তাতোকৈ ডাঙৰ কথা, মই আমাৰ বিশ্বাসখিনিক কুঠাৰাঘাত কৰিলোঁ। তুমি মোক কোনোপধ্যে বুজাব নোৱাৰিলা যে ৰাতি মানেই জৈৱিকতা নহয়। বুজাব নোৱাৰিলা যে, মোৰ ওচৰত ৰাতি কটোৱাৰ উদ্দেশ্যত সেই বাসনা তোমাৰ তিলমাত্ৰও নাছিল। বৰষুণৰ ৰাতি সেই আস্ফালনবোৰ ধুমুহা ঢেৰেকনিৰ লগতে মিলি গৈছিল।
তথাপি মোৰ ওপৰত তোমাৰ খং নুঠিল। তোমাৰ যেন কোনো অধিকাৰ নাছিল মোৰ দৰে ছোৱালী এজনীৰ উজ্বল-সুজ্বল সোণাৰুৱা জীৱনটো দুখেৰে কাজল ৰঙী কৰি তুলিবলৈ।
“ঘৃণাৰে পাহৰি যোৱা মোক ছায়া। তোমাৰ মানত যে মই এতিয়া এজন তৃতীয় শ্ৰেণীৰ মানসিকতাৰহে পুৰুষ।”, মোক ক’ব নোৱৰা এনেকুৱা অজস্ৰ কথা ডায়েৰীত তুমি নিৰৱে টুকি গলা।
কিন্তু নিয়ৰক এৰিব নোৱাৰা তুমি। দেউতাৰ দায়িত্বৰ পৰা মুক্ত হ’ব নোখোজা তুমি। লগে লগে তুমি নিয়ৰৰ ওচৰলৈ গাড়ী দৌলা। বাহিৰত তেতিয়া আমাৰ প্ৰেমৰ বিশ্বাসৰ মৃত্যুত বাউলা হৈ পৰিছে দিশহাৰা ফাগুণ।
* * * *
বাৰে বাৰে পঢ়িলো দীঘল পৃষ্ঠাটো। এবাৰ নহয়, দুৱাৰ নহয়, দহবাৰ। ভৰিৰ তলৰ মাটিখিনি লাহে লাগে উঠি আহিছে। ইমান দেৰি যে মই বেলেগ এখন জগতত বিচৰণ কৰি আছিলোঁ। ডায়েৰীখনে মোক টানি নিলে ডিব্ৰুগড়ৰ তিনিকোঠলিয়া ফ্লেটটোলৈ।
অংকটো এইখিনিতে খেলিমেলি হৈছিল। এই খিনিতে বিশ্বাসৰ আগত বিয়োগ চিন এটা বহিছিল। কি সমস্যাত পৰি সেই নিশা মোৰ কাষত থিয় হৈছিলগৈ নৈঋত, মই নুবুজি তোমাৰ ওভতাই পঠিয়ালোঁ। উসঃ নৈঋত গোলাপৰ আঁৰৰ কাইটখিনি চকুত নপৰাৰ দৰে ময়ো ভালপোৱাৰ আঁৰৰ কষ্টখিনি নেদেখিলোঁ৷ ইমানেই অ-পৰিপক্ক আছিলোঁ নে মই?
ৰঙা চিঞাহীৰে মই এই বিন্দুটোতে ডাঙৰকৈ ঘূৰণীয়া চিন এটা বহুৱালোঁ। আমাৰ সম্পৰ্কৰ বেমাৰটো ইয়াতেই আৰম্ভ হৈছিল। বিশ্বাসৰ সমাধি তলিত ফুলি ৰোৱা ভুল বুজাবুজিৰ আৰম্ভণি-বিন্দু এইটোৱেই যে আছিল।
⸺তোমাৰ ছায়া
□□