পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জনাই ৰং চোৱা মনটি মােৰ। পাৰিম নে তাইকো বন্ধ ৰূমত বন্দী কৰিবলৈ? কিয় তাই বাৰে বাৰে সুৰ-তাল দিবলৈ আহে মােৰ বে-তাল জীৱনত, বাৰে বাৰে সেই তালত জুনুকা পিন্ধি নাচি উঠো। ছন্দোময়তাৰ আধিক্যই পুনৰবাৰ ছিঙি দিয়ে সেই জুনুকা। নানাচোঁ, নানাচোঁ,.... তাইৰ স'তে মই আৰু নানাচোঁ ।

 ভাগৰুৱা মনটি তেতিয়া মােৰ স’তে যুঁজি যুঁজি প্রভাতী সূৰুযৰ কোলাত শুই পৰিছিল। কাষেৰে তেতিয়া সেই দাড়ি ভর্তি মুখখন পাৰ হৈ গৈছিল। চাফাৰীখনত।

—তােমাৰ ছায়া

❏❏

(২৪)

নৈঋত তােমালৈ বুলি....

 অফিচত বহি থাকোঁতে পিয়নজনে আহি ক'লেহি —‘ম্যাডাম, ছােৱালী দুজনী আহিছে আপােনাক লগ কৰিবলৈ।’

 ‘কৰ পৰা আহিছে’— সুধিলোঁ মই।

 ‘বগীবিলৰ পৰা অহা বুলি ক'লে’— পিয়নজনৰ উত্তৰ।

 ‘ঠিক আছে, পঠিয়াই দিয়া’— বুলি মই অপেক্ষা কৰি ৰ'লাে।

 ছােৱালী দুজনী সােমাই আহিল। মনত পৰিল, যােৱা বছৰ বানপানীৰ সময়তে লগ পাইছিলোঁ সিহঁতক। মেট্ৰিকৰ ৰিজাল্ট দিলে। ৰিজাল্ট বা কেনেকুৱা হ'ল? ‘ধেৎ, খবৰ এটাও লােৱা নহ'ল। কি বা হ’ল ? কিবােৰ ব্যস্ততাত যে পাহৰি যাওঁ এই দৰকাৰী কথাবােৰ। সুধিলোঁ—

 ‘অ’ তােমালােক। কি খবৰ তােমালােকৰ? ৰিজাল্টবােৰ কোৱাচোন।’

 ‘ভাল মেম, আমাৰ সবেই লেটাৰ মাৰ্কছ লৈ পাছ কৰিছে। আপুনি সহায় নকৰা হ'লে আমাৰ এইটো ৰিজাল্ট নহ'লহেঁতেন। আমাৰ গাঁওখনে আপােনাক বৰকৈ বিচাৰিছে। পিছে আপােনাক বিশেষ এটা কথাৰ কাৰণেহে আমনি কৰিবলৈ আহিলোঁ। ছােৱালী দুজনীৰ মুখত যেন মােৰ প্রশংসা শেষেই নহ'ব। সুধিলোঁ—

 ‘কি কথা কোৱাচোন?

 ‘আমাৰ গাঁওত বিনামূলীয়া কেৰিয়াৰ কাম কোচিং চেণ্টাৰ এটা খুলিছে। আপােনাক উদ্বোধন কৰিবলৈ অনুৰােধ কৰিবলৈ আহিলোঁ।'— দুয়ােজনীয়ে উৎসাহেৰে ক'লে।

 ‘হয় নেকি? ভাল কথা। মই নিশ্চয়কৈ যাম, কিন্তু উদ্বোধন কৰিব পৰাকৈ এতিয়াও যােগ্য হােৱাগৈ নাই। যােগ্য কাৰােবাক বিচাৰিলে ভাল হ'ব নেকি?— মই আপত্তি দর্শালোঁ।

 ‘নহয় ম্যাডাম, আমাৰ গাঁৱত সবেই আপােনাকে বিচাৰিছে’— তেওঁলােকো আঁকোৰগােজ।

 মনত পৰিল, বানপানীৰ সময়ত তেওঁলােকৰ সৰ্বহাৰী চকুহালৰ কথা। সৰু সহায় এটাৰ কথা তেওঁলােকে ইমান দিন মনত ৰাখিছে। কৃতজ্ঞতাৰ ধাৰ শুজিবলৈ আহি ওলাইছেহি।

 ‘ঠিক আছে যাম বাৰু। কি তাৰিখ বুলি ক'লা?’

 তেওঁলােকৰ আন্তৰিকতাত আঘাত দিবলৈ মন নগ’ল। বৰ অন্তর্মুখী স্বভাৱৰ মই। সেইকাৰণেই এই কামবােৰত পিছ হুঁহকি আহোঁ।

 দুয়ােজনীয়ে মুখত সন্তুষ্টিৰ হাঁহি লৈ গুচি গ'ল। কষ্টৰ মাজত ডাঙৰ হােৱা কাৰণেই চাগৈ সিহঁতক যথেষ্ট গহীন যেন লাগিল। তথাকথিত মেট্রিক পাছ কৰা ল'ৰা ছােৱালীৰ চঞ্চলতা সিহঁতৰ গাত নাই। হয়তাে অভাৱে,