পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 একো নক’লোঁ। বিদায় ললোঁ। ইকবালে কিবা ক’ব খুজিলে। শুনিবলৈ মোৰ মুড অৰু ধৈৰ্য দুয়োটাই নাছিল। বৰ ক্লান্ত মই। বিছনাখনে টানি আছে। তথাপি মই জানো, শ্বাৱাৰৰ তলত নিজকে এৰি দিয়াৰ পাছত মই আকৌ কলমটিৰ স’তেও মাতাল হ’ব লাগিব... লাগিবই। তোমাৰ কাৰণেই মোৰ আছুতীয়া সময়। কাৰো লগতেই ভাগ-বাটোৱাৰা কৰিব নোৱাৰোঁ। যিমান ভাগৰুৱা হ’লেও তোমাৰ লগত কথা নপতালৈকে মোৰ দিনটোৰ কাৰ্যসূচী শেষ নহয়। এই জীৱন একান্তই মোৰ জীৱন। তোমাৰ অনুভৱৰ সৈতেই দৈনিক সহবাস মোৰ। পাৰিমনে আনক আদৰিবলৈ?... পাৰিম নে নৈঋত?

 তোমাৰ নামতেই য’ত সব ব্যস্ততা। তোমাৰ নামৰ হুমুনিয়াহখিনি একাষৰীয়া কৰাৰ স্বাৰ্থতে ব্যস্ততা নামৰ ভণ্ডামি। তথাপিতো ব্যস্ততাৰ আঁৰে আঁৰে তোমাৰ ধূসৰিত মুখ। বহুত দিনেই হ’ল তোমাক নেদেখা। বহুদিনেই হ’ল তোমাৰ দেহাৰ সুবাস নোপোৱা। বহুদিনেই হ’ল তোমাৰ কাতৰ চকুত চকু মিলাই চকুলোৰ সঁহাৰি নজনোৱা। মনত পৰেনে নৈঋত... কামৰ সময়ত তোমাক বাৰে বাৰে ফোন কৰি থাকিলে তুমি ভেকাহি মাৰি উঠিছিলা— ‘কিয় আমনি কৰি আছা ছায়া?’

 মনত পৰেনে নৈঋত, আৱেগিক হৈ চকুলো টুকিলে তুমি মোৰ ওঁঠত আঙুলি ৰাখি কৈ উঠিছিলা—‘No, no, no, no tears dear.’

 মই জানো নৈঋত, মোৰ একোৱে নাই.... একোৱে নাই মোৰ। কিন্তু সোণ, এবুকু মৰম আছিল মোৰ, তোমাক উপচাই পেলাব পৰাকৈ। মোৰ মৰমত হয়তো একো চমকো নাছিল, কিন্তু সততা আছিল, গভীৰতা আছিল মোৰ মৰমত। সেই গভীৰতাত এতিয়াও পৰি আছে শংখৰ মুকুতা। মৰমবোৰ পৱিত্ৰতাৰ পৰশ লাগি পৰিণত হোৱা মুকুটা হেন প্ৰেম মোৰ, যি প্ৰেম মুকুতাৰ দৰেই অদ্বিতীয় হৈ জন্ম লয়। তুমি নহ’লেও প্ৰেম থাকিব নৈঋত। তোমাৰ স্মৃতিয়ে আমনি কৰিলেও অস্থিৰতাকো বশলৈ আনিবলৈ সক্ষম হৈছোঁ লাহে লাহে।

 ’Time is the best medicine to heal a pain.’—মেঘালীয়ে যে কৈছিল।

 ইকবালে কৈছিল—‘আপোনাক এটা ভাঁজৰ দৰকাৰ হৈছে। একেটা গতিত একে দিশত গৈ আছে আপুনি। দিশ সলোৱাৰ দৰকাৰ আহি পৰিছে।’

 ‘কিয়? কিয় দিশ সলোৱাৰ দৰকাৰ হৈছে ইকবাল?—মই সুধিছিলোঁ।’

 উত্তৰ নিদিয়ে ইকবালে। এনেকৈয়ে বহুত কথা আধৰুৱাকৈ কয় ইকবালে। বুজা-নুবুজাৰ মাজত ৰাখি থয়। কথাবোৰ। মৌন হৈ ৰৈছিলোঁ ময়ো। অনৰ্থক আগ্ৰহ প্ৰকাশৰ ইচ্ছা নাছিল। বুজা-নুবুজাৰ দোমোজাত জীৱনটোক নৈখনৰ দৰেই বোৱাই দিছোঁ লক্ষ্য নাজানো।

 সেইকাৰণে তুমি মোৰ কবিতা, গানক অৱজ্ঞাৰ চকুৰে চোৱাৰ পাছতো, শব্দবোৰ দলিয়াই দলিয়াই গোটেই কোঠাটো সিঁচৰতি কৰি দিয়াৰ পাছতো, সুস্থজনী হৈ আকৌ মই আলফুলে তুলিছিলোঁ প্ৰতিটো শব্দ। মৰমৰ আঠাৰে জোৰা লগাইছিলোঁ ভগ্ন শব্দবোৰ। বুজি উঠিছিলোঁ, তোমাতকৈ অন্ততঃ শব্দবোৰ মোৰ বেছি আপোন। তোমাৰ দৰে মোক ইহঁতে অকলে এৰি নাযায়। ‘কোনোবাই কবিতা লিখিছে, কোনোবাই গল্প লিখিছে সেইটো তেওঁৰ ব্যক্তিগত কথা, মোক কিয় কৈ আছ মেঘালী।’

 কলিজাত লাগি ৰোৱা লিকটা দাগটো ডিটাৰজেণ্টেৰে ঘঁহি ঘঁহি ধুয়ো আঁতৰ কৰিব নোৱাৰা বাক্যশাৰী কেনেকৈ যে কৰ্ণকুহৰত সোমাইছিলহি। তাৰ পাছত আকৌ উজাগৰী ৰাতি, বিনিদ্ৰতাই আকোঁৱালি লোৱা দেহ আৰু নিদ্ৰাহীন চকুযুৰি কাজলেৰে ঢকাৰ প্ৰয়াস। ৰাতিবোৰ যিমানেই গধুৰ হয়, কাজলৰ চাহিদা সিমানেই বাঢ়ি যায়।

‘অতি চিনাকি এজাক বৰষুণ
নামিলেহি মোৰ চোতালতে
অতি চিনাকি অনুভূতিবোৰ
বাগৰ সলায় মোৰ হৃদয়তে।
বৰষুণজাকৰ দৰেই সিও গুচি যায়।

 হয়, ইকবালে ঠিকেই কৈছে, মোক এটা ভাঁজৰ দৰকাৰ হৈছে। অহা দেওবাৰে মন্দিৰলৈ যাম। ভগৱানৰ