পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু হলৌ বান্দৰৰ লুকাভাকুখিনিৰ স’তে মোৰ ওভতনি যাত্ৰা। মেৰবিলখনতো অলপ নোৰোৱাকৈ নোৱাৰিলোঁ। তেতিয়া পশ্চিমত হেঙুলীয়া বেলি। মেঘালীলৈ ফোন কৰিলোঁ। ফোনত তাইৰ উচুপনি। তাইৰ জীৱনৰ গুৰুত্বপূৰ্ণ দিনটোত মই উপস্থিত নথকাৰ অভিমান। সেই অভিমান, যি অভিমানত ময়ো ইমান দিন জ্বলি জ্বলি তোমাকে পোহৰাবলৈ চেষ্টা কৰি আহিছোঁ। নৈঋত, অনুভৱ কৰানে সেই অভিমান, যি অভিমানত চকুলোৰ নৈত কষ্টৰ উজান মাথোঁ।

 মোৰ কাৰণে মেঘালীৰ চকুপানী। নাই নোৱাৰি, মোৰ কাৰণে কোনোবাই কান্দক সেইটো সহ্য কৰিব নোৱাৰি। তাইক সোধাও নহ’ল তুমি বিয়ালৈ গ’লা নে নাই বুলি। যাহ, যি হয় হ’ব, তুমি তাতে থাকিলেও উপায় নাই। বান্ধৱীৰ চকুপানীৰ বিনিময়ত ইমানখিনি দুৰ্বলতা বিসৰ্জন দিবলৈ সাজু হৈ উঠিছোঁ মই। তিনিকোঠলিয়া মোৰ আৱাসলৈ ফুলস্পীডত গাড়ী দৌৰালোঁ। ৰূমত সোমায়েই গাটো ধুই আলমাৰীটোৰ ওচৰত বহুপৰ ঠিয় হৈ ৰ’লোঁ। কি পিন্ধো! তোমাৰ নীলা-হালধীয়াবোৰ নিলগাই থলোঁ। বহুত দূৰ ড্ৰাইভ কৰিব লাগিব, শেষলৈকে সতেজ হৈ থাকিবলৈ সতেজ ৰঙা-ক’লা পাটৰ কাপোৰযোৰ মেৰিয়াই ল’লোঁ। যোৰহাটলৈ ষ্টিয়েৰিং পোনাই ল’লোঁ। আঢ়ৈ ঘণ্টাত পাই যাম। মেঘালীক উলিয়াই দিয়াৰ আগতে পালেগৈও হ’ব। বুকুৰ একোণত চিৰদিনৰ কাৰণে স্থান লোৱা মেঘালীজনী। বাট এৰি অবাটে যোৱাৰ সময়ত হালোৱা এছাৰিৰে গৰুজনীক শাসন কৰাৰ দৰে মোৰ জীৱনৰ প্ৰতি দায়বদ্ধ মেঘালীজনী। মোৰ দুখত ছায়া হৈ আৱৰা আৰু মোৰ সুখত প্ৰেৰণা হৈ ফুল ছটিওৱা মোৰ মেঘালীজনী। তাইৰ ওচৰলৈকে মোৰ এই যাত্ৰা।

—তোমাৰ ছায়া

❑❑

২৩

নৈঋত তোমালৈ বুলি....

 ৰভাতলিৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে মেঘালী বহাৰ পৰা দৌৰি আহি মোৰ ওচৰ পালেহি। তাই যেন চকুপানী ৰাখিবই নোৱাৰিব। মোৰ চকুও মেঘাল, তথাপি নিজক লুকুৱাই তাইক ক’লোঁ—

 ‘এতিয়াই চকুপানী শেষ কৰিলে যোৱাৰ সময়ত কান্দিবলৈ তোৰ চকুপানীয়ে নাথাকিব দেখোন। নে এতিয়ালৈকে দৰা অহা নাই কাৰণে কান্দিছ?’ তাই হাঁহি দিলে পাতলকৈ। চকুত চকুপানী, ওঁঠত হাঁহি। মোক হাতত ধৰি তাইৰ বহা ঠাইৰ ওচৰলৈ লৈ গ’ল।

 তেতিয়া দৰা অহাৰ সময়। দৰা আদৰিবলৈ সাজু কইনাঘৰীয়া। মেঘালীলৈ চালোঁ। গুণা কৰা বগা কাপোৰযোৰেৰে তাইৰ প্ৰথম সাজ। বৰ ধুনীয়া লাগিছে তাইক। এনেই ধুনীয়া তাই। অলপ পাছতে হুলস্থূল। দৰা অহাৰ হুলস্থূল। ভনীয়েকে দৰাৰ ভৰি ধুৱাই আছে। মাকে দৰাক ধূপ-ধূনাৰে আদৰিছে। মুঠিয়ে মুঠিয়ে ছটিওৱা চাউলৰ মাজত দৰাৰূপী পলকলৈ চালো। প্ৰেম বিবাহ সিহঁতৰ। সুখী হ’ব চাগৈ সিহঁত। মগজুৰ পূৰ্ণতাৰে লোৱা সিদ্ধান্ত। মোৰ দৰেতো অপৰিপক্ক সিদ্ধান্ত নহয়। নহয় জানো নৈঋত? দৰাক পুৰোহিতে হোমথলীত বহাই কিবা- কিবি নিয়ম কৰি আছিল।

 মেঘালীৰ ওচৰ পালোঁগৈ৷ কিবা ভাবি আছে তাই। মৃদু চিকুট এটা মাৰি তাইক জোকালোঁ— আৰু বেছি দেৰি ৰ’ব নালাগে বুলি। অলপ পাছতে তই পলকৰ হৈ যাবি।

 ‘তোক কথা এটা ক’ব লগা আছিল’— তাই মোৰ ফালে চাই ৰ’ল।

 ‘কি ক’ আকৌ’— মই সুধিলোঁ।

 ‘নৈঋত ছাৰে তোৰ খবৰ লৈছিল। তোলৈ ফোন কৰিম বুলি কৈছে।’— তাই লাহেকৈ ক’লে।