পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুজিও নুবুজোঁ। চকুযোৰত নিয়ৰকণা সিক্ত হৈ পৰাৰ সময়তে বিছনাখনৰ পৰা জাঁপ মাৰি উঠিলোঁ। নিকন ডি এচ এল আৰ কেমেৰাটো উলিয়াই ললোঁ। ফ্ৰেচ হৈ কিবাকিবি অলপ খােৱাবস্তু প্রস্তুত কৰি ল'লোঁ। বগা-বেঙুনীয়া স্ট্রাইপ থকা টপটোৰ লগত মিলাই ছাইৰঙী জীনছটো পিন্ধি ল'লোঁ। কপালত ফোঁটটো লগাই লওঁতেই মেঘালীলৈ মনত পৰিল—

 ‘জীনচৰ লগত ফোঁট। একেবাৰে ড্রেছিং চেন্স নাইকিয়া হ’ল দেখিছোঁ তােৰ।’

 ‘এইটো মই আৰম্ভ কৰা ফেশ্বন। সৱে ফ’লাে কৰিব চাবি।’— মই হাঁহি হাঁহি কৈছিলাে। ফোঁটটো এৰিব নােৱাৰোঁ মই। তুমি সােমাই থাকা যে তাত। তােমাৰ অনুৰােধৰ ফোঁট।

 তিনিকোঠলিয়াটোৰ পৰা ওলাই আহিলোঁ। ক'লৈ যাওঁ মই? লক্ষ্যহীন যাত্রা মােৰ। মােৰ আই টেন গাড়ীখনত ফুলটেংকী তেল ভৰাই ল'লোঁ। ক’লৈ যাওঁ তথাপি ঠিক কৰিব পৰা নাই। কাইলৈ অফিচ আছে, দিনযােৰা কাৰ্যসূচীৰ কাৰণে জয়পুৰ বৰ্ষাৰণ্যই ঠিক হ'ব। সেই যে তােমাৰ লগত গৈছিলোঁ এবাৰ নামচাং-জয়পুৰ। সেই একেই আমেজ। বর্ষণমুখৰ পুৱা, ছিটত কেমেৰা, পানীৰ বটল, খােৱাবস্তুৰ টিফিন এটা, কাপােৰ এযােৰ (জৰুৰী অৱস্থাৰ কাৰণে)। আগৰাতিৰ বৰষুণৰ স'তে সহবাসেৰে জীপাল ধূলিয়ৰি বাটৰ ভাগৰুৱা দেহা, কাষত তােমাৰ উপস্থিতিৰ অনুভৱ, পেন ড্রাইভত ট্রেন্সফাৰ কৰি লােৱা অডিঅ’ ফাইলবােৰ। ওস্তাদ গােলাম আলিৰ গজল—

 চুপকে চুপকে ৰাত দিন আচু বহানা য়াদ হে....
নছৰত ফটেহ আলি খাঁৰ—
 চনু এক পল চেইন না লাগে
 চনু এক পল চেইন না লাগে
 চজনা তেৰে বিনা.... ইত্যাদি ইত্যাদি।

 নৈঋত, তুমি কৈছিলা এদিন— ‘যাত্রা সদায় মধুৰেই হয়, গন্তব্যস্থল যিয়েই নহওক কিয়’৷ মই বৰ উপভােগ কৰোঁ মােৰ যাত্রাপথ। নাহৰকটীয়াৰ টকৌ পাতেৰে চালি দিয়া জুপুৰিবােৰ, চাহপাতৰ বাগান, মাজে মাজে ছাঁ দিবলৈ একো একোজোপা শিৰীষ গছ পাৰ হৈ আহি আহি জয়পুৰ বৰ্ষাৰণ্য পালোঁহি। এইটো এলেকাত শুষ্কতা বৰ কম। কেমেৰাটোত বন্দী কৰিলোঁ হেঁপাহৰ কপৌফুল। নানান ধৰণৰ অর্কিড, কাষেৰে বৈ যােৱা বুঢ়িদিহিং নৈ, কাষত অৰুণাচলৰ সীমা আৰু নামচাং হাবি। ব্লগত আপলােড কৰিম সমূহ অভিজ্ঞতা। পৃথিৱীক দেখুৱাম মই- বিষণ্ণতাই জীনা গাথা। প্রিয় বান্ধৱীৰ বিয়াত উদযাপন কৰা বান্ধৱীৰ গাথা।

 গাড়ীখন দেখোন এবাৰত ফচি গ'ল। ৰাতিপুৱাৰ বৰষুণ আৰু গাড়ীয়ে কৰা ৰাস্তা। কি কৰোঁ কি নকৰোঁ ভাবি থাকোঁতেই ক’লা চাফাৰীখনৰ পৰা দাঢ়ি ভেবােকাৰে মানুহ এজন নামি আহিল।

 ‘মে আই হেল্প ইউ ম্যাডাম, কিবা সমস্যা হৈছে আপােনাৰ?’

 উপায় নাছিল মােৰ। তেওঁৰ আৰু দুজনমান বাটৰুৱাৰ সহায়ত গাড়ীখন বােকাৰ পৰা উলিয়ালোঁ। তেওঁলােকৰ চকুত যেন বিস্ময়। ক'ৰ পৰা আহিছোঁ ? কিয় আহিছোঁ? ইত্যাদি এশ একুৰি প্রশ্ন। সেই পৰিৱেশত মােৰ খাপচাৰা ব্যক্তিত্ব তেওঁলােকৰ কৌতূহলৰ কাৰণ হৈ উঠিছিলোঁ। আঁতৰি আহিছিলোঁ। অভিজ্ঞতাই অলপ হ’লেও মানুহ অধ্যয়ন কৰিবলৈ শিকাইছে। চকুৰ ভাষা বুজি পােৱাত ঠগ খাব নােৱাৰি। চকুৰ পৰা আৰম্ভ হৈ চকুপানীত শেষ হােৱা অধ্যায়টোৱে মানুহৰ চকুৰ বিশেষ দৃষ্টি উপেক্ষা কৰিবলৈ শিকাইছে। নৈঋত, তুমি চাগৈ বুজিছাই, সেই কাৰণেই মানুহৰ সংগৰ পৰা আঁতৰি ফুৰিব বিচাৰোঁ মই। মানুহৰ সংগতকৈ মােৰ কলমটোৰ সংগ, মােৰ দাপােণখনৰ সংগ মােৰ বেছি প্রিয়। সেই যে দাপােণৰ সন্মুখত ৰৈ নিজক পঢ়া শব্দখিনি কলমেৰে লিপিবদ্ধ কৰি যাওঁ। মােৰতাে কোঠাত আইনাখনেই আছে, জগজিত সিঙৰ কোঠাত যে আইনা এখনাে নাছিল—‘মেৰে কমৰে মে আইনা নহী থা...'।

 ক’ৰ পৰা যে ক’লৈ আহিলোঁ। বর্ষাৰণ্যৰ পৰা আহি দাপােণখনৰ সন্মুখত! মই সঁচাকৈয়ে পাগলী। তুমি আগতে প্ৰায়েই কৈছিল। মই আজি আকৌ এবাৰ অনুভৱ কৰিলোঁ। ওঁঠত এটা হাঁহিৰ ঢৌ খেলি গ'ল। চাফাৰীৱালাজনে তেতিয়া লুকিং মিৰ’ৰখন মােৰ পিনে পােনাই লৈছিল। মােৰ লুকিং মিৰ’ৰখনত তােমাৰ ছবি ভাঁহি আহিল। কঁহুৱা বৰণৰ মুখ।চকুযােৰ মুদি তােমাৰ ছবিখন যেন চিৰস্থায়ী কৰি ল'ম।

 বেলি লহিয়াইছে। কেমেৰাত নিবদ্ধ অর্কিডখিনি, দেওহাঁহ কেইজনী, ধনেশ কেইজনী, সােণালী বান্দৰ