পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মই বুজি উঠিছিলোঁ যিমানে তোমাৰ পৰা নপলাওঁ কিয়, মোৰ মনৰ মালাডাল তোমাৰ মনৰ সিটো মূৰৰ লগত গঁথা হৈ গৈছে ইতিমধ্যে।

 ঘৰৰ পৰা ঘূৰি আহিছিলোঁ এবুকু আশাৰ ভাষা লৈ। ট্ৰেইনখন বৰ পলম আছিল। তুমি গোটেই ৰাতি মোৰ লগত কথা পাতিছিলা। বুজা-নুবুজা, শুনা-নুশুনা কথাৰ গুণগুণনি। কথাবোৰতো অজুহাতহে। অনুভৱৰ মিছিলহে আছিল মাথোঁ সেয়া। তুমি কৈছিলা—‘সোণাৰুজোপা দেখিলেই হেনো মোলৈ মনত পৰে, সেই যে হালধীয়া সাজেৰে মোক প্ৰথম দেখা সন্ধ্যাটোলৈ মনত পৰে বুলি। নৈঋত, তুমি মোৰ কাৰণে আজিও সেই সত্তা, যাৰ নাম মনলৈ আহিলেই ওঁঠত বিৰিঙি উঠে সন্তুষ্টিৰ হাঁহি। অভিমানৰ হাজাৰ টোপাল চকুলোৰ মাজতো সেই নামে মোক কেতিয়াও হাৰি যাবলৈ নিদিয়ে। হতাশাৰ তৰোৱালেৰে ক্ষত-বিক্ষত হোৱাৰ পাছতো তুমি মোৰ কাৰণে এনে এক শক্তি, যিয়ে মইজনীক কলি এটাৰ পৰা ফুল হৈ ফুলিবলৈ উৎসাহ যোগায় নিৰন্তৰ।

 সেয়া আছিল একৈশ নৱেম্বৰ। ঘৰৰ পৰাই ঘূৰাৰ পিছদিনা কেজুৱেল লিভ লৈ থকা অৱস্থাতে অফিচৰ পৰা কল আহিছিল। মেনেজমেন্ট ট্ৰেইনিঙত এমাহৰ কাৰণে বাহিৰলৈ যোৱাৰ সুযোগ। তেতিয়া এনে লাগিছিল যেন সুযোগ নহয় তোমাৰ পৰা আঁতৰাই ৰখাৰ কৌশলহে আছিল সেয়া। তুমি বৰ অস্থিৰ হৈ গৈছিলা নহয়নে নৈঋত? ট্ৰেইনিঙৰ সেই সময়ছোৱাতো তুমি অনবৰতে মোৰ খবৰ লৈ আছিলা। মাজ ৰাতিলৈকে ফোন কল, মেছেজ ইত্যাদি। বিদ্যুত চুম্বকীয় ৰশ্মিয়ে কঢ়িয়াই অনা মৰমৰ টোপোলা। এমহীয়া কালছোৱাত জীৱনটোক ওচৰৰ পৰা দেখা সময়ছোৱাত মই আমাৰ সম্পৰ্কৰ গভীৰতা অনুভৱ কৰিছিলোঁ। এমহীয়া ট্ৰেইনিং শেষ কৰি যেতিয়া ডিব্ৰুগড় বিমান বন্দৰত ভৰি থৈছিলোঁ, মোক আচৰিত কৰি বাহিৰত ৰৈ আছিলা তুমি। মোক দেখিয়েই কৈছিলা—

 ‘আসঃ, ইমান ধুনীয়া লাগিছে তোমাক। মেৰুণ টপ উইদ ব্ৰাউন কালাৰ জীনচ। গুড কম্বিনেশ্যন।’

 নৈঋত, তুমি সদায়েই ধুনীয়া দেখিছিলা মোক, কোনেও নোচোৱা ধুনীয়া চকুযুৰিৰে চোৱা যে মোক! মই মিছা বুলি এবাৰো ভবা নাছিলোঁ জানানে? এতিয়া আহি নক’বা এয়া অভিনয় আছিল বুলি। অভিনয় এনেকৈ কৰিব পাৰে জানো? বৰ কষ্ট পাম নৈঋত... বৰ কষ্ট পাম...৷ বৰ সততাৰে তোমাৰ ওচৰত হৃদয়খন বন্ধকত থৈছিলোঁ। সেয়া আছিল আৰম্ভণি। তাৰ পাছৰ প্ৰতিটো পুৱা তোমাৰ সান্নিধ্যতে উমাল হৈ উঠিছিল মোৰ। ডিচেম্বৰ মাহৰ শীতৰ পুৱাও তুমি নিহালী এৰি মোৰ ওচৰলৈ দৌৰি আহিছিলা। তোমাক মই সঁচাকৈয়ে বৰ ভালপাই পেলাইছিলোঁ। তুমিতো বুজিছিলা, জানিছিলা মোৰ অনুভূতিখিনি কিমান সঁচা আছিল। তুমি মোৰ কাৰণে ব্যাকুল আৰু মই তোমাৰ কাৰণে বাউলী হৈ পৰিছিলোঁ। আঁতৰি নাযাবা মোৰ কাষৰ পৰা বুলি তুমি কিমানবাৰ কৈছিলা হিচাপ নাই। কেনেকৈ সেইবোৰ মিছা বুলি ভাবোঁ নৈঋত? মই যে তোমাৰ লগত অনুভূতিৰ অভিনয় কৰিবলৈ নিশিকিলোঁ কেতিয়াও। মোৰ মুখখনতে লিখা থাকে অনুভূতিৰ সৰু সৰু টোকাবোৰ। সেই কাৰণে তোমাৰ অনুভূতিখিনিকো মিছা বুলি ভাবিবলৈ মন নাযায় দেখোন আজি।

 সদায় কোৱাৰ দৰে আজিও কওঁ নৈঋত, তোমাৰ সান্নিধ্যৰে বৰ অৱগৰ্ৱী হৈ পৰিছিল মোৰ মন। কাৰোৱেই দৰকাৰ হোৱা নাছিল, কোনো অভাৱেই টলাব পৰা নাছিল; তুমিয়েতো মোৰ সৰু জগতখন সামৰি লৈছিলা। মই জনা নাছিলোঁ নৈঋত, ইমান আধিক্যৰ মাজত ইমান শূন্যতা থাকিব পাৰে বুলি। সেই শূন্যতা, ঠিক আকাশৰ দৰে, য’ত ওলমি থাকে মোৰ জীৱনৰ জোন, বেলি, তৰা..ইত্যাদি ইত্যাদি।

 নৈঋত, মই তোমাক আমাৰ সম্পৰ্কৰ লক্ষ্য কেতিয়াও সোধা নাছিলোঁ, কিন্তু আজি মই সঁচাকৈ কৈছোঁ আমাৰ যাত্ৰাটো বৰ মধুৰ আছিল। সেই যে সোণালী মাছজনী, তোমাৰ চৌপাশে অভিব্যাপ্ত মাছজনী, একুৰিয়ামৰ পৰা উলিয়াই আনি এসাগৰ গভীৰ পানীত এৰি থৈ আহিছিলা, তাতো মাছজনী জীয়াই আছে আৰু জীয়াই থাকিব, তাইৰ নিজৰ স্থিতিৰে সৌন্দৰ্য বিকশিত কৰিব পৃথিৱীখনৰো। মৰিবলৈ যে নিশিকিলে তাই জানানে নৈঋত, অফুৰন্ত জীৱনবোধ কঢ়িয়াই ফুৰা সেই মাছজনীয়ে মই। ঠিক যেন বিহ পান কৰি অমৃত বৰষিব বিচৰা নীলকণ্ঠী মুনিৰ দৰে।

—তোমাৰ ছায়া