পৃষ্ঠা:শব্দৰ এলজোলামবোৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিনিময়ত ৰিজাল্ট ভাল কৰাৰ প্ৰতিশ্ৰুতি। ৰিজাল্টটো আচলতে ডাঙৰ কথা নাছিল জানানে নৈঋত? বিনিময়ত তেওঁলোকৰ মুখৰ হাঁহিকণ, এমুঠি আস্থাৰে জীৱন যুদ্ধত জঁপিয়াই পৰাৰ মানসিকতাকণ যে তেওঁলোকক দেখুৱাই আহিলোঁ, সেইটোৱেই মোৰ জীৱনৰ প্ৰথমটো ধনাত্মক দিশ।

 জানানে নৈঋত, মোৰ এই মানসিক পৰিতুষ্টিৰ কাৰক কোন? নিঃসন্দেহে তুমি। তুমি যদি মোক সৰলৰৈখিক জীৱন এটা প্ৰদান কৰিলাহেঁতেন, তেতিয়া হয়তো মই এ.চি ৰূমত, গাড়ীত, শ্বপিং মলত, চিনে প্লেক্সত নতুবা কফি হাউচৰ ৰঙতে শেষ কৰি দিলোঁহেতেঁন জীৱনৰ অংক। কেনেকৈ চকুত পৰিলহেঁতেন বাস্তৱৰ ৰূঢ়তাত পৃথিৱীৰ মূঢ়তাখিনি? কেনেকৈ দেখিলোহেঁতেন আধৰুৱা জীৱনৰ হেঙুলীয়া সপোন? অস্তগামী বেলিৰ ৰ'দকণত যে ইমান উজ্জলতা থাকিব পাৰে, মই কেতিয়াও অনুভৱ নকৰিলোহেঁতেন।

 তথাপিতো... তথাপিতো, অন্তৰৰ মাজত বন্দী হৈ ৰোৱা আশাৰ চৰাইজনীয়ে ধৰফৰাই উঠে কেতিয়াবা। নিজৰ শুশ্ৰূষাত ব্যস্ত চৰাইজনীয়ে নিজৰেই পাখি কাটি পৰি ৰয় ‘নৈঋত' নামৰ বিশাল চাপৰিৰ বুকুত। তোমাৰ পৰাই উৰিবলৈ শিকা চৰাইজনীৰ উচুপনিবোৰ, কেঁকনিবোৰ তোমাৰ চাপৰিতে প্ৰতিধ্বনিত হৈ তাইৰ অসুখীয়া বুকুত বাৰে বাৰে খুন্দা মাৰেহি। তেতিয়া তাই আৰু নীলা হৈ নাথাকে, কজলা বৰণীয়া কষ্টত বিৱৰ্ণ হৈ পৰে তাইৰ ডেউকা দুখন।

 নৈঋত, তুমিও অনুভৱ কৰা এবাৰ, মাথোঁ এবাৰ....

—তোমাৰ ছায়া

□□

(১২)

নৈঋত তোমালৈ বুলি...

 ‘সঁচা কথা কোৱা’– তোমাৰ ছাৰ্টৰ বুটাম ছিঙি গৈছিল মোৰ দুহাতৰ খামোচত।

 ‘আৰে, কি পাগলামি কৰিছা? মানুহে কি ভাবিব?’

 ‘মানুহে যি ভাবে ভাবক, মোক সঁচা কথা কোৱা, অপ্ৰিয় হলেও হজম কৰিম। মিছা নক’বা...মিঠা মিঠা মিছা কথা নক'বা।’

 কিবাকিবি কৈছিলা তুমি, কিবাকিবি জীৰ্ণ নোহোৱা কথা। বান্ধোন ছিঙি অহাৰ কথা৷ বৰ কষ্ট হৈছিল... বৰ কষ্ট। কি কৰোঁ মই? ক’লৈ যাওঁ মই? নিজকে সুধিছিলোঁ মই, কেনেকৈ আকাশলৈ মূৰ তুলি চাবি ছোৱালী? কেনেকৈ ফাঁ

 কু খেলিবি? পাৰিবিনে নিজৰে সমাধিত চকুলো টুকিবলৈ? পাৰিবিনে নিজৰ সমাধিত বনৰীয়া ফুল হৈ ফুলিবলৈ?

 ধহমহকৈ সাৰ পাই গৈছিলোঁ, ফোনৰ শব্দত—

 ‘অই ছোৱালী, অথনিৰে পৰা ৰিং কৰি আছোঁ, ক’ত মৰিছিলিগৈ?? কলটো ৰিচিভ কৰা নাই যে।’ অহঃ........সিপাৰত মেঘালী।

 ‘বহি বহি টোপনি গুচি গৈছিলোঁ, কেনে আছ তই?’– মই ধহমহাই উঠি কলোঁ।

 ‘মোৰতো ঠিকে আছে, তোৰ কথা ক’। ইংৰাজী ভালকৈ শিকা হৈছেগৈ নে?— তাই ধেমালিকৈ সুধিলে।

 তোমাক লৈ মেঘালীৰ নিৰ্দোষ ধেমালি। তুমি যে ইংৰাজী বিভাগৰ। কেনেকৈ কওঁ তাইক মই, তাই সকিয়াই দিয়াৰ পাছতো মই যিটো তৰোৱালৰ বাটত বাট বুলিছিলোঁ, সেই তৰোৱালেৰে ক্ষত-বিক্ষত মোৰ সুকোমল হিয়া।

 ‘হাঃ হাঃ হাঃ মেঘালী, জমাইছ দে... এইবোৰ টাইম পাছ। মই একেবাৰে টিপটপ চলি আছোঁ।’—মই ক’লো।