পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন আহিল। ভাবি চাম বুলি কেইদিনমান পেলাই থলোঁ। এদিন ফোন আহিল হঠাতে। মোৰ ইতিপূৰ্বে প্ৰকাশিত লেখনিসমূহত আকৃষ্ট হৈহে মোক অনুৰোধ কৰিছে হেনো। মই মান্তি হ’লোঁ। নিয়মীয়াকৈ লিখিম বুলি কথা দিলোঁ।

 মোৰ লিখাবোৰৰ সমাজত কিবা গুৰুত্ব আছে যেন লগা নাছিল। এনেই লিখি গৈছিলোঁ। যিটো সমস্যাই চকুত পৰিছিল তাৰ বিষয়েই দুটামান বাক্য লিখি বিভিন্ন কাকতলৈ ই-মেইল কৰি দিছিলোঁ। তেনেকৈয়ে এচাম পঢ়ুৱৈয়ে মোক চিনি পোৱা হৈ গৈছিল। মোক চিনি পোৱাটো মোৰ প্ৰয়োজন নাছিল। আগ বয়সৰ ল’ৰা- ছোৱালীবিলাকৰ মানসিক ভেঁটিটো সুস্থিৰ কৰাটোহে মোৰ প্ৰয়োজন আছিল। তেনেকুৱা এটা লিখা প্ৰকাশ হোৱাৰ পাছতই মোৰ অফিচত ল’ৰা এজন ওলাইছিলগৈ। হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্টটোকে জীৱনৰ চৰম বিফলতা বুলি ভাবি সি আত্মহত্যাৰ দৰে কথা মনলৈ আনিছিল, তেনেকুৱাতে মোৰ এটা লিখনি পঢ়িবলৈ পালে। সিদ্ধান্ত সলনি কৰি সি এদিন মোৰ অফিচ চেম্বাৰত। সেইখিনিতেই মোৰ সফলতা জানানে নৈঋত? এই যে এজন ল’ৰাক মই ভুল সিদ্ধান্তৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হ’লোঁ, সেয়াই মোৰ সফলতা। ইকবালে কয়, মোৰ হেনো বাহ্যিক ৰূপটোৰ লগত মোৰ লিখাবোৰ আকাশ-পাতাল পাৰ্থক্য। মই কিয় বুলি প্ৰশ্ন কৰোঁতে সি কয়, আপোনাৰ লিখাবোৰ ইমান চিৰিয়াচ আৰু আপুনি মানুহজনী ইমান বেপৰোৱা। বুজি পাইছে সি, ঠিকেই বুজি পাইছে। এই বেপৰোৱা মানুহজনীকো ল’ৰা-ছোৱালীবোৰে কেতিয়াবা বিপাঙত পেলায়। দেওবাৰে ঘৰ নাইবা বগীবিল কেৰিয়াৰ চেণ্টাৰ ওলায়গৈ। মিটিং পাতিছে, বক্তব্য দাঙি ধৰিব লাগে— ইত্যাদি বিভিন্ন ধৰণৰ অনুৰোধ নাইবা কাৰোবাৰ ব্যক্তিগত সমস্যাৰ বিষয়ে আলোচনাৰ্থে মোৰ পৰা সময় বিচাৰে। ইমান ডাঙৰ মানুহ মই নহয় বুলি ক'লেও শুনিব নিবিচাৰে, ডাঙৰ মানুহ নালাগে হেনো তেওঁলোকক, হৃদয়স্পৰ্শী মানুহহে দৰকাৰ হেনো।

 তেনে এটা দিনতে অফিচৰ পৰা ওলাওঁতেই হঠাতে ফোন এটা আহিল— ‘হেল্লো, এম আই স্পিকিং টু মিচ ছায়া গৌতমী। মই ‘য়েচ’ বুলি কোৱাত ক’লে—‘মই থানাৰ পৰা কৈছোঁ, সন্ধ্যা হাজৰিকাক চিনি পায় নেকি? তাইৰ এটা এক্সিডেণ্ট হৈছে। নাছিংহোমত ভৰ্তি কৰোৱা হৈছে। লগত থকা গৰাকীয়ে আপোনাৰ ফোন নম্বৰ দিলে।’

 সন্ধ্যা হাজৰিকা... সন্ধ্যা হাজৰিকা...সেই বগীবিলৰ চোকা ছোৱালীজনী....কি হ’ল তাইৰ...কি এক্সিডেণ্ট? এতিয়া কি অৱস্থা? চেন্সলেচঙ্গ কোন নাৰ্ছিংহোম?... ইত্যাদি ইত্যদি এশ এবুৰি প্ৰশ্ন কৰি মই গাড়ী দৌৰালোঁ। হস্পিতাললৈ। বৰ মেধাবী ছাত্ৰী আছিল তাই। দুখীয়া ঘৰৰ হেঁতুকে আমাৰ তত্বাৱধানত পঢ়ি আছিল। স্নাতক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী আছিল তাই। আজি থিয়ৰী পৰীক্ষা শেষ হোৱাৰ কথা আছিল। কেনেকৈ যে এক্সিডেণ্ট হ’ল? ঋণাত্মক চিন্তা কিছুমানে জুমুৰি দি ধৰিলে। মোক আৰু ইকবালক ভগৱান দেখা দি দেখে সিহঁতে। ইকবাল খবৰটো দিয়া উচিত। ফোন কৰিলোঁ তালৈ।

 তাইৰ ৱাৰ্ড পালোঁগৈ৷ লগত শ্ৰুতি বহি আছিল তাইৰ ওচৰত। উসঃ... কি হ’ল তাইৰ? মুখত য’তে-ত’তে দাগ। চেলাইন এটা লৈ পৰি আছে। টোপনি নে জ্ঞানশূন্য অৱস্থা ধৰিব নোৱাৰিলোঁ। শ্ৰুতিক সবিশেষ সোধোঁতে তাই উচুপি উঠিল। তাইৰ উচুপনিত ময়ো কঁপি উঠিলোঁ৷ তাইৰ গাত জোকাৰি ক’লোঁ—‘কোৱা মোক, কি হ’ল তাইৰ। উচুপি তাই কৈ গ’ল, কেনেকৈ দাদা টাইপৰ ল’ৰা এটাই তাইক বহুদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি দিগদাৰ কৰি আছিল। সন্ধ্যাই মানি নোলোৱাত তাইক আজি ৰাস্তাৰ মাজ-মজিয়াত হাতত ধৰি টানি আনি শাৰীৰিকভাৱে অপদস্থ কৰিলে। তাই ভয়তে নে ঘটনাৰ আকস্মিকতাত জ্ঞানহীন হৈ পৰি ৰৈছে? হয়টো মূৰতো গুৰুতৰ আঘাত পাব পাৰে। চিটি স্কেনৰ ৰিৰ্পট দিলেহে গম পোৱা যাব।

 গৰম তেজ এজোলাকা ভৰিৰ পৰা মূৰলৈ উঠি আহিল। শ্ৰুতিক হাতত ধৰিলোঁ। শ্ৰুতি ব’লা মোৰ লগত, দেখুৱাই দিবা ক’ত কেনেকৈ কি হ’ল। তাই একো ক’বলৈ সুযোগ নাপালে। মই টানি আনিলোঁ। ওপৰৰ পৰা নামি আহোঁতে ইকবালক লগ পালোঁ। কলো—“ইকবাল মই থানাৰ পৰা আহোঁ, আপুনি ডাক্তৰৰ লগত কথা পাতি আহি যাব।’

 থানা পোৱাৰ আগতেই শ্ৰুতিয়ে চিঞৰি উঠিল। ল’ৰা এটালৈ আঙুলিয়াই দিলে। ল’ৰাটোৰ চেহেৰা দেখিয়ে মূৰটোলৈ আৰু এজোলোকা তেজ উঠি আহিল। চিগাৰেট