পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিস্থিতিয়ে সিহঁতক জীৱনৰ প্রতি দায়বদ্ধ কৰি তুলিছে। নিজে মেট্রিক পাছ কৰা সময়খিনি মনত পৰিল। সেই যে কুঁৱলীহঁতৰ স’তে টিউচনলৈ বুলি ওলাই গৈ বৰশী টোপােৱা চাই ফুৰোঁগৈ। জাপিসজীয়া গাঁৱৰ সেই দলংখনৰ ওপৰত এজাকমান ছােৱালীৰ উচ্ছলতাত নদীখনেও সাৰ পাই উঠে। কলেজৰ থিয়ৰী ক্লাছ, প্রেক্টিকেল ক্লাছ কৰি আহি ঘৰৰ পঢ়া টেবুলত আকৌ বৰশী টোপােৱা পর্ব। মগজুটো অলপ ভালেই আছিল বুলিহে। ক্লাছ টেষ্টৰ কপিবােৰ ঘূৰাই দিওঁতে ছাৰসকলৰ প্রশংসনীয় দৃষ্টিবােৰ একেবাৰে বুকুৰ ভিতৰলৈকে সােমাই গৈছিল।

 বাহিৰত ইমানবােৰ উৎপাত কৰি থাকিলেও ৰিজাল্টটোৰ কাৰণেই দাদাৰ চকুৰ পৰা বাচি গৈছিলোঁ। মায়েতাে একো নকয়েই। টোপনি ধৰিলে কোলাত লৈ নিজ হাতেৰে ভাত খুৱাই শুৱাই দিয়া ‘মা’-জনীৰ ছােৱালীয়েই আছিলোঁ মই। মালৈ মনত পৰিলে দুচকু ভৰি আহে। মাৰ মৰমৰ ‘মই’জনী যে কেতিয়াকৈ আহি এই ৰূপ পালোঁহি নিজেই নাজানাে। এতিয়া মাৰ স’তে মােৰ শতযােজন দূৰত্ব। কিবা সংকোচত মায়ে মােক নােসোধে মােৰ ভিতৰৰ খবৰ। ময়াে নকওঁ, জানােচা হৃদয়ৰ গৰাখহনীয়াত ‘মা’ও উটি-ভাঁহি নিঃশেষ হৈ যাব। বৰ ভয় লাগে মােৰ, মাক হেৰুৱাব নােখােজোঁ। অনুভূতিৰ অভিনয়াে কৰিব নােৱাৰোঁ। অন্ততঃ মাৰ ওচৰত নিজকে ফাঁকি দিব নােৱাৰাে। সেইকাৰণেই মাৰ পৰা পলাই ফুৰোঁ সদায়।

 মেঘালীয়ে কয়— ‘বাহিৰলৈ ওলাই আহ। হৃদয়ৰ যিটো কোণত তই নৈঋতৰ স্মৃতিৰ স'তে উমলি আছ, সেই কোণটোৰ পৰা ওলাই আহ। বাহিৰত এখন বহল পৃথিৱী, বহুত মানুহ। বাছিবলৈ লােৱা চাউলৰ ডলাখনৰ দৰে। শিলগুটিবােৰ বাছিবি, ধানবােৰ বাছিবি, তাৰ পাছত মলখুবােৰ জাৰি আঁতৰাই ল’বি। যিখিনি চাউল ডলাখনত থাকি যাব, সেইখিনিয়ে তােৰ কাৰণে দৰকাৰী৷ মানুহৰ মাজত থাক। ব্যস্ত হৈ থাক।’

 ঠিকেইতাে, ঠিকেই কয় তাই। মনত পৰিল, গজলকেইটা লৈ বিকাশ ছাৰে মাতিছিল। গানৰ মজলিছ আছে হেনাে ছাৰৰ ঘৰত। তাতেই ঠিক কৰিব গজলৰ সুৰ, মাত ইত্যাদি। এটি ৰঙীন সন্ধ্যাৰ আগজাননী। জাঁপ মাৰি উঠিলোঁ, মুখখনত এবাৰ চকু ফুৰাই লিপষ্টিকডাল ওঁঠত বােলাই ল'লাে। চুলিকেইডাল কেতিয়াও ঠিক নাথাকেই। বৰ অবাধ্য চুলি। অবাধ্য মনটোৰ দৰে। লেপটপটো কান্ধত লৈ গাড়ীখনৰ ফালে আগুৱাই গ'লাে। চেল্ফ ষ্টার্ট কৰাৰ লগে লগে বাজি উঠিল ‘খােজ’ বােলছবিৰ সেই বিখ্যাত গানটো।

‘চিনাকি......... চিনাকি
মােৰ মনৰ মানুহ,
তােমাৰ বাবেই জনম লভিছোঁ,
তােমাৰ ঘাটৰ বিপৰীতে
নাওখনি মােৰ বান্ধিছোঁ....।

 না...না... শুনিবলৈ মন যােৱা নাই এইটো মুডত। তুমি থকা কোঠাটোৰ দুৱাৰখনকে খুলিবলৈ মন যােৱা নাই এতিয়া। নেক্সট বাটনটো টিপোঁতেই আবিদা পাৰবীনৰ সেই বিখ্যাত চুফী গানটো বাজি উঠিল—

 ‘তেৰে ইস্ক নে নাচায়া কৰ কে থৈয়া থৈয়া...'

 হাঁহি উঠি গ'ল। উপায় নাই। বিষাদৰ গানেৰে ভর্তি মােৰ পেন ড্রাইভ। বাজি থাকক। তােমাতেই আৰম্ভণি তােমাতেই শেষ হােৱা মইজনী তেজপিয়া সাপৰ দৰে, দিনটোত যে কিমানবাৰ ৰং সলাওঁ। ৰং সলােৱাৰ অভিনয় মাথোঁ।

 মােৰ যে আৰু এটি নতুন আশা, ছায়া হৈ আৱৰিম তােমাক, শব্দ হৈ বুকুত সােমাম, সুৰ হৈ কাণত গুঞ্জন তুলিম.....সুৰেৰে জিনিম তােমাৰ পৃথিৱী।

—তােমাৰ ছায়া

⸺⸺