পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুমি কৈ উঠিছিলা,“ বি চি পি এলত মেনেইজমেন্ট ট্ৰেইনীৰ বাবে আৱেদন কৰা ছায়া।”

 মনত আছেনে নৈঋত? তোমাৰ ডায়েৰীত লিপিবদ্ধ এই সকলো কথাই মোৰ মনত আছে।

 আচৰিত কথা, তোমাৰ সেই একাষাৰ কথাৰ ওপৰত ভেঁজা দি তাইজনীয়ে জীৱনৰ সুঁতি সলনি কৰাৰ সিদ্ধান্ত ল’লে। সময়বোৰ যেন ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত দৌৰিবলৈ আৰম্ভ কৰিলে। ৰাতিবোৰ চঞ্চল হৈ পৰিছিল।

 এক অনামী লাজ বৈ আহিল বুকুলৈ। ময়ো যেন ইমান দেৰি তাতেই আছিলোঁ। নাহৰৰ তলত, সোণাৰুৱা ৰাস্তাত, কফি হাউচত। এই যেন চাহ বাগানৰ নিজান ৰাস্তাত শাৰীৰ আঁচল উৰুৱাই মই, একে গতিতে হাতত হাত ধৰি তুমি নৈঋত। হয় নৈঋত, তুমি মোৰ প্ৰথম প্ৰেম, ময়ো তোমাৰ প্ৰথম প্ৰেম। আমি যেন ৰাতিপুৱাৰ আকাশত উৰি ফুৰা শৰালিৰ যোৰাহে। আমাক নৱবিবাহিত বুলি ভাবি বাগানৰ মিনিহঁতৰ মধুৰ চাৱনি,“বাবু বাবুনী ভালে আছ?” বুলি চিনাকী সুৰ-মাত। চকুৰ কোণটো এনেয়ে জিলিকি উঠিল, ওঁঠৰ কোণেৰে মিহি হাঁহি এটি বিৰিঙি আহিল। জীৱনৰ মধুৰতম সময়ৰ স্মৃতিত চকুপানীখিনিও মিচিকিয়াই উঠিল।

 এচেৰেঙা কোমল ৰ'দে আগৰাতিৰ বৰষুণজাকক বিদায় জনালে। পুৱা তেতিয়া সাত বাজিছিল।

— তোমাৰ ছায়া

□□

(৫৩)

নৈঋত তোমালৈ বুলি...

  সুখৰ ৰাতিবোৰ ক্ষণস্থায়ী, দুখৰ ৰাতি নাযায়-নুপুৱায়। কোনো অখ্যাত কবিৰ ভাষ্য এয়া। কালি ডায়েৰীৰ বহু নজনা অধ্যায় মুকলি হোৱাৰ পাছত মই আজি আকৌ বৰপেৰাৰ চিঠিবোৰ উলিয়াই ল'লোঁ। সূদীৰ্ঘ পাঁচবছৰৰ মূৰত ঠিকনাবিহীনতাৰ অভাৱত কোঁচ-মোচ খাই চুকত পৰি থকা চিঠিবোৰ মোৰ হাতৰ পৰশ পাই এঙামুৰি দি উঠিল। এখন এখনকৈ চিঠিবোৰ পঢ়িলোঁ, খংবোৰ উজাই আহিল, অভিমানবোৰ অসীমত ই মুখ ওন্দোলাই বহি ৰ’ল। তুমি যে মোৰ পৰা আঁতৰি আহিছিলা, যিমান যি হ’লেও এই দুখবোধে মোৰ পিছ নেৰে। জানানে নৈঋত, এই কথাটোৱেই গোটেই জীৱন মোক আমনি কৰি থাকিবলৈ যথেষ্ট। ঠিকনাবিহীন মোৰ নিজৰে আৱেগ ভৰা চিঠিবোৰ পঢ়াৰ পাছত তোমাৰ ডায়েৰীখন পঢ়াৰ সমূলি ইচ্ছা নগ’ল। জানোচা ডায়েৰীৰ পাতত সোমাই থকা অব্যক্ত অনুভূতিখিনিয়ে মোৰ অতদিনৰ ভালপোৱাবোৰ কৰ্পূৰৰ দৰে উৰুৱাই নিয়ে।

 জীৱনৰ প্ৰথম প্ৰেমে বলিয়া কৰা তোমাৰ মৰম আকলুৱা মনটোৱে মোৰ কাষলৈ সমাজৰ বাধা নামানি ঢপলিয়াই আহিছিল। ময়ো যেন তেতিয়া প্ৰস্ফুটিত ফুলকলিটোহে। কিন্তু ইয়াৰ পিছত তুমি যি কৰিলা সেয়া কেনেকৈ পাহৰিম? মোৰ

মনৰ সৰ্বোচ্চ আসনত স্থান দিয়াৰ পাচতো তুমি যে পলাবলৈ লৈছিলা! কিয় নৈঋত কিয়? যি কাৰণেই নহওক কিয়, মই মানি ল'ব নোৱাৰিম নৈঋত।