পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিছিল। স্বাভাৱিক। কিন্তু মোক কিয় এবাৰলৈও নজনালা নৈঋত? তোমাৰ কাষত ৰৈ যাব পৰাকৈ মোক কিয় যোগ্য কৰি নুতুলিলা নৈঋত?

 কষ্টবোৰ অকলে পান কৰিলা। মোলৈ সুখ ছটিয়াই ছটিয়াই দুখবোৰ গিলি থ’লা। ঊসঃ! এনে লাগিছে যেন এতিয়াই গৈ তোমাৰ কাষত থিয় দিম। কমগৈ মই, চোৱা নৈঋত, সেইটো পূৰ্বজন্ম বুলি ভাবি লোৱা, আমি নতুন জীৱন আৰম্ভ কৰোঁ। এই যেন তোমাৰ কষ্টবোৰ আজুৰি আনিম, আধা-আধা কৰিম দুখবোৰ আৰু যোগাত্মক সংখ্যাৰে পূৰণ কৰিম মৰম ভালপোৱা, বিশ্বাস, বুজাবুজি ইত্যাদি ইত্যাদি।

 ইসঃ! কিবোৰ যে ভাবিছোঁ মই। এতিয়া কেনেকৈ সম্ভৱ, কেনেকৈ সম্ভৱ? তোমাৰ ভৰিতো শিকলি, মোৰ ভৰিতো শিকলি। বাস্তৱৰ ঘৰ্ষণত পূৰ্ণতাৰ ৰূপ ল'ব নোৱাৰা অপূৰ্ণ সপোনবোৰ আকৌ গজালি মেলাটো সম্ভৱ জানো? ভাবিব নোৱাৰোঁ নৈঋত। তুমি কিয় মোক এবাৰলৈও নজনালা নৈঋত? এই প্ৰশ্নই হয়তো মোৰ জীৱনৰ বাকীখিনি সময়ত এপাত শেল হৈ অহৰহ বিন্ধি থাকিব। মই বাৰু সিমানখিনিৰো যোগ্য নাছিলোঁনে নৈঋত?

 পুৱা চাৰি বাজিল। বাহিৰত এতিয়াও আন্ধাৰ। বৰষুণ নাই যদিও সেমেকা ভাব এটাই ঠাণ্ডা অলপ কঢ়িয়াই আনিলে। হাতত খুলি লৈছোঁ তোমাৰ অতীতৰ কিছু বন্ধ অধ্যায়। পাত পাত কৈ মেলি গৈছো অলিখিত অনুভৱবোৰ। কান্দিছোঁ, ভাগি পৰিছোঁ, অভিমানবোৰ আঙুলিৰ ফাঁকেৰে বালি সৰকাদি সৰকিব ধৰিছে। জীৱনৰ কঠোৰতম মুহূৰ্তত যেন আজি উপস্থিত হৈছোঁহি। পৃষ্ঠা লুটিয়ালোঁ।

 নিয়ৰ ডাঙৰ হৈ আহিছিল। নতুন নতুন কথা কিছুমান সুধিবলৈ লৈছিল। কিছুমান কথা কথা নহয় যেন এপাট শানিত অস্ত্ৰহে। স্কুলৰ ল’ৰা-ছোৱালীৰ স’তে মাকবোৰক দেখি সিও ঠেন ঠেন কৰিবলৈ লৈছিল। কেনেকৈ পূৰোৱা যায় আবদাৰসমূহ? নাৰীয়ে যে অকলে জীৱন কটাব পাৰে, পুৰুষে কিয় ভাগি পৰে? তুমি ভাগি পৰিছিলা নৈঋত। তেনে সময়তে পিছদুৱাৰেদি চুচুক চামাককৈ সোমাই আহিছিলোঁ মই।

 মনত আছে নে সেই সময়বোৰ নৈঋত? তুমি ডায়েৰীত টুকি যোৱা সেই নতুন অনুভৱৰ ক্ষণবোৰ তোমাৰ এতিয়াও মনত পৰেনে নৈঋত?

 বিশ্ববিদ্যালয় সপ্তাহ চলি থকাক কাৰণে ব্যস্ত হৈ থাকিব লগা হৈছিল। এফালে ঘৰত মাতৃহীনা নিয়ৰৰ আবদাৰ। তাৰ মাজতেই সপোনৰ মুকুল এটা অংকুৰিত হ’ল। বিশ্ববিদ্যালয়ৰে এজনী ছাত্ৰীয়ে গুজি যোৱা সেই বীজৰ অংকুৰণ।

 শিহৰণৰ যেন অন্য এটি নাম তাই। তাইৰ নাম ছায়া। তাইৰ চকুজুৰিয়ে তোমাক ৰাতিও ভালকৈ শুবলৈ নিদিয়ে। চকুযোৰে যেন খিৰিকীৰে চাই আছে, এবাৰ আহি বিছনাখনত বহি লৈছে। কি সুদীপ্তা সেই নাৰী...কি মায়া তাইৰ চকুত....গভীৰতাত ডুব গৈছিলা তুমি বাৰে বাৰে...। নাহৰুৱা পথত, লাইব্ৰেৰী ৰূমত য’তেই লগ পোৱা তুমি আঁৰ চকুৰে চাই থাকা তাইলৈ। আৰু ধৰাও পৰি যোৱা। এনে লাগে যেন দুয়ো-দুয়োৰে বহু পুৰণি চিনাকী।

 সঁচাই কিছুমান মানুহৰ লগত ওৰেটো জীৱন থাকিলেও চিনি পোৱা নাযায়, কিছুমানৰ অন্তৰৰ গহন বনৰ ভাষাবোৰ এক লহমাতে বুজিব ল’ব পাৰি, যেন কোনোবা মৌলৱীয়ে কোৰাণৰ আয়াত পঢ়াৰ দৰে সলসলীয়াকৈ পঢ়িহে গৈছিল......তাইক ধুনীয়া দেখিছিলা তুমি, কেৱল শৰীৰেৰে নহয়, মনৰে ধুনীয়া....তাইৰ চকুতো প্ৰেমাৱেগে ভগবগ কৰি আছিল.....জীৱনৰ প্ৰতি যেন দুৰ্বাৰ বাসনা তাইৰ.. এদিন তোমাৰ চকুৱে চকুৱে পৰাত তাই যে হাঁহি হাঁহি বাইকৰ ড্ৰাইভিং ছিটৰ পৰা নামি আহিছিল।

 আৰু ওচৰলৈ আহি কৈছিল,“আৰু বেছিদিন ইয়াত নাথাকো ছাৰ। চাকৰি বিচাৰিবলৈ বাহিৰলৈ যামগৈ।”

 বিদায় লৈছিল তাই। অযুত সপোনেৰে বিদেশৰ মাটিত জীৱন গঢ়াৰ অৰ্থৰে তাইৰ এই বিদায়।

 তাৰ পিছত আকৌ কিবা এটা শূন্যতা। একো নোপোৱাকৈ কিবা এটা যেন হেৰুৱালা। যেন কাষে কাষে বাজি ৰোৱা মধুৰ গুঞ্জনখিনি হঠাতে দূৰলৈ গুচি
গ'ল। নিতাল নিস্তব্ধ হৈ পৰিল ৰাতিবোৰ। নৈঃশব্দত ডুব গৈছিল বিশ্ববিদ্যালয়ৰ শব্দবোৰ।

 আৰু এদিন তুমি ক’ব নোৱাৰাকৈয়ে তাইৰ ফোন নম্বৰটো ডায়েল কৰিলা। ফোনৰ সিপাৰত তোমাৰ বুকুৰ শূন্যতা ভৰাই ভৰাই ভাগৰি নপৰা তাইৰ উচ্ছাসভৰা মাত৷ ‘বি চি পি এল অন লাইন ডট কম” ৱেৱচাইটটো চাই চাই