পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনাকি গলিটোৰে চিনাকি গেটখনেৰে আপোন ঘৰটোত যেতিয়া গাড়ীখন ৰৈছিলগৈ, সূৰুয দেৱতাই পোহৰ এছাটি ছটিয়াই দিয়া পৰত, মায়ে দুচকু ভৰাই চাই ৰৈছিল মোলৈ—

 ‘জান খবৰ এটাও নিদিয়াকৈ আহিলা। ভালে আছাতো?’

 মই মাৰ উজাগৰী মুখখনলৈ চাই ক’লোঁ—

 ‘ভালে আছোঁ মা, কি হ’বনো মোৰ? কাম কৰি কৰি আমনি লাগিল, ছাৰক কৈ গুচি আহিলোঁ।’

 কিমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, মনত আছে নে নৈঋত? যোৱাবাৰ দাদাৰ ওপৰত যে খং কৰি ওলাই গৈছিলোঁ, তাৰ পাছত আৰু ঘৰলৈ অহাই নাছিলোঁ। সেইবাৰ ঘৰলৈ আহি ঘূৰি যোৱাৰ দিনা দাদাই তোমাৰ কথা সুধিছিল—

 ‘নৈঋত বৰুৱাৰ লগত তোৰ কি সম্পৰ্ক?

 ‘কি সম্পৰ্ক মানে?'—মই দাদালৈ চাই ৰৈছিলোঁ।

 ‘তই হেনো তাৰ লগত ঘূৰি ফুৰ’?

 ‘মোৰ বন্ধু হয় তেওঁ। —মোৰ নিৰুদ্বেগ উত্তৰ।

 ‘পোন্ধৰ বছৰ ডাঙৰ বিয়া পতা মানুহজনৰ লগত তোৰ কিহৰ বন্ধুত্ব?’– দাদাৰ আকৌ কটাক্ষ।

 কেনেকৈ কওঁ দাদাক যে অংক কৰি সম্পৰ্ক কৰিব নোৱাৰি। প্ৰেমৰ সম্পৰ্কতো আৰু নোৱাৰি। যাক দেখিলে হিয়াৰ পখিলাবোৰ জাকি মাৰি উঠে, যাৰ নাম শুনিলে ওঁঠত সলাজ প্ৰশান্তিৰ হাঁহি বিয়পি পৰে, যাৰ কষ্ট দেখিলে বুকুখন হনহনাই উঠে, তেওঁৰ লগত মোৰ অংকৰ সম্পৰ্ক নহয়, বৰং ই এটা আৱেগিক সম্পৰ্ক। নিতান্তই আৱেগিক সম্পৰ্ক আছিল নহয়নে নৈঋত? আজি অনুভৱ হৈছে মোৰ, অংক কৰা হলে হয়তো অংকটো শুধৰাই দিবলৈকো কোনোবাতো থাকিলহেতেঁন। গুৰু-গোসাঁই নমনা মইজনীৰ সেইদিনা দাদাৰ কথা শুনাৰ ধৈৰ্য আৰু মন একেবাৰে নাছিল। একেকোবে চুটকেছটো দাঙি বাহিৰলৈ উলিয়াই আনিছিলোঁ, মাৰ ভৰিত ধৰি সেৱা কৰিছিলোঁ আৰু গপগপাই আহি গলিৰ মূৰৰ ৰাস্তাত ভৰি দিছিলোঁ। বৰ অহংকাৰী আছিলোঁ নহয়নে নৈঋত? তোমাৰ মৰমে আনি দিয়া অহংকাৰ। মূৰৰ ওপৰৰ আকাশখন আৰু ভৰিৰ তলৰ মাটিখিনি কিমান সবল হলে মানুহে এনেকুৱা আচৰণ কৰে, নৈঋত? পৃথিৱীলৈ কেৰেপ নকৰা আচৰণ। নিজলৈকে আজিকালি বৰ পুতৌ জন্মে। আজি যে মই ভেকুৱাম, একো নাই, না আশা....না নিৰাশা।

 মাৰ বুকুৰ মাজত কান্দিবলৈ মন গ’ল। বৰ মন গ’ল। কান্দিবলৈকেতো ইমান দূৰ অকলে আহিছোঁ। মায়ে মোৰ ৰূপটো দেখি আচৰিত হোৱা যেন লাগিছিল, আগৰ সেই উদণ্ড ৰূপটোৰ স’তে আকাশ-পাতাল পাৰ্থক্য। কপালৰ ৰংখিনিলৈ চাই ৰৈছিল, একো সোধা নাছিল, সুধিব পৰাকৈ মোৰ মুখৰ প্ৰকাশভংগীয়ে ইমান সহযোগ কৰা নাছিল। চকুৰে চলচলীয়া হৈ গ’ল, বুকুৰ মাজত উজাই অহা দুখটোৱে খুন্দা মাৰি ধৰিলে, মাক সাৱটি ধৰিলোঁ। যেন কৈ উঠিম, আপত্তি দৰ্শাম, কি শিক্ষা নিদিলা মা, কিয় বজাৰ সামগ্ৰীৰ দৰে কলিজাৰ দৰদাম কৰিব নোৱাৰিলোঁ। কি শিক্ষা দিলা মোক মা, কিয় বাস্তৱৰ স’তে ইমান বৈপৰীত্য? কি শিক্ষা নিদিলা মোক মা, কিয় মনটোক চেপি খুন্দি মাৰিব নোৱাৰিলোঁ? কি বীজ সিঁচিছিলা মোৰ বুকুত মা, কিয় আজি সেই ৰং এৰাই নাযায়? কাৰ পৰশেৰে ৰোমাঞ্চিত কৰিছিলা হৃদয়, যাৰ পৰশ আজিও হেৰাই নাযায় হৃদয়ৰ পৰা? মা কাৰ তেজ ধমনীত কঢ়িয়াই ফুৰিছোঁ, যিয়ে মোক ইমান শক্তি দিয়ে, কাঁইটৰ ওপৰেদি খোজ কাঢ়ি গোলাপৰ পাহি গোটাবলৈ, ভালপোৱাজনৰ বাটত ফুল ছটিয়াবলৈকে বুলি?

 এই যে তোমাক লগ পোৱাৰ আশা, তোমাৰ বুকুত মোৰ অভিমানৰ আবদাৰৰ আশা, মোৰ অসন্তোষীয়া চুলিত তোমাৰ হাতৰ মৰমৰ বুলনিৰ আশা...আশাবোৰে কেতিয়াবা ঘৰৰ ছালত বহি থকা মলুৱাটোৰ নিচিনাকৈ খেকখেকাই হাঁহে। ভাবিব নোৱাৰা হৈ যাওঁ। ভাবৰ সাগৰত আশাৰ নাওখনক হুমুনিয়াহ এছাটি আহি দিশ হেৰুৱাই পেলায়। নাওখন তেতিয়া নৈঋত দিশত...।