ইকবালে লগ ধৰিছিল—‘ব’লক অলপ লং ড্ৰাইভত যাওঁ। কিমান আৰু কাম কৰিম? ৰেষ্ট লাগে মাজে মাজে।’
ঠিকেই জিৰণি লাগে মাজে মাজে শৰীৰটোকো, মনকো। শৰীৰটোক অত্যাধিক পৰিশ্ৰম কৰিবলৈ দি মনটোক একাষৰীয়া কৰি থওঁ, কেতিয়াবা মনটোক অত্যাধিক পৰিশ্ৰম কৰিবলৈ দি শৰীৰটোক একাষৰীয়া কৰি থওঁ। তথাপি মনৰে জয়যাত্ৰা সদায়েই। কেতিয়াও ভাগৰি নপৰা মনটি মোৰ৷ লক্ষ্যত উপনীত নোহোৱালৈকে যেন কাম কৰি যোৱাৰ সংকল্প তাইৰ। সেইকাৰণেই এতিয়াও চকুৰে পিতপিতাই ফুৰে চিনাকি নম্বৰৰ গাড়ীখন নতুবা চিনাকি মুখখন।
লগ পাইছিলোঁ এদিন তোমাক। ঠিক লগ পোৱা নাছিলোঁ, দেখিছিলোঁ তোমাক। গ্ৰন্থমেলাত তুমি বেলেগ এটা ষ্টলত সোমাই কিতাপ চাই আছিলা। মই আৰু ইকবাল মুকলি সভাত কবিতা পুথি এখনৰ উন্মোচনী পৰ্বত বহি আছিলোঁ। ইকবালে গান গাইছিল। মই বাৰে বাৰে পাছলৈ ঘূৰি চাইছিলোঁ। ইকবালৰ চকুত পৰিছিল কথাষাৰ। সুধিছিল—
‘কাৰোবাক বিচাৰিছে নেকি?’
মুখেৰে ইকবালক একো নক'লেও সঁচাই যে দুচকুৰে পিতপিতাই বিচাৰি ফুৰিছিলোঁ তোমাক। এক লহমাৰ কাৰণে দেখা পোৱা তোমাক আকৌ এবাৰ চোৱাৰ হেঁপাহে উদ্বাউল কৰি তুলিছিল মোক। ইকবালৰ গানতো মন বহাব নোৱাৰিলোঁ৷ অলপ আহত হৈছিল যেন সি। সুধিছিল—
‘আপোনাক অন্যমনস্ক যেন লাগিছে। কিবা সমস্যা হৈছে নেকি আপোনাৰ?’
নাই নাই, লগৰ এজনক দেখাৰ নিচিনা লাগিছিল। পিছে আপুনি বৰ ভাল গালে। ভাল লাগিল’—মই ক’লো।
ওঁঠলৈ এটা বেকা হাঁহি যেন বিৰিঙি উঠিল তাৰ। তাৰ পাছত মোক ক'লে—ব’লক আজি বাহিৰতে ডিনাৰ কৰি যাওঁ।’
বহুত না কৰাৰ পাছত আজি মোৰ না ক'বলৈ মন নগ’ল। কলো—‘বলক।’
তাৰ পাছতো পাছলৈ ঘূৰি ঘূৰি চাইছিলোঁ বাৰে বাৰে। ইকবালে ক'লে—
‘আগলৈ যাবলৈ বিচৰা মানুহে পিছলৈ ঘূৰি চোৱা উচিত নহয়। বেক গিয়েৰত আগলৈ যাব নোৱাৰি৷’
মই হাঁহি দিলো মৃদুভাৱে। লাহেকৈ ক'লো—
‘কিন্তু গাড়ীৰ লুকিং মিৰ’ৰত পাছফালটোৱেই চকুত পৰে। আৰু লুকিং মিৰ'ৰ চাই থকাটো বহুত জৰুৰী। অন্ততঃ শুদ্ধ গতিত গৈ থকাৰ কাৰণে পিছফালটো চকুৰ আগত ৰখাতো দৰকাৰী।’
হয় নৈঋত, তোমাৰ মোৰ সম্পৰ্ক যদি ভগৱানৰ তুলাচনীত ভুল আছিল, তেন্তে সেই ভুলটোও মোৰ জীৱনৰ বাবে এক শিক্ষা। মেঘালীয়ে কৈছিল—
’তই কৰি থৈ অহা ভুলবোৰেই তোৰ বাবে আটাইতকৈ ভাল শিক্ষাগুৰু।’
ইকবালে সুধিছিল—“মোৰ সংগ আপুনি উপভোগ নকৰে?’
মই উত্তৰ দিছিলো— কৰোঁ, নিশ্চয়কৈ কৰোঁ। মোৰ চাউলৰ মলখু বছৰ পাছত, পতান জুৰাৰ পাছত ডলাত ৰৈ গৈছে আপুনি। আপোনাৰ জীৱন দৰ্শন অতুলনীয়। আপোনাৰ পৰা বহুত শিকিব লগা আছে।’
অলপ আহত যেন হৈ সি কৈ উঠিল—“আপোনাক এটা ভাঁজৰ দৰকাৰ। যিটো পথত আপুনি আছে, সেইটো পথত আপোনাৰ গন্তব্যস্থল নাই। এটা কেঁকুৰি লওক। দেখিব গন্তব্যস্থল চমুৱাই আহিছে।’
হয় নৈঋত... ঠিকেই কৈছে ইকবালে, মোক এটা ভাঁজৰ দৰকাৰ। গন্তব্যস্থল চমুৱাই অনাৰ বাবে মোক এটা ভাঁজৰ দৰকাৰ আছে। ইমানখিনিলৈকে ঠিকেই বুজি পাওঁ মই। কিন্তু মোৰ গন্তব্যস্থলটো ক'ত? গন্তব্য কি মোৰ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিলেই বুকুখনে ধৰফৰাই উঠে। তুমিয়ে কোৱাচোন নৈঋত, মানুহৰ লক্ষ্য কি? কিহৰ তাড়নাত মানুহে উন্মাদৰ দৰে জীৱনৰ চকৰিত ঘূৰি আছে। জীৱনৰ আগবয়সত এটা ভাল ৰিজাল্ট আৰু বিশ্ববিদ্যালয়ৰ ডেওনা পাৰ হোৱাৰ পাছত এটা সংস্থাপনৰ লক্ষ্য আছিল। তুমি মোৰ লক্ষ্য কেতিয়াও নাছিলা নৈঋত। তোমাক