সমললৈ যাওক

পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিমান?’

 তেওঁ এনেকুৱা প্ৰশ্নৰ বাবে হয়তো সাজু নাছিল। থতমত খাই সুধিলে—‘মানে?’

 মই এইবাৰ অলপ স্পষ্টকৈ ক’লো—‘চাওক, মোৰ শৰীৰৰ এটা অংগ আঁতৰাই দিব, সেইটোত মোৰ সমস্যা নাই। মাথোঁ মই সুস্থভাৱে জীয়াই থকাটো দৰকাৰ।’

 ‘আপুনি নিশ্চিত থাকক। ভয় কৰিবলগা একো নাই।— সাহস দিলে তেওঁ।

 অৰণ্যাৰ কথা মনলৈ আহিল। হাজাৰজনী অৰণ্যাক বুকুৰ মাজত লালন-পালন কৰিছোঁ। সিহঁতৰ কথাও মনলৈ উভতি আহিল। তেজৰ সম্পৰ্ক নোহোৱাকৈও মই অলেখজনী অৰণ্যাৰ মাতৃ। প্ৰতিজনী অৰণ্যাক পথৰ সন্ধান দিব লগা আছে। মোৰ অবিহনে মোৰ অৰণ্যাৰ অকণমান মন-মগজুত বিৰূপ প্ৰভাৱ পৰিব, তাই হয়তো হতাশ হ'ব। নাই...নাই... ভালে থাকিম মই। সুস্থভাৱেই জী উঠিম মই। একমাত্ৰ তাইৰ মৰমৰ বাবে, তাইক পথ দেখুৱাবলৈকে।

 ডাক্তৰৰ স’তে অস্ত্ৰোপচাৰৰ দিন বাৰ ঠিক কৰিলোঁ। অকলে দিগদাৰ হ’ব নেকি বুলি সুধিলোঁ তেওঁক। কাকনো আমনি কৰিম বুলি ভাবোতেই সন্ধ্যাৰ কথা মনলৈ আহিল। তাইয়ো আজিকালি ছুটী বৰকৈ নাপায়। কিন্তু মোৰ সমস্যাৰ কথা ক'লে দহবাৰ মৰিবলৈ সাজু তাই। তাইক ফোন এটা কৰিলোঁ। এসপ্তামানৰ পাছত ছুটি লৈ আহিবলৈ ক’লোঁ তাইক। বিশেষ সমস্যা, আহিলে গম পাবা’— বুলি থোৰতে কৈ থ’লোঁ।

 মালৈকো ফোন লগালোঁ— ‘মা মই অলপ ব্যস্ত হৈ পৰিম, অৰণ্যা অলপ দিন তাতে থাকক মা, অৰণ্যাৰ মাতষাৰ শুনিবলৈ মন গৈছে মা। দিয়াচোন তাইক।’ বুলি তাইৰ মৌসনা মাতষাৰ বুকুত ভৰাই ল’লো।

 অস্ত্ৰোপচাৰ কক্ষত সোমালোঁ। জৰায়ুটো আঁতৰাই দিব হেনো মোৰ। মোৰ নাৰীত্বৰ ওপৰত মোক্ষম আঘাত। কিন্তু এতিয়ালৈ সেই ধ্যান-ধাৰণা সলনি হৈছে। নাৰীত্বৰ ঊৰ্ধত চিন্তা কৰিবলগীয়া হৈছে। মাতৃত্বৰ অহংকাৰ অকণো কঢ়িয়াই ফুৰিছোঁ বুকুৰ মাজত।

 অস্ত্ৰোপচাৰ কক্ষত মই অকলে। মানুহেৰে গিজগিজাই থকাৰ পাছতো কিছুমান কামত মই একেবাৰে অকলশৰীয়। কাৰো ওপৰতে মোৰ কেতিয়াও অভিমান নাছিল। বয়সেৰে নহয় কামেৰে জীয়াই থাকিব বিচাৰোঁ বুলি ভাবিলেও মাজলৈ আহি যায় অৰণ্যা। তোমালৈ মনত পৰিল, সেইদিনা যে আহিছিল।

 সন্ধ্যা আহিল। আহিয়েই ইচ-আচ কৰি ইকবাললৈ ফোন লগালে। মোক মৃদু ভৎৰ্সনা কৰিলে। অকলে অকলে হস্পিতালত পৰি ৰোৱা কথাটো হজম কৰিব পৰা নাই কোনোৱে। লুকুৱাব বিচাৰিলেও কথাটো এটা খবৰ হ’ল। বিভিন্নজন ঢপলিয়াই আহিল। ফুল আৰু শুভেচ্ছা বাণীৰে ঘৰ ভৰিল। ফুল এথোপা নিয়ৰো আহিল। মোৰ ওচৰতে বহুত পৰ বহি ৰ’ল। মানুহবোৰ আঁতৰি যোৱাৰ পাছত সি এপাকত লাহেকৈ ক’লে— ম্যাডাম আপুনি ভাল হৈ উঠক, বহুত কথা পাতিব লগা আছে আপোনাৰ লগত।

 বুকুখন চিৰিংকৈ মাৰিল। মোৰ লগত কি কথা পাতিব এই সৰু ল’ৰাটোৱে?

 “মোৰ মা নাই ম্যাডাম। জনা বুজা হোৱাৰে পৰাই আপোনাৰ আদৰ্শ মানি চলিছোঁ।— মুহূৰ্ততে চলচলীয়া হৈ পৰিল তাৰ চকু।

 মই নিয়ৰক সুধিলোঁ কেনেকৈ আৰু কেতিয়া কি হ’ল বুলি৷ সি ক'লে— মই মাক ফটোতহে দেখিছোঁ, মোক জন্ম দিয়েই ঢুকাইছিল।

 ‘কি?' মোৰ আচৰিত হোৱাৰ পাল। কেতিয়াও এবাৰো কোৱা নাছিলা তুমি নৈঋত। কিন্তু কিয়? এইটো মোৰ বাবে ডাঙৰ প্ৰশ্ন। পত্নীহাৰা নৈঋতৰ পত্নী হোৱাৰ অধিকাৰকণো মোৰ নাছিল নে? অভিমানত নাকৰ পাহিবোৰ ফুলি আহিল। বহুদিনৰ মূৰত তোমাৰ কথাই মোৰ চকুলো উলিয়ালে। মই অন্ততঃ সেই সময়খিনি সঁচা বুলি ভাবিয়েই মোৰ অস্থিৰতা কমাইছিলোঁ। এতিয়া ভাবিছোঁ, কিমান মিছা আছিল সঁচা যেন লগা সেই সময়বোৰ। তুমি মোৰ লগত অভিনয় কৰিছিলা নৈঋত। কিন্তু কিয়? নিয়ৰে মোলৈ একেথৰে চাই ৰৈছিল। তোমাৰ দৰেই চাৱনি তাৰ।

 মই সুধিলোঁ—‘তোমাৰ পঢ়া-শুনা কেনে চলিছে নিয়ৰ? তুমি মোৰ ওচৰলৈ ইমানকৈ আহি থাকিলে