পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিলে আৰু বেটুপাত ৰূপাংকৰৰ সমূহ দায়িত্ব গা পাতি ল’লে তেওঁলৈকো মোৰ অশেষ কৃতজ্ঞতা জনালোঁ।

 পাণ্ডুলিপিটো তন্নতন্নকৈ চাই বহুমূলীয়া পৰামৰ্শ আগবঢ়োৱাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক শ্ৰীপ্ৰহ্লাদ চন্দ্ৰ তাছা ছাৰলৈ এই ছেগতে অযুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 ‘ক’ৰ চুককেইটাক আকাৰ দিবলৈ শিকোৱা মোৰ জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী ‘মা’লৈ আৰু বাস্তৱ জীৱনত খোজ পেলাবলৈ সাহস দিয়া দাদালৈ এই আপাহতে মনত পেলালোঁ।

 সদৌ শেষত উল্লেখ নকৰিলে আধৰুৱা হৈ ৰ’ব যে শব্দৰ এজোলামবোৰ: নৈঋতলৈ বুলি’ পত্ৰ উপন্যাসখনৰ সমূহ সফলতা নিৰ্ভৰ কৰিছে পাঠকৰ সমাদৰৰ ওপৰত। শিকাৰু লেখিকাৰ এই শৈলীক পাঠকে কেনেদৰে সমাদৰৰ মাত্ৰা প্ৰদান কৰে তাৰ ওপৰতে উপন্যাসখনৰ মান্যতা নিৰ্ভৰ কৰিছে।

ধন্যবাদেৰে-
পৰী পাৰবীন