পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নৈঋত, ইমান মিঠা অনুভূতি আছিল সেয়া। পাছদিনা ৰাতিপুৱাও তুমি মোক ফোন কৰিছিলা, ৰাতিলৈ মোৰ লগত ডিনাৰ কৰাৰ কথা কৈছিলা। নীলা নে হালধীয়া চৰাইজনীৰ পাখি লগাই উৰিবলৈ শিকাত ব্যস্ত তেতিয়া মই। বুজি পোৱা নাই আজিও, সেয়াই আমাৰ শেষ কেনেকৈ হ'ল। এতিয়া বহুত ওচৰত থাকিও বহুত দূৰত তুমি। বহুত দূৰত থাকিও কেতিয়াবা বহুত ওচৰত। মোৰ শব্দই টানিব নে তোমাক মোৰ ওচৰলৈ? আগৰ দৰে ঢপলিয়াই আহিবানে তুমি? আহিবাই তুমি... আহিবাই, আহিবলৈ বাধ্য হ’বা তুমি। আগতীয়াকৈ খবৰ দিবা। মোৰে শপত। মই ৰঙা চুৰ্ণীখন লৈ বগীবিল দলংখনৰ ওচৰতে ৰৈ থাকিম, নাও উজাই আহিলেও খবৰ দিবা। মই ভটিয়াই গৈ ৰিঙিয়াই মাতিম। নৈঋত, মোৰ ঘাটতে নাওখন বান্ধিবাহি তুমি। মই জানো... মই জানো ভটিয়নি সোঁতত তুমিও যে অস্থিৰ।

 মোৰ বুকুত এতিয়া এখন নদী। তোমাৰ নামৰ নদী। উমলি-জামলি নিজকে পখালোঁ, নাও বাওঁ, বঠা মাৰোঁ, মনৰ দিগন্তলৈ ঢাপলি মেলোঁ।

-তোমাৰ ছায়া

□□

২৬

নৈঋত তোমালৈ বুলি..

 ৰাতি বাৰ বজাত ৰূমত সোমাই বহুত পৰ শ্বাৱাৰৰ তলত নিজকে এৰি দিলোঁ। মবাইলটো অন কৰি ললোঁ। এনেও বেছি ফোন আহিব লগা নাথাকে। মাথোঁ তোমাৰ ফোন এটাৰ কাৰণে বুকুৰ মাজত ৰিণিকি ৰিণিকি আশা এটা বাজি থাকে। মই নিয়ন্ত্ৰণ কৰিব পৰা হৈছোঁ নিজকে। বহুত কষ্টৰে, বহুত চকুপানীৰে নিজক সম্বৰণ কৰিবলৈ মনস্থ কৰিলোঁ। কিন্তু মেঘালীয়ে তাইৰ বিয়াৰ দিনা কৈ যোৱা কথাষাৰে কাঠৰোকা চৰাই এজনীৰ দৰে বুকুখন কুৰুকি কুৰুকি থাকে মাজে মাজে।

 ‘ফোন কৰিম ছায়াক। কথা পাতিম মই’– মেঘালীৰ ওঁঠেৰে তোমাৰ বাক্য দুফাকি শুনি অহাৰ পৰাই অন্তহীন অপেক্ষা। অপেক্ষা কৰিও উপেক্ষা, উপেক্ষাৰ মাজতো অপেক্ষা।

 তোমাৰ পৰা আঁতৰি আহোঁ বুলিয়েই সংগী কৰি লৈছোঁ ব্যস্ততা। জীৱনটো উদযাপন কৰোঁ বুলিয়েই গাৰুৰ তলত থৈ দিছোঁ হুমুনিয়াহৰ মেটমৰা বোজাটো। জীৱনটোতো এটাই। অনুভৱবোৰ শেষ কৰোঁ বুলিয়েই অনুভৱবোৰ খুন্দনাত খুন্দিলোঁ, পটাগুটিৰে পিহিলোঁ। কিন্তু কি জানা নৈঋত, অনুভৱবোৰে মোক ইতিকিং কৰি সুবাস হৈ বিয়পিল চৌদিশে। সেই সুবাস লৈয়ে এতিয়াও পাৰ কৰোঁ বিষাদময় ব্যস্ততা।

 আঙুৰৰ ৰস এগিলাচ খাই ল'লোঁ।

 মেঘালীৰ উপদেশ— ‘তোৰ সৃষ্টিত মন বহাবলৈ তোৰ শৰীৰ ভালে থকাটো অতিকে দৰকাৰী। স্বাস্থ্যটোক অৱহেলা নকৰিবি কেতিয়াও।’

 মেঘালীৰ অধিকাৰবোধ, কৰ্তৃত্ববোধ মোৰ ওপৰত। কোনেও একো ক’বলৈ সাহস নকৰাজনীও বান্ধৱীৰ আঙুলিৰ ঠাৰত নাচি উঠোঁ সদায়। কাৰণ মই জানো, এই মৰমত স্বাৰ্থ নাই। কেতিয়াবা লতা হৈ বগাবলৈ মন যায়, গছ এজোপাৰ দৰকাৰ হৈ পৰে তেতিয়া। মেঘালী তেতিয়া মোৰ লতা মনটো মেৰিয়াই লোৱা গছজোপা হৈ পৰে। সেইকাৰণেই শতযযাজন দূৰত থাকিও, হাজাৰ মাইল দূৰত্বতো তাই খবৰ ৰাখে মোৰ প্ৰতি মুহূৰ্তৰ। আৰু তুমি? পাঁচ কিলোমিটাৰ দূৰত্বতো তুমি যেন শত কিলোমিটাৰ দূৰত।

 বৰ চাবলৈ মন যায় তোমাক। নিজকে লুকুৱাই থওঁ বুলি ভাবিলেও লুকুৱাব নোৱাৰোঁ কেতিয়াবা নৈঋত। কঁহুৱা বৰণৰ মুখখনৰ চকুযোৰ মাজে মাজে ৰঙচুৱা হৈ পৰে। ৰ’দ এলাৰ্জি আছে তোমাৰ, চানগ্লাচযোৰ নেৰিবা