পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘ছায়াতো আজিকালি বহুত ব্যস্ত মানুহ। অনলাইন পেপাৰত নিতৌ তাইৰ লিখনি পাওঁ। সবেই জানে তাইৰ বিষয়ে।’ তাই ক’লে।

 ‘সবে জনাখিনি সোধা নাই মেঘালী। সবে নজনাখিনি কিমান জানা তুমি?’—মই আকৌ সুধিলোঁ।

 ‘ছাৰ আজিকালি তাই আগৰ দৰে হৈ থকা নাই। অলপ আঁতৰি ফুৰে। আৰু তাই বৰ ব্যস্ত থাকে। আমনি কৰিবলৈ মন নাযায়।’—মেঘালীয়ে ক’লে।

 ‘বাৰু...বাৰু। তাইৰ বিয়ালৈ আহিছিলা নে তুমি? কাৰ লগত বিয়া হৈছিল তাইৰ?’– আকৌ সুধিলোঁ মই।

 ‘বিয়াৰ কথা নজনালে মোক ছাৰ। তাই ফোন নাম্বাৰ পৰ্যন্ত সলাইছিল। মই বৰ দুখ পাইছিলোঁ। যোগাযোগ নাৰাখিলো সেয়ে।”—তাই ক’লে।

 ‘তাইৰ ছোৱালীজনীৰ বিষয়ে কিবা জানানে তুমি?’—মই সুধিলোঁ।

 ‘অ ফটো দেখিছোঁ ছাৰ। ছায়াৰ অবিকল চেহেৰা।’—মেঘালীয়ে ক’লে।

 ‘ছায়াৰ হাজবেণ্ডৰ বিষয়ে জানানে কিবা?’—মই সুধিলোঁ।

 ‘নাজানো ছাৰ ফটোত দেখিছো এজনক।’—তাই ক’লে।

 বুজিলোঁ তাই ইকবালৰ কথা কৈছে। মোতকৈও কম জানে তাই। আচৰিত লাগিল। যিজনী মেঘালী বুলিলে ছায়া বলিয়া আছিল, তাইৰ পৰাও নিলগাই ৰাখিছে নিজকে। আচৰিত।

 ‘বাৰু মেঘালী, তাইৰ সঠিক ঠিকনাটো উলিয়াব পাৰিবা নেকি?’—মই আকৌ সুধিলোঁ।

 ‘ঠিক আছে ছাৰ। মই সুধিম তাইক। কিন্তু ছাৰ আপুনি হঠাতে ইমানবোৰ কথা সুধি আছে যে বুজি পোৱা নাই মই।’

 ‘একো নাই মেঘালী, পাছত ভালকৈ কথা পাতিম।’

 ফোনটো থৈ বাহিৰলৈ চালোঁ। সাগৰীয় পথটোৰে টেক্সীখন আগবাঢ়িছে। সাগৰৰ নিৰ্মল বতাহৰ লগত মোৰ হুমুনিয়াহ এটা মিলি গ’ল। একোকে উত্তৰ নাপালোঁ মেঘালীৰ পৰা। যি মেঘালীৰ লগত তাইৰ অভিন্ন হৃদয় আছিল, সেই মেঘালীৰ লগত তাই এতিয়া যোগাযোগ নাৰাখে।

 চকুৰ আগলৈ দহ বছৰৰ আগৰ মুহূৰ্ত কিছুমানে ভিৰ কৰিলেহি। তাইৰ দুহাতত মোৰ এখন হাত সুমুৱাই ঈষৎ ভাজ লগা চুলিখিনি ঢৌ খেলাই খেলাই অনৰ্গল কথা কৈ আগবাঢ়ে তাই। কাষে কাষে মই। মাজে মাজে তাই ৰৈ দিয়ে। মোৰ মুখলৈ ৰ’ লাগি চাই ৰয়।

 ‘কি চাইছা ইমানকৈ ছায়া?’—কেতিয়াবা সুধি পেলাওঁ।

 ‘তোমাৰ চকুযোৰ চাইছোঁ নৈঋত, মই সীতাৰ দৰে হাজাৰবাৰ জুইত জাঁপ দিম তোমাৰ চকুযোৰৰ কাৰণে নৈঋত।’—নিসংকোচে কৈ উঠে তাই।

 আপদীয়া বৰষুণ এজাকে তিয়াই যায় দুয়োকে। চাওঁ নাচাওঁকৈ তাইৰ দেহৰ ভাঁজ মোৰ চকুত পৰে। ছায়াৰ মোহৰ পৰা মই আঁতৰিব পাৰিমনে? তাইক গেটলৈকে আগবঢ়াই মই ঘূৰি আহোঁ। ঘৰত নিয়ৰ। নিয়ৰৰ মুখখনলৈ চাই চাই মোৰ ভাব হয়, নিয়ৰক মোৰ দৃষ্টিৰে চাব পাৰিব নে তাই? মাতৃ নোহোৱাকৈ মাতৃত্বৰ অনুভূতি আহিব নে ছায়াৰ? ভুল...ভুল...এই সম্পৰ্কৰ একো সমাধান নাই..নৈঋত। আঁতৰি যা, সেই সৰলমনা ছোৱালীজনীৰ জীৱনটোত জঁট নলগাবি।

 ৰাতিবোৰে মোক হুংকাৰ দিয়ে। সিদ্ধান্ত এটাৰ ফালে যাব নোবাৰি মনটো সিমানতে ঠেহ পাতে। এই মনটোক ছায়াই কিমান দিনলৈ শ্ৰদ্ধা কৰিব? হয়তো তাই হাঁহিব মোক—‘ভীৰু, কাপুৰুষ......গেট লষ্ট।’

 খকমকাই উঠিলোঁ। ড্ৰাইভাৰজনে কিবা এটা ক’লে— ‘সেয়া পণ্ডিচেৰী ইউনিভাৰছিটি। তাৰ আঙুলিৰ ফালে চকু দিলোঁ। আৰু এক ঘণ্টাৰ পাছত হয়তো অৰবিন্দ আশ্ৰমত ছায়াক লগ পাম। ছায়াৰ কথাই আমনি কৰাৰ মুহূৰ্তবোৰত মই নিয়ৰক লৈ লং ড্ৰাইভলৈ যাওঁ। ছায়াই ফোন কৰে এবাৰ নহয়... দুবাৰ নহয়, বহুবাৰ। মই নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ। ভাবিছিলোঁ, ছায়াই দুদিনলৈ কষ্ট পাব, জীৱনটো চিজিল লাগিব। ভুল বুলি ভাবি থকা বাটটোৰ পৰাই মই শুদ্ধ যেন লগা বাটটো ল’লোঁ। ছায়া ৰৈ থাকিল নে বেলেগ বাট ল’লে মই গম নাপালোঁ। ৰৈ