পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই?’– মেঘালীৰ প্ৰশ্ন।

 ‘মোৰ কথা বাদ দে। তোৰ যি মন গৈছে, তাকেই আনগৈ যা। মই নিৰামিষভোজী।’— ঈষৎ হাঁহিৰে মই উত্তৰ দিলোঁ।

 ‘কি কৈছ তই? তই মাছ নাখাৱ? মেকুৰীয়ে মাছ নাখায়, আচৰিত।’—মেঘালীৰ আশ্চৰ্যৰ সীমা নাছিল।

 কেনেকৈ কওঁ তাইক, মাছ ভজাৰ গোন্ধত ৰ’ব নোৱাৰা মইজনীয়ে যে সেইদিনাই মাছ এৰিছিলোঁ যিদিনা তোমাৰ মুখখনে মোক বৰকৈ আমনি কৰিছিল। জেদৰ নিচাৰ পেগত মোৰ ভালপোৱা বস্তুবোৰ মিলাই দি এঢোক এঢোককৈ পান কৰিছিলোঁ ত্যাগৰ মদিৰা। মৰমৰ মানুহজনৰ পৰাই যদি আঁতৰিব পাৰিলোঁ, বাকীবোৰতো নগণ্য মাথোঁ।

 কিটচেনত সোমাই তাই বস্তুবোৰ চিজিল লগাবলৈ আৰম্ভ কৰিলে। আচাৰৰ বটলবোৰ চিজিল লগাবলৈ গৈ তাই ভাগৰি পৰিল। ইমানবোৰ আচাৰ। ক’ৰ পৰা আনিলি?’– মেঘালীয়ে নুসুধি নোৱাৰিলে।

 ‘মই নিজেই কৰিছিলোঁ অ’ মেঘালী। তই ঘৰলৈ লৈ যাবি।’— মই তাইক ক’লো।

 ‘তোৰ হাতৰ আচাৰ? তই কেতিয়া শিকিলি এইবোৰ কাম? তোৰ মায়ে এতিয়াও দুখ কৰি থাকে, তই ঘৰৰ কাম একো নাজান বুলি।’— আকৌ তাইৰ আশ্চৰ্যৰ পাল।

 মনত পৰিল, জীৱনৰ কোনটো বিন্দুৰ পৰা মই এনেকুৱা কামবিলাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তোমাৰ কাৰণেইতো নৈঋত। মই যিমানে আধুনিকা নাছিলোঁ কিয়, তোমাৰ এটা হাঁহিতে মোৰ ভিতৰৰ ‘নাৰীভাব’ জাগি উঠিছিল। নাৰীৰ যে সেইটোৱেই বৈশিষ্ট্য। মৰমত পমে, মৰমত গ’লে, মৰমত বনবাসৰ সংগী হয়, মৰমত জীয়া দেহা চিতাত উঠায়।

 তুমি যে আচাৰ খাই ভাল পাইছিলা। তোমাৰ কাৰণেই বিধে বিধে আচাৰ। জানোচা তুমি ঘপহকৈ আহি ওলোৱাহি আৰু মোক ফৰমাইচ দিয়া, লুচি আৰু আলু ভাজি, লগত জলকীয়াৰ আচাৰ নতুবা বগৰীৰ মিঠা আচাৰ। এতিয়া যে তুমিহীনতা। তথাপি মই বছৰে বছৰে একেখিনি কামকে কৰি যাম। কিজানি কোনোবা দিনা তোমাৰ ভৰি দুখনে গতি সলায়। তুমি ভালপোৱা কামবিলাক, তুমি ভালপোৱা বস্তুবিলাক মই যে সেই আশাতে বিসৰ্জন দিব নোৱাৰিলোঁ।

 সেই যে বগৰীৰ মিঠা আচাৰত সোমাই থকা মৰমখিনি, ঘৰৰ পৰা ডিব্ৰুগড়লৈ আহোঁতে তোমালৈ বুলি কিনি অনা বোকাখাতৰ পেৰাত সোমাই থকা অনুভৱখিনি কিহৰ স’তে জুখিব পৰা যায় এইবোৰ নৈঋত? মনত পৰেনে, তুমি ভালপোৱা বুলিয়েই যে এবাৰ গৰম বুন্দিয়াৰ লাড়ু বনাই মোৰ হাত জ্বলি গৈছিল। তুমি মোক গালি পাৰিছিলা পাগলী বুলি। তোমাৰ মৰমৰ অত্যাচাৰত মই পংগু; মোৰ মৰমৰ অত্যাচাৰত তুমি পংগু। ভালপোৱাক ইয়াতকৈ বেলেগ কিহেৰে প্ৰকাশ কৰিব পাৰি নৈঋত?

 মোৰ তিনিকোঠলিয়া ফ্লেটৰ প্ৰতিটো বস্তুৱেই তোমাক চিনি পায়। কলিংবেলত তুমি অহাৰ সুৰ ভাঁহি অহাৰ লগে লগে সকলোবোৰ বস্তুৱেই যেন প্ৰাণ পাই উঠে। চোফাযোৰেও কাপোৰ-কানি পিন্ধি সষ্টম হৈ পৰে। কিটচেনটোৱেও ধুনীয়া হ’বলৈ চেষ্টা কৰে। টি ভিটোৱে.... আলনাডালেও। আলমাৰীটোৰ কথাটো ক’বই নালাগে। ড্ৰেচিং টেবুলখন আৰু এখোপ চৰা। সিহঁতৰ উথপথপত মইজনী ক’ৰবাতে পৰি ৰওঁ। সকলোকে সন্তুষ্ট কৰি কৰি যেতিয়া তোমাৰ বুকুত ভাগৰুৱা মূৰটো পেলাই দিওঁ, তেতিয়া সিহঁতকেইটাই লাজতে চকু মুদি দিয়ে। নেপথ্যত তেতিয়া এটা সুৰ ভাঁহি আহে। গৰখীয়া বাঁহীৰ সুৰ। কৰুণেই নে ভৰুণ আজিও বুজি নাপালোঁ সেই সুৰৰ লহৰ।

 সেই সুৰত মই আজিও পংগু। পংগু যে মোৰ কোঠালীৰ প্ৰতিটো বস্তু। ‘তুমি’ নামৰ ভালপোৱাই অকল যে জীৱনতে প্ৰাণ সঞ্চাৰ কৰিছিল তেনে নহয়; জড়তাতো প্ৰাণ বোলোৱা তোমাৰ ভালপোৱা। তাতেই তোমাৰ অহংকাৰ নহয়নে নৈঋত?

 জানানে নৈঋত, তুমি ডাষ্টবিনলৈ দলিয়াই দিয়া অদৰকাৰী হেন এই কথাবোৰ মই বুটলি আনি চাদৰ এখন ব’বলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াই। চাদৰখনৰ কিছুমান কথা মৰমৰ সূতাৰে গাঁঠি দি দহি বটিবলৈ আৰম্ভ কৰিছিলোঁ সেই তেতিয়াই। আকুলতাৰ বুটাৰে ফুল বাচি চানেকি তুলিবলৈ আৰম্ভ কৰিছিলোঁ সেই তেতিয়াই।