পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নকৰাৰ প্ৰতিশ্ৰুতিৰ, জীৱনমুখিতাৰ সপোনৰ, জীৱনবোধৰ চানেকি, অলপ অভিমানৰ, অলপ জেদৰ, চোক বঢ়াবলৈ মাজে মাজে অলপ বলিয়ালিৰ ককটেইলৰ নিচাত ডুবিব খোজোঁ মই।

—তোমাৰ ছায়া

□□

(৯)

নৈঋত তোমালৈ বুলি....

  ‘আজি আকৌ সেই বাটেৰে গ’লোঁ,

  যি বাটত তেওঁ মোৰ বাবে ৰৈ আছিল জন্ম-জন্মান্তৰ।

  আজি আকৌ সেই বাটেৰে গ’লোঁ,

  যত পলাশৰ ৰঙাই ফাঁ

 কু খেলিছিল আমাৰ স’তে।

  সেই নীলা চৰাইজনী

  যাৰ সুৰীয়া প্ৰেমে নিচুকাইছিল মোৰ প্ৰভাতী টোপনি,

  তাইৰ মৌনতাখিনিক আঁকোৱালি ল’বলৈকে,

  মই আকৌ তালৈ এবাৰ গ’লোঁ।

  মই গ’লো শীতৰ নিহালী এৰি অহা

  অনুভৱৰ সুগন্ধি ল’বলৈকে,

  তালৈ আকৌ এবাৰ।...

 গধুৰ মন এটা লৈ অফিচ পালোঁহি৷ যোৱা ৰাতিৰ নিচাৰ হেং অভাৰ; জেদৰ নিচাৰ হেং অভাৰ। মাজতে ছাৰে মাতি পঠিয়ালে। বানাক্ৰান্ত স্থানীয় গাঁওকেইখনলৈ সামাজিক অনুদানৰ এটা অংশ এৰিব বিচাৰিছে। সাহায্যৰ দায়িত্বটো মোৰ ওপৰত অৰ্পণ কৰিছে। একঘেয়ামি কামৰ পৰা আঁতৰিবলৈ পাই মনটো ভালেই লাগিল। সৰ্বস্বান্তৰ মুখৰ হাঁহিৰ ৰেঙণিৰে মোৰ মনৰ গধুৰতা অলপ হ’লেও কমিব বুলি মোৰ বিশ্বাস। ক’ত ভৰিৰ তলৰ মাটি খহাৰ হাহাকাৰ আৰু ক’ত বুকু ভগাৰ হাহাকাৰ৷ অলপ আহত হ’লোঁ। বৰ দুৰ্বল মই, জানাই দেখোন তুমি নৈঋত। কেতিয়া যে এই দুৰ্বলতাক জয় কৰিব পাৰিম নাজানো।

 হয় নৈঋত, আমি বগীবিল গাঁৱত আমাৰ কাম আৰম্ভ কৰিলোঁ। টিমৰ বাকীকেইজনক কামখিনি বুজাই দি মই আগবাঢ়িলোঁ বগীবিল ঘাটলৈ। নিজকে হজম কৰাৰ প্ৰথমটো পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ। মোলৈ কাতৰতাৰে চাই ৰোৱা প্ৰতিজোপা গছ, প্ৰতিটা শিলৰ ওচৰত মৌনতাৰে আত্মীয়তাৰ গোন্ধ বিলাই বিলাই আমাৰ বিশেষ শিলচটা পালোঁগৈ। মনত আছেনে নৈঋত, দুপৰীয়া শিলৰ চকীখনত যে আমি গাতে গা লগাই বহিছিলোঁ। মোক অকলে দেখি উচুপি উঠা সেইচটা শিলতে আকৌ এবাৰ বহিলোঁ। সোঁৱৰণীৰ দলিচাখন পাৰি লৈ তোমাৰ অনুভৱৰ গাতে গা লগাই তাতে আকৌ এবাৰ বহিলোঁ। ব্ৰহ্মপুত্ৰৰ উন্মাদনা চাই ৰলোঁ। সেইদিনাৰ ব্ৰহ্মপুত্ৰৰ শান্ত, সমাহিত ৰূপৰ বিপৰীতে আজিৰ বাউলা ব্ৰহ্মপুত্ৰ, প্ৰিয়াৰ স’তে হোৱা বিচ্ছেদৰ ওফোন্দনিত পাৰাপাৰ ভাঙি বৈ যোৱা চকুলোৰ ঢল।

 মনত পৰেনে নৈঋত, মোৰ ৰঙা কূৰ্তিটো আৰু তোমাৰ অফ হোৱাইট ব্লেজাৰটো এৰা-এৰি হ’ব বিচৰা নাছিল। ওপৰৰ বগলীজাকে যে আমাক সিঁয়াৰি থৈ গৈছিল। তোমাৰ অবাধ্য হৃদয়, অবাধ্য তোমাৰ কলিজা, অবাধ্য তোমাৰ কেমেৰা, অবাধ্য মোৰ চুৰ্ণী। আৰু...আৰু... অবাধ্য তোমাৰ হাত দুখন। কেনেকৈ পাহৰোঁ