পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কামৰ তালিকাখন দীঘল কৰি থাকোঁতে ক’ৰ পৰা এজাক হাহাকাৰ আহি বুকুখন উখল-মাখল কৰি দিলে নাজানিলোঁ। মোৰতো আজিৰ দিনটোত বহুত কাম আছিল। ‘বিদ্যা ভাৰতী’ নামৰ কিতাপৰ দোকানখনত কিতাপৰ তালিকাখন দিবলগা আছে। ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, হোমেন বৰগোহাঞি, ভৱেন্দ্ৰ নাথ শইকীয়া, মাৰ্ক টোৱেইন, মহাশ্বেতা দেৱী, চেতন ভগতৰ সমূহ সংগ্ৰহেৰে মোৰ পুথিভঁৰাল চহকী কৰাৰ যে ইচ্ছা।

 বানপানীত উটি যোৱা কিতাপবোৰ চাই কান্দি ৰোৱা ছোৱালীজনীৰ ওচৰলৈকো যাবলগা আছে। অহাবাৰ মেট্ৰিক দিব তাই। হয় নৈঋত, কামেৰে সময় জিনিব বিচাৰিছোঁ মই। বহুত দূৰলৈ যাব লগা আছে যে মোৰ, A miles to go before I sleep.


 দাপোণখনৰ সন্মুখত তুমি ভালপোৱা সাজেৰে মুখত দায়িত্বৰ প্ৰসাধন লেপি খৰ খোজেৰে আহি গাড়ীত বহিলোঁহি। এইবাৰ প্ৰেমৰ গান নহয়, জীৱনৰ গান বজাই ল’লোঁ গাড়ীত। মোৰ লক্ষ্যস্থান বগীবিলৰ সেই ছোৱালীজনী। সপোন কিনাৰ বয়সত সপোন হেৰুওৱাৰ দুখত কন্দা ছোৱালীজনী। কাৰোবাৰ কাৰণে মোৰ অলপ আশা হ’বলৈ মন গ’ল৷ মোৰ সেই নামটো হ’বলৈ মন গ’ল, যি কাৰোবাৰ ওঁঠলৈ আনি দিব প্ৰশান্তিৰ হাঁহি। মোৰ সেইটো অভিধা হ’বলৈ মন গ’ল যি আনি দিব কাৰোবাৰ জীৱনৰ ভেটিত অকণমান আশ্বাসৰ মাটি।

 হয় নৈঋত, মই যে সেইজোপা বটবৃক্ষ হ’ব বিচাৰোঁ, যাতে মই নিজৰ ভৰিত নিজে মূৰ দাঙি থকাৰ পাছতো আঁকোৱালি ল’ব পাৰোঁ মোৰ ওচৰত আশ্ৰয় বিচৰা অসংখ্য তৰু-লতা, পশু-পক্ষী ইত্যাদি আৰু যাৰ ছায়াত জিৰণি লয় ভাগৰুৱা পথিকেও।

 নৈঋত, অলপ আশিস দিবানে? দূৰৈৰ পৰাই। মৌনতাৰে। আন্ধাৰৰ জাল ফালি কুঁৱলীৰ অৱগুণ্ঠন আঁতৰাই ধৰালৈ কঢ়িয়াই অনা শীতৰ ৰ’দজাকৰ দৰেই যি হ’ব মোৰ বাবে হেঁপাহৰ এপাহি ফুল।

-তোমাৰ ছায়া

□□

(১১)

নৈঋত তোমালৈ বুলি...

 সপোন হেৰুওৱাৰ দুখত কন্দা ছোৱালীজনীৰ কাষত থিয় দিবলৈ বুলি যেতিয়া বানপানী শিবিৰত গাড়ীখন ৰৈছিলগৈ, কণ কণ শিশু কেইটামানে ঘূৰি ঘূৰি চাইছিল মোক। বৰ আচহুৱা যেন লাগিছিল নিজকে। বোকাৰ মাজত পদুম যেন শিশুকেইটিৰ সন্মুখত নিজকে বৰ নিঃস্ব যেন লাগিছিল। মৌলিক প্ৰয়োজনখিনি পূৰাব নোৱাৰিলেও তেওঁলোকৰ মুখত বিয়পি আছিল নিস্পাপ হাঁহি। তেওঁলোকক দেখি মোৰ মনত পৰি গৈছিল দুপৰৰ ৰ'দত বৰশী টোপোৱা, চিল উৰুৱা দিনবোৰলৈ। মনত পৰিল, দিনটো তলৌ তলৌকৈ ঘূৰি বগৰী, কেঁচা আমেৰে পেট ভৰাই গোটেই ৰাতি বমিয়াই থকা মইজনীৰ কাষত মাৰ ছটফটনি— এই ডাক্তৰ, এই হস্পিতেল, এই মানিমুনি পাত, এই নেমুপাতৰ স’তে আইতাৰ বেজালি। বৰ মধুৰ দিন আছিল সেয়া। বৰ মধুৰ আছিল। জীৱনটো তাতে স্থবিৰ হৈ যোৱাহেঁতেন। এতিয়া যে মাৰ বুকুতো মুখ গুজি কান্দিব নোৱাৰাকৈ শিলেৰে বন্ধোৱা অহেতুক সংকোচবোধ। কলিজাৰ অশ্মত বৈ যোৱা হিমশীতল চকুপানীখিনি মৰমত উকমুকাই ৰোৱা মাজনীক কেনেকৈ দেখুৱাওঁ মই নৈঋত?

 সপোন ভগাৰ জনজনিত নিতাল হৈ ৰোৱা বগীবিলৰ ছোৱালীজনীয়ে অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চাই ৰৈছিল। মই যে কোনো চেলিব্ৰেটিও নহয়, নহয় সমাজকৰ্মীও। তোমাৰ আদৰ্শৰে জীৱন পাত কৰিব বিচৰা এগৰাকী সাধাৰণ নাৰী মাথোঁ। প্ৰেমৰ কষটি শিলত নিজকে ঘঁহি-পিহি সোণ হোৱাৰ আশাত বন্দী একেবাৰেই সাধাৰণ নাৰী মই। বুকুৰ ভাৰখন নমাবলৈ এটুকুৰা ছাঁৰ সন্ধানত বন্দী জীৱন মোৰ।

 মেট্ৰিক দিবলগা ল'ৰা-ছোৱালীকেইটাৰ সপোন গোঁঠা কিতাপখিনি কিনি দিয়াৰ দায়িত্ব মই লৈছিলোঁ,