পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বতৰটো আকৌ গোমা কৰি আনিলে। বৰষুণ পৰিবলৈ লৈছে এটোপ-দুটোপকৈ। বৰষুণ, গান, বিষাদ, চকুপানী, ফ্লেচবেকৰ ফিউজনত সময়বোৰ পকাই পকাই নেছা বান্ধি বৰপেৰাটোত ভৰাই গৈছে। ডায়েৰীখনো হাতত তুলি লৈছে, যদিওবা তাৰ পাছৰ বেথাবোৰ মোৰ শত্ৰু। তাৰ পিছৰ পৃষ্ঠাবোৰ মোৰ বাবে ধূসৰ, য’ত হয়তো সযতনে চাপ বহাই থোৱা আছে মোৰ অনিশ্চিত জীৱনত ভৰি দিয়াৰ প্ৰথমটো খোজ।

মেলিলোঁ পৃষ্ঠাবোৰ। সেই বাটৰ ভাঁজে ভাঁজে দৌৰি পাৰ কৰা পুৱাবোৰ মনলৈ আহিছে। তেনে এটা পুৱাতেই জগিঙৰ পৰা ঘূৰি আহোঁতে ড্ৰইং ৰূমত শহু দেউতাক দেখি তুমি উচপ খাই উঠিলা। “কিহে জোঁৱাই? ল’ৰা অকলে ঘৰত এৰি থৈ তুমি যে ৰাতিপুৱাই ষোড়শী গাভৰুৰ সান্নিধ্য ল’বলৈ ওলাই গ’লা? আইনী চুক্তিখনৰ কথা মনত আছে। নহয়? নতুনকৈ বিয়া পাতিম বুলি ভাবিছা যদি পাতি লোৱা, মাথোঁ নিয়ৰক মোৰ হাতত এৰি দিয়া।”, শহুৰ দেউতাৰ কথাৰ সুৰটোৱে তোমাৰ বুকুখনত ঘপহকৈ ঢেঁকীৰ চাব এটা মাৰি তেজীমলাৰ যাতনা দি থৈ গ’ল। বুকুখনত ভৰাই ৰখা সেন্দুৰৰ টেমাটোৰ ৰঙাখিনি তেজ হৈ বৈ আহিল। শহুৰ দেউতাই মনত পেলাই দিলে তোমাৰ আইনী চুক্তিখনৰ কথা। ৰাধাৰ মৃত্যুৰ কাৰণক অ-সহজ মৃত্যু বুলি আখ্যা দি তোমাৰ ওপৰত জাপি দিয়া আইনী যুঁজখনেও তেওঁলোকৰ পক্ষেই মাত মাতিছিল যদিও তোমাৰ প্ৰতি সহমৰ্মিতা আগবঢ়াই কেইটামান চুক্তিত নিয়ৰক তোমাৰ ওচৰত ৰখাৰ অনুমতি দিছিল। নিয়ৰক লৈ টনা-টনিকৰি থকাৰ সময়তে তুমিও সদম্ভে চহী কৰি আহিছিলা সেই চুক্তিখনৰ গোটেইকেইটা দফাত।

 সেই চুক্তিখনৰ কথা মনত পৰাৰ লগে লগেই ভাগি পৰিলা তুমি। ভন্টীৰ প্ৰতি তোমাৰ দ্বায়িত্ব পালনাৰ্থে জৰুৰী হৈ পৰা সেই সংস্থাপনটো, সেই অ-পৰিকল্পিত বিয়াখন, নিয়ৰৰ জন্ম, ৰাধাৰ মৃত্যু, আইনী যুদ্ধ, শেষত মোৰ সৈতে তোমাৰ গভীৰ প্ৰেম। দুৰ্বল হৈ পৰিলা তুমি। ফাগুনৰ ধূলিয়ৰি আকাশখনলৈ চাই চাই ভাবি থাকিলা, “ পুত্ৰ আৰু প্ৰেয়সী-দুয়োকে একেলগে পোৱাৰ সম্ভাৱনা নস্যাৎ হৈ পৰিব নেকি?”

এই যে মধুৰ সময়বোেৰ হাতৰ মুঠিৰ পৰা সৰি পৰিল আৰু পৰাজিত সৈন্যৰ দৰে হতাশাত ভাগি পৰিলা তুমি, সেই সময়তে আইনী চুক্তিখনে তোমাক পিছফালৰ পৰা টানি থাকিল। সেই দিনা শ্ৰেণীকোঠাতো তুমি মন বহাব নোৱাৰিলা। “তুমি যদি সংগ দিয়া, মই যুঁজিম ছায়া, নতুনকৈ যুঁজিম আইনৰ স’তে। আইনৰ ওচৰত উত্তৰ বিচাৰিম মোৰ প্ৰেমৰ, আইনৰ ওচৰত উত্তৰ বিচাৰিম মোৰ তেজৰ।”, অস্ফুট স্বৰেৰে যেন কৈ উঠিছিলা।

 সিদ্ধান্ত এটালৈ আহিব পাৰি তোমাৰ মনটো ফৰকাল হৈছিল। মোক ফোন কৰি গধূলি লগ কৰাৰ বতৰা দিছিলা। বহুত কথা পাতিবলৈ আছিল হেনো। ইমান দিনৰ অব্যক্ততাখিনি খুলি দিয়াৰ কথা আছিল। তেনে সময়তে ঘটিছিল অঘটনটো।

 ঘৰলৈ আহি দেখিলা, নিয়ৰক শহুৰ দেউতাই লৈ গৈছে। উদভ্ৰান্ত হৈ তুমি মোৰ ওচৰলৈ দৌৰি আহিলা। মোৰ কোলাত মূৰ গুঁজি দিলা। বহুত কথাই যে ক’বলৈ আছিল তোমাৰ মুখৰে কিন্তু এটা শব্দও নোলাল। মাথোঁ ক’লা,“ছায়া, আজি ৰাতিটো তোমাৰ ওচৰত থাকিবলৈ দিবানে?”

 মুহূৰ্ততে যে সলনি হৈ গ'ল দৃশ্যপট। থানবান হৈ পৰিল বিশ্বাসৰ ঘৰ। মই অনাহুত প্ৰশ্নৰে থকা-সৰকা কৰিলোঁ তোমাক। মোৰ দেহাৰ সান্নিধ্যৰ লোভত নৈশযাপন কৰিব বিচৰা বুলি তীব্ৰ ভাষাৰে গঞ্জনা কৰিলোঁ তোমাক। তোমাৰ ভিতৰখন মই নেদেখিলোঁ নৈঋত। মোৰ কি ভুল আছিল নৈঋত? তোমাৰ দৰে জীৱনৰ খলা-বমা দেখিছিলো নে কাহানিবা? বাৰে বাৰে মৃত্যুক কান্ধত তুলি লৈছিলোঁ নে? তোমাৰ সন্দেহ হ’ল নৈঋত। তোমাৰ জীৱনৰ কঠোৰতাত মই নিজক হেৰুৱাই পেলাম বুলি তোমাৰ সন্দেহ হ’ল। তোমাৰ জীৱনৰ বাটত পুতি থোৱা অসংখ্য হুলত মই খোজে প্ৰতি খোঁচ খাম বুলি তোমাৰ সন্দেহ হ’ল।

 জীৱনৰ কাঁইটসমূহ হেনো কিছুমান মানুহৰ বাবেহে। বৃশ্চিকৰ দংশন সহিব পৰাৰ কাৰণেই ব্ৰাহ্মণৰূপী কৰ্ণৰ প্ৰকৃত পৰিচয় গম পোৱা গৈছিল, কাৰণ সেই কষ্ট সহিব পৰা ক্ষমতা এজন ক্ষত্ৰিয়ৰ বাবেহে সম্ভৱ আছিল, ব্ৰাহ্মণৰ নাছিল। এই কষ্ট সহিবলৈকে তোমাকে হয়তো বাছনিত তুলিলে ভগৱানে। এনেকৈয়ে সহজভাৱে কিছু কথা ভাবিলা, কিছু কথা ডায়েৰীত টুকিলা।

 মই তেতিয়াও অপ্ৰকৃতিষ্ঠ হৈয়েই আছিলোঁ। আমাৰ প্ৰেমৰ শৰীৰি সংজ্ঞা উলিয়াই বলিয়া হৈ পৰিছিলো মই।