পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগ পালোঁ তথাপিও। জীৱনৰ বাটত কেৱল সাঁচ বহুৱাব পৰাকৈ নহয়, জীৱনৰ কেঁকুৰি সলাই দিব পৰাকৈ পালোঁ তোমাক। তোমাক লগ নোপোৱা হ’লে হয়তো বিদেশৰ কোনোবা বহুজাতিক কোম্পানীত কৰ্মৰত হৈ থাকিলোহেঁতেন। ৰাতিপুৱা সাত বজাৰ পৰা ৰাতি আঠ বজালৈকে অফিচত পাৰ কৰিলোহেঁতেন। উইক এণ্ডত লেট নাইট পাৰ্টি কৰিলোহেঁতেন। কেৰিয়াৰৰ স’তে মিলা কাৰোবাৰ স'তে অংক মিলাই শয্যাসংগী হ'লোহেঁতেন। মনটোৰ অতপালিবোৰ চুকত পৰি ৰ’লহেঁতেন। সেই লক্ষ্য বুকুত বান্ধি লোৱাহেঁতেন মই চাগৈ এতিয়া লক্ষ্য বিচাৰি হাবাথুৰি খাই ফুৰিব লগা নহ’লহেঁতেন।

 আজিও বুজি নাপালোঁ, হয়তো কেতিয়াও বুজি নাপাম, তোমাৰ তিনিবছৰীয়া সান্নিধ্যই মোৰ জীৱন দৰ্শনত কিদৰে এনেকৈ প্ৰভাৱ পেলালে। অন্ততঃ বাস্তৱমুখী, খেয়ালী মানুহজনীৰ ভিতৰখনত এনে কি জোকাৰণি মাৰিছিলা নৈঋত, সময়ৰ প্ৰৱল সোঁততো ঢৌবোৰৰ একেই আকাৰ, একেই দৈৰ্ঘ্য, একেই কম্পনাংক।

 মোক এটা ভাঁজৰ দৰকাৰ। ইকবালেও কয়। কিন্তু লক্ষ্য নজনাকৈ কি ভাঁজ লওঁ নৈঋত? তোমাৰ মোৰ সম্পৰ্কটোৱে ইমান জটিল ৰূপ ল’ব বুলি ভাবিছিলানে এবাৰলৈ? তুমি হয়তো ক’বা মইয়ে অনৰ্থক জটিলতা টানি আনিছোঁ। যদি সেইটোও হয়, মই কিহৰ স্বাৰ্থত জটিলতা টানি আনিম নৈঋত? আমাৰ সম্পৰ্কততো লাভ- লোকচানৰ অংক নাছিল। তোমাক সামাজিকভাৱে পোৱাৰ আশাও নাছিল মোৰ। মাথো তুমি যদি এবাৰলৈ সততাৰে মোৰ কাষত থিয় দিলাহেঁতেন।

 মোৰ সকলো প্ৰশ্নৰ উত্তৰত সেই লক্ষ্যটোৱেই ধৰা দিয়েহি। যি লক্ষ্যত উপনীত হ’বলৈ কোনো ভাঁজৰ দৰকাৰ নাই। যি লক্ষ্যত উপনীত হ’বলৈ মোক গাড়ীৰ সোঁ-বাওঁ সূচকৰো দৰকাৰ নাই। যি লক্ষ্যত উপনীত হ’বলৈ মোক ষ্টিয়েৰিং পকোৱাৰো দৰকাৰ নাই।

 ‘তুমি মোৰ বহুত মৰমৰ। মোৰ পৰা আঁতৰি নাযাবা... আঁতৰি নাযাবা প্লিজ’। কোনোবা কুঁৱলী সনা অলস সন্ধ্যা ছা-পোহৰৰ মাজত মায়াসনা কথাকেইটা উচ্চাৰণ কৰিছিলা তুমি। তোমাৰ কাতৰ চকুৰে তোমাৰ কম্পিত ওঁঠেৰে আৰু তোমাৰ হাতৰ পৰশেৰে মোৰ চুলিত আঙুলি বোলাই বোলাই তুমি কৈ উঠিছিল। ‘নাযাওঁ সোণ, তোমাক এৰি মই ক’লৈকো নাযাওঁ।’— বুলি মই ক’বলৈ পালোঁহে, লগে লগে যেন তুমি মোৰ ভৰিত শিকলি বান্ধি চাবিপাত ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাইছিলা। চাবিপাত নোহোৱাকৈ শিকলিডাল কেনেকৈ খোলোঁ নৈঋত? নিজে ছিঙিবলৈ যে মোৰ গাত শকতি নাই। বহুত মৰমৰ বুলি কৈও আজি মৰমহীনতা। অভিনয়ৰ সময় কোনখিনি আছিল নৈঋত? এই সময় নে সেই সময়? সেই সময় নে এই সময় অভিনয়ৰ সময়? এই প্ৰশ্নটোৰে উত্তৰ বিচাৰি আছোঁ নেকি অতদিন মই? ঠিকেইতো।

 ‘ইউৰেকা’ বুলি চিঞৰিবলৈ মন গৈছে। মই যে পাই গৈছোঁ মোৰ লক্ষ্য। মোৰ লক্ষ্যত উপনীত হ’বলৈ মোক মাথোঁ বেকগীয়েৰৰহে দৰকাৰ। মোৰো, তোমাৰো আৰু সময়ৰো। আপেক্ষিকতাবাদৰ সূত্ৰটো পাইছিলানে নৈঋত? আইনষ্টাইনে কৈছিল— ‘পোহৰৰ বেগতকৈও বেচি বেগত গতি কৰিলে সময় ওলোটা দিশত গতি কৰে, মানে অতীতলৈ গতি কৰে।’ সেয়ে মোক এতিয়া প্ৰচণ্ড গতিবেগৰ দৰকাৰ। পোহৰতকৈও বেছি গতিবেগৰ দৰকাৰ মোক এতিয়া, যি গতিবেগে মোক মোৰ মধুৰতম সময়লৈকে লৈ যাব। তোমাক যে অনুভৱ কৰিব পৰাটোও মোৰ বাবে এক নিচা।

-তোমাৰ ছায়া

□□