লোকৰ ছত্ৰছায়াত হোষ্টেলত থাকি আনুষ্ঠানিক শিক্ষা সাং কৰা বুলি। সহায়-সহানুভূতিবোৰ এনেকৈয়ে এটি জীৱনৰ পৰা আনটোলৈ বাগৰি আহে। বয়সতকৈ আগবঢ়া সি। জীৱনৰ পৰা পলাই নহয়, জীৱনক ফঁহিয়াই সমস্যা সমাধানত বিশ্বাসী সি। বাস্তৱধৰ্মী চৰিত্ৰৰে জীৱন মঞ্চত জীৱন নাট পৰিচালনা তাৰ। নতুনকৈ আহিলেও সি অঞ্চলটোত খুব কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল। বগীবিলৰ দাঁতি কাষৰীয়া অঞ্চলত ভিন ভিন বয়সৰ ল'ৰা-ছোৱালীৰ মাজত প্ৰায়েই বিভিন্ন ধৰণৰ চাৰুকলা কাৰ্যসমূহ অনুষ্ঠিত কৰি থাকে। ছবি আঁকা, গান গোৱা, কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি কুংফু, কেৰেটলৈকে সৰু-সুৰা অনুষ্ঠান এটাহে যেন সি। ভাবি আপ্লুত হওঁ মাজে মাজে। ভাল মানুহবোৰ এনেকৈয়ে পূৰ্ণ কৰি ৰাখে সময়বোৰ।
ইকবাল আৰু তুমি যেন জীৱনৰ দুটা বিপৰীত মেৰুত অৱস্থান কৰি লোৱা দুটা চৰিত্ৰহে। তুমি আজিলৈকে মোৰ সন্মুখ হ’বলৈকে সাহস নকৰিলা। সমস্যা কেতিয়াও মই সৃষ্টি কৰা নাছিলোঁ যে সমাধানৰ ৰাস্তা নাপাই পলাই ফুৰিলা।
মেঘালীয়ে কয়—‘জীৱন এখন বোঁৱতী নৈ। নৈৰ দৰে ইও নিজৰ ৰাস্তা নিজেই বিচাৰি ল'ব। মাথোঁ ৰৈ থাকিবলৈ নিদিবি’।
ইকবালে কয়—‘যিমান সোনকালে শ্লুইচ গেটখন খুলি দিব, সিমান সোনকালে নৈখন সাগৰত মিলিবগৈ’।
আৰু মই সুধোঁ নিজকে—‘কোনখন সাগৰত মিলাৰ প্ৰচেষ্টা মোৰ? তোমাৰ নামৰ সাগৰখনত?...'
দাপোণখনৰ সন্মুখত ৰৈ চুলিবোৰ ফণিয়াই থাকোতে কথাবোৰ মনলৈ আহে। জীৱনটোৰ দৰেই চুলিবোৰো জঁট লাগি যায়। যিমানেই জঁট ভাঙিবলৈ চেষ্টা কৰোঁ সিমানেই দুখ পাওঁ। ভাল লগা আৰু ভালপোৱাৰ বিন্দু দুটা লাহে লাহে পৰস্পৰৰ পৰা আঁতৰি আহে। তোমাৰ ভালপোৱাবোৰ ধূসৰ হৈ আহে। কিবা জেদতহে যেন তোমাক ভাল পাই পেলালোঁ। ভাললগাবোৰ কপূৰ্বৰ দৰে উৰি যোৱাৰ পাছতো ভালপোৱাৰ ফল্গুধাৰা।
অহৰহ যন্ত্ৰণাতো প্ৰেম মানেই যেন বলীয়া বুকুত মূৰ গুজি ঠেন-নেঠেন কৰি ৰোৱা অবুজ হৃদয়। এয়া মোৰ অভিমানৰে আন এটা প্ৰকাশ নেকি বুজি নাপাওঁ। অভিমান ভাঙিবলৈ তুমি যদি এবাৰ চেষ্টা কৰিলাহেঁতেন। মোৰ সামান্য অভিমানতে বাজি উঠিল তোমাৰ বিচ্ছেদ গান, তথাপি সেই গানেৰেই ঝংকাৰিত মোৰ হৃদয়ৰ উদাসী পুৱা। মোৰ অস্থিৰতাতো তোমাৰ নিৰূপায়তাৰ এপদ এপদ অলংকাৰ। তথাপি সেই অলংকাৰেৰেই সজ্জিত মোৰ হৃদয়ৰ অবুজ কন্যা। কি কৰোঁ মই? কি কৰোঁ মই? জোৰ কৰি বিশৃংখল চুলিখিনি জঁট ভাগিবলৈ চেষ্টা কৰোঁতে অবুজ কন্যাই দুখ পায়। কান্দি উঠে। ভাগৰি পৰে। তাৰ পাছত এৰি দিয়ে সময়ৰ সোঁতত, যি হয় হওক বুলি।
—তোমাৰ ছায়া
□□
(২৯)
নৈঋত তোমালৈ বুলি...
‘বহু ৰাতি হ’ল। ব’লক আপোনাক ঘৰত থৈ আহোঁগৈ।’—গজলৰ দুনিয়াত সোমাই সময়ৰ হিচাপ নৰখা ‘মই’জনীক কৈ উঠে ইকবালে।
তাৰ পাছত মোৰ উত্তৰৰ বাবে মোৰ মুখলৈ চাই ৰয়। অনৰ্থক প্ৰশ্ন। উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলোঁ। মই এতিয়া শিপা। লতা হৈ কাৰোবাৰ গাত মেৰ খোৱাৰ হাবিয়াস মোৰ নাই। তথাপি ভদ্ৰতাৰে কৈছিলো। তাক—
‘দুয়োজনৰে গাড়ী আছে। কোনখন ধৰিব, কোনখন এৰিব?’
‘ঠিকেইতো, কথাটো মনলৈ অহাই নাছিল। ঘৰত থৈ অহাটো এটা অজুহাত মাথোঁ। ভাবিছিলোঁ, আপোনাক অলপ সময়ৰ কাৰণে লগ পাম।'— ইকবালে কৈ উঠিল।