পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাহৰি মই একেবাৰতে হা কৈ দিছিলোঁ। এইবিলাক সামাজিক কামত লাগি থকা স্বভাৱটোৱে মোক তোমাৰ সুন্দৰ চেহেৰাটোৰ আঁৰৰ সুন্দৰ মনটোৰ পৰিচয় দি গৈছিল। জীৱনটো বিলাসিতাৰে উপভোগ কৰিম বুলি ভবা ‘মই’জনী জীৱনৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰিছিলোঁ সিদিনাই।

 ফাইনেল পৰীক্ষাৰ ৰিজাল্ট আনিবলৈ যোৱাৰ দিনা মই তোমাক এবাৰ লগ কৰাৰ সিদ্ধান্ত ল'লোঁ। এই যে ইয়াৰ পৰা ওলাই যাম, প্ৰতিযোগিতাৰ বাটত দৌৰিবলৈ আৰম্ভ কৰিম, কোনে জানে, ইয়াৰ সমাপ্তি কত? লগ পামনে আকৌ সেইখিনি সত্তা, চকু মুদিলেই যাৰ অস্তিত্বই প্ৰেৰণা ছটিয়াই যায়? তুমি মোক ভৱিষ্যতৰ পৰিকল্পনা সুধিছিলা। মই কৈছিলোঁ সেই সৰুকালৰে পৰা বাহিৰৰ পৃথিৱীখনে হাত বাউল দি থকাৰ কথা। লগৰ মেঘালীহতঁৰ স’তে ওলাই যোৱাৰ কথা। আকৌ তোমাৰ সেই অনিমেষ চাৱনি, ‘যোৱা। কীপ ইন টাচ্চ...।’

 সেই যে বাংগালোৰত ভৰি দিয়াৰ কেইদিনমান পাছতে তুমি কল কৰিছিলা—

 ‘ছায়া, গেছ ক্ৰেকাৰত মেনেজমেণ্টৰ পোষ্ট ওলাইছে, এপ্লাই কৰা।

 তুমি যেন মোৰ পথ প্ৰদৰ্শক হৈহে আহিছিলা জীৱনলৈ। লগৰখিনিয়ে বাধা দিছিল। মোৰ বুজাবলৈ, বুজিবলৈ সময় নাছিল? একো নভবাকৈয়ে ওভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়লৈ— তোমাৰ দুচকুৰে পোহৰাই তোলা বাটলৈ। মনত পৰেনে নৈঋত, মোৰ জীৱনৰ প্ৰথম চাকৰিটোত মোতকৈ হাজাৰ গুণ আনন্দ পাইছিলা তুমি।

 চাকৰিত জইন কৰাৰ পাছৰটো দেওবাৰত তুমি ঘপহকৈ ফোন কৰিছিলা—

 ‘ছায়া, তোমাৰ ৰূমৰ ওচৰতে আছোঁ, আহিবা নেকি ওলাই?

 ময়ো একো নভবাকৈ সোণালী কাপোৰযোৰ মেৰিয়াই ওলাই আহিছিলোঁ, তুমি তেতিয়া তোমাৰ গাড়ীত ভেজা দি ৰৈ আছিল। মোৰ গাত যেন তৰাহে বৰষিছিল। তুমি চাৱনিৰে মোক গোটেইজনী গিলি পেলাইছিলা। মই সেই তীক্ষ্নতা সহিব নোৱাৰি কুমজেলেকুৱাটোৰ নিচিনা লেতু-সেতু হৈ বহি ৰৈছিলোঁ। তুমি কেমেৰাটো উলিয়াই লৈছিলা। স্নেপ লৈছিলা বেলেগ বেলেগ এংগোলত। গোটেইবোৰ স্নেপ এতিয়াও আছে জানানে নৈঋত? এয়া মোৰ জীৱনৰ অন্য এক ৰং। মচি দিব নোৱাৰোঁ। এনেকুৱা মুহূৰ্ত মোৰ জীৱনলৈ অহা নাছিল। মই তোমাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ নেকি বাৰু? মই নাজানিছিলোঁ। ৰাতি তুমি ফোন কৰিছিলা। ভালপোৱাৰ নিচা তোমাৰো লাগিছিল। কিবাকিবি সুধি আছিলা, কৈ আছিলা। ইমান উৎপতীয়া আছিলানে তুমি? ইংৰাজী অধ্যাপকৰ সেই গহীন ৰূপটোৰ স'তে আকাশ-পাতাল পাৰ্থক্য। মোৰ ফালৰ পৰা মৃদু ধমকি, নৱমমানৰ ছাত্ৰ বুলি ঠাট্টা। তোমাৰ বৰ খং উঠিছিল, ফোনটো কাটি দিছিলা। কৈছিলা, কাইলৈৰ পৰা মোক নেদেখিবা বুলি। ইমান অধিকাৰবোধ তোমাৰ! কিমান আপোনত্বত জাগে এই অধিকাৰ? মোৰ সমগ্ৰতাখিনিত তুমি নিজৰ অধিকাৰ বজাবলৈ পূৰামাত্ৰাই চেষ্টা চলালা।

 মেঘালীলৈ ফোন কৰিলোঁ। কৈছিলোঁ তাইক মোৰ জীৱন সলাবলৈ ধৰা কেঁকুৰিটোৰ কথা। তীব্ৰ ভৎৰ্সনাৰে চিঞৰি উঠিছিল তাই-

 ‘ছায়া বি প্ৰেক্টিকেল, হি ইজ আ্যা মেৰিড মেন...। তই যিমানে আপ টু ডেট আউটলুক নিদিয় কিয়, মই জানো, য়ু আৰ ভেৰী ইন’ছেন্ট ইনচাইড। কাঁইটীয়া ৰাস্তা এইটো। আঁতৰি আহ। নোৱাৰিবি তই।’

 মনৰ লগত সম্পৰ্ক নাথাকিলেহে এনেকৈ কোৱা যায়। ময়োতো এনেকুৱা উপদেশ কলেজ জীৱনত বহুতক দি আহিছোঁ। কিন্তু এই সময় আৰু সেই সময়ৰ মানসিক ভেঁটি একে নহয় বুজি উঠিছিলোঁ।

 একো সিদ্ধান্ত ল'ব পৰা নাছিলোঁ। মনটো অলপ চিজিল লগাওঁ বুলি দিনৰ বাছত মাৰ ওচৰলৈ ঢাপলি মেলিছিলো। কাণত জগজিৎ সিঙৰ গজল আৰু হাতত খুচৱন্ত সিঙৰ ‘ট্ৰেইন টু পাকিস্তান’ কিতাপখন লৈ যাত্ৰাটো ৰোমাঞ্চকৰ কৰাৰ চেষ্টা কৰিছিলোঁ। জীৱনটোক অলপ অকলে ওচৰৰ পৰা চোৱাৰ বৃথা চেষ্টা। তুমিতো বাৰে বাৰে ফোন কৰি আছিলাই, ক’ত পাইছোঁগৈ, কিবা খাইছে নে নাই... ইত্যাদি ইত্যাদি। বৰ ভাল লাগিছিল জানানে নৈঋত? এই বিশাল পৃথিৱীত মোৰ খবৰ ল'বলৈকো কোনোবা আছে বুলি! মই অকলশৰীয়া নহয়; অকলশৰীয়া নহয়, চাৰিওফালৰ পৰা এইবুলি এজাক নীলা চৰাই আহি মোৰ কাণত গীত জুৰিছিল।সেই ৰৌদ্ৰোজ্জ্বল দিনটোতে