পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তুমি আকৌ ক’লা— ঠিক আছে বাৰু। তুমি ৰোৱা। মই বেংকৰ পৰা আহোঁগৈ, বেংক বন্ধ হৈ যাব নহ’লে।’

 নৈঋত, মই যে তাতেই ৰৈ থাকিলোঁ অত দেৰি। কিমান ঘণ্টা নাজানো। আন্ধাৰে পোহৰৰ লগত লুকাভাকু খেলি থকাৰ সময়তে ফোনটোলৈ মেছেজ এটা ভাঁহি আহিল—‘ছায়া লগ কৰিব নোৱাৰিম, বেয়া নাপাবা।’

 হা????...এয়া কেনে কথা। তোমাৰ বাৰু ইমানখিনি সৌজন্যবোধ নাছিলনে? কিয় এনে কৰিলা তুমি? নহয় নহয়, কাৰণটো জানিব লাগিব মই। তোমাৰ পলায়নৰ কাৰণটো জানিব লাগিব মই। গাড়ীত মুখ ঢাকি বহি ৰলোঁ। আপত্তি দৰ্শাবলৈ, সান্ত্বনা দিবলৈ কাষত কোনো নাছিল। আকাশ ভঙাৰ শব্দ চাৰিওফালে।

 নৈঋত, জানানে তুমি, সেই তেতিয়াৰে পৰা জ্বলিয়েই আছোঁ মই। নিজকে ধোঁৱাৰ কুণ্ডলীৰ দৰে পকাইছোঁ, বন্ধ ৰূমৰ পৰা ওলাব নোৱাৰি আকৌ জুইতে জাহ গৈছোঁ। মইজনীৰ এইটো ৰূপত নিজেই ভয়াৰ্ত। আশাহীন জীৱনৰ অৰ্থহীনতাত হাতত তুলি লৈছোঁ দুখৰ মদিৰা, গোটেই ৰাতি পান কৰিছোঁ সেই মদিৰা। অনুভৱ কৰিছোঁ মন্দ্ৰালসা সময়বোৰ। ক্ষোভত ফাটি তীক্ষ্ণ বাক্যবাণ এৰি দিছোঁ তোমালৈ—

 ‘কিয় এনে কৰিলা?...কিয় এনে কৰিলা? চৰাইৰ কলিজাৰ দৰে কোমল অন্তৰখন জুইলৈ কিয় দলিয়াই দিলা?

 ৰাতি বাৰ বজাৰ সংকেত বজাৰ সময়তো পান কৰি আছোঁ সেই মদিৰা, দুই বজাতো, তিনি বজাতো। তাৰ পাছত মাতাল হৈ ৰৈছোঁ টেবুলত মূৰ গুজি। মোৰ বলিয়ালিৰ সাক্ষী হৈ ৰোৱা নিশা।

 নিচা ফাটিল তেতিয়া, যেতিয়া মাতাল ৰূপত অতিষ্ঠ হৈ পৰিল দাপোণখনৰ প্ৰতিচ্ছবি। এয়াতো মই নহয়.. মই নহয়। তোমাৰ ছায়াৰ এই বিধস্ত ৰূপ যাতে তোমাৰ চকুত নপৰে, তাৰ বাবে ব্যস্ত হৈ পৰিলোঁ। ৰং তুলিকাৰে নিজক সজাই তুলিলোঁ। তোমাক যে কথা দিয়া আছিল, ধুনীয়াজনী হৈ থকাৰ। মুখৰ ধুনীয়া, মনৰ ধুনীয়া হোৱাৰ।

 যোৱাকালিৰ অংকটো সুস্থ মগজুৰে কৰি চালোঁ। মনটোক চিজিললৈ আনিছিলোঁহে, আকৌ ক’ত কি যে হৈ গ'ল! মনৰ কোণত তুমি কেনেকৈ ইমান নিগাজিকৈ বহি ল’লা নাজানিলোঁ৷ নিজকে এটা পেণ্ডুলাম যেন লাগিল। তুমি নামৰ বিন্দুটোৰ পৰা ওলোমাই ৰখা পেণ্ডুলাম। অস্থিৰ, ভাৰসাম্যহীন... দোলনেই যাৰ জীৱন।

—তোমাৰ ছায়া

□□

(১৪)

নৈঋত তোমালৈ বুলি....

 বাছৰ পৰা নামিয়েই মেঘালী আনন্দত আত্মহাৰা হৈ পৰিল। ‘আসঃ ডিব্ৰুগড়খন মই সেই কাৰণেই ভাল পাওঁ। গোটেইখন সেউজীয়াৰ মাজত চিপ্ চিপ্ বৰষুণ। মই তিতিম এতিয়া।’— হাতৰ বেগটো মোৰ গাড়ীখনলৈ দলিয়াই দি কৈ উঠিল তাই।

 মোৰ হাঁহি উঠি গ’ল। এতিয়াও একেই আছে তাইৰ কিশোৰীসুলভ চঞ্চলতা।

 ‘হব দে তিতিবি। কিন্তু এতিয়া আহি পাইছহিহে। পিছত তিতিবি।’

 মোৰ কথালৈ ৰৈ থাকিবলৈ তাইৰ সময় নাছিল। দেখিলোঁ, হাত মেলি তাই বৰষুণৰ স’তে মিতিৰালি পতাত ব্যস্ত। খিৰিকীৰ গ্লাচৰ ফাঁকেৰে চাই ৰলোঁ। বৰষুণৰ গুঞ্জনত নৃত্য কৰা মোৰ ডালিমীজনী। জীৱনৰ সুন্দৰতাত অভিভূতা তাই। এতিয়াও বৰষুণে তাইক নূপুৰ পিন্ধায়। কংক্ৰীটৰ মহানগৰীত বাস কৰাৰ পাছতো তাই ইমান সতেজ, ইমান উচ্ছল।

 বন হৰিণীৰ নিচিনাকৈ তাই দৌৰি দৌৰি মোৰ ওচৰ পালেহি।

 ‘ছায়া কি কৰি আছ, ওলাই আহ আক।’— একপ্ৰকাৰ টানিয়ে মোক গাড়ীৰ পৰা উলিয়াই আনিলে তাই।