মৃত্যু নহয় বুলি। মইতাে কালি নিজ হাতেৰে মােৰ আত্মাজনীক কফিনত ভৰাই পঠিয়াইছোঁ। বগা পখিলা কেইজনীলৈ মনত পৰিল। কফিন কঢ়িয়াই নিয়া দৃশ্যটো। ক’লা ফুল ছটিয়াই অহা দৃশ্যটো। তাৰ পাছত.... তাৰ পাছত দেখােন মনত পৰা নাই। একোকে মনত পৰা নাই মােৰ।

 ‘দাদাক খবৰ দিওঁ নেকি ছায়া?’

 ‘কি খবৰ দিবি মেঘালী?’

 ‘তােৰ গা ভাল নহয় বুলি।’— মেঘালীৰ প্রশ্নবােধক চাৱনি।

 ‘নালাগে। মােৰ ভাল হৈ যাব’— মােৰ অনাগ্রহী উত্তৰ।

 নালাগে, মােৰ ওচৰলৈ কোনাে আহিব নালাগে। মই যে অকলে থাকিব বিচাৰোঁ। মােৰ বন্ধ কোঠালীটোলৈ মনত পৰিল। বৰ মনত পৰিল। চকুপানীবােৰ বাহিৰলৈ ওলাই যােৱাৰ সুৰুঙা নৰখা বন্ধ ৰূমটো মােৰ।

 ‘তই কিয় ইমান ভাগি পৰিছ ছায়া’— ঘপহকৈ মেঘালীয়ে সুধিলে।

 ‘মইতাে ভাগি পৰা নাই মেঘালী। মােৰ স্বাস্থ্যৰ কিবা এটা বিজুটি ঘটিছে। ভাগিতে  পৰা নাই। কেলেই তেনেকৈ ভাবিলি ?’

 ‘নহয় ছায়া, তােৰ বেমাৰটো মানসিক। ডাক্তৰে কৈছে কিবা গভীৰ মানসিক আঘাত পােৱাৰ কাৰণে হােৱা [ ৩২ ] বুলি।’— মেঘালীয়ে কৈ উঠিল।

 ‘হাঃ হাঃ... থ তােৰ ডাক্তৰ, কোন হে সেইজন? বেমাৰেই ধৰিব পৰা নাই।’— মই হাঁহি দিলো।

 ‘মানসিক আঘাত পাবলৈ মনটো জীৱিত থাকিব লাগিবতাে। মৃত মনটোক কোনােবাই আঘাত কৰিলেও অনুভৱ হ'ব জানাে? নিজকে নিজে কৈ উঠিলোঁ।

 ‘চাচোন তােৰ চেহেৰাটো। কি বিধ্বস্ত ৰূপঙ্গ তােৰ মায়ে দেখিলে কান্দি দিব।’— মেঘালীয়ে দুখমনে কৈ উঠিল।

 ‘কি হ'ল মােৰ চেহেৰাটোৰ ? কি হ'ল? গালখন চুই চালোঁ। বৰ শুকান যেন লাগিল। নাই, মই বিধ্বস্ত ৰূপত থাকিব নিবিচাৰোঁ। একেবাৰে নিবিচাৰোঁ। মােক দাপােণখনৰ ওচৰলৈ লৈ যােৱা। খহাই পেলাম বিধ্বস্ততাৰ আবুৰ, দুহাতেৰে বােলাম জীৱনৰ ৰহণ।

 তােমালৈ মনত পৰিল। এবাৰ যে মােৰ ফুড পইজনিং হৈ উঠিব নােৱৰা হৈ গৈছিলোঁ। তুমি ৰূমৰ পৰা দাঙি নি হস্পিতেল পােৱাইছিলাগৈ। গােটেই ৰাতি মােৰ হাতত ধৰি বেডৰ কাষত বহি ৰৈছিলা।

 ‘ভাল হৈ যাব ছায়া, ভাল হৈ যাব। চিন্তা নকৰিবা।’— এই বাক্যশাৰী তুমি কিমানবাৰ কৈছিলা মনত পৰেনে নৈঋত? তাৰ পাছত মােৰ খােৱা-বােৱাৰ সম্পূর্ণ দায়িত্ব তুমি লৈছিলা। মেনুৰ পৰা জাংক ফুড তেতিয়াই বাহিৰ হৈছিল। বৰ স্বাস্থ্য সচেতন আছিলা তুমি। তােমাৰ স্বাস্থ্য সচেতনতা ময়াে গ্ৰহণ কৰিছিলোঁ। পুৱাৰ জগিঙৰ পৰা ৰাতিৰ ঠাণ্ডা গাখীৰ গিলাচলৈকে।

 ‘মেঘালী ইয়াৰ পৰা যাওঁ বল। সােনকালে ৰিলিজ দিবলৈ কথা পাত।’

 ‘অলপ ধৈর্য ধৰ ছায়া। ডাক্তৰৰ লগত কথা পাতি লওঁ।’

 মৌন হৈ ৰলোঁ মই। যিমান মন গ'লেও মই এতিয়া তিনিকোঠলিয়া ফ্লেটত ভৰি দিব নােৱাৰিছোঁ। নিজৰ ইচ্ছত জীৱন নচলে কেতিয়াবা। আমাৰ প্রত্যেকৰে হাত ভৰি বন্ধা। মুকলি হােৱাৰ সপােনহে দেখোঁ। সপােন দেখি অভিনয় কৰোঁ। তােমাৰ বন্ধ জপনাৰ বাহিৰত যে মােৰ মনটো এৰাল ছিগি ৰৈ থাকেগৈ মােৰ অজ্ঞাতে। প্রত্যেকবাৰেই ধৰি আনি বান্ধি থওঁ। বান্ধোতে বান্ধোতে সি মােৰ তিনিকোঠলিয়া ফ্লেটত বন্দী হৈ ৰ'ল। বান্ধোনৰ হেঁচাত ক্ষত-বিক্ষত মনটোৰ পৰা কালি সন্ধ্যা নীলা তেজবােৰ উলিয়াই দি সি এতিয়া ৰক্তকণাহীন। মৃত সেয়ে, যিহৰ ওপৰত প্রাণ বৰষিবলৈ ডাক্তৰী চিকিৎসাৰ সাধ্য নাই। মােৰ দৰকাৰ সেই সঞ্জীৱনী ঔষধৰ— তােমাৰ অনুভৱৰ বেথা ঢালি যি মােক কৰি তুলিব জীপাল, উমাল আৰু আঘােণী পথাৰখনৰ দৰে সােণাল।

 হয় নৈঋত, তিনিকোঠলিয়া ফ্লেটত মােৰ টেবুলখনৰ কলমটোৰ আগেৰে ওলােৱা একো একো শব্দইহে যদি প্রাণ দিব পাৰে মােৰ মৃত আত্মাত। মই যে এতিয়া হুমুনিয়াহবােৰ শব্দলৈ, শব্দবােৰ ভাষালৈ আৰু ভাষাবােৰ হাজাৰজনৰ হৃদয়লৈ বাট বুলােৱাৰ কঠোৰ সংগ্ৰামত ব্ৰতী হ'ব বিচাৰোঁ।

—তোমাৰ ছায়া

□□


(১৮)

নৈঋত তোমালৈ বুলি....

 হস্পিতালৰ পৰা আহিয়েই বিছনাত পৰি ৰৈছোঁ। উঠিবলৈকো মন যােৱা নাই দেখােন। মােৰ এই ৰূপ মেঘালীৰ সহ্য হােৱা নাই।

 ‘তােৰ খােৱা-বােৱাত একেবাৰে মন নাই যেন লাগিছে। আজি মই ৰান্ধি খুৱাম ৰ’। তােৰ বেমাৰ ঠিক হৈ যাব মােৰ হাতৰ সােৱাদত।’— মেঘালীয়ে কৈ উঠিল।

 মই দুর্বল হৈ আছোঁ। অলপ অৱশ। অলপ পৰিপুষ্টিৰ অভাৱ। বহুদিনেই হ’ল অকল জীয়াই থাকিবৰ কাৰণে কোনােমতে পেট ভৰাইছোঁ। কি সােমাইছে পেটত গম নাপাওঁ।

 ‘কি খাবি ক’ | শিঙি মাছৰ জালুকীয়া নে পাভমাছ-মানিমুনিৰ জোল? নে লােকেল চিকেন। লৈ আনােগৈ [ ৩৩ ] মই?’– মেঘালীৰ প্ৰশ্ন।

 ‘মোৰ কথা বাদ দে। তোৰ যি মন গৈছে, তাকেই আনগৈ যা। মই নিৰামিষভোজী।’— ঈষৎ হাঁহিৰে মই উত্তৰ দিলোঁ।

 ‘কি কৈছ তই? তই মাছ নাখাৱ? মেকুৰীয়ে মাছ নাখায়, আচৰিত।’—মেঘালীৰ আশ্চৰ্যৰ সীমা নাছিল।

 কেনেকৈ কওঁ তাইক, মাছ ভজাৰ গোন্ধত ৰ’ব নোৱাৰা মইজনীয়ে যে সেইদিনাই মাছ এৰিছিলোঁ যিদিনা তোমাৰ মুখখনে মোক বৰকৈ আমনি কৰিছিল। জেদৰ নিচাৰ পেগত মোৰ ভালপোৱা বস্তুবোৰ মিলাই দি এঢোক এঢোককৈ পান কৰিছিলোঁ ত্যাগৰ মদিৰা। মৰমৰ মানুহজনৰ পৰাই যদি আঁতৰিব পাৰিলোঁ, বাকীবোৰতো নগণ্য মাথোঁ।

 কিটচেনত সোমাই তাই বস্তুবোৰ চিজিল লগাবলৈ আৰম্ভ কৰিলে। আচাৰৰ বটলবোৰ চিজিল লগাবলৈ গৈ তাই ভাগৰি পৰিল। ইমানবোৰ আচাৰ। ক’ৰ পৰা আনিলি?’– মেঘালীয়ে নুসুধি নোৱাৰিলে।

 ‘মই নিজেই কৰিছিলোঁ অ’ মেঘালী। তই ঘৰলৈ লৈ যাবি।’— মই তাইক ক’লো।

 ‘তোৰ হাতৰ আচাৰ? তই কেতিয়া শিকিলি এইবোৰ কাম? তোৰ মায়ে এতিয়াও দুখ কৰি থাকে, তই ঘৰৰ কাম একো নাজান বুলি।’— আকৌ তাইৰ আশ্চৰ্যৰ পাল।

 মনত পৰিল, জীৱনৰ কোনটো বিন্দুৰ পৰা মই এনেকুৱা কামবিলাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তোমাৰ কাৰণেইতো নৈঋত। মই যিমানে আধুনিকা নাছিলোঁ কিয়, তোমাৰ এটা হাঁহিতে মোৰ ভিতৰৰ ‘নাৰীভাব’ জাগি উঠিছিল। নাৰীৰ যে সেইটোৱেই বৈশিষ্ট্য। মৰমত পমে, মৰমত গ’লে, মৰমত বনবাসৰ সংগী হয়, মৰমত জীয়া দেহা চিতাত উঠায়।

 তুমি যে আচাৰ খাই ভাল পাইছিলা। তোমাৰ কাৰণেই বিধে বিধে আচাৰ। জানোচা তুমি ঘপহকৈ আহি ওলোৱাহি আৰু মোক ফৰমাইচ দিয়া, লুচি আৰু আলু ভাজি, লগত জলকীয়াৰ আচাৰ নতুবা বগৰীৰ মিঠা আচাৰ। এতিয়া যে তুমিহীনতা। তথাপি মই বছৰে বছৰে একেখিনি কামকে কৰি যাম। কিজানি কোনোবা দিনা তোমাৰ ভৰি দুখনে গতি সলায়। তুমি ভালপোৱা কামবিলাক, তুমি ভালপোৱা বস্তুবিলাক মই যে সেই আশাতে বিসৰ্জন দিব নোৱাৰিলোঁ।

 সেই যে বগৰীৰ মিঠা আচাৰত সোমাই থকা মৰমখিনি, ঘৰৰ পৰা ডিব্ৰুগড়লৈ আহোঁতে তোমালৈ বুলি কিনি অনা বোকাখাতৰ পেৰাত সোমাই থকা অনুভৱখিনি কিহৰ স’তে জুখিব পৰা যায় এইবোৰ নৈঋত? মনত পৰেনে, তুমি ভালপোৱা বুলিয়েই যে এবাৰ গৰম বুন্দিয়াৰ লাড়ু বনাই মোৰ হাত জ্বলি গৈছিল। তুমি মোক গালি পাৰিছিলা পাগলী বুলি। তোমাৰ মৰমৰ অত্যাচাৰত মই পংগু; মোৰ মৰমৰ অত্যাচাৰত তুমি পংগু। ভালপোৱাক ইয়াতকৈ বেলেগ কিহেৰে প্ৰকাশ কৰিব পাৰি নৈঋত?

 মোৰ তিনিকোঠলিয়া ফ্লেটৰ প্ৰতিটো বস্তুৱেই তোমাক চিনি পায়। কলিংবেলত তুমি অহাৰ সুৰ ভাঁহি অহাৰ লগে লগে সকলোবোৰ বস্তুৱেই যেন প্ৰাণ পাই উঠে। চোফাযোৰেও কাপোৰ-কানি পিন্ধি সষ্টম হৈ পৰে। কিটচেনটোৱেও ধুনীয়া হ’বলৈ চেষ্টা কৰে। টি ভিটোৱে.... আলনাডালেও। আলমাৰীটোৰ কথাটো ক’বই নালাগে। ড্ৰেচিং টেবুলখন আৰু এখোপ চৰা। সিহঁতৰ উথপথপত মইজনী ক’ৰবাতে পৰি ৰওঁ। সকলোকে সন্তুষ্ট কৰি কৰি যেতিয়া তোমাৰ বুকুত ভাগৰুৱা মূৰটো পেলাই দিওঁ, তেতিয়া সিহঁতকেইটাই লাজতে চকু মুদি দিয়ে। নেপথ্যত তেতিয়া এটা সুৰ ভাঁহি আহে। গৰখীয়া বাঁহীৰ সুৰ। কৰুণেই নে ভৰুণ আজিও বুজি নাপালোঁ সেই সুৰৰ লহৰ।

 সেই সুৰত মই আজিও পংগু। পংগু যে মোৰ কোঠালীৰ প্ৰতিটো বস্তু। ‘তুমি’ নামৰ ভালপোৱাই অকল যে জীৱনতে প্ৰাণ সঞ্চাৰ কৰিছিল তেনে নহয়; জড়তাতো প্ৰাণ বোলোৱা তোমাৰ ভালপোৱা। তাতেই তোমাৰ অহংকাৰ নহয়নে নৈঋত?

 জানানে নৈঋত, তুমি ডাষ্টবিনলৈ দলিয়াই দিয়া অদৰকাৰী হেন এই কথাবোৰ মই বুটলি আনি চাদৰ এখন ব’বলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াই। চাদৰখনৰ কিছুমান কথা মৰমৰ সূতাৰে গাঁঠি দি দহি বটিবলৈ আৰম্ভ কৰিছিলোঁ সেই তেতিয়াই। আকুলতাৰ বুটাৰে ফুল বাচি চানেকি তুলিবলৈ আৰম্ভ কৰিছিলোঁ সেই তেতিয়াই। [ ৩৪ ]  সেই চাদৰখন এতিয়া বৰপেৰাত। সযতনে থোৱা আছে যে প্ৰতিটো কথা। তুমি যেতিয়াই যিষাৰ কথাই বিচাৰিবা, চাদৰখনৰ জাপৰ পৰা বিচাৰি উলিয়াই ল’ব পাৰিবা। তাতেই তোমাৰ অহংকাৰ নহয়নে নৈঋত?

—তোমাৰ ছায়া

□□

(১৯)

নৈঋত তোমালৈ বুলি....

 মাৰ্চৰ দহ তাৰিখ আছিল সেইদিনা। কিবা কামত গুৱাহাটীলৈ যাবলৈ ওলাইছিলোঁ। তুমি একেষাৰে আপত্তি কৰিছিলা—

 ‘তুমি নহ’লে কাৰ স’তে ফাঁকু খেলিম?

 মই কৈছিলোঁ বেছি দিন গুৱাহাটীত নাথাকোঁ বুলি। বৰ নিৰাশ হৈ পৰিছিলা তুমি। তোমাৰ আকুলতাখিনিক ত্যাগিব নোৱাৰি মই দুদিনতে কাম সামৰি ঘূৰি আহিছিলোঁ। লৈ আনিছিলোঁ তোমালৈ মৰমৰ টোপোলা- তোমাৰ প্ৰিয় বোকাখাতৰ পেৰা। বৰ মিঠাইবলীয়া আছিলা তুমি। নাইট জাৰ্ণি কৰি আহি ৰূমত ভৰি দিয়াৰ পাছতে তুমি ঢাপলি মাৰি আহিছিলা মোৰ ওচৰলৈ। মই আহিব নালাগে বুলি কোৱা হাজাৰটা অনুৰোধ অগ্ৰাহ্য কৰি তুমি মোৰ ৰূমৰ কলিং বেল বজাইছিলাহি। মোক দেখাৰ লগে লগে মোলৈ ৰ’ লাগি চাই ৰৈছিল। কৈছিলা—

 ‘বৰ ধুনীয়া লাগিছে তোমাক ছায়া।’

 ‘হা? ইমান টায়াৰ্ড হৈ আছোঁ। তুমি ধুনীয়া দেখিলা?’– মই লাজতে মুখ ঘূৰাই দিছিলোঁ।

 ‘নহয়, তুমি বিন্দি লৈছা যে, বিন্দি নহয় যেন মোৰ ক্ষুদ্ৰ ধৰিত্ৰীৰ নাভিমণ্ডল। বিন্দিটো নেৰিবা তুমি। মোৰ নামত ল’বা। ডাঙৰকৈ ল’বা। বৰ ধুনীয়া লাগে তোমাক।— তুমি বৰ আৱেগেৰে কৈছিলা।

 নৈঋত, সেই তেতিয়াৰ পৰাই মই তোমাৰ নামত পৃথিৱীৰ নাভিমণ্ডলত কপাল গুঁজি দিছোঁ। তোমাৰ অনুৰোধ এৰিব পাৰিম নে নৈঋত মই? পাৰিম নে কেতিয়াবা?

 ‘সুখৰ হেনো কোনো স্মৃতি নাথাকে, স্মৃতি থাকে কেৱল দুখৰ।’ মোৰ যে স্মৃতি ভৰি আছে তোমাৰ আকুলতা, হৃদয়তা, তোমাৰ অধিকতা। চকু মুদিলেও কল্পনা কৰিব নোৱাৰোঁ তোমাৰ ঋণাত্মক ৰূপ। তুমি যে এতিয়াও মোৰ বাবে অতীত হৈ যোৱা নাই। অতীতৰ ৰঙেৰে বোলোৱাৰ ইচ্ছা সেয়ে মোৰ নাই। মোৰ জীৱনৰ বৰ্তমানৰ ৰং তুলিকাৰ সমাহাৰ তুমি। সম্পৰ্কৰ মহত্ব বুজি পোৱা যদি, এবাৰ পাছলৈ ঘূৰি চাবা নৈঋত। অনুভৱ কৰি চাবা, বুকু ভৰাই ইমান উশাহ মই কাৰ বাবে লৈছিলোঁ, অনুভৱ কৰি চাবা এবাৰ, কাৰ ৰঙেৰে ৰাঙলী হৈ মই হৃদয়ৰ ফাঁকু খেলিছিলোঁ। যি উশাহৰ ভৰত, যি ৰঙৰ আতিশয্যত এতিয়া অস্থিৰ মোৰ বুকু।

 কাইলৈ হোলী। বৰ মনত পৰিব তোমালৈ। হোলীৰ এচিকূট তেজাল ৰং আৰু মোৰ গালত তোমাৰ আঙুলিৰ পৰশ— সেই সপোনে কন্দুৱাব গোটেই ৰাতি।

 দুষ্ট ফাগুনৰ পছোৱাত, আকাশখন ফাঁকুৰে বৰ্ণিল হোৱা সময়তো অকলশৰে উচুপি উঠে হৃদয়, তথাপি প্ৰেম বন্ধ কোঠাত। প্ৰেম অভিমানী। প্ৰেম অবুজন। লঠঙা গছৰ ফেৰেঙণিত ওলমি ৰোৱা হৃদয়ৰ বিৰহত প্ৰেম ৰোহঘৰত।

 সমাজৰ আগত নোৱাৰিলেও ভগৱানৰ ওচৰত তুমি মোক পত্নীৰ মৰ্যাদা দিয়াৰ কথা কৈছিলা। আঙুলিৰ তেজেৰে শিৰ বুলোৱাৰ কথা কৈছিল। ‘নালাগে সোণ’– বুলি মই বাধা দিছিলোঁ, ‘নিপিন্ধিলোঁৱেই যেনিবা তোমাৰ আঙুলিৰ তেজ, সেই মৰমৰ কৃপণালী নকৰিবা মাথোঁ।’ সেই কথা হয়তো তোমাৰ পাহৰণিৰ গৰ্ভত। মই পাহৰিবলৈ চেষ্টা কৰিলেও কিছুমান কথাই দুষ্টামি কৰি ফৰিংজনীৰ নিচিনাকৈ জঁপিয়াই জঁপিয়াই মোৰ ওচৰ পায়হি, কান্ধত বহি লয়হি।

 ‘তোমাৰ জন্মদিনত মই উপবাসে থাকিম।’—তোমাক লগ পোৱাৰ প্ৰথমটো জন্মদিনত তুমি ঘোষণা [ ৩৫ ] কৰিলা।

 ‘কিয়? কিয় নিজকে শাস্তি দিব লাগে? নহ’ব। নালাগে উপবাস খাটিবলৈ’– মই আপত্তি কৰি কৈ উঠিছিলোঁ।

 নৰজিল মোৰ আপত্তি। জন্মদিনৰ দিনা লগ পাওঁ তোমাক। তোমাৰ শুকান মুখৰ মাজৰ চকুৰ উজ্বলতাত আৱেগ আৰু মৰম একাকাৰ হৈ মোৰ চকুহালি মেঘালী হৈ পৰে। বছৰে বছৰে একেই পট। কেনেকৈ বুজাওঁ তোমাক মই, ভালপোৱাৰ প্ৰমাণ দিবলৈ মোক এইবোৰ একোৰে প্ৰয়োজন নাই। মই জুখিব নাজানো নেকি প্ৰেম? তোমাৰ ছয় ফুট উচ্চতাতকৈ হাজাৰ ফুট উচ্চ মোৰ প্ৰেম, তোমাৰ দুচকুৰ ৰক্তিমতাতকৈ ৰক্তিম মোৰ হৃদয়ৰ কোঁঠ। তোমাৰ প্ৰেমেৰে জীপাল মোৰ বুকুৰ দুণৰি, বুজিব পৰাকৈ ইমান চহকী জানো তুমি?

 ফৰিংজনীয়ে দেও দি দি নাচিয়েই আছে। তোমাৰ সংগৰে সংলগ্ন লগনবোৰেৰে মোৰ ওঁঠলৈ, মোৰ চকুলৈ আনি দিয়ে এটা মিঠা হাঁহি। ফৰিংজনীয়ে কঢ়িয়াই অনা হাঁহি। হাঁহিবোৰ ওঁঠতে লাহে লাহে মাৰ যায়। তাইৰ উৎপাতত চকুৱে দুখ পায়। দুচকু ভাঁহি আহে। চকুপানী এটোপাল টেবুলত পৰে। মই সুধিলোঁ চকুলো টোপালক, ‘কিয় ওলাই আহ বাৰে বাৰে?’ চকুপানীজনীয়ে উত্তৰ দিলে—‘তোমাৰ চকুত যে সাঁচি থৈছা প্ৰিয়জনৰ ছবি, মোৰ স্থানেইবা ক’ত?’ এইবাৰ তোমাৰ ছবিখন সামৰি ললোঁ। ফৰিংজনীৰ ভৰিত সূতা এডাল বান্ধি দি এচুকত পেলাই থ’লোঁ। দুৱাৰখন বন্ধ কৰি ওলাই আহিলোঁ। হৃদয়ৰ দুৱাৰখন।

 বহুত কাম আছে মোৰ। কলমটো তুলি ল’লোঁ। এতিয়া মোৰ এটাই লক্ষ্য। হুমুনিয়াহবোৰ শব্দলৈ আৰু শব্দবোৰ ভাষালৈ আৰু ভাষাবোৰ হাজাৰজনৰ হৃদয়লৈ.....।

-তোমাৰ ছায়া

❑❑

(২০)

নৈঋত তোমালৈ বুলি..

 মেঘালী গ’লগৈ। দুযোৰ অঞ্জনাভি মেঘেৰে আমি ইজনীয়ে-সিজনীক বিদায় দিলো। যোৱা ৰাতিলৈকে অভিমান তাইৰ। তাই বুজিব নোৱৰা অলেখ প্ৰশ্নৰে, মোক বুজাব নোৱৰা অলেখ উত্তৰেৰে তাই হাৰ মানিছিল অৱশেষত।

 ‘তাৰমানে তই চিংগল হৈ থকাৰ সিদ্ধান্ত লৈছ?’– খু-দুৱনি মাৰ নিয়াবলৈ মেঘালীয়ে সুধিছিল।

 ‘এতিয়াতো একো ভবা নাই। এইটো মোৰ কঠোৰ সিদ্ধান্ত নহয়। পাছত দেখা যাব’– মই ক’লোঁ।

 ‘টাইম ইজ দ্য মেডিচিন টু হীল দ্যা পেইন। কিন্তু তোৰ সাতাইশ বছৰ হ’লেই। মাৰ কথা এবাৰলৈ চিন্তা কৰ। তেওঁতো একেবাৰে অকলশৰীয়া। তোক লৈ এটা সপোন তেঁৱো দেখে। দায়িত্ব পালনৰ অজুহাত। মোক কৈ থাকে তোক বুজাবলৈ।’– মেঘালীৰ বুজনি।

 ‘এহ, মাৰ কথা নক’বি আৰু মেঘালী। মা নিজেই তেনেকুৱা আছিল। দেউতা ঢুকোৱাৰ পাছত মায়েতো এতিয়ালৈকে নিজৰ কথা কেতিয়াও নাভাবিলে। কলেজৰ অধ্যাপিকা আছিল মা। বহুত সুযোগ পাইছিল। তথাপি মায়ে পুৱা-গধূলি ধূপকাঠিডাল জ্বলাই সদায় দেউতাৰ ফটোখনৰ স’তে কথা পাতে। মোৰতো কিবা এটা আশা আছে, নৈঋতক কেতিয়াবা দেখিম, কথা পাতিম। মাৰ কি আশা আছিল ক’? জাননে মাৰ তেজ যে মোৰ গাত, সেই কাৰণে ময়ো এনেকুৱাই হ'লোঁ নেকি? আৰু কি জান? মাজে মাজে অকলে থাকিবলৈ মন যায় অ’। নিজকে বুজি পোৱা যায়। আমিতো ইমান দিন নিজকে চিনি নাপালোঁ। নৈঋত সম্পৰ্কীয় ঘটনাপ্ৰবাহে মোৰ জীৱনৰ সুঁতি সলাব বুলি মইতো অন্ততঃ কেতিয়াও ভবা নাছিলোঁ। ধেমালি-ধেমালিকৈ আৰম্ভ কৰা সম্পৰ্ক আছিল’— মোৰ স্বীকাৰোক্তি। [ ৩৬ ]  ‘চা ছায়া, ইমানখিনি হৈ গ’ল। নৈঋতৰ ঘৰৰ জপনাখন তই নিজেই চিৰদিনৰ কাৰণে বন্ধ কৰি আহিলি। এতিয়া জানো এইবোৰ চিন্তা কৰি কিবা লাভ আছে? আৰু তই ইমান দুৰ্বল। চকুপানীৰ বাদে কি পাবি?’—মেঘালীয়ে আকৌ মোক বুজাইছে।

 ৰ’ব নোৱাৰিলোঁ মই নৈঋত, হুকহুকাই কান্দি দিলোঁ। চকুপানীৰ কাৰণে দুখ নাই। চকুপানীৰ কাৰণে একেবাৰে আপত্তি নাই। শাস্তি মোৰ প্ৰাপ্য। তোমাক অপমান কৰাৰ পৰিণাম মই পোৱা উচিত। মাথোঁ তোমাৰ হৃদয়ৰ জপনাখন মোৰ বাবে বন্ধ কৰি নিদিবা। যি বাটেৰে কিছুদিন আগলৈকে মোৰ অবাধ অহা-যোৱা, সেই বাটত মই খোজ নেপেলোৱাকৈ কেনেকৈ থাকোঁ?

 ‘মেঘালী তেওঁৰ কিবা এটা সমস্যা হৈছে। নহ’লে তেওঁ কেতিয়াও তেনে নকৰে। তেওঁক মোতকৈ কোনেও ভালকৈ বুজি পাব নোৱাৰে জাননে? একো স্বাৰ্থ নোহোৱাকৈ ইমান ভালপোৱা তেওঁৰ জীৱনৰ একমাত্ৰ নাৰীগৰাকীয়ে হৈছোঁ মই। তেওঁ জানে, বুজে, বুজিও এনেখন কৰিছে। কিবা এটা কাৰণ আছে। মোক ক’ব নোৱৰা কাৰণ। মোৰ দুটোপাল চকুপানীয়ে যদি তেওঁৰ জীৱনলৈ সুস্থিৰতা কঢ়িয়াই আনে, তেন্তে সেয়াই মোৰ কাম্য।’

 মেঘালীও উচুপি উঠিল। ইজনীয়ে-সিজনীক ধৰি কান্দি ৰ’লো বহুত পৰ। তাৰ পাছত তাই ক'লে— ‘বুৰ্বক ছোৱালী, ইমানকৈ ভাল পায় নেকি কাৰোবাক হা? বাদ দে নৈঋতৰ কথা। এটা কথা ক’চোন। তই লিখা কবিতাখিনি প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছনে? বৰ ভাল হৈছে সেইখিনি। গজলৰ ৰূপ দিব পাৰ। খুব ভাল চলিব।’

 ‘ধেই এইজনী, ক’ত পালি সেইবিলাক, কেতিয়া চালি? প্ৰকাশ কৰিবলৈ লিখা নাই অ’। টুকুৰা-টুকুৰি অনুভৱবোৰ এনেই আঁকি গৈছোঁ, যিবোৰক তই কবিতাৰ নাম দিছ। ড° নগেন শইকীয়াদেৱৰ মিতভাষখনৰ পৰা পোৱা উৎসাহ’– চকুপানী মচি মচি মই ক’লো।

 ‘ঠিকেই কৈছ। কিন্তু সেইখিনিয়ে কাৰোবাক উৎসাহ দিব’— মেঘালীয়ে জোৰ দি ক’লে।

 ‘কাকনো উৎসাহ দিব অ’? প্ৰেমৰ পেনপেনীয়া হৃদয়ালাপ এইবোৰ। কাৰ কামত আহিব? ইতো কোনো গাণিতিক সূত্ৰ আৱিষ্কাৰ কৰা নাই নতুবা আৱিষ্কাৰ কৰা নাই আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ সূত্ৰ নাইবা মেক্স প্লাংকৰ কোৱাণ্টাম থিয়ৰী নতুবা প্লেটোৰ ৰাজনৈতিক সমাধান। নিতান্তই ব্যক্তিগত আৰু ঋণাত্মক বিষাদেৰে ভৰপূৰ’– মই মৃদু আপত্তি দৰ্শালোঁ।

 ‘বিষাদ কাৰ জীৱনত নাই অ’। কিছুমানে বেছিকৈ অনুভৱ কৰে, কিছুমানে নকৰে। কৰাখিনিৰ কাৰণে লিখিবি। এই যে তই বিষাদৰ গানবোৰ শুনি আছ, একাত্ম হৈ কাম কৰিছ, কোনোবাই গাইছে কাৰণেইতো শুনিব পাৰিছ, সেইখিনিৰে তোৰ মন পাতলিছে... প্ৰত্যেক সৃষ্টিৰে মূল্য আছে, লক্ষ্য থাকে। গাণিতিক সূত্ৰ আবিষ্কাৰৰ কাৰণে হ'লেও তোৰ দৰে বিষাদযুক্ত সৃষ্টিৰ দৰ্কাৰ। মনত নাই, আমাৰ লগৰ যে অৰিন্দম, কিতাপৰ পোক, কোৱান্টিটেটিভ এপটিটিউদ পেপাৰখনৰ ফুল মাৰ্ক স্কৰাৰ, গজল নুশুনিলে হেনো তাৰ এনছাৰেই নোলায়।’

 ‘নোৱাৰিম মেঘালী, বৰ কষ্ট এটি এটি সৃষ্টিৰ কাৰণে’– মোৰ অহৈতুকী ভয়।

 ‘সৃষ্টিৰ মূলতে কষ্ট থাকে। নাঙলেৰে বুকু নাখান্দিলে ধৰিত্ৰীয়ে কেনেকৈ সৃষ্টি কৰিব জীৱকুলৰ খাদ্য? তোৰ সৃষ্টিয়ে যদি এজনকো উৎসাহ দিয়ে, তেন্তে সেইটো তোৰ ক্ৰেডিট।’– মেঘালীও পিছ পৰি ৰোৱা নাই।

 ‘মোৰ ভগা বুকু। নিজেই নিজক চম্ভালিব নোৱাৰোঁ। লোকক কি উৎসাহ দিম মেঘালী?’— কৈ উঠিলোঁ মই।

 ‘চা ছায়া, ক্ৰেয়ন পেঞ্চিলৰ ভগা টুকুৰাখিনিৰো ৰং থাকে। সেইখিনিয়ে আচল আৰু উজ্জ্বল ৰং যিহেৰে কেনভাচ বুলাব পাৰি। ৰং জীৱনৰ লক্ষ্য। সকলোৱে ৰঙেৰে জীৱন বোলাব বিচাৰে। কিন্তু তই ৰামধেনু চাবলৈ হ’লে অকণমান বৰষুণো আদৰিব লাগিব। তোৰ জীৱনলৈ অহা বৰষুণজাকে কাৰোবাক ৰামধেনুৰ স’তে পৰিচিত কৰাব। মোৰ দৃঢ়বিশ্বাস’— মেঘালীয়ে ক'লে।

 ‘হ’ব দে, ইমান ফিল’ছফি জাৰিব নালাগে। লিখি আছোঁ, লিখি থাকিম’– মই হাঁহি দিলোঁ জোৰেৰে। তায়ো। দুয়োজনীয়ে। ঠিক যেন ৰ’দ বৰষুণৰ মিলনত শালিকী-শিয়ালৰহে বিয়া।

 তাৰ পাছত তাই আকৌ আৰম্ভ কৰিলে— ‘ছায়া, ডিব্ৰুগড়ত কোন আছে তোৰ? ইয়াৰ পৰা ওলাই ব’ল। [ ৩৭ ] একেলগে থাকিম।

 মই চিঞৰি দিলোঁ—নাই, নাই, মই এই ঠাই এৰিব নােৱাৰোঁ। ইয়াত মই মােৰ শিৰাই শিৰাই অনুভৱ কৰোঁ তেওঁৰ উপস্থিতি। প্ৰতিটো বাটে এতিয়াও মােক কিৰিলিয়াই মাতে। ডিব্ৰুগড়ৰ বতাহে মােক দেখিলেই সুহুৰি বজায়। গছজোপায়াে অনুভৱ কৰে মােৰ গভীৰতা। শিপা গজিছে ইয়াত মােৰ। লতা হৈ বগাওঁতে বগাওঁতে গছজোপাৰ লগত একাত্ম হৈ পৰা শিপা।’

 নুবুজে তাই নৈঋত। মােৰ স্থবিৰতাত তিষ্ঠিব নােৱাৰা তাইৰ গতিশীলতা। মই যেন গ্রীণ লাইটেৰে পাৰ হৈ যাবলৈহে সংকেত দিলোঁ। মই যে ৰৈ আছোঁ নৈঋত। ৰৈ থাকিম সেই ঠাইতে। ঘূৰি চালেই মােক দেখাকৈ, হাত মেলিলেই মােক পােৱাকৈ।

—তােমাৰ ছায়া

□□

(২১)

নৈঋত তােমালৈ বুলি....

 “বৰ আশাহত মই। প্ৰেমৰ সমাধিত বহি ৰৈছোঁ। জীৱন্ত কবৰ যেন সেই সমাধি। এতিয়াও এনে লাগে যেন সাৰ পাই উঠিব সেই প্ৰেমৰ কবৰ, মাথোঁ অকণমান আঙুলি বােলাই দিয়া, মাথোঁ এবাৰলৈ কাতৰ দৃষ্টি নিক্ষেপ কৰা। ময়াে আশা কৰোঁ সেই প্রেম জাগি উঠক, মৃত্যু নহওক জন্ম- জন্মান্তৰ।

 পাৰ হৈ যােৱা বহু পল, বহু ক্ষণ মনৰ বিধ্বংসী ধুমুহাত জৰ্জৰিত। তােমাক কেতিয়াও আমনি কৰিব বিচৰা নাছিলোঁ। তুমি জানাই দেখােন মই কিমান দুর্বল। বুকুৰ শিলচটা একাষৰীয়া কৰি থৈ তুমিয়েতাে খুলিছিলা হিয়াৰ বান্ধ। তুমিয়েতাে অলংকৃত কৰিছিলা নিৰাভৰণা হৃদয়। এতিয়া তুমিহীনতাত কেনেকৈ জীয়াই তােলোঁ মৰিবলৈ ধৰা গােলাপৰ পাহি? বিশ্বাসৰ সাঁকোডালত এখােজো পেলাবলৈ যদি তুমি আহিলাহেঁতেন।

 মই জানাে তুমি ব্যস্ত। কিন্তু কথাটো তেনেকুৱা নহয়। ব্যস্ততাত আন্তৰিকতা শেষ হৈ নাযায়। ব্যস্ততা অজুহাত হ'ব নােৱাৰে। ‘মই তােমাৰ বাবে বাউলী’— এই কথাটোৱে আমােদ দিয়ে নেকি তােমাক? কিন্তু কি জানা নৈঋত, মােৰ জেদৰ চোক তুমি মােক দেখা নাই আৰু ময়াে তােমাক দেখুৱাব বিচৰা নাই। নহ'লে তুমি গম পালাহেঁতেন মােৰ অনুভৱী শক্তিৰ প্রতিবাদৰ জোৰ। গম পালাহেঁতেন বুকুৰ শিলত কিদৰে তৰােৱাল ধৰাওঁ মই, গম পালাহেঁতেন এদলিচা কাঁইটৰ ওপৰত কিদৰে খােজ পেলাওঁ মই, গম পালাহেঁতেন বুকুৰ বৰফখিনি কেনেকৈ শিল হয় আৰু বন্ধা যায় মৃত হৃদয়।

 তথাপি আশা কৰিছোঁ, তুমি এবাৰ আহা। বসন্তৰ বতৰা আহক বা নাহক, তুমি মাথোঁ এবাৰলৈ আহা। মােক লাগে তােমাক অন্ততঃ এদিনৰ বাবে। বহুত কথা আছে তােমাৰ লগত। তােমাক লাগে, এদিনৰ বাবে নহয়..., গােটেই জীৱনৰ বাবে; কিন্তু মিছা আশা হৈ নহয়। সঁচা অনুভৱৰ মালাডাল মােৰ দুহাতেৰে এবাৰলৈ পিন্ধাচোন তুমি। তােমাক লাগে মােক... এটি জনমৰ বাবে নহয়; পিছৰ সাতােটি জনমৰ বাবে। সেওঁতাৰ ৰঙা জিঞাজনী হৈ বহি থাকিবা তুমি। আহিবা তুমি। মােৰ বলিয়ালি চাবলৈকে তুমি এবাৰ আহিবা। সৰাপাত লৈ যােৱা মােৰ ঠিকনাতে তুমি এবাৰ আহা....।” [ ৩৮ ]  কথাবোৰ মনলৈ আহোঁতেই গজলটো লিখি ল’লো। ছন্দ দিবলৈ বাকী মাথোঁ। মেঘালীয়ে দিয়া পৰামৰ্শ— ‘কিবা এটা কৰ। তোৰ মাজত কিবা এটা আছে। আছে কাৰণেই কেৰিয়াৰৰ কথা চিন্তা নকৰি শিপা গজাই ল’লি ইয়াত।’— শেষলৈকে বুজনি তাইৰ। মোৰ একাকীত্বক লৈ তাইৰ অহেতুক শংকা।

 লিখিব লাগিব নৈঋত...লিখিব লাগিব। প্ৰকাশ কৰিবলৈ ভয় অ’... জানোচা তোমাৰ অনুভৱেৰে বেহা কৰা বুলি ভাবিবলৈ আৰম্ভ কৰা তুমি! তোমাৰ জীৱনত আউল লগোৱাৰ ইচ্ছা মোৰ একেবাৰে নাই। নিজে কাঁইটৰ ওপৰত থিয় হৈ আনৰ বাটত ফুল ছটিওৱাৰ প্ৰেৰণা পাওঁ ভিতৰত কঢ়িয়াই ফুৰা তুমি নামৰ মিঠা বেদনাখিনিৰ পৰাই।

 কলমটো মোৰ বৰ প্ৰিয় হৈ পৰিছে নৈঋত। জুয়ে পুৰি সোণ হ’ব বিচৰা মোৰ কলমটো। নীলৰঙী বিহমিহলি চকুপানীৰ চিয়াঁহীখিনি আৰু নীৰৱে বুকু পাতি কলমৰ খোঁচ সহি লোৱা মোৰ কলপতীয়া ডায়েৰীখন। ইহঁতেই মোৰ নিঃসংগ সময়ৰ একান্ত সংগী। সিহঁতকো বাহিৰলৈ উলিয়াই নিয়াৰ আবদাৰ। বৰ অভিমান সিহঁতৰ। ঘৰৰ মতত মনে নিবিচৰা সংগীলৈ বিয়াত সোমোৱা ন-ছোৱালীজনীৰ দৰে কেতিয়াবা কলমটোৱে অভিমানতে শব্দবোৰ উলিয়াই নানে, নীলা ৰংখিনিৰে নিজকে সজাই নোতোলে। ডায়েৰীখন সেইদিনা এলাগী নাৰীৰ দৰে অনাদৃতা হৈ অকলে পৰি ৰয়।

 নৈঋত, স্বাৰ্থপৰৰ দৰে এটি ক্ষীণ আশাত বন্দী মই। শব্দেৰে-সুৰেৰে জিনিম তোমাৰ পৃথিৱী। কথা দিছোঁ৷ মই, তুমি উজলোৱা এধানমান টিপচাকিটোৰ পোহৰতো তোমাকে আৱৰি ৰাখিম মই। ছায়া হৈ তোমাৰ কাষে কাষে ঘূৰি তোমাৰ সত্তাটোকে ৰখি থাকিম... চিৰদিন... চিৰকাল...।

—তোমাৰ ছায়া

□□

(২২)

নৈঋত তোমালৈ বুলি....

 ‘টুডে ইজ দ্য ডে, লেজি চানডে’...।

 মোবাইল স্ক্ৰীনত টিত টিতকৈ ৰিংটনটো বাজি উঠিল। চালোঁ। ঝংকাৰে আমাৰ স্কুল বেটচৰ গ্ৰুপলৈ হোৱাটচ্ আপত পঠিওৱা মেচেজ। মেঘালীৰ বিয়া আজি। আগতীয়াকৈ মাতিছিল যদিও মই নগ’লোঁ। মন নগ’ল। জানোচা তোমাক লগ পাই যাওঁ। আৱেগ নিয়ন্ত্ৰণ নহ’লে কি কৰিম মই? আজিকালি মানুহৰ সমাগমলৈ বৰ ভয়লগা হৈছে। যদি ধৰা পৰে মোৰ স্বৰূপৰ দ্বৈততা! খেয়ালী, শংখিনী মানুহজনীৰ আঁৰৰ মৰম আকলুৱা, ভংগুৰ, বিষন্ন, দুৰ্বল মানুহজনীৰ স্বৰূপ প্ৰকাশ পোৱাৰ ভয়।

 বিছনাখনতে অলসভাৱে পৰি ৰৈছোঁ। ব’হাগৰ প্ৰথমজাক বৰষুণ। সেইদিনাও বৰষুণ আছিল। কুঁহিপাতে নাচিছিল বৰষুণৰ তালত, সেউজীয়াবোৰে সজোৱা প্ৰেমৰ মঞ্চত। গোলমোহৰ জোপাৰ তলৰ বেঞ্চখন ৰঙা হৈ পৰিছিল আৰু মই আছিলোঁ নীলা নে হালধীয়া পখিলাজনী হৈ। চাৰিওফালে সাতোৰঙী ৰামধেনুৰ সমাহাৰতো তুমি কেৱল ৰঙেই ছটিয়ালা। নেদেখিলা কিয় ভেকুৱামৰ বৰণ? হিয়া কঁপেনে সোণ সেই বৰণহীন বৰণত?

 দূৰৈৰ পৰা অহা ঢেঁকীৰ চাবটো বুকুৰ ভিতৰলৈ উজাই গৈছে। খুবলিটো আঁতৰাব বিচাৰোঁতে হিয়াখনেই যে ভাগি থাকিল। এতিয়া ৰিঙা ৰিঙা সুৰ চৌপাশে। চেনাই যে চেনাই হৈ নাথাকিল। ঢোলৰ ছেৱত কেনেকৈ নাচিব দুভৰি, কিদৰে ভাগিব কঁকাল? বিহু যে বিহু হৈ থকা নাই। বিহু মোৰ বাবে এতিয়া বিবাদ।

 ৰাতিপুৱাই বিষাদৰ সুৰটোৱে মনটো গধুৰ কৰি তুলিলে। ঘৰলৈকো নগ’লোঁ। হাঁহিৰে সদায় কেনেকৈ ঢাকি ৰওঁ বিষণ্ণতা? মালৈ মনত পৰিল৷ একো দাবী নোহোৱা ‘মা’-জনী মোৰ! কিয় যে পলাই ফুৰোঁ সকলোৰে পৰা! [ ৩৯ ] বুজিও নুবুজোঁ। চকুযোৰত নিয়ৰকণা সিক্ত হৈ পৰাৰ সময়তে বিছনাখনৰ পৰা জাঁপ মাৰি উঠিলোঁ। নিকন ডি এচ এল আৰ কেমেৰাটো উলিয়াই ললোঁ। ফ্ৰেচ হৈ কিবাকিবি অলপ খােৱাবস্তু প্রস্তুত কৰি ল'লোঁ। বগা-বেঙুনীয়া স্ট্রাইপ থকা টপটোৰ লগত মিলাই ছাইৰঙী জীনছটো পিন্ধি ল'লোঁ। কপালত ফোঁটটো লগাই লওঁতেই মেঘালীলৈ মনত পৰিল—

 ‘জীনচৰ লগত ফোঁট। একেবাৰে ড্রেছিং চেন্স নাইকিয়া হ’ল দেখিছোঁ তােৰ।’

 ‘এইটো মই আৰম্ভ কৰা ফেশ্বন। সৱে ফ’লাে কৰিব চাবি।’— মই হাঁহি হাঁহি কৈছিলাে। ফোঁটটো এৰিব নােৱাৰোঁ মই। তুমি সােমাই থাকা যে তাত। তােমাৰ অনুৰােধৰ ফোঁট।

 তিনিকোঠলিয়াটোৰ পৰা ওলাই আহিলোঁ। ক'লৈ যাওঁ মই? লক্ষ্যহীন যাত্রা মােৰ। মােৰ আই টেন গাড়ীখনত ফুলটেংকী তেল ভৰাই ল'লোঁ। ক’লৈ যাওঁ তথাপি ঠিক কৰিব পৰা নাই। কাইলৈ অফিচ আছে, দিনযােৰা কাৰ্যসূচীৰ কাৰণে জয়পুৰ বৰ্ষাৰণ্যই ঠিক হ'ব। সেই যে তােমাৰ লগত গৈছিলোঁ এবাৰ নামচাং-জয়পুৰ। সেই একেই আমেজ। বর্ষণমুখৰ পুৱা, ছিটত কেমেৰা, পানীৰ বটল, খােৱাবস্তুৰ টিফিন এটা, কাপােৰ এযােৰ (জৰুৰী অৱস্থাৰ কাৰণে)। আগৰাতিৰ বৰষুণৰ স'তে সহবাসেৰে জীপাল ধূলিয়ৰি বাটৰ ভাগৰুৱা দেহা, কাষত তােমাৰ উপস্থিতিৰ অনুভৱ, পেন ড্রাইভত ট্রেন্সফাৰ কৰি লােৱা অডিঅ’ ফাইলবােৰ। ওস্তাদ গােলাম আলিৰ গজল—

 চুপকে চুপকে ৰাত দিন আচু বহানা য়াদ হে....
নছৰত ফটেহ আলি খাঁৰ—
 চনু এক পল চেইন না লাগে
 চনু এক পল চেইন না লাগে
 চজনা তেৰে বিনা.... ইত্যাদি ইত্যাদি।

 নৈঋত, তুমি কৈছিলা এদিন— ‘যাত্রা সদায় মধুৰেই হয়, গন্তব্যস্থল যিয়েই নহওক কিয়’৷ মই বৰ উপভােগ কৰোঁ মােৰ যাত্রাপথ। নাহৰকটীয়াৰ টকৌ পাতেৰে চালি দিয়া জুপুৰিবােৰ, চাহপাতৰ বাগান, মাজে মাজে ছাঁ দিবলৈ একো একোজোপা শিৰীষ গছ পাৰ হৈ আহি আহি জয়পুৰ বৰ্ষাৰণ্য পালোঁহি। এইটো এলেকাত শুষ্কতা বৰ কম। কেমেৰাটোত বন্দী কৰিলোঁ হেঁপাহৰ কপৌফুল। নানান ধৰণৰ অর্কিড, কাষেৰে বৈ যােৱা বুঢ়িদিহিং নৈ, কাষত অৰুণাচলৰ সীমা আৰু নামচাং হাবি। ব্লগত আপলােড কৰিম সমূহ অভিজ্ঞতা। পৃথিৱীক দেখুৱাম মই- বিষণ্ণতাই জীনা গাথা। প্রিয় বান্ধৱীৰ বিয়াত উদযাপন কৰা বান্ধৱীৰ গাথা।

 গাড়ীখন দেখোন এবাৰত ফচি গ'ল। ৰাতিপুৱাৰ বৰষুণ আৰু গাড়ীয়ে কৰা ৰাস্তা। কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই ক’লা চাফাৰীখনৰ পৰা দাঢ়ি ভেবােকাৰে মানুহ এজন নামি আহিল।

 ‘মে আই হেল্প ইউ ম্যাডাম, কিবা সমস্যা হৈছে আপােনাৰ?’

 উপায় নাছিল মােৰ। তেওঁৰ আৰু দুজনমান বাটৰুৱাৰ সহায়ত গাড়ীখন বােকাৰ পৰা উলিয়ালোঁ। তেওঁলােকৰ চকুত যেন বিস্ময়। ক'ৰ পৰা আহিছোঁ ? কিয় আহিছোঁ? ইত্যাদি এশ একুৰি প্রশ্ন। সেই পৰিৱেশত মােৰ খাপচাৰা ব্যক্তিত্ব তেওঁলােকৰ কৌতূহলৰ কাৰণ হৈ উঠিছিলোঁ। আঁতৰি আহিছিলোঁ। অভিজ্ঞতাই অলপ হ’লেও মানুহ অধ্যয়ন কৰিবলৈ শিকাইছে। চকুৰ ভাষা বুজি পােৱাত ঠগ খাব নােৱাৰি। চকুৰ পৰা আৰম্ভ হৈ চকুপানীত শেষ হােৱা অধ্যায়টোৱে মানুহৰ চকুৰ বিশেষ দৃষ্টি উপেক্ষা কৰিবলৈ শিকাইছে। নৈঋত, তুমি চাগৈ বুজিছাই, সেই কাৰণেই মানুহৰ সংগৰ পৰা আঁতৰি ফুৰিব বিচাৰোঁ মই। মানুহৰ সংগতকৈ মােৰ কলমটোৰ সংগ, মােৰ দাপােণখনৰ সংগ মােৰ বেছি প্রিয়। সেই যে দাপােণৰ সন্মুখত ৰৈ নিজক পঢ়া শব্দখিনি কলমেৰে লিপিবদ্ধ কৰি যাওঁ। মােৰতাে কোঠাত আইনাখনেই আছে, জগজিত সিঙৰ কোঠাত যে আইনা এখনাে নাছিল—‘মেৰে কমৰে মে আইনা নহী থা...'।

 ক’ৰ পৰা যে ক’লৈ আহিলোঁ। বর্ষাৰণ্যৰ পৰা আহি দাপােণখনৰ সন্মুখত! মই সঁচাকৈয়ে পাগলী। তুমি আগতে প্ৰায়েই কৈছিল। মই আজি আকৌ এবাৰ অনুভৱ কৰিলোঁ। ওঁঠত এটা হাঁহিৰ ঢৌ খেলি গ'ল। চাফাৰীৱালাজনে তেতিয়া লুকিং মিৰ’ৰখন মােৰ পিনে পােনাই লৈছিল। মােৰ লুকিং মিৰ’ৰখনত তােমাৰ ছবি ভাঁহি আহিল। কঁহুৱা বৰণৰ মুখ।চকুযােৰ মুদি তােমাৰ ছবিখন যেন চিৰস্থায়ী কৰি ল'ম।

 বেলি লহিয়াইছে। কেমেৰাত নিবদ্ধ অর্কিডখিনি, দেওহাঁহ কেইজনী, ধনেশ কেইজনী, সােণালী বান্দৰ [ ৪০ ] আৰু হলৌ বান্দৰৰ লুকাভাকুখিনিৰ স’তে মোৰ ওভতনি যাত্ৰা। মেৰবিলখনতো অলপ নোৰোৱাকৈ নোৱাৰিলোঁ। তেতিয়া পশ্চিমত হেঙুলীয়া বেলি। মেঘালীলৈ ফোন কৰিলোঁ। ফোনত তাইৰ উচুপনি। তাইৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিনটোত মই উপস্থিত নথকাৰ অভিমান। সেই অভিমান, যি অভিমানত ময়ো ইমান দিন জ্বলি জ্বলি তোমাকে পোহৰাবলৈ চেষ্টা কৰি আহিছোঁ। নৈঋত, অনুভৱ কৰানে সেই অভিমান, যি অভিমানত চকুলোৰ নৈত কষ্টৰ উজান মাথোঁ।

 মোৰ কাৰণে মেঘালীৰ চকুপানী। নাই নোৱাৰি, মোৰ কাৰণে কোনোবাই কান্দক সেইটো সহ্য কৰিব নোৱাৰি। তাইক সোধাও নহ’ল তুমি বিয়ালৈ গ’লা নে নাই বুলি। যাহ, যি হয় হ’ব, তুমি তাতে থাকিলেও উপায় নাই। বান্ধৱীৰ চকুপানীৰ বিনিময়ত ইমানখিনি দুৰ্বলতা বিসৰ্জন দিবলৈ সাজু হৈ উঠিছোঁ মই। তিনিকোঠলিয়া মোৰ আৱাসলৈ ফুলস্পীডত গাড়ী দৌৰালোঁ। ৰূমত সোমায়েই গাটো ধুই আলমাৰীটোৰ ওচৰত বহুপৰ ঠিয় হৈ ৰ’লোঁ। কি পিন্ধো! তোমাৰ নীলা-হালধীয়াবোৰ নিলগাই থলোঁ। বহুত দূৰ ড্ৰাইভ কৰিব লাগিব, শেষলৈকে সতেজ হৈ থাকিবলৈ সতেজ ৰঙা-ক’লা পাটৰ কাপোৰযোৰ মেৰিয়াই ল’লোঁ। যোৰহাটলৈ ষ্টিয়েৰিং পোনাই ল’লোঁ। আঢ়ৈ ঘণ্টাত পাই যাম। মেঘালীক উলিয়াই দিয়াৰ আগতে পালেগৈও হ’ব। বুকুৰ একোণত চিৰদিনৰ কাৰণে স্থান লোৱা মেঘালীজনী। বাট এৰি অবাটে যোৱাৰ সময়ত হালোৱা এছাৰিৰে গৰুজনীক শাসন কৰাৰ দৰে মোৰ জীৱনৰ প্ৰতি দায়বদ্ধ মেঘালীজনী। মোৰ দুখত ছায়া হৈ আৱৰা আৰু মোৰ সুখত প্ৰেৰণা হৈ ফুল ছটিওৱা মোৰ মেঘালীজনী। তাইৰ ওচৰলৈকে মোৰ এই যাত্ৰা।

—তোমাৰ ছায়া

❑❑

২৩

নৈঋত তোমালৈ বুলি....

 ৰভাতলিৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মেঘালী বহাৰ পৰা দৌৰি আহি মোৰ ওচৰ পালেহি। তাই যেন চকুপানী ৰাখিবই নোৱাৰিব। মোৰ চকুও মেঘাল, তথাপি নিজক লুকুৱাই তাইক ক’লোঁ—

 ‘এতিয়াই চকুপানী শেষ কৰিলে যোৱাৰ সময়ত কান্দিবলৈ তোৰ চকুপানীয়ে নাথাকিব দেখোন। নে এতিয়ালৈকে দৰা অহা নাই কাৰণে কান্দিছ?’ তাই হাঁহি দিলে পাতলকৈ। চকুত চকুপানী, ওঁঠত হাঁহি। মোক হাতত ধৰি তাইৰ বহা ঠাইৰ ওচৰলৈ লৈ গ’ল।

 তেতিয়া দৰা অহাৰ সময়। দৰা আদৰিবলৈ সাজু কইনাঘৰীয়া। মেঘালীলৈ চালোঁ। গুণা কৰা বগা কাপোৰযোৰেৰে তাইৰ প্ৰথম সাজ। বৰ ধুনীয়া লাগিছে তাইক। এনেই ধুনীয়া তাই। অলপ পাছতে হুলস্থূল। দৰা অহাৰ হুলস্থূল। ভনীয়েকে দৰাৰ ভৰি ধুৱাই আছে। মাকে দৰাক ধূপ-ধূনাৰে আদৰিছে। মুঠিয়ে মুঠিয়ে ছটিওৱা চাউলৰ মাজত দৰাৰূপী পলকলৈ চালো। প্ৰেম বিবাহ সিহঁতৰ। সুখী হ’ব চাগৈ সিহঁত। মগজুৰ পূৰ্ণতাৰে লোৱা সিদ্ধান্ত। মোৰ দৰেতো অপৰিপক্ক সিদ্ধান্ত নহয়। নহয় জানো নৈঋত? দৰাক পুৰোহিতে হোমথলীত বহাই কিবা- কিবি নিয়ম কৰি আছিল।

 মেঘালীৰ ওচৰ পালোঁগৈ৷ কিবা ভাবি আছে তাই। মৃদু চিকুট এটা মাৰি তাইক জোকালোঁ— আৰু বেছি দেৰি ৰ’ব নালাগে বুলি। অলপ পাছতে তই পলকৰ হৈ যাবি।

 ‘তোক কথা এটা ক’ব লগা আছিল’— তাই মোৰ ফালে চাই ৰ’ল।

 ‘কি ক’ আকৌ’— মই সুধিলোঁ।

 ‘নৈঋত ছাৰে তোৰ খবৰ লৈছিল। তোলৈ ফোন কৰিম বুলি কৈছে।’— তাই লাহেকৈ ক’লে। [ ৪১ ] ‘কি?’– শুনিবলৈ প্ৰস্তুত নথকা কথাটোত যেন প্ৰসৱ বেদনাহে আৰম্ভ হ'ল। কেঁকনিত ছটফটাই উঠিলোঁ মই। নােৱাৰিলোঁ, আৰু একো ভাবিব নােৱাৰিলোঁ। চকী এখনত বহি পৰিলোঁ। চকু দুটা মুদি দিলোঁ। কিমান দেৰি তেনেকৈ বহি ৰ'লোঁ নাজানিলোঁ।

 আণ্টীয়ে আহি মাতিলেহি মােক—‘মাজনী, ভাগৰ লাগিছে নহয়। ইমান দূৰৰ পৰা অকলে আহিছা। আহা খাই ল’বাহি।

 যন্ত্রৰ দৰে অনুসৰণ কৰিলোঁ। কি বা খালোঁ? নাজানাে কি খালোঁ। শেষ হৈ যােৱা সম্পর্কৰ জৰীডাল ধৰি ধৰি মই মন্দিৰ বগাইছিলোঁ, মছজিদ বগাইছিলোঁ, লাহে লাহে জৰীডাল দুখৰ ভৰ ল'ব নােৱাৰি ছিগি গৈছিল। কেতিয়াকৈ যে তুমি আহি গাঁঠি এটা দি গলা, গমেই নাপালোঁ।

 তেতিয়ালৈকে মেঘালীক মােমায়েকে দাঙি আনি হােমথলীত বহুৱাইছিল। দুয়ােজনৰ মাজত লগুণ গাঁঠি দি পুৰােহিতে দৰা-কইনাৰ মাজত কিবা মন্ত্র মাতি কাপােৰ আঁৰি দিছিল। পুৰােহিতৰ বৈদিক মন্ত্র, উৰুলি, জাউৰিয়ে জাউৰিয়ে গােৱা বিয়ানামৰ পৰিবেশলৈ ঘূৰি আহিলোঁ। কইনাৰ ওচৰত বহিলোঁ। মেঘালীৰ মােমায়েকে আমপাতেৰে দৰা-কইনালৈ পানী ছটিয়াই আছে। ভায়েকে ডলাখনৰ পৰা আখৈ এমুঠি তুলি দিছে কইনাৰ হাতলৈ, দৰাই গৰুৰ ঘিঁ এহেতা লগাই দিছে। তাৰ পাছত আখৈ মুঠি হােমৰ জুইলৈ আহুতি দিয়া পর্ব। নিয়মৰ পৱিত্ৰতাৰে মনটো ভৰি পৰিল।

 কন্যাদানৰ পাছত আঙুঠি সলােৱা পর্বত মেঘালীৰ ওচৰত বহি থাকোঁতে আকৌ মেঘালীয়ে উলিয়ালে সেই কথা— ‘নহ'লে তইয়ে ফোন কৰিবি ছাৰক, তেওঁক বৰ চিন্তাক্লিষ্ট যেন লাগিছে।’ কওঁ-নকওঁকৈ তাইৰ মাত, শুনা- নুশুনাকৈ মই। কি কৰোঁ নৈঋত? কি কৰোঁ মই? এই জীৱন মােৰ অভ্যস্ত হৈ পৰিছে, এই বিষাদ এতিয়া মােৰ প্রিয়। মােৰ প্রিয় মােৰ দাপােণখন, মােৰ প্রিয় মােৰ কলমটো। তুমি কিয় মােলৈ ফোন কৰিম বুলি কৈছা নৈঋত? মনত পৰিল, মেঘালীৰ বিয়া মাতিবলৈ যােৱাৰ দিনা যে মই তােমাক তীব্র ভৎর্সনাৰে এৰি আহিছিলোঁ। এতিয়া আকৌ ঘূৰি যামনে এৰি অহা সেই বাটলৈ, যি বাটৰ মূৰত সদায় বহে হিয়া বেচা-কিনাৰ হাট?

 ইতিমধ্যে দৰাৰ জলপান খােৱা পর্ব শেষ হৈছে। মেঘালীৰ যাবৰ হ’ল। দৰাৰ গাড়ীত উঠি এই ঘৰ এৰি, এই ঘৰৰ স'তে তাইৰ ছােৱালী মনটো এৰি তাই যাবগৈ। কাইলৈৰ পৰা তাই নতুন এঘৰৰ বােৱাৰী হ'বগৈ। ছােৱালী যে আৰু কোনােদিনেই নহ'ব। এই দিনটোলৈকে ছােৱালীবােৰৰ কিমান যে হেঁপাহ!

 ৰাতি তেতিয়া দুই বাজিল। ঘূৰি যােৱা উচিত। ৰাতিপুৱাই অফিচ আছে। গাড়ীত উঠিলোঁ। গােলাম আলিৰ প্রিয় গজলৰ স'তে—

  ‘যে দিল য়ে পাগল দিল মেৰা,
  কিউ বুঝ গয়া আৱাৰগী’.........

 কি কৰিম মই? তােমাৰ লগত কথা পাতিম নে মই?

  ‘কল ৰাত মুঝে বেচকল কি
  আৱাজ নে মুঝে চৌকা দিয়া......

 কি ক'ব বিচাৰিছা বাৰু তুমি নৈঋত? মই কি প্রতিক্রিয়া দিয়া উচিত? ক্ষমা খুজিম নেকি সেইদিনা সন্ধ্যাৰ কাৰণে?.......... কিন্তু তাৰ আগত এবছৰ যে তুমি মােক আলকাতৰাৰ জুইত জ্বলাই আছিল, ক’লা ধোঁৱাৰ মাজৰ জুইত। হােমৰ জুইৰ দৰেতাে নির্মল জুই নাছিল সেয়া।

 ‘এক অজনবী ঝ’কে নে জব পুছা মেৰে গম কা সৱাব,
 চেহেৰা কি ভীগি ৰীত পৰ মেইনে লিখা আৱাৰগী.....

 তুমি ছিগি দিয়া ৰচীডালত মই গাঁঠি দিওঁ, মই ছিঙি দিয়া ৰচীডালত তুমি গাঁঠি মাৰি যােৱা, গম নােপােৱাকৈয়ে। এৰ খাই নােযােৱাকৈ।

 ‘ইচ দস্ত মে এক চেহেৰ থা,
 ওৱ কিয়া হােৱা আৱাৰগী’......

 এতিয়াও বুজি নাপাওঁ মই, মনটিয়ে কি বিচাৰে মােৰ। নিয়ম ভঙাৰ নিয়মলৈ বাৰে বাৰে আকুল আহ্বান [ ৪২ ] জনাই ৰং চোৱা মনটি মােৰ। পাৰিম নে তাইকো বন্ধ ৰূমত বন্দী কৰিবলৈ? কিয় তাই বাৰে বাৰে সুৰ-তাল দিবলৈ আহে মােৰ বে-তাল জীৱনত, বাৰে বাৰে সেই তালত জুনুকা পিন্ধি নাচি উঠো। ছন্দোময়তাৰ আধিক্যই পুনৰবাৰ ছিঙি দিয়ে সেই জুনুকা। নানাচোঁ, নানাচোঁ,.... তাইৰ স'তে মই আৰু নানাচোঁ ।

 ভাগৰুৱা মনটি তেতিয়া মােৰ স’তে যুঁজি যুঁজি প্রভাতী সূৰুযৰ কোলাত শুই পৰিছিল। কাষেৰে তেতিয়া সেই দাড়ি ভর্তি মুখখন পাৰ হৈ গৈছিল। চাফাৰীখনত।

—তােমাৰ ছায়া

❏❏

(২৪)

নৈঋত তােমালৈ বুলি....

 অফিচত বহি থাকোঁতে পিয়নজনে আহি ক'লেহি —‘ম্যাডাম, ছােৱালী দুজনী আহিছে আপােনাক লগ কৰিবলৈ।’

 ‘কৰ পৰা আহিছে’— সুধিলোঁ মই।

 ‘বগীবিলৰ পৰা অহা বুলি ক'লে’— পিয়নজনৰ উত্তৰ।

 ‘ঠিক আছে, পঠিয়াই দিয়া’— বুলি মই অপেক্ষা কৰি ৰ'লাে।

 ছােৱালী দুজনী সােমাই আহিল। মনত পৰিল, যােৱা বছৰ বানপানীৰ সময়তে লগ পাইছিলোঁ সিহঁতক। মেট্ৰিকৰ ৰিজাল্ট দিলে। ৰিজাল্ট বা কেনেকুৱা হ'ল? ‘ধেৎ, খবৰ এটাও লােৱা নহ'ল। কি বা হ’ল ? কিবােৰ ব্যস্ততাত যে পাহৰি যাওঁ এই দৰকাৰী কথাবােৰ। সুধিলোঁ—

 ‘অ’ তােমালােক। কি খবৰ তােমালােকৰ? ৰিজাল্টবােৰ কোৱাচোন।’

 ‘ভাল মেম, আমাৰ সবেই লেটাৰ মাৰ্কছ লৈ পাছ কৰিছে। আপুনি সহায় নকৰা হ'লে আমাৰ এইটো ৰিজাল্ট নহ'লহেঁতেন। আমাৰ গাঁওখনে আপােনাক বৰকৈ বিচাৰিছে। পিছে আপােনাক বিশেষ এটা কথাৰ কাৰণেহে আমনি কৰিবলৈ আহিলোঁ। ছােৱালী দুজনীৰ মুখত যেন মােৰ প্রশংসা শেষেই নহ'ব। সুধিলোঁ—

 ‘কি কথা কোৱাচোন?

 ‘আমাৰ গাঁওত বিনামূলীয়া কেৰিয়াৰ কাম কোচিং চেণ্টাৰ এটা খুলিছে। আপােনাক উদ্বোধন কৰিবলৈ অনুৰােধ কৰিবলৈ আহিলোঁ।'— দুয়ােজনীয়ে উৎসাহেৰে ক'লে।

 ‘হয় নেকি? ভাল কথা। মই নিশ্চয়কৈ যাম, কিন্তু উদ্বোধন কৰিব পৰাকৈ এতিয়াও যােগ্য হােৱাগৈ নাই। যােগ্য কাৰােবাক বিচাৰিলে ভাল হ'ব নেকি?— মই আপত্তি দর্শালোঁ।

 ‘নহয় ম্যাডাম, আমাৰ গাঁৱত সবেই আপােনাকে বিচাৰিছে’— তেওঁলােকো আঁকোৰগােজ।

 মনত পৰিল, বানপানীৰ সময়ত তেওঁলােকৰ সৰ্বহাৰী চকুহালৰ কথা। সৰু সহায় এটাৰ কথা তেওঁলােকে ইমান দিন মনত ৰাখিছে। কৃতজ্ঞতাৰ ধাৰ শুজিবলৈ আহি ওলাইছেহি।

 ‘ঠিক আছে যাম বাৰু। কি তাৰিখ বুলি ক'লা?’

 তেওঁলােকৰ আন্তৰিকতাত আঘাত দিবলৈ মন নগ’ল। বৰ অন্তর্মুখী স্বভাৱৰ মই। সেইকাৰণেই এই কামবােৰত পিছ হুঁহকি আহোঁ।

 দুয়ােজনীয়ে মুখত সন্তুষ্টিৰ হাঁহি লৈ গুচি গ'ল। কষ্টৰ মাজত ডাঙৰ হােৱা কাৰণেই চাগৈ সিহঁতক যথেষ্ট গহীন যেন লাগিল। তথাকথিত মেট্রিক পাছ কৰা ল'ৰা ছােৱালীৰ চঞ্চলতা সিহঁতৰ গাত নাই। হয়তাে অভাৱে, [ ৪৩ ] পৰিস্থিতিয়ে সিহঁতক জীৱনৰ প্রতি দায়বদ্ধ কৰি তুলিছে। নিজে মেট্রিক পাছ কৰা সময়খিনি মনত পৰিল। সেই যে কুঁৱলীহঁতৰ স’তে টিউচনলৈ বুলি ওলাই গৈ বৰশী টোপােৱা চাই ফুৰোঁগৈ। জাপিসজীয়া গাঁৱৰ সেই দলংখনৰ ওপৰত এজাকমান ছােৱালীৰ উচ্ছলতাত নদীখনেও সাৰ পাই উঠে। কলেজৰ থিয়ৰী ক্লাছ, প্রেক্টিকেল ক্লাছ কৰি আহি ঘৰৰ পঢ়া টেবুলত আকৌ বৰশী টোপােৱা পর্ব। মগজুটো অলপ ভালেই আছিল বুলিহে। ক্লাছ টেষ্টৰ কপিবােৰ ঘূৰাই দিওঁতে ছাৰসকলৰ প্রশংসনীয় দৃষ্টিবােৰ একেবাৰে বুকুৰ ভিতৰলৈকে সােমাই গৈছিল।

 বাহিৰত ইমানবােৰ উৎপাত কৰি থাকিলেও ৰিজাল্টটোৰ কাৰণেই দাদাৰ চকুৰ পৰা বাচি গৈছিলোঁ। মায়েতাে একো নকয়েই। টোপনি ধৰিলে কোলাত লৈ নিজ হাতেৰে ভাত খুৱাই শুৱাই দিয়া ‘মা’-জনীৰ ছােৱালীয়েই আছিলোঁ মই। মালৈ মনত পৰিলে দুচকু ভৰি আহে। মাৰ মৰমৰ ‘মই’জনী যে কেতিয়াকৈ আহি এই ৰূপ পালোঁহি নিজেই নাজানাে। এতিয়া মাৰ স’তে মােৰ শতযােজন দূৰত্ব। কিবা সংকোচত মায়ে মােক নােসোধে মােৰ ভিতৰৰ খবৰ। ময়াে নকওঁ, জানােচা হৃদয়ৰ গৰাখহনীয়াত ‘মা’ও উটি-ভাঁহি নিঃশেষ হৈ যাব। বৰ ভয় লাগে মােৰ, মাক হেৰুৱাব নােখােজোঁ। অনুভূতিৰ অভিনয়াে কৰিব নােৱাৰোঁ। অন্ততঃ মাৰ ওচৰত নিজকে ফাঁকি দিব নােৱাৰাে। সেইকাৰণেই মাৰ পৰা পলাই ফুৰোঁ সদায়।

 মেঘালীয়ে কয়— ‘বাহিৰলৈ ওলাই আহ। হৃদয়ৰ যিটো কোণত তই নৈঋতৰ স্মৃতিৰ স'তে উমলি আছ, সেই কোণটোৰ পৰা ওলাই আহ। বাহিৰত এখন বহল পৃথিৱী, বহুত মানুহ। বাছিবলৈ লােৱা চাউলৰ ডলাখনৰ দৰে। শিলগুটিবােৰ বাছিবি, ধানবােৰ বাছিবি, তাৰ পাছত মলখুবােৰ জাৰি আঁতৰাই ল’বি। যিখিনি চাউল ডলাখনত থাকি যাব, সেইখিনিয়ে তােৰ কাৰণে দৰকাৰী৷ মানুহৰ মাজত থাক। ব্যস্ত হৈ থাক।’

 ঠিকেইতাে, ঠিকেই কয় তাই। মনত পৰিল, গজলকেইটা লৈ বিকাশ ছাৰে মাতিছিল। গানৰ মজলিছ আছে হেনাে ছাৰৰ ঘৰত। তাতেই ঠিক কৰিব গজলৰ সুৰ, মাত ইত্যাদি। এটি ৰঙীন সন্ধ্যাৰ আগজাননী। জাঁপ মাৰি উঠিলোঁ, মুখখনত এবাৰ চকু ফুৰাই লিপষ্টিকডাল ওঁঠত বােলাই ল'লাে। চুলিকেইডাল কেতিয়াও ঠিক নাথাকেই। বৰ অবাধ্য চুলি। অবাধ্য মনটোৰ দৰে। লেপটপটো কান্ধত লৈ গাড়ীখনৰ ফালে আগুৱাই গ'লাে। চেল্ফ ষ্টার্ট কৰাৰ লগে লগে বাজি উঠিল ‘খােজ’ বােলছবিৰ সেই বিখ্যাত গানটো।

‘চিনাকি......... চিনাকি
মােৰ মনৰ মানুহ,
তােমাৰ বাবেই জনম লভিছোঁ,
তােমাৰ ঘাটৰ বিপৰীতে
নাওখনি মােৰ বান্ধিছোঁ....।

 না...না... শুনিবলৈ মন যােৱা নাই এইটো মুডত। তুমি থকা কোঠাটোৰ দুৱাৰখনকে খুলিবলৈ মন যােৱা নাই এতিয়া। নেক্সট বাটনটো টিপোঁতেই আবিদা পাৰবীনৰ সেই বিখ্যাত চুফী গানটো বাজি উঠিল—

 ‘তেৰে ইস্ক নে নাচায়া কৰ কে থৈয়া থৈয়া...'

 হাঁহি উঠি গ'ল। উপায় নাই। বিষাদৰ গানেৰে ভর্তি মােৰ পেন ড্রাইভ। বাজি থাকক। তােমাতেই আৰম্ভণি তােমাতেই শেষ হােৱা মইজনী তেজপিয়া সাপৰ দৰে, দিনটোত যে কিমানবাৰ ৰং সলাওঁ। ৰং সলােৱাৰ অভিনয় মাথোঁ।

 মােৰ যে আৰু এটি নতুন আশা, ছায়া হৈ আৱৰিম তােমাক, শব্দ হৈ বুকুত সােমাম, সুৰ হৈ কাণত গুঞ্জন তুলিম.....সুৰেৰে জিনিম তােমাৰ পৃথিৱী।

—তােমাৰ ছায়া

⸺⸺

[ ৪৪ ] নৈঋত তােমালৈ বুলি...

 জীৱনে হাত বাউলি মাতিছে ব্যস্ততাক নে ব্যস্ততাই হাত বাউলি মাতিছে জীৱনক, সেই কথা নুবুজিছোঁ। ৰাতিপুৱা তােমাৰ চাৱনিৰ অত্যাচাৰত সাৰ পােৱা ‘মই’জনী দিনটো বাৰেবাংকৰা কাৰ্যসূচীৰ মাজত উশাহ ল'বলৈকো সময় নােপােৱা হ'লোঁ। তথাপি প্ৰতিটো উশাহতে তােমাৰ ৰিণি ৰিণি সুৰ। কৰুণ নহয়, ভৰুণাে নহয়। মিঠা অথচ বিষাদৰ সুৰ। বৰ ভাল লগা, ভাল লাগি লাগি চকুপানী উলিয়াই অনা সুৰ।

 ইকবালক লগ পালো আকৌ এবাৰ। কিবা যেন কাকতালীয় সংযােগহে। বিকাশ ছাৰৰ ঘৰলৈ গজল সুৰকেইটা ঠিক কৰোঁ বুলি সােমাওঁতেই দেখিলাে ছাৰৰ ঘৰত মজলিছ বহি আছে। এফালে ছাৰৰ হাতত দোতাৰা, বৌৰ লােক-সংগীত, দর্শকৰ শাৰী পূৰাই সেই বৰ্ষাৰণ্যত লগ পােৱা দাঢ়ি ভােবােকাৰ ল'ৰা নে মানুহজন। ল'ৰাই হ’ব ছাগে। মানুহ হ'লে সংসাৰ বাদ দি এনেকৈ বনে বনে ঘূৰি নুফুৰিলেহেঁতেন। তাৰ স’তে তেতিয়ালৈকে মােৰ এদিনৰ চকুৰহে চিনাকি! এইটো এলেকাত নতুন যেন লাগিছে। নহ'লে এনেকুৱা অগতানুগতিক মানুহবােৰ বৰ সহজতে চকুত পৰে। মােক যেনেকৈ মােৰ কেমেৰাটোৰ কাৰণে, মােৰ সাজ-সজ্জাৰ কাৰণে, মােৰ অহংকাৰটোৰ কাৰণে, মােৰ ধূলি উৰুৱাই নিয়া খােজকেইটাৰ কাৰণে আৰু মােৰ অনিয়ন্ত্রিত গতিত চলি থকা গাড়ীখনৰ কাৰণে বৰ চকুত পৰিলোঁ মানুহৰ। তিনিকোঠলিয়া বন্ধ ৰূমত চকুপানীবােৰ লুকুৱাওঁতে লুকুৱাওঁতে মনটোৰ ঔদ্ধতাখিনিৰ এনেকৈ বহিঃপ্রকাশ ঘটিলে যে নিজেই তর্কিব নােৱাৰিলোঁ। ঠিক যেন শামুকৰ কোমল মঙহ আৱৰি খােৱা টান খােলাটোহে। মােৰ ঔদ্ধতা মােৰ শামুক যেন বিজল মনটো আৱৰি ৰখা টান খােলা, যাৰ আৱেষ্টনীত অতি নিৰাপদ মােৰ কোমল লেতু-সেতু মনটো।

 কিন্তু ইকবাল অলপ বেলেগ। হয়তাে সি বিজল মনটোৰ উমান পাইছে। সি হয়তাে উমান পাইছে, এটোপাল লুণীয়া চকুপানীও যথেষ্ট মােৰ মনটো নিঃশেষ কৰি দিবলৈ। সেইকাৰণেই সি বৰ সাৱধানতাৰে মােৰ পৰিচয় ল'লে। অতি ভদ্ৰতাৰে। তাৰ চেহেৰাৰ লগত নিমিলা ভদ্ৰতাৰে। মােৰ বৰ লৰা-লৰি আছিল। অফিচৰ পৰা বাহিৰে বাহিৰে সােমাইছোঁহি। কবিতা কেইটামান গজললৈ ৰূপান্তৰ কৰি লৈ আহিছোঁ। তাৰে এটাৰ সুৰ আজি আৰম্ভ কৰাৰ কথা আছিল। আচলতে ছাৰৰ মনলৈ এটা সুৰ আহি আছে। কোনটোত খাপ খাব তাৰেই আলােচনা কৰিব লগা আছে। মােৰ মাতটোকেই ছাৰে ভাল হ'ব বুলি কৈছে। মই নিজে লিখা কবিতা, মােতকৈ ভালকৈ অনুভৱৰ বেথা হেনাে বেলেগে ঢালিব নােৱাৰিব, ছাৰৰ মতামত৷ সেয়াই হ'লে মই আকৌ বহু ব্যস্ত হৈ পৰিব লাগিব। কিমান বছৰ যে গানৰ আখৰা কৰা নাই। নিজৰ আছুতীয়া সময়খিনিলৈকে হয়তাে নাটনি হ’ব। তথাপি একো সমস্যা নাই। মই হয়ভৰ দিলোঁ ছাৰক। গধূলি অফিচৰ পৰা বাহিৰে বাহিৰে ছাৰৰ ষ্টুডিঅ’ লৈ আহিব লাগিব। কবিতাৰ শব্দবােৰ গানৰ লয়ত প্রাণ দিয়াৰ মানসেৰেই মােৰ এই অবিৰত যাত্রা। এই যাত্ৰাৰ শেষত সেই গন্তব্যস্থান, য'ত নাহৰৰ তলসৰা ফুলতে হওক নাইবা সােণাৰুৰ হালধীয়াৰ মাজতে হওক নতুবা গােলমােহৰৰ তেজ ৰংখিনিৰ মাজতে হওক, ৰিণি ৰিণি অনুৰণন হৈ উঠা মােৰ প্ৰতিটো শব্দতে প্রতি সুৰত তােমাৰ দুচকুত ‘মই’ জনী ভাঁহি আহোঁ যেন প্রতিবাৰে। মনত পৰিছে, ফাগুণ সামৰি পছােৱাজাক উভতিবৰ দিনা তুমি মােক লগ কৰোঁ বুলি মাতিছিলা। বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন আছিল সিদিনা। ইমান ব্যস্ততাৰ মাজতাে তুমি মােক লগ কৰিবলৈ বিচৰা কথাটোত আচৰিত হৈছিলোঁ মই।

 ‘কিয় মাতিলা মােক ঘপহকৈ ?’ – সুধিছিলোঁ তােমাক।

 ‘বৰকৈ চাবৰ মন গ'ল তােমাক।’- তুমি কৈছিলা।

 মোৰ ভিতৰত তেতিয়া জাকি মাৰি ফুৰা পখিলাৰ জাক। তােমাৰ হাতখন ধৰিছিলোঁ নেকি বাৰু? এৰি দিবলৈ মন যােৱা নাছিল। তােমাৰ হেডে বাৰে বাৰে তােমাক ফোন কৰি আছিল। উপায় নাছিল। এৰি দিব লগা হ'ল। [ ৪৫ ]  নৈঋত, ইমান মিঠা অনুভূতি আছিল সেয়া। পাছদিনা ৰাতিপুৱাও তুমি মোক ফোন কৰিছিলা, ৰাতিলৈ মোৰ লগত ডিনাৰ কৰাৰ কথা কৈছিলা। নীলা নে হালধীয়া চৰাইজনীৰ পাখি লগাই উৰিবলৈ শিকাত ব্যস্ত তেতিয়া মই। বুজি পোৱা নাই আজিও, সেয়াই আমাৰ শেষ কেনেকৈ হ'ল। এতিয়া বহুত ওচৰত থাকিও বহুত দূৰত তুমি। বহুত দূৰত থাকিও কেতিয়াবা বহুত ওচৰত। মোৰ শব্দই টানিব নে তোমাক মোৰ ওচৰলৈ? আগৰ দৰে ঢপলিয়াই আহিবানে তুমি? আহিবাই তুমি... আহিবাই, আহিবলৈ বাধ্য হ’বা তুমি। আগতীয়াকৈ খবৰ দিবা। মোৰে শপত। মই ৰঙা চুৰ্ণীখন লৈ বগীবিল দলংখনৰ ওচৰতে ৰৈ থাকিম, নাও উজাই আহিলেও খবৰ দিবা। মই ভটিয়াই গৈ ৰিঙিয়াই মাতিম। নৈঋত, মোৰ ঘাটতে নাওখন বান্ধিবাহি তুমি। মই জানো... মই জানো ভটিয়নি সোঁতত তুমিও যে অস্থিৰ।

 মোৰ বুকুত এতিয়া এখন নদী। তোমাৰ নামৰ নদী। উমলি-জামলি নিজকে পখালোঁ, নাও বাওঁ, বঠা মাৰোঁ, মনৰ দিগন্তলৈ ঢাপলি মেলোঁ।

-তোমাৰ ছায়া

□□

২৬

নৈঋত তোমালৈ বুলি..

 ৰাতি বাৰ বজাত ৰূমত সোমাই বহুত পৰ শ্বাৱাৰৰ তলত নিজকে এৰি দিলোঁ। মবাইলটো অন কৰি ললোঁ। এনেও বেছি ফোন আহিব লগা নাথাকে। মাথোঁ তোমাৰ ফোন এটাৰ কাৰণে বুকুৰ মাজত ৰিণিকি ৰিণিকি আশা এটা বাজি থাকে। মই নিয়ন্ত্ৰণ কৰিব পৰা হৈছোঁ নিজকে। বহুত কষ্টৰে, বহুত চকুপানীৰে নিজক সম্বৰণ কৰিবলৈ মনস্থ কৰিলোঁ। কিন্তু মেঘালীয়ে তাইৰ বিয়াৰ দিনা কৈ যোৱা কথাষাৰে কাঠৰোকা চৰাই এজনীৰ দৰে বুকুখন কুৰুকি কুৰুকি থাকে মাজে মাজে।

 ‘ফোন কৰিম ছায়াক। কথা পাতিম মই’– মেঘালীৰ ওঁঠেৰে তোমাৰ বাক্য দুফাকি শুনি অহাৰ পৰাই অন্তহীন অপেক্ষা। অপেক্ষা কৰিও উপেক্ষা, উপেক্ষাৰ মাজতো অপেক্ষা।

 তোমাৰ পৰা আঁতৰি আহোঁ বুলিয়েই সংগী কৰি লৈছোঁ ব্যস্ততা। জীৱনটো উদযাপন কৰোঁ বুলিয়েই গাৰুৰ তলত থৈ দিছোঁ হুমুনিয়াহৰ মেটমৰা বোজাটো। জীৱনটোতো এটাই। অনুভৱবোৰ শেষ কৰোঁ বুলিয়েই অনুভৱবোৰ খুন্দনাত খুন্দিলোঁ, পটাগুটিৰে পিহিলোঁ। কিন্তু কি জানা নৈঋত, অনুভৱবোৰে মোক ইতিকিং কৰি সুবাস হৈ বিয়পিল চৌদিশে। সেই সুবাস লৈয়ে এতিয়াও পাৰ কৰোঁ বিষাদময় ব্যস্ততা।

 আঙুৰৰ ৰস এগিলাচ খাই ল'লোঁ।

 মেঘালীৰ উপদেশ— ‘তোৰ সৃষ্টিত মন বহাবলৈ তোৰ শৰীৰ ভালে থকাটো অতিকে দৰকাৰী। স্বাস্থ্যটোক অৱহেলা নকৰিবি কেতিয়াও।’

 মেঘালীৰ অধিকাৰবোধ, কৰ্তৃত্ববোধ মোৰ ওপৰত। কোনেও একো ক’বলৈ সাহস নকৰাজনীও বান্ধৱীৰ আঙুলিৰ ঠাৰত নাচি উঠোঁ সদায়। কাৰণ মই জানো, এই মৰমত স্বাৰ্থ নাই। কেতিয়াবা লতা হৈ বগাবলৈ মন যায়, গছ এজোপাৰ দৰকাৰ হৈ পৰে তেতিয়া। মেঘালী তেতিয়া মোৰ লতা মনটো মেৰিয়াই লোৱা গছজোপা হৈ পৰে। সেইকাৰণেই শতযযাজন দূৰত থাকিও, হাজাৰ মাইল দূৰত্বতো তাই খবৰ ৰাখে মোৰ প্ৰতি মুহূৰ্তৰ। আৰু তুমি? পাঁচ কিলোমিটাৰ দূৰত্বতো তুমি যেন শত কিলোমিটাৰ দূৰত।

 বৰ চাবলৈ মন যায় তোমাক। নিজকে লুকুৱাই থওঁ বুলি ভাবিলেও লুকুৱাব নোৱাৰোঁ কেতিয়াবা নৈঋত। কঁহুৱা বৰণৰ মুখখনৰ চকুযোৰ মাজে মাজে ৰঙচুৱা হৈ পৰে। ৰ’দ এলাৰ্জি আছে তোমাৰ, চানগ্লাচযোৰ নেৰিবা [ ৪৬ ] তুমি। মাইগ্ৰেনো আছে তোমাৰ, টোপনি ক্ষতি নকৰিবা তুমি। তোমাক উপদেশ দিয়াৰ ধৃষ্টতা মোৰ হয়তো নাই, অনুৰোধহে কৰিছোঁ।

 বগীবিললৈ গৈছিলোঁ আকৌ এবাৰ। কেৰিয়াৰ কাম কোচিং চেণ্টাৰটো উদ্বোধন কৰিবলৈ। আকৌ লগ পালোঁ ইকবালক। দাঢ়ি ভেবোকাৰ ইকবাল। ল’ৰাটো অলপ বেলেগ ধৰণৰ। অহৌবলীয়া টাইপ। সিয়ে হেনো চেণ্টাৰটো ফাইনেন্স কৰিছে। বগীবিল প্ৰজেক্টৰ চিভিল ইঞ্জিনিয়াৰ সি৷ জীৱনবলীয়া প্ৰাণী এটা। আচৰিত লাগিল, যেতিয়া শুনিলো বিনামূলীয়া কোচিং চেণ্টাৰটো সিয়ে খুলিছে হেনো পিছপৰা অঞ্চলৰ মেধাৱী ল’ৰা-ছোৱালীৰ বাবে। মনটো কিবা প্ৰশংসাৰে ভৰি পৰিল। এনেকুৱা অহৌবলীয়াবোৰৰ কাৰণেই সমাজত কিবা যোগাত্মক প্ৰভাৱ পৰে। মোৰ লগত দু-আষাৰ কথা পতাৰ পাছতেই সি— ‘খুব জমেগা ৰং, জব আপ মে ঔৰ ইয়ে কোচিং চেণ্টাৰ। ইচ বহানে চে চহী ৰোজ মিলেংগে হম’ বুলি হোহোৱাই হাঁহি দিছিল।

 লগ পাওঁ তাক। গজলৰ আখৰাতো লগ পাওঁ৷ ইয়াতো লগ পাওঁ। মেঘালীয়ে কৈছিল মোক—

 ‘ধান-চাউল বছাৰ নিচিনাকৈ ভাল সংগবোৰ বাছিবি।’

 নাজানো কিয়, আজিলৈকে বেয়া সংগ নাপালোঁৱেই দেখোন ধান-চাউল বছাদি বাছিবলৈ। হয়তো মোৰ অন্তৰ্মুখী স্বভাৱৰ কাৰণেই পতান সদৃশ মানুহবোৰে মোক আমনি নকৰাই ভাল বুলি সংগ বিচাৰি নাহে। সেই ফালৰ পৰা মই অলপ ভাগ্যৱান। মোকো সংগ লাগে, মোকো সম্পৰ্ক লাগে, যি সম্পৰ্কৰ পৱিত্ৰতাই মোক মাথোঁ শংখৰূপী খোলাৰ আৱেষ্টনী আঁতৰাই মোৰ মৃত্যুৰ পাছতো মণি-মুকুতাকে উপহাৰ দিব। কেনেকৈ পাহৰোঁ তোমাৰ জীৱনবোধৰ কথা, তিনিবছৰীয়া সান্নিধ্যই যি মোক তিনিবছৰীয়া জীৱন প্ৰদান কৰিলে? কেনেকৈ পাহৰোঁ তুমি দি যোৱা একাকীত্বৰ কথা, কাইটৰ মাজত অকলে ফুল হৈ ফুলিবলৈ যি মোক অহৰহ প্ৰেৰণা যোগাই আহিছে? কেনেকৈ পাহৰোঁ মৰমী মাজনীৰ কথা, শত সহস্ৰ ধুমুহাৰ মাজতো যি বটবৃক্ষৰ দৰে অটল হৈ থাকি ভাগৰুৱা পথিকক ছায়াকে দি আহিছে।

 জানানে নৈঋত, ভাল মানুহেৰে পৰিৱেষ্টিত মোৰ জীৱন। বেয়াক ভাললৈ পৰিবৰ্তন কৰিবলৈকো যে তোমাৰ পৰাই শিকিলোঁ। তুমিয়ে কৈছিলা, বিয়োগ সংখ্যা এটিক বিয়োগ সংখ্যা এটিৰে পূৰণ কৰিলে যোগাত্মক উত্তৰেই ওলায়। সেয়ে মই মোৰ দুখবোৰ তোমাৰ বিচ্ছেদেৰে পূৰণ কৰোঁ সদায়। মইও কষ্ট পাইছে, ক’ৰবাত যে তুমিও কষ্টত আছা! কষ্ট আৰু কষ্টবোৰ পূৰণ কৰি মই শেষত সন্তুষ্টিৰে ভৰা এটা ডাঙৰ সংখ্যাই পাম, তাত মোৰ অকণো আশংকাই নাই। মাথোঁ অংকটো ভুল নহলেই হ’ল। বৰ আত্মবিশ্বাসেৰে আগবাঢ়িব বিচাৰিছোঁ। শূন্যৰূপী হতাশাবোৰক ওচৰলৈ আহিবলৈ নিদিয়াকৈ। জানো মই... জানো, মোৰ অহৰহ শব্দ সংগ্ৰামৰ শেষতে সেই উদ্যান, যত তুমি মই উমলিছিলোঁ কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ স'তে। মোৰ প্ৰতিটো শব্দই তোমাৰো বিষাদ আঁতৰাব। ক'ৰবাত যে তুমিও কষ্টত আছা!

—তোমাৰ ছায়া

□□

(২৭)

নৈঋত তোমালৈ বুলি....

 চকুপানীবোৰ নিজৰেই। কাৰো স’তেই ভাগ-বাটোৱাৰা কৰা নাযায়। তোমাৰ এষাৰি মাতৰ কাৰণে যুগ- যুগান্তৰ ৰৈ থকাৰ পাছত, তোমাৰ এষাৰি মাতৰ আশ্বাস পোৱাৰ পাছত, হাঁহিজনীয়ে গভীৰ টোপনিৰ আৱেশ ভাঙি এঙামুৰি দিয়াৰ পৰত, চকুপানীজনীয়ে তাচ্ছিল্যৰ কঁকালত হাত দি হাঁহিজনীক দবিয়াই উঠিল—

 ‘সীমাৰ ভিতৰত থাক, এইটো মোৰ এলেকা।’

 হাঁহিজনীয়ে ভয় খালে। নিশ্চুপ হৈ ৰ’ল, তাৰ পাছত তাই সোমাই আছে বন্ধ কোঠাত। [ ৪৭ ]  পল পল সময় গণি জীৱন উপভোগ কৰিব বিচৰা ‘মই’জনী তুমি বিজড়িত সামান্য কথাতে দুৰ্বল হৈ পৰোঁ। কিয় নাজানো। ইমান দিনৰ মৌনতাই আমাৰ মাজত যিটো দূৰত্ব আনিছিল, তোমাৰ মুখৰ এটি এটি শব্দই সেই দূৰত্ব হাজাৰ মাইল বৃদ্ধি কৰিলে।

 ক’লৈকো ওলাই যোৱা নাই মই। বগীবিল কেৰিয়াৰ চেণ্টাৰলৈকো, গজলৰ আখৰালৈকো। কলৈকো যোৱা নাই মই। অফিচ আৰু তিনিকোঠলিয়াত বন্দী হৈ ৰৈছে জীৱন। তীব্ৰ হতাশাবোধ, সীমাহীন কষ্টত জুই হৈ জ্বলিছোঁ, ধোঁৱা হৈ উৰিছোঁ। শব্দবোৰ এটি এটিকৈ চিতাত উঠাইছোঁ, অনুভৱবোৰ কফিনত ভৰাইছোঁ আৰু ভালপোৱাবোৰ তাৰ মাজতো বনৰীয়া ফুল হৈ ফুলি ৰৈছে। কেনেকৈ বুজাওঁ মই, কেনেকৈ বুজাওঁ তোমাক যে মই কাকো অনিষ্ট কৰিব পৰা মানুহেই নহয়। ভিতৰখনত কঢ়িয়াই ফুৰোঁ এনে এক মিঠা বেদনা, যি মোক নিজে কাঁইটৰ ওপৰত খোজকাঢ়ি ফুল ছটিয়াবলৈ প্ৰেৰণা দি থাকে নিৰন্তৰ।

 তুমি হেনো অসন্তুষ্ট মোৰ ওপৰত। মোৰ শব্দবোৰক তুমি শত্ৰুতাৰ চকুৰে চালা। তোমাক আক্ৰমণৰ লক্ষ্য কৰিয়েই হেনো মোৰ প্ৰতিটো কবিতা। ভাবিবও যে পাৰিলা নৈঋত। আৰু বহু কিবাকিবি কৈছিলা তুমি! ভাল কথাবোৰ যেনেকৈ উৰি উৰি কাণত পৰেহি, বেয়া কথাবোৰো তেনেকৈয়ে কাণত পৰেহি। আনৰ মুখ বাগৰি অহা কথা। এশ শতাংশ শুদ্ধ নহ'লেও শূন্য শতাংশও মিছা নহয় কিজানি। ফোন এটা কৰিম বুলিও আজিলৈকে কৰিবলৈ সাহস কৰিব নোৱাৰিলা তুমি।

 ইকবালে ফোন কৰিছিল। বহুত দিন লগ পোৱা নাই হেনো মোক। মই ক'লো তাক—

 ‘ডেউকা ভগা চৰাই এজনীৰ শুশ্ৰূষাত ব্যস্ত মই। চৰাইজনী নিজে নিজে ঠিক হ’বলৈ দিয়ক। তাৰ পাছত লগ পাম নিশ্চয়।’ কেনেকৈ কওঁ মই, সীমাহীন ভালপোৱাৰ ৰং যাৰ নামত শৰীৰ মনত সানি লওঁ, তেওঁ যে সেই ৰঙখিনি আঁজুৰি নিয়েই ক্ষান্ত নাথাকিল, মোৰ গালৈ অবিশ্বাসৰ বোকা ছটিয়াবলৈকো কুণ্ঠাবোধ নকৰিলে। তোমাৰ পাৰিবাৰিক শান্তিত, তোমাৰ সামাজিক উত্থানত, তোমাৰ পেছাগত সন্মানক লৈ মই ঈৰ্ষান্বিত বুলি ভাবিলা তুমি। ভাবিবও যে পাৰিলা নৈঋত? ফেঁটী সাপৰ দৰে ফেঁট তুলি লোৱা ৰূপ মোৰ তুমি এবাৰেই দেখিছিলা। তাৰ পাছৰ পৰাই মই ডেউকা ভগা চৰাই। অহৰহ নিজৰ শুশ্ৰূষাত ব্ৰতী। অহৰহ নিজক অবাটৰ পৰা টানি আনি বাট লোৱাৰ প্ৰচেষ্টাত ব্ৰতী।

 তুমিয়ে কৈছিলানে এনেদৰে-

 ‘কোনোবাই গল্প লিখে, কবিতা লিখে লিখি থাকক, তাত মোৰ কি আহে যায় মেঘালী? মোক কিয় কৈ আছা তুমি? কৈ নাথাকিবা মোক এইবোৰ কথা, শুনিবলৈ মন নাযায় মোৰ। কিয় যে বাৰে বাৰে মোৰ সম্মুখলৈ তোমাৰ এইষাৰি কথাৰ লগত নিমিলা চেহেৰাটোৱেই অগা-দেৱা কৰি থাকে। তোমাৰ গহীন অধ্যাপকৰ ৰূপৰ লগতো নিমিলা এই কথাৰ সুৰ নতুবা তোমাৰ নৱম মানৰ আচৰণৰ লগতো নিমিলা কথাৰ সুৰ।

 জানানে নৈঋত, মোৰ কবিতাবোৰৰ এটি এটি শব্দ মোৰ কষ্টকৰ প্ৰসৱ বেদনাৰে জন্ম দিয়া এটি এটি সন্তান। মোৰ হৃদয়ৰ ঔৰসত তোমাৰ অনুভৱৰ নিষেচনত থিতাপি লোৱা ভ্ৰুণৰ বহিঃপ্ৰকাশ সেয়া। মাথোঁ দহমাহ দহদিন নহয়, বছৰৰ পাছত বছৰ ধৰি মোৰ বুকুৰ ঔৰষত লালিত পালিত হুমুনিয়াহবোৰ কি কষ্টকৰ যন্ত্ৰণাৰে এটি এটি শব্দলৈ, ভাষালৈ, কবিতালৈ, গানলৈ অংকুৰণ কৰিলোঁ তুমি নুবুজিবা নৈঋত। তুমিয়েতো পিতৃ প্ৰতিটো শব্দৰ। ভাল নাপালেও অন্ততঃ আঘাত নকৰিবা নৈঋত। বৰ কষ্ট হয় নৈঋত...বৰ কষ্ট হয়, বৰ কষ্ট হয়। তোমাৰ অনুভৱেৰে বেহা কৰা নাই নৈঋত। নিজ সন্তানেৰে কোনোবাই বেহা কৰে জানো? কিন্তু সিহঁতৰ আবদাৰবোৰ পূৰাবলৈকে সিহঁতক বাহিৰলৈ উলিয়াই আনিছোঁ নৈঋত।

 জানানে নৈঋত, জীৱনৰ পিছল বাটত এখোজ এখোজকৈ আগবাঢ়ি শতমাইল পিছলৈ টানি আনে মোক তোমাৰ মুখৰ এনেবোৰ শব্দই। মোৰ ভালপোৱাৰ গভীৰতা বুজাব পৰাকৈ মই ক’ৰবাত বিফল। যেন গভীৰ খাদ্যৰ অটল গৰ্ভত সোমাই ৰোৱা মোৰ ভালপোৱা। ওপৰৰ পৰা জীৱন নামৰ চৰিত্ৰটিয়ে ৰচী পেলাই উঠি অহাৰ আহ্বান জনায় আৰু হতাশা নামৰ চৰিত্ৰটিয়ে ৰছীডাল কাটি আৰু গভীৰতালৈ ঠেলি দিয়ে। পৰিণামত হৃদয়ৰ গহন কোণত [ ৪৮ ] আবদ্ধ মোৰ ভালপোৱা। নুবুজিবা তুমি নৈঋত, বুজিব পৰাকৈ তোমাৰ সিমানখিনি অনুভৱী চেতনাৰ অভাৱ।

 বৰ অকলশৰীয়া মই। বৰ আশাহত। বৰ অপমানিত মই। সপোন দেখাৰ বাদে একোৱেই কৰিব নোৱাৰোঁ। বাৰিষাৰ নৈখনৰ দৰে বাঢ়ি অহা যন্ত্ৰণাৰ নাম প্ৰেম কেনেকৈ দিয়া যায় নৈঋত? প্ৰতিশ্ৰুতি আৰু সহানুভুতি নোহোৱা অনুভৱক জানো প্ৰেম বুলিব পাৰি? বিষালি সময় আৰু কঁইটীয়া মঞ্চত কোন স’তে কৰোঁ জীৱনক উদযাপন? মৰি মৰি জীৱলৈ নিবিচৰা কাৰণেই শব্দবোৰ জাপি জাপি তাৰ ভাঁজে ভাঁজে লুকুৱাইছিলোঁ চকুপানীবোৰ। আজিৰে পৰা মোৰ ওভতনি যাত্ৰা......কষ্টকৰ ওভতনি যাত্ৰা....সেই পাঁচ বছৰৰ আগৰ মই’জনীলৈ ...। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ভটিয়াই যোৱাৰ জেদ এটাত আবদ্ধ হৈ পৰিছোঁ লাহে লাহে.........।

-তোমাৰ ছায়া

□□

(২৮)

নৈঋত তোমালৈ বুলি...

 বিকাশ ছাৰে অলপ টানকৈয়ে কৈছে। ইমান ডাঙৰ কাম এটা হাতত লৈ হেনো সময় দিব নোৱাৰাটো মূৰ্খামি হৈছে। ইকবালকো যেন কেতিয়াও নেদেখা ৰূপতহে দেখিছোঁ। দাঢ়ি ভাবোকাৰ মাজৰ মুখখনৰ সপ্ৰতিভতা বহুখিনি ম্লান হৈছে। কিবা সমস্যা হৈছে নেকি বাৰু তাৰ? সুধিলোঁ তাক। প্ৰশ্নটো এৰাই চলি সিও আন কথাত ব্যস্ত হৈ পৰিল। মই ক’ৰবাত গৈছিলোঁ নেকি? ক’ত ব্যস্ত হৈ আছোঁ? অফিচৰ ৱৰ্কলোড বাঢ়িছে নেকি? টুৰত গৈছিলোঁ নেকি?... ইত্যাদি ইত্যাদি।

 গজলৰ কামবোৰ আগবাঢ়িছে অলপ অলপকৈ। সেই ইউনিভাৰচিটিতে শেষবাৰৰ বাবে গান গাইছিলোঁ। কিমানদিন যে গানৰ প্ৰেকটিছ নাই। বৰ কষ্ট হৈছে মোৰ। ৰাগবোৰ টানিবলৈকে ভালকৈ পৰা নাছিলোঁ। ইকবালে চাই থাকে। ভালকৈ গাব নোৱাৰিলে মুখত বিন্দু বিন্দু ঘামৰ কণা জিলিকি উঠে। বিকাশ ছাৰ কঠোৰ। তেওঁ বিচৰামতে গাবই লাগিব। নহ’লে হেনো ভাল কথাবোৰো, ভাল শব্দবোৰো ফুটি নুঠিব। শব্দৰ কথা ক’লেই তোমালৈ মনত পৰে। তুমি অপমান কৰি যোৱাৰ পাছতো শব্দলৈ মোৰ ইমান মোহ। তোমাতকৈও যেন শব্দৰ প্ৰেমতহে বন্দী মই। কেতিয়াবা ওলাই নহালৈকে শব্দবোৰে মোক শুবলৈ নিদিয়ে। ওলাই আহিও ৰক্ষা নিদিয়ে, কলমৰূপী ব্ৰাচেৰে নীলা এসোপামান সানি দিলেহে ৰক্ষা।

 এটা কথাত অলপ ভাল লাগিছিল। ইকবালো মোৰ শব্দৰ প্ৰেমত বন্দী। কৈ উঠে প্ৰায়েই ’আপোনাৰ কবিতা পঢ়িলে আপোনাৰ প্ৰেমত পৰি যাব বহুজন’। হোহোৱাই হাঁহি দিয়ে তাৰ পাছত। ৰহস্যময় মানুহটোৰ জীৱনমুখী আদব-কায়দাবোৰে মোক প্ৰায়েই বিপাঙত পেলায়। কেৰিয়াৰ চেণ্টাৰত প্ৰতি দেওবাৰে নগ’লেই নহয়। বাৰে বাৰে খবৰ লৈ থাকিব সি—

 ‘আপোনাৰ পৰামৰ্শ ল’বলৈ ল’ৰা-ছোৱালী আহি ৰৈ আছে’।

 মই যেন কেৰিয়াৰ কনছালটেন্টহে। নিজৰে কেৰিয়াৰৰ কথা চিন্তা নকৰি জীৱনৰ নিচাত আসক্ত হৈ পৰিলোঁ। তথাপি মোক সি বহুৱাই ৰাখে সেই চকীখনত।

 ‘অন্ততঃ দেওবাৰে আহক, দুঘণ্টাৰ কাৰণে আহক। মত বিনিময় কৰক ল’ৰা-ছোৱালীৰ স’তে’– আচৰিত লাগে মোৰ। বুজি নাপাওঁ, কিহৰ তাড়নাত তাৰ দৰে ইঞ্জিনিয়াৰ এজনে এইবিলাক কামত আগ্ৰহী হ’ল। আৰু আচৰিত হৈছিলোঁ সেইদিনা, যিদিনা শুনিছিলোঁ সৰুতে মাক-দেউতাকক হেৰুওৱা ইকবালে কোনোৱা সদাশয় [ ৪৯ ] লোকৰ ছত্ৰছায়াত হোষ্টেলত থাকি আনুষ্ঠানিক শিক্ষা সাং কৰা বুলি। সহায়-সহানুভূতিবোৰ এনেকৈয়ে এটি জীৱনৰ পৰা আনটোলৈ বাগৰি আহে। বয়সতকৈ আগবঢ়া সি। জীৱনৰ পৰা পলাই নহয়, জীৱনক ফঁহিয়াই সমস্যা সমাধানত বিশ্বাসী সি। বাস্তৱধৰ্মী চৰিত্ৰৰে জীৱন মঞ্চত জীৱন নাট পৰিচালনা তাৰ। নতুনকৈ আহিলেও সি অঞ্চলটোত খুব কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল। বগীবিলৰ দাঁতি কাষৰীয়া অঞ্চলত ভিন ভিন বয়সৰ ল'ৰা-ছোৱালীৰ মাজত প্ৰায়েই বিভিন্ন ধৰণৰ চাৰুকলা কাৰ্যসমূহ অনুষ্ঠিত কৰি থাকে। ছবি আঁকা, গান গোৱা, কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি কুংফু, কেৰেটলৈকে সৰু-সুৰা অনুষ্ঠান এটাহে যেন সি। ভাবি আপ্লুত হওঁ মাজে মাজে। ভাল মানুহবোৰ এনেকৈয়ে পূৰ্ণ কৰি ৰাখে সময়বোৰ।

 ইকবাল আৰু তুমি যেন জীৱনৰ দুটা বিপৰীত মেৰুত অৱস্থান কৰি লোৱা দুটা চৰিত্ৰহে। তুমি আজিলৈকে মোৰ সন্মুখ হ’বলৈকে সাহস নকৰিলা। সমস্যা কেতিয়াও মই সৃষ্টি কৰা নাছিলোঁ যে সমাধানৰ ৰাস্তা নাপাই পলাই ফুৰিলা।

 মেঘালীয়ে কয়—‘জীৱন এখন বোঁৱতী নৈ। নৈৰ দৰে ইও নিজৰ ৰাস্তা নিজেই বিচাৰি ল'ব। মাথোঁ ৰৈ থাকিবলৈ নিদিবি’।

 ইকবালে কয়—‘যিমান সোনকালে শ্লুইচ গেটখন খুলি দিব, সিমান সোনকালে নৈখন সাগৰত মিলিবগৈ’।

 আৰু মই সুধোঁ নিজকে—‘কোনখন সাগৰত মিলাৰ প্ৰচেষ্টা মোৰ? তোমাৰ নামৰ সাগৰখনত?...'

 দাপোণখনৰ সন্মুখত ৰৈ চুলিবোৰ ফণিয়াই থাকোতে কথাবোৰ মনলৈ আহে। জীৱনটোৰ দৰেই চুলিবোৰো জঁট লাগি যায়। যিমানেই জঁট ভাঙিবলৈ চেষ্টা কৰোঁ সিমানেই দুখ পাওঁ। ভাল লগা আৰু ভালপোৱাৰ বিন্দু দুটা লাহে লাহে পৰস্পৰৰ পৰা আঁতৰি আহে। তোমাৰ ভালপোৱাবোৰ ধূসৰ হৈ আহে। কিবা জেদতহে যেন তোমাক ভাল পাই পেলালোঁ। ভাললগাবোৰ কপূৰ্বৰ দৰে উৰি যোৱাৰ পাছতো ভালপোৱাৰ ফল্গুধাৰা।


 অহৰহ যন্ত্ৰণাতো প্ৰেম মানেই যেন বলীয়া বুকুত মূৰ গুজি ঠেন-নেঠেন কৰি ৰোৱা অবুজ হৃদয়। এয়া মোৰ অভিমানৰে আন এটা প্ৰকাশ নেকি বুজি নাপাওঁ। অভিমান ভাঙিবলৈ তুমি যদি এবাৰ চেষ্টা কৰিলাহেঁতেন। মোৰ সামান্য অভিমানতে বাজি উঠিল তোমাৰ বিচ্ছেদ গান, তথাপি সেই গানেৰেই ঝংকাৰিত মোৰ হৃদয়ৰ উদাসী পুৱা। মোৰ অস্থিৰতাতো তোমাৰ নিৰূপায়তাৰ এপদ এপদ অলংকাৰ। তথাপি সেই অলংকাৰেৰেই সজ্জিত মোৰ হৃদয়ৰ অবুজ কন্যা। কি কৰোঁ মই? কি কৰোঁ মই? জোৰ কৰি বিশৃংখল চুলিখিনি জঁট ভাগিবলৈ চেষ্টা কৰোঁতে অবুজ কন্যাই দুখ পায়। কান্দি উঠে। ভাগৰি পৰে। তাৰ পাছত এৰি দিয়ে সময়ৰ সোঁতত, যি হয় হওক বুলি।

—তোমাৰ ছায়া

□□

(২৯)

নৈঋত তোমালৈ বুলি...

 ‘বহু ৰাতি হ’ল। ব’লক আপোনাক ঘৰত থৈ আহোঁগৈ।’—গজলৰ দুনিয়াত সোমাই সময়ৰ হিচাপ নৰখা ‘মই’জনীক কৈ উঠে ইকবালে।

 তাৰ পাছত মোৰ উত্তৰৰ বাবে মোৰ মুখলৈ চাই ৰয়। অনৰ্থক প্ৰশ্ন। উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলোঁ। মই এতিয়া শিপা। লতা হৈ কাৰোবাৰ গাত মেৰ খোৱাৰ হাবিয়াস মোৰ নাই। তথাপি ভদ্ৰতাৰে কৈছিলো। তাক—

 ‘দুয়োজনৰে গাড়ী আছে। কোনখন ধৰিব, কোনখন এৰিব?’

 ‘ঠিকেইতো, কথাটো মনলৈ অহাই নাছিল। ঘৰত থৈ অহাটো এটা অজুহাত মাথোঁ। ভাবিছিলোঁ, আপোনাক অলপ সময়ৰ কাৰণে লগ পাম।'— ইকবালে কৈ উঠিল। [ ৫০ ]  একো নক’লোঁ। বিদায় ললোঁ। ইকবালে কিবা ক’ব খুজিলে। শুনিবলৈ মোৰ মুড অৰু ধৈৰ্য দুয়োটাই নাছিল। বৰ ক্লান্ত মই। বিছনাখনে টানি আছে। তথাপি মই জানো, শ্বাৱাৰৰ তলত নিজকে এৰি দিয়াৰ পাছত মই আকৌ কলমটিৰ স’তেও মাতাল হ’ব লাগিব... লাগিবই। তোমাৰ কাৰণেই মোৰ আছুতীয়া সময়। কাৰো লগতেই ভাগ-বাটোৱাৰা কৰিব নোৱাৰোঁ। যিমান ভাগৰুৱা হ’লেও তোমাৰ লগত কথা নপতালৈকে মোৰ দিনটোৰ কাৰ্যসূচী শেষ নহয়। এই জীৱন একান্তই মোৰ জীৱন। তোমাৰ অনুভৱৰ সৈতেই দৈনিক সহবাস মোৰ। পাৰিমনে আনক আদৰিবলৈ?... পাৰিম নে নৈঋত?

 তোমাৰ নামতেই য’ত সব ব্যস্ততা। তোমাৰ নামৰ হুমুনিয়াহখিনি একাষৰীয়া কৰাৰ স্বাৰ্থতে ব্যস্ততা নামৰ ভণ্ডামি। তথাপিতো ব্যস্ততাৰ আঁৰে আঁৰে তোমাৰ ধূসৰিত মুখ। বহুত দিনেই হ’ল তোমাক নেদেখা। বহুদিনেই হ’ল তোমাৰ দেহাৰ সুবাস নোপোৱা। বহুদিনেই হ’ল তোমাৰ কাতৰ চকুত চকু মিলাই চকুলোৰ সঁহাৰি নজনোৱা। মনত পৰেনে নৈঋত... কামৰ সময়ত তোমাক বাৰে বাৰে ফোন কৰি থাকিলে তুমি ভেকাহি মাৰি উঠিছিলা— ‘কিয় আমনি কৰি আছা ছায়া?’

 মনত পৰেনে নৈঋত, আৱেগিক হৈ চকুলো টুকিলে তুমি মোৰ ওঁঠত আঙুলি ৰাখি কৈ উঠিছিলা—‘No, no, no, no tears dear.’

 মই জানো নৈঋত, মোৰ একোৱে নাই.... একোৱে নাই মোৰ। কিন্তু সোণ, এবুকু মৰম আছিল মোৰ, তোমাক উপচাই পেলাব পৰাকৈ। মোৰ মৰমত হয়তো একো চমকো নাছিল, কিন্তু সততা আছিল, গভীৰতা আছিল মোৰ মৰমত। সেই গভীৰতাত এতিয়াও পৰি আছে শংখৰ মুকুতা। মৰমবোৰ পৱিত্ৰতাৰ পৰশ লাগি পৰিণত হোৱা মুকুটা হেন প্ৰেম মোৰ, যি প্ৰেম মুকুতাৰ দৰেই অদ্বিতীয় হৈ জন্ম লয়। তুমি নহ’লেও প্ৰেম থাকিব নৈঋত। তোমাৰ স্মৃতিয়ে আমনি কৰিলেও অস্থিৰতাকো বশলৈ আনিবলৈ সক্ষম হৈছোঁ লাহে লাহে।

 ’Time is the best medicine to heal a pain.’—মেঘালীয়ে যে কৈছিল।

 ইকবালে কৈছিল—‘আপোনাক এটা ভাঁজৰ দৰকাৰ হৈছে। একেটা গতিত একে দিশত গৈ আছে আপুনি। দিশ সলোৱাৰ দৰকাৰ আহি পৰিছে।’

 ‘কিয়? কিয় দিশ সলোৱাৰ দৰকাৰ হৈছে ইকবাল?—মই সুধিছিলোঁ।’

 উত্তৰ নিদিয়ে ইকবালে। এনেকৈয়ে বহুত কথা আধৰুৱাকৈ কয় ইকবালে। বুজা-নুবুজাৰ মাজত ৰাখি থয়। কথাবোৰ। মৌন হৈ ৰৈছিলোঁ ময়ো। অনৰ্থক আগ্ৰহ প্ৰকাশৰ ইচ্ছা নাছিল। বুজা-নুবুজাৰ দোমোজাত জীৱনটোক নৈখনৰ দৰেই বোৱাই দিছোঁ লক্ষ্য নাজানো।

 সেইকাৰণে তুমি মোৰ কবিতা, গানক অৱজ্ঞাৰ চকুৰে চোৱাৰ পাছতো, শব্দবোৰ দলিয়াই দলিয়াই গোটেই কোঠাটো সিঁচৰতি কৰি দিয়াৰ পাছতো, সুস্থজনী হৈ আকৌ মই আলফুলে তুলিছিলোঁ প্ৰতিটো শব্দ। মৰমৰ আঠাৰে জোৰা লগাইছিলোঁ ভগ্ন শব্দবোৰ। বুজি উঠিছিলোঁ, তোমাতকৈ অন্ততঃ শব্দবোৰ মোৰ বেছি আপোন। তোমাৰ দৰে মোক ইহঁতে অকলে এৰি নাযায়। ‘কোনোবাই কবিতা লিখিছে, কোনোবাই গল্প লিখিছে সেইটো তেওঁৰ ব্যক্তিগত কথা, মোক কিয় কৈ আছ মেঘালী।’

 কলিজাত লাগি ৰোৱা লিকটা দাগটো ডিটাৰজেণ্টেৰে ঘঁহি ঘঁহি ধুয়ো আঁতৰ কৰিব নোৱাৰা বাক্যশাৰী কেনেকৈ যে কৰ্ণকুহৰত সোমাইছিলহি। তাৰ পাছত আকৌ উজাগৰী ৰাতি, বিনিদ্ৰতাই আকোঁৱালি লোৱা দেহ আৰু নিদ্ৰাহীন চকুযুৰি কাজলেৰে ঢকাৰ প্ৰয়াস। ৰাতিবোৰ যিমানেই গধুৰ হয়, কাজলৰ চাহিদা সিমানেই বাঢ়ি যায়।

‘অতি চিনাকি এজাক বৰষুণ
নামিলেহি মোৰ চোতালতে
অতি চিনাকি অনুভূতিবোৰ
বাগৰ সলায় মোৰ হৃদয়তে।
বৰষুণজাকৰ দৰেই সিও গুচি যায়।

 হয়, ইকবালে ঠিকেই কৈছে, মোক এটা ভাঁজৰ দৰকাৰ হৈছে। অহা দেওবাৰে মন্দিৰলৈ যাম। ভগৱানৰ [ ৫১ ] মজিয়াত বিচাৰ ভিক্ষা কৰিম। মই যদি শুদ্ধ হয়, তুমি এবাৰ হলেও উভতি চাবা মোক, মোৰ দৃঢ়বিশ্বাস। ভিৰৰ মাজত যেতিয়া অকলশৰীয়া হ’বা, মোলৈ মনত পৰিব তোমাৰ। স্বাৰ্থপৰৰ দৰে অতি আশাৰে সেই দিনটোলৈ বাট চাই আছোঁ। একো অভিমান নাথাকিব মোৰ। আঁকোৱালি ল’ম তোমাক, দূৰ কৰিম তোমাৰ নিঃসংগতাক, খুপি খুপি খোজ কাঢ়িম তোমাৰ হৃদয়খনিত, খুপি খুপি মৰমবোৰ দুহাতেৰে বুটলি ল’ম, তোমাৰ মৰমৰ ৰঙবোৰ শিৰত বোলাই ল’ম, তোমাৰ চকুৰ অলংকাৰেৰে সজ্জিত হৈ তোমাৰ কাষে কাষে দেও দি ফুৰিম।


 আশাহত হৈও আশাত বন্দী মই। মোৰ শব্দবোৰত তুমি দুৰ্বল অনুভৱ কৰা কাৰণেই যে আক্ৰমণ কৰিছিলা মোৰ বুজিবলৈ বাকী নাই। মোক জীয়াই তোলাৰ বাবে, মোক শুদ্ধ পথত আগুৱাই নিয়াৰ বাবে মোক এটা নিচাৰ দৰকাৰ হৈ পৰিছিল নৈঋত। অশান্ত মন শান্ত কৰিবলৈ এলজোলাম টেবলেটবোৰ গোটাই লৈছিলোঁ। শব্দৰ এলজোলাম আছিল সেয়া নৈঋত। চকুপানীৰে গিলিছিলোঁ সেই এলজোলাম। আজিলৈকে গিলি আছোঁ প্ৰেম আৰু অভিমান মিহলি সেই শব্দৰূপী এলজোলাম। মোক অবাটৰ পৰা বাটলৈ টানি অনা এলজোলাম টেবলেট। ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ থাকোঁতে শিলছটাই উপহাৰ দিয়া এলজোলাম টেবলেটবোৰ। নদীয়েও জানিছিল... বুজিছিল। বুকুত আশ্ৰয় নিদি সেয়ে ঘূৰাই পঠিয়াইছিল শিলছটাৰ ওচৰলৈ। জানানে নৈঋত, মই জী উঠিছিলোঁ সেয়ে। জী উঠিম বাৰে বাৰে।

—তোমাৰ ছায়া

❏❏

(৩০)

নৈঋত তোমালৈ বুলি....

 “মোক এনেকৈ বাউলী নকৰা হলেওতো হ’লহেঁতেন
 লগ পোৱাৰ বাসনাই উচুপি নুঠিলহেঁতেন ওৰে নিশা
 সুখবোৰ তোমালৈকে ছটিয়াওঁতে ছটিয়াওঁতে
 দুখৰ ভৰত কোঙা হৈ ৰোৱা হৃদয়
 হাজাৰ কবিতায়ো মোলৈ বৰষুণ কঢ়িয়াই নানে
 নেদেখুৱায় ৰামধেনুৰ ছবি......
 মোৰ দুখবোৰ এলাগী
 প্ৰেমেইতো কঢ়িয়ায় দুখৰ ঠিকনা
 ধোঁৱাৰ কুণ্ডলীত উৰি যোৱা ঠিকনা
 ঘূৰি ঘূৰি মোলৈকে আহে
 আস...
 আগেয়ে যদি জানিলোহেঁতেন বিৰহত ইমান কষ্ট
 ৰাধা হ'বলৈ আগবাঢ়ি নাহিলোহেঁতেন তেতিয়াই..”

 গজলটো মালকোচ ৰাগেৰে আৰম্ভ কৰা হৈছে। গাই থাকোঁতে দুযোৰ চকুৱে বৰ দিগদাৰ কৰে। এযোৰ তোমাৰ আৰু আনযোৰ ইকবালৰ। ছাৰে কৈছে যিমান পাৰি অনুভৱ ঢালি দিয়া। মই চকুযোৰ মুদি ভাবো— ‘তোমাৰ নামতে মোৰ অতবোৰ কবিতা। তোমাৰ সান্নিধ্যৰ মধুৰতাৰে সিক্ত মোৰ কাব্যানুভূতি।’ [ ৫২ ]  ইকবালে লগ ধৰিছিল—‘ব’লক অলপ লং ড্ৰাইভত যাওঁ। কিমান আৰু কাম কৰিম? ৰেষ্ট লাগে মাজে মাজে।’

 ঠিকেই জিৰণি লাগে মাজে মাজে শৰীৰটোকো, মনকো। শৰীৰটোক অত্যাধিক পৰিশ্ৰম কৰিবলৈ দি মনটোক একাষৰীয়া কৰি থওঁ, কেতিয়াবা মনটোক অত্যাধিক পৰিশ্ৰম কৰিবলৈ দি শৰীৰটোক একাষৰীয়া কৰি থওঁ। তথাপি মনৰে জয়যাত্ৰা সদায়েই। কেতিয়াও ভাগৰি নপৰা মনটি মোৰ৷ লক্ষ্যত উপনীত নোহোৱালৈকে যেন কাম কৰি যোৱাৰ সংকল্প তাইৰ। সেইকাৰণেই এতিয়াও চকুৰে পিতপিতাই ফুৰে চিনাকি নম্বৰৰ গাড়ীখন নতুবা চিনাকি মুখখন।

 লগ পাইছিলোঁ এদিন তোমাক। ঠিক লগ পোৱা নাছিলোঁ, দেখিছিলোঁ তোমাক। গ্ৰন্থমেলাত তুমি বেলেগ এটা ষ্টলত সোমাই কিতাপ চাই আছিলা। মই আৰু ইকবাল মুকলি সভাত কবিতা পুথি এখনৰ উন্মোচনী পৰ্বত বহি আছিলোঁ। ইকবালে গান গাইছিল। মই বাৰে বাৰে পাছলৈ ঘূৰি চাইছিলোঁ। ইকবালৰ চকুত পৰিছিল কথাষাৰ। সুধিছিল—

 ‘কাৰোবাক বিচাৰিছে নেকি?’

 মুখেৰে ইকবালক একো নক'লেও সঁচাই যে দুচকুৰে পিতপিতাই বিচাৰি ফুৰিছিলোঁ তোমাক। এক লহমাৰ কাৰণে দেখা পোৱা তোমাক আকৌ এবাৰ চোৱাৰ হেঁপাহে উদ্বাউল কৰি তুলিছিল মোক। ইকবালৰ গানতো মন বহাব নোৱাৰিলোঁ৷ অলপ আহত হৈছিল যেন সি। সুধিছিল—

 ‘আপোনাক অন্যমনস্ক যেন লাগিছে। কিবা সমস্যা হৈছে নেকি আপোনাৰ?’

নাই নাই, লগৰ এজনক দেখাৰ নিচিনা লাগিছিল। পিছে আপুনি বৰ ভাল গালে। ভাল লাগিল’—মই ক’লো।

 ওঁঠলৈ এটা বেকা হাঁহি যেন বিৰিঙি উঠিল তাৰ। তাৰ পাছত মোক ক'লে—ব’লক আজি বাহিৰতে ডিনাৰ কৰি যাওঁ।’

 বহুত না কৰাৰ পাছত আজি মোৰ না ক'বলৈ মন নগ’ল। কলো—‘বলক।’

 তাৰ পাছতো পাছলৈ ঘূৰি ঘূৰি চাইছিলোঁ বাৰে বাৰে। ইকবালে ক'লে—

 ‘আগলৈ যাবলৈ বিচৰা মানুহে পিছলৈ ঘূৰি চোৱা উচিত নহয়। বেক গিয়েৰত আগলৈ যাব নোৱাৰি৷’

 মই হাঁহি দিলো মৃদুভাৱে। লাহেকৈ ক'লো—

 ‘কিন্তু গাড়ীৰ লুকিং মিৰ’ৰত পাছফালটোৱেই চকুত পৰে। আৰু লুকিং মিৰ'ৰ চাই থকাটো বহুত জৰুৰী। অন্ততঃ শুদ্ধ গতিত গৈ থকাৰ কাৰণে পিছফালটো চকুৰ আগত ৰখাতো দৰকাৰী।’

 হয় নৈঋত, তোমাৰ মোৰ সম্পৰ্ক যদি ভগৱানৰ তুলাচনীত ভুল আছিল, তেন্তে সেই ভুলটোও মোৰ জীৱনৰ বাবে এক শিক্ষা। মেঘালীয়ে কৈছিল—

 ’তই কৰি থৈ অহা ভুলবোৰেই তোৰ বাবে আটাইতকৈ ভাল শিক্ষাগুৰু।’

 ইকবালে সুধিছিল—“মোৰ সংগ আপুনি উপভোগ নকৰে?’

 মই উত্তৰ দিছিলো— কৰোঁ, নিশ্চয়কৈ কৰোঁ। মোৰ চাউলৰ মলখু বছৰ পাছত, পতান জুৰাৰ পাছত ডলাত ৰৈ গৈছে আপুনি। আপোনাৰ জীৱন দৰ্শন অতুলনীয়। আপোনাৰ পৰা বহুত শিকিব লগা আছে।’

 অলপ আহত যেন হৈ সি কৈ উঠিল—“আপোনাক এটা ভাঁজৰ দৰকাৰ। যিটো পথত আপুনি আছে, সেইটো পথত আপোনাৰ গন্তব্যস্থল নাই। এটা কেঁকুৰি লওক। দেখিব গন্তব্যস্থল চমুৱাই আহিছে।’

 হয় নৈঋত... ঠিকেই কৈছে ইকবালে, মোক এটা ভাঁজৰ দৰকাৰ। গন্তব্যস্থল চমুৱাই অনাৰ বাবে মোক এটা ভাঁজৰ দৰকাৰ আছে। ইমানখিনিলৈকে ঠিকেই বুজি পাওঁ মই। কিন্তু মোৰ গন্তব্যস্থলটো ক'ত? গন্তব্য কি মোৰ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিলেই বুকুখনে ধৰফৰাই উঠে। তুমিয়ে কোৱাচোন নৈঋত, মানুহৰ লক্ষ্য কি? কিহৰ তাড়নাত মানুহে উন্মাদৰ দৰে জীৱনৰ চকৰিত ঘূৰি আছে। জীৱনৰ আগবয়সত এটা ভাল ৰিজাল্ট আৰু বিশ্ববিদ্যালয়ৰ ডেওনা পাৰ হোৱাৰ পাছত এটা সংস্থাপনৰ লক্ষ্য আছিল। তুমি মোৰ লক্ষ্য কেতিয়াও নাছিলা নৈঋত। তোমাক [ ৫৩ ] লগ পালোঁ তথাপিও। জীৱনৰ বাটত কেৱল সাঁচ বহুৱাব পৰাকৈ নহয়, জীৱনৰ কেঁকুৰি সলাই দিব পৰাকৈ পালোঁ তোমাক। তোমাক লগ নোপোৱা হ’লে হয়তো বিদেশৰ কোনোবা বহুজাতিক কোম্পানীত কৰ্মৰত হৈ থাকিলোহেঁতেন। ৰাতিপুৱা সাত বজাৰ পৰা ৰাতি আঠ বজালৈকে অফিচত পাৰ কৰিলোহেঁতেন। উইক এণ্ডত লেট নাইট পাৰ্টি কৰিলোহেঁতেন। কেৰিয়াৰৰ স’তে মিলা কাৰোবাৰ স'তে অংক মিলাই শয্যাসংগী হ'লোহেঁতেন। মনটোৰ অতপালিবোৰ চুকত পৰি ৰ’লহেঁতেন। সেই লক্ষ্য বুকুত বান্ধি লোৱাহেঁতেন মই চাগৈ এতিয়া লক্ষ্য বিচাৰি হাবাথুৰি খাই ফুৰিব লগা নহ’লহেঁতেন।

 আজিও বুজি নাপালোঁ, হয়তো কেতিয়াও বুজি নাপাম, তোমাৰ তিনিবছৰীয়া সান্নিধ্যই মোৰ জীৱন দৰ্শনত কিদৰে এনেকৈ প্ৰভাৱ পেলালে। অন্ততঃ বাস্তৱমুখী, খেয়ালী মানুহজনীৰ ভিতৰখনত এনে কি জোকাৰণি মাৰিছিলা নৈঋত, সময়ৰ প্ৰৱল সোঁততো ঢৌবোৰৰ একেই আকাৰ, একেই দৈৰ্ঘ্য, একেই কম্পনাংক।

 মোক এটা ভাঁজৰ দৰকাৰ। ইকবালেও কয়। কিন্তু লক্ষ্য নজনাকৈ কি ভাঁজ লওঁ নৈঋত? তোমাৰ মোৰ সম্পৰ্কটোৱে ইমান জটিল ৰূপ ল’ব বুলি ভাবিছিলানে এবাৰলৈ? তুমি হয়তো ক’বা মইয়ে অনৰ্থক জটিলতা টানি আনিছোঁ। যদি সেইটোও হয়, মই কিহৰ স্বাৰ্থত জটিলতা টানি আনিম নৈঋত? আমাৰ সম্পৰ্কততো লাভ- লোকচানৰ অংক নাছিল। তোমাক সামাজিকভাৱে পোৱাৰ আশাও নাছিল মোৰ। মাথো তুমি যদি এবাৰলৈ সততাৰে মোৰ কাষত থিয় দিলাহেঁতেন।

 মোৰ সকলো প্ৰশ্নৰ উত্তৰত সেই লক্ষ্যটোৱেই ধৰা দিয়েহি। যি লক্ষ্যত উপনীত হ’বলৈ কোনো ভাঁজৰ দৰকাৰ নাই। যি লক্ষ্যত উপনীত হ’বলৈ মোক গাড়ীৰ সোঁ-বাওঁ সূচকৰো দৰকাৰ নাই। যি লক্ষ্যত উপনীত হ’বলৈ মোক ষ্টিয়েৰিং পকোৱাৰো দৰকাৰ নাই।

 ‘তুমি মোৰ বহুত মৰমৰ। মোৰ পৰা আঁতৰি নাযাবা... আঁতৰি নাযাবা প্লিজ’। কোনোবা কুঁৱলী সনা অলস সন্ধ্যা ছা-পোহৰৰ মাজত মায়াসনা কথাকেইটা উচ্চাৰণ কৰিছিলা তুমি। তোমাৰ কাতৰ চকুৰে তোমাৰ কম্পিত ওঁঠেৰে আৰু তোমাৰ হাতৰ পৰশেৰে মোৰ চুলিত আঙুলি বোলাই বোলাই তুমি কৈ উঠিছিল। ‘নাযাওঁ সোণ, তোমাক এৰি মই ক’লৈকো নাযাওঁ।’— বুলি মই ক’বলৈ পালোঁহে, লগে লগে যেন তুমি মোৰ ভৰিত শিকলি বান্ধি চাবিপাত ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাইছিলা। চাবিপাত নোহোৱাকৈ শিকলিডাল কেনেকৈ খোলোঁ নৈঋত? নিজে ছিঙিবলৈ যে মোৰ গাত শকতি নাই। বহুত মৰমৰ বুলি কৈও আজি মৰমহীনতা। অভিনয়ৰ সময় কোনখিনি আছিল নৈঋত? এই সময় নে সেই সময়? সেই সময় নে এই সময় অভিনয়ৰ সময়? এই প্ৰশ্নটোৰে উত্তৰ বিচাৰি আছোঁ নেকি অতদিন মই? ঠিকেইতো।

 ‘ইউৰেকা’ বুলি চিঞৰিবলৈ মন গৈছে। মই যে পাই গৈছোঁ মোৰ লক্ষ্য। মোৰ লক্ষ্যত উপনীত হ’বলৈ মোক মাথোঁ বেকগীয়েৰৰহে দৰকাৰ। মোৰো, তোমাৰো আৰু সময়ৰো। আপেক্ষিকতাবাদৰ সূত্ৰটো পাইছিলানে নৈঋত? আইনষ্টাইনে কৈছিল— ‘পোহৰৰ বেগতকৈও বেচি বেগত গতি কৰিলে সময় ওলোটা দিশত গতি কৰে, মানে অতীতলৈ গতি কৰে।’ সেয়ে মোক এতিয়া প্ৰচণ্ড গতিবেগৰ দৰকাৰ। পোহৰতকৈও বেছি গতিবেগৰ দৰকাৰ মোক এতিয়া, যি গতিবেগে মোক মোৰ মধুৰতম সময়লৈকে লৈ যাব। তোমাক যে অনুভৱ কৰিব পৰাটোও মোৰ বাবে এক নিচা।

-তোমাৰ ছায়া

□□

[ ৫৪ ]

(৩১)

নৈঋত তোমালৈ বুলি....

 ইকবাল মোৰ ভাল বন্ধু হৈ পৰিল। সেই যে এদিন সুধিছিল সি—

 ‘মোৰ সংগ আপুনি উপভোগ নকৰে?’

 তাৰ পাছৰে পৰাই মই নিজকে বিশ্লেষণৰ মাজত এৰি দিছোঁ। ফঁহিয়াই চাইছোঁ সম্পৰ্কবোৰ। লিৰিকি-বিদাৰি চাইছোঁ আৰু কিছুমান সম্পৰ্ক বহুত মহাৰ্ঘৰ বিনিময়ত কিনি লৈছোঁ। সৌজন্যতাৰ খাতিৰত কৰা সম্পৰ্কবোৰক লৈ ইমান চিন্তা কৰাৰ দৰকাৰ নপৰে। কিন্তু এইবিলাক সম্পৰ্কৰ এটা স্থান আছে। বছা বছা মানুহক লৈ কৰা সম্পৰ্ক বৃত্তটো। ইকবালো সোমালেহি সেইটো বৃত্ততে। মই নজনাকৈয়েই। প্ৰতিদিনেই তাক লগ পাওঁ বুলি ক’লেও ভুল নহ’ব। দুটামান গজলত মোৰ স’তে সিও কণ্ঠদান কৰিছে।

 এদিন সি ঘপহকৈ সুধি পেলাইছিল— ‘আপোনাৰ গানবোৰ ইমান বিষাদময় কিয়?’

 ঈষৎ হাঁহিৰে কোনোৱা লেখকৰ উদ্ধৃতি টানি মই কৈ উঠিছিলোঁ—বিষাদ মোৰ বিলাসিতা, বিষাদ মোৰ প্ৰিয় সুখ, সেইকাৰণেই বিষাদৰ জয়গান চৌপাশে।’

 মোৰ কাব্যিকতাত ৰস পালে সিও, কৈ উঠিল—“বিষাদৰ ঘৰত কিজানি পোহৰ নাথাকে’৷

 ‘নিজে জ্বলি থকালৈকে পোহৰ থাকে।’– মই ক’লোঁ।

 ‘নিজে জ্বলি আনক পোহৰ দিয়াৰ কি অৰ্থ আছে? ধোঁৱাৰ দৰে ইও অস্তিত্বহীন।’— ইকবালে কৈ উঠিল।

 ‘নাই নাই, ধোঁৱা হ’বলৈ নিবিচাৰোঁ মই। পাৰোঁ যদি ছাই হ’ম। জুই আৰু ধোঁৱা ক্ষন্তেকীয়া। ছাইখিনি সত্য।'—কৈ উঠিলোঁ মই।

 “বিষাদৰ দলঙেৰে জীৱনটো পাৰ হ’লে পিছল খোৱাৰ ভয়।’— ইকবালে আকৌ ক’লে।

 ‘পিছল খাই ভাল লাগে কেতিয়াবা, যদি বিশেষজনৰ হাতখনে মাতে।’— মই কৈ উঠিলোঁ।

 ‘কি প্ৰেমত বিশ্বাসী আপুনি?’—ধেমালিকৈ আৰম্ভ কৰি গধুৰ প্ৰশ্নটো সুধি পেলাইছিল সি।

 * * * *


 কঠোৰ প্ৰশ্ন। উত্তৰবিহীন। মৌন হৈ ৰ’লোঁ। অলপ আগলৈকে মুখৰিত হৈ থকা সন্ধ্যাটি মূক হৈ বহি ৰ’ল। অকলে থাকিবলৈ মন গ’ল। একেবাৰে অকলে। ‘লীভ মি এলন... প্লিজ। মোক অলপ অকলে থাকিবলৈ দিয়া।’—বুলি যেন চিঞৰি উঠিম।

 ভিতৰৰ ছায়াজনী ওলাই আহি মুখাৰূপী ‘মই’জনীক তাচ্ছিল্যপূৰ্ণ দৃষ্টি নিক্ষেপ কৰি কৈ উঠিল — আৰু কিমান ফাঁকিৰে হাঁহিবি ছোৱালী? মিছাৰ ভৰত জীৱনৰ বাট বুলিবি কেনেকৈ ছোৱালী? তাতকৈ ঘূৰি যা সেই শিলছটাৰ ওচৰলৈ, যিছটা শিলে তোক ব্ৰহ্মপুত্ৰত উটি নাযাবলৈ প্ৰেৰণা দিছিল। যা ঘূৰি সেই পাহাৰখনৰ ওচৰলৈ, যাৰ দুখবোৰ আনি বুকুত বান্ধি লৈছিলি। যা ঘূৰি সেই ফাগুনৰ ওচৰলৈ সৰাপাতৰ হেৰুৱা ঠিকনা বিচাৰি।

 জানানে নৈঋত, হেৰুৱা ঠিকনা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল সৰাপাতখিলাই। তপত চকুলো কঢ়িয়াই নিয়া সৰাপাতখিলাই গলাইছিল বসন্তৰ দুখৰ বৰফ। বৰষুণ এছাটি যেন সোমাই আহিছিল এটি সপোন হৈ......৷

 তাৰ কেইদিনমান পাছতেই পুৰণি চিনাকি সংখ্যাকেইটাৰে ফোন আহিছিল মোলৈ অকস্মাতে। কথা ক’ব পৰা নাছিলা তুমি। আৱেগত নে অসহজতাত সেইটো বুজি নাপালোঁ মই। ফোনৰ ইপাৰে মই আৰু মোৰ মনৰ [ ৫৫ ] যমজ কন্যা—এজনী অভিমানী আৰু আনজনী আকুল। সুৰ, তাল, লয়ত নাচি উঠা ’মই’জনীৰ জুনুকাযোৰ ছিগাৰ পৰাই অভিমানীজনীৰ ঠেহ কি চাবা। তোমাৰ মাত শুনি সাজি-কাচি ওলাই আহিছে আকুলতাজনীও। কেঁচুৱাৰ দৰেই আকুল তাই। এই যেন এগালমান প্ৰশ্নৰে তোমাক থকাসৰকা কৰিব, আবদাৰ কৰি উঠিব—‘আহা এতিয়াই আহা মোৰ ওচৰলৈ'।

 অভিমান আৰু আকুলতাৰ দবিয়া-দবিত নিৰ্বাক হৈ ৰৈছিল মোৰ ওঁঠযুৰিও। ক’বলৈ একোৱেই নাছিল জানো মোৰ? কিমান যে কথা সুধিবলৈ আছিল। ইকবালে সোধা প্ৰশ্নটোক যেন তোমালৈ ছটিয়াই দিম— ‘কি প্ৰেমত বিশ্বাসী তুমি নৈঋত?’ দেহাটিয়ে থেৰো-গেৰো কৰা কাৰণেই হৃদয়খন শিমলুৰ ফেৰেঙণিত ওলোমাই থৈ আহিলা, এয়া কেনে ন্যায় আছিল নৈঋত? মই জানো... মই জানো নৈঋত, শৰীৰে প্ৰেমৰ পূৰ্ণতা আনে, কিন্তু পূৰ্ণতাৰ নিচাত ডুবিব পৰাকৈ মোৰ মানসিক প্ৰস্তুতিকণলৈকো ৰবলৈ সময় নাছিল নে তোমাৰ?

 না.. একোৱেই ক’ব নোৱাৰিলোঁ মই। ওঁঠযুৰিৰ মৌনতাৰ ভিৰত প্ৰশ্নবোৰ উৰি উৰি ওলাই যাবলৈ বাট বিচাৰি নাপাই আকৌ অন্তগহনত থূপ খালেহি। অভিমানী এটি প্ৰশ্নই লীন যাব নিবিচাৰিলে, ৰুক্ষ স্বৰেৰে যেন তাই ওলাই গ’ল মোৰ সুখৰ পৰা— ‘তোমাৰ ব্যক্তিগত বা সামাজিক জীৱনত মই একো দাগ নাসানো নৈঋত, মোৰ সৃষ্টিক লৈ তুমি নিশ্চিন্ত থাকা’৷

 ‘লগ পাম তোমাক’—কৈছিলা তুমি।

 ‘কিয় লগ পাব লাগে মোক?’— অভিমানীৰ ওলোটা পশ্ন।

 ‘ইমান দিন মূৰত মোৰ মাতটো শুনি ভাল লাগিছে নে তোমাৰ?’— আৱেগ ঢাকিবলৈ তুমিও যে অক্ষম হৈ পৰিছা, বুজিছিলোঁ মই।

 ‘হুহ??... বুলি মুখ ঘূৰাই দিছিলোঁ। ফোনৰ সিপাৰত তুমি। ইপাৰত মোৰ বলিয়ালি, অভিমানৰ বলিয়ালি, আকুলতাৰ বলিয়ালি। অভিমানীজনীৰ ৰ’বলৈ সময় নাছিল, ফোনটো কাটি দিলে তাই। বৰ দেমাকী তাইৰ। আধৰুৱা কথাৰ মাজত ফোনটো কাটি দিলে তাই। আগৰ দৰেই আকৌ ডায়েল কৰিবলৈ লওঁতেই মনত পৰিল এয়াতো সেই সময় নহয়, নহয় সেই সময় যে ফোনটো কাটি যোৱাৰ লগে লগে ৰিডায়েল কৰি আকৌ কথা পাতিম। পাঁচ বছৰত সলনি হৈছে সকলো। সলনি নহ’ল মাথোঁ মোৰ অবুজন মনটো।

 নৈঋত, তোমাৰ পৰাও দ্বিতীয়টো কল আশা কৰি লাভ নাই। আধৰুৱা সম্পৰ্ক, আধৰুৱা প্ৰশ্ন, আধৰুৱা উত্তৰ, এই সৰোঁ সৰোঁকৈ থকা বিন্দি এটাৰ আধৰুৱা আশা-নিৰাশাৰ দোমোজাত পৰি ৰ’লোঁ মই। নিজলৈকে পুতৌ জন্মিল। অভিমানীজনীয়ে তালফাল লগাই আছে। কিয় ৰাধা হ’বলৈ আগবাঢ়িছিলি?’ আকুলতাজনীৰ নিঃসহায় স্বীকাৰোক্তি— ‘তেৱেঁইতো মোক বিচাৰিছিল, তেৱেঁই মোৰ কাষলৈ আহিছিল। মই ভালপাই পেলালোঁ, কি কৰোঁ মই? ভালপোৱাই অংক কৰিব নাজানে। নাজানে কাৰণেই ভুল হৈ যায় সদায়।’

 উচুপি উঠিলোঁ। চকুপানীবোৰে আজি আকৌ বানৰ ৰূপ লৈছে। ইকবাললৈ ফোন কৰিলোঁ। ফোনতো কান্দিয়েই থাকিলোঁ। সিও বুজি উঠিল কোনোবা এটা বিন্দুত দুখৰ লগনটো স্তব্ধ হৈ পৰিছে। সি সুধিলে বাৰে বাৰে—‘মোক যদি ভাল বন্ধু বুলি ভাবিছে, কওক কি হৈছে আপোনাৰ। আপোনাৰ চকুত চকুলো শোভা নাপায়। নাকান্দিব আপুনি। মই আছোঁ.... মোক কওঁক।’

 কি কৰোঁ মই... কি কৰোঁ? কোনোৱেই নাই মোৰ। দুখৰ ভৰত হৃদয়খন নিজেও কঢ়িয়াব পৰা নাই, দাঙি দিবলৈকো কোনো নাই। তোমাৰ কথাৰে সময় পাৰ কৰিম বুলি ভাবিলেও শুনিবলৈ কোনো নাই। ধেমালি ধেমালিকৈ আৰম্ভ কৰা সম্পৰ্কটোৱে ইমান জটিল ৰূপ পাব বুলি মই ভবা নাছিলোঁ নৈঋত।

 ওভতনি যাত্ৰা কেতিয়াবাই আৰম্ভ কৰিছিলোঁ। আজিহে দেখিলোঁ এই ওভতনি যাত্ৰাত মই এখোজো আগবাঢ়িবলৈ পৰা নাই। ভৰিত যে শিকলি বন্ধা। মৰমৰ শিকলি.....

—তোমাৰ ছায়া

[ ৫৬ ]

□□

(৩২)

নৈঋত তোমালৈ বুলি...

 কিমান দেৰি গাৰুত মূৰ গুঁজি পৰি আছিলোঁ ক’ব নোৱাৰো। তোমাৰ ফোনটো অহাৰ পৰাই এই অৱস্থা। একোৱে যে ক’ব নোৱাৰিলোঁ তোমাক। সদায় এনেকুৱাই হয়। মনৰ কথাবোৰ তোমালৈ বুলি ওলাই কেতিয়া অপথত ভৰি দিয়ে ক’বই নোৱাৰো। হৃদয়ৰ সুৰটো যেন মাজতে ক’ৰবাত সমাৰোপন ঘটি বেসুৰ হৈ ওলায়। ভুল মোৰেই। ভালপোৱাৰ ভুল। বুজাব নোৱৰাৰ ভুল। সমাজৰ বিপথে পৰিচালিত হোৱাৰ ভুল। মুঠতে গোটেই অংকটোৱেই ভুল।

 ‘তোমাক লগ পাম মই’—কৈছিলা তুমি।

 কিয় লগ পাব লাগে মোক, নৈঋত?— আজি সুধিছোঁ আকৌ তোমাক। ইমানদিনৰ মূৰত কিয় মনত পৰিল মোলৈ নৈঋত? কেনেকৈ লওঁ কথাবোৰ মই? মোৰ স্মৃতিয়ে তোমাক আমনি কৰিছে কাৰণে লগ কৰিবা মোক নে মই দুখত আছে বুলি মোক লগ কৰিব বিচাৰিছা মোক? নৈঋত, মোক পুতৌ নকৰিবা দেই একেবাৰে। হৃদয়ৰ টান অনুভৱ নকৰাকৈ মোৰ ওচৰলৈ নাহিবা তুমি নৈঋত৷ মই অকলে জীয়াই থাকিব পৰাকৈ আত্মবিশ্বাসী হৈ উঠিছোঁ লাহে লাহে।

 কলিং বেলটো বাজি উঠিল। বহুত দিনৰ মূৰত কলিংবেলটো বাজি উঠিছে। কোন হ’ব পাৰে বাৰু? দাপোণত নিজকে চাবলৈ সাহস নাই এতিয়া। বিধ্বস্ত মুখ, বিশৃংখল চুলি, চকুপানীৰ অত্যাচাৰত ফুলি উঠা ৰক্তিম চকু।

 অপ্ৰস্তুত হৈ পৰিলোঁ। কোন হ’ব পাৰে এই অসময়ত? মোক এই ৰূপত দেখিলে কি ভাবিব পাৰে? কলিংবেলটো অলপ জোৰেৰে বাজিছে, দীঘলীয়াকৈ। তুমি হ’ব পাৰা নেকি বাৰু? অলপ আগতে তুমি ফোন কৰিছিল। মই আৱেগত নে খঙত কথা পাতিব নোৱাৰি ফোনটো কাটি দিছিলোঁ। আৰু তাৰ পাছৰে পৰাই শিতানৰ গাৰুটোকেই কথাবোৰ কৈছোঁ। চকুপানীৰ ভাষাত লিখিছোঁ দুযোৰ চকুত আৰম্ভ হোৱা সম্পৰ্কটোৰ অস্থিৰতাৰ কাহিনী। আৰু তেনেকৈয়ে দাপোণত চাব নোৱাৰাকৈ বিধ্বস্ত হৈ পৰিছে মোৰ ৰূপ। কলিং বেলটোৰ শব্দটো বিকট হৈ বুকুত খুন্দিয়াইছে। তুমি আহিছা যদি, মোৰ এই ৰূপত তোমাৰ কি প্ৰতিক্ৰিয়া হ’ব চিন্তা কৰি ৰলোঁ বহুত পৰ। মন্ত্ৰমুগ্ধৰ দৰে দুৱাৰখন খুলি দিলোঁ। মোক আচৰিত কৰি দুৱাৰখনত ৰৈ আছিল ইকবাল।

 ‘কি হৈছে ম্যাডাম, ইমান ফোন কৰি আছোঁ। আপুনি ধৰা নাই। মই বৰ টেনচন খালোঁ। ৰব নোৱাৰিলোঁ। গুচি আহিলোঁ— ইকবালে সুধিলে মোক।

 ইকবাল... ইকবাল... ইকবাল। নৈঋত, তোমাক বিচাৰোঁতে ইকবালে ধৰা দিয়েহি প্ৰতিবাৰে।

 মেঘালীয়ে কৈছিল—“জীৱনটো নদীৰ দৰে, ৰৈ থাকিব নিদিয়ে, যিফালেই সুৰুঙা পায়, বৈ যায় নিৰৱধি। দুখবোৰ বোৱাই দে। সাগৰলৈ বোৱাই দে। সুখবোৰ বুটলি লবি মাজে মাজে।

 ইকবালে কয়—“আপুনি এটা ভাঁজ লওক। লক্ষ্যস্থান চমুৱাই আহিব।

 মই ওলোটাই প্ৰশ্ন কৰোঁ নদীৰ লক্ষ্য সাগৰলৈ। সাগৰৰ লক্ষ্য কি?

 সাগৰৰ লক্ষ্য নাই, সাগৰ লক্ষ্যহীন। লক্ষ্যহীন কাৰণেই বিশাল। বিশাল কাৰণেই উদাৰ৷ ইয়াৰ বুকুত জাহাজ চলে। মৌন হৈ ৰয়। মিছাইলে বুকু ফালে, মৌন হৈ ৰয়। পাৰিম নে মই সাগৰৰ দৰে বিশাল হ’বলৈ? বুকুফলা [ ৫৭ ] মিছাইলত মৌন হৈ ৰ’ব পাৰিম নে মই? সিমানখিনি শক্তিৰ, সিমানখিনি বিশালতাৰ অধিকাৰী হৈ উঠিম নে মই?
 ‘বলক, ক’ৰবাৰ পৰা ফুৰি আহোঁগৈ। আই মিন লং ড্ৰাইভ’— ইকবালে কৈ উঠিল।
 ‘কলৈ যাব?’— সুধিলোঁ।
 বহুত ঠাইলৈকে যাব পাৰি। কাজিৰঙালৈকো যাব পাৰি৷— ইকবালে ক’লে।
 হা ক’লোঁ—যাব পাৰি, ওলাওক।

 অলপ চেঞ্জ লাগে। একঘেয়ামি হৈ পৰিছে জীৱনটো। ক’ৰবাত দুদিনমান থাকি আহোঁগৈ। অকলেই যাবলৈ মন আছিল। কিন্তু ইকবালক না বুলি কোৱা নহ'ল।

 যাত্ৰা আৰম্ভ কৰিলোঁ। শিৱৰাত্ৰিৰ আগদিনা। অফিচত ছুটীৰ আৱেদন জনাই আহিলোঁ। ইকবালে গাড়ী চলাইছে। ক’লা চাফাৰীখন। মই কাষতে বহি বাহিৰলৈ চাই ৰৈছোঁ৷ কিয় যে তাৰ লগত ঘপহকৈ গুচি আহিলোঁ ক’ব নোৱাৰিলোঁ। তোমাৰ লগত কটোৱা সময়খিনি মোৰ হৃদয়ৰ টান আছিল, অকলে অকলে থকা সময়খিনি মোৰ হৃদয়ৰ প্ৰয়োজন আছিল আৰু ইকবালৰ লগত কটোৱা সময়খিনি যেন হৃদয়ৰ স'তে এক মীমাংসালৈ আহিবলৈ এক বুজাবুজি।

 কোনো প্ৰয়োজন নোহোৱাকৈ, একো আৱেগ নোহোৱাকৈ, একো টান অনুভৱ নকৰাকৈ তাৰ লগত ঘূৰি ফুৰিছোঁ। কিয় যে আহিলোঁ হঠাতে। বাধাওতো দিব পাৰিলোহেঁতেন। ক’ৰবাত এটা ভাঁজ লৈ ল’লোঁ নেকি বাৰু অজানিতে? নাই... নাই— চিঞৰি উঠিম যেন। নদী হৈ বৈ যোৱাৰ কোনো হাবিয়াস মোৰ নাই। মই সাগৰৰ দৰে বিশাল হ’ব বিচাৰোঁ। মোৰ বুকুত চাবমেৰিনে সুৰংগ ফালিব। মই সহিব পৰাকৈ উদাৰ হম।
 ‘জানেনে, আপোনাৰ লেখাসমূহ লাইব্ৰেৰীত সযতনে সাঁচি থোৱা আছে। সংকলন এটা উলিয়াই আপোনাক উপহাৰ দিয়াৰ পৰিকল্পনা ল’ৰা-ছোৱালীবিলাকৰ। সন্মুখলৈ চাই ড্ৰাইভিং ছিটৰ পৰা ইকবালে কৈ উঠিল।
 ‘কি ক’লে? কোনবিলাক লিখনিৰ কথা ক’লে?’– মই অন্যমনস্ক হৈ আছিলোঁ, সেয়ে সুধিলোঁ দুনাই।
 ‘বাতৰি কাকত, আলোচনীত প্ৰকাশ হোৱা আপোনাৰ লিখনিসমূহ। ইকবালে উত্তৰ দিলে।
 ‘অ’, সেইবিলাক মোৰ নিজৰে হাততে ভালকৈ নাই। আমাৰ লাইব্ৰেৰীত আছে নেকি?’— সুধিলোঁ মই। বগীবিল কেৰিয়াৰ চেণ্টাৰত লাইব্ৰেৰী এটাও আছে বুলি পাহৰিয়েই গৈছিলোঁ।
 ‘কলেজৰ ল’ৰা-ছোৱালীৰ মাজত আপুনি বেছ জনপ্ৰিয় হৈ উঠিছে৷ আপোনাৰ লিখাবোৰে বহুতকে মানে লক্ষ্যহীনতাত ভোগা বহুতকে লক্ষ্য দিছে।
 হাঁহিলো লাহেকৈ। ইকবালে এইবোৰ এনেই কৈ আছে। মোক ভালৰি লগাবলৈকে কৈছে।
 আকৌ ক'লে সি—ইমানবোৰ মানুহক লক্ষ্য দেখুৱাই দিয়া মানুহজনী লক্ষ্যহীন কেনেকৈ হ'ব পাৰে? ধনাত্মকতাৰ বাৰ্তা কঢ়িওৱা মানুহজনী ইমান নিৰাশ কেনেকৈ হ'ব পাৰে?
 ‘অ’..ঘূৰি ঘূৰি এইষাৰ ক'বলৈকেই ইমান পাতনি মেলিলে। বেটাই কথা ক’ব জানে কিছু।— মই নিজেই নিজক কৈ উঠিলোঁ।

 কাজিৰঙাত সোমাবলৈ বেছি পৰ নাই। ল’জ এটা বুক কৰি থোৱা আছে। কাইলৈ দিনত হাতী চাফাৰী চাম, ওচৰে-পাজৰে ঘূৰিম, ৰাতি ল’জত কটাম। পৰহিলৈ ৰাতিপুৱাই উভতি যাম। আগতেও বহুত বাৰ আহিছো ইয়ালৈ। কিন্তু প্ৰত্যেকবাৰেই বেলেগ বেলেগ আমেজ। এটা বেলেগ সোৱাদ। কলেজীয়া জীৱনতো লগৰখিনিৰ স’তে বহুতবাৰ বাছ ভাৰা লৈ আহিছোঁ ইয়ালৈ। তথাপি মোহ নপলায় অৰণ্য বিহাৰৰ। অনুপম শইকীয়াই সেইকাৰণেই গাইছিল—“কাজিৰঙা বৰ ধুনীয়া, একোৰে নাই তুলনা।

 অৰণ্যৰ প্ৰেমত পৰোঁ বাৰে বাৰে। বহুত অৰণ্যৰ ভিতৰতো কাজিৰঙা অনন্যা, কাজিৰঙা অপৰূপা। পাছদিনা দিনটো ঘূৰিলোঁ অৰণ্যৰ মাজে মাজে ইকবালৰ স’তে। এক মুহূৰ্তৰ কাৰণেও এৰি দিয়া নাই সি মোক। ৰাতিপুৱা লজৰ আছুতীয়া ৰূমৰ পৰা ওলাই অহাৰ পৰাই সি মোৰ লগতেই। চিঞাহী ৰঙৰ টপটোৰ স’তে বগা-নীলা ফুটফুটীয়া পালাজ’ পেণ্ট পিন্ধি, চুলিখিনি পনিটেইল কৰি বান্ধি যেতিয়া লজৰ ওপৰ মহলৰ পৰা মোৰ ৰূমটোৰ পৰা নামি আহিছিলোঁ, ইকবালে তলৰ চোফাত বহি মোলৈ অপেক্ষা কৰি আছিল। এক মুহূৰ্তৰ বাবে যেন সি [ ৫৮ ] হেৰাই গৈছিল—

 ‘ৱাও লুকিং বিউটিফুল। একদম বেলেগ লাগিছে আপোনাক।

 তাৰ পাছৰে পৰাই সি মোৰ লগতেই৷ দুয়োজনে ঘূৰিছোঁ, চাইছোঁ, অৰণ্যৰ মোহত বন্দী হৈছোঁ। হৰিণীজনীৰ প্ৰেমত পৰিছোঁ। গঁড়জনীৰ নিৰ্বাকতাত চকুলো টুকিছোঁ। অৰ্কিড উদ্যানখনত প্ৰকৃতিৰ স’তে মিতিৰালি পাতিছোঁ। সন্ধ্যা ঘূৰি আহিছোঁ ল’জলৈ। ৰূমত সোমাইছোঁ অকলে। ৰাতিটো মোক লাগে। ৰাতিটো মোক নিজৰ কাৰণে লাগে। আধানশূন্য হৈ যোৱা মনটো ফঁহিয়াই চাবলৈকে ৰাতিটো মোক অকলে লাগে।

 মাজনিশা তেতিয়া। একমান বাজিছিল নেকি? টোপনিৰ পৰা সাৰ পাই গ’লো। দিনৰ অত্যধিক ভাগৰৰ পৰিণতিত ৰূমত সোমাই ফ্ৰেচ হৈয়েই বিছনাত পৰিছিলোঁ। ইকবালে ফোন কৰি ডিনাৰলৈ মাতিছিল। ভাগৰুৱা দেহা, উঠি যোৱা নহ’ল। মনটিৰ স’তেও কথা পতা নহ’ল। সেইকাৰণেই মাজনিশাও মনটিৰ ঠেনঠেননি। বিছনাৰ পৰা উঠি আহিলোঁ। দুৱাৰখন খুলি বেলকনিলৈ ওলাই আহিলোঁ। চিনাকি সুবাস এটা নাকত লাগিলহি। উচপ খাই উঠিলোঁ। আন্ধাৰ-পোহৰৰ মাজত এটা ছায়ামূৰ্তি। ছফুটীয়া। ৰেলিঙত ভেজা দি আকাশলৈ চাই থকা এটা ছায়ামূৰ্তি। মোৰ দৰেই কোনোবা অস্থিৰ মনৰ হ’ব চাগে।

 খোজটো মন্থৰ হৈ পৰিল। কি কৰোঁ কি নকৰোঁ বুলি ৰৈ থাকোতেই ছায়ামূৰ্তিয়ে মুখ ঘূৰাই চালে। সপোন নে দিঠক নে মনৰ ভ্ৰম? একো বুজি নাপালোঁ। মোৰ পৰা দুখোজ আঁতৰত সেয়া...সেয়া তুমিয়েই আছিলানে নৈঋত?

—তোমাৰ ছায়া

⚀⚀

(৩৩)

নৈঋত তোমালৈ বুলি....

 চৰাই এজনীৰ কিচিৰ-মিচিৰতাত সাৰ পাই উঠিলোঁ। উঠিবলৈ মন যোৱা নাছিল। ধুনীয়া সপোন এটাৰে সুৰীয়া ৰাতিটো পুৱাইছিল। অলসভাৱে পৰি ৰ’লোঁ বহুত পৰ। সপোনটোলৈ মনত পেলালোঁ। তোমাক দেখিছিলো নেকি ৰাতি সপোনত? কিবা এটা তেনেকুৱাই লাগিল। তোমাক যেন একেবাৰে ওচৰৰ পৰা পাইছিলোঁ। বিছনাখনৰ পৰা উঠি আহিলোঁ। নাইটিটো সলনি কৰিবলৈ লওঁতেই চিনাকি সুবাস এটা নাকত লাগিলহি। কেলভিন ক্লেইনৰ পাৰফিউমৰ সুবাস। চক খাই উঠিলোঁ। মনৰ ভ্ৰম নে বাস্তৱ এয়া? কিয় অতি চিনাকি গোন্ধটোত মই তিতি আছে? কি হৈছে মোৰ? কি হৈছিল মোৰ? যোৱা ৰাতিটোলৈ মনত পেলালোঁ। কি হৈছিল ৰাতি মোৰ? দিনটো কাজিৰঙা বিহাৰত ভ্ৰমি ভাগৰুৱা দেহাটি সন্ধ্যাৰে পৰা বিছনাত পেলাই থোৱাৰ কথা মনলৈ আহিল। তাৰ পাছত...মাজৰাতি এটা সপোন যেন লগা অনুভৱৰে বেলকনিলৈ উঠি যোৱাও মনত পৰিল। নৈঋত, তুমি তুমি গোন্ধোৱা ধুনীয়া অনুভৱ এটাও মনলৈ আহিছে।

 ঠিকেই নৈঋত, তোমাক লগ পাইছিলোঁ ৰাতি। মনটোৰ অস্থিৰতাত বিছনাৰ পৰা উঠি মুকলি আকাশখন চাওঁ বুলি লওঁতেই তোমাক দেখিছিলোঁ। মোলৈ আচৰিত হৈ চাই ৰোৱা ছায়ামূৰ্তিটো তোমাৰেই আছিল নৈঋত। ছায়া বুলি মাতিছিলা নেকি বাৰু? সাৱটি ধৰিছিলোঁ তোমাক মই, মনত পৰিছে। মতলীয়া হৈ পৰিছিলোঁ নেকি মই? তোমাৰ স্পৰ্শই মোৰ দেহ-মন উতলা কৰি তুলিছিল নেকি বাৰু? বাউলী হৈ লেতু-সেতু হৈ তোমাৰ বুকুত সোমাই ৰোৱাজনীকো মনত পৰিছে দেখোন লাহে লাহে। লেতু-সেতুজনীক কিদৰে চম্ভালিছিলা মই ক'ব নোৱাৰো। মনত নাই মোৰ।

 বুঢ়া আঙুলিটোৰে ওঁঠযুৰিত ফুৰাই দিলোঁ৷ ইয়াতো লাগি আছে যেন তোমাৰ পৰশ। তোমাৰ মৰমৰ পৰশ। জোনাক যেন কোমল পৰশ এটাৰ আবিৰতা সানি মোৰ শৰীৰটোলৈ হঠাতে তীব্ৰ মোহ এটা সোমাই গ'ল।

 আহিছিলা তুমি...আহিছিলাই তুমি। সপোনত হলেও তোমাক মই বহুত ওচৰৰ পৰা পাইছিলোঁ, একেবাৰে [ ৫৯ ] ওচৰৰ পৰা। সুৰ এটাই জোকাই গ’ল। সপোনো ইমান বাস্তৱ হ’ব পাৰেনে? সেই সুবাস যে মোৰ নাইটিত লাগি আছে সঁচাকৈ।

 দাপোণখনৰ ওচৰত ৰৈ থাকিলোঁ বহুত পৰ। নিবিড় কাৰোবাৰ লগত কথা পাতিবলৈ মন গৈছে। মেঘালীলৈ মনত পৰিছে। বিদেশত থকাৰ পৰাই তাইৰ লগত মোৰ সময় নিমিলে। ইকবালে ফোন কৰিছে। ঘূৰি যাবলৈ সাজু হ’বলৈ কৈছে। আৰু এইফালে মই নিজৰ স’তে কথা পাতি আছে। মায়াসনা ৰাতিটোৰ সপোনটোৰ কথাকে পাতি আছে। নিজৰ মৰমত পমি আছোঁ। গালে-মুখে হাত ফুৰাই চালোঁ। ডিঙিৰ অকণমানি দাগ এটাই যেন বিউটি স্পট হৈ মোৰ চকুযুৰি টানি আছে। আকৌ চক্ খোৱাৰ পাল। দাগটো কৰ পৰা লাগিল? কালিলৈকে চকুত নপৰা দাগ। সপোনে এনেকুৱা চিন বহুৱাই থৈ যাবনে? আকৌ দোমোজাত পৰিলোঁ, সপোন আছিল নে বাস্তৱ? দুৱাৰ খুলি চিৰিৰে দৌৰি দৌৰি তললৈ নামি আহিলোঁ। ৰিচেপচনৰ ল’ৰাটোৰ ওচৰ পালোঁগৈ। সুধিলোঁ— ‘নৈঋত বৰুৱা বুলি কোনোবা এই ল’জতে আছে নেকি?’

 মোৰ আচৰিত কৰি ল’ৰাজনে উত্তৰ দিলে— ‘হয় ম্যাডাম, কালি ইয়াতে আছিল। আজি ৰাতিপুৱাই গুছি গৈছে। আপুনি মিছ ছায়া নেকি? তেওঁ এনভেলপ এখন দি থৈ গৈছে।’

 ‘অহ মাই গড...’ হাত পাতি ল’লোঁ। সপোন নাছিল সেয়া। সঁচাকৈ তুমি আছিলা। কিমান যে কথা পাতিব লগা আছিল। একোৱে পতা নহ’ল যে। একোৱে মনত নাই মোৰ। ৰূমলৈ দৌৰি সোমাই আহিলোঁ। বৰ্ণিল ৰাতিটোৰ বৰ্ণিল হাতৰ ভাঁজৰ বৰ্ণিল এনভেলাপটো খুলি ল’লোঁ। কাগজ এটুকুৰা সৰি পৰিল। চালোঁ... তোমাৰ আখৰ—‘ছায়া, মই কিজানি ক্ষমাৰো যোগ্য নহওঁ। তোমাক এই পৰিবেশত ইমান ওচৰৰ পৰা পাম বুলি ভবা নাছিলোঁ। ভুল হৈ গ’ল ছায়া। ক্ষমা কৰিব পাৰিবানে তুমি মোক? টেক ৱান টেবলেট ইফ য়ু ডন্ট মাইণ্ড'।

 আসঃ.... কিমান খিনিলৈকে ভাবিব পাৰোঁ মই? কাণ-মূৰ গৰম হৈ আহিল। কি হৈ গ’ল এয়া? একো নজনাকৈ, একো নভবাকৈ কি হৈ গ’ল এয়া? ইমান সংগোপনে কোনফালে সুৰুঙা বিচাৰি তোমাৰ অনুভৱবোৰ ওলাই যাব নোৱাৰাকৈ মোৰ ভিতৰত ভৰাই ল’লোঁ মই? দুহাতেৰে মুখখন ঢাকি ল’লোঁ... বহুত পৰ। পাপ-পূণ্যৰ বিচাৰ কৰি ৰৈছে বাৰে বাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্কটো মনটোৱে পাপ বুলি মানি ল’ব বিচৰা নাই এবাৰো। বুজাব নোৱাৰি কান্দি পেলাইছে মনজনীয়ে। মই তোমাক বিচাৰি যোৱা নাছিলোঁ, তুমিও মোক বিচাৰি অহা নাছিল। অথচ আমি এক হ’লোঁ। হয়তো ভগৱানৰে ইচ্ছা আছিল। কালিৰ শিৱৰাত্ৰিটো যেন আমাৰ মিলনৰে অঘোষিত গাথা। শিৱ-পাৰ্বতীৰ কথা মনলৈ আহোঁতেহে মনটো পাতল পাতল যেন লাগিল। এয়াতো কোনো নিষিদ্ধ কোণৰ অভিসাৰী নিশা নাছিল। সেয়া নিতান্তই এটা সংযোগ আছিল। মইতো ভগৱানক সাক্ষী কৰি তোমাৰ নামত কেতিয়াবাৰে পৰাই সেন্দুৰ পিন্ধি আহিছে।

  ইকবালে ফোন কৰি আছে। ঘূৰি যোৱাৰ প্ৰস্তুতি শেষ হৈছেনে নাই সুধিছে। দাপোণখনৰ ওচৰৰ পৰা বাথৰূমলৈ গ’লোঁ। গা ধুই আকৌ দাপোণখনৰ ওচৰলৈকে আহিলোঁ। বুজাব নোৱাৰা অনুভূতিয়ে মনটো হেন্দোলিত কৰি ৰাখিছে। ৰঙা শাৰী এখন মেৰিয়াই ললোঁ। সেন্দুৰ এজেবা শিৰত বোলাই ল’লোঁ। অলপ সেন্দূৰ ছিটিকি আহি নাকে-মুখে পৰিল। নিজকে বৰ ধুনীয়া ন-কইনাজনীৰ দৰে লাগিল। দাপোণখনলৈ দুনাই মূৰ তুলি চাবলৈ লাজ লাগিল। বেগত বস্তুবোৰ ভৰাই লৰালৰিকৈ তললৈ নামি আহিলোঁ। ইকবালে মোৰেই অপেক্ষাত ৰৈ আছিল। ইমান দেৰি কিয় কৰিলোঁ বুলি সুধিব খুজিও সি বিস্মিত নয়নেৰে মোলৈ চাই ৰ’ল -“লুকিং ডিফাৰেন্ট য়াৰ.... ৰাতি খুব ভাল টোপনি হৈছিল যেন পাইছোঁ। মই হাঁহি এটাৰে প্ৰত্যুত্তৰ দিলোঁ।

  ব্ৰেকফাষ্ট কৰি ল’জৰ পৰা বিদায় ল’লোঁ। ডিব্ৰুগড়মুখী যাত্ৰা আৰম্ভ হৈ গ’ল। ইকবালে ষ্টিয়েৰিত হাত থৈছে। মই কাষৰ ছিটত বহি ল’লোঁ। মনটো পখিলা হৈ উৰিছে, ৰ’দ হৈ ফুলিছে, বৰষুণ হৈ নাচিছে। বতাহত সুবাস, উশাহত কবিতা। কাণত বাজি আছে যোৱা ৰাতিৰ গান। সপোন সপোন লগা নিশাটিৰ আঁচলত ধৰিয়েই আৰম্ভ হ’ব মোৰ অনন্ত যাত্ৰা। তোমাৰ কাগজ টুকুৰা উলিয়াই ল’লোঁ। টেবলেট এটা খাই ল’বলৈ কৈছিলা। নাখাওঁ নাখাওঁ... কিয় খাম? মই তোমাৰ সকলো কথা কিয় শুনিম? নৈৰ দৰে বৈ যাবলৈ দিম সকলোবোৰ। যিফালেই বৈ যাব সেইফালেই ভাঁজ লম মই। নাখাওঁ টেবলেট.... শুনিছানে নৈঋত, নাখাওঁ টেবলেট। সিমানখিনি প্ৰত্যাহ্বান [ ৬০ ] গ্ৰহণ কৰাৰ সাহস মোৰ আছে। এতিয়া তোমাৰ দাগেৰে জীৱনৰ ছবি আঁকিম মই।

 চিলিয়ন ডিঅন’ৰ গানটো শুনিবলৈ মন গ’ল। মবাইলত চাৰ্চ কৰি ডাউনলোড কৰি ফুল ভলিউমত বজাই দিলোঁ।

 Mmmmm.....Mmmmm..
 I get wings to fly
 Oh, oh.....
 I'm alive...... Yeah
 When you call on me
 When I hear your breathe
 I get wings to fly
 I feel that I'm alive
 When you look at me
 I can touch the sky
 I know that I'm alive....
 I'm alive, I'm alive....

 সদায় বিষাদময় গানৰ স’তে অভ্যস্ত ‘মই’জনীৰ এনে আচৰণত হতবাক হৈ পৰিছে ইকবালো। মিচিকিয়াই ৰৈছে মাজে মাজে সি। বিমুগ্ধ নয়নে চাই ৰৈছে আৰু কৈ উঠিছে—“কালি সাগৰৰ দৰে বিশাল হ'ব বিচৰাজনী আজি পাহাৰী জুৰিটিৰ দৰে চঞ্চলা-চপলা। হোৱাট এ চেঞ্জ’

 একো কোৱাৰ প্ৰয়োজনবোধ নকৰিলোঁ। গান গাইছোঁ, খিৰিকীৰ গ্লাছ খুলি দিছোঁ, চুলি উৰিছে, শাৰীৰ আঁচল উৰিছে, মই উৰিছোঁ। এবাৰত চিঞৰি উঠিছোঁ—’ইকবাল গাড়ী ৰখাওক’। গাড়ীৰ সন্মুখত হৰিণী এজনী দেখি দৌৰি গ’লোঁ। তাইক কোলাত লৈ ৰাস্তাৰ কাষলৈ লৈ আহিলোঁ। পৃথিৱীখনত হঠাতে ইমান সম্ভাৰ ক’ৰ পৰা আহিল? বুঢ়াপাহাৰৰ ওচৰত ৰৈ হাত মেলি দিলো আকাশলৈ। পকেটত হাতখন ভৰাই ইকবাল কাষ চাপি আহিল।

 ‘আপোনাক এই ৰূপত দেখি মোৰ সঁচাকৈ বৰ ভাল লাগিছে। সেইকাৰণেই মাজে মাজে এনে ধৰণৰ অৱসৰবোৰ বৰ জৰুৰী। আমি আকৌ আহিম দেই ম্যাডাম।

 শুনিছানে নৈঋত.... আমি আকৌ আহিম। বুঢ়াপাহাৰৰ ওপৰৰ পৰা তললৈ মই যেন ৰিঙিয়াই চিঞৰিম—‘আমি আকৌ আহিম নৈঋত... আমি আকৌ আহিম।

 ‘When you look at me
 I can touch the sky
 I know that I'm alive
 You've set my heart on fire
 Filled me with love
 Made me a woman on clouds
 I couldn't get much higher
 My spirit takes flight
 Cause I am alive.........'

 গানটো গুণগুণাই গুণগুণাই কেতিয়া ডিব্ৰুগড় পালোঁহি ক’বই নোৱাৰিলোঁ। গেটৰ ওচৰ পাওঁতেহে সম্বিত ঘূৰি আহিল। ইকবালক বিদায় দি দৰ্জাৰ লক খুলি ৰূমলৈ সোমাই আহিলোঁ। টেবুল আৰু ডায়েৰীখনলৈ কেৰাহিকৈও নাচালোঁ। দাপোণখনে হাত বাউলি মাতি আনিলে। ডিঙিটোত হাত ফুৰালোঁ। দাগ এটাত হাতখন ৰৈ [ ৬১ ] গ’ল। মোৰ মৰমৰ অত্যাচাৰ সহিব নোৱাৰি দাপোণখনেও কৈ উঠিল—‘পাগলী’।

-তোমাৰ ছায়া

□□

(৩৪)

নৈঋত তোমালৈ বুলি....

 ৰাতিপুৱা চাৰি বজাত সাৰ পাই উঠিলোঁ। প্ৰভাতী পখীয়ে নিচুকাই ৰোৱা পুৱা। দেহাটি দুহাতেৰে সাৱটি ধৰিলোঁ। তোমাৰ মৰমৰ আবিৰতা লোৱা মোৰ শৰীৰ আৰু মন। শৰীৰটোলৈ হঠাতে মোহ জাগিল। ‘সদায় ধুনীয়াজনী হৈ থাকিবা তুমি’– বুলি কৈছিলা তুমি। নীলৰঙী ট্ৰেকচ্যুটযোৰ উলিয়াই ল’লোঁ। দেহাটিৰ জঠৰতা কমাব লাগিব নৈঋত। আকৌ জগিং আৰম্ভ কৰিব লাগিব।

 অফিচত একেবাৰে মন নবহিল। দুটামান চহীৰ বাদে একোৱেই কৰিব নোৱাৰিলোঁ। ছেগ বুজি বুজি মনটো তোমাৰ নঙলামুখলৈ ঢাপলি মেলে। ধৰি আনি ফাইলত মূৰ গুজোঁ। আকৌ তোমাৰ নঙলামুখ, আকৌ অফিচৰ ফাইল। এনেদৰেই দিনটো পাৰ হ’ল। গানৰ ষ্টুডিঅ’লৈকো যাব লগা আছে। গজলৰ ৰেকৰ্ডিঙৰ কামখিনি শেষ কৰিব লাগে। ৰূমলৈ গাড়ী দৌৰালোঁ। ইকবাল আহিব। তাৰ লগতে যাম বিকাশ ছাৰৰ ঘৰলৈ।

 মনটোক হাজাৰ চেষ্টা কৰিও তোমাৰ নঙলামুখৰ পৰা আঁতৰাই আনিব পৰা নাই। নাটকীয়ভাৱেই সেইদিনা হঠাতে পালোঁ তোমাক। বুকুৰ ভিতৰৰ অযুত প্ৰশ্ন, অযুত অভিমান, অযুত চকুপানী মুহূৰ্ততে নিঃচিহ্ন কৰি দিব পৰাকৈ পালোঁ তোমাক। মিলনত ইমান সুখ বুলি বুজি পোৱাকৈ পালোঁ তোমাক। নুশুনো তোমাৰ কথা, নাখাওঁ মই টেবলেট’— বুলি উভতি যুঁজিব পৰাকৈ পালোঁ তোমাক। মৌনতাৰ ভাষাতেই মোৰ প্ৰেমৰ উত্তৰ বিচাৰি পালোঁ তোমাক। ইকবালক কৃতজ্ঞতাৰে ওপচাই পেলাব পৰাকৈ পালোঁ তোমাক।

 হয় নৈঋত, অকলে অকলে যুঁজি ভাগৰি পৰিছিলোঁ। ইকবালেই উলিয়াই আনিছিল মোক মোৰ শুভাকাংখী হৈ। মোৰ জীৱনৰ এটি উজ্জ্বল নক্ষত্ৰ হ’বলৈকে যেন তাৰ পদাৰ্পণ মোৰ জীৱনলৈ। দুখৰ দিনবোৰত কৰুণ হাঁহিটিৰে, সুখৰ সময়বোৰত খোলা হাঁহিটিৰে মই বৈ থকা সুতিটোত চাকি এগচি হৈ পোহৰ দেখুৱাই গৈছে সি।

 সৰু ল’ৰা এটাই ৰাস্তাৰ কাষত বেলুন এসোপা লৈ গ্ৰাহকলৈ বাট চাই আছে। মই গাড়ী ৰখাই সুধিলোঁ—‘গোটেইখিনিত কিমান ল’বা ভাইটি’?

 সি কোৱা দামতকৈ অলপ বেছিকৈ দি গোটেইখিনি বেলুন গাড়ীত ভৰাই ল’লোঁ। গাড়ীখন ৰঙীন হৈ পৰিল। ৰঙৰ সতে খেলিম মই নৈঋত। ৰঙীন হৈ পৰিম মই আকৌ আগৰ মইজনীৰ দৰে। মই যেন মোৰ জীৱনত এটা প্ৰিজমহে আৱিষ্কাৰ কৰিলোঁ, মোৰ ৰংহীনতাখিনি ৰামধেনুৰ ৰঙেৰে ৰঙীন কৰিব পৰাকৈ। গান এটা বজাই দিলোঁ—

 You're the light, you're the night
 You're the color of my blood
 You're the cure,You're the pain
 You're the only thing I wanna touch
 Never know that it could mean so much, so much.

[ ৬২ ]

 You're the fear, I don't care
 Cause I've never been so high
 Follow me to the dark
 Let me take you past our satellites
 You can see the world you broutht to life, to life
 So love me like you do, lo-lo-love me like you do
 love me like you do, lo-lo-love me like you do.

 ইকবাল আহিল। অলপ অন্যমনস্ক যেন লাগিছে তাক। কিন্তু আগৰ দৰে জধলা হৈ নহয়, বৰ টিপটপত আহিছে সি। তাক দেখিয়েই মোৰ হাঁহি উঠি গ’ল। কথাটো কি? ‘কি হ’ল হে, আজি দেখোন শেনৰ এজাত। ইমান সাজি-কাজি কলৈ যায়?’—ধেমালি কৰিলোঁ তাৰ লগত।

 ‘ধুনীয়া মানুহৰ সংগত থাকি শিকিছোঁ অলপ নিজকে সজাই ৰাখিবলৈ। নহ’লে আমাক মানুহে পাত্তাই নিদিয়ে।’—ইকবালে কৈ উঠিল।

 ‘হয় নেকি? কোনে পাত্তা নিদিয়ে আপোনাক? মোক কওকচোন। কাৰ ইমান সাহস?'—মই কৈ উঠিলোঁ।

 ‘সেই সাহসী গৰাকী আপুনিয়েই ম্যাডাম।’— গহীন মাতেৰে সি কৈ উঠিল। মই খিলখিলাই হাঁহি দিলো। কাৰণ নোহোৱা হাঁহি। চঞ্চলা জুৰিটিৰ দৰে খিলখিলনি।

 ‘আপুনি স্বীকাৰ কৰিবনে মাডাম, আপোনাক উলিয়াই নি মই কিমান ভাল কাম কৰিলোঁ। একে দিনাই কিমান বয়স কমি গৈছে আপুনি অনুভৱ কৰিছেনে?’— ইকবালে সুধিলে।

 ‘মই পূৰামাত্ৰাই স্বীকাৰ কৰোঁ ইকবাল। আপুনিয়েই মোক মোৰ জীৱনৰ কেঁকুৰিটো দেখুৱাই দিয়াত সহায় কৰিলে। আপোনাৰ দৰে বন্ধু পোৱাটো সৌভাগ্যৰ কথা।’—মই ক’লো।

 ‘বন্ধুতকৈ ওপৰত স্থান দি পেলাইছোঁ আপোনাক।’— অত্যন্ত আৱেগেৰে ইকবালে কৈ উঠিল।

 বুজি নাপালোঁ নে নুশুনিলো ভালকৈ? আকৌ এবাৰ সুধিলোঁ—‘কি ক’লে আপুনি?’

 ‘আপোনাৰ চকুলোক চকুলোৰে সঁহাৰি জনোৱা, আপোনাৰ আনন্দত উখল-মাখল হোৱা হৃদয়ৰ সম্পৰ্কটিৰ এটা নাম দিয়া উচিত বুলি আপুনি নাভাবেনে?’— ইকবাল যেন আৱেগিক হৈ পৰিছে।

 ইমান তত্বগধুৰ কথা কৈছে আপুনি। বুজা নাই মই। বাৰু ব’লক যাওঁ। দেৰি হ’ব।’— মই ক’লোঁ।

 বিকাশ ছাৰৰ ওচৰ পালোগৈ। ৰেৱাজ আৰম্ভ কৰিলোঁ।

 ‘তুমি এৰি যোৱা চকুলোৰ বাটটিৰেই
 মোৰ অহা-যোৱা........
 তোমাৰ নিৰুপায়তা, মোৰ অস্থিৰতা
 মোৰ অভিমান তোমাৰ বিচ্ছেদ গান
 সেই গানেৰেই ঝংকাৰিত
 মোৰ হৃদয়ৰ উদাসী পুৱা
 তুমি এৰি যোৱা চকুলোৰ বাটটিৰেই
 মোৰ অহা-যোৱা.....’

 ‘না..না... নাই হোৱা৷ নাই হোৱা’– ছাৰে চিঞৰি উঠিল—‘তুমি অন্যমনস্ক হৈ আছা ছায়া’।

 ‘ছাৰ ইমান ট্ৰেজিক শব্দবিলাক। ময়ে লিখিছিলোঁ নে এইটো গান?’— মোৰ হাঁহি উঠি গ’ল।

 পৰিবেশটো পাতল হৈ পৰিল। ছাৰ আৰু ইকবালেও হাঁহি দিলে। বৌৱেও আহি হাঁহিত যোগ দিলে। ক’লে—‘ভালকৈ মন লগোৱা ছায়া। এইটো এটা ভাল গজল হ’ব।’

 সেইটোৱেইটো কথা, মন লগাব পৰা নাই। মনৰ বিপৰীতে কাম কৰিলে সেই কামৰ পৰা এশ শতাংশ ফল আশা কৰিব নোৱাৰি। সামৰি থ’লোঁ। ছাৰৰ পৰা বিদায় ল’লোঁ।

[ ৬৩ ]  ‘গতিকে, ক’লৈ যোৱাৰ প্লেন ম্যাডামৰ?’— ছাৰৰ ওচৰৰ পৰা ওলাই ইকবালে সুধিলে।

 ‘তেনেকুৱা একো প্লেন নাই। ক’ৰবালৈ যাব পাৰি। নহ’লে বিদায় ল’বও পাৰি। অলপ ভাগৰ লাগিছে।’—মই ক’লোঁ।

 ‘বলক নহ’লে, চিনেমা এখনকে চাই আহোঁগৈ। বাজীৰাও মস্তানীখন চলি আছে।’–ইকবালে প্ৰস্তাৱ দিলে।

 হয়ভৰ দিলোঁ তাৰ কথাত। বহুত বছৰৰ বিৰতিত হলত সোমাইছোঁ। সেই তোমাৰ লগতে শেষবাৰৰ কাৰণে ‘তাৰে জমীন পৰ’ চাবলৈ সোমাইছিলোঁ, মনত আছেনে নৈঋত? সেইখন চিনেমা চাই তুমি বৰ আৱেগিক হৈ পৰিছিলা। হলৰ পৰা ওলাইয়ে তোমাৰ ল’ৰাটোলৈ ফোন কৰিছিলা, আৱেগিক হৈ কথা পাতিছিলা, আইচক্ৰীম কিনি লৈছিলা আৰু কিবা-কিবি খেলা বস্তু কিনি লৈছিলা। পিতৃত্বৰ গৌৰৱেৰে গৌৰাৱান্বিত তোমাৰ হৃদয়ৰ উচ্ছলতা তোমাতকৈ বেছিকৈ বুজি পাবলৈ মাতৃত্বৰ সোৱাদ পোৱা নাই মই নৈঋত।

 অদ্ভূত সপোন এটাই লাজ লাজকৈ চৌপাশ বেৰি ৰাখে। ডিঙিৰ দাগটো লুকুৱাব বিচাৰিলেও দাপোণখনৰ পৰা উপায় নাই। দাপোণখনে যে চাবই বাৰে বাৰে। দিনটোত যিমান মন যায় সিমানবাৰ। দেৱশিশু এটাৰ সপোন দেখো মাজে মাজে। যি হওক বুলি টেবলেটৰ কথাটো মনলৈকে নানিলোঁ। তোমাৰ চিন এটা কঢ়িয়াই ফুৰিব পৰাকৈ সৌভাগ্যৱতী হ’মনে মই? নৈঋত, সিমানখিনি আশিস দিবা নে তুমি? তোমাৰ ওপৰত মোৰ একোৱেই অভিমান নাই। তোমাৰ আকুলতাৰ প্ৰমাণ মই পাই গ’লো সিদিনাই। ভগৱানৰো ইচ্ছাৰ প্ৰমাণ মই পাই গ’লোঁ সিদিনাই। কিন্তু ধৈৰ্য ধৰিব লাগিব। আমাৰ সম্পৰ্কৰ হয়তো কিবা এটা লক্ষ্য আছে। পাৰিম জানানে নৈঋত, পাৰিম মই! অপেক্ষা কৰিম যুগ-যুগান্তৰ, অপেক্ষা কৰিম জন্ম-জন্মান্তৰ। তোমাৰ মৰমেৰে মই এটা জনম কিয়, সাতো জনমলৈ অপেক্ষা কৰাৰ শক্তি আহৰণ কৰি ললো। ভালপাওঁ তোমাক... ভালপাওঁ তোমাক’— এজাক পখীৰ কল্লোলত লাজতে মুখ ঢাকি ৰ’লোঁ হলৰ ভিতৰতে।

 মোহে ৰং দো লাল
 নন্দ কে লাল লাল
 ছেড় নহী, বস ৰং দো লাল
 মোহে ৰং দো লাল।

 শ্ৰেয়া ঘোষালৰ মাতত বাস্তৱলৈ ঘূৰি আহিলোঁ। মস্তানীৰূপী দিপিকা পাডুকনৰ নাচত আবেগৰ চকুলো বৈ আহিল। বৰ আকুলতাৰে তোমাৰ পৰা এচিকুট ৰং বিচাৰিছিলোঁ। সেই সপোন সপোন হৈয়ে থাকিল। মস্তানীৰ চৰিত্ৰটো অতি সাহসী। সিমানখিনি সাহসী হোৱা হ’লে ময়ো চাগৈ মস্তানীৰ নিচিনাই কৰিলোহেঁতেন। তোমাৰ পত্নীৰ হাজাৰটা ক্ৰোধৰ বিপৰীতে তোমাৰ কাষত থিয় হ’লোঁহেঁতেন। ভৰা মেহফিলত মোৰ প্ৰেম দাবী কৰিলোহেঁতেন। হাঃ..হা..হাঃ..। কিবোৰ কথা যে মনলৈ আহিছে। তোমাৰ পত্নীক মোৰ আজিলৈকে দেখাৰ সৌভাগ্য নহ’ল। বৰ ভাগ্যৱতী তেওঁ। সঁচাকৈ কৈছোঁ, তেওঁলৈ ঈৰ্ষান্বিত হওঁ মাজে মাজে। তেওঁতকৈ আগেয়ে মই তোমাক লগ পোৱা হ’লে তোমাক মোৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰিলেহেঁতেন।

 হলৰ পৰা ওলাই ইকবালে সুধিলে— ‘কেনে পালে চিনেমাখন?’

 বিষালি বুকুখনৰ পৰা মাতটো ওঁঠলৈ উজাব নোৱাৰিলে। সেপ ঢুকি কোনোমতে ক’লো— ‘ক’ব লাগিছেনে?’

 ‘বুজিলেনে আপুনি, প্ৰেমে জাতি-কুল নামানে বুলি?’— ইকবালে কৈ উঠিল।

 সেইটোতো হয়েই, প্ৰেমে একো বাধাই নামানে৷ না ধৰ্ম, না জাতি-কুল, না বয়সৰ সীমা, না সামাজিক স্থিতি, না ভাষা, না ভৌগোলিক সীমা, না পাৰিবাৰিক বাধা। বিবাহিত বুলি জনাৰ পাছতো মস্তানীয়ে বাজীৰাওক এৰি থাকিব নোৱাৰিলে, আৰু মই তোমাক ভাল নোপোৱাকৈ থাকিব নোৱাৰিলোঁ।

 আৰু ইফালে ইকবালে কৈছে—‘বুজি যদি পাইছেই, ধৰ্মৰ বাধালৈ ইমান ভয় কিহৰ? বিধৰ্মী বুলিয়েই আপুনি মোৰ প্ৰেমক একাষৰীয়া কৰি থৈছে।

 মই হতবাক—‘বিধৰ্মী বুলি কাক কৈছে আপুনি ইকবাল?’ [ ৬৪ ]  আহত কণ্ঠেৰে ইকবাল—“আপুনি মই একে ধৰ্মৰ নহয়। সেই কাৰণেই আপুনি আগবাঢ়িব খুজিও পিছুৱাই আছে

 ‘উসঃ... কিবোৰ যে কৈছে আপুনি। মই তেনেকৈ কেতিয়াও ভবাই নাই! আপুনি যে ভাবিব পাৰিছে।’— অলপ খঙেৰেই ক’লোঁ।

 ‘কিবা ভুল হ’ল যদি ক্ষমা কৰিব, সঁচাকৈ ভালপাই পেলালোঁ আপোনাক। নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। সেইবুলি কৈ ইকবালে গাড়ীখন জোৰেৰে ব্ৰেক মাৰি দিলে। মই নামি আহিলোঁ৷ পুনৰবাৰ এক্সিলেটৰ দবাই সি উৰি যোৱাদি গ’লগৈ। তাৰ বলিয়ালি চাই ৰ’লোঁ অলপ দেৰি।

 ৰূমত সোমাই অলপ বহি ৰলোঁ। চিন্তা কৰিলোঁ কথাবোৰ। বন্ধুত্বৰ সম্পৰ্কত ছন্দপতন ঘটিব পৰাকৈ মই কিবা ভুল কৰিলোঁ নেকি? নিজে নিজে কৈ উঠিলোঁ—‘মনৰ মাজত লৈ ফুৰিছোঁ বিশেষজনৰ কবিতা, আপুনি একোকে ভূ নাপালে নে ইকবাল?’ ভাগৰুৱা দেহাটি বিছনাত এৰি দিলোঁ। ইকবালৰ মুখখন তোমাৰ মুখখনৰ মাজত অদৃশ্য হৈ পৰিল। জানানে নৈঋত, কাজিৰঙাত ইকবালৰ লগত ঘূৰি ফুৰিছিলোঁ ঘনিষ্ঠভাৱে। তোমাৰ স্মৃতি গচকি তোমাৰ প্ৰাণৰ স’তে খেল খেলি কেনেকৈ সেইবোৰ ঠাইত উমলিব পাৰোঁ, তাৰে আখৰা কৰিবলৈকে মই তাৰ লগত ঘূৰি ফুৰিছিলোঁ। তোমাৰ কঁহুৱা বৰণৰ মুখখনলৈ আকৌ মনত পৰিল। বৰ মনত পৰিল, আগতে তোমাৰ পৰা বিদায় লওঁতে যে তোমাৰ গালখনত হাত বোলাই আহিছিলোঁ। প্ৰতি সন্ধ্যাই দুহাত ভৰাই তোমাৰ পৰশবোৰ ৰাতিটোৰ কাৰণে ধাৰ কৰি আনিছিল। জোনাক কোমল অনুভৱ এটাই শিহৰণ তুলি বুকুৰ মাজেৰে বৈ গ'ল। আন কাৰোবাৰ কাৰণে এই শিহৰণ তুলিবনে? ইকবালৰ কাৰণে আহিব নে সেই শিহৰণৰ ভাষা? নাই। অসম্ভৱ৷

 বুজাব লাগিব ইকবালক। মোৰ বহুত চকুলোৰ সাক্ষী সি। সেই বন্ধুত্বৰ দাম মই দিম। মিছা সম্পৰ্ক এটা কঢ়িয়াই নুফুৰোঁ। মেছেজ এটা লিখিলোঁ ইকবাললৈ—ভালপাওঁ বুলি নক’লেও মই আপোনাক বেয়া নাপাওঁ। কিন্তু সেয়া প্ৰেম নহয়। প্ৰেমক মই এক অনুভৱ হিচাপে ভাবি আহিছোঁ আৰু সেই অনুভৱক মই প্ৰশ্নোত্তৰৰ ৰূপত চাব নিবিচাৰোঁ। বন্ধু হৈ থাককচোন। বেলেগৰ অনুভৱ বুকুত লৈ মই আপোনাৰ স’তে অভিনয় নকৰাৰ সিদ্ধান্তক আপুনি বোধকৰো অসম্মান নজনাব।

 অফলাইন আছে সি। বুজি পাব সি। মোৰ সততাক লৈ সিমানখিনি আত্মবিশ্বাসী হৈ উঠিছো মই। জানানে নৈঋত?

−তোমাৰ ছায়া

⚀⚀

(৩৫)

নৈঋত তোমালৈ বুলি....

 ইকবাল নাই। নাই মানে নায়েই। অহৌবলীয়া ল’ৰাটো ক'ৰবাত হেৰাই গ’ল। ফোন অফ। ক’লা চাফাৰীখন নাই। বিচাৰি বিচাৰি তাৰ ৰূম পালোগৈ। ৰূমত এটা মস্ত তলা দেখিয়েই বুকুখন বিষাই গ’ল। মোক এক মুহূৰ্ত কাৰণেও এৰি নিদিয়া ল’ৰাটোৰ প্ৰতি কিবা এটা মোহ সোমাই গৈছিল। কেও কিছু নোহোৱা জীৱনবলীয়া প্ৰাণীটিৰ প্ৰতি মোৰ অহেতুক মৰম। নিৰাশ হৈ তাৰ ৰূমৰ পৰা উভতি আহিলোঁ।

 কাজিৰঙাৰ পৰা ঘূৰি আহি সি অস্বাভাৱিক ৰূপত সলনি হৈ গৈছিল। তাৰ বেশভূষা, তাৰ কথা-বতৰা, তাৰ চাৱনি এই সকলোবোৰ মিলি কোনোবা এটা বিন্দুত ৰৈ গৈছিল। অলপ দেৰিকৈ হ’লেও বুজি উঠিছিলোঁ, অলপ দেৰিকৈ হ’লেও তাক বুজাব বিচাৰিছিলোঁ। সি চাগৈ নুবুজিলে। নুবুজিলে কাৰণেই তাৰ অজ্ঞাত বাস।

 এনেকৈ তাক বিচাৰি সময়বোৰ চলাথ কৰি ফুৰোঁতেই এদিন চিনাকি কণ্ঠ এটাই ওচৰৰ পৰা মাত দিলে— ‘ম্যাডাম। [ ৬৫ ]  চিনাকি মাতটোত মই মুহূৰ্ততে উদ্ভাসিত হৈ তাক দবিয়াই উঠিলোঁ—কলৈ গৈছিল আপুনি? একেবাৰে নাই মানে নায়েই। ইমান বিচাৰি ফুৰিছোঁ আপোনাক।

 সি হাঁহিলে, তাৰ পাছত ক'লে—“আপুনিও মাজে মাজে নাইকিয়া হৈ যায়। এইবাৰ মই নাইকিয়া হ’লোঁ। হেৰাই ভাল লাগে মাজে মাজে।

 ‘মোকতো কৈ যাব পাৰে’– নাওমান অভিমানী সুৰ মিশ্ৰিত কণ্ঠেৰে কৈ উঠিলোঁ।

 ‘কৈ গ’লে হেৰুৱাটো চুক্তি হৈ পৰে। সেই কাৰণেই কেমেৰাটোৰ বাহিৰে কাকোৱেই কোৱা নাছিলোঁ ক’ত আছে, কি কৰিছে। কেমেৰাত বন্দী হৈ আছে মোৰ অজ্ঞাত বাস। ফটো চাব? ৰূমলৈ বলক।

 প্ৰথমবাৰৰ বাবে তাৰ ৰূমত ভৰি দিলোঁ। বিশৃংখল ৰূম, বিশৃংখল কিতাপ, বিশৃংখল টেবুল, বিশৃংখল আচবাব। মুঠৰ ওপৰত বিশৃংখলতাৰ আন নাম যেন ইকবাল। কত জানো পঢ়িছিলোঁ, সৰল অন্তৰৰ মানুহৰ থকাৰ ধৰণটো হেনো খুব বিশৃংখল হয়। হয়তো কথাটো ঠিকেই শুনিছিলোঁ। তোমালৈ মনত পৰিল। বৰ পৰিপাটি তোমাৰ স্বভাৱ। ৰুটিন মাফিক জীৱন। স্বাস্থ্যৰ ওপৰত নিয়ম, খোৱা-বোৱাত নিয়ম, কাপোৰ কানি পৰিপাটি, কিন্তু তোমাৰ মনটো শৃংখল আছিল নে নৈঋত? তোমাৰ অস্থিৰতাৰ প্ৰমাণ মই খোজে খোজে পাইছোঁ। মোক প্ৰথম লগ পোৱাৰ পৰাই সেই কাজিৰঙাত লগ পোৱালৈকে তুমি বৰ অস্থিৰ আছিল। অস্থিৰ আছিলা কাৰণেই দোভাগ ৰাতি আকাশৰ তৰা গণিবলৈ বাহিৰত ৰৈ আছিল। সেই বিশেষ ৰাতিটোত মোৰ মনটোৰ দৰেই তোমাৰো মনটোও বৰ অস্থিৰ আছিল নহয়নে নৈঋত? আৰু হয়তো দুটি সত্তাৰ মিলনত এইটোও এটা কাৰক হৈ পৰিছিল।

 বুকুখন হমহমাই গ’ল। তোমাক যেন মোৰ প্ৰয়োজন আছিল। তোমাৰে ভৰিত যেন বেলেগ এডাল শিকলি বন্ধা। কথাটো মনলৈ অহাৰ লগে লগেই মনটো আকৌ অস্থিৰ হৈ পৰিল। এই যেন তোমাৰ ওচৰলৈ এতিয়াই দৌৰি যাম, তোমাৰ মূৰটো মোৰ মাজত গুজি ল’ম, তোমাৰ চুলিত হাত বোলাই তোমাৰ সমস্ত বেদনা দূৰ কৰিম। সোণ মোৰ, কোৱা মোক... কোৱা এবাৰলৈ মোক, কি কষ্টত আছা কোৱা এবাৰলৈ মোক। যিমান দৌৰি গ’লেও মোৰ সীমাৰ পৰিধি সিমানখিনিলৈকেহে। তোমাৰ পৰিয়ালৰ ওচৰত থিয় নিদিয়াৰ যি সংকল্প মোৰ পৰা তুমি আদায় কৰিছিল, সেই সংকল্প ৰক্ষা কৰিবলৈকে হাজাৰ চেষ্টা কৰিলেও তোমাৰ ঘৰৰ জপনামুখ পাৰ হ’ব নোৱাৰোঁ নৈঋত। দুৰ্বল সময়ৰ প্ৰতিশ্ৰুতি হলেও প্ৰতিশ্ৰুতিতে প্ৰতিশ্ৰুতিয়েই, মোৰ বাবে ই ভাঙিব নোৱাৰাকৈ কঠিন, জানানে নৈঋত?

 চকুপানী এটোপাল বিৰিঙি আহিল। ইকবালে দেখিব বুলি লৰালৰিকৈ মোহাৰি ল’লো। সি চৰবত দুগিলাচ আৰু ষ্ট্ৰবেৰী কেইটামান আনি টেবুলত থ’লে। হৃদয়ৰ পাছফালৰ দুৱাৰখন বন্ধ কৰি তাৰ অজ্ঞাত বাসৰ ফটোবোৰ চালোঁ। দাক্ষিণাত্যৰ ফালে যোৱা ফটো। সাগৰ তীৰৰ বলুকাত আৰু সূৰ্যাস্তৰ সময়ৰ ফটোবোৰ বৰ ধুনীয়া হৈছিল। ধেমালিকৈ কৈ উঠিলোঁ মই—“বাহ। ফটোবোৰ ইমান ভাল হৈছে। আপুনি বৰ ফটোজেনিক। এইবাৰৰ পৰা ক’ৰবালৈ গ'লে মোকো লৈ যাব দেই।

 না..না.. বেক গিয়েৰত চলা মানুহক ক’লৈকো লৈ নাযাওঁ মই। আই হেড এ লট টু ডু, এ মাইলচ টু গ’ এণ্ড টাচ্চ দ্য স্কাই। আপোনাৰ লগত গজল গাই ফুৰিলে নহ’ব মোৰ। নাটকীয় সুৰত সিও কৈ উঠিল।

 গজলৰ কথাটো উলিয়াওঁতেই আমাৰ এলবামটোৰ কথা মনলৈ আহিল৷ ৰেকৰ্ডিং শেষ হৈছে। বিকাশ ছাৰে বিতৰণৰ দায়িত্বও লৈছে। উন্মোচনৰ তাৰিখ ঠিক কৰিবলৈ মাতি পঠাইছিল। ইকবাল নহালৈকে একো সিদ্ধান্ত ল’ব পৰা নাছিলোঁ। এতিয়া সেই কামটো শেষ কৰিব লাগিব। বহুত কামে জুমুৰি ধৰে কেতিয়াবা। কামবোৰ উপৰা-উপৰি হয়। সকলোতে আগভাগ লওঁতে লওঁতে নিজলৈকে কেতিয়াবা সময়ৰ নাটনি হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ ঠাই এটুকুৰা লৈ পেলাইছোঁ যেন অনুভৱ হয়। কিনো আছে মোৰ নৈঋত? আঠ ঘণ্টাৰ অফিচৰ কাম, অলপ লিখা- মেলা, অলপ মত বিনিময়, অনুৰোধ ৰক্ষাৰ্থে দুখনমান সভাত অলপ নিজৰ বক্তব্য। এইখিনি কৰোঁতেই দিনৰ দিনটো নিজৰ কথা ভাবিবলৈ সময় নাথাকে, ৰাতি আকৌ মনটোক নিচুকনি, এনেদৰেই অবিৰাম ঘূৰ্ণীয়মান জীৱন ঘড়ীৰ কৌটি কৌটি ছেকেণ্ডৰ বিন্দু।

 হয় নৈঋত, মই দায়বদ্ধ জীৱনৰ ওচৰত। এই দায়বদ্ধতাই মোক সকলো ভুল সিদ্ধান্তৰ পৰা আঁতৰাই ৰাখে, [ ৬৬ ] যিকোনো ভুল সিদ্ধান্ত যিবোৰৰ পৰা শেষত আফচোচৰ বাদে একো সাৱটি ল’বলগা নহয়। মোৰ তুলাচনীত নিজকে গধুৰ কৰি ৰাখিবলৈ অকণো চেষ্টাৰ ত্ৰুটি কৰা নাই। তথাপি মাজে মাজে ভাব হয়, মই শুদ্ধনে, শুদ্ধনে এই ৰাস্তা? এই ৰাস্তাৰ শেষত গৈ পামনে সেই মন্দিৰ, যিহৰ সপোনে মোক কাবু কৰি কৰি পেলাইছে।

 চিন্তাত ডুব গৈ থাকোঁতে ইকবালে কেতিয়া গিটাৰখন হাতত লৈ টুং টাং কৰিবলৈ আৰম্ভ কৰিছিল গমেই নাপালোঁ। গিটাৰৰ তাঁৰৰ ঝংকাৰত গধূলিটো সুৰীয়া হৈ পৰিল। নামঘৰৰ পৰা ডবাৰ শব্দ ভাঁহি আহিল। কাষৰ ঘৰৰ পৰা শংখ বজোৱাৰ শব্দ আৰু ওচৰৰ মন্দিৰটোৰ পৰা ঘণ্টাৰ ধ্বনি, এই সকলোবোৰ মিলি এটা নতুন সুৰ হ’ল। মোৰ জীৱনেও যেন সেই সুৰতে গাই উঠিল—“জীৱন জীৱন বৰ অনুপম।

—তোমাৰ ছায়া

⚀⚀

(৩৬)

নৈঋত তোমালৈ বুলি...

 অৱশেষত গজলৰ চিডিখনৰ উন্মোচনৰ তাৰিখটো পালেহি। ৰাতিপুৱাৰে পৰা তোমালৈ বৰ মনত পৰি থাকিল। মোৰ গানৰ প্ৰতিটো শব্দতে যে তুমি সোমাই আছা। তোমাৰ অবৰ্তমানত মোক এই শব্দবিলাকেই কক্ষচ্যুত নকৰাকৈ আৱৰি আছিল। ভুল নুবুজিবা নৈঋত, একেবাৰে ভুল নবুজিবা। তোমাৰ মানসিক আৰু পাৰিবাৰিক শান্তি বিঘ্নিত হ’ব পৰা একো কামেই নকৰোঁ নৈঋত। কিন্তু সেই সময়ৰ দুৰ্বল ছায়াজনীৰ নিজকে হজম কৰিবলৈ এটা নিচাৰ বৰ দৰকাৰ হৈছিল আৰু সেই নিচাকেই গলাধঃকৰণ কৰি শব্দবোৰ ওলাই আহিছিল। এতিয়া অৱশ্যে অনুভৱ কৰোঁ মহাজাগতিক পৰিঘটনাৰে ইও এক অংশ। জন্ম-মৃত্যু-বিবাহৰ দৰেই প্ৰেম-ভালপোৱাও সময়ৰে আহ্বান। যিমান হাবু-ডুবু খালেও ই নিজৰ সময় নিজেই বাছি লয়। জোৰ কৰি প্ৰেম কৰিবলৈ গ’লে সেয়া ভালপোৱা হৈ নাথাকে, তেতিয়া ই সন্ধি হৈ পৰে। সময়ে মোক বিবেকী হ’বলৈ শিকালে।

 তথাপি, তথাপি,তথাপি... সকলো বুজিও মন অবুজন। বিবেকৰ মতে সদায় ই নচলে। কেতিয়াবা ই দুখৰ নৈত ওফোন্দ পাতে, হাঁহিবোৰক ফেপেৰি পাতি ধৰে আৰু নিদ্ৰাবোৰক দুৱাৰ মুখৰ পৰাই ওভোতাই পঠিয়ায়। একমাত্ৰ কলমটোৱেহে তেতিয়া বুজাব পাৰে তাক।

 তোমাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছোঁ। আজিৰ দিনটোত তুমি কাষত থকা হ’লে তুমি কেনে প্ৰতিক্ৰয়া কৰিলাহেঁতেন মোৰ জনাৰ উপায় নাই। কাৰণ ই মোৰ একেবাৰে নতুন প্ৰয়াস। মেঘালীৰ অনুৰোধ, বিকাশ ছাৰ আৰু বৌৰ সহযোগিতা আৰু ইকবালৰ উৎসাহ এই সকলোবোৰৰ মাজত মই নতুনকৈ পোখা মেলিছিলো নৈঋত।

 ছাৰে আঁত ধৰা অনুষ্ঠানটিত গান দুটামানৰ দায়িত্ব আছিল মোৰ ওপৰত। হাৰমনিয়ামত আঙুলি বোলাই আৰম্ভ কৰিছিলোঁ—

‘আহিবা এদিন সোণ মোৰ
শিমলুজোপাৰ বাটলৈ,
একেলগে ৰ’ লাগি চাম
জুইফুলৰঙী আকাশলৈ
তুমিও যাবা সেই বাটে
ময়ো আহিম এই বাটে
ফুল ছটিয়াই

[ ৬৭ ]

ফুল ছটিয়াই......

 গানটো গাই যেতিয়া দৰ্শকলৈ চাই পঠিয়াইছিলোঁ, শাৰী শাৰী অলেখ জনতাৰ মাজত চিনাকি যেন লগা অবয়ৱটোৱে আন্ধাৰ ফালি ক’ৰবাত যেন বিলীন হৈ গৈছিল। অবয়ৱটো অনুসৰণ কৰি মঞ্চৰ পৰা নামি অজানিতে দৌৰ মাৰিছিলোঁ। মুগাৰ চাদৰ- মেখেলা যোৰেৰে জোঁট-পোট লাগি ধৰাত ভালকৈ দৌৰিব পৰা নাছিলোঁ। চিনাকি সুবাসৰ খোজে খোজে খোজ মিলাই যেতিয়া অডিটৰিয়ামৰ তলত গৈ আন্ধাৰত ৰৈ দিছিলোঁগৈ, চিনাকি গাড়ীখনৰ খিৰিকীৰ গ্লাচৰ মাজেৰে চিনাকি মুখখন মোৰ কাষেৰে পাৰ হৈ গৈছিল। হয় নৈঋত, আহিছিলা তুমি... আহিছিলাই তুমি। কিন্তু কিয়, কিয়... কিয়? কিয় আহিছিলা তুমি নৈঋত?

 মনটো হাহাকাৰ কৰি উঠিল। মঞ্চলৈ চালোঁ। মোৰ আৰু এটা গান গাবলৈ আছিল যদিও মনটোৱে সহযোগ নকৰিছে এথোন। তুমি এৰি যোৱা কেলভিন ক্লেইনৰ সুবাসখিনি বুকুত ভৰাই ললোঁ। তুমি যেন আশিস দিবলৈকে আহিছিলা। তোমাৰ খোজৰ ধূলি অকণ মূৰত তুলি বোলাই ল’বলৈ মন গ'ল। মোৰ শব্দক ব্যংগতাৰ দৃষ্টিৰে চালেও সেই শব্দৰ যাদুৱে টানিছিল তোমাক। মোৰ সততাৰ পৰীক্ষাত মই জয়ী হৈছে নৈঋত, দেখিলানে তুমি? কিন্তু এয়া যে হৰা জিকাৰ কথা নহয়।

 বিৱৰ্ণ হৈ পৰা তোমাৰ মুখ, তোমাৰ উদাস ভৰা চকু—এই সকলোবোৰত কিবা এটা যেন বিচাৰি ফুৰিছো মই। কি বিচাৰিছোঁ বাৰু মই, বিষণ্ণতা নে প্ৰসন্নতা? মই তোমাৰ মুখত কি দেখা পালে সুখী হ’লোহেঁতেন নাজানো, কিন্তু তোমাৰ মুখৰ বিষণ্ণতাই মোক ডেউকা ভগা বিহংগজনীৰ ছটফটনি এটা উপহাৰ দি গ'ল। এয়া যেন তুমি নাছিলা, তোমাক যেন কেতিয়াও লগ নাপাম, তুমি যেন বহুত দূৰলৈ গুচি গ’লা। আগতে কেতিয়াবা এটি শিশুৰ দৰেই মৰম লাগিছিল তোমালৈ। তেনে এখন মুখৰ স’তে এইখন মুখৰ আকাশ-পাতাল পাৰ্থক্য। তুমি গুচি যোৱাৰ দিন ধৰি কিমান ৰাতি ময়ো বিষন্নতাৰ স’তে যুঁজ-বাগৰ কৰি আহিছোঁ নৈঋত, কিন্তু তেনেবোৰ মুহূৰ্ততো মই কি কৰি থাকোঁ জানানে নৈঋত? মই হালধীয়াৰে আলমাৰী ভৰাওঁ, চুলিত হেনাবুলীয়া পৰশ ঢালোঁ, মুখত প্ৰসাধনৰ প্ৰলেপ সানো, চকুত অঞ্জনৰ আভা লগাওঁ, আঙুলিত নেইলপলিচ সানো, ভৰিত তুমি প্ৰেচক্ৰাইব কৰা ফুট ক্ৰীম লেপি লওঁ আৰু যে কত কি কৰোঁ? এই যেন তুমি আহিবা কলিং বেল বজাব আৰু তোমাৰ চাৱনিৰ উষ্ণতাৰে মই গলি গলি নিঃশেষ হৈ যাম। সেই আশা বুকুত লৈয়েই নিজকে সজাওঁ, ঘৰ সজাওঁ, কিটচেনত সোমাওঁ। তেনেবোৰ মুহূৰ্তত উষ্ণতম হেঁপাহত ভৰি আহে দুচকু, ফুলি উঠে হিয়াৰ শতফুল। দিনটো অবুজ আমেজত পোহৰ ছটিয়াই ছটিয়াই মানুহৰ মুখবোৰ চাওঁ, গাড়ীবোৰ চাওঁ আৰু নিৰাশ হৈ ৰাতিটোৰ স’তে ঠেহ পাতোঁ। পাছদিনা আকৌ কাজলৰ মাজত চকুৰে লুকুৱাওঁ। মোকতো তুমি কেতিয়াও বিষণ্ণ ৰূপত নেদেখা নৈঋত। তেতিয়া হ’লে তুমি কিয় আজি ইমান বিষন্ন? মোক চাবলৈকে আহিছিলা তুমি, মই জানো। কিন্তু কিহৰ বাবে তুমি উদাস মুখেৰে যাবলগা হ’ল নৈঋত? কি কৰিলোঁ মই? কি ভুল কৰিলোঁ মই নৈঋত? তুমি জানানে তোমাৰ এই ৰূপে মোক দুখৰ নৈখনৰ চাকনৈয়াৰ পৰা কেতিয়াও ওলাই আহিব নিদিব বুলি।

 মাৰ ওচৰৰ পৰাও আহিলোঁগৈ এদিন। মাৰ গা ভাল নাছিল৷ জীয়ৰীৰ দায়িত্ব পালন কৰিব পৰা নাই মই নৈঋত, আন নালাগে মায়ে বিচৰা মোৰ জীৱনৰ নিৰাপত্তাটোকে মই আজিলৈকে প্ৰদান কৰিব পৰা নাই। মাৰ নিৰ্বাক চকুহালে মোক প্ৰশ্ন নোহোৱাকৈয়ে বহুত উত্তৰ দি যায়। দাদাই আজিকালি মোক একোকে নোকোৱা হৈছে। মোৰ গানৰ এলবামটো লৈও একো প্ৰশ্ন কৰা নাই। কিন্তু পৰিয়ালৰ কিছুমান মানুহে আজিও মোক মনত পেলাই দিয়ে যে ত্ৰিশত ভৰি দিব ধৰা এগৰাকী অবিবাহিতা ছোৱালী মই। মই নিজৰ কথা ভাবিবৰ হ’ল বুলি বাৰে বাৰে সোঁৱৰাই দিয়ে তেওঁলোকে। পৰিয়ালৰ বিয়াসমূহলৈ যাবলৈকে ভাল নলগা হ’ল। এনে লাগে যেন মোৰ বিয়া নোহোৱা সমস্যাটোৰ কাৰণেহে গোটেই দেশখনৰ উন্নয়ন স্থবিৰ হৈ গৈছে। হাঃ... হাঃ... বুলি হাঁহিৰে উৰুৱাওঁ, চকুলো লুকুৱাওঁ, পিছৰবাৰলৈ এই মুৱা নহওঁ বুলি অভিমান কৰি গাড়ীৰ ষ্টিয়েৰিং পকাওঁ, বেক গিয়েৰ লগাওঁ আৰু যাত্ৰা আৰম্ভ কৰোঁ মোৰ প্ৰিয় ঠাইলৈ। ডিব্ৰুগড়ৰ মোৰ প্ৰিয় তিনিকোঠলিয়ালৈ। যত মই তোমাৰ অনুভৱৰ পৰশত জন্ম দিওঁ এটি এটি শব্দৰ। তাতেই সুখী হৈ থাকোঁ মই জানানে নৈঋত?

 তাৰ মাজত এদিন ‘জনমত’ নামৰ আলোচনীখনৰ পৰা মোলৈ নিয়মীয়া শিতানত লেখা এটা বিচাৰি চিঠি [ ৬৮ ] এখন আহিল। ভাবি চাম বুলি কেইদিনমান পেলাই থলোঁ। এদিন ফোন আহিল হঠাতে। মোৰ ইতিপূৰ্বে প্ৰকাশিত লেখনিসমূহত আকৃষ্ট হৈহে মোক অনুৰোধ কৰিছে হেনো। মই মান্তি হ’লোঁ। নিয়মীয়াকৈ লিখিম বুলি কথা দিলোঁ।

 মোৰ লিখাবোৰৰ সমাজত কিবা গুৰুত্ব আছে যেন লগা নাছিল। এনেই লিখি গৈছিলোঁ। যিটো সমস্যাই চকুত পৰিছিল তাৰ বিষয়েই দুটামান বাক্য লিখি বিভিন্ন কাকতলৈ ই-মেইল কৰি দিছিলোঁ। তেনেকৈয়ে এচাম পঢ়ুৱৈয়ে মোক চিনি পোৱা হৈ গৈছিল। মোক চিনি পোৱাটো মোৰ প্ৰয়োজন নাছিল। আগ বয়সৰ ল’ৰা- ছোৱালীবিলাকৰ মানসিক ভেঁটিটো সুস্থিৰ কৰাটোহে মোৰ প্ৰয়োজন আছিল। তেনেকুৱা এটা লিখা প্ৰকাশ হোৱাৰ পাছতই মোৰ অফিচত ল’ৰা এজন ওলাইছিলগৈ। হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্টটোকে জীৱনৰ চৰম বিফলতা বুলি ভাবি সি আত্মহত্যাৰ দৰে কথা মনলৈ আনিছিল, তেনেকুৱাতে মোৰ এটা লিখনি পঢ়িবলৈ পালে। সিদ্ধান্ত সলনি কৰি সি এদিন মোৰ অফিচ চেম্বাৰত। সেইখিনিতেই মোৰ সফলতা জানানে নৈঋত? এই যে এজন ল’ৰাক মই ভুল সিদ্ধান্তৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হ’লোঁ, সেয়াই মোৰ সফলতা। ইকবালে কয়, মোৰ হেনো বাহ্যিক ৰূপটোৰ লগত মোৰ লিখাবোৰ আকাশ-পাতাল পাৰ্থক্য। মই কিয় বুলি প্ৰশ্ন কৰোঁতে সি কয়, আপোনাৰ লিখাবোৰ ইমান চিৰিয়াচ আৰু আপুনি মানুহজনী ইমান বেপৰোৱা। বুজি পাইছে সি, ঠিকেই বুজি পাইছে। এই বেপৰোৱা মানুহজনীকো ল’ৰা-ছোৱালীবোৰে কেতিয়াবা বিপাঙত পেলায়। দেওবাৰে ঘৰ নাইবা বগীবিল কেৰিয়াৰ চেণ্টাৰ ওলায়গৈ। মিটিং পাতিছে, বক্তব্য দাঙি ধৰিব লাগে— ইত্যাদি বিভিন্ন ধৰণৰ অনুৰোধ নাইবা কাৰোবাৰ ব্যক্তিগত সমস্যাৰ বিষয়ে আলোচনাৰ্থে মোৰ পৰা সময় বিচাৰে। ইমান ডাঙৰ মানুহ মই নহয় বুলি ক'লেও শুনিব নিবিচাৰে, ডাঙৰ মানুহ নালাগে হেনো তেওঁলোকক, হৃদয়স্পৰ্শী মানুহহে দৰকাৰ হেনো।

 তেনে এটা দিনতে অফিচৰ পৰা ওলাওঁতেই হঠাতে ফোন এটা আহিল— ‘হেল্লো, এম আই স্পিকিং টু মিচ ছায়া গৌতমী। মই ‘য়েচ’ বুলি কোৱাত ক’লে—‘মই থানাৰ পৰা কৈছোঁ, সন্ধ্যা হাজৰিকাক চিনি পায় নেকি? তাইৰ এটা এক্সিডেণ্ট হৈছে। নাছিংহোমত ভৰ্তি কৰোৱা হৈছে। লগত থকা গৰাকীয়ে আপোনাৰ ফোন নম্বৰ দিলে।’

 সন্ধ্যা হাজৰিকা... সন্ধ্যা হাজৰিকা...সেই বগীবিলৰ চোকা ছোৱালীজনী....কি হ’ল তাইৰ...কি এক্সিডেণ্ট? এতিয়া কি অৱস্থা? চেন্সলেচঙ্গ কোন নাৰ্ছিংহোম?... ইত্যাদি ইত্যদি এশ এবুৰি প্ৰশ্ন কৰি মই গাড়ী দৌৰালোঁ। হস্পিতাললৈ। বৰ মেধাবী ছাত্ৰী আছিল তাই। দুখীয়া ঘৰৰ হেঁতুকে আমাৰ তত্বাৱধানত পঢ়ি আছিল। স্নাতক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী আছিল তাই। আজি থিয়ৰী পৰীক্ষা শেষ হোৱাৰ কথা আছিল। কেনেকৈ যে এক্সিডেণ্ট হ’ল? ঋণাত্মক চিন্তা কিছুমানে জুমুৰি দি ধৰিলে। মোক আৰু ইকবালক ভগৱান দেখা দি দেখে সিহঁতে। ইকবাল খবৰটো দিয়া উচিত। ফোন কৰিলোঁ তালৈ।

 তাইৰ ৱাৰ্ড পালোঁগৈ৷ লগত শ্ৰুতি বহি আছিল তাইৰ ওচৰত। উসঃ... কি হ’ল তাইৰ? মুখত য’তে-ত’তে দাগ। চেলাইন এটা লৈ পৰি আছে। টোপনি নে জ্ঞানশূন্য অৱস্থা ধৰিব নোৱাৰিলোঁ। শ্ৰুতিক সবিশেষ সোধোঁতে তাই উচুপি উঠিল। তাইৰ উচুপনিত ময়ো কঁপি উঠিলোঁ৷ তাইৰ গাত জোকাৰি ক’লোঁ—‘কোৱা মোক, কি হ’ল তাইৰ। উচুপি তাই কৈ গ’ল, কেনেকৈ দাদা টাইপৰ ল’ৰা এটাই তাইক বহুদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি দিগদাৰ কৰি আছিল। সন্ধ্যাই মানি নোলোৱাত তাইক আজি ৰাস্তাৰ মাজ-মজিয়াত হাতত ধৰি টানি আনি শাৰীৰিকভাৱে অপদস্থ কৰিলে। তাই ভয়তে নে ঘটনাৰ আকস্মিকতাত জ্ঞানহীন হৈ পৰি ৰৈছে? হয়টো মূৰতো গুৰুতৰ আঘাত পাব পাৰে। চিটি স্কেনৰ ৰিৰ্পট দিলেহে গম পোৱা যাব।

 গৰম তেজ এজোলাকা ভৰিৰ পৰা মূৰলৈ উঠি আহিল। শ্ৰুতিক হাতত ধৰিলোঁ। শ্ৰুতি ব’লা মোৰ লগত, দেখুৱাই দিবা ক’ত কেনেকৈ কি হ’ল। তাই একো ক’বলৈ সুযোগ নাপালে। মই টানি আনিলোঁ। ওপৰৰ পৰা নামি আহোঁতে ইকবালক লগ পালোঁ। কলো—“ইকবাল মই থানাৰ পৰা আহোঁ, আপুনি ডাক্তৰৰ লগত কথা পাতি আহি যাব।’

 থানা পোৱাৰ আগতেই শ্ৰুতিয়ে চিঞৰি উঠিল। ল’ৰা এটালৈ আঙুলিয়াই দিলে। ল’ৰাটোৰ চেহেৰা দেখিয়ে মূৰটোলৈ আৰু এজোলোকা তেজ উঠি আহিল। চিগাৰেট [ ৬৯ ]  হুপি থকা ল’ৰাটোৱে পাত্তাই নাপালে। বুকুত ধৰি চোঁচৰাই আনিলোঁ। ৰাস্তাৰ মানুহবোৰ গোট খাই আহিল। চিনাকি এজনে আহি সুধিলেহি— বাইদেউ কিবা সমস্যা হ’ল নেকি? মোৰ উত্তৰ দিয়াৰ ধৈৰ্য নাছিল৷ ক’লোঁ— গাড়ীত বহা, বুজাই দিম। ‘গুণ্ডা প্ৰকৃতিৰ ল’ৰাটোৱে কিবা কোৱাৰ আগতেই দুচৰমান দি ঠেলি পঠিয়ালোঁ। শ্ৰুতি আৰু সিজন ল’ৰাক ক'লো— ‘ধৰি ৰাখা ইয়াক, থানালৈ গৈ আছোঁ।’

 থানাৰ ওচৰ পাই গাড়ী ৰখাই তাক চোঁচৰাই নি অ.চি.ৰ টেবুলৰ ওচৰত গতিয়াই দিলোঁ। ঘটনাৰ আকস্মিকতাত অ.চি.জন থিয় হৈ দিলে, ইচ আচ কৰি ক’লে— ’এই ম্যাডাম আপুনি কি কৰিছে, আমি আছো নহয়?’

 মই ক’লো—’কি কথা ক’বলৈ আহিছে, আচামীয়ে চিগাৰেট টানি ঘূৰি ফুৰিছে। আৰু মোৰ ছোৱালীয়ে চেলাইনৰ বটলত জীৱন মৰণৰ ক্ষণ গণি আছে।’

 অ.চি.জন মনে মনে ৰ’ল। ইকবাল আহি পাইছিল। ইকবালক লগত লৈ ফৰ্মেলিটিখিনি শেষ কৰি লগত অহা ল’ৰাজন আৰু শ্ৰুতিক ঘৰত থৈ আহিলোঁগৈ৷ নিজকে কি বুলি ভাবে এই ল’ৰাবিলাকে? দুখীয়া ঘৰৰ ছোৱালী এজনীয়ে দিনে-ৰাতিয়ে কষ্ট কৰি ভৱিষ্যত গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে আৰু ধনীৰ দুলালে চিগাৰেটৰ ধোঁৱাৰ মাজত নিজৰ ভৱিষ্যতটোতো উৰুৱাইছেই, লগতে ছোৱালীজনীৰ জীৱনতো কালিমা সানিব বিচাৰিছে। কোনে দিলে তাক সেই অধিকাৰ? আৰু সন্ধ্যালৈকে খং উঠিল কিয় নিজকে ৰক্ষা কৰিব নোৱাৰিলে তাই? ল’ৰাটোতকৈ কিহত পৃথক তাই? শাৰীৰিক গঠনত? নিজকে ৰক্ষা কৰিবলৈ শাৰীৰিকভাৱে বলী হোৱাৰ দৰকাৰ নাই। আৰু বহুত উপায় আছিল। একো কৰিব নোৱাৰিলেও তাই অন্ততঃ জ্যেষ্ঠজনৰ লগত খুলি ক’ব পাৰিলেহেঁতেন। মোক ক’ব পাৰিলেহেঁতেন। ইমান সংকোচবোধ কিয়? ছোৱালীবোৰৰ এই নিমাখিত ৰূপটো দেখিলেই এনেকুৱা বদমাছবোৰে সুযোগ লয়, কিয় নবুজে ইহঁতে?

 কথাবোৰে মূৰটো গৰম কৰি দিলে। গাটো হঠাতে বেয়া লাগি গ’ল। ইকবালৰ হাতত খামুচি ধৰিলোঁ ইকবাল, আই এম ফিলিং আনইজি।

 ‘কি হৈছে ম্যাডাম আপোনাৰ’—ইকবাল ব্যস্ত হৈ পৰিল। “মই ৰ’ব নোৱাৰিছোঁ ইকবাল। মোক হস্পিতাললৈ লৈ বলক।”

 পৃথিৱীখন চক্ৰাকাৰে ঘূৰা যেন লাগিল। ইকবালৰ গাত ঢলি পৰালৈকে মনত আছে মোৰ, তাৰ পাছত একো মনত নাই, একো মনত নাই নৈঋত।

—তোমাৰ ছায়া

□□


(৩৭)

নৈঋত তোমালৈ বুলি....

 হস্পিতালৰ বেডত পৰি ৰৈছোঁ। সন্ধ্যা এটা ৰূমত, মই আনটো ৰূমত। সামান্য উদ্বিগ্ন হ’লেই জ্ঞানহীন হৈ হস্পিতেলৰ বেডত আশ্ৰয় ল’ব লগা কি বেমাৰ এইটো বুজি নাপাওঁ। তুমি এৰি যোৱাৰ পাছৰ পৰা দুই-তিনিবাৰ এনেকুৱা হৈছে। ডাক্তৰৰ লগত ইকবালো সোমাই আহিল। মোক চকু মেলা দেখি কেইটামান টেষ্ট কৰিবলৈ পৰামৰ্শ দিলে। সন্ধ্যাৰ খবৰ ললোঁ। ডাক্তৰে তাইৰ বিৰ কাৰণ নাই বুলি কৈছে। সোনকালেই ৰিলিজ দিব পাৰিব। শাৰীৰিকভাৱে তাই সুস্থ হৈ উঠিলেও মানসিকভাৱে তাই যেন বহুত ভাগি পৰিছে। মুখখনত অ’তত’ত [ ৭০ ] দাগ। কি হৈছিল সঠিককৈ তাইও ক’ব নোৱাৰে। দাগখিনিৰ মাজতেই যেন তাইৰ সমস্ত আত্মবিশ্বাস হেৰাই হৈছে। বুজাব লাগিব তাইক, সাহসী হ’বলৈ শিকাব লাগিব, জীৱনৰ প্ৰত্যাহ্বানবোৰ পাৰ হ’ব পৰাকৈ সাহসী হ’বলৈ শিকাব লাগিব। সুন্দৰ ভৱিষ্যত এটাই তাইক টানি আছিল। অঞ্চলটোৰ ভিতৰতে মেধাৱী নাম এটাৰে পৰিচিত আছিল তাই। এইটো ঘটনা তাইৰ জীৱনৰ হয়তো প্ৰথমটো উজুটি। মানুহ কেতিয়াবা শাৰীৰিকভাৱে অপদস্থ হয়, কেতিয়াবা মানসিকভাৱেও হয়। নিজৰ ওচৰত নিজে সৰু হ’ব পাৰি কিন্তু সকলোৰে ওচৰত সৰু হ’বলৈ পালে কিমান কষ্ট হয়, মোতকৈ ভালকৈ কোনে বুজি পাব? আনৰ ওচৰত সৰু নহওঁ বুলিয়েই ঔদ্ধতাৰে নিজক সজাওঁ, বেপেৰুৱা স্বভাৱেৰে নিজক আৱৰোঁ। কিন্তু বিন্দুটো সেই কলমটোতে, সেই ডায়েৰীখনতে, সেই টেবুলখনতে স্তব্ধ হৈ পৰে।

 মেডিকেল টেষ্টকেইটা কৰালোঁ। ৰিপৰ্ট চাই ডাক্তৰে প্ৰথমেই ক’লে—“কি হে ছায়া, হিম’গ্লবিণ ইমান কম, খোৱা-বোৱা নকৰা নেকি?’’ তাৰ পাছত ক’লে—ভালকৈ খাব লাগিব, নহ’লে দিগদাৰ হ'ব। ইউ আৰ গয়িং টু বি ম্যাডাৰ। কংগ্ৰেচুলেশন ইয়ং বয়”, ইকবাললৈ চাই ডাক্তৰে কৈ উঠিল।

 ভলভলীয়া ডাক্তৰজনৰ হাঁহিত হাঁহি মিলাই ভিতৰত এজাক মৌৰ ভুনভুননিত দৌৰি আহি নিজৰ ৱাৰ্ড পালোঁহি৷ কেনেকৈ চম্ভালোঁ মই? কেনেকৈ চম্ভালোঁ নিজকে? সময়ৰ কঠিনতাখিনি সুখৰ নে দুখৰ সেইটোকে ধৰিব পৰা নাই। চকু দুটা মুদি দিলোঁ। প্ৰথমবাৰৰ বাৰে দুয়োটা চকুৰে দুটা বেলেগ বেলেগ দৃশ্য দেখিলোঁ। সন্মুখত দুটা ৰাস্তা— এটা মসৃণ, আনটো খলাবমা। মসৃণ ৰাস্তাটোৰ সিমূৰত একো দেখা পোৱা নাযায়, আকাশসম শূন্যতা। আৰু খলাবমা ৰাস্তাটোৰ সিমূৰত এজোনাক আকাশৰ তলত এজাক পখিলাৰ মাজত উমলি থকা এটি দেৱশিশু। আসঃ..আৰু ভাবিব নোৱাৰি। সিদ্ধান্ত লৈ ল’লোঁ। মই যাম... মই যাম, সেই খলাবমা ৰাস্তাটোকেই বাচি ল’ম মই। এই প্ৰথমবাৰৰ বাবে যাত্ৰাটোতকৈ লক্ষ্যটো বেছি গুৰুত্বপূৰ্ণ হৈ মোৰ চকুত ধৰা দিলে।

 ইফালে ইকবাল। ইকবালৰ প্ৰতিক্ৰিয়া জনাৰ ইচ্ছা গৈছে যদিও থমকি ৰৈছোঁ। ঘিণ কৰিব নেকি মোক বাৰু? গাৰ লগত ছৰ দৰে লাগি থকাৰ পাছতো মই তাক একোৱে ক’ব নোৱাৰিলোঁ। কিছুমান কথা দুজনৰ মাজতেই আবদ্ধ হৈ থাকে নৈঋত। কেনেকৈ বুজাওঁ মই, তোমাৰ আৰু মোৰ এই সংযোগ হৈছে মোৰ জীৱনৰ ইচ্ছা-অনিচ্ছাৰ সন্ধিক্ষণত সময়ৰ বোৱতী সোঁতত এৰি দিয়া এটি সিদ্ধান্তৰ ফল মাথোঁ।

 ইকবাল সোমাই আহিল ৰূমলৈ। মৌন হৈ। তথাপি অস্থিৰ যেন। আহত হোৱাটো স্বাভাৱিক। তথাপি মই মনটোক পতিয়ন নিয়াইছোঁ এই বুলিয়ে যে, মই তাক আগতেই ইংগিত দিছিলোঁ। কৈছিলো এদিন তাক যে—‘বেলেগৰ অনুভৱ বুকুত লৈ মই আপোনাৰ স’তে অভিনয় নকৰাৰ সিদ্ধান্তক আপুনি বোধকৰোঁ অসন্মান নজনাব। বুজি পাব সি। হঠাতে মৌনতা ভাঙি সি কৈ উঠিল—“কি কৰিম বুলি ভাবিছে ম্যাডাম? ডাক্তৰে এতিয়াও এয়া সাধাৰণ কথাৰ দৰেই আচৰণ কৰিছে। আমাক স্বামী-স্ত্ৰী বুলিয়েই ভাবি লৈছে।’

 ‘অহ, সেই ভুলটো ভাঙি দিম মই ইকবাল। আপুনি চিন্তা নকৰিব। আপোনাক মোৰ এই ঘটনাৰ লগত জড়িত নকৰে।

 সি ইচ-আচ কৰি উঠিল—‘তেনেকৈ সমস্যা সমাধান নহয় ম্যাডাম, সন্তানৰ দেউতাকক বিচাৰিলে আপুনি কি কৰিব? কি বুলি ক’ব আপুনি? বহুত জটিলতা আছে।’

 ‘একোকে নকওঁ মই ইকবাল। মই থাকোঁতে মোৰ সন্তানৰ দেউতাকৰ স’তে তেওঁলোকৰ কি কাৰবাৰ আছে? মই আছোঁ, যি জটিলতা আহে মই সমাধান কৰিম।’

 ‘আৱেগিক নহ’ব আপুনি। বহুত আইনী জটিলতা আছে। আইনক কি উত্তৰ দিব?’– ইকবালে বুজাইছে মোক।

 তীব্ৰ বিক্ষোভত মই চিঞৰি উঠিলোঁ— ‘কিয়.. কিয়.. কিয়? মোৰ গৰ্ভৰ সন্তানটো জন্ম দিওঁতে কিহৰ আইন ইকবাল? এয়া প্ৰকৃতিৰ নিয়ম। এয়া মোৰ সিদ্ধান্ত। মই কিয় কাৰোবাৰ ওচৰত জবাবদিহি হ’ম?’

 ‘কুল ডাউন ম্যাডাম, কুল ডাউন। মই আপোনাৰ সাহসক শ্ৰদ্ধা জনাইছোঁ। কিন্তু আপুনি যি পথলৈ আগুৱাই যাব বিচাৰিছে, সেই পথত বহুত জটিলতা আছে। শুনিবলৈ বেয়া লাগিলেও এয়াই সত্য। আপুনি পিতৃৰ পৰিচয় লুকুৱাই থ’ব নোৱাৰে। আপুনি আপোনাৰ পৰিয়ালক কি বুলি ক’ব, আপুনি সমাজত কি উত্তৰ দিব?’

[ ৭১ ]  ‘মই এইবোৰ নাজানো ইকবাল, কিন্তু মই জানো, মই এই চিন মোহাৰি পেলাব নোৱাৰোঁ।’— কৰুণ মাত এটাৰে কৈ উঠিলোঁ।

 মই নাজানো নৈঋত.. নাজানো, কি জেদৰ নিচাত মই এই কঠোৰ সিদ্ধান্ত লৈ পেলাইছোঁ। তোমাৰ স্মৃতিৰ ভগ্নাংশ এটি বুকুত সাৱটি, তোমাৰ মৌনতাক বুঢ়া আঙুলি দেখুৱাই সমাজৰ সোঁতৰ বিপৰীতে যোৱাৰ যি সাহস, সমস্ত অনুভৱৰ আঁৰত জানো তোমাৰ প্ৰেম-ভালপোৱা, বিৰহ-বিচ্ছেদ এইবোৰেই নাছিল? এই গোটেই সংগ্ৰামত মই জিকি গৈছোঁ নৈঋত। তুমি হৈ ৰৈছা এতিয়া পৰাজিত সৈনিক। ভালপোৱাৰ হেনো সীমা নাথাকে। কাৰণ সীমাৰ গণ্ডীত ভাল পালে ঘৃণালৈ পৰিণত হয় আৰু তেতিয়া প্ৰতিশোধ লোৱাৰ প্ৰৱণতা জাগে। মোৰ অসীম ভালপোৱাৰ মাজতো যে নীৰৱ প্ৰতিশোধৰ জ্বালা এটা সোমাই আছিল মই বুজিকে নাপালোঁ নৈঋত। মোৰ সততাই মোক সাহস দিব নৈঋত৷ মই সুখী জানা নৈঋত? মোক হাতবাউলি দি থকা অনিশ্চিত জীৱনটোক লৈয়েই সুখী এতিয়া। কাৰণ মই এতিয়া তোমাৰ প্ৰতিবিম্ব এটা মোৰ ওচৰতে নিজাকৈ পাম, সম্পূৰ্ণকৈ পাম।

 ইকবালে থুঁতৰিত ভেজা দি চিন্তা কৰি ৰৈছে। তাৰ পাছত ধীৰ গম্ভীৰ স্বৰেৰে ক'লে— ‘আপোনাক জটিলতাৰ মাজলৈ ঠেলি দিব বিচৰা নাই মই। মান্তি হওক আপুনি, মই আপোনাৰ সন্তানৰ পিতৃৰ নামেৰে পৰিচিত হ’ব বিচাৰোঁ।”

 অলপ দেৰি নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান লাগিল। কি ক’লে ইকবালে?...কি কলে ইকবালে? সহায় নে সহানুভূতিৰ বাক্য আছিল সেয়া? মই কোনোবাখিনিত দুৰ্বল আছিলোঁ নেকি? মই নিজে নিজক চম্ভালি ল’ব নোৱাৰাকৈ দুৰ্বল আছিলোঁ নেকি নৈঋত? ইকবালে মোৰ আৱেগৰ সুযোগ ল’বলৈ বিচাৰিলে নেকি? নাই... নাই, ইকবালে সঁচা অৰ্থতে মোক সহায় কৰিব বিচাৰে। সি সঁচা অৰ্থতে মোৰ জীৱনৰ স’তে সাঙুৰ খাব বিচাৰে। সেয়া তাৰ আন্তৰিকতাৰে অংশ। কিন্তু মই মোৰ জীৱনৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। মোৰ এই সংগ্ৰাম অকলশৰীয়া সংগ্ৰাম।

 মই নাৰী সেই কাৰণেই মই সম্পূৰ্ণা। মই মানৱী সেই কাৰণেই মানৱৰ প্ৰতিও সম্মানশীল মই। মোৰ নম্ৰতা মোৰ দুৰ্বলতা বুলি ভুল নকৰিবা নৈঋত। কাৰণ প্ৰকৃতিৰ নিয়মত মই নাৰী, মই অৰ্ধাকাশ তোমাৰ বাবে, কিন্তু মই পূৰ্ণাকাশ মোৰ সন্তানৰ।

—তোমাৰ ছায়া

□□


(৩৭)

নৈঋত তোমালৈ বুলি....

 কথাবোৰ কাকোৱে বুজাব নোৱৰা ৰূপ এটা লৈছিল। ইকবালে মাক মোৰ ওচৰলৈ লৈ আহিল। ঘটনাৰ আকস্মিকতাত মা নিশ্চুপ হৈ ৰৈছিল। আৱেগে মোক ধৰি ৰাখিব নোৱাৰিলে। মাক সাৱট মাৰি ধৰি উচুপি উঠিলোঁ—‘মা, মই পাপ কৰা নাই, হয়তো ভুলো কৰা নাই, তুমি যদি ভুল বুলি ভাবিছা, ক্ষমা কৰি দিবা মা মোক। মা তোমাৰ চকুত নিকা হৈ থাকিলেই গোটেই পৃথিৱীখনত মই অকলে খোজকাঢ়িব পাৰিম।’

 তেতিয়াও মা নিশ্চুপ হৈ ৰৈছিল। মায়ে কেতিয়াও শাসন নকৰিলেই মোক। মোৰ মাজত যে সততাৰ অৱক্ষয় নঘটে, সেই কথা মাতকৈ ভালকৈ কোনেও বুজি নাপাব। তথাপি মোৰ আঁৰে আঁৰে কৰুণ হৈ পৰা মাৰ চকুহালে বহুত কথাই বুজাই দিলে মোক। মোৰ অনিশ্চিত জীৱন যাত্ৰাত মায়ে এবাৰলৈকো সুবিধাজনক স্থিতি ল’ব পৰা নাই। একাকী মাতৃত্বৰ সোৱাদ ল’বলৈ আগবাঢ়ি যোৱা মইজনীৰ মনোবলত চুপ হৈ ৰৈছে মা আৰু ইকবাল। মনে মনে কৈ উঠিছিলোঁ মই—‘মা সততাক বেচিব পৰা নাই কাৰণেই মোৰ এই সিদ্ধান্ত। নিজৰ ওপৰত [ ৭২ ] বিশ্বাস আছে কাৰণেই কাকো আমনি কৰিবও বিচৰা নাই মই। মই ভালদৰেই থাকিম মা। তুমি চিন্তা নকৰিবা মা।’

 জীৱনত এটা কেঁকুৰিৰ দৰকাৰ বুলি কৈছিল ইকবালে। কিন্তু ইমান সোনকালে কেঁকুৰিটো পাম বুলি আৰু সলনি হৈ যাব মোৰ যাত্ৰাপথ, এবাৰলৈকো ভবা নাছিলোঁ মই। জানানে নৈঋত, তুমি গুচি যোৱাৰ পাছত অস্থিৰ মনটোক দমাবলৈ হাতত কলম তুলি লৈছিলোঁ, গল্প লিখিছিলোঁ, কবিতা লিখিছিলোঁ, নিজে এটি এটি কাহিনীৰ চৰিত্ৰ সৃষ্টি কৰিছিলোঁ। এতিয়া যে মই নিজেই এটা গল্পৰ চৰিত্ৰ হ’বলৈ ওলাইছোঁ, খেয়ালেই নাছিল মোৰ।

 গৰ্ভৰ ভ্ৰূণটো কলা কলাকৈ বাঢ়ি আহিছে। সমানে বাঢ়িছে মনৰ উচপিচনি। এই যুদ্ধত মই জয়ী হৈছোঁ সঁচা, কিন্তু মোৰ জয়ে তোমাক বাৰুকৈ বিচলিত কৰিব নেকি! তোমাক খবৰ দিয়া উচিত আছিল নেকি? পিছ মুহূৰ্ততে মনটোৱে প্ৰতিবাদ কৰি কৈ উঠে। না...তুমিতো একেবাৰে প্ৰস্তুত নাছিলা এনে এটি সিদ্ধান্তৰ বাবে। তেনেস্থলত তোমাক আমনি কৰাটো সমীচীন নহ’ব।

 ইকবালে উকীলৰ সতে কথা পাতিছে। মোৰ আহিবলগা সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত আইনী প্ৰক্ৰিয়াটো মজবুত কৰাটো অতি দৰকাৰ। নিম্ন আদালতে নাকচ কৰিছে। দেউতাকৰ নাম লাগিবই হেনো। অন্ততঃ দেউতাকৰ পৰা লিখিত কিবা আনক’– নিম্ন আদালতৰ পৰামৰ্শ। মোৰ একাকী অভিভাৱকত্বত দেউতাকৰ একো আপত্তি নাই বুলি তোমাৰ পৰা লিখিত বিবৃতি আনিব লাগে। মই পোনছাটেই না কৰিলোঁ। যিটো সন্তানক তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মোৰ মাজত লালন-পালন কৰিছোঁ, সেই সন্তানক তোমাৰ সহানুভূতিৰ পৰশৰ দৰকাৰ নাই। মোৰ অকলশৰীয়া ৰণত মই অকলে যুঁজিম। আহিব লগাটিৰ ভৱিষ্যৎ সুস্থিৰ কৰাৰ স্বাৰ্থত উচ্চ ন্যায়ালয় পালোঁগৈ। তাতো একেই কথা, মোৰ অভিভাৱকত্বত দেউতাকৰ ফালৰ পৰা একো আপত্তি নাই বুলি এটা চহী লাগে হেনো। মই তোমাক এই সন্তানৰ অস্তিত্বৰ বিষয়ে জনাবলৈকে প্ৰস্তুত নহওঁ, তেনেস্থলত তোমাৰ চহী, তোমাৰ অনুকম্পা? উসঃ অসম্ভৱ। মনত ক্ষোভ এটাই জন্ম লৈছে। পুৰুষ প্ৰধান সমাজ আমাৰ। আইনো ইয়াৰ ঊৰ্ধত নহয়।

 ইকবালে অৱশ্যে সাহস দিছে—‘এই অৱস্থাত আপুনি টেনচন নলব। মই আছোঁ, মই আছোঁ।’ মই আছোঁ বুলি সদায়েই কয় সি। হয় নৈঋত, সি আছে কাৰণে, মোৰ খলা-বমা ৰাস্তাটোত পোহৰৰ অভাৱ হোৱা নাই। কিন্তু নৈঋত, ইকবাল নথকা হ’লেও মই খলাবমা ৰাস্তাটো পাৰ হলোহেঁতেন।

 আৰু সন্ধ্যা? ঘটনাৰ পাকঘূৰণিত তাই মোৰ ওচৰলৈ গৈছিল। তাইৰ দুৰ্ঘটনাটোৰ পাছত তাই গাঁৱলৈ যাবলৈ একেবাৰে মন কৰা নাছিল। তাইৰ ভুল নোহোৱাকৈ তাইৰ ফালে বদনামৰ আঙুলি উঠিব, সেই শংকাই তাইক ঘৰবিমুখী কৰি তুলিছিল। মোৰ লগত থাকি যোৱাৰ কথা ব্যক্ত কৰিছিল। তাইৰ ভৱিষ্যতৰ এটা দায়িত্ব মইও লৈ ল’লোঁ। ‘তোমাৰ এটা সংস্থাপন নোহোৱালৈকে মোৰ লগতে থাকা সন্ধ্যা’ — বুলি ব্যক্ত কৰিলোঁ তাইৰ আগত। তেজ মঙহৰ সম্বন্ধ নহ’লেও ইহঁত মোৰ আপোনতকৈ আপোন।

 কথাবোৰ জটিল হৈ গৈছিল। মুষ্টিমেয় কেইজনমান মানুহৰ ওচৰতে মোৰ সমস্যাটো আলোচনা কৰা হৈছিল। কোনেও মোৰ মনৰ পক্ষত থিয় দিব বিচৰা নাছিল। অলপ বিচলিত হৈছিলোঁ, তেনে এক সময়তে উচ্চতম ন্যায়ালয়ে মোৰ পক্ষত ৰায় দিছিল—‘দেউতাকৰ ফালৰ পৰা কোনো আপত্তি নুঠালৈকে অকলশৰীয়া মাতৃক অভিভাৱকত্ব প্ৰদান কৰা হ’ব।’ মুখলৈ এতিয়াহে অলপ পানী আহিছে জানানে নৈঋত? ডিব্ৰুগড়ৰ পৰা আঁতৰি যোৱাটো মংগলজনক হ’ব বুলি বিবেচনা কৰিলোঁ। মোৰ সন্তানৰ শৈশৱ কালছোৱা পানীৰ দৰে নিৰ্মল হোৱাৰ স্বাৰ্থতে মোৰ এই সিদ্ধান্ত। সকলো কলুষতাৰ পৰা মুক্ত কৰি ৰাখিম বুলিয়ে মই বদলিৰ বাবে মুখ্য কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলোঁ। অতি সোনকালেই সেইটোও মঞ্জুৰ হ’ল। কাৰণ একেটা অফিচত মোৰ ইতিমধ্যে পাঁচ বছৰ পাৰ হৈছিল। মাতৃত্বকালীন ছুটি শেষ হোৱাৰ পাছতে মই নতুন দিল্লীৰ আৰ কে পুৰমস্থিত মুখ্য কাৰ্যালয়ত যোগদান কৰিব লাগিব।

 ডিব্ৰুগড় এৰি যোৱাৰ মন নাছিল, একেবাৰে মন নাছিল। ইয়াৰ নাহৰজোপা, সোণাৰুৱা ৰাস্তাটি কৃষ্ণচূড়াৰ তলৰ বেঞ্চখন, ভৰা ব্ৰহ্মপুত্ৰৰ আৰ্তনাদ, বগীবিল ঘাটৰ উচুপনি— এই সকলোবোৰ এৰি যোৱাৰ প্ৰস্তুতি চলালোঁ। তোমাৰ ঘৰটোৰ আগেৰে পাৰ হৈ আহোঁতে বুকুত সদায় পোক এটাই কিট-কিটাই উঠে। ক’ৰবাত তোমাক দেখা [ ৭৩ ] পাওঁ নেকি বাৰে বাৰে ডিঙি মেলি চাওঁ। শেষবাৰৰ বাবে হলেও এবাৰ মাথোঁ দেখোঁ বুলি।

 সকলো বুজি পায়ো ইকবাল মৰ্মাহত। গহীন। ‘আপোনাক এটা ভাঁজৰ দৰকাৰ বুলি কৈছিলোঁ, কিন্তু আপুনি এনেকৈ ভাঁজ ল’ব বুলি এবাৰলৈকো ভবা নাছিলোঁ ম্যাডাম। কিন্তু মোৰ অনুৰোধ, আপুনি কলমটো নেৰিব’—কোনোবা মুহূৰ্ততে ইকবালে কৈছিল মোক। তাৰ পাছত সি আকৌ সৰু ল’ৰাটো হৈ পৰে। এমোনা বজাৰ কৰি আহি মোৰ সৰু কিটচেনত সন্ধ্যা আৰু ইকবাল সোমাই পৰে। বিধে বিধে সুস্বাদু ব্যঞ্জন ৰান্ধে, পৰিবেশন কৰে। ঘৰটো হুলস্থূলীয়া কৰি সি যায়গৈ। তেনে এক সন্ধ্যাতেই কঁকাল, তলপেটৰ বিষত মই কোঁচমোচ খাই আহিলোঁ। অসহ্য যন্ত্ৰণাত কান্দি পেলালোঁ। ইকবালে ডাক্তৰৰ লগত কথা পতাত মোক অতি সোনকালে হস্পিতালত ভৰ্তি হ’বলৈ ক'লে। ইকবালে যেতিয়া হস্পিতেলত ভৰ্তি কৰাইছিল, তেতিয়া মই জ্ঞানশূন্য অৱস্থাত। তেতিয়া মই সপোন এটা দেখিলোঁ। খলা-বমা ৰাস্তাটো শেষ হৈছে, সম্মুখত এখন নীলা নদী, নদীখন পাৰ হ’লেই সেই ইঙ্গিত উদ্যান, যত এজাক পখিলাৰ মাজত উমলি আছিল এটি কণমাণি শিশু, কি নাম দি মাতিম সেই শিশুক, অৰণ্য নে অৰণ্যা...?

 চিঠিবোৰ সামৰিলোঁ। তুমি দিয়া কলপতীয়া ডায়েৰীখনৰ পাতবোৰ শেষ হৈছেগৈ। সোণালী কলমটোৱে ঠেনঠেনাই আছিল। অৰণ্যাৰ কাণৰ তিলটোৱে মোৰ অৱস্থিতি সম্ভেদ ঘোষণা কৰিলে৷ কোমল গুলপীয়া গাল দুখনে তোল তুলি হাঁহে, তোল তুলি কান্দে। তাইৰ চকুযুৰিলৈ চাব নোৱাৰি নৈঋত, চকুৰে কথা কয় তাই, ঠিক তোমাৰ দৰে, তোমাৰ দৰে........

—ছায়া তোমাৰ

□□

(৩৯)

নৈঋত তোমালৈ বুলি...

 ডিব্ৰুগড়ে ঠগা নাছিল মোক। তথাপি ডিব্ৰুগড় এৰি যামগৈ। চিঠিবোৰ বৰপেৰাত ভৰালোঁ, অনুভৱখিনিও যিমান পাৰি ঠেলি-হেঁচি সুমুৱাই ললোঁ। কলমটোৱে এতিয়াও ঠেন-এঠেন কৰি আছে। শেষ চিঠিখন লিখাৰ আবদাৰেৰে—এবাৰ কৈ চা নৈঋতক, এবাৰ কৈ চা’ বুলি বাৰে বাৰে বুজাইছে। কোনোপধ্যেই এই চহৰ এৰি আন চহৰত উমলিবলৈ মন কৰা নাই কলমটোৱে। দোতাৰাখনেও যেন কলমটোকে সংগত কৰিছে। তাৰো সেই একেই সুৰ, একেই ভাষা। ছমহীয়া অৰণ্যাৰ কলকলনিত সেই সুৰ বুকুৰ ভিতৰলৈ নামি আহি সংগোপনে যেন এটি প্ৰতিবাদ হৈ গোঁজ পুতি ৰয়। বাৰে বাৰে কলম হাতত তুলি লওঁ, এবাৰ কওঁ নেকি তোমাক অৰণ্যাৰ কথা। কওঁ নেকি তোমাক এইবুলি যে চোৱা নৈঋত, তুমি নিবিচাৰিলেও তোমাৰ কোটি কোটি কোষ মোৰ ওচৰত নিগাজিকৈ থাকি গ’ল। অৰণ্যাই বহন কৰা কোষ। তুমি মানিব নিবিচাৰিলেও সেয়াই সত্য নৈঋত, যি প্ৰেমৰ আধাৰত ৰচিত হৈছে মোৰ নিঃস্বাৰ্থ প্ৰেমৰ বুনিয়াদ।

 ডিব্ৰুগড় এৰি যামগৈ। ভালপোৱা বস্তুবোৰ এটা এটাকৈ এৰিব লগা হৈছে। ডিব্ৰুগড়ৰ প্ৰেমতো মই হাবু-ডুবু খাই আছোঁ বহুত বছৰ ধৰি। মোক প্ৰথম প্ৰেমৰ স’তে পৰিচয় কৰোৱা ডিব্ৰুগড়ৰ পৰা নিজকে কেনেকৈ বিচ্ছিন্ন কৰোঁ নৈঋত? কিদৰে পাহৰোঁ ইয়াৰ এটি এটি বনলতাৰ স’তে স্মৃতি বিজড়িত কথাবোৰ। মন বেয়া লাগিলেই বগীবিললৈ গাড়ী দৌৰোৱা, তোমালৈ মনত পৰিলেই তোমাৰ ঘৰৰ গলিৰ সন্মুখেদি দুই তিনিবাৰ পাক মৰা, নিঃসংগ সময়বোৰত মন্দিৰৰ গলিটোত অকলে অকলে বহি ৰোৱা আৰু আবতৰীয়া বৰষুণজাকত তিতি বুৰি গান গাই ফুৰা মোৰ উন্মাদনাখিনি আন চহৰে বুজি পাবনে?

 অৰণ্যাৰ কলকলনিত মোৰ সেই দুখবোৰ বৰফৰ দৰে গলি গলি পানী হৈ যায়। তাইৰ হাতৰ পৰশৰ উমত [ ৭৪ ] সেই পানীবোৰো ভাপ হৈ উৰি যায়। এনেকৈয়ে নিৰুদ্বেগ হৈ পৰিছোঁ। দুখত কাতৰ নহ’বলৈ শিকিছোঁ৷ দুখবোৰ শুষ্ক নৈখনত কৰ্ফাল খাই পৰি ৰৈছে। মৰমৰ বান তুমিয়ে আনিছিলা, নদীখন ভৰাইছিলা মৰমেৰে। নাজানো ক’ত কেতিয়া কেনেকৈ ভুল হৈ মৰমবোৰ চকুপানী হৈ পৰিল। এতিয়া জেঠৰ ৰ’দত ছিৰাল ফাট দিয়া চকুপানীৰ নদী। তথাপি যে কিবা এটা নাই নাই। পাই হেৰুওৱাৰ ভাবনাই মনটোৰ শূন্যতাখিনি পূৰাবলৈ অহৰহ চেষ্টা কৰি আছে। তোমাকো একো প্ৰশ্ন নকৰোঁ, ভগৱানকো কৰা নাই। যি বাটেৰে বাট বুলি তোমাৰ ওচৰত থিয় হৈছিলোঁ, সেই বাটেৰেই মোৰ ওভতনি যাত্ৰা। সোণাৰুজোপাই চকুলো উলিয়াইছে, জৱাজোপায়ো, আকাশখনো ভাগি পৰিছে, মৌমাখিজাকো নিশ্চুপ হৈ পৰিছে, পখিলাজাকেও নিতাল মাৰিছে। জোনাকী পৰুৱাইও পোহৰ বিলাব বিচৰা নাই আৰু জোনবাইজনীয়েও কান্দি পেলাইছে। আৰু এই সকলোবোৰকে আকৌ লগ পোৱাৰ কথা দি মই গুচি যাবলৈ ওলাইছোঁ। সকলোবোৰকে বিদায় জনালোঁ, মাথোঁ তুমি নাই। এই ‘নাই’ ভাবে মোক প্ৰশ্ন কৰে কেতিয়াবা। উত্তৰবিহীন বহু প্ৰশ্ন। থাকিমনো কেনেকৈ এই প্ৰেমৰ পৃথিৱীত বুলি সোধে মোক। মই কৈ পেলাওঁ—কতনো অপ্ৰেম দেখিলা সখা? কোঁচ ভৰাই ইমান ফুল বুটলোঁ, কাৰ অপ্ৰেমত সখা? অপ্ৰেম নাছিল কেতিয়াও। প্ৰেমতে ওভতনি যাত্ৰা। প্ৰেমেই সঞ্জীৱনী পৰশ ঢালিছে ক্ষত-বিক্ষত হৃদয়ত। বুকুৰ পলসত জী উঠা অতবোৰ হা-হুমুনিয়াহৰ সাৰ পানী জানো প্ৰেমেই যোগোৱা নাই? কতনো অপ্ৰেম দেখিলা সখা? হয়তো মোৰ ভাবনাই তোমাক চুব নোৱাৰিলে। মই বিচাৰিছিলোঁ হিয়া, তুমি হয়তো দেহা। অপ্ৰেম নাছিল কেতিয়াও। মই চকুৰে অনুভৱ কৰোঁ তোমাৰ ওঁঠৰ ভাজ আৰু তুমি হয়তো ওঁঠেৰে অনুভৱ কৰিব বিচৰা মোৰ দেহাৰ ভাঁজ। সেই কাৰণেই ওভতনি যাত্ৰা। অপ্ৰেম নাছিল তেতিয়াও।’

 মনটোক সঁজাত বন্দী কৰিম। বহুত সহিলোঁ ইয়াৰ অতপালি। মনৰ ফৰিংজনীক ভৰিত বান্ধি এচুকত পেলাই থ’ম। জীৱনৰ বহু মূল্যৱান সময়ত ই মোক তাতা-থৈয়া-থৈয়াকৈ নচুৱালে। বাস্তৱমুখী হ’ম মই। জীৱনৰ প্ৰত্যাহ্বানবোৰ হাত পাতি ল’ম। মোৰ সন্মুখত এটি দীঘল ৰাস্তা। এমুঠি জীৱনমুখী প্ৰতিশ্ৰুতিৰে এজাক উদ্বিগ্ন ল’ৰা-ছোৱালীৰ মানসিক ভেঁটি সুস্থিৰ কৰাৰ দায়বদ্ধতাত বন্দী মই।

 বিদায় বেলাৰ শেষ চিঠি তোমালৈ। এতিয়াৰে পৰা মই পিছফালৰ দুৱাৰখনত তলা লগাম। সন্মুখৰ খোলা দুৱাৰখনেৰেই অৰণ্যাক অগা-দেৱা কৰিবলৈ শিকাম। ইকবালে লাগেজবোৰ গাড়ীত ভৰাই ল’লে। অৰণ্যাক সন্ধ্যাই কোলাত লৈ গাড়ীত বহি ল’লে। ময়ো তিনিকোঠলিয়াৰ পৰা ওলাই আহিলোঁ৷ আকৌ সোমাই গ’লোঁ। বস্তুবোৰ একেই থাকিল। ৰূমকেইটাও একেই থাকিল। প্ৰতিটো উশাহত তোমাৰ গোন্ধ আৰু প্ৰতিটো নিশ্বাসত তোমাৰ হুমুনিয়াহ ভাঁহি আহি কান্দোনৰ ৰূপ ল’লে৷ মই তোমাক বৰ ভাল পাইছিলো নৈঋত। শেষবাৰৰ বাৰে যদি বগা গোলাপ এপাহি লৈ মোৰ কাষত থিয় দিলাহেঁতেন। চকুলোৰ ঢলটো নামি আহিল। কান্দিলোঁ মই... শেষবাৰৰ বাবে হেঁপাহ পলুৱাই কান্দি ল’লোঁ। এই ঘৰ, এই মাটিৰ গোন্ধ এৰি যামগৈ। সুখী হোৱাৰ মুখা পিন্ধি মোৰ অকলশৰীয়া জীৱন নাট চলাই নিয়াৰ প্ৰয়াসেৰেই মোৰ এই নতুন যাত্ৰা। যাওঁগৈ নৈঋত। বিদায় বুলি ক’বলৈ কলম থমকিছে। শব্দৰ স’তে খেলা খেলবোৰত বিচাৰিলে মোক পাবা। তোমাৰ সমগ্ৰ জগত জিনিব নোৱাৰিলেও তোমাৰ মনৰ চকুৰ নিগাজি ঠাই টুকুৰাত মোক বিচাৰি চাবা নৈঋত। তাতেই থাকিম মই.... তাতেই থাকিম মই, তোমাৰ হৈ... ভালে থাকা........।

—তোমাৰ ছায়া

□□

 এইখিনিতে ছায়াৰ চিঠিবোৰ শেষ হৈছে। ছায়া নামৰ খেয়ালী ছোৱালীজনীয়ে নৈঋত নামৰ বিবাহিত পুৰুষৰ স’তে এক আৱেগিক সম্পৰ্ক গঢ়ি তোলে। সময়ৰ পাকচক্ৰত পৰি নৈঋতে নিজৰ ভুল বুজি ছায়াৰ জীৱনৰ পৰা আঁতৰি যায়। খেয়ালী ছায়া আৰু আৱেগিক হৈ পৰে, তাইৰ ভাষাত—‘মই যেতিয়া ৰঙা গোলাপেৰে নিজক [ ৭৫ ] সজাইছিলোঁ, তুমি তেতিয়া ব্যস্ত আছিলা এপাহ এপাহকৈ বগা গোলাপ বোটলাত”। তাৰ পাছতো সময়ৰ কোনো এক সংযোগ বিন্দুত ছায়াৰ কোলালৈ নৈঋতৰ সন্তান আহে, যি বিষয়ে নৈঋত অজ্ঞ। তাৰ পাছত ছায়াই একাকী মাতৃৰ দায়িত্ব লৈ নৈঋতৰ ঠাইৰ পৰা আঁতৰি গ’ল। পাঁচ বছৰৰ বিৰতিত নৈঋতৰ স্বীকাৰোক্তি.....

(৪০)

পাঁচবছৰৰ মূৰত......নৈঋতৰ কথাৰে
 চেন্নাই অভিমুখী ফ্লাইটত বহি আছোঁ। প্লেখনে উৰা মাৰিবলৈ সাজু হৈছে। মাটিৰ পৰা হাজাৰ মাইল ওপৰেৰে গৈ আছোঁ। মোৰ লক্ষ্য পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰম। লক্ষ্য এজনী কণমাণি, নাম যাৰ অৰণ্যা গৌতমী। আসঃ... বুকুখন আকৌ মোচৰ খাই উঠিল। কিমান সৰু সৰু কথাবোৰ কেতিয়াবা কিমান সিদ্ধান্ত নিৰ্ণায়ক হৈ উঠে। অৰণ্যাৰ কেয়াৰ টেকাৰ গৰাকীয়ে কোৱা কথাষাৰত মই লগে লগেই সিদ্ধান্ত লৈ পেলালোঁ। ৰৈ থকাৰ সময় নাছিল মোৰ, এবাৰলৈ অৰণ্যাৰ মাকক, মানে ছায়াক, মানে ছায়া গৌতমীক লগ পাব লাগে। সুধিব লাগে তাইক, অৰণ্যা নামৰ মন হৰি নিয়া কলিটিৰ দেউতাকৰ কথা। এক ছেকেণ্ড দেৰি হ’লেও যেন বহুত অথন্তৰ হৈ যাব। কেনেকৈ যে আছিলোঁ ইমান দিন? এবাৰো খবৰ ল’বলৈ নিবিচাৰিলোঁ মই অতদিন? নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। কিয় তাইক লৈ অৰবিন্দ আশ্ৰমলৈ যাব ছায়া? কি প্ৰয়োজনত? নে এনেই ফুৰিবলৈ মাথোঁ? নানান ধৰণৰ চিন্তাই মনটো জুমুৰি ধৰিছেহি। চকুযোৰ মুদি কথাবোৰ পাগুলিয়াবলৈ ধৰিলোঁ।

 ভূপেন হাজৰিকা সোঁৱৰণী অনুষ্ঠানত কণমাণিহঁতৰ এক প্ৰতিযোগিতাত অৰণ্যাক লগ পাইছিলোঁ। এজনী পাঁচবছৰীয়া শিশুৱে এটাৰ পাছত এটাকৈ গান গাই আমাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইকবালৰ সতে আহিছিল শিশুটি। গোটেইকেইটা কাৰ্যসূচীতে অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা ছোৱালীজনী কিন্তু বঁটা বিতৰণী সভাত অনুপস্থিত থাকিল। কৰ্মকৰ্তাসকলে তাইৰ গোটেইকেইটা পুৰস্কাৰ মোৰ কোঠাতে ৰাখি থৈ গ’ল। ঠিকনাটো জনা হলে পঠিয়াই দিব পৰা গ’লহেঁতেন। নহ’লে বিচাৰি আহিবও পাৰে।

 ইকবালক চিনি পাওঁ মই। চিনি পাওঁ মানে ভাল গান গায় বুলি জানো। লগতে সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ হিতাৰ্থে নিৰন্তৰ কাম কৰি যোৱা এটা চৰিত্ৰ। দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ হৃদপিণ্ড স্বৰূপ বগীবিল কেৰিয়াৰ চেণ্টাৰৰ গুৰি ধৰোঁতা। এটা চিনাকি নাম, চিনাকি চৰিত্ৰ। মোৰ ল’ৰাটোৱেও মাজে মাজে তালৈ এনেই গৈছিল। ইকবাল ছাৰ বুলি তেওঁৰ কথা কয়হি কেতিয়াবা, মানুহজন হেনো সীমাহীন জ্ঞান আৰু বিশালতাৰ প্ৰতীক। সিমানখিনিয়েই জানো তেওঁৰ বিষয়ে। ছায়াৰ লগত খুব ভাল সম্পৰ্ক আছিল ইকবালৰ। দুয়োজনকে প্ৰায়ে একেলগে দেখিছিলোঁ। অৱশ্যে সেয়া ব্যক্তিগত সম্পৰ্ক নে বৃত্তিগত সম্পৰ্ক জনাৰ উপায় নাছিল।

 সেই ইকবালৰ লগতে আছিল শিশুটি। অতিপাত মৰমলগা আৰু স্মাৰ্ট অকণমাণিজনীৰ কথা বাৰে বাৰে মনলৈ আহি থাকিল। কোনো কাৰণ নোহোৱাকৈ মনৰ মাজত বহি লৈ গোটেই ৰাতি তাই মোক ভাকুটকুটাই থাকিল। কিয় বাৰু? কিয় এজনী অকণমানি ছোৱালীয়ে মোৰ অন্তৰাত্মাক জোকাৰি গৈছে। হয়, খুব সপ্ৰতিভ তাই, খুব ধুনীয়াকৈ এটাৰ পাছত এটাকৈ গান গাই গৈছে। কেনোবা কৃষ্টিশীল ঘৰৰ ছোৱালীয়েই হ’ব। কিন্তু মোৰ ৰাতি টোপনি হৰিবলগীয়া কি কথা আছে? আচলতে দিনৰ দিনটো তাই আমাৰ মন মুহি থোৱা কাৰণেই চাগৈ ৰাতিও তাইৰ কথাকে মনলৈ আহিছে। কাইলৈ তাইৰ পুৰস্কাৰখিনি পঠিয়াই দিব লাগিব। ইকবালৰ ঘৰৰ ঠিকনা নাজানো, কেৰিয়াৰ চেণ্টাৰত গ’লে হয়তো তেখেতৰ ঠিকনা গম পোৱা যাব। মনটোক বুজাই লৈ বাগৰ সলাইছোঁ মাত্ৰ, আকৌ তাইৰ মুখখন মনলৈ ভাঁহি আহিছে। কিয় এনে হৈছে একো ধৰিব পৰা নাই। আচলতে তাইৰ মুখখন কাৰোবাৰ লগত মিল আছে। কিন্তু কাৰ লগত? মোৰ একেবাৰে ওচৰৰ কাৰোবাৰ লগত এফালৰ পৰা চিনাকি মানুহবোৰ মনত পেলাবলৈ ধৰিলোঁ। কি নাম বাৰু তাইৰ? এহ তাইৰ নামটোকে সোধা [ ৭৬ ] নহ’ল। নামটো জনা হ’লেও। মানপত্ৰখিনিলৈ চকু গ’ল। তাইৰ সমূহ পুৰস্কাৰ মোৰ ওচৰতে আছে। ৰাতি দুই বজাত বিছনাৰ পৰা উঠি বহিলোঁ। মানপত্ৰ এখন উলিয়াই ল’লোঁ। ‘অৰণ্যা’ বুলি লিখা আছে। আৰু একো লিখা নাই। আৰু একো জনাৰ উপায় নাই। গোটেই কেইখনতে ‘অৰণ্যা’ বুলিয়েই লিখা আছে। অবুজ হৈ উঠা মনটোক বুজাইছোঁ—‘কাইলৈ লগ কৰি ল’বি নৈঋত... এতিয়া অলপ শুই যা। ৰাতিপুৱাই ক্লাছ আছে। এনেই তোৰ হাৰ্টৰ সমস্যা, অলপ টোপনি নগ’লে গা বেয়া হ’ব। গা বেয়া হলে কোনে চাব তোক? কোনোৱেতো নাথাকে তোৰ লগত।’

 মনটোক বুজনি দি বিছনাত পৰিলোঁ। ইফালে বাগৰিলেও তাই, সিফালে বাগৰিলেও তাই, চুব খুজিলেই নাই। সীমাহীন শূন্যতাত তাই ওপঙি ৰৈছে। হাত দুখন মেলি দিছোঁ, কণমাণি হাত দুখন মেলি দৌৰি আহি কোলাত বহি ৰৈছে। ডিঙিত সাৱটি মাৰি ধৰি কৈছে ‘পাপা আই লাভ য়ু।’

 চক খাই সাৰ পাই গ’লোঁ। চিলমিলকৈ টোপনি আহিছিল। সপোনতো তাই সোমাই আছিল। দূৰৈৰ পৰা পুৱা চাৰি বজাৰ সংকেত বাজি উঠিল। নিয়ৰলৈ মনত পৰিল। আগতে কণমাণি হাত দুখনে মোৰ ডিঙিত সাৱট মাৰি শুই থাকে। এতিয়া সি বহুত ডাঙৰ হ’ল। হোষ্টেলত অকলে থাকিব পৰাকৈ ডাঙৰ হ’ল সি। নিয়ৰ আৰু মোৰ সম্পৰ্কটো পিতা-পুত্ৰতকৈ বন্ধুৰ বুলি ক’লেহে সঠিক কোৱা হ'ব। তাৰ যিকোনো সমস্যাৰ সমাধান মই, তাৰ প্ৰতিটো কথাৰ শ্ৰোতা মই। এটাই ল’ৰা মোৰ আৰু মই তাৰ একেধাৰে পিতৃ, মাতৃ, বন্ধু। তাৰ ভাষাত ফ্ৰেণ্ড, ফিলছফাৰ, গাইড।

 বাহিৰলৈ পঢ়িবলৈ যোৱাৰ দিনা সি সৰু ল’ৰা এটাৰ দৰে উচুপিছিল। ‘তোমাৰ গা বেয়া হ'লে কোনে চাব, ডাক্তৰ আংকলক কোনে ফোন কৰি মাতি আনিব’— বুলি তাৰ উচুপনি। সদায় ৰাতিপুৱা ছয় বজাত আৰু ৰাতি দহ বজাত তাক ফোন কৰাটো বাধ্যতামূলক। অলপ ইফাল-সিফাল হলেই সি মুখ ফুলাই দিয়ে। মোৰ সৰু পৃথিৱীখন সিয়েই জুৰি আছে। তাৰ কথা মনলৈ অহাৰ লগে লগে প্ৰশান্তিৰ হাঁহি এটা বিৰিঙি উঠিল। কিমান দিননো হৈছিল সি জন্ম হোৱা, সৌ সিদিনালৈকে মোৰ বুকুৰ ওপৰত ভৰি দি, কেতিয়াবা ডিঙিত সাৱটি সি শুই আছিল। তাৰ কণমানি দেহটোৱে মোৰ শৰীৰৰ স্পৰ্শ নাপালে বিছনাতে খেপিয়াই থাকে। ওচৰৰ থানাখনৰ পৰা পুৱা ছয় বজাৰ সংকেত ভাহি আহিল। নিয়ৰক ফোন কৰাৰ কথা আছিল। কিবা কিবি ভাবি থাকোঁতে পাহৰিয়ে গৈছিলোঁ। ফোনটো দাঙি ল’লো।

 নাম্বাৰটো ডায়েল কৰাৰ লগে লগে সিপাৰৰ পৰা উদ্বিগ্ন মাত,—‘পাপা, ইমান ফোন কৰি আছোঁ, ফোন উঠোৱা নাই তুমি।’

 “অহ বাবা... ফোনটো চাইলেন্ট কৰি থোৱা আছিল, পাহৰিয়েই গৈছিলোঁ—মই ক’লো।

 ‘পাপা মই যে চিন্তাত থাকোঁ তুমি বুজি নোপোৱা কিয়? এনেকুৱা কৰিলে পঢ়া-শুনা বাদ দি ঘৰলৈ যামগৈ মই।’—তাৰ অভিমান মিশ্ৰিত কথা।

 নিয়ৰৰ ল’ৰামতীয়া কথাবোৰে মোক হঁহুৱাই পেলায়। বাহিৰৰ জগতখনৰ আও-ভাও বুজি নোপোৱা ল’ৰাটোক এৰি থৈ আহোঁতে বুকুত এক গভীৰ বেদনা অনুভৱ কৰিছিলোঁ। সি বাৰু নিজৰ কামবোৰ নিজে কৰিব জানেনে? কিমান দিনলৈকে সি জোতাৰ ফিটাডালেই মাৰিব নাজানিছিল। কিমান দিনলৈকে সি মাছৰ কাঁইট বাছি খাব জনা নাছিল। আৰু এতিয়া হোষ্টেলত সি সকলো কাম অকলে অকলে কৰিব লাগে। বৰ আতোলতোলকৈ তুলিছোঁ তাক, মাকৰ অভাৱ অনুভৱ হ’ব নিদিয়াকৈ। মোৰ বাস্তৱৰ ৰুঢ়তাই তাক চুব নোৱাৰাকৈ ডাঙৰ কৰি আনিছোঁ মই। সেই কাৰণেই সি কষ্ট পোৱা বুলি শুনিলে বুকুখন বিষাই যায়। পিতৃ মই। পিতৃত্ব মোৰ গৌৰৱ। একমাত্ৰ সন্তানৰ মাজতে পৃথিৱীখন বিচাৰি পোৱা পিতৃ মই।

 কিন্তু.....

 কিন্তু কালি ছোৱালীজনী দেখাৰ পৰা ভিতৰখনত কোনোবাই যেন ডাঙৰ শিল এছটাহে বহুৱাই দিলে। নাই আৰু নোৱাৰি। তাইক লগ কৰিবলৈ যাম এবাৰ মই। নিজে যাম। ক’ৰবাত দেখিছোঁ তাইক। ক’ত দেখিছিলোঁ আৰু কিয় মোৰ মনত এনেকৈ সাঁচ বহুৱাকৈ দেখিছিলোঁ তাকে চাবলৈকে মই তাইৰ ওচৰলৈ যাম।

[ ৭৭ ]  ক্লাছ দুটা আছে। তাৰ পাছত দুটা অফ্‌ পিৰিয়ড। সেই তেতিয়াই তাইৰ ওচৰলৈ মানে, ইকবালৰ ওচৰলৈ যাম। সিদ্ধান্ত এটা ল’ব পাৰি মনটো ফৰকাল যেন লাগিল।

 ইকবালৰ ঠিকনা সুধি সুধি যেতিয়া ইকবালৰ ঘৰ ওলাইছিলোঁগৈ, ইকবাল তেতিয়া ঘৰত নাছিল। মোৰ তালৈ যোৱাৰ সময়টো সঠিক হোৱা নাছিল। মনৰ উত্তেজনা দমাব নোৱাৰি মই গুচি আহিলোঁ। সি অফিচলৈ ওলাই গ’ল বুলি মানুহ এগৰাকীয়ে জনালে। কি কৰিম কি নকৰিম বুলি ইফালে-সিফালে চালোঁ। গাড়ীৰ ভিতৰত অৰণ্যা নামৰ শিশুটিৰ পুৰস্কাৰসমূহ। তাইৰ কথাকে মানুহগৰাকীক সোধোঁ বুলি ভাবোঁতেই মৌসনা কণ্ঠেৰে কণমাণি দৌৰি আহিল, মাত লগালে,—“হাই আংকল”।

 আসঃ বুকু ভৰি গ’ল মোৰ। এইষাৰ মাত যেন অতি চিনাকি মাত, গোটেই ৰাতি মোৰ টোপনি হৰি নিয়া মৌ-মিঠা মাত।

 মুখলৈ এমোকোৰা হাঁহি আনি তাইক সুধিলো—‘হেল্ল’ হাউ আৰ য়ু?’

 ‘আই এম ফাইন, থেংকিউ। মই তোমাক চিনি পাইছোঁ।’— কণমানিৰ মাত।

 ‘হয় নেকি? কেনেকৈ চিনি পাইছা?’— মই কৌতূহল দমাব নোৱাৰিলোঁ।

 ‘কালি মই গান গাই থাকোঁতে তুমি ইমান হাততালি বজাইছিলা’—কণমাণিৰ উত্তৰ।

 ‘তুমি প্ৰাইজ পাইছিলা, নানিলা কিয়?’— মই সুধিলোঁ।

 ‘ইকবাল আংকলৰ দেৰি হৈ গ'ল যে গুচি আহিলোঁ’— কণমাণিয়ে ক'লে।

 ‘তোমাৰ প্ৰাইজবোৰ মই লৈ আহিছোঁ নহয়’—মই ক’লো।

 ‘মই তোমাৰ পৰা ল’ব নোৱাৰিম নহয়’— তাই ক’লে।

 ‘কিয় নোৱাৰিবা?'— মই সুধিলোঁ।

 ‘মায়ে কৈছে

 ষ্ট্ৰেঞ্জাৰৰ পৰা একো নল’বলৈ’—তাই ক’লে।

 ‘মইতো তোমাৰ ষ্ট্ৰেঞ্জাৰ নহয়,— মই ক’লোঁ।

 ‘তোমাৰ নামটোকে দেখোন মই নাজানো’—তাই ক’লে।

 ‘অহ স্মাৰ্ট গাৰ্ল, মাই নেম ইজ মিষ্টাৰ নৈঋত বৰুৱা’—মই ক’লোঁ।

 ‘ঠিক আছে, মই তোমাক আজিৰ পৰা নৈঋত আংকল বুলি মাতিম। মাই মাম্মা ইজ কলিং মি নাও। ৱেইট হা আংকল?’

 কণমাণিয়ে কাণত ফোন লগাই অনৰ্গল কথা পাতি গ’ল—‘হেল্লো মাম্মা, ফাইন মাম্মা, খাম মাম্মা, ইকবাল আংকল অফিচলৈ গ’ল মাম্মা। মাম্মা শুনানা মই যে এতিয়া নৈঋত আংকলৰ লগত কথা পাতি আছোঁ। ষ্টেঞ্জাৰ নহয় মাম্মা। ভাল হয় মাম্মা। আণ্টি আছে মাম্মা। ড’ণ্ট ৱৰী মাম্মা। আই এম য়ৰ স্মাৰ্ট গাৰ্ল। তুমি কথা পাতি লোৱা মাম্মা। কণমাণিয়ে মোৰ হাতত ফোনটো তুলি দিলে৷

 সিফালৰ পৰা ফোনটো কাটি দিলে। তাইৰ মাকে ফোন কৰিছিল। আজিকালিৰ ল’ৰা-ছোৱালী ভীষণ স্মাৰ্ট। তাই মাকক চিন্তা কৰিব নালাগে বুলিও ক’ব পৰা হ'ল। তাই আণ্টি বুলি মতা কেয়াৰটেকাৰ গৰাকীয়ে চাহ একাপ দি থৈ গ’ল। কণমানিয়ে মোৰ কোলাত বহি ললে। অকণমানি হাত দুখনেৰে মোৰ ডিঙিত সাৱট মাৰি ধৰি ক’লে—‘তোমাক মোৰ বৰ ভাল লাগিছে আংকল। মাম্মাজনীয়ে এনেই চিন্তা কৰি থাকে।’

 ’হয়তো, তোমাৰ মাম্মাই এনেই চিন্তা কৰিছে। তোমাৰ পাপাৰ নাম কি বেটা?’— মই সুধিলোঁ তাইক।

 ‘পাপা নাই নহয় মোৰ।’— তাই কৈ উঠিল।

 “অহ চ’ চৰী, তোমাৰ কোন আছে বেটা?’— মোৰ দুখ লাগি গ’ল।

 “মামা, মই, ইকবাল আংকল, সন্ধ্যা মাহী, এয়া আণ্টি আৰু আইতা৷’— তাই কৈ গ’ল।

 “সব আছে দেখোন তোমাৰ। তোমাৰ মাম্মাৰ নামটো কি বেটা?’— কৌতুহল ৰখাব নোৱাৰি মই সুধি পেলালোঁ। [ ৭৮ ] কণমাণিয়ে উৎফুল্লিত হৈ কৈ উঠিল—“ছায়া। ছায়া গৌতমী”।

□□

(৪১)

নৈঋতৰ কথাৰে....

 কপালত বিন্দু বিন্দু ঘামৰ টোপাল বিৰিঙি উঠিল। তাৰ মানে? তাৰ মানে... ‘অৰণ্যা’ ছায়াৰ ছোৱালী। চেহেৰাৰ মিল আছে তাইৰ লগত। সেই কাৰণেই তাইক মোৰ ইমান আপোন আপোন যেন লাগিছিল। ছায়াক পাহৰি যাবলৈকে ছায়াৰ নামটোৰ পৰা বৰ দূৰত আছিলোঁ। মোৰ একালৰ প্ৰেয়সী, মোৰ প্ৰথম আৰু শেষ প্ৰেমৰ নায়িকা আৰু শেষত এৰাব নোৱাৰা এটা জটিল সম্পৰ্কৰ মাজত সোমাই পৰা ছায়া মই ভাবিব নোৱাৰা ধৰণেৰে ওখ হৈ গৈছিল আৰু মই চুব নোৱাৰাকৈ ঢুকি নোপোৱা বিন্দুত অৱস্থান কৰিছিল। ঠিকেই, মনত পৰিছে...ছায়াৰ ইকবালৰ স’তে খুব ভাল সম্পৰ্ক আছিল। এতিয়াও হয়তো সেই সম্পৰ্ক বৰ্তি আছে। সেই কাৰণেই ইকবালে ছায়াৰ কণমাণিজনীক লগত লৈ আনিছে। ক’ত থাকে বাৰু আজিকালি তাই? সোধোঁ নেকি অৰণ্যাক? নাই, তাই নাজানিব চাগে।

 অৰণ্যাৰ ওচৰৰ পৰা গুচি আহিলোঁ। ইকবালক লগ কৰা নহ’ল৷ অৰণ্যাৰ কথাখিনিলৈ আকৌ ওভতি গ’লে ‘পাপা নাই নহয় মোৰ।’ কি হ’ল তাইৰ দেউতাকৰ? ছায়াৰ কেতিয়া কাৰ লগত বিয়া হ’ল, সেই খবৰো মই ৰখা নাছিলোঁ। আচলতে সেই বৃত্তটোৰ মাজৰ পৰা মই কোনোমতে ওলাই অহাৰ পাছত সেই কিতাপখন মই চিৰদিনৰ বাবে বন্ধ কৰি দিছিলোঁ। ছায়াৰ একেবাৰে ভুল নাছিল। ভুল আছিল মোৰ। বলে নোৱাৰা এটা সম্পৰ্ক মই নিজেই আৰম্ভ কৰি মই নিজেই তাৰ পৰা ওলাই আহিলোঁ। বহুত দিন ধৰি মই গভীৰ পাপবোধত ভূগিছিলোঁ। লাহে লাহে নিয়ৰৰ লগত, তাৰ পঢ়া-শুনাৰ লগত নিজকে ব্যস্ত ৰাখিবলৈ লৈছিলোঁ।

 মনটো জোকাৰি দিলোঁ। কি প্ৰয়োজন আছে, দহ বছৰ আগৰ সম্পৰ্ক এটাৰ আঁত ধৰি আন নাৰীৰ যি এতিয়া কাৰোবাৰ পত্নী বা মাতৃ, তেওঁৰ বিষয়ে ইমান আগ্ৰহী হোৱাটো। let bygones be bygones. অলপ শুবলৈ চেষ্টা কৰিলোঁ। কালিও টোপনি যোৱা নহ’ল। আজিও নুশুলে শাৰীৰিক জটিলতা আহিব আৰু তেতিয়া নিয়ৰ দিল্লীৰ পৰা ঢপলিয়াই আহিব। জোৰ কৰি চকু দুটা মুদি টোপনি যাবলৈ চেষ্টা কৰিলোঁ। শেষবাৰৰ বাবে কেতিয়া দেখিছিলোঁ ছায়াক? মনত পৰিল, তাইৰ গানৰ এলবাম এটাৰ উন্মোচনৰ দিনা তাইক উৎসাহ দিবলৈকে মই তাইৰ কাষত থিয় হ’বলৈ বিচাৰিছিলোঁ। মুগাৰ সাজেৰে তাইক অতীব সুন্দৰী লাগিছিল। মঞ্চত তাই এটা গান পৰিবেশন কৰি আছিল। প্ৰতিটো গভীৰ শব্দৰ গভীৰ মাতৰ স’তে এই ছায়াজনীৰ মাজত মই কেতিয়াও দেখা নোপোৱা ৰূপ এটা দেখিছিলোঁ। মই গম পাইছিলোঁ, ছায়াক মই হেৰুৱাই পেলাইছোঁ। আন্ধাৰৰ মাজেৰে সৰকি ওলাই আহি ঘৰত সোমোৱাৰ পিছদিনাই ইউনিভাৰ্ছিটি হোষ্টেলকেইটাত তাইৰ মাতকে ভাঁহি আহিছিল। ছায়াৰ মাতে যেন মোক ইতিকিং কৰিহে গুচি যায়। লিলিপুটৰ দৰে বাওনা হৈ পৰিছিলোঁ লাহে লাহে...। টোপনি নাহে মোৰ। অৰণ্যা নামৰ কণমানিজনীয়ে মোক ছায়াৰ স্মৃতিৰ জগতখনত এৰি থৈ আহিল অকলশৰে। পেণ্ডুলাম হৈ পৰিলোঁ লাহেকৈ, ইফালে দুলিলে ছায়া আৰু এইফালে দুলিলে মই। ভাৰসাম্যহীন হৈ পৰিছোঁ লাহে লাহে। ‘পাপা নাই মোৰ’- সেয়া কণমাণিৰ মাত।

 ‘তোমাৰ জীৱনৰ উত্থান-পতনৰ আভাস মোক কিয় নিদিলা ছায়া? তোমাক সুন্দৰ ভৱিষ্যতৰ ফালে আগবঢ়াই দিবলৈকেতো মই ফালৰি কাটি আহিছিলোঁ। মাজতে যে ক’ত কি হৈ গ’ল? মোক যদি এবাৰো আভাস দিলাহেঁতেন। তোমাৰ বিষয়ে আজি বৰকৈ জানিবলৈ মন গৈছে ছায়া’— কৈ উঠিলোঁ নিজে নিজে। লেপটপটো উলিয়াই ফেচবুক লগ অন কৰি ল’লোঁ। ছায়া গৌতমী বুলি বিচাৰিলোঁ। পালোঁ। ফটো বিচাৰিলোঁ। অৰণ্যাৰ ফটোৰে ছায়াৰ এলবাম ভৰি আছে। দেউতাক হিচাপে কাকো ধৰিব পৰা নাই দেখোন। কিন্তু গোটেইকেইখন [ ৭৯ ] ফটোতে জিলিকি আছে ছায়াৰ শিৰৰ দগমগীয়া সেন্দুৰকণ। হুমুনিয়াহ এটা ওলাই আহিল। মোৰ প্ৰতিটো উশাহৰ স’তে পৰিচিত ছায়াজনী আজি বহুত দূৰৰ কোনোবা অচিনাকি বিদেশিনীৰ দৰে।

□□

(৪২)

নৈঋতৰ কথাৰে....

 পিছদিনা নিয়ৰৰ ফোনকলত সাৰ পালোঁ৷ গোটেই ৰাতিটোৱেই দুখন মুখে আমনি কৰি থাকিল। এই বয়সত মনটোক ইমান প্ৰাধান্য দিলে কেনেকৈ হ’ব? কোনোদিনেই আৱেগিক নাছিলোঁ। সৰুৰে পৰাই বিবেকক প্ৰাধান্য দি আহিছোঁ। সেই দহ বছৰ বয়সতে একেদিনাই দুখন চিতাত মা-দেউতাৰ মুখাগ্নি কৰিব লগা হোৱা দিনৰ পৰাই মোৰ জীৱন সংগ্ৰাম আৰম্ভ। তথাপি ভাগি পৰা নাই কোনোদিন। অজস্ৰ ধুমুহাৰ মাজতো বিচলিত হোৱা নাছিলোঁ কেতিয়াও। কামৰ নিচাৰ মাজত নিজকে বুৰাই নিজৰ মানসিক প্ৰয়োজনবোৰ পূৰোৱাৰ চেষ্টা কৰিছিলোঁ। হৃদয়খনৰ মতে চলিবলৈ সৌভাগ্য আৰু সময় দুয়োটাৰে বৰ অভাৱ আছিল।

 তথাপি ছায়াৰ মুখখনে আমনি কৰিছিল মাজে মাজে। এতিয়া অৰণ্যাৰ মুখখনে আমনি কৰি আছে অহৰহ। মাকৰ দৰে তাইৰ সামান্য তোল গুলপীয়া গাল দুখন, কপাললৈ বৈ অহা অবাধ্য চুলিকেইডাল আৰু ছায়াৰ কাজলৰঙী চকুৰ দৰে অৰণ্যাৰো আয়তাকাৰ চকুহাল মোৰ মনলৈ অগা-দেৱা কৰি আছে। ছায়াক চোৱাৰ হেঁপাহ জাগিল প্ৰৱলভাৱে।

 ছায়া মোতকৈ পোন্ধৰ বছৰমানৰ সৰু। ইউনিভাৰ্ছিটিৰ দেওনা পাৰ হৈয়ে চাকৰিত জইন কৰা ছায়া তেতিয়াও ৰং-বিৰঙী পখিলী। তাতোকৈ কমবয়সীয়া আছিল তাইৰ উচ্ছল মনটো। সৰু ছোৱালী এজনীৰ দৰেই তাই কেতিয়াবা মোৰ ডিঙিত সাৱট মাৰি ধৰে, গালখনত হাত ফুৰাই দিয়ে। তাইৰ মৰমৰ আতিশয্যত মই নিঃসহায় হৈ পৰি ৰওঁ ওৰেটো নিশা। প্ৰতিশ্ৰুতিবিহীন সম্পৰ্ক এটা কিমান দিনলৈ টানিম? কিমান দিনলৈ..? পাপবোধত ভুগিছিলোঁ লাহে লাহে।

 সেয়া আছিল দহ বছৰৰ আগৰ কথা। দহ বছৰৰ পাছত সলনি হৈছে সকলো। তাই এতিয়া ছাত্ৰ সমাজৰ প্ৰেৰণা হৈ পৰিছে। তাইৰ এটি এটি গান আৰু তাই লিখা এখন এখন কিতাপৰ মাজত বুৰ যাবলৈ শিকিছিল মোৰ ল’ৰা নিয়ৰে। বৰ উশাহ গধুৰ সময় আছিল সেয়া, যেতিয়া নিয়ৰে আহি মোক ফৰমাইচ দিয়ে—

 ‘পাপা, ছায়া গৌতমীৰ কিতাপ এখন ওলাইছে, লৈ আনিবাচোন।

 ইংৰাজী মাধ্যমত পঢ়া নিয়ৰে টান টান অসমীয়া শব্দবোৰ অভিধান উলিয়াই পঢ়ে। কেতিয়াবা মোক সোধে। ছায়াৰ লেখনিৰ পৰা সততে আঁতৰি থাকিব বিচৰা মই সেই শব্দকেইটাত উজুটি খাই পৰোঁ। শব্দৰ ইমান বাহাদুৰিঙ্গ

 তথাপি ছায়াৰ ব্যক্তিগত জীৱনৰ বিষয়ে জনাৰ উপায় নাছিল। এক দূৰত্ব বজাই ৰাখিছিলোঁ তাইৰ স’তে। মনত নেপেলাওঁ বুলিলেও ৰিমৰিমকৈ বুকুৰ একোণত বাজি থাকে কাজিৰঙা অৰণ্যৰ মধুৰ সুৰ এটা। অকস্মাতে খুব নিবিড়ভাৱে লগ পোৱা ছায়াই সেইদিনা দিক্‌বিদিক হেৰুৱাই পেলাইছিল। হয়তো ময়ো।

 পাপ-পূণ্যৰ বিচাৰ কৰালৈ ৰৈ থকা নাছিল সময়। সময়ৰ বিপৰীত দিশত মই আকৌ এবাৰৰ বাবে পলাই গৈছিলোঁ। মনটোক বুজাই-বঢ়াই ছায়াৰ ওচৰলৈ যোৱাৰ প্ৰস্তুতি চলাওঁ মানে তাইৰ গাৰ লগত ছাঁৰ দৰে লাগি থকা ইকবালৰ আত্মবিশ্বাসে মোক আঁতৰাই আনে।

 হয়, সেইটো সময়ত মই মনে মনে অলপ সন্দেহৰ চকুৰে চাইছিলোঁ তাক। তাৰ মাজতো জুমি জুমি চাবলৈ এৰা নাছিলো ছায়াক। বৰ সুখী যেন গিছিল তাইক। মোৰ জীৱনৰ কষ্টখিনিৰ স’তে সাঙুৰিব নোৱাৰাকৈ সুখী আছিল তাই। আত্মবিশ্বাসেৰে জলমলাই থকা মুখখনৰ ওচৰত নিজকে বৰ নিষ্প্ৰভ যেন লাগিছিল।

[ ৮০ ]

 ছায়া আগৰ সেই সৰু ছোৱালীজনী হৈ থকা নাছিল। গহীন-গম্ভীৰ ছায়াৰ এই পৰিৱৰ্তনে মোক মূক কৰি তুলিছিল। ফোন এটা কৰিবলৈয়ো যেন মই যোগ্য নাছিলোঁ। তাইৰ মুখৰ শব্দবোৰ বৰ গধুৰ আছিল, তাতকৈ গধুৰ আছিল তাইৰ ব্যক্তিত্ব।

 নিয়ৰৰ ফোন থৈ মই কিমান দেৰী এনেদৰে ৰৈছিলোঁ ক’ব নোৱাৰে। তাৰ পাছত মই যন্ত্ৰৱৎ কামবোৰ কৰিলোঁ। ক্লাছলৈ গ’লোঁ, শ্বেকছপিয়েৰৰ ‘হেমলেট’ নাটকখনৰ ক্ল’ডিয়াচ নামৰ চৰিত্ৰটোৰ ওপৰত এটা পাঠ আগবঢ়ালোঁ। আৰু তাৰ পাছত মই অৰণ্যাৰ ওচৰলৈ গাড়ী দৌৰালোঁ।  মোক হতাশ কৰি তাত এটা তলা ওলমি আছিল... এটা ডাঙৰ তলা।


(৪৩)

নৈঋতৰ কথাৰে...

 হেঁপাহ নপলায় মোৰ। বাৰে বাৰে ফেচবুক লগ অন কৰোঁ। ছায়া গৌতমীৰ প্ৰফাইল উলিয়াই লওঁ। কণমাণিজনী চাই যাওঁ এফালৰ পৰ। মোৰ অকলশৰীয়া মুহূৰ্তবোৰ ভৰাই ৰাখে তাইৰ ফটোবোৰে। ছায়া তনয়া বুলিয়েই তাইলৈ মোৰ ইমান হেঁপাহ। ছায়া মোৰ বুকুত ইমান নিগাজিকৈ বহি আছিল নে? যিমানে তাইক আঁতৰাই পঠিয়াব বিচাৰিলোঁ, সিমানেই তাই যেন মোৰ অন্তৰৰ ভিতৰৰ দুৱাৰখনহে খুলি লৈছিল। এনেকৈ সোমাওঁতে সোমাওঁতে তাই মোৰ একেবাৰে বুকুৰ নিভৃততম কোণটোত বহি ৰৈছিল।

 অৰণ্যাৰ ফটোবোৰে মন-প্ৰাণ হৰি নিয়াৰ সময়তে ছায়াৰ ফটোবোৰ চালোঁ। একেই হৈ আছে তাই আজি দহ বছৰৰ পাছতো। আত্মসম্মান, যশ-খ্যাতিয়ে মানুহক আত্মিক সৌন্দৰ্য প্ৰদান কৰে। ভিতৰুৱা সৌন্দৰ্যই বাহ্যিকতাতো ৰহণ চৰায়। সেই কাৰণে আজি দহ বছৰৰ পাছতো ছায়াই গাম্ভীৰ্যৰ সাজেৰে নিজকে সজাই ৰাখিছে। অথচ সেই সময়ছোৱাত তাই কি চঞ্চলা-চপলাঙ্গ বিলাসবহুল জীৱনৰ মাজত দিন কটোৱা ছায়াৰ প্ৰেমত ভালকৈয়ে হাবু-ডুবু খাইছিলোঁ; কিন্তু পৰিস্থিতিয়ে মোক নিজকে চম্ভালি ল’বলৈ শিকাইছিল। ঘূৰি আহিছিলোঁ ফুলেৰে সজোৱা তাইৰ ৰাস্তাটোৰ পৰা।

 পাত পাতকৈ বিচাৰিও এখন ফটোতো দেউতাকৰ অস্তিত্ব বিচাৰিবলৈ সক্ষম হোৱা নাই। ইকবালৰ লগতেই তাই বেছিভাগ ফটোত। ছায়াৰ বিষয়ে জনাৰ বাবে উত্ৰাৱল হৈ পৰিছে। এবাৰ ইকবালক লগ পাব লাগে মই।

 আকৌ বগীবিললৈ গাড়ী দৌৰালোঁ। সৌখিনিত, সৌ শিল টুকুৰাতে দহ বছৰৰ আগতে ছায়া আৰু মই গাতে গা লগাই বহিছিলোঁ। মোৰ শেষ যৌৱনৰ শেষ প্ৰেম। শেষ বুলিয়ে নহয়, তেনেকুৱা গভীৰ প্ৰেম মোৰ কাৰো লগতেই হোৱা নাছিল। ঠিকেই কয় কবিয়ে— ‘প্ৰেমৰ কোনো নিৰ্দিষ্ট সময় নাথাকে।’ মোৰ চল্লিশ বছৰ বয়সত ছায়া নামৰ পঁচিশ বছৰীয়া সত্তাটোৱে মোৰ ভিতৰখনত প্ৰৱল আলোড়ন সৃষ্টি কৰিছিল। বংশ পৰিয়াল আৰু সমাজৰ কথা চিন্তা নকৰি মই মাথোঁ সেই আলোড়নবোৰ গোটাই গৈছিলোঁ। যেতিয়া সম্বিৎ ঘূৰাই পাইছিলোঁ, তেতিয়া ছায়াক সময়ৰ হাতত এৰি থৈ আহিছিলোঁ। মোক ক্ষমা কৰি দিয়া ছায়া, তুমি আজিও মোৰ বাবে সেই সত্বা, যাৰ নাম শুনিলেই বুকুৰ মাজত অনুভৱ কৰোঁ গভীৰ আপোনত্ব। সৰলৰেখাৰ দৰে চলি থকা তোমাৰ জীৱনটোকে আউল লগাই মই যে আঁতৰি আহিছিলোঁ।

 ইকবালৰ ঘৰত আজিও তলা। পুনৰবাৰ হতাশ হ’লোঁ। কেৰিয়াৰ চেণ্টাৰত লগ পাই যাব পাৰোঁ বুলি মই তালৈকে যোৱাৰ সিদ্ধান্ত ল’লোঁ। অৰণ্যাৰ কেয়াৰ টেকাৰগৰাকীক লগ পাই গ’লোঁ। তাইক ইকবাল আৰু অৰণ্যাৰ বিষয়ে সুধিলোঁ। তাই মোক চিনি পাই ক’লে— [ ৮১ ]

 ‘সেইদিনা আপুনি গুচি যোৱাৰ পাছতে ছাৰ আহি মোক কোন আহিছিল, কিয় আহিছিল, সুধিলে। ছাৰ বহুত চিন্তাত আছিল। ম্যাডামে বাৰে বাৰে ফোন কৰি আছিল। ছাৰে মোক অৰণ্যাৰ কাপোৰ-কানিবোৰ ঠিক কৰি দিবলৈ ক’লে। পিছদিনা ৰাতিপুৱাই ছাৰে অৰণ্যাক লৈ গুচি গ’ল।’

 কেয়াৰটেকাৰগৰাকীৰ কথা শুনি অলপ চিন্তা কৰিলোঁ। কি সমস্যা হৈছে বাৰু ছায়াৰ? ক’লৈ লৈ গ’ল অৰণ্যাক? তাই জানিব বুলি আকৌ সুধিলোঁ—

 ‘ইকবালহঁত এতিয়া ক’ত আছে জানা নেকি তুমি?’

 ‘ছাৰে অৰবিন্দ আশ্ৰমৰ কথা কোৱা শুনিছিলোঁ।— তাই অলপ চিন্তা কৰি ক’লে। কাৰোবাক চেন্নাইলৈ যাম বুলি কোৱাও শুনিছিলোঁ।’

 চেন্নাই?...চেন্নাই কিহৰ বাবে? ছায়া আজিকালি চেন্নাইত থাকে নেকি? নাজানো, একো নাজানো মই। মাথোঁ অৰণ্যাক মই লগ পাব লাগে। ছায়াৰ স’তে এবাৰ মুখামুখি হ’ব লাগে। নতুবা ইকবালৰ লগত অলপ কথা পাতিবলৈ পাব লাগে।

 ভাবিবলৈ সময় নাছিল মোৰ। আকৌ সুধিলোঁ কেয়াৰ টেকাৰগৰাকীক ‘কিয় অৰবিন্দ আশ্ৰমলৈ যাব অৰণ্যা?’

 কেয়াৰ টেকাৰগৰাকীয়ে উত্তৰ দিলে—‘নাজানো, কিন্তু ম্যাডাম তালৈ গৈয়ে থাকে।’

 নাজানো, অৰবিন্দ আশ্ৰমৰ বিষয়ে একোকে নাজানো, ছায়া গৈ থাকে, অৰণ্যাক লৈ গৈছে, সেই কথাটো মগজু কঁপাই ঘূৰি থাকিল। ৰ’বলৈ সময় নাছিল। ঘৰলৈ আহি গুগল চাৰ্চ ইঞ্জিন চাৰ্চ কৰি পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰমলৈ যোৱা ৰাস্তাটো বিচাৰি ললোঁ। ইয়াৰ পৰা চেন্নাইলৈ এৰোপ্লেনেৰে, চেন্নাইৰ পৰা তালৈ, মানে পণ্ডিচেৰীলৈ তিনিঘণ্টাৰ ৰাস্তা। কাইলৈকে যদি ফ্লাইটত উঠি দিওঁ, পৰহিলৈ ছায়াক লগ পাই যাম। যোৱা পাঁচদিন ধৰি ছায়া আৰু অৰণ্যাৰ মাজত নিজকে ব্যস্ত ৰাখিছোঁ। নাজানো কিয়? অৰণ্যাৰ মাজত দেখা পোৱা ছায়াৰ মুখখনৰ কাৰণেই নেকি? নাজানো... নাজানো। কিছুমান কাম কোনো কাৰণ নোহোৱাকৈয়ে কৰা যায়। মোৰ এই যাত্ৰাও তেনে এক কাৰণবিহীন যাত্ৰা। কাৰণবিহীন যাত্ৰাটোতো এটা কথাই পাকঘূৰণি খাই আছিল, অৰণ্যাৰ দেউতাক নাই, অথচ ছায়াৰ শিৰত দগমগীয়া সেন্দুৰ। দুয়োটা কথাৰ মাজত যোগসূত্ৰ বিচাৰিয়ে মই ছায়াক লগ কৰিব ওলাইছোঁ। অলপ পাছতে হয়তো চেন্নাইত ভৰি থ’ম।

 এতিয়া সন্ধ্যা সাত বাজিল। চকুৰে আকৌ মুদি দিলোঁ। কাজিৰঙাৰ পৰা আহোঁতে ছায়া আৰু ইকবালক বুঢ়াপাহাৰৰ ওচৰত দেখিছিলোঁ। ছায়া ইমান সুখী আছিল সেইদিনা। ৰঙা শাৰীখনেৰে তাই গোটেইজনী ৰঙা হৈ আছিল। আগৰাতিৰ মুহূৰ্তকেইটা তাই কিদৰে লৈছিল জনাৰ ইচ্ছা থাকিলেও সোধাৰ সাহস নাছিল। ধূলি উৰুৱাই পাৰ হৈ যোৱা তাইৰ বগা ৰঙৰ আইটেন গাড়ীখন লাহে লাহে নেদেখা হৈছিলোঁ। কাৰোবাক সুধিম বুলি ভাবিলেও কিবা এক সংকোচবোধে সেই কৌতূহল দমন কৰিছিল। ইকবালৰ সতে তাইক কৰা সন্দেহ নস্যাৎ কৰি ইকবাল অবিবাহিত হৈ ৰৈছিল। ইকবালৰ বহু খবৰেই পাই থাকোঁ নিয়ৰৰ পৰা। জীৱনটোক যোগ-বিয়োগ অংকৰে সমাধান কৰি সফল পিতৃ বা সফল ব্যক্তি হোৱা মই আজি এই অংকৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছোঁ। আৰু কেইঘণ্টামান পাছতে হয়তো ছায়াক লগ পাম। ইমান দিনৰ মূৰত লগ পোৱাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ উত্তেজনাখিনিতকৈ ছায়াৰ ব্যক্তিগত জীৱনক লৈ মই বেছি অধীৰ হৈ পৰিছোঁ। নাজানো ছায়াৰ মানসিক অৱস্থা কি? নাজানো এতিয়া ছায়া কেনে হৈ আছে। নিয়ৰহঁতে দেখা পোৱা অনন্য ব্যক্তিত্বৰ অধিকাৰী নে বিধ্বস্ত মন এটা কঢ়িয়াই ফুৰা বাহ্যিক সৌন্দৰ্যৰ মাথোঁ এটা পোছাকি নাম?

 চেন্নাইৰ এয়াৰপৰ্টৰ পৰা নামি এখন টেক্সি ল’লোঁ। আঠ বাজি পাৰ হৈ গ’ল। ৰাতিটো ইয়াতে ৰৈ দিয়া উচিত হব। টেক্সীৱালাজনে মোক মাৰ্চন ল’জলৈ লৈ গ’ল। পাছদিনা পুৱা চাৰি বজাতে টেক্সীৱালাক আহিবলৈ কৈ ৰূম এটা বন্দোৱস্ত কৰিলোঁ। মনত অপাৰ উৎকণ্ঠা। বয়সৰ দোহাই দি আজিৰ পৰা দহ বছৰ আগতে এটা সম্পৰ্ক ছেদ কৰি আহিছিলোঁ। তেন্তে আজি দহ বছৰৰ পাছত বয়সৰ কথাটো কিয় এবাৰো মনলৈ অহা নাই। নিয়ৰলৈ মনত পৰিল। সি কি বুলি ভাবিব বাৰু? নিয়ৰলৈ ফোন কৰিলোঁ। চেন্নাইত আছোঁ বুলি কোৱাৰ লগে লগে [ ৮২ ] সি জাঁপ মাৰি উঠিল—

 ‘পাপা, মোক নক’লা কিয়, মইও তোমাৰ ওচৰলৈ গ’লোহেঁতেন।’

 আপত্তি দৰ্শাই পুনৰ ক’লে— ‘তেতিয়া হ’লে তুমি দিল্লীলৈ গুচি আহিবা। লগ পাম। সৰু ল’ৰাৰ আবদাৰবোৰ তাৰ এতিয়াও শেষ হোৱা নাই।’

 নিয়ৰৰ ফোন থৈ আকৌ ফেচবুক লগ অন কৰি ল’লো। অৰণ্যাৰ ফটো চালোঁ। এই দুদিনত অৰণ্যাৰ ফটো কিমানবাৰ চাইছোঁ তাৰ হিচাপ নাই। ছায়াৰ কাজলসনা চকুযোৰে মোলৈকে যেন চাই আছে। বুকুৰ মাজেৰে এক শিহৰণ বৈ গ’ল। এই শিহৰণৰ বিপৰীত দিশত মই এদিন পলাইছিলোঁ খুব জোৰেৰে। প্ৰেমৰ জোৰতকৈ বেছি জোৰেৰে নে? নাজানো। প্ৰেমৰ তাড়নাতে আজি ছায়াৰ অনিশ্চিত দৰ্শনক উদ্যেশি মই আজি ইয়াত। ঘৰৰ বায়ুৰুদ্ধ কোঠালিকেইটাত নিজকে উন্মাদ যেন অনুভৱ হ’বলৈ লৈছিল। মুকলিলৈ ওলাই আহিবলৈ কিবা এটাই প্ৰবলভাৱে টানি আছিল। তাৰ মাজতে অৰণ্যা আহিল। যেন কিবা এক লক্ষ্যহে লৈ আহিল তাই। চুপহিটোৰ মাজত ফুলৰ পাহিবোৰ ইমানদিন কেনেকৈ যে বান্ধি থৈছিলো। ইমান কষ্টত সোমাই আছিলোঁ সেই কলিটোতে। আজি মেল খাবলৈ ধৰা ফুলপাহিৰ দৰে মুক্ত যেন লাগিছে। ৰাতিটো বৰ দীঘল যেন লাগিল। কেতিয়া যে পুৱাব অপেক্ষাৰ ৰাতি।

 ছায়া, মই আহি আছোঁ। তোমাক লগ পাবলৈকে মই আহি আছোঁ ছায়া। হা? বলিয়ালি? বলিয়ালিকে কৰোঁচোন আহা। বয়স? বয়সৰ কথা পাহৰি যোৱা ছায়া। বয়স কাৰো বাবেই ৰৈ নাথাকে ছায়া। যিদৰে ৰৈ নাথাকে সময়। ৰৈ যায় মাথোঁ অনুভূতি। চেহেৰা? আত্মাৰে জোখা ছায়া। তোমাৰ মুখখনলৈ চোৱা, আত্মিক আভাৰে উজলি উঠিছে। এইফালে কি চাই আছাঁ তুমি ছায়া? নিজলৈ চোৱা, তাতে আছোঁ মই।

 ধহমহাই উঠি বহিলোঁ। সপোন সপোন যেন অনুভূতি এটাৰে ৰাতিটো পাৰ হ’ল। খিৰিকীৰ পৰ্দাখন চপাই দিলোঁ। আশাৰ কিৰণ এছাটি কঢ়িয়াই অনা ফেঁহুজালি ৰ’দকণ তেতিয়া মোৰ মুখৰ ওপৰত।

□□

(88)

নৈঋতৰ কথাৰে....

 টেক্সীখনত বহি চেন্নাইৰ পৰা পণ্ডিচেৰীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বহুদিনৰ মূৰত মেঘালীলৈ মনত পৰিল হঠাতে। ছায়াৰ অতি ঘনিষ্ঠ বান্ধৱী মেঘালী। সময়ৰ সোঁতত সিহঁতৰ মাজৰ সম্পৰ্কটো বাৰু একে থাকিল নে? এইবাৰ মেঘালীৰ প্ৰফাইল চালোঁ। তাই কেলিফৰ্ণিয়াত থাকে। ছায়াৰো তেনে এটা উচ্চাকাংক্ষী মনেই আছিল। বাহিৰলৈ যোৱাৰ প্ৰস্তুতি চলাই থাকোঁতেই ডিব্ৰুগড় গেছ ক্ৰেকাৰৰ বিজ্ঞাপনটো পাই মই তাইলৈ ফোন কৰাৰ লগে লগে তাই বাহিৰৰ পৰা ঘূৰি আহিছিল। মোৰ এটা কথাতো ‘না’ ক’বলৈ শিকা নাছিল তাই। মই সেইদিনা সেই ফোনটো নকৰা হ’লে আমি প্ৰত্যেকেই নিজৰ নিজৰ কক্ষপথত হয়তো সুখী হৈ থাকিলোঁহেঁতেন।

 কিবা এটা ভাবি মেঘালীলৈ মেছেজ এটা লিখিলোঁ।

 ‘মেঘালী, কেনে আছা? সাৰে আছা যদি কেইমিনিটমান সময় দিব পাৰিবনে?’

 অলপ পাছত ফোনটো টিত টিত কৈ বাজি উঠিল। চালোঁ—মেঘালীৰ উত্তৰ।

 ‘হেল্ল ছাৰ, আফটাৰ চাচ্চ এ লং টাইম... কেনে আছে ছাৰ?’

 ‘মোৰ ভালেই মেঘালী, কথা এটা সুধিব লগা আছিল, সহায় কৰিবানে?’—মই সুধিলোঁ।

 ‘নিশ্চয় সহায় কৰিম ছাৰ, সোধক ছাৰ।’—তাই ক’লে।

 ‘ছায়াৰ বিষয়ে অলপ জনাবানে মেঘালী?’—মই সুধিলোঁ। [ ৮৩ ]  ‘ছায়াতো আজিকালি বহুত ব্যস্ত মানুহ। অনলাইন পেপাৰত নিতৌ তাইৰ লিখনি পাওঁ। সবেই জানে তাইৰ বিষয়ে।’ তাই ক’লে।

 ‘সবে জনাখিনি সোধা নাই মেঘালী। সবে নজনাখিনি কিমান জানা তুমি?’—মই আকৌ সুধিলোঁ।

 ‘ছাৰ আজিকালি তাই আগৰ দৰে হৈ থকা নাই। অলপ আঁতৰি ফুৰে। আৰু তাই বৰ ব্যস্ত থাকে। আমনি কৰিবলৈ মন নাযায়।’—মেঘালীয়ে ক’লে।

 ‘বাৰু...বাৰু। তাইৰ বিয়ালৈ আহিছিলা নে তুমি? কাৰ লগত বিয়া হৈছিল তাইৰ?’– আকৌ সুধিলোঁ মই।

 ‘বিয়াৰ কথা নজনালে মোক ছাৰ। তাই ফোন নাম্বাৰ পৰ্যন্ত সলাইছিল। মই বৰ দুখ পাইছিলোঁ। যোগাযোগ নাৰাখিলো সেয়ে।”—তাই ক’লে।

 ‘তাইৰ ছোৱালীজনীৰ বিষয়ে কিবা জানানে তুমি?’—মই সুধিলোঁ।

 ‘অ ফটো দেখিছোঁ ছাৰ। ছায়াৰ অবিকল চেহেৰা।’—মেঘালীয়ে ক’লে।

 ‘ছায়াৰ হাজবেণ্ডৰ বিষয়ে জানানে কিবা?’—মই সুধিলোঁ।

 ‘নাজানো ছাৰ ফটোত দেখিছো এজনক।’—তাই ক’লে।

 বুজিলোঁ তাই ইকবালৰ কথা কৈছে। মোতকৈও কম জানে তাই। আচৰিত লাগিল। যিজনী মেঘালী বুলিলে ছায়া বলিয়া আছিল, তাইৰ পৰাও নিলগাই ৰাখিছে নিজকে। আচৰিত।

 ‘বাৰু মেঘালী, তাইৰ সঠিক ঠিকনাটো উলিয়াব পাৰিবা নেকি?’—মই আকৌ সুধিলোঁ।

 ‘ঠিক আছে ছাৰ। মই সুধিম তাইক। কিন্তু ছাৰ আপুনি হঠাতে ইমানবোৰ কথা সুধি আছে যে বুজি পোৱা নাই মই।’

 ‘একো নাই মেঘালী, পাছত ভালকৈ কথা পাতিম।’

 ফোনটো থৈ বাহিৰলৈ চালোঁ। সাগৰীয় পথটোৰে টেক্সীখন আগবাঢ়িছে। সাগৰৰ নিৰ্মল বতাহৰ লগত মোৰ হুমুনিয়াহ এটা মিলি গ’ল। একোকে উত্তৰ নাপালোঁ মেঘালীৰ পৰা। যি মেঘালীৰ লগত তাইৰ অভিন্ন হৃদয় আছিল, সেই মেঘালীৰ লগত তাই এতিয়া যোগাযোগ নাৰাখে।

 চকুৰ আগলৈ দহ বছৰৰ আগৰ মুহূৰ্ত কিছুমানে ভিৰ কৰিলেহি। তাইৰ দুহাতত মোৰ এখন হাত সুমুৱাই ঈষৎ ভাজ লগা চুলিখিনি ঢৌ খেলাই খেলাই অনৰ্গল কথা কৈ আগবাঢ়ে তাই। কাষে কাষে মই। মাজে মাজে তাই ৰৈ দিয়ে। মোৰ মুখলৈ ৰ’ লাগি চাই ৰয়।

 ‘কি চাইছা ইমানকৈ ছায়া?’—কেতিয়াবা সুধি পেলাওঁ।

 ‘তোমাৰ চকুযোৰ চাইছোঁ নৈঋত, মই সীতাৰ দৰে হাজাৰবাৰ জুইত জাঁপ দিম তোমাৰ চকুযোৰৰ কাৰণে নৈঋত।’—নিসংকোচে কৈ উঠে তাই।

 আপদীয়া বৰষুণ এজাকে তিয়াই যায় দুয়োকে। চাওঁ নাচাওঁকৈ তাইৰ দেহৰ ভাঁজ মোৰ চকুত পৰে। ছায়াৰ মোহৰ পৰা মই আঁতৰিব পাৰিমনে? তাইক গেটলৈকে আগবঢ়াই মই ঘূৰি আহোঁ। ঘৰত নিয়ৰ। নিয়ৰৰ মুখখনলৈ চাই চাই মোৰ ভাব হয়, নিয়ৰক মোৰ দৃষ্টিৰে চাব পাৰিব নে তাই? মাতৃ নোহোৱাকৈ মাতৃত্বৰ অনুভূতি আহিব নে ছায়াৰ? ভুল...ভুল...এই সম্পৰ্কৰ একো সমাধান নাই..নৈঋত। আঁতৰি যা, সেই সৰলমনা ছোৱালীজনীৰ জীৱনটোত জঁট নলগাবি।

 ৰাতিবোৰে মোক হুংকাৰ দিয়ে। সিদ্ধান্ত এটাৰ ফালে যাব নোবাৰি মনটো সিমানতে ঠেহ পাতে। এই মনটোক ছায়াই কিমান দিনলৈ শ্ৰদ্ধা কৰিব? হয়তো তাই হাঁহিব মোক—‘ভীৰু, কাপুৰুষ......গেট লষ্ট।’

 খকমকাই উঠিলোঁ। ড্ৰাইভাৰজনে কিবা এটা ক’লে— ‘সেয়া পণ্ডিচেৰী ইউনিভাৰছিটি। তাৰ আঙুলিৰ ফালে চকু দিলোঁ। আৰু এক ঘণ্টাৰ পাছত হয়তো অৰবিন্দ আশ্ৰমত ছায়াক লগ পাম। ছায়াৰ কথাই আমনি কৰাৰ মুহূৰ্তবোৰত মই নিয়ৰক লৈ লং ড্ৰাইভলৈ যাওঁ। ছায়াই ফোন কৰে এবাৰ নহয়... দুবাৰ নহয়, বহুবাৰ। মই নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ। ভাবিছিলোঁ, ছায়াই দুদিনলৈ কষ্ট পাব, জীৱনটো চিজিল লাগিব। ভুল বুলি ভাবি থকা বাটটোৰ পৰাই মই শুদ্ধ যেন লগা বাটটো ল’লোঁ। ছায়া ৰৈ থাকিল নে বেলেগ বাট ল’লে মই গম নাপালোঁ। ৰৈ [ ৮৪ ] নাথাকিল হয়তো। ছায়াৰ শিৰৰ সেন্দুৰণে সেয়াই প্ৰমাণ কৰে। ‘পাপা নাই মোৰ’— কথাষাৰৰ লগত নজহা- নপমা যেন লাগে সেন্দুৰৰ টিপটো। কথাবোৰ যিমানেই ভাবিছোঁ, সিমানেই পাক লাগি গৈছে। সময়ে মানুহক কেনেকৈ যে পৰিৱৰ্তন কৰে। যেতিয়া ছায়াই মোক ফোনৰ ওপৰত ফোন কৰিছিল, তেতিয়া ফোনটো মই চাইলেন্ট মুডত থৈ দিছিলোঁ। আৰু আজি তাই ইমান চাইলেন্ট হৈ পৰিল যে মই তাইৰ ফোন নম্বৰ বিচাৰিবলৈকো সাহস কৰিব পৰা নাই। বুকুখনত অবুজ বেদনা এটা অনুভৱ কৰিলোঁ।

 পণ্ডিচেৰী টাউনৰ পৰা অৰবিন্দ আশ্ৰমলৈ সোমাই যোৱা ৰাস্তাটোত কিবা এক উত্তেজনাত বুকুখন আকৌ এবাৰৰ বাবে কঁপি উঠিল। ছায়াই মোক দেখিলে কি আচৰণ কৰিব সেয়াও নাজানো। তাইৰ উজ্বল বাহ্যিকতাৰ আঁৰৰ মানুহজনী কিমান সংবেদনশীল হৈ আছে সেয়াও নাজানো। মাথোঁ জানো, অৰণ্যাৰ মাজত দেখা পোৱা ছায়াৰ কায়াটোৱেই মোক ইয়ালৈ টানি আনিছে।

 আশ্ৰমৰ পৰিৱেশটোৱে মোক টানি আনিলে। পিতপিত-পাতপাতকৈ চকুৰে য’লৈকে-ত’লৈকে পঠিয়াই দিছে। হ’লেও গম পাইছে৷ ইয়াত এনেকৈ ছায়াক বিচাৰি ফুৰাটো বাতুলতাৰ বাদে একো নহয়। মিউজিয়ামটো চাই থাকোঁতে অৰণ্যাৰ নিচিনা কণমাণি এজনীয়ে দৌৰাদৌৰি কৰি আছিল। ডিঙি মেলি মেলি চাৰিওফালে চাই চাই আগবাঢ়ি গ’লোঁ। সাগৰৰ পাৰে পাৰে খোজকাঢ়ি খোজকাঢ়ি আগবাঢ়ি গ’লোঁ। ড্ৰাইভাৰজনে কৈছিল—“ছাৰ ৰক বীচ্চত বহি চাব অলপ৷ জীৱনৰ বহু সমস্যাৰ সমাধান তাতে পাব।’

 ছায়াক নেদেখিলোঁ কোনোেফালে। নিজৰ মূৰ্খামি দেখি নিজৰ হাঁহি উঠিল। দুখ লগা নাই তথাপিতো। ছায়া হেনো ইয়ালৈ আহি থাকে। ইয়াৰ নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰেমত মইয়ে পৰি গৈছোঁ। ৰৈ যাওঁ নেকি ইয়াতে? চৰাই এজনীয়ে সিঁয়াৰি থৈ গ’ল— “থাক থাক ইয়াতে নৈঋত.., তই ৰৈ দে তই ইয়াতে, ছায়াও আহিব কোনোবাদিনা। বহিবি সৌ টুকুৰা শিলত। সাগৰীয় ঢৌৱে অহৰহ চুমিও শিলৰ নীৰৱতা ভংগ কৰিব পৰা নাই, তেনেস্থলত তই কেনেকৈ ভাবিলি তই এবাৰতে ছায়াৰ নীৰৱতা ভংগ কৰিব পাৰিম বুলি। চা তই সৌ ক’লা শিলকেইটুকুৰালৈ চা, অহৰহ ধুই নিয়াৰ পাছতো সিহঁতৰ বেদনা দূৰ হোৱা নাই, তোৰ বেদনা কি এবাৰতে নিকা হৈ যাব?

 ছায়াক যি বাটত এৰি মই গুচি আহিলোঁ, আকৌ সেই বাটলৈকে ওভতি আহিছোঁ। ছায়াৰ শান্তিৰ পথত ভৰি দি মনটো বহুত মুকলি যেন লাগিছে। এতিয়ালৈকে লগ পোৱা নাই যদিও এনেকুৱা লাগিছে যেন ছায়া মোৰ নিচেই কাষত। কোনোবাই কৈছিল এখন দুৱাৰ বন্ধ হ’লে আন এখন দুৱাৰ খোল খাই যায়। এইবাৰলৈ ছায়াক লগ নাপালেও ছায়াৰ প্ৰিয় ঠাইখন মই জানি লৈছোঁ। কেতিয়াবা লগ পাম তোমাক, এইবাৰলৈ নহ’লেও পাছৰবাৰ, হয়তো পাছৰবাৰ.....।

 উত্ৰাৱল হৈ ঘূৰি ফুৰিছোঁ তোমাকে বিচাৰি। হাঁহিছা? হাঁহিলেও আক্ষেপ নাই, তুমি হাঁহিলা বুলিয়েই মই মনৰ আবদাৰ নুশুনিম কিয়? তুমিওতো বিচাৰি ফুৰা। তুমিও আহা ইয়ালৈ। তোমাৰ আৰু মোৰ প্ৰয়োজন বেলেগ হলেও লক্ষ্য একেটাই। মনৰ দাবী। হয় নে নহয় ছায়া?

 ওলাই আহিলোঁ। প্ৰাচীন মন্দিৰ এটা দেখি সোমাই গ’লোঁ। মানাকোলি বিজয়া নগৰ মন্দিৰ। ডিব্ৰুগড়ৰ সেই মন্দিৰৰ গলিটোলৈ মনত পৰিল। আমি প্ৰায়েই সেই গলিটোত বহিছিলোঁগৈ। ছায়াৰ ওচৰৰ পৰা আঁতৰি অহাৰ পাছত যিমানবাৰেই তালৈ গৈছিলোঁ, সিমানবাৰেই বগা ৰঙৰ আইটেনখন তাত ৰখাই থোৱা পাইছিলোঁ। পৰিস্থিতিৰ পৰা পলোৱাৰ দিন আছিল সেইবোৰ। মন্দিৰটোত সোমায়েই গভীৰ উপলব্ধিৰে মনটো ভৰি পৰিল। জীৱনৰ কোনো এক বিন্দুত আমি মনটোক কোনোবা শক্তিৰ ওচৰত এৰি দিওঁ। মোৰ বাবে ভগৱানো তেনে এক শক্তি। মানসিক শক্তিক ঐশ্বৰিক শক্তিৰে একাকাৰ কৰাৰ দুবাৰ প্ৰচেষ্টাৰে মন্দিৰৰ ঘণ্টাটো বজাই দিলোঁ। হাতত নিৰ্মালি, কপালত চন্দন। প্ৰেমত পৰিলোঁ ভক্তিৰ। সাগৰীয় বতাহে মনটো জুৰ পেলাই দিলে। ওচৰতে থকা ৰে’ল ষ্টেচনটোলৈ খোজ দিলোঁ। মন্দিৰৰ ঘণ্টা ধ্বনি তেতিয়াও কাণত বাজি আছিল। বৰ আশাৰে আহিছিলোঁ। আশাহত হৈ অলপ আহত হ’লো। মনটোৱে বুজাইছে— ইমান সোনকালে নিৰাশ হলে কেনেকৈ হ’ব নৈঋত? তই দেখোন ইমান ওচৰতে পায়ো নিজকে ছায়াৰ পৰা নিলগাই ৰাখিছিলি। তেতিয়া লেকামডাল তোৰ হাততেতো আছিল। আজি লেকামডাল ভগৱানে হাতত তুলি লৈছে। ভগৱানেই যি কৰে ভালেই কৰে। ধৈৰ্য ধৰ। জীৱনৰ [ ৮৫ ] এক লক্ষ্যমুখিতা আছে। জীৱনে যিফালে টানে সেই ফালে যা। পাবলৈ বা হেৰুৱাবলৈ জোৰ কৰিলে একোৱেই নাপাবি। সময়ৰ স’তে গতি ল’। সময়ে সকলো দিব।

 দুহাতেৰে মুখখন ঢাকি বহি ৰৈছিলোঁ ৰে’ল ষ্টেচনত। ট্ৰেইনখনে উকি মাৰি উঠিল। ট্ৰেইনখনলৈ চাই পঠিয়ালোঁ। মন্দিৰৰ ঘণ্টা...ট্ৰেইনৰ উকি, শেষৰ ট্ৰেইনখনো গুচি যাব। প্লেটফৰ্মত মই অকলশৰীয়া পথিক। যন্ত্ৰৱৎ থিয় হ’লোঁ। বিদায় পণ্ডিচেৰী।

 কিন্তু ই কি? দৌৰি গৈ আগুৱালোঁ। হয়. হয়। খিৰিকীৰ সিপাৰে মুখামুখিকৈ বহা দুখন মুখ.....এখন বতাহত উৰি যোৱা অবাধ্য চুলিৰে গুলপীয়া গাল আৰু আনখন...হয়, স্পষ্টকৈ দেখা পাইছিলোঁ তাইৰ শিৰৰ সেন্দুৰ....অৰণ্যাৰ পৰিচয় কঢ়িয়াই নিয়া যি সেন্দূৰ ছায়াৰ শিৰত এতিয়াও বিৰাজমান।

□□

(৪৫)

নৈঋতৰ কথাৰে....

 ‘অৰণ্যা তোলনীয়া সন্তানো হ’ব পাৰে।’

 ‘নহয় তোলনীয়া সন্তান। দেখা নাই, ছায়াৰ মুখখন অৰণ্যাৰ মুখত কেনেকৈ আঁকি থোৱা আছে। মই ছায়াক যিদৰে জানো, তই নাজান কাৰণেই অৰণ্যাৰ মুখত ছায়া দেখা নাই।’

 ‘ঠিক আছে। অৰণ্যা যে ছায়াৰে সন্তান, মানি ল’লোঁ, পিছে তই কিয় ইমান অধীৰ হৈ পৰিছ? কি লাগে তোক।’

 ‘অৰণ্যাৰ দেউতাকৰ বিষয়ে জানিবলৈ লাগে, কাৰ লগত ছায়াৰ বিয়া হৈছিল, জানিবলৈ লাগে মোক।’

 ‘কিয়? জানি তই কি কৰিবি?’

 ‘একোৱেই নকৰোঁ হয়তো, কিন্তু জনাটো দৰকাৰ। অৰণ্যাই কৈছিল—‘পাপা নাই মোৰ’, অথচ ছায়াৰ কপালত সেন্দুৰ?’

 ‘আৰে, বিবাহ বিচ্ছেদ হ’ব পাৰে তাইৰ।’

 ‘বিবাহ বিচ্ছেদ হলে ছায়াই সেন্দুৰ নল’লেহেঁতেন। মনৰ সম্পৰ্কতকৈ সমাজৰ নীতি-নিয়ম বেছি গুৰুত্বপূৰ্ণ। বুলি ছায়াই নাভাবে। মই জানো।’

 ‘তেতিয়াহ’লে?’

 ‘তেতিয়াহ’লে?’

 অবুজন মনটো আৰু মই কথা পাতি পাতি ভাগৰি পৰিলোঁ। মেঘালীলৈ কীপেড চলালোঁ—‘মেঘালী, ডু চামথিং। প্লিজ হেল্ল।’

 আমনি কৰিছোঁ নেকি তাইকো! মোতকৈ বহুত সৰু ছোৱালী এজনীৰ ওচৰত আজি সৰু হৈ পৰিছোঁ। কিন্তু উপায় নাই মোৰ। লক্ষ্যহীন জীৱনৰ স্থিৰ হৈ ৰোৱা সময়খিনিত অৰণ্যা নামৰ কণমানিজনী উফৰি আহি যি ঢৌৰ সৃষ্টি কৰিলে, সেই ঢৌত এতিয়া মই অস্থিৰ হৈ পৰিলোঁ।

 শৰীৰটোক চম্ভালিব নোৱৰা মোৰ কাৰণে এতিয়া শাৰীৰিক জটিলতাবোৰ গৌণ হৈ পৰিছে। নিয়ৰে বহুতবাৰ কোৱাৰ পাছতো মই এইফালে অহা নাছিলোঁ।... আৰু আজি? এগৰাকী কেয়াৰটেকাৰৰ কথামতে এইখিনি পাইছোঁহি। অৰণ্যাও গ’লগৈ। ছায়াও গ’লগৈ। মই সিহঁতক লগ পাই আহিছোঁ। ক’লৈ গল নাজানো। য’লৈকে যোৱা সুখী হোৱা ছায়া। মেঘালীয়ে কৈছিল—‘ছায়া আজিকালি দিল্লীত থাকে।’ হয়তো তালৈকে গৈছে। নিয়ৰেও দিল্লীলৈ মাতিছে মোক। এবাৰ গৈ আহোঁ নেকি? মোবাইল স্ক্ৰীনত টিংকৈ মেঘালীৰ ফটোখন ভাঁহি আহিল—

 ‘গুডমৰ্ণিং ছাৰ।’

[ ৮৬ ]  এই সন্ধ্যাখন তাই মোক গুডমৰ্ণিং দিছে? তাইৰ তাত ৰাতিপুৱা হৈছেতো, তাই পাহৰিলে চাগে।

 “হেল্লো গুডমৰ্নিং মেঘালী, ছায়াৰ লগত কথা পাতিলানে মেঘালী?”

 ‘ছায়াৰ ফোন অফ আছে। মই বহুত ট্ৰাই কৰিলোঁ। তাইৰ মাকৰ নাম্বাৰ আছে। মই ফোন কৰিম। মই আপোনাৰ কথাটো বুজিছোঁ। লং ইয়েৰ বেক, চি ৱাজ অলচ’ ইন চেম কণ্ডিচন। চি ৱাজ ইন ডীপ লভ উইথ য়ু। পাছৰ কথাখিনি মই নাজানো। অৰণ্যাৰ দেউতাক নাই বুলি আপোনাৰ মুখত শুনিলো। সম্পৰ্কবোৰ ধৰি ৰাখিব নোৱাৰিলে বৰ অপৰাধী যেন লাগে নিজকে। তাইৰ বাহ্যিকতাটো চাই মই তাই বৰ সুখত থকা বুলি ভাবিছিলোঁ। কিন্তু আজি মোৰ সচাঁই বেয়া লাগিছে। তাইৰ বিপদৰ সময়ত তাইৰ ওচৰত থকাটো অতি জৰুৰী আছিল। মই কথা পাতিম। আপোনাক জনাম।’

 মেঘালীৰ পৰা দীঘলীয়া মেচেজ এটা পালোঁ। দিল্লীলৈ গৈ আহোঁ এবাৰ। নিয়ৰক লগ কৰোঁ। ছায়াৰ বিষয়ে সিও মোতকৈ বেছিকৈ জানে। সংকোচৰ সীমাডাল পাৰ হ’ব লাগিব মাথোঁ।

“দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি?”

 সেয়া ভূপেন হাজৰিকাৰ গানত অৰণ্যাৰ মাত। এতিয়া মই সঁচায়ে দুৰ্বল। কোনোবাই সহায় কৰা মোক। ছায়া মোক ক্ষমা কৰা, মই বৰ স্বাৰ্থপৰ, নিজৰ প্ৰয়োজনতকৈ বেলেগ চিন্তা কৰিব নোৱাৰিলোঁ। ভীৰু, কাপুৰুষ বুলি কিমান যে গালি দিলা মোক। এতিয়াও হয়তো দিবা। তুমি কেনেকৈ ইমান শক্তিৰ অধিকাৰী হ’লা ছায়া? তুমি মানৱী নে দেৱী? তোমাক মই ভাল পাইছিলোঁ। কিন্তু এতিয়া তোমাক মই ভক্তি কৰিবলৈ লৈছোঁ। হয়তো অন্ধ ভাৱে। ভালপোৱা আৰু ভক্তি একাকাৰ হৈ গলে সেই প্ৰেম যুগমীয়া হৈ পৰে।

 দিল্লীলৈ বুলি টিকেট এটা বুক কৰিলোঁ। নিয়ৰক লগ পোৱাৰ অজুহাতত ছায়াৰ ঠাইলৈ বুলি ওলালোঁ। নিয়ৰে খবৰটো শুনি ক’ব নোৱাৰা হৈ পৰিল। দেউতাকক ক’ত থ’ব ক’ত নথ’বকৈ হোটেল বুক কৰিবলৈ গ’লেই সি। মাক নোহোৱা ল’ৰাটো সূক্ষ্ম অনুভূতিসপন্ন মন এটাৰো অধিকাৰী। এই ক্ষেত্ৰত মই অলপ সফল। সি অৱশ্যে নিজকে ছায়াৰ “ডাই হাৰ্ড ফেন” বুলি কৈ মোক উদ্দেশ্যি কয়—‘পাপা তুমিও পঢ়িবাচোন এওঁৰ কিতাপ, সম্পৰ্কৰ কি মহত্ব আছে, মোক তেওঁ শিকাইছে।

 হয়তো বহু কথাই শিকালে ছায়াই, যিবোৰ মই কেতিয়াও জুমি নাচালোঁ। দুৰ্বল পৰাৰ আশংকাত মই এই মনটোৰ পৰা একেবাৰে আঁতৰি আহিছিলোঁ। কষ্ট হৈছিল। কষ্টবোৰ গিলিছিলোঁ। লাহে লাহে যান্ত্ৰিক মানুহ এটালৈ ৰূপান্তৰ হৈছিলোঁ। ঘৰলৈ ঘূৰি গৈয়েই এইবাৰ ছায়াৰ কিতাপবোৰ এফালৰ পৰা পঢ়ি যাম, ছায়াৰ স্মৃতিৰ স’তে ওমলিম। বন্ধ আলমাৰীটো এবাৰ খুলিম। তাত সোমাই থকা ছায়াৰ ফটোকেইখন বন্ধাই ল’ম। কোনোবাই কিবা ক’ব? একো নাই। নিয়ৰক কম নেকি ছায়াৰ কথা? নাই নকওঁ। ছায়াৰ স্বাৰ্থতে নকওঁ। তাইৰ এটা সন্মান আছে। যিকোনো পৰিস্থিতিতে ছায়াৰ অনুভূতিক লৈ খেলা নকৰোঁ মই। দিল্লীৰ ইন্দিৰা গান্ধী এয়াৰপ’ৰ্টৰ পৰা ওলাই আহোঁতেই দেখিলোঁ, এমোকোৰা হাঁহিৰে নিয়ৰ ৰৈ আছে। টেক্সী এখন ঠিক কৰি ল’লো। সি বুক কৰি থোৱা পঞ্চশীল পাৰ্কৰ হেমিল্টন হোটেললৈ মোক লৈ গ’ল। তাৰ হোষ্টেলৰ ওচৰতে হোটেলখন ঠিক কৰিছে সি। নিয়ৰ ডাঙৰ হ’ল। অকল নিজৰ কামবোৰেই নহয়, মোৰ কামবোৰ কৰি দিব পৰা হ’ল। অলপ সময়ৰ বাবে সি ব্যস্ত হৈ পৰিল— কি খাম কি নাখাম, ৰেষ্ট ল’ম নে ওলাই যাম....ইত্যাদি ইত্যাদি।

 নিজৰ বন্ধ কোঠাকেইটাকে পৃথিৱীখন বুলি ভবা মোৰ এই আকস্মিক উপস্থিতিত সি বাৰুকৈয়ে হতবাক। মই তাক লৈ অলপ ওলাই আহিলোঁ। বজাৰত ঘূৰি তাক ইটো-সিটো বস্তু কিনি দি তাৰ ৰূমলৈ ঘূৰি আহিলোঁ। সোধোঁ-নোসোধোঁকৈও কিছুমান কথা তাক সুধিব পৰা নাই। তাৰ টেবুলৰ এচুকৰ বাহিৰা কিতাপৰ থাকটোলৈ চালোঁ। এটি মিঠা হাঁহিৰে ছায়াৰ মুখখন তাইৰ গ্ৰন্থসমূহৰ প্ৰায়বোৰতে জিলিকি আছিল। মই ছায়াৰ কিতাপ এখন হাতত লৈ নিয়ৰক ক’লো— ‘এওঁক চিনি পোৱা নেকি নিয়ৰ? এওঁতো আমাৰ ইউনিৰ্ভাছিটিৰে আছিল।

[ ৮৭ ]

 ‘তুমি আজিহে গম পালা নেকি পাপা? আগতে দেখোন তুমিয়ে মোক তেওঁৰ কিতাপ কিনি দিছিলা।’ নিয়ৰে হাঁহি হাঁহি ক’লে।

 ‘হয় নেকি নিয়ৰ? মই মন কৰা নাছিলোঁ তেতিয়া। এতিয়া পিছে ক’ত থাকে নাজানো।’—মই ক’লো।

 ‘ইয়াতে থাকে পাপা। মই গৈছে দুবাৰমান তেওঁৰ ওচৰলৈ। যাবা নেকি তুমি? ব’লা এবাৰ গৈ আহোঁ। মাথোঁ আগতীয়াকৈ জনাব লাগিব।’—নিয়ৰ জাঁপ মাৰি উঠিল।

 বুকুৰ গধুৰ শিলটুকুৰা যেন লগে লগে আঁতৰি গ’ল। ইমান সহজতে মই ক’ব বিচৰা কথাখিনি সি কৈ পেলালে।

 ‘হ’ব বাৰু নিয়ৰ। সময়টো ঠিক কৰি লোৱা। এবাৰ যাম বাৰু। তেওঁক মোৰ কথা কব নালাগে। তোমাৰ লগতে যাম।’

 হোটেললৈ ঘূৰি আহিলোঁ। নিসংগতাই মোক সংগ দিলে। প্ৰথমবাৰৰ বাবে অকলে থাকি ইমান ভাল লাগিল। ভগৱানক খাটিলোঁ—‘কিবা এটা সমাধান দিয়া ভগৱান। মোৰ এই অস্থিৰতাৰ অন্ত পৰক।’

 নিজকে প্ৰবোধ দিলোঁ—‘কাইলৈ লগ পাবি নৈঋত। এতিয়া অলপ শুই ল। যোৱা এসপ্তাহে তই বলিয়াটোৰ দৰে ঘূৰি ফুৰিছ।’

 শুবলৈ চেষ্টা কৰিলোঁ। ভাগৰুৱা দেহা, তাতোকৈ ভাগৰুৱা মন।


(৪৬)

নৈঋতৰ কথাৰে....

 ড্ৰয়িংৰূমৰ চোফাত মই আৰু নিয়ৰ। ইখন চোফাত ছায়া। এতিয়াও অতীব সুন্দৰী তাই। নাই, নাই... তাইৰ সুন্দৰতাৰ পাছত দৌৰি অহা নাই মই। গহীন-গম্ভীৰ পৰিবেশ আৰু শান্ত-সৌম্য ব্যক্তিত্বৰ অধিকাৰী ছায়াৰ এই ৰূপটোৰ স’তে মই একেবাৰে অপৰিচিত। নিয়ৰৰ স’তে হয়তো তাইৰ আগৰে চিনাকি। নিয়ৰে তাইৰ স’তে মোক চিনাকি কৰাই দিলে। পৰস্পৰে নমস্কাৰ জনালোঁ। উসঃ ভাগ্যৰ কি যে লীলা! নিয়ৰ আৰু ছায়াই কথা পাতিছে। গধুৰ গধুৰ কথাবোৰৰ বেষ্টনী ফালি মই যেন কৈ উঠিম—

 ‘ছায়া ছায়া, মই ইয়ালৈ নিয়ৰৰ দেউতাক হৈ অহা নাই, মই নৈঋত হৈ আহিছোঁ ছায়া। তুমি মোক পাহৰি গ’লা নেকি? কিয় অচিনাকিৰ দৰে আচৰণ কৰিছা? কিমান দিনৰনো কথা আছিল সেয়া, এযুগ হোৱাই নাই সেই অধ্যায়ৰ? এতিয়াও ক’ৰবাত সেই অধ্যায়টো মেলি থোৱা অৱস্থাতে পাবা, এবাৰ নিজকে চিকুটি চোৱা।’

 মনৰ ছটফটনি বাঢ়ি গৈছে। ছায়া নিৰুদ্বেগ, নিৰ্বিকাৰ। নিয়ৰৰ মুখত আখৈ ফুটাদি ফুটিছে পিতৃ বন্দনা। মই কেনেকৈ তেওঁৰ ফটো দেখিয়ে ডিব্ৰুগড় ইউনিৰ্ভাছিটিত পঢ়া বুলি চিনি পালোঁ, সেই পৰ্যন্ত নিয়ৰে ক’লে। মাজতে চাহ আহিল। অৰণ্যাক ক’তোৱে নেদেখিলোঁ। ঘৰটোৰ ক’তো সাৰ-সুৰ নাই। ঠিকে কয় সকলোৱে, তাই হেনো ব্যক্তিগত জীৱনটো মানুহৰ দৃষ্টিৰ পৰা নিলগত ৰাখে। মবাইলটো বাজি উঠিল। নীৰৱতা ভংগ হোৱাৰ আশংকাত ফোনটো অফ কৰি দিলোঁ। গধুৰ মন এটাৰে উভতিলোঁ। তুমি কিয় এনে আচৰণ কৰিছা ছায়া? ক’ত গ’ল সেই নিজা নিজা গোন্ধ। সঁচাই পাহৰি গ’লা নেকি মোক ছায়া? তোমাৰ জীৱনলৈ কি এনে ধুমুহা আহিল, যাৰ বাবে মইও অচিনাকি হৈ পৰিলোঁ। চকুপানী দুধাৰী বৈ আহিল। কষ্ট দিলা মোক? চঞ্চলা-চপলা জুৰিজনীৰ সাগৰৰ দৰে উদাৰ বিশাল ৰূপে মোক কন্দুৱাইছে। মই আশা কৰিছিলোঁ, তুমি খং কৰিবা, অভিমান কৰিবা, ঠেহ পাতিবা। তাৰ বিপৰীতে তোমাৰ শান্ত ৰূপ, উদাৰ ব্যৱহাৰ। নাই, আৰু নোৱাৰি। অসহ্যকৰ।

 চিগাৰেট এটা খাবলৈ মন গ’ল। নাই। চিগাৰেটটো কেতিয়াবাই এৰিলোঁ। মনত পৰেনে তোমাৰ ছায়া, মই [ ৮৮ ] কিয় চিগাৰেট এৰিলো? নাই, তোমাৰ চাগৈ একো কথাই মনত নাই।

 ছায়া গৌতমীৰ ফোন নম্বৰ বিচাৰি নিয়ৰলৈ ফোন কৰিলোঁ। সি হয়তো আচৰিত হৈছে। মোৰ হয়তো সেই কথা ভবাৰ অৱকাশ নাই। ছায়াৰ আচৰণে মোক জেদী কৰি তুলিছে। ফোন লগালো ছায়ালৈ।

 ‘হেল্ল ছায়া স্পীকিং।’ সিফালৰ পৰা ছায়াৰ মাত ভাঁহি আহিল।

 ‘হেল্ল মই নৈঋতে কৈছোঁ।’

 ‘নৈঋত মানে নিয়ৰৰ দেউতাক। ছাৰ, কিবা ক’ব বিচাৰিছিল?’-ছায়াই অতি নম্ৰতাৰে ক’লে।

 ‘ছায়া, ছায়া।—মোৰ বুকু সৰকি মাত নোলাল।

 ‘ছাৰ, কিবা কৈছে?’

 ছাৰ নহয়, নৈঋত বুলি কোৱা মোক ছায়া। তুমি জানানে মই তোমাৰ কাৰণেই এইখিনি পাইছোহি। মই কোনোমতে ক’লো।

 ‘কিবা এটা ভুল হৈছে নেকি আপোনাৰ ছাৰ?’—ছায়া অতি নম্ৰ।

 ‘মই তোমাক লগ পাম নেকি ছায়া? এতিয়াই।’— মই অনুৰোধ কৰিলোঁ।

 ‘ৰাতি এতিয়া দহ বাজিল ছাৰ।’

 অলপ ৰৈ তাই আকৌ ক’লে—‘আপোনাৰ কিবা সমস্যা হৈছে নেকি? মোক কিবা ক’ব বিচাৰিছে? ঠিক আছে, আহক বাৰু।’

 ছায়াৰ ঘৰলৈ গৈ ছায়াৰ লগত যিমানেই কথা পাতিলোঁ, মই সিমানে উত্তেজিত হৈ পৰিলোঁ। তুমি অভিনয় কৰিছা ছায়া, মই জানো। তুমি মোৰ ওপৰত প্ৰতিশোধ লৈছ। নীৰৱ প্ৰতিশোধ। তুমি নাজানা এই প্ৰতিশোধৰ জ্বালাই মোক উমি উমি জ্বলাই শেষ কৰিব। মই অন্ত হোৱাটোকে বিচাৰিছা ছায়া। মই তোমাৰ অতীতৰ এটা অধ্যায়। সেই অধ্যায়টো তুমি বন্ধ কৰিব বিচাৰিছা যদি কোনো কথা নাই। কিন্তু তুমি যে মোক অচিনাকি দৰে আচৰণ কৰিছা, সেইটো কথাই মোক বৰ দুখ দিলে ছায়া।

 হতাশ মনেৰে উভতিলোঁ। অৰণ্যাক এবাৰলৈ চোৱাৰ হেঁপাহটো বুকুতে মাৰ নিবলৈ চেষ্টা কৰিলোঁ। যামগৈ তোমাৰ ওচৰৰ পৰা ছায়া। বায়ুৰুদ্ধ কোঠালিৰ উশাহ গধুৰ সময়বোৰকে মই আঁকোৱালি ল’মগৈ। মেঘালীলৈ মেছেজ এটা পঠিয়াওঁ বুলি হোৱাটচআপ খোলোঁতেই মেঘালীৰ পৰা অহা মেছেজ এটা চকুত পৰিল। কেতিয়াবাই দিছিল চাগে, মইহে গম নাপালোঁ। খুলি চালোঁ—

 ‘ছাৰ, ইট ইজ হাৰ্ড টু বিয়েৰ বাট আই হেভ টু চে দেট ছায়া ইজ এন আনৱেদ মাদাৰ। অৰণাৰ দেউতাক কোন সেইটো ছায়াৰ বাহিৰে কোনেও নাজানে। তাইৰ বিয়া হোৱা নাছিল।

 কি লিখিলে মেঘালীয়ে? তাইৰ বিয়া হোৱা নাছিল? তাই অবিবাহিতা মাতৃ? অৰণ্যাৰ কিমান বয়স হৈছে। বাৰু। পাঁচ বছৰ মানেই হ’ব তাইৰ। ভাবৰ সমীকৰণ এটাই অংকটোৰ শেষ পৰ্যায়ত যেন উপনীত কৰাইছে মোক। ভাবিব পৰা নাই। তথাপি ভাববোৰে আমনি কৰি আছে মোক। কাজিৰঙা লজৰ মধুৰ স্মৃতি এটাই মনৰ চকুত আগেৰে অগাদেৱা কৰি গ’ল। সেইখিনিতে সমীকৰণটো মিলি থাকিল। বুজাব নোৱাৰা অনুভূতিয়ে হেন্দোলিত কৰি তুলিলে মোক। যি উত্তৰ বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ, সেই উত্তৰ পাই গ’লোঁ অতৰ্কিতে। অৰণ্যা যে মোৰেই সন্তান।

(৪৭)

নৈঋত তোমালৈ বুলি....

 কষ্টত আছোঁ। ভীষণ কষ্ট। ছাত্ৰ-ছাত্ৰী বিষয়ক আলোচনা এটাৰ অৰ্থে খাৰঘূলিস্থিত ডনবস্ক’ ইনষ্টিটিউট চেমিনাৰ হললৈ এখন সভাত অংশ ল’বলৈ আহি শাৰীৰিক অসুস্থতাত পৰি আছোঁ। হোটেল প্ৰগতি [ ৮৯ ]

মেনৰত ৰূম এটা বুক কৰি থোৱা আছিল। অৰণ্যা আৰু মই। মোৰ অসুস্থতাত তাই বাৰে বাৰে মোৰ কপালত হাত দিয়েহি। মৰমৰ এধানমান বুকু পমি যোৱা কোমল পৰশ। তাকৰীয়া সময়, মিটিংখনৰ প্ৰয়োজনীয়তা আৰু মোৰ বাঢ়ি অহা যন্ত্ৰণাৰ প্ৰতি লক্ষ্য ৰাখি হোটেল বয়জনক বিষনাশক ঔষধ এটাৰ নাম লিখি আনিবলৈ দিলোঁ। সাংঘাটিক পেটৰ বিষত উঠিব বিচাৰিলেও বাৰে বাৰে পৰি যাওঁ। যিমান মানসিক শক্তিৰ অধিকাৰী হ’লেও শাৰীৰিক অসুস্থতাই কোঙা কৰি আনে কেতিয়াবা। চকুপানী ওলাই আহে। অৰণ্যাৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰোঁ। মই জানো, মোৰ কষ্টৰ সামান্যতম উমান পালেই ইকবাল দৌৰি আহিব নতুবা সহস্ৰজনে উবুৰি খাই পৰিবহি। কিন্তু সেয়া মোৰ স্বভাৱবিৰুদ্ধ। মোৰ ব্যক্তিগত কথাত কাকোৱে আমনি কৰিবলৈ মন নাযায়। নিজে নিজক চম্ভালিব নোৱাৰিলেও অৰণ্যাৰ প্ৰতি থকা দায়িত্ববোধে মোক জীয়াই তোলে বাৰে বাৰে। কৰ্মৰে জীয়াই থাকিব বিচাৰোঁ মই, বয়সৰ হিচাপত নহয়। কিন্তু অৰণ্যাৰ কি হ’ব? ইয়াৰ পৰা গৈয়ে এইমচ্‌ত দেখুৱাম ভালদৰে। অৰণ্যাৰ বাবেই, মাথোঁ তাইৰ বাবেই।

 আয়োজক সমিতিয়ে পঠিয়াই দিয়া গাড়ীখনেৰে খাৰঘূলিলৈ বুলি ওলালোঁ। লগত অৰণ্যা। ডনবস্ক’ ইনষ্টিটিউটৰ মনোমোহা পৰিবেশে মোক বাৰুকৈয়ে টানিছে। মোৰ নিজৰ ঠাই, মোৰ মাতৃভূমিৰ শোভাৰে মোহিতা মই। পঞ্চমটো ফ্লোৰৰ শৰাইঘাট হলৰ পৰা ওলাই আহি বেলকনিত থিয় হৈ ব্ৰহ্মপুত্ৰৰ বিশালতা চাই আছিলোঁ বহুত পৰ। অৰণ্যাক ছাত্ৰ-ছাত্ৰী দুজনমানে লগত লৈ ঘূৰি ফুৰিছে।

 ভাবৰ বুৰবুৰণিবোৰ কলমলৈ অনাৰ সপোন দেখি থকাৰ সময়তে তেনেই কাষৰ পৰা কোনোবা এজনে লাহেকৈ কলে, ‘ইমান সৰল অংক এটাৰ ইমান জটিল উত্তৰ পাম বুলি ভবা নাছিলো ছায়া।’

 চক্ খাই উঠিলোঁ। কোনে ক’লে? কি সৰল অংক? কি জটিল উত্তৰ? কাকোৱে নেদেখিলোঁ। কেইজনমান মানুহ লিফটত সোমাল। তাৰে কোনোবা হ’ব নেকি? নে মনৰ ভ্ৰম?

 শাৰীৰিক অসুস্থতা আৰু গধুৰ মন এটাৰে ছাত্ৰ-ছাত্ৰীৰ পৰা বিদায় দি অৰণ্যাক লগত লৈ গাড়ীত বহিলোঁহি। বিষ-যন্ত্ৰণাত কোঙা হৈ পৰি ৰোৱা আগৰাতিটোলৈ মনত পৰিল। পেইনকিলাৰ এটাই দমাই থোৱা বিষটো আকৌ উকাব নেকি বাৰু? পেইনকিলাৰ বুলি কওঁতেই ইকবাললৈ মনত পৰিল। ইকবালে কৈছিল—মোৰ কথাবোৰে আপোনাৰ মনটো শান্ত নকৰে নে? মোৰ সংগই আপোনাৰ বুকুৰ বিষ উপশম কৰিব নোৱাৰিবনে?

 মই কৈছিলো—‘পাৰিব। নিশ্চয় পাৰিব। কিন্তু ই পেইনবিলাকৰ দৰেহে কাম কৰিব। এন্টিবায়টিকৰ দৰে পুলিয়ে পোখাই উঘালিব নোৱাৰিব ইকবাল।’

 মনৰ এই বিষটো দুদিনমানৰ পৰা সঘনাই অনুভৱ কৰিবলৈ লৈছোঁ। ইফালে ঘূৰিছোঁ, সিফালে ঘূৰিছোঁ। বন্ধ পালেই সমুদ্ৰ তীৰ অথবা হিমালয়ৰ উচ্চতালৈ ঢাপলি মেলিছোঁ। তথাপি কেতিয়াও শান্ত নহয় মোৰ অশান্ত মন।

 নিয়ৰ আহি থাকে মাজে মাজে। মৰমলগা অমায়িক ল’ৰাটোক বিশেষ দৃষ্টিৰে চাবলগীয়া হোৱা নাছিল কেইদিনমানৰ আগলৈকে। মাতৃহীনা বুলি মৰমৰ এচকুত সহানুভূতি এটাই জন্ম লওঁতেই পিতৃৰ ৰূপত ধৰা দিলাহি তুমি। বুকুৰ বিষ বাঢ়িল। চকুলৈ বাগৰি নহা বুকুৰ বিষ। মনটো যিমান সঞ্জাত কৰিলেও বান্ধোন ছিঙি ওলাই অহাৰ প্ৰয়াস জাগে মাজে মাজে। কিমান দিনৰনো কথা তোমাৰ পৰা আঁতৰি অহাৰ? অৰণ্যা এতিয়া চাৰে পাঁচ বছৰীয়া। ডিব্ৰুগড়ৰ পৰা ওলাই অহা পাঁচ বছৰ হ’ল। এই পাঁচ বছৰত মই নিজৰ কাৰণে এক মিনিট সময় খৰছ কৰা নাই নৈঋত। হা...? কি কৈছা?... নিজৰ পৰা পলাই ফুৰিছোঁ বুলি কৈছা? ক’ব পাৰা তেনেকৈ। তাকে নকৈনো ক’বা কি? তোমাৰ প্ৰয়োজনত তুমি মোৰ ওচৰলৈ আহিলা, অপ্ৰয়োজনত দলিয়াই দিলা। এতিয়া আকৌ ধৰা দিলাহি। আচলতে কি জানা, তোমাৰ দৰে মানুহৰ বাবে কিছুমান অনুভৱ সৃষ্টি হ’বই নালাগিছিল।

 মই জানো, অৰণ্যাৰ কথা গম পালে তুমি হয়তো মোক ক্ষমা নকৰিবা। তোমাৰ ইচ্ছাৰ বিপৰীতে লোৱা মোৰ একাকী সিদ্ধান্ত। কিন্তু মোৰ সিদ্ধান্তই তোমাক কোনো পৰিস্থিতিতে প্ৰশ্নৰ সন্মুখীন নকৰায় নৈঋত। সেই প্ৰতিশ্ৰুতি দিলোঁ তোমাক। জীৱনৰ শেষ বিন্দু টোপাল তেজ থকালৈকে মই মোৰ প্ৰতিশ্ৰুতি ভংগ নকৰোঁ নৈঋত, নিশ্চিন্ত থাকা।

 সেইদিনা তুমি আহিলা। মই তোমাক নাজানিলোঁ, চিনিও নাপালোঁ। তুমি আহত। চম্ভালিব পৰা নাই নহয়? [ ৯০ ] ময়ো পৰা নাছিলোঁ নৈঋত। ‘পৰিস্থিতি’ নামৰ ডাক্তৰজনে ‘সময়’ নামৰ ঔষধটো খুৱাই সকলোবোৰ স্বাভাৱিক কৰি তুলিলে। তোমাক চিনি নোপোৱাৰ অভিনয় কৰি ময়ো আহত। জীৱনত মিথ্যাচাৰৰ আশ্ৰয় ল’বলৈ কোনোদিন বিচৰা নাছিলোঁ, জানানে নৈঋত? তথাপিতো উপায়হীন হৈয়েই দুটা মিছা কথা সাৱটিব লগা হ’ল। অৰণ্যাৰ পিতৃ পৰিচয় আৰু তোমাক চিনি নোপোৱাৰ অভিনয় দুয়োটাই আন্তঃসম্পৰ্কীয় পৰিঘটনা।

 বুকুৰ উমেৰে পল পল হিচাপ কৰি ডাঙৰ কৰিছোঁ তাইক। মাজতে তুমি ধুমকেতুৰ দৰে আহিলা বুলিয়েই মই এইকণ স্বাৰ্থ এৰিব নোৱাৰোঁ। তুমি হয়তো ক’বা যে তাইৰ ওপৰত তোমাৰো সমান অধিকাৰ আছে। হয়... আছে। কিন্তু প্ৰথমে যোৱা পাঁচ বছৰৰ হিচাপটো ঠিক কৰি দিয়াচোন। তাৰ পাছত.. তাৰ পাছত... অৰণ্যা ডাঙৰ হ’ব। নিজৰ সিদ্ধান্ত নিজে ল’ব। সেইখিনি সময়লৈকে সাজু থাকা নৈঋত। আৰু কি জানা নৈঋত, তোমাৰ পত্নী বিয়োগৰ খবৰটো মই পোৱা নাছিলোঁ। ক’ত বা কেনেকৈ সেয়া হ’ল সেই কথাও প্ৰশ্ন হৈয়ে থাকি গ’ল। কাৰণ তুমি যে মোৰ অচিনাকি এতিয়া।

—ছায়া

□□

(৪৮)

নৈঋত তোমালৈ বুলি...

 অৰণ্যাক নগাঁৱৰ মাৰ ঘৰত থৈ ঘূৰি যাবলৈ ওলালোঁ। শৰীৰটোক অলপ মনকাণ দিয়া দৰকাৰ। কেতিয়াবা বহুত অত্যাচাৰ কৰা হয় শৰীৰটোক। ভিতৰি ভিতৰি অলপ ভয়ো খাইছোঁ। মোৰ কিবা এটা হলে মোৰ অৰণ্যাক কোনে চাব? ‘পাপা নাই মোৰ বুলি ক’বলৈ শিকা ছোৱালীজনীক মাতৃৰ উমৰ পৰা বঞ্চিত কৰাৰ কথা ভাবিবও নোৱাৰোঁ। বুকুখনে ক’ৰবাত কান্দি উঠে। ভগৱানক খাটিলো অজানিতে।

 দিল্লীলৈ টিকট কাটিলোঁ। ডাক্তৰৰ এপইন্টমেন্ট ল’লোঁ। ডাক্তৰৰ পৰামৰ্শ মতে পেথ’লোজিকেল পৰীক্ষাসমূহ আৰু পেটৰ আলট্ৰা চাউণ্ড কৰোৱালোঁ। ৰিপৰ্টবোৰ ডাক্তৰক দেখুওৱাৰ পাছত, তেওঁৰেই পৰামৰ্শ মতে মই এতিয়া স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ সন্মুখত।

 ‘আপুনি অবিবাহিতা?'— মোৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰি স্ত্ৰী-ৰোগ বিশেষজ্ঞজনে সুধি পেলালে। তাত মোৰ বিবাহিত স্থিতি অবিবাহিত বুলি দিয়া আছে।

 ‘তেতিয়া হ'লে আপোনাৰ এটা দুখৰ খবৰ আছে’– ডাক্তজনে ৰিপৰ্টখিনি পৰীক্ষা কৰি কৈ উঠিল।

 ‘আপোনাৰ জৰায়ুৰ এটা গুৰু অস্ত্ৰোপচাৰ কৰাব লাগিব আৰু তেতিয়া আপোনাৰ মাতৃ হোৱাৰ ক্ষমতা নাথাকিব।’

 অলপ দেৰি মৌনতাৰ পাছত তেওঁ আকৌ কৈ উঠিল—‘নহ’লে আপোনাৰ জীৱনলৈ সংশয় নামি আহিব পাৰে।’

 অলপ দেৰি আকৌ মৌনতা। তেতিয়ালৈকে মোৰ মুখৰ মাত এটাও ওলোৱা নাছিল। ভিতৰখনে কান্দি উঠিল। জীৱনলৈ সংশয়? গুৰু অস্ত্ৰোপচাৰ? মোৰ অৰণ্যা? কি হ’ব তাইৰ? মনটোৱে বুজাই আছে— ‘ছায়া ধৈৰ্য ধৰ। ড’ণ্ট ৱৰী। সকলো ঠিক হৈ যাব। ভগৱান আছে।’

 ঠিকেই...ভগৱান আছে। তথাপিতো নঘটিবলগীয়া ঘটি থাকে। কাৰোবাৰ ওচৰত মূৰ পেলাই কান্দিবলৈ মন গ'ল। বৰ অকলশৰীয়া যেন অনুভৱ হ’ল আকৌ এবাৰ।

 ‘কিবা ভাবিছে আপুনি?’- ডাক্তৰজনে কৈ উঠিল আকৌ এবাৰ।

 ইমান আত্মবিশ্বাস তেওঁৰ। সুধিব লগা কথা নাছিল যদিও সুধিলোঁ—‘এই অস্ত্ৰোপচাৰৰ সফলতাৰ হাৰ [ ৯১ ] কিমান?’

 তেওঁ এনেকুৱা প্ৰশ্নৰ বাবে হয়তো সাজু নাছিল। থতমত খাই সুধিলে—‘মানে?’

 মই এইবাৰ অলপ স্পষ্টকৈ ক’লো—‘চাওক, মোৰ শৰীৰৰ এটা অংগ আঁতৰাই দিব, সেইটোত মোৰ সমস্যা নাই। মাথোঁ মই সুস্থভাৱে জীয়াই থকাটো দৰকাৰ।’

 ‘আপুনি নিশ্চিত থাকক। ভয় কৰিবলগা একো নাই।— সাহস দিলে তেওঁ।

 অৰণ্যাৰ কথা মনলৈ আহিল। হাজাৰজনী অৰণ্যাক বুকুৰ মাজত লালন-পালন কৰিছোঁ। সিহঁতৰ কথাও মনলৈ উভতি আহিল। তেজৰ সম্পৰ্ক নোহোৱাকৈও মই অলেখজনী অৰণ্যাৰ মাতৃ। প্ৰতিজনী অৰণ্যাক পথৰ সন্ধান দিব লগা আছে। মোৰ অবিহনে মোৰ অৰণ্যাৰ অকণমান মন-মগজুত বিৰূপ প্ৰভাৱ পৰিব, তাই হয়তো হতাশ হ'ব। নাই...নাই... ভালে থাকিম মই। সুস্থভাৱেই জী উঠিম মই। একমাত্ৰ তাইৰ মৰমৰ বাবে, তাইক পথ দেখুৱাবলৈকে।

 ডাক্তৰৰ স’তে অস্ত্ৰোপচাৰৰ দিন বাৰ ঠিক কৰিলোঁ। অকলে দিগদাৰ হ’ব নেকি বুলি সুধিলোঁ তেওঁক। কাকনো আমনি কৰিম বুলি ভাবোতেই সন্ধ্যাৰ কথা মনলৈ আহিল। তাইয়ো আজিকালি ছুটী বৰকৈ নাপায়। কিন্তু মোৰ সমস্যাৰ কথা ক'লে দহবাৰ মৰিবলৈ সাজু তাই। তাইক ফোন এটা কৰিলোঁ। এসপ্তামানৰ পাছত ছুটি লৈ আহিবলৈ ক’লোঁ তাইক। বিশেষ সমস্যা, আহিলে গম পাবা’— বুলি থোৰতে কৈ থ’লোঁ।

 মালৈকো ফোন লগালোঁ— ‘মা মই অলপ ব্যস্ত হৈ পৰিম, অৰণ্যা অলপ দিন তাতে থাকক মা, অৰণ্যাৰ মাতষাৰ শুনিবলৈ মন গৈছে মা। দিয়াচোন তাইক।’ বুলি তাইৰ মৌসনা মাতষাৰ বুকুত ভৰাই ল’লো।

 অস্ত্ৰোপচাৰ কক্ষত সোমালোঁ। জৰায়ুটো আঁতৰাই দিব হেনো মোৰ। মোৰ নাৰীত্বৰ ওপৰত মোক্ষম আঘাত। কিন্তু এতিয়ালৈ সেই ধ্যান-ধাৰণা সলনি হৈছে। নাৰীত্বৰ ঊৰ্ধত চিন্তা কৰিবলগীয়া হৈছে। মাতৃত্বৰ অহংকাৰ অকণো কঢ়িয়াই ফুৰিছোঁ বুকুৰ মাজত।

 অস্ত্ৰোপচাৰ কক্ষত মই অকলে। মানুহেৰে গিজগিজাই থকাৰ পাছতো কিছুমান কামত মই একেবাৰে অকলশৰীয়। কাৰো ওপৰতে মোৰ কেতিয়াও অভিমান নাছিল। বয়সেৰে নহয় কামেৰে জীয়াই থাকিব বিচাৰোঁ বুলি ভাবিলেও মাজলৈ আহি যায় অৰণ্যা। তোমালৈ মনত পৰিল, সেইদিনা যে আহিছিল।

 সন্ধ্যা আহিল। আহিয়েই ইচ-আচ কৰি ইকবাললৈ ফোন লগালে। মোক মৃদু ভৎৰ্সনা কৰিলে। অকলে অকলে হস্পিতালত পৰি ৰোৱা কথাটো হজম কৰিব পৰা নাই কোনোৱে। লুকুৱাব বিচাৰিলেও কথাটো এটা খবৰ হ’ল। বিভিন্নজন ঢপলিয়াই আহিল। ফুল আৰু শুভেচ্ছা বাণীৰে ঘৰ ভৰিল। ফুল এথোপা নিয়ৰো আহিল। মোৰ ওচৰতে বহুত পৰ বহি ৰ’ল। মানুহবোৰ আঁতৰি যোৱাৰ পাছত সি এপাকত লাহেকৈ ক’লে— ম্যাডাম আপুনি ভাল হৈ উঠক, বহুত কথা পাতিব লগা আছে আপোনাৰ লগত।

 বুকুখন চিৰিংকৈ মাৰিল। মোৰ লগত কি কথা পাতিব এই সৰু ল’ৰাটোৱে?

 “মোৰ মা নাই ম্যাডাম। জনা বুজা হোৱাৰে পৰাই আপোনাৰ আদৰ্শ মানি চলিছোঁ।— মুহূৰ্ততে চলচলীয়া হৈ পৰিল তাৰ চকু।

 মই নিয়ৰক সুধিলোঁ কেনেকৈ আৰু কেতিয়া কি হ’ল বুলি৷ সি ক'লে— মই মাক ফটোতহে দেখিছোঁ, মোক জন্ম দিয়েই ঢুকাইছিল।

 ‘কি?' মোৰ আচৰিত হোৱাৰ পাল। কেতিয়াও এবাৰো কোৱা নাছিলা তুমি নৈঋত। কিন্তু কিয়? এইটো মোৰ বাবে ডাঙৰ প্ৰশ্ন। পত্নীহাৰা নৈঋতৰ পত্নী হোৱাৰ অধিকাৰকণো মোৰ নাছিল নে? অভিমানত নাকৰ পাহিবোৰ ফুলি আহিল। বহুদিনৰ মূৰত তোমাৰ কথাই মোৰ চকুলো উলিয়ালে। মই অন্ততঃ সেই সময়খিনি সঁচা বুলি ভাবিয়েই মোৰ অস্থিৰতা কমাইছিলোঁ। এতিয়া ভাবিছোঁ, কিমান মিছা আছিল সঁচা যেন লগা সেই সময়বোৰ। তুমি মোৰ লগত অভিনয় কৰিছিলা নৈঋত। কিন্তু কিয়? নিয়ৰে মোলৈ একেথৰে চাই ৰৈছিল। তোমাৰ দৰেই চাৱনি তাৰ।

 মই সুধিলোঁ—‘তোমাৰ পঢ়া-শুনা কেনে চলিছে নিয়ৰ? তুমি মোৰ ওচৰলৈ ইমানকৈ আহি থাকিলে [ ৯২ ] তোমাৰ পঢ়াত ব্যাঘাত জন্মিব দেখোন।’

 ‘মন বহাব পৰা নাই ম্যাডাম’— নিয়ৰে লাহেকৈ ক’লে।

 ‘কিয়? কিহৰ বাবে। এতিয়া তোমাৰ পঢ়াৰ সময়। বেলেগ কামত মনোনিবেশ নকৰিবা’— মই উপদেশ দিলোঁ তাক।’

 মই বুজি পাইছোঁ ম্যাডাম, কিন্তু মনটোক বুজাব পৰা নাই ম্যাডাম। মই দেউতাৰ কষ্ট সহ্য কৰিব পৰা নাই।—নিয়ৰে ক’লে।

 “কি হৈছে দেউতাৰ?” — মই সুধিলোঁ৷

 একো নক’লে সি। তাৰ উদাৰ মুখখনলৈ চাই পঠিয়ালোঁ। মোক আদৰ্শ হিচাপে লোৱা ল’ৰাটো মোৰ দৰেই সংবেদনশীল। তাৰ চকু চলচলীয়া। মোৰো চকুযোৰ ভৰি আহিল। এই যেন মাতৃহীনা ল’ৰাটোক মই অলপ মৰম কৰি দিম, চুলিখিনিত আঙুলি বুলাই দিম। তোমাৰ কথা মনত পৰিল নৈঋত।

 তোমাকো বৰ মৰম কৰিবলৈ বিচাৰিছিলোঁ। বুকুৰ মাজত ইমানবোৰ মৰম তোমালৈকে থৈ দিলোঁ। কাকো নিদিলোঁ। অথচ তুমিও নুবুজিলা।

 নিয়ৰ গ’লগৈ। তাৰ চলচলীয়া চকুৰে তোমাৰ দুখবোৰ মোৰ বুকুলৈকে বোঁৱাই আনিলে। সময়ৰ অংকবোৰ বৰ খেলিমেলি হৈ গ'ল। মোৰ ভুল নাছিল। তোমাৰো ভুল নাছিল বুলি চাগৈ তুমি ভাবা। তেন্তে বিচ্যুতি বিন্দুটো ক’ত আছিল আমাৰ নৈঋত?

 অৰণ্যালৈ মনত পৰিল প্ৰবলভাৱে। কণমাণিজনীক লাগে মোক। তাইৰ কক্ষপথতে মই ঘূৰি আছোঁ। এই পথতে তাই বিকিৰণ কৰা শক্তি পাওঁ।

 ইকবাল, অৰণ্যাক লৈ আনা, বৰ মিছ কৰিছোঁ তাইক।–ইকবালক অনুৰোধ কৰিলোঁ। তাইৰ কণমানি হাত দুখনে মোক কিমানবাৰ সাৱটি ধৰিব ঠিক নাই। তলপেটত দাগ এটা ৰৈ গৈছে। তাই দেখিলে কিমানবাৰ যে মলম সানিবঙ্গ

 নিয়ৰে মোৰ পৰা সময় বিচাৰিছে। কিবা ক’বলগীয়া আছে হেনো। তোমাৰ কথা ক’ব। কি কথা ক'ব! মই জনা কথাবোৰ ক’ব? নাই নাই, মই প্ৰস্তুত নহওঁ তোমাৰ বিষয়ে একোকে শুনিবলৈ? মোৰ স্থিৰ হৈ ৰোৱা পানীখিনিত শিলগুটি এটা দলিয়াই নিদিবা নৈঋত। নিয়ৰক কেনেকৈ বুজাওঁ মই নৈঋত?

-ছায়া

□□

(৪৯)

নৈঋত তোমালৈ বুলি....

 বেডৰূমৰ ডাঙৰ বিছনাখনৰ একোণত গাৰুত ভেজাদি মই আৰু ভৰিৰ পথানত নিয়ৰ। দুয়ো বহি আছোঁ। মাজত এলানি মৌনতাৰ সমদল। অথচ দুয়োৰে বুকুখন অস্থিৰ। তাৰ ক’বলগীয়া কথাবোৰ আৰু মই শুনিবলগীয়া কথাবোৰে মৌনতাৰ জাল ফালিবলৈ অহৰহ চেষ্টা চলাই আহিছে।

 অৰণ্যা দৌৰি সোমাই আহিল। আহিয়েই মোক চুমা এটা খাই নিয়ৰৰ কোলাত বহি ল’লে। 'মাম্মাক দিগদাৰ নিদিওঁ, মাম্মাই দুখ পাব’—তাইৰ যুক্তি।

 মুখলৈ হাঁহি এটা আনি আঁৰ চকুৰে দুয়োটালৈ চালোঁ। নিয়ৰ আৰু অৰণ্যা—দুয়োটাৰে চকুযোৰ ইমান একে। কোনেও নাজানিলেও মই অন্ততঃ জানো এই দুযোৰ চকুৰ সত্যতা। নিয়ৰে জানিলে বাৰু কি বুলি ভাবিব মোক সি কোনোদিনে মোৰ আৰু অৰণ্যাৰ মাজৰ যোগসূত্ৰটো জানিবলৈ বিচৰা নাই। অৱশ্যে মোৰ ব্যক্তিগত [ ৯৩ ] জীৱনত প্ৰৱেশ কৰিব পৰা সম্পৰ্কও আমাৰ নহয়। কিন্তু যোৱাবাৰ মোৰ খবৰ ল’বলৈ আহি সি যে অস্থিৰতাৰ টোপোলা এটা মোৰ ওচৰত এৰি থৈ গৈছিল, তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ যে টোপোলাটো মই খুলিম। তাৰ গাত তোমাৰ শোণিত বহ্নিমান কাৰণেই মোৰ কি এই সিদ্ধান্ত? নহয়? সেইটোৱে প্ৰধান কাৰণ নহয়। মই এনেয়েও এইচাম ল’ৰা-ছোৱালীৰ মানসিক স্থিতি সম্পৰ্কে সচেতন। মোৰ ওচৰলৈ হতাশগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকল আহে, সমিধান বিচাৰে। মোৰ চৌবিশ ঘণ্টাৰ অলপমান সময় তেওঁলোকৰ বাবে আছুটীয়াকৈ থৈ দিওঁ। ভূপেন হাজৰিকাই গাইছিল—

দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি?

 হয়, তেওঁলোকক অলপমান সময় আৰু সাহস দিয়াৰ বিনিময়ত মই একোকে নেহেৰুৱাও।

 নিয়ৰহঁতৰ বয়সত ল’ৰা-ছোৱালীবিলাক অলপ হতাশ হৈ পৰে। তাৰ বিভিন্ন কাৰণ হ’ব পাৰে। পঢ়া-শুনাৰ প্ৰতি মাত্ৰাধিক হেঁচা, বস্তুবাদী পৰিৱেশ, প্ৰতিযোগিতামূলক পৃথিৱী আৰু উপভোগৰ সহজলভ্যতাই সিহঁতৰ মনৰ দাবীসমূহ পূৰণ কৰিব পৰা নাই। ফুল-তৰা-গানক লৈ ব্যস্ত হৈ থাকিবলৈ সিহঁতৰ সময়েই বা ক’ত? নিৰাশ হৈ পৰে সেয়ে। কিছুমান মোৰ ওচৰলৈ আহে। মোৰ দুটামান উপদেশে নতুবা আন্তৰিকতাই সিহঁতৰ মুখলৈ সজীৱতা আনে। সিমানখিনিয়েই কৃতিত্ব মোৰ।

 মোৰ শাৰীৰিক অৱস্থাটি সুস্থিৰ হৈছে লাহে লাহে। লাহে লাহে উঠিছোঁ, বহিছোঁ। অফিচত জইন কৰাগৈ নাই এতিয়াও। কিতাপ এখন লিখাৰ কাম আৰম্ভ কৰিছিলোঁ, সেইখনো আধাতে ৰ’ল। সেই তেতিয়াই গুৱাহাটীত যে পেটৰ বিষটো আৰম্ভ হৈছে, দিল্লীলৈ আহি ডাক্তৰক দেখুৱাৰ লগে লগে ব্যস্ত হৈ পৰিলোঁ। শৰীৰৰ অংগ এটা আঁতৰাব লগাত মই অলপ ভাগি পৰিবলৈ ওলাইছোঁ। নাৰীৰ যৌৱনৰ আটাইতকৈ মূল্যৱান সম্পদটোকে যেন মই হেৰুৱালোঁ। পিছমুহূৰ্ততে ভাবিবলৈ লৈছিলোঁ অৰণ্যাতকৈ মূল্যৱান সম্পদ এতিয়া মোৰ বাবে একোৱেই যে হ’ব নোৱাৰে।

 অৰণ্যা ব্যস্ত নিয়ৰৰ লগত ভিডিঅ’ গেম খেলাত। তাইৰ খিলখিলিয়া হাঁহিত নিয়ৰৰ মুখখনো উজ্জ্বল হৈ পৰিছে। পৰিৱেশটো এখন ভৰা ঘৰৰ দৰে লাগিল। ইমান জীৱন্ত, ইমান উমাল। নৈঋত, তোমালৈ বৰ মনত পৰিল। তুমিও যদি ইয়াতে থাকিলাহেঁতেন। আমি যে এনেকৈয়ে থাকিব পাৰিলোহেঁতেন নৈঋত। তোমাৰ অলপ সাহসৰ অভাৱে সকলো শেষ কৰি দিলে নৈঋত। তোমাৰ পত্নীৰ যদি বিয়োগ হৈছিল, তেন্তে কি বাধ্যবাধকতা আছিল তোমাৰ? কিয় পূৰ্ণ কৰিব নোৱাৰিলা আমাৰ প্ৰেমৰ হেঁপাহবোৰ? চোৱাচোন এতিয়া কি হৈ আছে? ভুগিলা দহ বছৰ, ময়ো সিমান দিনেই। আমি বাৰু ভুগিলোঁ আমাৰ পূৰ্ণতাপ্ৰাপ্ত বয়সত। কিন্তু এই সৰু ল’ৰা-ছোৱালীহাললৈ চোৱা। গোটেই জীৱন পৰি আছে সিহঁতৰ। এনেবোৰ কথাই সিহঁতৰ জীৱনটো অস্থিৰ কৰি নুতুলিবনে? সিহঁতৰ অপৈণত মনটো অসুস্থ কৰি তুলিবলৈ এনেবোৰ কথাই যথেষ্ট নহয়নে?

 বাহিৰত বৰষুণ দি আছিল। খিৰিকীৰে আছাৰকণি এছাটি আহি মজিয়া তিয়াই পেলালে। নিয়ৰে উঠি গৈ খিৰিকীখন জপাই দিলে। বৰ মৰম লাগি আহিছে ল'ৰাটোলৈ। বুকুত খোঁচা-বিন্ধা অনুভৱ এটাই সৰকি গ’ল। পাৰিলোহেঁতেন তাক মাতৃত্বৰ উম দিবলৈ। তুমি কিয় আগবাঢ়ি নাহিলা নৈঋত? সতীয়া মাকৰ ভূমিকা ল’ম বুলি ভাবিছিলা নেকি তুমি? যদি ভাবিছা তেনেদৰে, তেতিয়া হ'লে তোমাৰ ভুল নাছিল, ভুল আছিল মোৰ, নিজকে বুজাব নোৱৰাৰ ভুল। তুমি জনা নাছিলা নে নৈঋত, তুমি সম্পৰ্কীয় প্ৰতিটো ক্ষুদ্ৰাংশই মোৰ কিমান আপোন? তোমাৰ ল’ৰাটোক মই নিজৰ বুলি নাভাবিলোঁহেঁতেন নে? তোমাৰ পৰিয়ালৰ ওচৰত থিয় নিদিয়াৰ সংকল্প মোৰ পৰা তুমি আদায় কৰিছিলা আৰু তোমাৰ পত্নীৰ অধিকাৰ খৰ্ব হোৱাৰ আশংকাত মই আঁতৰি আহিছিলোঁ। আসঃ, গোটেই অংকটোৱে কিমান ভুল? এটা ভুল সমীকৰণেৰে আগুৱাই নিয়া অংকটো ভুল হোৱাটোৱেই স্বাভাৱিক। মাথোঁ এটা মিছা কথাই কিমানকেইটা জীৱন অপ্ৰাপ্তিৰে পূৰ্ণ কৰিলে, অনুভৱ কৰিবানে এবাৰলৈ নৈঋত?

 যাহ..., মনটো আকৌ কি হৈ গ’ল! জোকাৰি দিবলৈ বিচাৰিও ৰৈ দিলোঁ। আজি আকৌ কথাবোৰ ভাবিম। কথাবোৰ চিজিল লগাম। ক’ৰ পৰা আৰম্ভ হৈছিল, কত যে শেষ নোহোৱাকৈ আধাতে বাট সলালে, তাকে ভাবিম [ ৯৪ ] আজি। কাৰ অপৰিপক্কতাৰ বাবে এনে হ’ল তাকে ভাবিম আজি। এতিয়া মোৰ অফুৰন্ত সময়। ভবাৰ বাদে বেলেগ একো কাম নাই। লিখিব পাৰিলে লিখিম। নিজৰ দলিল লিখিম মই। নিজৰ কাৰণেই লিখিম মই। পাৰিলে পাঠকৰ মাজলৈও উলিয়াই দিম। পাঠকৰ দৃষ্টিৰেও বিচাৰ কৰি চাওঁ ভুল-শুদ্ধৰ দলিলখন।

 ‘বৰষুণৰ বতৰ। কফি খোৱাৰ বতৰ, লগতে পিয়াঁজৰ পকৰী।— অনা-অসমীয়া পৰিচাৰিকা গৰাকীয়ে হাঁহি হাঁহি ট্ৰেখন বিছনা সংলগ্ন সৰু টেবুলখনত থ’লে। অৰণ্যাই নিজৰ প্লেটলৈ চকু নিদিলেই। নিয়ৰৰ প্লেটৰ পৰা পকৰী লৈ খাবলৈ ধৰিলে। নিয়ৰৰ মুখখন বৰ সজীৱ যেন লাগিল। অথনি কঢ়িয়াই অনা মেঘাল চকুহালত এতিয়া ৰ’দ কণা জিলিকি আছে। অৰণ্যাৰ আচৰণবোৰেই তেনেকুৱা। তাই, মোৰ মৰমৰ মাজনী, যেন এখন দলং হৈ মোৰ জীৱনলৈ আহিল। কিমানৰ লগত যে সম্বন্ধ ৰচিছে আজিও আগতে কোনোদিন লগ নোপোৱা নিয়ৰৰ কোলাত বহি আছে। বৰ মোহনীয়া তাই। এবাৰতে মুহি লয় সকলোকে। নৈঋত, তুমি হয়তো নাজানা, তাই যে তোমাৰেই সন্তান। তুমি ইকবালৰ ঘৰত তাইক এবাৰ লগ পাইছিলা। মই সেইবাৰ তাইৰ লগত যোৱা নাছিলোঁ। ফোনৰ সিপাৰে তাইৰ মুখত তোমাৰ নাম শুনি মই উন্মাদিনী হৈ পৰিছিলোঁ। মোৰ অৰণ্যাজনীক মই হেৰুৱাৰ ভয়ে মোক বাউলী কৰি তুলিছিল। ইকবালক অনৰ্থক গালি পাৰিছিলোঁ। তাইক মোৰ ওচৰলৈ অতি সোনকালেই লৈ আহা বুলি কান্দি পেলাইছিলোঁ। মই তেতিয়া পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰমলৈ ফুৰিবলৈ গৈছিলোঁ। মই তালৈ গৈ থাকোঁ প্ৰায়েই। জীৱনৰ সন্ধান কৰিবলৈকে মই তাৰ ৰকবীচ্চৰ শিলকেইটুকৰাৰ স’তে কথা পাতোঁ। শিলৰ স’তে কথা পাতি পাইনে নৈঋত? পাতি চাবাচোন নৈঋত। তোমাৰ আৰু মোৰ দুখতকৈ হাজাৰগুণ বেছি দুখ লৈও শিলবোৰ ভাগি নপৰে। সাহসী হ’বলৈ শিকিলো শিলৰ পৰাই। এটুকুৰা এটুকুৰা শিলে মোক শিকালে জীৱনৰ মহত্ব কি।

 শিল বুলি ক'লেই বগীবিললৈ মনত পৰে নৈঋত। মোৰ ওঁঠৰ লালিমা আৰু চকুৰ কালিমা সানি লোৱা শিল টুকুৰা এতিয়াও একেদৰেই আছে নে নৈঋত? তুমি কেতিয়াবা চাবগৈ নে নৈঋত? আজিলৈকে চোৱাগৈ নাই নহয়? এতিয়া যাবা তুমি চাবলৈ, মই জানো। সেইদিনা মোৰ ওচৰলৈ আহিছিলা তুমি। অসংখ্য উত্তৰবিহীন প্ৰশ্নৰে তোমাক মই ওভোতাই পঠালোঁ। হয় নৈঋত, মই তোমাৰ আগত অভিমানৰ অচিনাকি পৰ্দাখন আঁৰি দিলোঁ। এতিয়া তুমি বগীবিললৈ যাবা, নাহৰৰ ওচৰত থিয় হ’বা, হতাশ হ’বা, শিলেৰে বুকু বান্ধি কান্দিবা। তাকেই বিচাৰিছিলোঁ নে মই? হয় মই তাকেই বিচাৰিছিলোঁ। নীৰৱে প্ৰতিশোধ ল’বলৈ বিচাৰিছিলোঁ। প্ৰেমৰ প্ৰতিশোধ কি মাহাত্ম্যঙ্গ তোমাৰ হতাশগ্ৰস্ত মুখত ময়ো হতাশ হওঁ, তোমাৰ বুকুৰ কাঁইটত ময়ো খোঁচ খাওঁ, তোমাৰ চকুৰ অসহায় চাৱনিত ময়ো অসহায় হৈ ৰওঁ।

 হীৰুদাই যে কৈছিল—

“ইমান অলপতে বিচলিত হলে
তোমাৰ বাৰু কেনেকৈ চলে?
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।

 বিচলিত নহ’বা নৈঋত। ভাগি নপৰিবা। চকুৰ কোণটো জিলিকি উঠিল। নিয়ৰৰ কথাবোৰ মোৰ শুনা নহ’ল। নিয়ৰৰে কোৱা নহ'ল। কোৱাৰ পৰিৱেশে নাইকিয়া হৈ গ’ল। অৰণ্যাই গাই আছে—“ৰিঙা ৰিঙা ৰ’জেচ, পকেট ফুল অৱ প’জেচ...।

 সন্ধ্যা ভাগিল। আধৰুৱা কথাৰ পাক সামৰি তাক যাবলৈ ক'লোঁ। সিও যাবলৈ ওলাল। যাওঁতে সি পেকেট এটা এৰি থৈ গ’ল।

 ‘এইটো আপোনাৰ বাবে’– বুলি কৈ যাবলৈ নাপাহৰিলে সি৷

 গ’লগৈ সি৷ পেকেটটো খুলি চালোঁ। ডায়েৰী এখন। বহু পুৰণি। ১৯৯০ চনৰ। নৈঋত তোমাৰ।

—তোমাৰ ছায়া

□□

[ ৯৫ ]

(৫০)

নৈঋত তোমালৈ বুলি...

 ৰাতি বাৰ বাজিল। অৰণ্যা শুলে। বিচনাৰ কাষৰ টেবুল লেম্পটো জ্বলি আছে। তাতে পৰি আছে নীলা ডায়েৰীখন। নিয়ৰে দি থৈ যোৱা ডায়েৰীখন। কি লিখা আছে তাত? তোমাৰ ডায়েৰী লিখাৰ অভ্যাসটোৰ কথা গম পোৱা নাছিলো নৈঋত। তোমাৰ যে কিমান কথাই গম পোৱা নাছিলোঁ! এটা অচিন বৃত্তৰ মাজতে তুমি নিজকে আবদ্ধ কৰি ৰাখিলা। মইনজনাকৈ এটা ব্যৱধান ৰাখি সম্পৰ্কটো বজাই ৰাখিলা। সেই সময়খিনিত তুমি মোক তোমাৰ পত্নীৰ কথা এবাৰলৈয়ো জানিবলৈ নিদিলা। আচৰিত হৈছোঁ নৈঋত। সেইকণ স্বচ্ছতা নথকা সম্পৰ্ক লৈয়ে মই মোৰ জীৱনৰ কেঁকুৰি সলনি কৰিলোঁনে নৈঋত? মোৰ স্থিৰ পানীখিনিত তুমি আকৌ শিলগুটি দলিয়াই নিদিলেও হ’লহেঁতেন।

 ডায়েৰীখন মেলিয়েই দুৰ্বল হৈ পৰিছোঁ মই। তোমাৰ অনুভৱৰ খোজত লয় দিয়েই মই এইখিনি পালোঁহি। জীৱনৰ কঠোৰতম সময় পাৰ কৰি মই আজি এই বিন্দুত উপনীত হৈছোঁ। তথাপি যে কিমান কথা অকথিত ৰূপত ৰৈ গ’ল।

 কি লিখা আছিল ডায়েৰীখনত? পৃষ্ঠা লুটিয়াইছিলোঁ অলক্ষিতে..

 তেতিয়া তুমি মাথোঁ একৈশ বছৰীয়া। তোমাৰ স্নাতকৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল সিদিনা। সৰুতেই পথ দুৰ্ঘটনাত মা-দেউতাক হেৰুৱাই অনাথ হৈ পৰিছিলা তুমি আৰু তোমাৰ একমাত্ৰ ভনীজনী। অলক খুড়াৰ ঘৰত ডাঙৰ হৈছিলা তোমালোক। কিন্তু গাভৰু ভনীজনীৰ ওপৰত পৰা খুড়া নামৰ লম্পটটোৰ লোলুপ দৃষ্টিয়ে তোমাক সেইখন ঘৰৰ পৰা আঁতৰিবলৈ চিন্তা কৰোৱাইছিল।

 উসঃ নৈঋত! কি পৰিস্থিতিত তুমি জীৱন কটাইছিলা, সেয়া মই কিয় জানিবলৈ বিচৰা নাছিলোঁ নৈঋত? তোমাৰ কঠিন অতীতটোৰ বিষয়ে মোক অৱগত কৰাব লাগিছিল বুলি তুমি অনুভৱ নকৰিলা নে? মোৰো দেউতা নাছিল, কিন্তু মা আৰু দাদাৰ মৰমে মোক সেই অভাৱ অনুভৱ কৰিবলৈ নিদিলে। সেইকাৰণেই চাগৈ মোক এইবোৰ কোৱা যোগ্য বুলি নাভাবিলা, নহয় নে নৈঋত?

 অজানিতে আঙুলিটোৱে পৃষ্ঠাবোৰ লুটিয়াই গৈছিল। স্নাতক হৈয়েই চাকৰিৰ সন্ধানত নামিছিলা তুমি। এটা চৰ্তত তুমি চাকৰিও পাইছিল। কোম্পানীৰ মালিকৰ জীয়েৰৰ সৈতে বিয়াৰ চৰ্ত আছিল সেইটো। মানি লৈছিলা তুমি। কাৰণ সেই সময়ত অলক খুড়াৰ ঘৰৰ পৰা আঁতৰিবলৈ ইয়াতকৈ বেলেগ উপায়ে যে নাছিল।

 *  *  *  *

 হুমুনিয়াহ এটাৰে ডায়েৰীখন জপাই থ’লোঁ। সেই ষোল্লবছৰীয়া ভনীয়েকৰ স্বাৰ্থত একৈশবছৰীয়া ল’ৰাজনে নিজৰ ইচ্ছা-অনিচ্ছা জলাঞ্জলি দিয়াৰ কাহিনীটোৱে যেন মোৰ মনৰ গহন বনখনতহে ধুমুহাৰ সৃষ্টি কৰিলে। তেনেই তচ্‌ নচ্‌ হৈ পৰিল অন্তৰৰ অন্তেষপুৰ।

 এনে হোৱাৰতো কথা নাছিল নৈঋত। কথা আছিল, বিপৰীতমুখী ৰাস্তাটোৰে গৈ থাকোতে পুনৰবাৰ উভটি নোচোৱাৰ। কথা আছিল, নাহৰৰ নিৰিবিলি ছাঁত তোমাক অকলে এৰি অহাৰ। কথা আছিল, সোণাৰুৰ ৰাস্তাত পুনৰবাৰ ভৰি নিদিয়াৰ।

 ছেহ! কিবোৰ যে ভাবি আছে। তোমাৰ জীৱনৰ দুটুকুৰা দস্তাবেজ পঢ়িয়েই মই দুৰ্বল হৈ পৰিম নে? অৰণ্যালৈ চালোঁ। মোৰ জিউ। মোৰ মৰমত বন্দী তাই। অৰণ্যাৰ চুলিখিনিত হাত বুলাই দিলোঁ। নিয়ৰো হয়তো হোষ্টেলৰ বিচনাত নিদ্ৰাৰত। নৈঋত তুমি? তুমি ঠিকেই আছানে নৈঋত?

আকৌ এটা হুমুনিয়াহৰ জন্ম হ’ল। অজানিতে।

   — তোমাৰ ছায়া। [ ৯৬ ]

□□


(৫১)

নৈঋত তোমালৈ বুলি....

 ৰাতি দুই বাজিল।বৰষুণ কমিছে। সাৰে আছোঁ মই। মোৰ ওচৰত অৰণ্যা। নিদ্ৰাৰত। মই শুব লাগিছিল যদিও টোপনি ধৰা নাই। আঙুলিটোৱে আকৌ পৃষ্ঠা লুটিয়ালে। তোমাৰ জীৱনৰ তাল হেৰুৱাই পেলোৱা পৃষ্ঠাটো মেলি লৈছোঁ নৈঋত। চাকৰি এটা যোগাৰ কৰি যে তুমি খুড়াৰ ঘৰলৈ ঢাপলি মেলিছিলা। উদ্দেশ্য আছিল মৰমৰ ভনীজনীৰ সৈতে ভাড়াঘৰত থিতাপি লোৱা।

 কিন্তু! [ ৯৭ ]  কিন্তু!

 ভনীজনী যে ৰৈ নাথাকিল তােমাৰ বাবে। বগা কাপােৰেৰে ঢাকি থােৱা ভনীজনীৰ কাষত বহি তুমি একো ফুটকে নাপালা নৈঋত। অন্তঃসত্বা আছিল তাই। গাঁৱলীয়া ঔষধেৰে বলপূর্বক গর্ভপাতৰ চেষ্টা চলােৱাত অধিক ৰক্তক্ষৰণ হৈ তাই মৃত্যুমুখত পৰিল।

 এহাতে চাকৰিৰ যােগদান পত্র, আনহাতত নৱ বিবাহিতা পত্নী আৰু কান্ধত মৰমৰ ভনীজনীৰ মৃতদেহ। যিমান হিয়াঢাকুৰি কান্দিও ভন্টীক ঘূৰাই আনিব নােৱাৰিলা নৈঋত। সেই ৰাস্তাৰ পৰা তুমি আঁতৰি আহিলা। খুড়াৰ ঘৰখন তুমি তােমাৰ ভূগােলৰ পৰা আঁতৰাই দিলা।

 * *  *  *

 শিল পৰা কপৌৰ দৰে থৰ হৈ ৰৈছোঁ নৈঋত। কোনােদিনে নেদেখা ষােল্ল বছৰীয়া ছােৱালীজনীয়ে মােক কন্দুৱাই আছে। ছােৱালীজনী লাহে লাহে সৰু হ’ল। ফুটফুটিয়া ফ্রক এটা পিন্ধি তাই গান গালে। চকুপানীখিনি মােহাৰি চালোঁ এইজনী দেখােন মােৰ অৰণ্যা। মােৰ মৰমৰ মাজত ডুব গৈ থকা জীউজনীওটো এদিন ডাঙৰ হ’ব। বহুত সপােনৰ মাজত ডুবাই ৰখা মােৰ জীজনীৰ দৰে তায়াে চাগে এদিন মাকৰ বুকুত এনেকৈয়ে সােমাই আছিল। চেপি থােৱা কান্দোনটোৱে এইবাৰ শব্দ পালে, গতি ল'লে, বানৰ ৰূপ ল'লে, ভূমিকম্পৰ দৰে জোকাৰণি হ’লসেই জোকাৰণিত বিধ্বস্ত হৈ পৰিল মােৰ মনৰ বিভূতি-বৈভৱ।

 অলপ দেৰিৰ পাছত সুস্থ হ’লোঁ। পানী এগিলাচ খাই ল’লোঁ। নিজকে চম্ভালি আকৌ পৃষ্ঠা লুটিয়ালোঁ।

 ৰাধা আহিল তােমাৰ জীৱনলৈ। লাহে লাহে চাকৰি জীৱনে আমুৱালে তােমাক। এম এ কৰাৰ ইচ্ছা এটা বুকুত নতুনকৈ গজি উঠিল। নিজৰ অৱস্থাটো টনকিয়াল কৰিবলৈ তােমাক এটা ভাল চাকৰিৰ দৰকাৰ। ৰাধাৰ দেউতাকে কৈছিল,মােৰ মাত্ৰ এজনীয়েই ছােৱালী, গােটেই সম্পত্তি তুমিয়েই পাবা। কিহৰ ইমান চিন্তা কৰিছা? ইয়াৰ পৰা ওলাই যাব লাগে কিয়?

 তােমাৰ পুৰুষত্বত আঘাত হানি তেওঁ প্ৰায়েই কৈছিল কথাষাৰ। বুজি উঠিছিলা তুমি, তেওঁ নিজৰমতে চলাবলৈ তােমাতকৈ বাধ্য জোঁৱাই হয়তাে দ্বিতীয় এজন নাপালেহেঁতেন। তুমিও গৰজি উঠিলা এইবাৰ। ৰাধাক কিছু কঠোৰভাৱেই ক’লা, ‘মই বেলেগ চাকৰি বিচাৰিম। তােমাৰ ঘৰৰ সম্পত্তি যাতে মােৰ নামলৈ নাহে সেই কথাটো দেউতাৰাক বুজাই দিবা।'

 শহুৰ আৰু তােমাৰ মাজত হিম-শীতল যুদ্ধ এখন সিদিনাই আৰম্ভ হ’ল। তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হােষ্টেললৈ গুচি আহিলা। ৰাধা তেতিয়া দেউতাকৰ ঘৰত। লাহেকৈ জীৱনটো চিজিল লাগিছিল তােমাৰ। এম এ পাছ কৰাৰ পাছতে বিভাগীয়  মুৰব্বী ছাৰে খালী হৈ থকা অস্থায়ী প্রৱক্তাৰ পদত আৱেদন কৰিবলৈ ক’লে। লগতে গৱেষণাৰ কামতাে আগবাঢ়িবলৈ পৰামর্শ দিলে। নিঃসন্দেহে সেয়া আছিল ভাল পৰামর্শ।

 সময়বােৰে গতি লৈছিল। জীৱনৰ এখিনি কঠিন সময়ৰ পাছত দুটা ভাল খবৰে তােমাক সম্ভাষণ জনাইছিল। প্রথমটো, চাকৰিৰ স্থায়িত্ব আৰু দ্বিতীয়টো, তােমালােকৰ যুগ্ম জীৱনলৈ এটি কণমানিৰ আগমনৰ বতৰা।

 তােমাৰ ডায়েৰীৰ পৃষ্ঠাবােৰ যেন কণমানি এটি কল্ কলনিৰে মুখৰ হৈ উঠিল। নিয়ৰৰ মুখখন মনলৈ আহিল। তােমাৰ প্ৰাণৰ নিয়ৰ। মােৰ মৰমৰ নিয়ৰ।

   ⸺তােমাৰ ছায়া

□□

[ ৯৮ ]

(৫২)

নৈঋত তোমালৈ বুলি....

 দুঃচিন্তাই গ্ৰাস কৰিছিল তোমাক। সন্তানসম্ভৱা ৰাধাৰ শৰীৰত জটিলতাই দেখা দিছিল। ভৰি দুখন ফুলা দেখি ডাক্তৰৰ লগত আলোচনা কৰিছিল। বহুত কিবাকিবি পৰীক্ষা কৰাৰ পাছত তোমাৰ পত্নীৰ তেজত এক বংশগত বিসংগতি ধৰা পৰিল। হয়, ‘চিকল চেল ডিজিজ’ত আক্ৰান্ত আছিল তেওঁ।

 এইখিনি পঢ়ি মূৰটো আছন্দ্ৰাই কৰিলে নৈঋত, ইমানেই সহজ নে মৃত্যু! যাওঁ বুলিয়েই গুচি গ’ল তেওঁ। তোমালৈ থৈ গ’ল এটি কণমানি দেৱশিশু৷ আৰু দি থৈ গ’ল এখন আইনী যুদ্ধ। শহুৰৰ ঘৰৰ পৰা দিয়া মোকদৰ্মাৰ লগত এঘড়ী যুঁজ। তুমি হেনো ৰাধাৰ ওপৰত নিৰ্যাতন চলাইছিলা। নিয়ৰক লৈয়ো টনা-টনি চলিল বেচ কিছুদিন। শাহু-শহুৰে কোনোপধ্যেই নিয়ৰক তোমাৰ ওচৰত ৰাখিবলৈ এৰি নিদিয়ে আৰু তুমিও কোনোপধ্যে নিয়ৰক তেওঁলোকৰ ওচৰত বিক্ৰী কৰিব নোৱাৰা। এইটো ল’ৰা তোমাৰ অংগৰ টুকুৰা, তোমাৰ তেজ, তোমাৰ গৌৰৱ, তোমাৰ অহংকাৰ, তোমাৰ বীজ। হাজাৰ প্ৰতিকূলতাৰ মাজতো সি তোমাৰ ওচৰত ৰৈ গৈছিল।

 কণমানি নিয়ৰৰ মুখত গাখীৰৰ বটল গুজি দি তুমি ৰাধাৰ ছবিৰ ওচৰত থিয় হৈ অভিযোগ তোলা, “তুমি বাৰু সুখী নাছিলা নেকি ৰাধা? ইমান সোনকালে গুচি যাবলৈ কিহৰ ইমান জৰুৰী কাম ওলাল ৰাধা?”

 তুমি পুৰুষ। দুখ লাগিলেও দুখবোৰ চকুৰ জেওৰা পাৰ হ’বলৈ নিদিয়া তুমি। তথাপি জীৱনৰ নিচাই পাইছিল তোমাক। হাৰি হাৰি জী থকাৰ উন্মাদনাত তুমি নিয়ৰক সাৱটি পাৰ কৰিছিলা।

 সেয়া আছিল তোমাৰ ভগ্নীৰ অপমৃত্যুৰ কৰুণ গাথা, সেয়া আছিল তোমাৰ পত্নীৰ কৰুণ সমাপ্তি। চলচলীয়া হৈ পৰা চকুযোৰে নিজকে বুজাই ল’লে, “ওঁহো নৈঋতে দেখোন কেতিয়াও চকুৰ জেওৰা পাৰ হ’বলৈ দিয়া নাছিল, তই কিয় ওফন্দি উঠ বাৰে বাৰে?”হাজাৰ দুখতো ভাগি নপৰা তোমাৰ ভিতৰৰ নৈঋতজন পিছলৈ ঈশ্বৰ বিদ্বেষী হৈ [ ৯৯ ] পৰিছিল। স্বাভাৱিক। কিন্তু মোক কিয় এবাৰলৈও নজনালা নৈঋত? তোমাৰ কাষত ৰৈ যাব পৰাকৈ মোক কিয় যোগ্য কৰি নুতুলিলা নৈঋত?

 কষ্টবোৰ অকলে পান কৰিলা। মোলৈ সুখ ছটিয়াই ছটিয়াই দুখবোৰ গিলি থ’লা। ঊসঃ! এনে লাগিছে যেন এতিয়াই গৈ তোমাৰ কাষত থিয় দিম। কমগৈ মই, চোৱা নৈঋত, সেইটো পূৰ্বজন্ম বুলি ভাবি লোৱা, আমি নতুন জীৱন আৰম্ভ কৰোঁ। এই যেন তোমাৰ কষ্টবোৰ আজুৰি আনিম, আধা-আধা কৰিম দুখবোৰ আৰু যোগাত্মক সংখ্যাৰে পূৰণ কৰিম মৰম ভালপোৱা, বিশ্বাস, বুজাবুজি ইত্যাদি ইত্যাদি।

 ইসঃ! কিবোৰ যে ভাবিছোঁ মই। এতিয়া কেনেকৈ সম্ভৱ, কেনেকৈ সম্ভৱ? তোমাৰ ভৰিতো শিকলি, মোৰ ভৰিতো শিকলি। বাস্তৱৰ ঘৰ্ষণত পূৰ্ণতাৰ ৰূপ ল'ব নোৱাৰা অপূৰ্ণ সপোনবোৰ আকৌ গজালি মেলাটো সম্ভৱ জানো? ভাবিব নোৱাৰোঁ নৈঋত। তুমি কিয় মোক এবাৰলৈও নজনালা নৈঋত? এই প্ৰশ্নই হয়তো মোৰ জীৱনৰ বাকীখিনি সময়ত এপাত শেল হৈ অহৰহ বিন্ধি থাকিব। মই বাৰু সিমানখিনিৰো যোগ্য নাছিলোঁনে নৈঋত?

 পুৱা চাৰি বাজিল। বাহিৰত এতিয়াও আন্ধাৰ। বৰষুণ নাই যদিও সেমেকা ভাব এটাই ঠাণ্ডা অলপ কঢ়িয়াই আনিলে। হাতত খুলি লৈছোঁ তোমাৰ অতীতৰ কিছু বন্ধ অধ্যায়। পাত পাত কৈ মেলি গৈছো অলিখিত অনুভৱবোৰ। কান্দিছোঁ, ভাগি পৰিছোঁ, অভিমানবোৰ আঙুলিৰ ফাঁকেৰে বালি সৰকাদি সৰকিব ধৰিছে। জীৱনৰ কঠোৰতম মুহূৰ্তত যেন আজি উপস্থিত হৈছোঁহি। পৃষ্ঠা লুটিয়ালোঁ।

 নিয়ৰ ডাঙৰ হৈ আহিছিল। নতুন নতুন কথা কিছুমান সুধিবলৈ লৈছিল। কিছুমান কথা কথা নহয় যেন এপাট শানিত অস্ত্ৰহে। স্কুলৰ ল’ৰা-ছোৱালীৰ স’তে মাকবোৰক দেখি সিও ঠেন ঠেন কৰিবলৈ লৈছিল। কেনেকৈ পূৰোৱা যায় আবদাৰসমূহ? নাৰীয়ে যে অকলে জীৱন কটাব পাৰে, পুৰুষে কিয় ভাগি পৰে? তুমি ভাগি পৰিছিলা নৈঋত। তেনে সময়তে পিছদুৱাৰেদি চুচুক চামাককৈ সোমাই আহিছিলোঁ মই।

 মনত আছে নে সেই সময়বোৰ নৈঋত? তুমি ডায়েৰীত টুকি যোৱা সেই নতুন অনুভৱৰ ক্ষণবোৰ তোমাৰ এতিয়াও মনত পৰেনে নৈঋত?

 বিশ্ববিদ্যালয় সপ্তাহ চলি থকাক কাৰণে ব্যস্ত হৈ থাকিব লগা হৈছিল। এফালে ঘৰত মাতৃহীনা নিয়ৰৰ আবদাৰ। তাৰ মাজতেই সপোনৰ মুকুল এটা অংকুৰিত হ’ল। বিশ্ববিদ্যালয়ৰে এজনী ছাত্ৰীয়ে গুজি যোৱা সেই বীজৰ অংকুৰণ।

 শিহৰণৰ যেন অন্য এটি নাম তাই। তাইৰ নাম ছায়া। তাইৰ চকুজুৰিয়ে তোমাক ৰাতিও ভালকৈ শুবলৈ নিদিয়ে। চকুযোৰে যেন খিৰিকীৰে চাই আছে, এবাৰ আহি বিছনাখনত বহি লৈছে। কি সুদীপ্তা সেই নাৰী...কি মায়া তাইৰ চকুত....গভীৰতাত ডুব গৈছিলা তুমি বাৰে বাৰে...। নাহৰুৱা পথত, লাইব্ৰেৰী ৰূমত য’তেই লগ পোৱা তুমি আঁৰ চকুৰে চাই থাকা তাইলৈ। আৰু ধৰাও পৰি যোৱা। এনে লাগে যেন দুয়ো-দুয়োৰে বহু পুৰণি চিনাকী।

 সঁচাই কিছুমান মানুহৰ লগত ওৰেটো জীৱন থাকিলেও চিনি পোৱা নাযায়, কিছুমানৰ অন্তৰৰ গহন বনৰ ভাষাবোৰ এক লহমাতে বুজিব ল’ব পাৰি, যেন কোনোবা মৌলৱীয়ে কোৰাণৰ আয়াত পঢ়াৰ দৰে সলসলীয়াকৈ পঢ়িহে গৈছিল......তাইক ধুনীয়া দেখিছিলা তুমি, কেৱল শৰীৰেৰে নহয়, মনৰে ধুনীয়া....তাইৰ চকুতো প্ৰেমাৱেগে ভগবগ কৰি আছিল.....জীৱনৰ প্ৰতি যেন দুৰ্বাৰ বাসনা তাইৰ.. এদিন তোমাৰ চকুৱে চকুৱে পৰাত তাই যে হাঁহি হাঁহি বাইকৰ ড্ৰাইভিং ছিটৰ পৰা নামি আহিছিল।

 আৰু ওচৰলৈ আহি কৈছিল,“আৰু বেছিদিন ইয়াত নাথাকো ছাৰ। চাকৰি বিচাৰিবলৈ বাহিৰলৈ যামগৈ।”

 বিদায় লৈছিল তাই। অযুত সপোনেৰে বিদেশৰ মাটিত জীৱন গঢ়াৰ অৰ্থৰে তাইৰ এই বিদায়।

 তাৰ পিছত আকৌ কিবা এটা শূন্যতা। একো নোপোৱাকৈ কিবা এটা যেন হেৰুৱালা। যেন কাষে কাষে বাজি ৰোৱা মধুৰ গুঞ্জনখিনি হঠাতে দূৰলৈ গুচি
গ'ল। নিতাল নিস্তব্ধ হৈ পৰিল ৰাতিবোৰ। নৈঃশব্দত ডুব গৈছিল বিশ্ববিদ্যালয়ৰ শব্দবোৰ।

 আৰু এদিন তুমি ক’ব নোৱাৰাকৈয়ে তাইৰ ফোন নম্বৰটো ডায়েল কৰিলা। ফোনৰ সিপাৰত তোমাৰ বুকুৰ শূন্যতা ভৰাই ভৰাই ভাগৰি নপৰা তাইৰ উচ্ছাসভৰা মাত৷ ‘বি চি পি এল অন লাইন ডট কম” ৱেৱচাইটটো চাই চাই [ ১০০ ] তুমি কৈ উঠিছিলা,“ বি চি পি এলত মেনেইজমেন্ট ট্ৰেইনীৰ বাবে আৱেদন কৰা ছায়া।”

 মনত আছেনে নৈঋত? তোমাৰ ডায়েৰীত লিপিবদ্ধ এই সকলো কথাই মোৰ মনত আছে।

 আচৰিত কথা, তোমাৰ সেই একাষাৰ কথাৰ ওপৰত ভেঁজা দি তাইজনীয়ে জীৱনৰ সুঁতি সলনি কৰাৰ সিদ্ধান্ত ল’লে। সময়বোৰ যেন ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত দৌৰিবলৈ আৰম্ভ কৰিলে। ৰাতিবোৰ চঞ্চল হৈ পৰিছিল।

 এক অনামী লাজ বৈ আহিল বুকুলৈ। ময়ো যেন ইমান দেৰি তাতেই আছিলোঁ। নাহৰৰ তলত, সোণাৰুৱা ৰাস্তাত, কফি হাউচত। এই যেন চাহ বাগানৰ নিজান ৰাস্তাত শাৰীৰ আঁচল উৰুৱাই মই, একে গতিতে হাতত হাত ধৰি তুমি নৈঋত। হয় নৈঋত, তুমি মোৰ প্ৰথম প্ৰেম, ময়ো তোমাৰ প্ৰথম প্ৰেম। আমি যেন ৰাতিপুৱাৰ আকাশত উৰি ফুৰা শৰালিৰ যোৰাহে। আমাক নৱবিবাহিত বুলি ভাবি বাগানৰ মিনিহঁতৰ মধুৰ চাৱনি,“বাবু বাবুনী ভালে আছ?” বুলি চিনাকী সুৰ-মাত। চকুৰ কোণটো এনেয়ে জিলিকি উঠিল, ওঁঠৰ কোণেৰে মিহি হাঁহি এটি বিৰিঙি আহিল। জীৱনৰ মধুৰতম সময়ৰ স্মৃতিত চকুপানীখিনিও মিচিকিয়াই উঠিল।

 এচেৰেঙা কোমল ৰ'দে আগৰাতিৰ বৰষুণজাকক বিদায় জনালে। পুৱা তেতিয়া সাত বাজিছিল।

— তোমাৰ ছায়া

□□

(৫৩)

নৈঋত তোমালৈ বুলি...

  সুখৰ ৰাতিবোৰ ক্ষণস্থায়ী, দুখৰ ৰাতি নাযায়-নুপুৱায়। কোনো অখ্যাত কবিৰ ভাষ্য এয়া। কালি ডায়েৰীৰ বহু নজনা অধ্যায় মুকলি হোৱাৰ পাছত মই আজি আকৌ বৰপেৰাৰ চিঠিবোৰ উলিয়াই ল'লোঁ। সূদীৰ্ঘ পাঁচবছৰৰ মূৰত ঠিকনাবিহীনতাৰ অভাৱত কোঁচ-মোচ খাই চুকত পৰি থকা চিঠিবোৰ মোৰ হাতৰ পৰশ পাই এঙামুৰি দি উঠিল। এখন এখনকৈ চিঠিবোৰ পঢ়িলোঁ, খংবোৰ উজাই আহিল, অভিমানবোৰ অসীমত ই মুখ ওন্দোলাই বহি ৰ’ল। তুমি যে মোৰ পৰা আঁতৰি আহিছিলা, যিমান যি হ’লেও এই দুখবোধে মোৰ পিছ নেৰে। জানানে নৈঋত, এই কথাটোৱেই গোটেই জীৱন মোক আমনি কৰি থাকিবলৈ যথেষ্ট। ঠিকনাবিহীন মোৰ নিজৰে আৱেগ ভৰা চিঠিবোৰ পঢ়াৰ পাছত তোমাৰ ডায়েৰীখন পঢ়াৰ সমূলি ইচ্ছা নগ’ল। জানোচা ডায়েৰীৰ পাতত সোমাই থকা অব্যক্ত অনুভূতিখিনিয়ে মোৰ অতদিনৰ ভালপোৱাবোৰ কৰ্পূৰৰ দৰে উৰুৱাই নিয়ে।

 জীৱনৰ প্ৰথম প্ৰেমে বলিয়া কৰা তোমাৰ মৰম আকলুৱা মনটোৱে মোৰ কাষলৈ সমাজৰ বাধা নামানি ঢপলিয়াই আহিছিল। ময়ো যেন তেতিয়া প্ৰস্ফুটিত ফুলকলিটোহে। কিন্তু ইয়াৰ পিছত তুমি যি কৰিলা সেয়া কেনেকৈ পাহৰিম? মোৰ

মনৰ সৰ্বোচ্চ আসনত স্থান দিয়াৰ পাচতো তুমি যে পলাবলৈ লৈছিলা! কিয় নৈঋত কিয়? যি কাৰণেই নহওক কিয়, মই মানি ল'ব নোৱাৰিম নৈঋত। [ ১০১ ] বতৰটো আকৌ গোমা কৰি আনিলে। বৰষুণ পৰিবলৈ লৈছে এটোপ-দুটোপকৈ। বৰষুণ, গান, বিষাদ, চকুপানী, ফ্লেচবেকৰ ফিউজনত সময়বোৰ পকাই পকাই নেছা বান্ধি বৰপেৰাটোত ভৰাই গৈছে। ডায়েৰীখনো হাতত তুলি লৈছে, যদিওবা তাৰ পাছৰ বেথাবোৰ মোৰ শত্ৰু। তাৰ পিছৰ পৃষ্ঠাবোৰ মোৰ বাবে ধূসৰ, য’ত হয়তো সযতনে চাপ বহাই থোৱা আছে মোৰ অনিশ্চিত জীৱনত ভৰি দিয়াৰ প্ৰথমটো খোজ।

মেলিলোঁ পৃষ্ঠাবোৰ। সেই বাটৰ ভাঁজে ভাঁজে দৌৰি পাৰ কৰা পুৱাবোৰ মনলৈ আহিছে। তেনে এটা পুৱাতেই জগিঙৰ পৰা ঘূৰি আহোঁতে ড্ৰইং ৰূমত শহু দেউতাক দেখি তুমি উচপ খাই উঠিলা। “কিহে জোঁৱাই? ল’ৰা অকলে ঘৰত এৰি থৈ তুমি যে ৰাতিপুৱাই ষোড়শী গাভৰুৰ সান্নিধ্য ল’বলৈ ওলাই গ’লা? আইনী চুক্তিখনৰ কথা মনত আছে। নহয়? নতুনকৈ বিয়া পাতিম বুলি ভাবিছা যদি পাতি লোৱা, মাথোঁ নিয়ৰক মোৰ হাতত এৰি দিয়া।”, শহুৰ দেউতাৰ কথাৰ সুৰটোৱে তোমাৰ বুকুখনত ঘপহকৈ ঢেঁকীৰ চাব এটা মাৰি তেজীমলাৰ যাতনা দি থৈ গ’ল। বুকুখনত ভৰাই ৰখা সেন্দুৰৰ টেমাটোৰ ৰঙাখিনি তেজ হৈ বৈ আহিল। শহুৰ দেউতাই মনত পেলাই দিলে তোমাৰ আইনী চুক্তিখনৰ কথা। ৰাধাৰ মৃত্যুৰ কাৰণক অ-সহজ মৃত্যু বুলি আখ্যা দি তোমাৰ ওপৰত জাপি দিয়া আইনী যুঁজখনেও তেওঁলোকৰ পক্ষেই মাত মাতিছিল যদিও তোমাৰ প্ৰতি সহমৰ্মিতা আগবঢ়াই কেইটামান চুক্তিত নিয়ৰক তোমাৰ ওচৰত ৰখাৰ অনুমতি দিছিল। নিয়ৰক লৈ টনা-টনিকৰি থকাৰ সময়তে তুমিও সদম্ভে চহী কৰি আহিছিলা সেই চুক্তিখনৰ গোটেইকেইটা দফাত।

 সেই চুক্তিখনৰ কথা মনত পৰাৰ লগে লগেই ভাগি পৰিলা তুমি। ভন্টীৰ প্ৰতি তোমাৰ দ্বায়িত্ব পালনাৰ্থে জৰুৰী হৈ পৰা সেই সংস্থাপনটো, সেই অ-পৰিকল্পিত বিয়াখন, নিয়ৰৰ জন্ম, ৰাধাৰ মৃত্যু, আইনী যুদ্ধ, শেষত মোৰ সৈতে তোমাৰ গভীৰ প্ৰেম। দুৰ্বল হৈ পৰিলা তুমি। ফাগুনৰ ধূলিয়ৰি আকাশখনলৈ চাই চাই ভাবি থাকিলা, “ পুত্ৰ আৰু প্ৰেয়সী-দুয়োকে একেলগে পোৱাৰ সম্ভাৱনা নস্যাৎ হৈ পৰিব নেকি?”

এই যে মধুৰ সময়বোেৰ হাতৰ মুঠিৰ পৰা সৰি পৰিল আৰু পৰাজিত সৈন্যৰ দৰে হতাশাত ভাগি পৰিলা তুমি, সেই সময়তে আইনী চুক্তিখনে তোমাক পিছফালৰ পৰা টানি থাকিল। সেই দিনা শ্ৰেণীকোঠাতো তুমি মন বহাব নোৱাৰিলা। “তুমি যদি সংগ দিয়া, মই যুঁজিম ছায়া, নতুনকৈ যুঁজিম আইনৰ স’তে। আইনৰ ওচৰত উত্তৰ বিচাৰিম মোৰ প্ৰেমৰ, আইনৰ ওচৰত উত্তৰ বিচাৰিম মোৰ তেজৰ।”, অস্ফুট স্বৰেৰে যেন কৈ উঠিছিলা।

 সিদ্ধান্ত এটালৈ আহিব পাৰি তোমাৰ মনটো ফৰকাল হৈছিল। মোক ফোন কৰি গধূলি লগ কৰাৰ বতৰা দিছিলা। বহুত কথা পাতিবলৈ আছিল হেনো। ইমান দিনৰ অব্যক্ততাখিনি খুলি দিয়াৰ কথা আছিল। তেনে সময়তে ঘটিছিল অঘটনটো।

 ঘৰলৈ আহি দেখিলা, নিয়ৰক শহুৰ দেউতাই লৈ গৈছে। উদভ্ৰান্ত হৈ তুমি মোৰ ওচৰলৈ দৌৰি আহিলা। মোৰ কোলাত মূৰ গুঁজি দিলা। বহুত কথাই যে ক’বলৈ আছিল তোমাৰ মুখৰে কিন্তু এটা শব্দও নোলাল। মাথোঁ ক’লা,“ছায়া, আজি ৰাতিটো তোমাৰ ওচৰত থাকিবলৈ দিবানে?”

 মুহূৰ্ততে যে সলনি হৈ গ'ল দৃশ্যপট। থানবান হৈ পৰিল বিশ্বাসৰ ঘৰ। মই অনাহুত প্ৰশ্নৰে থকা-সৰকা কৰিলোঁ তোমাক। মোৰ দেহাৰ সান্নিধ্যৰ লোভত নৈশযাপন কৰিব বিচৰা বুলি তীব্ৰ ভাষাৰে গঞ্জনা কৰিলোঁ তোমাক। তোমাৰ ভিতৰখন মই নেদেখিলোঁ নৈঋত। মোৰ কি ভুল আছিল নৈঋত? তোমাৰ দৰে জীৱনৰ খলা-বমা দেখিছিলো নে কাহানিবা? বাৰে বাৰে মৃত্যুক কান্ধত তুলি লৈছিলোঁ নে? তোমাৰ সন্দেহ হ’ল নৈঋত। তোমাৰ জীৱনৰ কঠোৰতাত মই নিজক হেৰুৱাই পেলাম বুলি তোমাৰ সন্দেহ হ’ল। তোমাৰ জীৱনৰ বাটত পুতি থোৱা অসংখ্য হুলত মই খোজে প্ৰতি খোঁচ খাম বুলি তোমাৰ সন্দেহ হ’ল।

 জীৱনৰ কাঁইটসমূহ হেনো কিছুমান মানুহৰ বাবেহে। বৃশ্চিকৰ দংশন সহিব পৰাৰ কাৰণেই ব্ৰাহ্মণৰূপী কৰ্ণৰ প্ৰকৃত পৰিচয় গম পোৱা গৈছিল, কাৰণ সেই কষ্ট সহিব পৰা ক্ষমতা এজন ক্ষত্ৰিয়ৰ বাবেহে সম্ভৱ আছিল, ব্ৰাহ্মণৰ নাছিল। এই কষ্ট সহিবলৈকে তোমাকে হয়তো বাছনিত তুলিলে ভগৱানে। এনেকৈয়ে সহজভাৱে কিছু কথা ভাবিলা, কিছু কথা ডায়েৰীত টুকিলা।

 মই তেতিয়াও অপ্ৰকৃতিষ্ঠ হৈয়েই আছিলোঁ। আমাৰ প্ৰেমৰ শৰীৰি সংজ্ঞা উলিয়াই বলিয়া হৈ পৰিছিলো মই। [ ১০২ ] তাতোকৈ ডাঙৰ কথা, মই আমাৰ বিশ্বাসখিনিক কুঠাৰাঘাত কৰিলোঁ। তুমি মোক কোনোপধ্যে বুজাব নোৱাৰিলা যে ৰাতি মানেই জৈৱিকতা নহয়। বুজাব নোৱাৰিলা যে, মোৰ ওচৰত ৰাতি কটোৱাৰ উদ্দেশ্যত সেই বাসনা তোমাৰ তিলমাত্ৰও নাছিল। বৰষুণৰ ৰাতি সেই আস্ফালনবোৰ ধুমুহা ঢেৰেকনিৰ লগতে মিলি গৈছিল।

 তথাপি মোৰ ওপৰত তোমাৰ খং নুঠিল। তোমাৰ যেন কোনো অধিকাৰ নাছিল মোৰ দৰে ছোৱালী এজনীৰ উজ্বল-সুজ্বল সোণাৰুৱা জীৱনটো দুখেৰে কাজল ৰঙী কৰি তুলিবলৈ।

“ঘৃণাৰে পাহৰি যোৱা মোক ছায়া। তোমাৰ মানত যে মই এতিয়া এজন তৃতীয় শ্ৰেণীৰ মানসিকতাৰহে পুৰুষ।”, মোক ক’ব নোৱৰা এনেকুৱা অজস্ৰ কথা ডায়েৰীত তুমি নিৰৱে টুকি গলা।

 কিন্তু নিয়ৰক এৰিব নোৱাৰা তুমি। দেউতাৰ দায়িত্বৰ পৰা মুক্ত হ’ব নোখোজা তুমি। লগে লগে তুমি নিয়ৰৰ ওচৰলৈ গাড়ী দৌলা। বাহিৰত তেতিয়া আমাৰ প্ৰেমৰ বিশ্বাসৰ মৃত্যুত বাউলা হৈ পৰিছে দিশহাৰা ফাগুণ।

 *   *   *   *

 বাৰে বাৰে পঢ়িলো দীঘল পৃষ্ঠাটো। এবাৰ নহয়, দুৱাৰ নহয়, দহবাৰ। ভৰিৰ তলৰ মাটিখিনি লাহে লাগে উঠি আহিছে। ইমান দেৰি যে মই বেলেগ এখন জগতত বিচৰণ কৰি আছিলোঁ। ডায়েৰীখনে মোক টানি নিলে ডিব্ৰুগড়ৰ তিনিকোঠলিয়া ফ্লেটটোলৈ।

 অংকটো এইখিনিতে খেলিমেলি হৈছিল। এই খিনিতে বিশ্বাসৰ আগত বিয়োগ চিন এটা বহিছিল। কি সমস্যাত পৰি সেই নিশা মোৰ কাষত থিয় হৈছিলগৈ নৈঋত, মই নুবুজি তোমাৰ ওভতাই পঠিয়ালোঁ। উসঃ নৈঋত গোলাপৰ আঁৰৰ কাইটখিনি চকুত নপৰাৰ দৰে ময়ো ভালপোৱাৰ আঁৰৰ কষ্টখিনি নেদেখিলোঁ৷ ইমানেই অ-পৰিপক্ক আছিলোঁ নে মই?

 ৰঙা চিঞাহীৰে মই এই বিন্দুটোতে ডাঙৰকৈ ঘূৰণীয়া চিন এটা বহুৱালোঁ। আমাৰ সম্পৰ্কৰ বেমাৰটো ইয়াতেই আৰম্ভ হৈছিল। বিশ্বাসৰ সমাধি তলিত ফুলি ৰোৱা ভুল বুজাবুজিৰ আৰম্ভণি-বিন্দু এইটোৱেই যে আছিল।

⸺তোমাৰ ছায়া

□□

[ ১০৩ ]

(৫৪)

নৈঋত তোমালৈ বুলি..

 লুণীয়া চকুৰে ডায়েৰীৰ পৃষ্ঠাবোৰ চাই গৈছোঁ। লগতে মেলি লৈছোঁ তোমালৈ বুলি লিখি ৰখা মোৰ চিঠিসমূহ। ঠিকনা হেৰুৱাই পেলোৱা অসংখ্য চিঠিৰে মোৰ ট্ৰাংক ভৰ্তি হৈ আছে। ৰোমন্থনৰ পৃথিৱীত ৰৈ গৈছে মাথো ছাঁই। কিছু ছই তোমাৰ অভিমানৰ, কিছু মোৰ অভিমানৰ।

 পাহৰোঁ পাহৰোঁ বুলিও কিছুমান কথাই আমনি কৰি থাকিছিল তোমাক। এই যে মোৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ পাছতে দিনৰ দিনবোৰ, ৰাতিৰ ৰাতিবোৰ মধুসুৰীয়া কথাবোৰে বিষাক্ত সাপ এটাৰ দৰে তোমাক মেৰিয়াই ৰাখিছিল। তোমাৰ ফোনৰ কল-লগ’ ভৰ্তি হৈ গৈছিল মোৰ মিছকলেৰে। মোৰ মাতটো শুনিলেই দুৰ্বল হৈ পৰাৰ আশংকাত তুমি মোৰ ফোন ধৰিবলৈকো অপাৰগ হৈ পৰিলা। কেতিয়াবা কঠোৰ হৈ পৰা তুমি। এই যেন মোক দবিয়াই থৈ আহিবা, “চোৱা ছায়া, তোমাৰ একোৰেই অভাৱ হোৱা নাই কাৰণেহে প্ৰেমৰ নামত দুখ কৰিবলৈ সুযোগ পাইছ। খোৱা-পিন্ধাৰ বিলাসিতাত অভ্যস্ত কাৰণেহে তুমি প্ৰেমৰ নামত বিষাদ-বিলাপ কৰিবলৈ সময় পাইছা। কেতিয়াবা কোনোবা পুত্ৰহাৰ মাতৃৰ চকুলৈ চাবা। কেতিয়াবা কোনোবা মাতৃহাৰ পুত্ৰৰ চকুলৈ চাবা। কেতিয়াবা কোনোবা পংগু মানুহৰ কাষত থিয় হ’বা। দিন-হাজিৰা কৰা দুখীয়া মানুহজনৰ এমুঠি চাউলৰ হিচাপ কৰি চাবা কেতিয়াবা। ডাষ্টবিনত পৰি ৰোৱা অনাথ শিশুটিলৈ চোৱা, কেতিয়াবা অনুভৱ কৰা ধৰ্ষিতা নাৰীৰ কাঠগড়াৰ বিচাৰসমূহ। এবাৰ চাবলৈ শিকা পৃথিৱীখনৰ অসংখ্য অ-নিমজ ঘটনা-প্ৰবাহ। তেতিয়াহে বুজি পাবা প্ৰেম যে মাথোঁ এক বিলাসিতা।”

 প্ৰেম বিলাসিতা। কিন্তু সেই বিলাসিতা অভিন্ন সংগী হৈ পৰিল তোমাৰ নিসংগ সময়বোৰৰ। আঁতৰি অহাৰ দুখত তুমি কোঙা হৈ পৰিলা। লুকাই চুৰকৈ হ’লেও এবাৰলৈ দেখা হ’লে, বুলি মনটোক বুজাব নোৱাৰি গধূলি গধূলি কফি হাউচৰ এচুকত স্থান ল’লা। এইখিনিতে, যিখিনিত আমি প্ৰায়েই একেলগে বহিছিলো।

 কোনোবাটো নিশা ল’ৰাটো বিছনাত শুৱাই থৈ বেলকনিলৈ ওলাই আহা। চিগাৰেট এটা প্ৰয়োজনবোধ কৰা তেতিয়া, অথচ চিগাৰেট এটা মুখলৈ নিব নোৱাৰা। নোৱাৰা খাবলৈ। এবাৰ চিগাৰেট খাওঁতে মই যে প্ৰতিবাদ কৰিছিলোঁ, তোমাৰ হাতৰ পৰা জ্বলন্ত চিগাৰেটটো কাঢ়ি নি মোৰ নিজৰ হাতত লগাই দিছিলোঁ আৰু কৈছিলোঁ, “তুমি যিমানবাৰ চিগাৰেট জ্বলাবা নৈঋত সিমানবাৰ জ্বলিম মই।” মোৰ হাতৰ পৰা দাগটো গৈ যেন তোমাৰ বুকুখনতহে থিতাপি লৈছিল।

 সিদিনা আছিল মোৰ জন্মদিন। ক’ৰবাত ময়ো সাৰে আছিলোঁ, ক’ৰবাত তুমিও হয়তো। আৰু তাৰ পাচতেই [ ১০৪ ] এদিন হঠাতে দেখি গলা মোক। আচলতে সেই কালৰাতিটোৰ পাছৰে পৰা আমাৰ লগালগি হোৱা নাছিল। কফি হাউচৰ আছুতীয়া টেবুলখনত তোমাৰ নিৰ্জীৱ দেহাটো এৰি দিয়াৰ পাছতে তীব্ৰবেগত আহি বগা ‘আই-টেন’ গাড়ীখন ৰৈছিলহি। গাড়ীখনৰ পৰা নামি অহা ছায়াজনীৰ মুখলৈ চাই পঠিয়াইছিলা তুমি। কি দেখিছিল তুমি? মুখত হয়তো সামান্য প্ৰসাধন কিন্তু চকুত কাজলৰ অত্যাচাৰ। মোৰ গহীন ৰূপত তুমি নীৰৱ হৈ পৰিল। মুখ ফুটাব নোৱাৰি বিবেকৰ অনলত দগ্ধ হ’লা মাথোঁ। কফি হাউচৰ পৰা তুমি বাৰলৈ পোনালা। এঢোক এঢোককৈ পান কৰিলা দুখৰীয়া স্মৃতিবোৰ, সেই হাঁহিৰ টুকুৰাবোৰ, কাজলৰ শীতল আঁখিনি, সেই সময়ৰ উচ্ছলতাখিনি, কাতৰতাখিনি...।

 তাৰ পাছৰে পৰা গধূলিৰ এই সময়কণ তোমাৰ বাবে বিশেষ সময় হৈ পৰিছিল। মই নজনাকৈ তুমি কফি হাউচত বহিছিল। মই অহা বাটত চকু থৈছিল। এনে এটা দিনতে মোৰ কপালৰ সেন্দুৰণে তোমাক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিলে৷ কেতিয়া, কাৰ লগত, ইত্যাদি হাজাৰ প্ৰশ্নই তোমাক জুমুৰি ধৰিলে। এয়াইতো বিচাৰিছিলা তুমি নৈঋত, মোৰ এটা সৰলৰৈখিক জীৱন হওক বুলিয়েই আঁতৰি গৈছিলা, তেন্তে মোৰ কপালৰ ৰংখিনিত তুমি কিয় আহত হৈছিলা? ৰঙাখিনিয়ে তোমাক উপলুঙা কৰিছিল। ৰঙৰ মাজত ডুবি থকা মোৰ অৱয়ৱটোৱে তোমাক ৰঙীন কৰি তুলিলেও মোৰ সেওঁতাৰ সেন্দুৰ, মোৰ চকুৰ কাজল, মোৰ উজ্বল কাপোৰৰ মাজত তোমাৰ অস্তিত্বহীনতাই তোমাক কষ্ট দিছিল। বিষালি সময়বোৰ অধিক বিষময় কৰিবলৈকে কফি হাউচৰ পৰা বাৰলৈ খোজ লৈছিলা, মোৰ অজানিতে, হয়তো নিজৰেই অজানিতে।

 পৃষ্ঠাবোৰ শেষ হ’ল নৈঋত। লুটিয়াই ল'লোঁ পুনৰবাৰ। আকৌ পঢ়িলোঁ এফালৰ পৰা। কিছু বুজিলোঁ, কিছু অনুভৱ কৰিলোঁ।

 * * * *

 বাৰে বাৰে পঢ়িলোঁ। কিছু বুজিলোঁ, কিছু অনুভৱ কৰিলোঁ। সেই কালৰাত্ৰিৰ ভুল অংকটো পিছলৈ শুদ্ধ কৰিব পৰা নগ’ল। বিয়োগ চিনটোৱে বিপৰীতমুখী যাত্ৰাটোৰ মাজৰ দূৰত্ব বঢ়াই গ’ল মাথোঁ। আৰু নৈঋত? তোমাক সেন্দুৰৰ কথা কিনো কম? ৰাধাকৃষ্ণ মন্দিৰৰ সেই বৃদ্ধ পুৰোহিতজনক সুধিবাচোন নৈঋত। তেওঁ জানে... তেওঁ জানে, তেওঁ পাহৰিব নোৱাৰাকৈ জানে, কাক স্বামী বৰণ কৰি মোৰ কপালত মই নিজে সেন্দুৰ আঁকি লৈছিলোঁ। তোমাকেই যে বৰণ কৰিছিলোঁ মনে-প্ৰাণে, তোমাৰ নামৰ সেন্দুৰ লৈছিলোঁ প্ৰতি পুৱা পৃথিৱীৰ ওচৰত ফেশ্যনৰ নাম লৈ মই যে কপালত আঁকি লৈছিলোঁ তোমাৰ নামৰ ৰক্তজবা

 পাহি, সেই কথা যে তোমাৰ অজ্ঞাতেই থাকি যাব নৈঋত...।

—ছায়া□□

[ ১০৫ ]

নৈঋত তোমালৈ বুলি...

 জীৱনটোক লৈ কেতিয়াবা বৰ দোমোজাত পৰোঁ। ব্যক্তিগতভাৱে কাৰো লগতেই সম্পৰ্কবোৰ বৰ্তি নাথাকিল যেন লাগে। গান, কিতাপ, সভা-সমিতিবোৰত মোৰ যেন অনৰ্থক সময় ক্ষতি। তাৰ মাজত মনৰ দাবী পূৰণ কৰিব পৰাকৈ সময়ৰ অভাৱ। দুদিন মানৰ পৰা অদ্ভুত হেঁপাহ এটাই মনৰ আগত দুলি আছে। এবাৰলৈ মই ডিব্ৰুগড়লৈ যাম। সৰু ছোৱালী এজনীৰ দৰেই যেন চাহ বাগানৰ এটি কলি দুটি পাতৰ মাজত বিলীন হ’ম। বগীবিল দলংখনৰ ওপৰেৰে যেন ব্ৰহ্মপুত্ৰৰ বিশালতা চাই ৰ’ম।

 বিশ্ববিদ্যালয়ৰ সেই নাহৰজোপাৰ ওচৰলৈ যে উভতি যোৱাৰ কথা আছিল। জোনজনীৰ স’তে ওমলাৰ কথা আছিল এদিন। তাৰ দেশৰ সাধু-শুনাৰ কথা আছিল এদিন বুঢ়ী আইতাৰ চোতালত বহি।

 মেঘালীক লগ নোপোৱা বহুত দিনেই হ’ল। অৰণ্যাৰ কথাও কোৱা নহ’ল তাইক। অৰণ্যাৰ জন্ম ৰহস্যক লৈ একো প্ৰশ্ন উত্থাপন হোৱাটো মই বিচৰা নাছিলোঁ। নিজৰ সামাজিক স্থিতিক লৈ মোৰ ভয় নাছিল, বৰং অৰণ্যাক লৈ অহেতুক শংকা এটা আছিল। জানোচা তাইৰ সৰলৰৈখিক জীৱনত ঋণাত্মক প্ৰভাৱ পৰে।

 আৰু ভালপোৱা? মোৰ অবুজ ভালপোৱা। দুখৰ মাতাল ৰাতিবোৰত প্ৰলাপ বকি বকি মোৰ ভালপোৱাজনীয়ে ওন্দোলোৱা মুখখনেৰে সেই যে হৃদয়ৰ দুৱাৰমুখত বহি ল’লে, বাহিৰলৈকো ওলাই নোযোৱা নতুবা ভিতৰলৈকো সোমাই নহা অভিমানী ভালপোৱাজনী গোটেই জীৱন অভিমানী হৈয়ে ৰ’ল। তোমাৰ স’তে এটা মীমাংসালৈ আহিবলৈকো এইজনী ভালপোৱাৰে আকুলতা। বহুদিন ভাবিলোঁ, কি কৰা যায়। অৰণ্যাও ডাঙৰ হৈ আহিছে। কাষৰ ঘৰৰ পৰা এ.আৰ, ৰহমানৰ গান এটা ভাঁহি আহিছে। গানৰ তালে তালে যেন জুনুকা-কংকনৰ লহৰ। অলপ দেৰি কাণ ঊনাই শুনিবলৈ চেষ্টা কৰিলোঁ। ‘পিয়া মিলেংগে’ গানটোত কোনোবাই শাস্ত্ৰীয় নৃত্যৰ আখৰা কৰা যেন লাগিল।

“পাকে খোনা, খোকে পানা হোতা আয়া ৰে।
সংগ সাথ চাহে, ওৱ তো, ওৱ হে ছায়া ৰে।
পিয়া মিলেংগে.....মিলেংগে.......মিলেংগে.......
পিয়া মিলেংগে

 গানটোৱে হোষ্টেলৰ গীতাশ্ৰীহঁতলৈ মনত পেলাই দিলে। তাই যে বৰ ধুনীয়া নাচিছিল। মই গান গাওঁ আৰু তাই নাচে। দেওবৰীয়া আড্ডা বহে মেঘালীৰ ৰূমত। মেঘালী কোনোবা এপাকত নাইকিয়া হৈ যায়। বহুত দেৰিৰ মূৰত চাঁদৰ ওপৰত তাইক উদ্ধাৰ কৰোঁগৈ। পলকৰ সতে তেতিয়া গভীৰ প্ৰেম তাইৰ। মই বুজা নাছিলোঁ প্ৰেমৰ মহিমা তেতিয়ালৈকে। কেমেৰাটোৰ লগতেই মোৰ আজন্ম প্ৰেম আছিল। সেই কেমেৰাটো যে ক’ত হেৰুৱালোঁ? কিয় যে এনেকুৱা হয় মানুহৰ? যিবোৰৰ অবিহনে এক পল থকাটো সম্ভৱ হয়, অদূৰ ভৱিষ্যতত কিয় সেই সকলোবোৰে লগ এৰে? জীৱনৰ এক কঠিন সময়ত কলমটো হাতত তুলি লৈছিলোঁ। কলমটো মোৰ বাৰে আত্মাৰ আহ্বান আছিল। কলমৰ জগতখনত সোমোৱাৰ পাছতে মই মায়ামুক্ত এক জগতলৈ গতি কৰিবলৈ লওঁ। কলমেৰে পাহৰি পেলাওঁ সমূহ দুঃচিন্তা, উত্তেজনা। যোগী এজনৰ দৰেই যেন ধ্যান মগ্ন হওঁ মই। নীলা বিষাদবোৰেৰে আঁক-বাঁক কৰি কাগজ ভৰাই দিয়াৰ পাছত যি আত্মিক আনন্দ অনুভৱ কৰোঁ, সেয়া যে সজীৱ গোলাপৰ পাহিৰ দূৰেই কোমল⸺

 ওসী কো পানা, ওসী কো চুনা, কহী ওৱ না, কহী পে তু না।
 জাহা পে ওৱ না, ৱহা পে চুনা, যাহা পে চুনা.......

অলপ আগলৈকে খালী হৈ থকা মনটো অবুজ ভাবনাৰে ভৰি পৰিল। ভিতৰৰ সাগৰসম ঢৌৱে যেন উ খল-মাখল কৰিলে মোৰ সমগ্ৰ অনুভূতি। ‘পিয়া মিলেংগে... মিলেংগে... মিলেংগে...’ গানটো মোৰ ভিতৰলৈ [ ১০৬ ] সোমাই গ’ল। ওলাই আহিবলৈ নিবিচাৰিলে গানটো। জুনুকাটোৱে বাহিৰৰ পৰা ৰৈ মাতি থাকিল। গানটো ওলাই নাহিল। দুৱাৰ বন্ধ কৰি সোমাই ল’লে সুৰটো। ওলাই নাহিল সুৰটো। ওলাই আহিল মাথোঁ এটা হুমুনিয়াহ। সঁচাকৈয়ে লগ পাম নেকি তোমাক এবাৰলৈ? ইকবালো অকলশৰীয়া হৈ ৰ’ল। ইকবাল আজিকালি গুৱাহাটীলৈ টেন্সফাৰ হ’ল। কিবা এটা ভাবি তালৈ ফোন লগালোঁ। ডিব্ৰুগড়ত ভৰি দিয়াৰ মন মোৰ। এবাৰ মনটোৱে আবদাৰ তুলিলে মনাব নোৱাৰাকৈ ঠেন-এঠেন কৰিয়েই থাকে। সময়ৰ হালোৱা এছাৰিৰে কোবাই কোবাইও চিধা কৰিব নোৱাৰা মন মোৰ। যাম এবাৰ মই তোমাৰ ওচৰলৈ। অৰণ্যাক তোমাৰ ওচৰত থিয় কৰাম। অৰণ্যাক কম মই, সাহসেৰে কম মই সমগ্ৰ পৃথিৱীক, চোৱা চোৱা, যাৰ নামত মোৰ কপালৰ শাখা-সেন্দুৰ, সেইজন যে তুমিয়েই। যাম মই এবাৰ সোণাৰু আৰু নাহৰৰ সংগমথলীলৈ।

 সন্ধ্যা, ইকবাল আৰু নিয়ৰ তিনিওকে বেলেগ বেলেগে ফোন কৰি সময় উলিয়াই ডিব্ৰুগড়লৈ যোৱাৰ কথা বেকত কৰিলোঁ। যাম মই এবাৰ সেই মন্দিৰটোলৈ, কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ সংগমত যত বেলেগ হৈছিল ভালপোৱাৰ বীজ। লহপহকৈ কাঢ়ি ৰোৱা সেই প্ৰেমৰ গছজোপাৰ শিপাই যোৱা বুকুখন চাবলৈকে মই তালৈ যাম এবাৰলৈ।

 সন্ধ্যা সাতবজাত দিল্লীৰ পৰা ৰাওনা হৈ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ পালোঁহি, তেতিয়া কিংখাপৰ কাপোৰযোৰেৰে ন-কইনাজনী হৈ যেন জোনজনী ওলাই আহিছে। পূৰ্ণযৌৱনা নাৰীৰ ভৰ বুকুত বান্ধি আকাশে তৰাফুলৰ চানেকি বাছিছে। ৰাস্তাটো জীপাল, যেন চিপচিপ বৰষুণেৰে সিক্ত। বুকুত অযুত ভাবনাৰ লহৰ। বুকুৱেদি উজাইছে হেঁপাহৰ স্মৃতি, আকৌ ভটিয়াইছে, আকৌ উজাইছে। বহুত দিনৰ মূৰত এৰি থৈ যোৱা চহৰৰ সুবাস। ইয়াৰ মাটিৰ গোন্ধই যেতিয়াই তেতিয়াই মোৰ পদূলি বিয়পায়। সেই গোন্ধটোৰ লগতে কিমান দিনৰ যে সহবাস মোৰ একমাত্ৰ অৰণ্যাৰ কথা চিন্তা কৰিয়েই মই এই চহৰৰ পৰা মেলানি মাগিছিলোঁ। অভিমানবোৰ যেন এতিয়াও টোপাটোপে সৰিছে মোৰ প্ৰিয় চহৰৰ বিষন্ন সন্ধ্যাৰ কোলাত। সুমথিৰা যেন জোনজনীয়েও পাতলাব পৰা নাই প্ৰিয় চহৰৰ দুখ।

 গোটেই ৰাতিটোৱেই বাহিৰত বহি ৰ’লোঁ। অৰণ্যা শুলে। নিয়ৰক ঘৰত থৈ আহিলোঁ। ইকবাল তাৰ পুৰণি বন্ধুৰ ঘৰত থাকিল। সন্ধ্যা নিজৰ ঘৰত ৰৈ দিলে। মই ৰৈ গ’লোঁ চহৰৰ উপকণ্ঠ অঞ্চলৰ এই আৱৰ্তভৱনত। আপোন চহৰৰ শৰতৰ আকাশৰ এই মুগ্ধতা হলহলকৈ পান কৰিও পূৰাব পৰা নাই মনৰ তৃষ্ণা। পুৱাতে উঠি মন্দিৰলৈ গলোঁ। আত্মবিশ্বাসেৰে টলমল মোৰ মুখনি। দুখবোৰ কৰ্পূৰৰ দৰে উৰি গ’ল যেন হঠাতে। সকলো মান- অভিমান ত্যাগ কৰি মই ওলাইছোঁ তোমাৰ ঘৰৰ নঙলামুখলৈ। মোৰ অহমিকাবোধ জীৱনৰ কোনোবাটো বিন্দুত কেতিয়াবাই এৰি আহিলোঁ। নিয়ৰক ফোন কৰিলোঁ। নিয়ৰে তুমি ঘৰত নথকাৰ বতৰা দিলে। ৰাজহুৱা কাম এটাত মাজুলীত আছাগৈ হেনো। ওঁঠৰ ফাকেৰে হাঁহি এটি বিৰিঙি উঠিল। জীৱনটোলৈ বিদ্ৰুপৰ হাঁহি এটা এৰি দিলোঁ— তই আৰু কিমান নচুৱাবি মোক তোৰ তালে তালে? অৰণ্যাক লৈ তোমাৰ ঘৰ পালোঁহি। তোমাৰ ৰূমত সোমায়েই মই আচৰিত হৈ গ’লোঁ। মোৰ কিতাপ আৰু মোৰ ফটোৰে তুমি বিশ বছৰীয়া ল’ৰাটোৰ দৰেই ঘৰ সজাইছা। নিয়ৰৰ সন্মুখত মোৰ লাজ লাগিল। তাৰ চকুলৈ চাব নোৱাৰিলোঁ।

 তোমাৰ বেডৰূমলৈ সোমাই গ’লোঁ। বিছনাখনৰ শিতানৰ দেৱালত কোনোবা পটু শিল্পীৰ হাতৰ পৰশত ফুটি উঠা এজোপা বৃক্ষত আশ্ৰয় লোৱা অলেখ বিহংগ। কাষৰ দেৱাললৈ চকু দিলোঁ। হতবাক হোৱাৰ পাল। চাৰিখন ফটো ফ্ৰেমত বান্ধি থোৱা আছিল। এখন তোমাৰ, এখন মোৰ, এখন নিয়ৰৰ আৰু এখন অৰণ্যাৰ। তাৰ মানে? কথাটো প্ৰশ্নবোধক চিন এটা হৈ মূৰত পাকঘূৰণি খালে বহুত দেৰি। নৈঋত, তুমি কেনেকৈ জানিলা অৰণ্যাই বহন কৰা তেজৰ খবৰ?

—ছায়া

(৫৬)

নৈঋত তোমালৈ বুলি..... [ ১০৭ ]  নিয়ৰ আহিছে মোৰ ওচৰলৈ।

 সেই ডায়েৰীখন তাক ঘূৰাই দিয়াৰ পাছতেই সি চলচলীয়া চকুৰে কৈছিল মোক—‘বলক আমাৰ ঘৰলৈ।’

 মই কৈছিলোঁ তাক—‘যাম বাৰু এদিন।

 সি আকৌ কলে—‘নহয়, একেবাৰে যোৱাৰ কথা কৈছে ম্যাডাম।’

 মই ঈষৎ হাঁহিৰে উত্তৰ দিলোঁ—‘নোৱাৰিম নহয় নিয়ৰ। ফাঁকিৰ পুনৰাবৃত্তি।

 সি আঁকোৰগোজ হৈ ৰৈছিল—‘কিয় নোৱাৰে ম্যাডাম? আপুনি দেউতাক বিচাৰে, দেউতাই আপোনাক বিচাৰে, কিয় নোৱাৰে আপুনি দেউতাৰ ওচৰত যাবলৈ?’

 মই হাঁহি উত্তৰ দিছিলোঁ— ‘ইতিহাস সলনি হৈ যাব, নাযাওঁ তোমাৰ দেউতাৰ ওচৰলৈ, তেওঁ এনেকৈয়ে আছে নিজকে চম্ভালি আছে, ঠিকেই আছে। কিছুমান বস্তু দূৰৰ পৰাই ভাল। আমি দুয়োজনে দুয়োজনৰ ভালপোৱা অনুভৱ কৰোঁ, ইয়াৰ বিনিময়ত মোক একো প্ৰতিদান নালাগে।’

 ‘কিন্তু অৰণ্যা....? তাইৰ কি ক’ব?’—নিয়ৰৰ উদ্বিগ্নতা।

 ‘তাই এতিয়া বুজি পোৱা হোৱা নাই। সময়ত মই সকলো কম। তেতিয়া তাই নিজে নিজৰ সিদ্ধান্ত ল’ব’— মই সহজভাৱে কৈছিলোঁ।

 লাহে লাহে নিয়ৰ ওচৰ চাপি আহিছিল। মোৰ ঘৰৰ অভিন্ন সদস্যৰ দৰে সি মোৰ প্ৰতিটো কথাতে চকু দিবলৈ লৈছিল। আৰু অৰণ্যাৰ যেন অভিভাৱকহে সি। কোনো প্ৰণোদিত উদ্দেশ্য অবিহনে অৰণ্যাৰ পঢ়াক লৈ, অৰণ্যাৰ গানক লৈ সি ব্যস্ত হৈ পৰিল।

 এনেকৈয়ে এদিন জী. টিভিৰ শিশুসকলৰ গানৰ অনুষ্ঠানটোলৈ অংশগ্ৰহণৰ বাবে সি তাইক লৈ গৈছিল। এটা এটা ৰাউণ্ড শেষ কৰি অৰণ্যাই শীৰ্ষ দহ স্থান অধিকাৰ কৰিছিলগৈ। ককায়েকৰ দায়িত্ব পালন কৰি অৰণ্যাৰ লগত ছাঁটোৰ দৰে লাগি থকা নিয়ৰৰ স’তে এক বাৰ্তালাপত অনুষ্ঠানটোৰ বিচাৰকসকলে অৰণ্যাৰ মাক-দেউতাৰ বিষয়ে সুধি পেলাইছিল। অপ্ৰস্তুত নিয়ৰৰ দুচকুৱে যেন মোলৈকে চাই ৰৈছিল... উত্তৰ বিচাৰি। দৃশ্যটি দেখি মোৰ বুকুখনত কিহবাই খুন্দা মাৰি ধৰিলে। এই অনুভৱী ল’ৰাটোৰ ক’ৰবাত যেন কিবা বাকী ৰৈ গৈছে। অৰণ্যাৰো যেন এনেকুৱাই হ’ব। তোমাৰ কথা মনলৈ আহিল। তুমিও হয়তো অৰণ্যাৰ গান শুনিছা, এই অনুষ্ঠানটো টিভিত চাইছা। কিহ’বাই বাকৰুদ্ধ কৰিছেনে তোমাক?

 ৰাতিলৈ নিয়ৰে ফোন কৰিছিল, সুধিছিল— ‘অৰণ্যাৰ মাক-দেউতাকৰ কথা সুধিলে কি উত্তৰ দিম মা? ম্যাডামৰ পৰা ‘মা’ লৈ সম্বোধন কৰি সি মোৰ বুকুখনত তাৰ স্থানটো গজগজীয়া কৰি লৈছিল। মই কৈছিলোঁ— ‘কথাবোৰ সকলোকে কৈ দিবা নিয়ৰ। তুমি যিদৰে জানা বা যিদৰে ভাবা, সেই কথাবোৰ মযো লুকুৱাব বিচৰা নাই। মই একো হেৰুৱাবলৈ বা পাবলৈ নাই। কিন্তু তোমালোকৰ জীৱন আৰম্ভ হৈছে, যিদৰে শুদ্ধ যেন লাগে, তাকেই কোৱা। তোমাৰ মৌনতাই অৰণ্যাৰ জন্মক ৰহস্যৰ মাজলৈ ঠেলি দিব, যিটো মই বিচৰা নাই। অৰণ্যা মোৰ আৰু তোমাৰ দেউতাৰ সন্তান, যাৰ নামত মই শিৰত সেন্দুৰ কঢ়িয়াই ফুৰোঁ। শিৱৰ ইচ্ছাত শিৱ-পাৰ্বতীৰ মিলনৰ দৰেই এক পবিত্ৰ মিলনৰ ফলশ্ৰুতিত অৰণ্যা নামটিৰ অংকুৰণ। পৃথিৱীয়ে বুজি পাব, কৈ দিবা সকলোকে। সুস্থিৰ হওক তোমাৰ আৰু অৰণ্যাৰ ভৱিষ্যত।

 বহুত দেৰি ফোনৰ সিপাৰৰ পৰা নিয়ৰক কথাবোৰ কৈ কৈ গাটো বৰ অৱশ যেন লাগিল। শৰীৰটো ভাল নাই একেবাৰে। অফিচৰ চকীখন আৰু বেডৰূমৰ বিছনাখনৰ বাহিৰে বেলেগ কামত মনোনিবেশ কৰিব পৰা নাই। বহুত কামেই কৰিবলৈ বাকী থাকিল। আধালিখা উপন্যাসখনো শেষ কৰিবলৈ থাকিল। ইকবালৰ জীৱনটোৰ গতি এটা লগোৱা উচিত আছিল। সন্ধ্যাক মাতি পঠিয়ালোঁ। এইখিনি সময়ত তাইৰ সংগ অতি দৰকাৰ। সন্ধ্যা আহিল। মোৰ নিৰুপায়তাত উচুপিলে, মই তাইক সাৱট মাৰি ধৰিলোঁ, ক’লোঁ—‘মই আছোঁ সন্ধ্যা, তোমাৰ দৰে হাজাৰজনৰ হৃদয়ত মই আছোঁ। তুমি মাথোঁ মোৰ যাত্ৰাটো সফল কৰি তোলা।’

 ‘ইমানজনক সাহস দি আপুনি ভাগি পৰিলে কেনেকৈ হ’ব ম্যাডাম?’—তাই আকৌ উচুপিল।

 ‘মই ভাগি পৰা নাই সন্ধ্যা। মই মাথো সত্যটো স্বীকাৰ কৰি লৈছোঁ।’—মই নিৰুদ্বেগ হৈ ক’লোঁ। [ ১০৮ ]  মোৰ মনৰ দৃঢ়তা দেখি সন্ধ্যা অলপ নিয়ন্ত্ৰণলৈ আহিছে। ‘কি সহায় কৰিম কওক ম্যাডাম। মই আপোনাৰ কাষত থাকিম সদায়।’ মনলৈ জোৰ আনি যেন তাই কৈ উঠিল।

 ‘ইকবালৰ কিবা এটা কৰা। সি বৰ অকলশৰীয়া। তাক অকলে নেৰিবা।’– মই তাইৰ অনুৰোধ ভিক্ষা কৰিলোঁ।

 “ইকবাল ছাৰ মোৰ বাৰে ভগৱান। তেওঁৰ বাবে মই জীৱনটোও দি দিব পাৰিম মেড্যাম।’

 টিভিত অৰণ্যাই গান গাইছে। দৰ্শকৰ জাউৰি জাউৰি হাত চাপৰিৰ মাজত মোৰ আঠ বছৰীয়া অৰণ্যাই গান গাই আছে। ভাল গাইছে তাই। মনত পৰিল, তাই গৰ্ভত থাকোঁতেই মোৰ জীৱনৰ প্ৰথমটো গানৰ এলবাম উলিয়াইছিলোঁ। সেইটো আছিল ইকবাল আৰু মোৰ গজল এলবাম। বিচাৰকসকলে অৰণ্যাক ভূয়সী প্ৰশংসা কৰিছে। নিয়ৰে অৰণ্যাক দাঙি লৈছে, হয়, অৰণ্যা শীৰ্ষ তিনি স্থানলৈ উত্তীৰ্ণ হৈছে।

 গ্ৰেণ্ড ফাইনেল প্ৰতিযোগিতাখনত লাইভ শ্ব’ হ’ব। হয়, সেই শ্ব’খন দিল্লীতে হ’ব কাৰণে অলপ চিন্তা কমিছে। নিয়ৰে তাইৰ লগত অনবৰতে লাগি থাকে। স্নাতক প্ৰথম বাৰ্ষিকৰ ল’ৰাটোৱে নিজৰ পঢ়াশুনাৰ কথা পাহৰি তাইৰ লগতে ঘূৰি ফুৰিছে। মৃদু ধমক দিওঁ কেতিয়াবা। সি কয়—‘মা মই পঢ়া-শুনা চলাই আছোঁ ভালদৰে। আপুনি চিন্তা নকৰিব।’

 সকলোৱে কয় দেখোন, চিন্তা নকৰিব বুলি। ভালপোৱা মানুহৰ মৰমেৰে জীৱনটো ওপচাই ৰাখিছে। গাটো হঠাতে আকৌ দুৰ্বল লাগি গ’ল। বিছনাখনত পৰি গ’লোঁ। গ্লেণ্ড ফাইনেলৰ লাইভ শ্ব’টো আৰম্ভ হৈছে। মোৰ অৰণ্যাই গান গাইছে, মই যাব পৰা নাই, দেহাই নাটানে মোক। সন্ধ্যাৰ বাহিৰে কাকোৱেই জানিবলৈ দিয়া নাই মোৰ মন আৰু শৰীৰৰ মাজৰ শীতল যুদ্ধখনৰ কথা।

 সন্ধ্যাক ক’লোঁ মই—‘সন্ধ্যা, উকিলজনক মাতিব লাগিছিল।’

 সন্ধ্যাই ক’লে—‘কাইলৈ মাতি দিম ম্যাডাম।’

 সন্ধ্যাক ক’লোঁ মই, চকু দান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগিছিল। অন্ধ বিদ্যালয়ৰ স্বত্বাধীকাৰী অন্ধ দম্পত্তিহালক মোৰ চকুযোৰ দান কৰাৰ সিদ্ধান্ত লৈছোঁ।’

 তাই উচুপি উঠিল, কান্দিলে, “এতিয়া এইবোৰ কথা নুলিয়াব ম্যাডাম। টিভিলৈ চাওক, অৰণ্যাই কিমান হাঁহি হাঁহি গান গাই আছে।’

 অৰণ্যাৰ গানত মুগ্ধ হৈ কোনোবা চেলিব্ৰেটী এজনে তাইৰ মাক-দেউতাকক বিচাৰিলে। মই অলপ আহত হ’লোঁ। মই এদিনো তাইৰ প্ৰগ্ৰেমটোত উপস্থিত থাকিব নোৱাৰিলোঁ। চকুযোৰ বিৰিঙি উঠিল, নয়নভৰি চাই ৰ’লোঁ। তাৰ পাছত সন্ধ্যাক ক’লো—“সন্ধ্যা মোক লৈ যাবানে অৰণ্যাৰ কাষলৈ?”

 সন্ধ্যা আচৰিত হ’ল। সুধিলে—“এতিয়াই যাব নে আপুনি?”

 মই ক’লো—“ও, এতিয়াই”।

 সন্ধ্যাই সুধিলে— ‘পাবগৈ নে অনুষ্ঠানটো?’

 মই ক’লো— ‘পামগৈ। এতিয়া ন বাজিছে। বাৰ বজাত আগত শেষ নহয়।’

 সন্ধ্যাই ড্ৰাইভাৰ মাতিলে। মই আলমাৰীৰ পৰা কাপোৰ এযোৰ উলিয়ালোঁ। হালধীয়া গুণা কৰা কিংখাপৰ কাপোৰযোৰ মেৰিয়াই ল’লোঁ। কাজল, লিপিষ্টিক, অসমীয়া গহনাৰে জিলিকি উঠিলোঁ। দাপোণলৈ চাব নোৱাৰিলোঁ। লাজ লাগিল। গাড়ীত বহিলোঁ। সন্ধ্যাও বহিল। ড্ৰাইভাৰজনে ফুলস্পীডত গাড়ী দৌৰাইছে। অৰণ্যাৰ গানৰ অনুষ্ঠানটো শেষ হোৱাৰ আগতেই তাইৰ আগত থিয় হ’বলৈ লাগে। এই সময়ত মোৰ শৰীৰতকৈ মনৰ জোৰ বহুত বেছি।

 গাড়ীৰ পৰা নামি যেতিয়া মঞ্চত উঠি অৰণ্যাৰ কাষত থিয় হৈছিলোঁগৈ, নিয়ৰে বিস্ময়ত নে আবেগত অভিভূত হৈ পৰিছিল। হাত জোকাৰি জোকাৰি সি অভিবাদন জনালে।

 দৰ্শকসকলো উল্লসিত হৈ পৰিল। মোক দেখি তেওঁলোকে দেউতাকক বিচাৰিবলৈ আৰম্ভ কৰিলে। নিয়ৰৰ চকুতো কৌতুকপূৰ্ণ হাঁহি। [ ১০৯ ]  মোৰ মনে কৈ উঠিল—‘নৈঋত তুমি আহিলে ময়ো ভাল পালোহেঁতেন। তুমিতো জানা, অৰণ্যা তোমাৰেই সন্তান। এবাৰলৈ অহমিকা এৰি গুচি অহা হলে কোনখন শাস্ত্ৰ লঘ্নিত হ’লহেঁতেন নৈঋত?’—মনতে তোমালৈ অভিমান এটা এৰি দিলোঁ।

 নিয়ৰ হঠাতে অদৃশ্য হৈ পৰিল। মই মঞ্চৰ পৰা নামি আহিলোঁ। মোক গান এটা গাবলৈ অনুৰোধ কৰিছিল, কিন্তু থিয় হৈ থকাৰ শক্তি নাই মোৰ শৰীৰত, বিনয়ৰে বুজাই দিলোঁ।

 ফাইনেল ৰিজাল্ট দিয়াৰ সময় সমাগত। এইখিনিতে ভোটদানৰ প্ৰক্ৰিয়াত ৰিজাল্টবোৰ অলপ অনুমানবিহীন হৈ পৰে। অৰণ্যাই ছেকেণ্ড স্থান পালে। শীৰ্ষ মুকুটটো ল’ব নোৱাৰি তাইৰ চকুত চকুলো বিৰিঙিব লৈছিলহে, মই ইংগিতেৰে মানা কৰিলো, “ন’ টিয়েৰ্ছ ডালিং”। হঠাতে ঘোষিকাগৰাকীয়ে মাইকত ঘোষণা কৰিছে, অৰণ্যাৰ দেউতাক উপস্থিত হৈছে বুলি। নিয়ৰক বিচাৰিলোঁ মই, সি নাই। ক’ত গল সি? নিয়ৰ! নিয়ৰ! হয় হয় সৌটো নিয়ৰ। দেউতাকৰ কান্ধত ধৰি নিয়ৰ আগবাঢ়ি গৈছে মঞ্চৰ ফালে...অৰণ্যাৰ কাষলৈ। তোমাক দেখি মোৰ ষোল্ল বছৰীয়া সলাজ হাঁহিটো ওলাই আহিল, “একেই আছা তুমি, একেই আছা তুমি। মোৰ ভিতৰখনত আলোড়ন সৃষ্টি কৰিৰ পৰাকৈ তুমি এতিয়াও মোৰ সপোনৰ ছবিটিয়েই হৈ আছা।”

 মযো মঞ্চত উঠিব বিচাৰিছিলোঁ। সন্ধ্যাই সহায় কৰিব বিচাৰিলে। মই নালাগে বুলি ক’লোঁ। মই অকলেই উঠি যাম তোমাৰ ওচৰলৈ। তোমাৰ কাষত এবাৰ থিয় দিম। চুই চাম তোমাক এবাৰলৈ। কিমান বছৰ বাৰু? কিমান বছৰৰ পাছত তোমাক চুই চাম মই? বাৰ বছৰৰ মূৰত। ঠিক মনত পৰিছে। সম্পূৰ্ণ বাৰ বছৰৰ মূৰত মই তোমাৰ কাষত থিয় দিম।

 তুমি অৰণ্যাক কোলাত তুলি ল’লা। অৰণ্যা সুখী, নিয়ৰো সুখী। দৰ্শকো সুখী। সিহঁতে যেন আমাৰ মিলনক লৈ বদ্ধপৰিকৰ। মই মঞ্চলৈ আগবাঢ়ি গ’লোঁ, অৰণ্যাও আগবাঢ়ি আহিল। তুমি হাঁহি আছিলা নৈঋত। অবিশ্বাসৰ চাৱনি এটাৰে তুমিও আগবাঢ়ি আহিলা। মোলৈ হাতখন আগবঢ়াই দিলা। মনৰ নে শৰীৰৰ ভাৰসাম্য ৰাখিব নোৱাৰি মই তোমাৰ গাত ঢলি পৰিলোঁ।

 তাৰ পাছৰখিনি শুনা কথা। হস্পিতালৰ বেডত পৰি থাকোঁতে সন্ধ্যাই কোৱা কথা। এম্বুলেঞ্চ মতা হৈছিল। তুমি মোক দাঙি নি এম্বুলেঞ্চত সুমুৱাইছিলা।

 “কি হ’ল ছায়া, কিয় ইমান নিস্তেজ হৈ পৰিছা?”— বুলি মোৰ জ্ঞানশূন্য মুখখনলৈ চাই বাৰে বাৰে সুধি আছিলা তুমি। তোমাৰ বুকুখনলৈ মোৰ বৰ হেঁপাহ আছিল নৈঋত। সেই বুকুতেই মূৰ গুঁজি মই হস্পিতাল পাইছিলোঁহি।

— ছায়া

[ ১১০ ]
 

॥ উপসংহাৰ ॥

কাৰ্ভিকেল কেন্সাৰত ভুগিছিল তাই। জৰায়ুটো আঁতৰাই দিয়াৰ পাছতো তাইৰ শৰীৰত জীৱননাশিনী কণিকা ৰৈ গৈছিল। ভাগি পৰা নাছিল তথাপিতো। অৰণ্যাক দেউতাকৰ স’তে উমলিবলৈ দি তাই চকু মুদিছিল। আৰু মোৰ হাতত তুলি দিছিল কাহিনী যেন লগা তাইৰ প্ৰেমৰ ইতিহাসৰ দস্তাবেজ। তাইৰ চকুযুৰিৰে দুজন মানুহে পোহৰ দেখিছে। তাইৰ মনৰ চকুযুৰিৰে কিন্তু হাজাৰজনে দেখিছে। তাই যে মনৰ ধুনীয়া... সঁচাকৈঙ্গ

—লেখিকাৰ স্বীকাৰোক্তি

 

 
 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।