পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ময়ো পৰা নাছিলোঁ নৈঋত। ‘পৰিস্থিতি’ নামৰ ডাক্তৰজনে ‘সময়’ নামৰ ঔষধটো খুৱাই সকলোবোৰ স্বাভাৱিক কৰি তুলিলে। তোমাক চিনি নোপোৱাৰ অভিনয় কৰি ময়ো আহত। জীৱনত মিথ্যাচাৰৰ আশ্ৰয় ল’বলৈ কোনোদিন বিচৰা নাছিলোঁ, জানানে নৈঋত? তথাপিতো উপায়হীন হৈয়েই দুটা মিছা কথা সাৱটিব লগা হ’ল। অৰণ্যাৰ পিতৃ পৰিচয় আৰু তোমাক চিনি নোপোৱাৰ অভিনয় দুয়োটাই আন্তঃসম্পৰ্কীয় পৰিঘটনা।

 বুকুৰ উমেৰে পল পল হিচাপ কৰি ডাঙৰ কৰিছোঁ তাইক। মাজতে তুমি ধুমকেতুৰ দৰে আহিলা বুলিয়েই মই এইকণ স্বাৰ্থ এৰিব নোৱাৰোঁ। তুমি হয়তো ক’বা যে তাইৰ ওপৰত তোমাৰো সমান অধিকাৰ আছে। হয়... আছে। কিন্তু প্ৰথমে যোৱা পাঁচ বছৰৰ হিচাপটো ঠিক কৰি দিয়াচোন। তাৰ পাছত.. তাৰ পাছত... অৰণ্যা ডাঙৰ হ’ব। নিজৰ সিদ্ধান্ত নিজে ল’ব। সেইখিনি সময়লৈকে সাজু থাকা নৈঋত। আৰু কি জানা নৈঋত, তোমাৰ পত্নী বিয়োগৰ খবৰটো মই পোৱা নাছিলোঁ। ক’ত বা কেনেকৈ সেয়া হ’ল সেই কথাও প্ৰশ্ন হৈয়ে থাকি গ’ল। কাৰণ তুমি যে মোৰ অচিনাকি এতিয়া।

—ছায়া

□□

(৪৮)

নৈঋত তোমালৈ বুলি...

 অৰণ্যাক নগাঁৱৰ মাৰ ঘৰত থৈ ঘূৰি যাবলৈ ওলালোঁ। শৰীৰটোক অলপ মনকাণ দিয়া দৰকাৰ। কেতিয়াবা বহুত অত্যাচাৰ কৰা হয় শৰীৰটোক। ভিতৰি ভিতৰি অলপ ভয়ো খাইছোঁ। মোৰ কিবা এটা হলে মোৰ অৰণ্যাক কোনে চাব? ‘পাপা নাই মোৰ বুলি ক’বলৈ শিকা ছোৱালীজনীক মাতৃৰ উমৰ পৰা বঞ্চিত কৰাৰ কথা ভাবিবও নোৱাৰোঁ। বুকুখনে ক’ৰবাত কান্দি উঠে। ভগৱানক খাটিলো অজানিতে।

 দিল্লীলৈ টিকট কাটিলোঁ। ডাক্তৰৰ এপইন্টমেন্ট ল’লোঁ। ডাক্তৰৰ পৰামৰ্শ মতে পেথ’লোজিকেল পৰীক্ষাসমূহ আৰু পেটৰ আলট্ৰা চাউণ্ড কৰোৱালোঁ। ৰিপৰ্টবোৰ ডাক্তৰক দেখুওৱাৰ পাছত, তেওঁৰেই পৰামৰ্শ মতে মই এতিয়া স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ সন্মুখত।

 ‘আপুনি অবিবাহিতা?'— মোৰ নথি-পত্ৰসমূহ পৰীক্ষা কৰি স্ত্ৰী-ৰোগ বিশেষজ্ঞজনে সুধি পেলালে। তাত মোৰ বিবাহিত স্থিতি অবিবাহিত বুলি দিয়া আছে।

 ‘তেতিয়া হ'লে আপোনাৰ এটা দুখৰ খবৰ আছে’– ডাক্তজনে ৰিপৰ্টখিনি পৰীক্ষা কৰি কৈ উঠিল।

 ‘আপোনাৰ জৰায়ুৰ এটা গুৰু অস্ত্ৰোপচাৰ কৰাব লাগিব আৰু তেতিয়া আপোনাৰ মাতৃ হোৱাৰ ক্ষমতা নাথাকিব।’

 অলপ দেৰি মৌনতাৰ পাছত তেওঁ আকৌ কৈ উঠিল—‘নহ’লে আপোনাৰ জীৱনলৈ সংশয় নামি আহিব পাৰে।’

 অলপ দেৰি আকৌ মৌনতা। তেতিয়ালৈকে মোৰ মুখৰ মাত এটাও ওলোৱা নাছিল। ভিতৰখনে কান্দি উঠিল। জীৱনলৈ সংশয়? গুৰু অস্ত্ৰোপচাৰ? মোৰ অৰণ্যা? কি হ’ব তাইৰ? মনটোৱে বুজাই আছে— ‘ছায়া ধৈৰ্য ধৰ। ড’ণ্ট ৱৰী। সকলো ঠিক হৈ যাব। ভগৱান আছে।’

 ঠিকেই...ভগৱান আছে। তথাপিতো নঘটিবলগীয়া ঘটি থাকে। কাৰোবাৰ ওচৰত মূৰ পেলাই কান্দিবলৈ মন গ'ল। বৰ অকলশৰীয়া যেন অনুভৱ হ’ল আকৌ এবাৰ।

 ‘কিবা ভাবিছে আপুনি?’- ডাক্তৰজনে কৈ উঠিল আকৌ এবাৰ।

 ইমান আত্মবিশ্বাস তেওঁৰ। সুধিব লগা কথা নাছিল যদিও সুধিলোঁ—‘এই অস্ত্ৰোপচাৰৰ সফলতাৰ হাৰ