পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘মই এইবোৰ নাজানো ইকবাল, কিন্তু মই জানো, মই এই চিন মোহাৰি পেলাব নোৱাৰোঁ।’— কৰুণ মাত এটাৰে কৈ উঠিলোঁ।

 মই নাজানো নৈঋত.. নাজানো, কি জেদৰ নিচাত মই এই কঠোৰ সিদ্ধান্ত লৈ পেলাইছোঁ। তোমাৰ স্মৃতিৰ ভগ্নাংশ এটি বুকুত সাৱটি, তোমাৰ মৌনতাক বুঢ়া আঙুলি দেখুৱাই সমাজৰ সোঁতৰ বিপৰীতে যোৱাৰ যি সাহস, সমস্ত অনুভৱৰ আঁৰত জানো তোমাৰ প্ৰেম-ভালপোৱা, বিৰহ-বিচ্ছেদ এইবোৰেই নাছিল? এই গোটেই সংগ্ৰামত মই জিকি গৈছোঁ নৈঋত। তুমি হৈ ৰৈছা এতিয়া পৰাজিত সৈনিক। ভালপোৱাৰ হেনো সীমা নাথাকে। কাৰণ সীমাৰ গণ্ডীত ভাল পালে ঘৃণালৈ পৰিণত হয় আৰু তেতিয়া প্ৰতিশোধ লোৱাৰ প্ৰৱণতা জাগে। মোৰ অসীম ভালপোৱাৰ মাজতো যে নীৰৱ প্ৰতিশোধৰ জ্বালা এটা সোমাই আছিল মই বুজিকে নাপালোঁ নৈঋত। মোৰ সততাই মোক সাহস দিব নৈঋত৷ মই সুখী জানা নৈঋত? মোক হাতবাউলি দি থকা অনিশ্চিত জীৱনটোক লৈয়েই সুখী এতিয়া। কাৰণ মই এতিয়া তোমাৰ প্ৰতিবিম্ব এটা মোৰ ওচৰতে নিজাকৈ পাম, সম্পূৰ্ণকৈ পাম।

 ইকবালে থুঁতৰিত ভেজা দি চিন্তা কৰি ৰৈছে। তাৰ পাছত ধীৰ গম্ভীৰ স্বৰেৰে ক'লে— ‘আপোনাক জটিলতাৰ মাজলৈ ঠেলি দিব বিচৰা নাই মই। মান্তি হওক আপুনি, মই আপোনাৰ সন্তানৰ পিতৃৰ নামেৰে পৰিচিত হ’ব বিচাৰোঁ।”

 অলপ দেৰি নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান লাগিল। কি ক’লে ইকবালে?...কি কলে ইকবালে? সহায় নে সহানুভূতিৰ বাক্য আছিল সেয়া? মই কোনোবাখিনিত দুৰ্বল আছিলোঁ নেকি? মই নিজে নিজক চম্ভালি ল’ব নোৱাৰাকৈ দুৰ্বল আছিলোঁ নেকি নৈঋত? ইকবালে মোৰ আৱেগৰ সুযোগ ল’বলৈ বিচাৰিলে নেকি? নাই... নাই, ইকবালে সঁচা অৰ্থতে মোক সহায় কৰিব বিচাৰে। সি সঁচা অৰ্থতে মোৰ জীৱনৰ স’তে সাঙুৰ খাব বিচাৰে। সেয়া তাৰ আন্তৰিকতাৰে অংশ। কিন্তু মই মোৰ জীৱনৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। মোৰ এই সংগ্ৰাম অকলশৰীয়া সংগ্ৰাম।

 মই নাৰী সেই কাৰণেই মই সম্পূৰ্ণা। মই মানৱী সেই কাৰণেই মানৱৰ প্ৰতিও সম্মানশীল মই। মোৰ নম্ৰতা মোৰ দুৰ্বলতা বুলি ভুল নকৰিবা নৈঋত। কাৰণ প্ৰকৃতিৰ নিয়মত মই নাৰী, মই অৰ্ধাকাশ তোমাৰ বাবে, কিন্তু মই পূৰ্ণাকাশ মোৰ সন্তানৰ।

—তোমাৰ ছায়া

□□


(৩৭)

নৈঋত তোমালৈ বুলি....

 কথাবোৰ কাকোৱে বুজাব নোৱৰা ৰূপ এটা লৈছিল। ইকবালে মাক মোৰ ওচৰলৈ লৈ আহিল। ঘটনাৰ আকস্মিকতাত মা নিশ্চুপ হৈ ৰৈছিল। আৱেগে মোক ধৰি ৰাখিব নোৱাৰিলে। মাক সাৱট মাৰি ধৰি উচুপি উঠিলোঁ—‘মা, মই পাপ কৰা নাই, হয়তো ভুলো কৰা নাই, তুমি যদি ভুল বুলি ভাবিছা, ক্ষমা কৰি দিবা মা মোক। মা তোমাৰ চকুত নিকা হৈ থাকিলেই গোটেই পৃথিৱীখনত মই অকলে খোজকাঢ়িব পাৰিম।’

 তেতিয়াও মা নিশ্চুপ হৈ ৰৈছিল। মায়ে কেতিয়াও শাসন নকৰিলেই মোক। মোৰ মাজত যে সততাৰ অৱক্ষয় নঘটে, সেই কথা মাতকৈ ভালকৈ কোনেও বুজি নাপাব। তথাপি মোৰ আঁৰে আঁৰে কৰুণ হৈ পৰা মাৰ চকুহালে বহুত কথাই বুজাই দিলে মোক। মোৰ অনিশ্চিত জীৱন যাত্ৰাত মায়ে এবাৰলৈকো সুবিধাজনক স্থিতি ল’ব পৰা নাই। একাকী মাতৃত্বৰ সোৱাদ ল’বলৈ আগবাঢ়ি যোৱা মইজনীৰ মনোবলত চুপ হৈ ৰৈছে মা আৰু ইকবাল। মনে মনে কৈ উঠিছিলোঁ মই—‘মা সততাক বেচিব পৰা নাই কাৰণেই মোৰ এই সিদ্ধান্ত। নিজৰ ওপৰত